(ইউৰোপ ভ্ৰমণৰ ৫ম খণ্ড)

২১ জুনত নটিংহামৰ পৰা আমি গৌৰৱময় ইতিহাস, পৰম্পৰা, ঐতিহ্য আৰু স্থাপত্যৰ বিপুল ঐশ্বৰ্যৰে ভৰপূৰ দেশ স্কটলেণ্ড অভিমূখে ওলালোঁ ৷ নটিংহামৰ পৰা এডিনবাৰ্গলৈ পোনপটীয়া বাছ নাই ৷ বামিংহামলৈ গৈ তাৰ পৰা স্কটলেণ্ডৰ ৰাজধানী এডিনবাৰ্গলৈ যাব লাগে ৷ এঘাৰ বাজিবলৈ দহ মিনিট থাকোতে আমাৰ বাছ নটিংহামৰ পৰা বামিংহামলৈ বুলি যাত্ৰা কৰিলে ৷ দুপৰীয়া বাৰ বজাত আহি বামিংহাম পালোঁ ৷ বাছ ষ্টেণ্ডত আমি এটা সাংঘাতিক বিপদৰ পৰা ৰক্ষা পৰিলোঁ ৷ নটিংহামৰ পৰা আহি বামিংহামত বাছ ষ্টেণ্ডত নামি আনখন বাছত উঠিবলৈ গৈ থাকোতে পাছফালৰ পৰা কোনোবাই মতা যেন লগাত উভতি চালোঁ ৷ দেখিলোঁ আমাৰ লগত একেলগে বাছত অহা বেছ ওখ-পাখ দেখাত নিগ্ৰো যেন লগা ল’ৰা এজন আমাৰ পিনে আগুৱাই আহি আছে ৷ ভয় খাই গ’লোঁ বিদেশত এনেদৰে অচিনাকি মানুহে মতা বাবে ৷ ওচৰলৈ আহি তেওঁ মোলৈ মোৰ বেগটো আগবঢ়াই দিয়াত চক খাই উঠিলোঁ ৷ মোৰ পাচপোৰ্টৰ পৰা আদি কৰি ব্ৰিটেইন ভ্ৰমণৰ বাবে নিয়া পাউণ্ড আৰু ইউৰোপ ভ্ৰমণৰ বাবে নিয়া সমস্ত ইউৰো সেই বেগটোতে আছিল। বাছত আহি থাকোঁতে কেতিয়ানো মোৰ হাতত থকা ডাঙৰ বেগটোৰ ভিতৰৰ পৰা সৰু বেগটো ওলাই পৰিছিল গমেই পোৱা নাছিলোঁ ৷ তেওঁ হয়তো মোৰ হাতত থকা ডাঙৰ বেগৰ পৰা সৰু বেগটো ওলাই পৰা দেখিছিল ৷ সেইদিনা অচিনাকী ল’ৰাজনে মোক বেগটো উভতাই নিদিয়া হ’লে কি হ’লহেঁতেন সেই কথা ভাবিলে আজিও বুকু কঁপি উঠে ৷ তেওঁৰ উপকাৰ কোনো দিনেই পাহৰিব নোৱাৰিম ৷ আজিও মনত পৰিলে তেওঁৰ প্ৰতি কৃতজ্ঞতাত মুৰ দো খাই যায় ৷ ভ্ৰমণত নিজৰ সামগ্ৰীৰ প্ৰতি সতৰ্ক হোৱা অতি দৰকাৰ বিশেষকৈ পাচপোৰ্ট আৰু লগত থকা ধনৰ প্ৰতি নহ’লে সাংঘাতিক বিপদত পৰা যায় ৷ এই কথা জানিও সেইদিনা মোৰ অসাৱধানৰ বাবে কি যে হ’লহেঁতেন , যাহওক ভগৱানৰ কৃপাত ৰক্ষা পৰিলোঁ ৷
বামিংহামৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হ’ল এক বাজি পঞ্চাশ মিনিটত ৷ বামিংহামৰ পৰা এডিনবাৰ্গলৈ প্ৰায় চাৰিশ কিলোমিটাৰ ৷ এই পথছোৱাৰ প্ৰাকৃতিক সৌন্দৰ্য বৰ্ণনাতীত ৷ সেউজীয়া প্ৰকৃতিয়ে যেন সকলো সৌন্দৰ্য ঢালি দিছে এই অঞ্চলত ৷ পথছোৱাত জনবসতি কম, নাই বুলিয়েই কব পাৰি ৷ আমাৰ দেশত বাছ, ৰেল আদিত যাত্ৰীসকলে প্ৰায়ে ম’বাইলত কথা পতা পৰিলক্ষিত হয় ৷ এই দীঘলীয়া যাত্ৰা কালত কোনো এজন যাত্ৰীয়ে মবাইল ব্যৱহাৰ কৰা চকুত নপৰিল ৷ মানচেষ্টাৰ (Manchester), হেমিলটন (Hamilton), গ্লাচগো (Glasgow) আদি চহৰৰ মাজেৰে প্ৰায় আঠ ঘণ্টা যাত্ৰাৰ অন্তত ৰাতি প্ৰায় চাৰে ন বজাত আহি এডিনবাৰ্গ পালোঁ ৷ তেতিয়াও পোহৰে হৈ আছিল ৷ বাছৰ পৰা নামাৰ লগে লগে শীতল বতাহ জাকে আমাক কপাই দিলে ৷
এডিনবাৰ্গত “ইউনিভাৰ্চিটি হোষ্টেল”ত আমি থকাৰ বাবে বাবুলে ঠিক কৰি থৈছিল ৷ বাছৰ পৰা আমি হোষ্টেলৰ সন্মুখতে নামিলোঁ ৷ হোষ্টেলৰ আদৱ-কায়দা অন্য ধৰণৰ ৷ অভ্যৰ্থনা কক্ষত আমাক কোঠাৰ চাবি দিলে ৷ কোনো কেয়াৰ টেকাৰ নাই ৷ প্ৰকাণ্ড অট্টালিকা সদৃশ বিল্ডিঙটোত কিমান কোঠা আছে, কোনোবা আছে নে নাই একো ধৰিব নোৱাৰি। চাৰিওফালে নিস্তব্ধ এনে লাগে কথা ক’লেও যেন আনক আমনি দিয়া হ’ব ৷ তাত থকা দিন কেইটাত আমি গেটত এজন ৰখীয়াৰ বাহিৰে আন কাকো দেখা নাপালোঁ ৷ নিজেই ৰান্ধি খাব পৰাকৈ আধুনিক সা-সুবিধাৰে পাকঘৰৰ ব্যৱস্থা আছে ৷ আমি নিজেই ৰান্ধিয়ে খাইছিলোঁ ।
ইউৰোপৰ ট্ৰেজাৰ আইলেণ্ড নামে পৰিচিত স্কটলেণ্ড ৷ যুক্তৰাজ্যৰ চাৰিটা অংশৰ ভিতৰত আটাইতকৈ উত্তৰ দিশত অৱস্থিত স্কটলেণ্ডে গ্ৰেটব্ৰিটেইন দ্বীপৰ এক-তৃতীয়াংশ বিস্তৃত ৷ স্কটলেণ্ডত ন শতকৈও অধিক দ্বীপ আছে ইয়াৰ মাত্ৰ ১১৮ টা দ্বীপতহে জনবসতি আছে ৷ অতি মনোমোহা প্ৰাকৃতিক দৃশ্যৰাজি, সুন্দৰ স্থাপত্যৰ কীৰ্তিচিহ্নসমূহে স্কটলেণ্ডক ইউৰোপৰ আন দেশসমূহৰ পৰা পৃথক কৰি ৰাখিছে ৷ স্কটলেণ্ড নামৰ উৎপত্তি লেটিন শব্দ ‘স্কটিয়া’ (Scotia)ৰ পৰা আহিছে, অৰ্থাৎ স্কটসকলৰ ভূমি ৷ বতৰৰ চৰম পৰিস্থিতিৰ অধীনত থকা এই সৰু দেশখন প্ৰাকৃতিক সৌন্দৰ্য, ইতিহাস আৰু অনন্য চহকী সংস্কৃতিয়ে স্কটলেণ্ড এনে এক গন্তব্যস্থান যিয়ে সকলো বয়সৰ লোককে আকৰ্ষন কৰে ৷ বিশ্বৰ বহু গুৰুত্বপূৰ্ণ বৈজ্ঞানিক আৰু প্ৰযুক্তিগত উদ্ভাৱনতো স্কটিছসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৷ স্কটলেণ্ডৰ আন উল্লেখযোগ্য প্ৰধান চহৰসমূহৰ ভিতৰত গ্লাছগো (Glasgow), ডাণ্ডী (Dunde), এবাৰডিন (Aberdeen) আৰু পাৰ্থ (Perth) ৷ এই চহৰসমূহ উদ্যোগ, পৰিবহণ আৰু বাণিজ্যিৰ কেন্দ্ৰ ৷ আকাৰত সৰু হ’লেও স্কটলেণ্ডৰ প্ৰতিটো অঞ্চলৰে নিজস্ব সুকীয়া বৈশিষ্ট আছে ৷ স্কটলেণ্ড বুলি ক’লেই যদিও আমাৰ মনলৈ আহে ইয়াৰ প্ৰাকৃতিক দৃশ্যৰাজি , প্ৰকৃততে তেনে নহয় ৷ স্কটিছ জনসাধাৰণ, দেশখনক অনন্য কৰি তোলা কলা-সংস্কৃতি,খাদ্য, কিংবদন্তি, নাটক,সংগীত আদি বহুতো আছে যিয়ে অনুপ্ৰাণিত কৰে ৷
দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত সংস্কৃতি উদযাপনৰ বাবে ১৯৪৭ চনত আৰম্ভ হোৱা এডিনবাৰ্গ উৎসৱ পৃথিৱীৰ ভিতৰতে এটা উল্লেখনীয় কলা অনুষ্ঠান ৷ স্কটলেণ্ডৰ আন এটা উল্লেখনীয় উৎসৱ হৈছে বিশ্বৰ সৰ্ববৃহৎ সাহিত্য মহোৎসৱ ৷ এডিনবাৰ্গত প্ৰতি বছৰে আগষ্ট মাহত দুই সপ্তাহ ধৰি অনুষ্ঠিত হয় আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থ মহোৎসৱ ৷
স্কটলেণ্ডৰ ৰাজধানী চহৰ এডিনবাৰ্গ, ঐতিহাসিক তাৎপৰ্যৰে এখন সুন্দৰ চহৰ আৰু ইউৰোপৰ মুখ্য সাংস্কৃতিক কেন্দ্ৰ ৷ এডিনবাৰ্গত চাবলগীয়া মুখ্য ঠাই বুলি ক’বলৈ হ’লে গোটেই চহৰখনেই আচৰিত স্থাপত্যৰে ভৰা ৷ পুৰণি চহৰখনৰ গথিক স্থাপত্যৰ অট্টালিকা, শিলেৰে নিৰ্মিত ৰাস্তাসমূহে এডিনবাৰ্গক ব্ৰিটেইনৰ আটাইতকৈ ধুনীয়া চহৰ কৰি তুলিছে ৷ বৰ্তমানৰ এডিনবাৰ্গৰ আশে-পাশে থকা অঞ্চলটো হাজাৰ হাজাৰ বছৰ আগৰে পৰা জন বসতি আছিল বুলি কোৱা হয় যদিও মধ্যযুগৰ আৰম্ভণিৰে পৰাই এই অঞ্চলত বসতি আছিল বুলি নিশ্চিত কৰা হৈছে ৷ এডিনবাৰ্গ স্কটলেণ্ডৰ ৰাজধানী চহৰ হ’লেও গ্লাছগো ইয়াৰ আটাইতকৈ ডাঙৰ চহৰ ৷ আনুষ্ঠানিকভাৱে ইংৰাজী, স্কটিছ, স্কটিছ গেলিক আৰু ব্ৰিটিছ সাংকেতিক ভাষা ইয়াৰ স্বীকৃতিপ্ৰাপ্ত ভাষা ৷
আজি-কালি প্ৰায় সকলো গাঁও-চহৰতে পুথিভঁৰাল দেখিবলৈ পোৱা যায় ৷ কিন্তু কেতিয়াও মনতে ভবা নাছিলো প্ৰথম কেতিয়া আৰু ক’ত প্ৰথম পুথিভঁৰাল স্থাপন কৰা হৈছিল ৷ এডিনবাৰ্গত যোৱাৰ পাছতহে জানিব পাৰিলোঁ বিশ্বৰ প্ৰথমটো পুথিভঁৰাল ১৭২৫ চনতে এডিনবাৰ্গত মুকলি কৰা হৈছিল ৷ তদুপৰি স্কটিছসকলৰ অধ্যয়নৰ অগ্ৰণীয় কেন্দ্ৰ স্কটলেণ্ড নেশ্বনেল লাইব্ৰেৰী, স্কটিছ কবিতা পুথিভঁৰাল আৰু স্কটিছ গল্প কোৱা কেন্দ্ৰ আদিৰে এডিনবাৰ্গ এখন সাহিত্য সমৃদ্ধ চহৰ ৷ এডিনবাৰ্গ বিশ্বৰ প্ৰথমখন ইউনেস্ক’ৰ সাহিত্য চহৰ ৷ হেৰী পটাৰ খ্যাত জে.কে.ৰাউলিং (J.K.Rowling), শ্বাৰ্লক হ’মছ খ্যাত আৰ্থৰ ক’নন ডয়েল (Authur Conan Doyle) কে ধৰি বহু বিশ্ববিখ্যাত কবি, লিখক, নাট্যকাৰৰ জন্মস্থান ৷
লণ্ডনৰ তুলনাত এডিনবাৰ্গ চহৰখন বহু সৰু তথাপিও ই লণ্ডনতকৈ কম আকৰ্ষণীয নহয় ৷ ইয়াৰ পুৰণি আৰু নতুন চহৰ ভ্ৰমণৰ সময়ত শিলগুটিৰ ৰাস্তা, সমগ্ৰ চহৰখনতে গথিক আৰু নব্য-গথিক স্থাপত্যৰ আকৰ্ষণীয় অট্টালিকা আৰু আদৰণীয় পৰিৱেশে মুগ্ধ কৰে ৷
২২ জুনত প্ৰথমতে আমি ইউৰোপৰ অন্যতম পুৰণি ৰাজকীয় বাসগৃহ, সামৰিক গেৰিছন (Military Garrison), কাৰাগাৰ আৰু দুৰ্গ হিচাপে পৰিচিত ‘এডিনবাৰ্গ দুৰ্গ’লৈ যাওঁ ৷ এই দুৰ্গটো চহকী ইতিহাস আৰু বহু ৰোমাঞ্চকৰ কাহিনীৰে সজীৱ ৷ স্কটলেণ্ডৰ দুৰ্গসমূহৰ ভিতৰত এডিনবাৰ্গ দুৰ্গ আটাইতকৈ বিখ্যাত আৰু পৰ্যটকৰ অতি আকৰ্ষণীয় ৷ সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় ৪৪০ ফুট উচ্চতাত আগ্নেয়গিৰিৰ শিলৰ পৰা সৃষ্টি হোৱা এটা টিলাৰ ওপৰত অৱস্থিত এই দুৰ্গটো এসময়ত স্কটিছ ৰজাসকলৰ বাসস্থান আছিল বৰ্তমান এটি মিউজিয়াম ৷ বৰ্তমান ইয়াৰ কিছু অংশ সামৰিক কামত ব্যৱহৃত যদিও ই স্কটলেণ্ড পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷ কোৱা হয় এই স্থানত তিনি হাজাৰ বছৰ পূৰ্বৰ পৰাই মানুহৰ বসতি আছিল ৷ সামৰিক সম্ভাৱনা দেখি লৌহ যুগতেই মানুহে এই শিলৰ ওপৰত এটা পাহাৰীয়া দুৰ্গ নিৰ্মাণ কৰিছিল ৷ অৱশ্যে এই বসতিৰ বিষয়ে ঠাৱৰ কৈ কোৱা টান ৷ এই দুৰ্গত দ্বাদশ শতিকাত প্ৰথম ডেভিদৰ ৰাজত্বকালৰ পৰাই ইয়াত ৰাজকীয় দুৰ্গ আছিল বুলি ঠাৱৰ কৰা হৈছে ৷ এই স্থানতে ৰাণী মাৰ্গাৰেটৰ ১০৯৩ চনত মৃত্যু হৈছিল ৷ ৰাণী মাৰ্গাৰেটৰ সন্মানত তেওঁৰ পুত্ৰ প্ৰথম ডেভিদে নিৰ্মাণ কৰা চেপেল বৰ্তমানো আছে, যিটো এডিনবাৰ্গৰ আটাইতকৈ পুৰণি অট্টালিকা ৷ চেণ্ট মাৰ্গাৰেট চেপেল নামেৰে জনাজাত এই চেপেলত আজিও বিয়া, নামকৰণ আদি অনুষ্ঠিত হয় ৷ ইতিহাসৰ বহুতো স্মৰণীয় ঘটনাৰ সাক্ষী পৃথিৱীৰ অন্যতম এই দুৰ্গটো বহুবাৰ আক্ৰমণৰ বলি হৈছিল ৷ স্বাধীনতা যুদ্ধৰ সময়তে ই বহুবাৰ আনৰ অধীনলৈও গৈছিল ৷ পূৰ্বৰ এই ৰাজকীয় বাসগৃহটোত শিল্পকৰ্ম, স্কটিছ সন্মান (ক্ৰাউন জুৱেলছ), ষ্টোন অৱ ডেষ্টিনি আৰু দুৰ্গৰ গল্পময় অতীতক আলোকিত কৰা সম্ভাৰৰ বিশদ প্ৰদৰ্শনী আছে ৷ দুৰ্গৰ দেৱাল, ইতিহাসত ডুব গৈ থকা¸ নেশ্বনেল ৱাৰ মিউজিয়াম,ৱান অ’ক্লক গান, পঞ্চদশ শতিকাৰ কামানসমূহৰ ভিতৰত অন্যতম মন্স মেগ আদিয়ে ইতিহাসৰ বহু আভাস দিয়ে ৷ আৰ্গাইল টাৱাৰত অৱস্থিত মিউজিয়ামে স্বাধীনতা যুদ্ধৰ সময়ত এডিনবাৰ্গ দুৰ্গৰ নাটকীয় কাহিনী জীৱন্ত কৰি তুলিছে ৷ ১৫১১ চনত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা গ্ৰেট হল এসময়ত ৰাজ্যিক অনুষ্ঠান আৰু ভোজমেলৰ বাবে ব্যৱহৃত হৈছিল ৷ এই হলৰ কাঠৰ চালখন ব্ৰিটেইনৰ ভিতৰতে এক অনন্য শিল্পৰ নিদৰ্শন ৷ মধ্যযুগীয় স্কটলেণ্ডৰ এক আশ্চৰ্য গ্ৰেট হলৰ কাঠৰ চালখনৰ নিৰ্মাণ শৈলী অনন্য ৷ এই হল পাছলৈ বেৰেক আৰু সামৰিক চিকিৎসালয় হিচাপেও ব্যৱহৃত হৈছিল ৷ বৰ্তমান গ্ৰেট হলত সামৰিক অতীতক ইংগিত দিয়া অস্ত্ৰ-শস্ত্ৰ আৰু কৱচ প্ৰদৰ্শিত কৰা হৈছে ৷ প্ৰদৰ্শিত ঢাল, তৰোৱাল আদি যুদ্ধৰ আহিলাবোৰ দেখিবলৈ অতি ভয়ঙ্কৰ ৷
ক্ৰাউন স্কোৱাৰত অৱস্থিত ৰয়েল পেলেচ য’ত স্কটিছ ৰাজ পৰিয়াল বসবাস কৰিছিল স্কটলেণ্ডৰ ইতিহাসৰ বহুতো গুৰুত্বপূৰ্ণ মুহূৰ্ত এই ৰয়েল পেলেচৰ ভিতৰত সংঘটিত হৈছিল ৷ উল্লেখনীয় যে মাত্ৰ তেৰ মাহ বয়সতে স্কটলেণ্ডৰ ৰাজ মুকুট পিন্ধা আৰু ইংলেণ্ড আৰু স্কটলেণ্ড দুয়োখন দেশৰ প্ৰথমজন ৰজাৰ সন্মান লাভ কৰা ষষ্ঠ জেমছৰ জন্ম এই ৰয়েল পেলেচতে ৷ তেওঁ জন্মগ্ৰহণ কৰা কোঠাটো পৰিব্ৰাজকৰ আকৰ্ষণীয় ৷ এডিনবাৰ্গ দুৰ্গৰ পৰা আমি ৰয়েল মাইলৰে নামি আহিলোঁ ৷
স্কটলেণ্ডৰ ৰাজকীয় ইতিহাসৰ দুটা অতি গুৰুত্বপূৰ্ণ স্মৃতিচিহ্নৰ মাজৰ পথছোৱাই হৈছে ৰয়েল মাইল ৷ এডিনবাৰ্গৰ পুৰণি চহৰৰ মাজ-মজিয়াত অৱস্থিত ৰয়েল মাইলৰ এটা মুৰত এডিনবাৰ্গ দুৰ্গ আৰু আনটো মুৰত হলিৰুড প্ৰাসাদ ৷ এই পথছোৱা বিগত পাঁচশ বছৰ ধৰি ৰজা-ৰাণীৰ শোভাযাত্ৰাৰ পথ হিচাপে পৰিচিত ৷ এই পৰম্পৰাৰ পৰাই ই ৰয়েল মাইল নামৰে পৰিচিত ৷ ইয়াৰ মুঠ দৈৰ্ঘ এক স্কটিছ মাইল, যিটো প্ৰায় ১.৮ কিলোমিটাৰৰ সমান ৷ ই পুৰণি চহৰখনৰ আটাইতকৈ ব্যস্ত পৰ্যটন পথ ৷ ঐতিহাসিক আৰু সাংস্কৃতিক আকৰ্ষণৰ এক অসাধাৰণ মিশ্ৰণৰ লগতে ইয়াৰ আচৰিত স্থাপত্য দৰ্শনীয় ৷ ষোড়শ শতিকাৰ পৰা এডিনবাৰ্গৰ আকৰ্ষণীয় চিত্ৰ ডাঙি ধৰা ৰয়েল মাইল এডিনবাৰ্গৰ পৰ্যটকৰ অন্যতম শ্ৰেষ্ঠ আকৰ্ষণ ৷ ইয়াত পুৰণি আৰু নতুন সংসদ, গীৰ্জা, কেথেড্ৰল, ন্যায়ালয় আদিৰ বাহিৰেও কেফে, বজাৰ, ৰেস্তোৰাঁ আদি আছে যাৰ বাবে চহৰখন অন্বেষণ কৰি জিৰণি ল’বলৈ ভাল ৷ ৰয়েল মাইলৰ মাজেৰে খোজকাঢ়ি যোৱাৰ সময়ত বিভিন্ন ৰাস্তা পোৱা যায় এইবোৰৰ ভিতৰত–কেছল হিল, লনমাৰ্কেট, হাই ষ্ট্ৰীট, কেনংগেট, এবে ষ্ট্ৰেণ্ড আদি ৷ প্ৰকৃততে এট পথছোৱাতেই বহুতো চাবলগীয়া আছে ৷ কেছলহিলৰ প্ৰায় শেষত টলবুথ কাৰ্ক নামেৰে এটি গীৰ্জা, গ্ৰাছমাৰ্কেট, ৰাইটাৰ্ছ মিউজিয়াম, ন শ বছৰ পুৰণি চেণ্ট গিলছ কেথেড্ৰল আদি ৷ উল্লেখনীয় যে এই স্থান এভেঞ্জাৰছ ইনফনিটি ৱাৰ (Avengers Infinity War) আৰু টেলিভিছন ধাৰাবাহিক আউটলেণ্ডাৰ (Outlander)ৰ দৰে বিখ্যাত চিনেমাৰ পটভূমি ৷ পুৰণি চহৰখনক ভিত্তি কৰি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ভিতৰত অৱস্থিত ৰয়েল মাইল এডিনবাৰ্গৰ সাংস্কৃতিক আৰু ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ ৷

ৰয়েল মাইলৰ শেষত হলিৰুড প্ৰাসাদ অৱস্থিত ৷ বহুতো স্কটিছ ৰাজকীয় ইতিহাসৰ সাক্ষী এই প্ৰাসাদটো বৰ্তমান ইংলেণ্ডৰ শাসনকৰ্তাৰ স্কটলেণ্ডৰ চৰকাৰী বাসস্থান য’ত বিভিন্ন চৰকাৰী অনুষ্ঠান অনুষ্ঠিত হয় ৷ ৰাজপ্ৰাসাদটো ৰাজকীয় সংযোগ, সুন্দৰ স্থাপত্য আৰু সু-সংৰক্ষিত বাগিচাৰ বাবে আকৰ্ষণীয় ৷ স্কটলেণ্ডৰ ৰজাসকলৰ ফটো প্ৰদৰ্শিত কৰা গ্ৰেট গেলেৰি হলিৰুড প্ৰাসাদৰ আটাইতকৈ ডাঙৰ কোঠা ৷ ৯৫ জন ৰজা আৰু কিংবদন্তিৰে ভৰা একমাত্ৰ ৰাণী মেৰীৰ চিত্ৰিত কৰা প্ৰতিকৃতিসমূহে ষ্টুয়াৰ্ট বংশৰ ৰজাসকলৰ দীঘলীয়া ৰাজত্বকালৰ আভাস দিয়ে ৷ হলিৰুড প্ৰাসাদৰ প্ৰতিটো কোঠাৰ আচবাব চিত্ৰ আদিয়ে একো একোটা কাহিনীৰ উৎস ৷ সিংহাসন কক্ষ অভ্যৰ্থনা আৰু অন্যান্য ৰাজ্যিক অনুষ্ঠানৰ বাবে ব্যৱহাৰ কৰা হয় ৷ এই কোঠাটোৰ কেন্দ্ৰবিন্দু হৈছে ১৯১১চনত পঞ্চম জৰ্জে দিয়া সিংহাসন দুখন ৷ হলিৰুড প্ৰাসাদত এটা ঠেক, সৰু থিয় চিৰিৰে উঠি গৈ পোৱা অংশটো ৰাজপ্ৰাসাদৰ আটাইতকৈ পুৰণি অংশ ৷ প্ৰায় পাঁচশ বছৰ আগতে হলিৰুড প্ৰাসাদত বাস কৰা ৰাণী মেৰীৰ সুৰক্ষাৰ বাবে নিৰ্মিত এই অংশ ৷
এসময়ত স্কটলেণ্ডৰ অন্যতম মধ্যযুগৰ এবে হলিৰুড এবে হলিৰুড প্ৰাসাদৰ কাষতে ৷ ১১২৮ চনতে ৰজা প্ৰথম ডেভিদে নিৰ্মাণ কৰা এই এবেটো শতিকা জুৰি সংস্কাৰ কৰা হৈছিল ৷ বৰ্তমান এই এবেৰ ছাঁদবিহীন অৱশিষ্ট অংশৰ পৰা এসময়ৰ এই ভৱনটোৰ কিছু আভাস পোৱা যায় ৷
স্কটলেণ্ডৰ ৰাজকীয় ইতিহাস আৰু এডিনবাৰ্গৰ চমকিত কৰা স্থাপত্যৰ কিছু আভাস লৈ সেইদিনা উভতিলোঁ ৷ এডিনবাৰ্গক দীৰ্ঘদিন ধৰি সমগ্ৰ বিশ্বৰ ভূতুনী চহৰ বুলি গণ্য কৰা কথা হয়তো বহুতৰে জ্ঞাত ৷ প্ৰকৃততে ইয়াৰ বেছিভাগেই কিংবদন্তি ৷ স্কটলেণ্ডৰ আটাইতকৈ বেছি ভূতুনীৰ স্থান আৰু পৃথিৱীৰ অন্যতম ভয়ঙ্কৰ ঠাই হিচাপে পৰিচিত “গ্ৰেফ্ৰিয়াৰ্ছ কিৰ্কিয়াৰ্ড” (Greyfriars Kirkyyard) ৷ ইয়াত আছে কভেনেণ্টাৰ্ছ কাৰাগাৰ আৰু থমাছ ৰিডেল এস্কোৱাৰৰ (Thomas Riddell Esquire) সমাধি ৷
বেগপাইপ স্কটলেণ্ডৰ জাতীয় প্ৰতীক হিচাপে বহুলভাৱে জনা যায় ৷ স্কটিছ সংস্কৃতিত বেগপাইপৰ এক দীঘলীয়া ইতিহাস আছে ৷ স্কটলেণ্ডৰ পৰ্যটকৰ আকৰ্ষণীয় স্থানত পৰম্পৰাগত সাজ-পাৰেৰে বেগপাইপ বজাই থকা দেখিবলৈ পোৱা যায় ৷ ইয়াৰ ফলত স্কটিছ সংগীতৰ অভিজ্ঞতা লাভ কৰাৰ লগতে স্থানীয় সংস্কৃতিৰো আভাস পোৱা যায় ৷ গলফৰ উৎপত্তিও মধ্যযুগতে স্কটলেণ্ডত হৈছিল বুলি কোৱা হয় ৷
বিশ্বৰ ভিতৰতে উন্নত মানৰ সৰ্বাধিক ঘনত্বৰ হুইস্কি উৎপাদনৰ দেশ হিচাপে পৰিচিত স্কটলেণ্ড ৷ ঐতিহাসিকভাৱে স্কটিছ হুইস্কিৰ উৎপাদন একাদশ শতিকাৰ পৰাই আৰম্ভ হয় ৷
পিছদিনা আমি এদিনীয়া ভ্ৰমণসূচীলৈ স্কটিছ হাইলেণ্ড আৰু ল’ক নেচলৈ যাওঁ ৷ এডিনবাৰ্গৰ পৰা ল’কনেচলৈ প্ৰায় ১৭০ মাইল ৷ ইংলেণ্ডত দূৰত্বৰ জোখ মাইলতে কৰে ৷ কিলোমিটাৰৰ প্ৰচলন নাই যেনেই লাগিল ৷ শীত-তাপ নিয়ন্ত্ৰিত আৰামদায়ক ১৫জনীয়া গাড়ীৰে আমাৰ যাত্ৰা এডিনবাৰ্গৰ লনমাৰ্কেটৰ পৰা ৷ বিভিন্ন ঠাইত দেখিছোঁ গাইড টুৰত সাধাৰণতে ভ্ৰমণকাৰীক হোটেল বা আন ঠাইৰ পৰা গাড়ীত উঠাই লোৱাৰ ব্যৱস্থা থাকে ৷ কিন্তু স্কটলেণ্ডত তেনে ব্যৱস্থা পৰিলক্ষিত নহ’ল ৷ এনে ব্যৱস্থাই যাতে আনৰ সময় নষ্ট নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই হয়তো এনে ব্যৱস্থা ৷ এই ভ্ৰমণৰ বাবে সময় চাৰে বাৰ ঘণ্টা ৷ ৰাতিপুৱা ৭.৪৫ মিনিটত নিৰ্দিষ্ট স্থানত সকলো ভ্ৰমণকাৰী আহিব লাগে আৰু আঠ বজাত যাত্ৰা আৰম্ভ কৰে ৷ বন্ধুত্বপূৰ্ণ আৰু তথ্য সমৃদ্ধ, ক্ষীণ, কমবয়সীয়া এলিষ্টাৰ আছিল আমাৰ গাইড তথা গাড়ী চালক ৷ তেওঁ আমাক স্কটলেণ্ডৰ ইতিহাস আৰু পাৰ হৈ যোৱা ঠাইবোৰৰ কাহিনীবোৰ ধেমেলীয়া কথাৰে নিখুঁতভাৱে বৰ্ণনা কৰি গৈছিল ৷ সেইবাবে ভ্ৰমণৰ সময়খিনি অতি আমোদজন আছিল ৷
উত্তৰ-পশ্চিম স্কটলেণ্ডৰ সুন্দৰ দৃশ্যৰাজিৰ গ্ৰাম্য অঞ্চলটোকে স্কটলেণ্ডৰ হাইলেণ্ড বা হাইলেণ্ডছ বুলি কোৱা হয় ৷ ই স্কটলেণ্ডৰ আটাইতকৈ ডাঙৰ ভৌগোলিক অঞ্চল ৷ যদিও হাইলেণ্ডছ বুলি ক’লে স্কটলেণ্ডৰ উত্তৰ-পশ্চিম অঞ্চলক বুজোৱা হয় এই অঞ্চলৰ বহু অঞ্চল হাইলেণ্ডৰ অন্তৰ্গত নহয় ৷ হাইলেণ্ডৰ জনবসতি অতি কম ৷ প্ৰকৃততে ই সমগ্ৰ ইউৰোপৰ ভিতৰতে কম জনসংখ্যাৰ অঞ্চলসমূহৰ ভিতৰত অন্যতম ৷ ইয়াৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত মাত্ৰ আঠজন ৷ স্কটলেণ্ডত বহু হাজাৰ ল’ক আছে, ইয়াৰ অধিকাংশই হাইলেণ্ডত ৷ ল’ক মানে স্কটিছ ভাষাত হ্ৰদ ৷ ইয়াতেই বিখ্যাত ল’ক নেচ অৱস্থিত ৷ নাটকীয় প্ৰাকৃতিক দৃশ্য, ল’ক, ইতিহাস সমৃদ্ধ দুৰ্গ, পাহাৰ আদিয়ে এই অঞ্চলক অনন্য ৰূপত সজাই তুলিছে ফলত স্কটলেণ্ড পৰ্যটকৰ আকৰ্ষণীয় পৰ্যটন স্থানলৈ ৰূপান্তৰিত হৈছে ৷ ভ্ৰমণৰ এই পথছোৱাত স্কটলেণ্ডৰ বহুতো ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ স্থানৰ মাজেৰে অতিক্ৰম কৰা যায় ৷ লিনলিথগ’(Linlithgow) পেলেচ, ষ্ট্ৰালিং (Stirling)কেছল আদি বহুতো ৷ স্কটলেণ্ডক ল’ক আৰু দুৰ্গৰ দেশ বুলি ক’লেও হয়তো ভুল কৰা নহ’ব ৷ হ্ৰদৰ কাষত নিৰ্মাণ কৰা দুৰ্গসমূহ স্কটিছ বংশৰ ইতিহাসৰ কেন্দ্ৰ ৷
হেৰী পটাৰ আৰু জেমছ বণ্ডৰ “স্কাইফল”ৰ চিত্ৰগ্ৰহণ কৰা গ্লেনকো উপত্যকাৰ চিত্ৰ হয়তো বহুতেই দেখিছে ৷ এই উপত্যকা দৰ্শনীয় হোৱাৰ উপৰিও স্কটিছ কিংবদন্তিৰ আৰু ৰাজনৈতিকভাৱে এক ক’লা অধ্যায়ৰ বাবেও পৰিচিত ৷ ১৬৯২ চনত হোৱা এক হত্যাকাণ্ড সংঘটিত হৈছিল য’ত মেকড’নাল্ড বংশৰ বহু লোকক হত্যা কৰা হৈছিল ৷ এই দৰ্শনীয় দৃশ্য অতিক্ৰম কৰি ব্ৰিটেইনৰ আটাইতকৈ ওখ পাহাৰ বন নেভিছৰ কাষেৰে পাৰ হৈ ল’ক নেছ ৷

ল’ক নেছ পৃষ্ঠভাগৰ ফালৰ পৰা দ্বিতীয় বৃহত্তম ল’ক ৷ পৃষ্ঠভাগৰ ভিত্তিত ল’ক লমণ্ডৰ স্থান প্ৰথম হ’লেও ল’কনেছৰ গভীৰতাৰ বাবে আয়তনৰ হিচাপত ই গ্ৰেট ব্ৰিটেইনৰ আটাইতকৈ ডাঙৰ হ্ৰদ ৷ ইয়াৰ দৈৰ্ঘ ২২.৫ মাইল আৰু সৰ্বোচ্চ প্ৰস্থ ১.৭ মাইল ৷ সৰ্বোচ্চ ৭৫৫ ফুট গভীৰতাৰে স্কটলেণ্ডৰ দ্বিতীয় গভীৰ হ্ৰদ ৷ কোৱা হয় ইংলেণ্ড আৰু ৱেলছৰ সকলো হ্ৰদ মিলি যিমান পানী তাতোকৈ ল’ক নেছৰ পানীৰ পৰিমাণ বেছি ৷ চতুদৰ্শ শতিকাৰ ৰবাৰ্ট দা ব্ৰুচৰ দুৰ্গ উৰ্কুহাৰ্ট (Urquhart) দুৰ্গ ল’ক নেছৰ কাষত অৱস্থিত ৷ সপ্তদশ শতিকাত ইংৰাজসকলে এই ঐতিহাসিক দুৰ্গটো ধবংস কৰিছিল ৷ আজিও এই ধবংসাৱশেষ সুৰক্ষিত কৰি ৰাখিছে ৷ বৰ্তমান ই স্কটলেণ্ডৰ অন্যতম দৰ্শনীয় দুৰ্গ ৷ এই লকৰ নাম নেছ হোৱাৰ আছে কিছুমান কিংবদন্তি ৷ সাধাৰণভাৱে ইয়াৰ উত্তৰ দিশৰ পৰা প্ৰবাহিত হোৱা নেছ নদীৰ পৰাই এই ল’কৰ নাম নেছ ৷
স্কটলেণ্ডৰ অসংখ্য ল’কৰ ভিতৰত ল’ক নেছ ইমান জনপ্ৰিয় আৰু আকৰ্ষণীয় হোৱাৰ মূলতে হৈছে বিতৰ্কিত প্ৰাণী “ল’ক নেছ মনষ্টাৰ”৷ প্ৰবাদ অনুসিৰ ল’ক নেছ মনষ্টাৰ যাক নেছি (Nessie) বুলি কোৱা হয় ল’ক নেছত বাস কৰে ৷ বৃহৎ আকৃতিৰ এই অজ্ঞাত প্ৰাণীটো দীঘল ডিঙিৰ আৰু পানীৰ পৰা এটা বা তাতোধিক কুঁজ ওলোৱা বুলি কোৱা হয় ৷ কোৱা হয় ৫৬৫ খ্ৰীষ্টাব্দৰ পৰাই এই প্ৰাণীৰ অস্তিত্বৰ বিষয়ে আভাস পোৱা যায় ৷ ১৯৩৩ চনত প্ৰথম বাৰৰ বাবে বিশ্বৰ দৃষ্টিগোচৰ হোৱাৰ পাছৰে পৰা এই প্ৰাণীটোৰ অস্তিত্বত লৈ বিৰ্তক বাঢ়িবলৈ আৰম্ভ কৰে ৷ ইয়াৰ অস্তিত্ব আৰু বিশ্বাসৰ ভিন্নতা আছে ৷ বৈজ্ঞানিকসকলে নেছিৰ অস্তিত্বৰ বিষয়ে মিছা প্ৰবাদ বুলি অভিহিত কৰিছে ৷ উপযুক্ত প্ৰমাণৰ অভাৱৰ পিছতো ল’ক নেছ নেচিৰ বাবে জনপ্ৰিয় হৈয়ে থাকিল ৷ ল’ক নেছ অঞ্চলত নেছিৰ সন্ধান বিচাৰি বহু লোকে ভ্ৰমণ কৰে ৷ ইয়াৰ ফলত লাভৱান হৈ থাকিল স্কটলেণ্ডৰ পৰ্যটন বিভাগ ৷
ল’ক নেছৰ আশে-পাশে কেইবাখনো সৰু সৰু গাঁও আছে ৷ তেনে এখন গাঁও ফৰ্ট অগাষ্টাছ (Fort Augustus) ৷ এই গাঁও খনতে আমাক নিজৰ মতে অন্বেষণ কৰিবলৈ দুঘণ্টা সময় দিছিল ৷ এই স্থানৰ পৰা ল’ক নেছত ক্ৰুজৰ ব্যৱস্থা আছে, আমি ক্ৰুজলৈ নগৈ খোজকাঢ়িয়ে ল’ক নেছৰ মনোমোহা সৌন্দৰ্য উপভোগ কৰি স্কটিছ আহাৰৰ সোৱাদ ল’লো ৷ নিৰ্দিষ্ট সময়ত উভতি অহাৰ পথত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ বিশ্বৰ আটাইতকৈ পুৰণি ধাতুৰ ৰেলৰ দলং দেখিলোঁ ৷ এটা স্মৰণীয় দিনৰ ভ্ৰমণৰ অন্তত নিশা চাৰে আঠ বজাত আহি এডিনবাৰ্গ পালোঁ ৷
২৪ জুন আমাৰ স্কটলেণ্ডত শেষৰটো দিন । সেইদিনা আমি এডিনবাৰ্গত “স্কটলেণ্ডৰ ৰাষ্ট্ৰীয় মিউজিয়াম” লৈ গ’লো ৷ প্ৰৱেশদ্বাৰেৰে সোমায়েই গ্ৰেণ্ড গেলেৰি ৷ ইয়াৰ পৰাই আৰম্ভ হয় স্কটলেণ্ডৰ পৰা বিশ্ব যাত্ৰা ৷ এই মিউজিয়ামত আন্তঃৰাষ্ট্ৰীয় আৰু স্কটিছ পুৰাতত্বৰ পৰা আৰম্ভ কৰি প্ৰয়োগ কলালৈকে, ইতিহাস, বিজ্ঞান, বিশ্বসংস্কৃতি, প্ৰযুক্তি পৰা প্ৰাকৃতিক জগতলৈকে সকলোকে প্ৰতিনিধিত্ব কৰা বহুতো বস্তু সামৰি লোৱা হৈছে৷
মিউজিয়ামৰ আটাইতকৈ আকৰ্ষণ হৈছে টাইৰানোচ’ৰাছ ৰেক্স (Tyrannosaurus Rex) কংকাল ৷ টাইৰানোচ’ৰাছ ৰেক্স মাংসভোজী ডাইনোছৰবোৰৰ ভিতৰত অন্যতম ৷ মিউজিয়ামৰ গ্ৰেণ্ড গেলেৰিত প্ৰদৰ্শিত কৰা এই টাইৰানোচ’ৰাছ ৰেক্স হৈছে ১৯৮৮ চনত মন্টানা চহৰৰ হেল ক্ৰিকত পোৱা নমুনাৰ সাঁচ ৷ প্ৰকৃত টাইৰানোচ’ৰাছ ৰেক্স মন্টানা চহৰৰ ব’জমেনৰ মিউজিয়াম অব দা ৰকিজত প্ৰদৰ্শিত কৰা হৈছে ৷ জীৱাশ্মৰ তথ্য অনুসৰি ইয়াৰ দীঘল আছিল ১২ মিটাৰ আৰু ভৰিৰ দৈৰ্ঘ ৬ মিটাৰ আৰু মূৰৰ খোলাটো প্ৰায় ১.৫ মিটাৰ ৷ অনুমান কৰা হয় ই এটা কামোৰত ২৩০ কেজি পৰ্যন্ত মাংস খাব পাৰিছিল ৷ প্ৰায় ৬.৫ কোটি বছৰ আগতে এই প্ৰাণীৰ বিলুপ্ত হৈছিল ৷ আনুমানিক তথ্য অনুসৰি শেষৰ ফালে এই প্ৰাণী উত্তৰ আমেৰিকাৰ বনাঞ্চল নদী উপত্যকাত বাস কৰিছিল
গ্ৰেণ্ড গেলৰিৰ মাজেৰে আগবাঢ়ি গৈয়েই দেখা যায় অসাধাৰণ সহস্ৰাব্দৰ ঘড়ী (Millennium Clock), যিটো প্ৰতি ঘণ্টাৰ মূৰে মূৰে জীৱন্ত হৈ উঠে আলোড়নকাৰী সংগীত আৰু লাইটৰ সৈতে নৃত্যৰ দ্বাৰা ৷ ১৯৯৯ চনত নিৰ্মাণ কৰা এই ঘড়ীটো দেখাত কাঠ, ধাতু আৰু কাঁচৰ বিভ্ৰান্তিকৰ সংমিশ্ৰণ যেনহে লাগে৷ প্ৰকৃততে ইয়াক চাৰিটা খণ্ডত নিৰ্মাণ কৰা হৈছে–তলৰ পৰা ওপৰলৈ ক্ৰিপ্ট (Crypt), নেভ (Nave) , বেলফ্ৰাই (Belfry)আৰু স্পাইৰ (Spire) ৷ প্ৰতিটো খণ্ডই অতীতৰ বহুতো দুখজনক ভয়ংকৰ কাহিনীক বুজায় ৷ ফলত ঘড়ীটোৱে পৰ্যটকৰ মনত বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে ৷ বহুতৰ মতে এইটো দেখুৱাবলগীয়া ধৰণৰ নহয় ৷ প্ৰথমতে দেখাৰ লগে লগে মোৰো তেনে ভাবেই হৈছিল৷ পাছতহে বুজিব পাৰিলোঁ এই ঘড়ীৰ বিশেষত্ব ৷ যি মুহূৰ্তত ঘড়ীটো বাজিবলৈ ধৰে পৰ্যটকে ঘড়ীটোৰ ওচৰলৈ আহি ভিৰ কৰে ৷
স্কটিছ ইতিহাস আৰু পুৰাতত্ত্ব গেলেৰিত প্ৰাগঐতিহাসিক যুগৰ পৰা বৰ্তমানলৈকে মহাকাশ যুগৰ বিজ্ঞান, আদিম সংস্কৃতৰ পৰা পপ সংস্কৃতিলৈকে প্ৰদৰ্শন কৰা হৈছে৷ ইয়াৰ উপৰিও আছে বিভিন্ন শিতান যেনে–উইণ্ডো অন দা ৱল্ডৰ্. চিৰামিকছৰ কলা, আৰ্ট ডিজাইন আৰু ফেশ্বন আদি বহুতো৷ মিউজিয়ামৰ এখন চালৰ তলত বিশ্বৰ বহুতো নজনা কথাৰ সম্ভেদ পোৱা যায়৷ লণ্ডনৰ বাহিৰত ব্ৰিটেইনৰ পৰ্যটকৰ আটাইতকৈ জনপ্ৰিয় আকৰ্ষণ হৈছে “নেশ্বনেল মিউজিয়াম অব স্কটলেণ্ড”৷
মিউজিয়ামৰ পৰা ওলাই আহি এডিনবাৰ্গ চহৰৰ অলিয়ে-গলিয়ে খোজকাঢ়ি ফুৰি আমাৰ স্কইলেণ্ড ভ্ৰমণৰ সামৰণি মাৰিলোঁ ৷
ব্ৰিটিছ দ্বীপপুঞ্জৰ বিষয়ে বৰ্ণনা কৰিবলৈ আমি সাধাৰণতে যুক্তৰাজ্য, ব্ৰিটেইন আৰু ইংলেণ্ড এই তিনিট শব্দ ব্যৱহাৰ কৰোঁ৷ প্ৰকৃততে তিনিওটাৰ মাজত মৌলিক পাৰ্থক্য আছে৷ ইংলেণ্ড, স্কটলেণ্ড, ৱেলছ আৰু উত্তৰ আয়াৰলেণ্ড এই চাৰিখন ৰাষ্ট্ৰৰে গঠিত যুক্তৰাজ্য (সংক্ষেপে ইউ.কে) বা গ্ৰেট ব্ৰিটেইন (সংক্ষেপে ব্ৰিটেইন) উত্তৰ-পশ্চিম ইউৰোপৰ এখন দ্বীপ ৰাষ্ট্ৰ ৷ ইয়াৰ চৰকাৰী নাম United Kingdom of Great Britain and Northern Ireland. যুক্তৰাষ্ট্ৰক আটলাণ্টিক মহাসাগৰ, উত্তৰ সাগৰ, ইংলিছ চেনেল, চেলটিক সাগৰ আৰু আইৰিচ সাগৰে আগুৰি আছে ৷ ইংলেণ্ড যুক্তৰাজ্যৰ অংশ ৷ ই ব্ৰিটেইনৰ আটাইতকৈ জনবহুল আৰু ডাঙৰ ৰাষ্ট্ৰ ৷ বহু শতিকা ধৰি গঠনমূলক দেশসমূহৰ ধাৰাবাহিক সংলগ্ন আৰু পৃথকীকৰণৰ পৰা যুক্তৰাজ্যৰ বিকাশ ঘটিছে ৷ ইয়াৰ চহকী ইতিহাস, প্ৰাকৃতিক দৃশ্য, দুৰ্গ, চহৰ অন্বেষণ কৰিবলৈ দহ দিনৰ ভ্ৰমণ যথেষ্ট নহয় ৷ ভ্ৰমণত মাত্ৰ ইয়াৰ কেইটামান বিখ্যাত স্মৃতিচিহ্ন সাঙুৰিহে লোৱা হয় ৷ যুক্তৰাজ্যৰ ৰাজধানী লণ্ডন যদিও স্কটলেণ্ডৰ এডিনবাৰ্গ, উত্তৰ আয়ৰলেণ্ডৰ বেলফাষ্ট আৰু ৱেলেছৰ কাৰ্ডিফত নিজা সংসদ আছে ৷ ইংলেণ্ড, স্কটলেণ্ড, ৱেলছ আৰু উত্তৰ আয়াৰলেণ্ডক দেশ বুলি কোৱা হয় যদিও এই ৰাজ্য কেইখনত ব্ৰিটেইনে নিৰ্ধাৰণ কৰা নিয়ম-নীতিয়ে প্ৰচলিত ৷ ইংৰাজী ভাষা ইংলেণ্ডৰ পৰাই উৎপত্তি হোৱা গতিকে যুক্তৰাজ্যৰ চৰকাৰী আৰু কথিত ভাষা ইংৰাজী হোৱাই স্বাভাৱিক ৷ যুক্তৰাজ্যৰ ৯৫ শতাংশ লোকেই ইংৰাজী ভাষী সেয়ে ইংলেণ্ড ভ্ৰমণত আমাৰ ভাষাৰ বাবে সমস্যা হোৱা নাছিল ৷ ইউৰোপৰ আন দুখনমান দেশত অৱশ্যে ভাষাৰ ক্ষেত্ৰত অসুবিধা নোহোৱা নহয় ৷ যুক্তৰাজ্যত তিনিটা থলুৱা কেনটিক ভাষা প্ৰচলিত– ৱেলছ, আইৰিছ আৰু স্কটিছ গেলিক ৷
পিছদিনা অৰ্থাৎ ২৫ জুনত ৰাতিপুৱা এডিনবাৰ্গৰ পৰা লণ্ডনলৈ আমাৰ যাত্ৰা ৷
(আগলৈ)
