Skip to content
জোনালীৰ ডায়েৰী
Jona Mahanta
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

  • Home
  • Poems
  • Travelblog
  • Articles
  • Videos
  • Profile
  • Gallery
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

বিশ্ববিখ্যাত অক্সফোৰ্ড

Jona Mahanta, November 4, 2023November 5, 2023

(ইউৰোপ ভ্ৰমণৰ ৩য় খণ্ড)

পিছদিনা ১৭ জুন বাবুলৰ ক্ৰেন ফিল্ড বিশ্ববিদ্যালয়ত চেমিনাৰ আছিল ৷ সেয়ে অনিতা আৰু বাবুল তালৈ গ’ল ৷ মই আৰু এওঁ পৃথিৱী বিখ্যাত অক্সফোৰ্ড বিশ্ববিদ্যালয়খন এবাৰ চাই আহোঁ বুলি ওলালোঁ ৷ মিল্টন কেইনছৰ পৰা অক্সফোৰ্ডলৈ প্ৰায় ৪০ মাইল ৷ আমি গৈ বাছষ্টেণ্ড পোৱাৰ সময়তে বাছ এখন অক্সফোৰ্ড যাবলৈ ষ্টাৰ্ট দিছেই ৷ কোনোমতে কাউন্টাৰৰ পৰা টিকট দুটা লৈ দৌৰি গৈ বাছত উঠাৰ লগে লগে বাছ অক্সফোৰ্ড অভিমূখে ৰাওনা হ’ল ৷ উল্লেখনীয় যে বাছৰ নিৰ্দ্ধাৰিত সময়ৰ এক মিনিটও হেৰফেৰ নকৰে ৷ বাছৰ সময় যদি তালিকাত ৯ বাজি ১৬ মিনিট লিখা আছে তেন্তে ঠিক সেই সময়তে গাড়ী চলিবলৈ আৰম্ভ কৰে ৷ কোনো যাত্ৰী আহি থকা দেখিলেও অপেক্ষা নকৰে ৷ ভ্ৰমণ কালছোৱাত মই বহুবাৰ এই কথা মন কৰিছোঁ ৷ উপলদ্ধি কৰিছোঁ এই দেশৰ লোকৰ সময়ৰ প্ৰতি থকা সজাগতা আৰু আমাৰ দেশৰ লোকৰ সময়ৰ প্ৰতি উদাসীনতা ৷ মিল্টন কেনইছৰ পৰা অক্সফোৰ্ডলৈ বাছত ১ ঘন্টা ২০ মিনিট সময় লাগিব বুলি টিকট লওঁতেই কাউন্টাৰতে আমাক কৈছিল ৷ ঠিক ১ ঘন্টা ২০ মিনিটতে আমাৰ বাছ গৈ অক্সফোৰ্ডৰ বাছষ্টেণ্ডত ৰ’ল ৷
বাছৰ পৰা নামি ইফাল সিফাল চাই একো ধৰিব নোৱাৰি দোকান এখনত অক্সফোৰ্ড বিশ্ববিদ্যালয় কোনফালে যাব লাগিব বুলি সুধিলোঁ ৷ তেওঁ আমি কোনখন কলেজলৈ যাব বিচাৰো বুলি প্ৰশ্ন কৰাত আমি অলপ থতমত খালো ৷ আমাৰ অৱস্থা বুজিব পাৰি তেওঁ আমাক ক’লে– ”অক্সফোৰ্ডত গোটেই চহৰ খনতেই বিশ্ববিদ্যালয় সিঁচৰিত হৈ আছে মূল চৌহদ বুলি একো নাই ৷ আমি হ’প আপ হ’প অফ বাছত উঠিলে গোটেই চহৰখন বিষয়ে জানিবলৈ সুবিধা হ’ব ৷’’ তেওঁৰ কথা মতেই আমি হ’প আপ হ’প অফ্ বাছত দুটা টিকট কাটি লৈ দুমহলীয়া বাছত উঠিলোঁ ৷ হ’প আপ হ’প অফ্ বাছৰ বিশেষত্ব হ’ল এবাৰ টিকট কাটি লৈ গোটেই দিনটোত নিজৰ ইচ্ছা অনুযায়ী বাছৰ পৰা য’ত মন যায় নামি ঠাইখন চাই আকৌ যিকোনো বাছত উঠিলেই হ’ল আৰু টিকট কাটিব নালাগে ৷ এই বাছসমূহৰ ওপৰ মহলা খোলা ৰংবিৰঙৰ চকী, প্ৰতিখন আসনৰ লগত হেডফোন ৰখা আছে ৷ ইচ্ছুক যাত্ৰীয়ে হেডফোনৰ সহায়ত ঠাইখনৰ বিষয়ে শুনিব পাৰে আৰু উল্লেখনীয় স্থানসমূহ পোৱাৰ সময়ত অৱগত কৰে ৷ আমিও ওপৰ মহলাত উঠি গোটেই চহৰখন দুবাৰ ঘূৰিলোঁ ৷
অপৰিসীম ইতিহাস, স্থাপত্য আৰু সংস্কৃতিৰে অক্সফোৰ্ড ইংলেণ্ডৰ আটাইতকৈ বিখ্যাত চহৰসমূহৰ ভিতৰত অন্যতম ৷ চহৰখনৰ চুকে-কোণে অলিয়ে-গলিয়ে এক সজীৱ সেউজীয়া পৰিৱেশ ৷ বিশ্বৰ অন্যতম অক্সফোৰ্ড বিশ্ববিদ্যালয়ে চহৰখনৰ প্ৰায় এক চতুৰ্থাংশ অধিপত্য বিস্তাৰ কৰিছে ৷ অক্সফোৰ্ডত বহুতো মিউজিয়াম, লাইব্ৰেৰী আছে ৷ যিসমূহ বিশ্ববিদ্যালয়ৰে অংশ আৰু প্ৰৱেশৰ বাবে কোনো মূল্য নালাগে ৷ এই সমূহৰ ভিতৰত ব্ৰিটেইনৰ পুৰণি মিউজিয়ামসমূহৰ ভিতৰত এটা আৰু বিশ্বৰ প্ৰথম বিশ্ববিদ্যালয় মিউজিয়াম বুলি খ্যাত ‘আছমোলিয়ান মিউজিয়াম’ত (Ashmolean Museum) সোমালোঁ ৷

আন্তৰ্জাতিক শিল্প আৰু প্ৰত্নতত্ত্ব সংগ্ৰেহেৰে ছয় মহলাৰ মিউজিয়াম ৷ প্ৰাচীন বিশ্ব গেলাৰিত ইছলামিক শিল্পকলাৰ সংগ্ৰহ, মিছৰীয় মামি, প্ৰাচীন নথি আদিৰ সংগ্ৰহ । এনে এটি মিউজিয়াম চাবলৈ বহু সময়ৰ প্ৰয়োজন । সময়ৰ অভাৱত আমি কেৱল ভুমুকিহে মাৰিলোঁ ৷ ইয়াৰ ওপৰিও University Museum of Natural History, Museum of the History of Science কে আদি কৰি বহুতো মিউজিয়াম আছে যদিও এদিনত সকলো চোৱা সম্ভৱ নহয় ৷
অক্সফোৰ্ড চহৰখন খুব ডাঙৰ নহয় আৰু প্ৰধান আকৰ্ষণসমূহ চহৰখনৰ কেন্দ্ৰতে ঠাহ খাই আছে ৷ মুঠ ৩৮ খন কলেজ অন্তৰ্ভূক্ত য’ত বাইশ হাজাৰৰো অধিক শিক্ষাৰ্থীয়ে অধ্যয়ন কৰে প্ৰতি বছৰে ৷ প্ৰায় ভাগ পুৰণি ভৱন, প্ৰতিটোৰেই স্থাপত্য নিজস্বভাৱে আকৰ্ষণীয় ৷ মেথিউ আনল্ডে (Matthew Arnold) অক্সফোৰ্ডক ‘The City of Dreaming Spires’ নামেৰে অভিহিত কৰিছে ৷ আজিকালি ইন্টাৰনেটৰ যুগত কোনো এখন ঠাইৰ বিষয়ে জানিব বিচাৰিলে সকলো হাতৰ মুঠিতেই পোৱা যায় ৷ তথাপি এখন নতুন ঠাইলৈ গ’লে সেই ঠাইখনৰ বিষয়ে জনাৰ যি হেঁপাহ বা ইচ্ছা উদয় হয় তাৰ ফলত বহু নজনা কথা জনা যায় ৷ তালৈ যোৱাৰ আগতে যদিও জানিছিলোঁ বিশ্বৰ এই অন্যতম শিক্ষানুস্থানখনত বিশ্বৰ মেধাবী ছাত্ৰ-ছাত্ৰীয়েহে অধ্যয়ন বা গৱেষণাৰ সুযোগ লাভ কৰে ৷ অক্সফোৰ্ড বিষয়ে ধাৰণা আছিল সম্পূৰ্ণ বেলেগ ৷ এদিনৰ ভ্ৰমণত এনে এখন বৃহৎ প্ৰতিষ্ঠানৰ বিষয়ে জনা সম্ভৱ নহয় ৷ দুই এটা কথা জনাৰ উপৰিও বিশ্বৰ আটাইতকৈ সন্মানীয় বিশ্ববিদ্যালয়খন এদিনৰ বাবে চাই গৌৰৱ অনুভৱ কৰিলোঁ ৷
এই বিশ্ব বিখ্যাত বিশ্ববিদ্যালয়খন প্ৰথম কেতিয়া স্থাপিত হৈছিল তাক ঠাৱৰকৈ কোৱা টান ৷ ইয়াৰ অফিচিয়েল ৱেবছাইটত কোৱা হৈছে ১০৯৬ চনৰ পৰা পাঠদান কৰাৰ অস্তিত্ব পোৱা গৈছে ৷ ১১৬৭ চনত দ্বিতীয় হেনৰীয়ে ইংৰাজী ছাত্ৰ-ছাত্ৰীক পেৰিছ বিশ্ববিদ্যালয়ত পঢ়া নিষিদ্ধ কৰাৰ পৰাই ইয়াৰ দ্ৰুত সম্পসাৰণ হয় ৷ ১২০৯ চনত অক্সফোৰ্ডৰ স্থায়ী বাসিন্দা আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত হোৱা বিবাদৰ ফলত কিছু শিক্ষাবিদে কেম্বিজলৈ গুচি যায় আৰু কেম্বিজ বিশ্ববিদ্যালয় স্থাপন কৰে ৷ সেয়ে এই দুয়োখন বিশ্ববিদ্যালয়ৰ বহুতো উমৈহতীয়া বৈশিষ্ট আছে আৰু ইয়াক যৌথভাৱে অক্সব্ৰিজ বুলি কোৱা হয় ৷ হেৰী পটাৰ খ্যাত বডলিয়ন লাইব্ৰেৰী আৰু ৱেষ্টন লাইব্ৰেৰী বিল্ডিঙৰ স্থাপত্যও আমি বাহিৰৰ পৰাই চালোঁ ৷

বডলিয়ন লাইব্ৰেৰী


আমি বাছেৰে গোটেই চহৰখন ঘূৰি ক্ৰাইষ্ট চাৰ্চ (Christ ) কলেজৰ চৌহদত সোমালোঁ ৷ ১৭৫ একৰ মাটিত অৱস্থিত ক্ৰাইষ্ট চাৰ্চৰ অনন্য স্থাপত্যৰ কেইবাটাও অট্টালিকা আছে ৷ প্ৰতিটোৰে স্থাপত্য চালে চকুৰোৱা ৷ ১৫৪৬ চনতে ৰজা অষ্টম হেনৰীয়ে প্ৰতিষ্ঠা কৰা এই কলেজখন অক্সফোৰ্ড কেথেড্ৰলৰ যৌথ ভেটি ৷ ক্ৰাইষ্ট চাৰ্চ কেথেড্ৰলটোৱে কলেজৰ চেপেল হিচাপেও কাম কৰে ৷ ইংলেণ্ডৰ ভিতৰত এইটোৱে একমাত্ৰ কেথেড্ৰল যিয়ে কেথেড্ৰল আৰু চেপেল হিচাপে দ্বৈত ভূমিকা বহন কৰি আছে ৷ চৌহদৰ ভিতৰৰ বিশাল সেউজীয়া ঘাঁহনি, সেউজীয়া সজীৱ পৰিৱেশ ৷ আমি দুয়ো ঘাঁহনিতে বহি উপভোগ কৰিলোঁ অক্সফোৰ্ডৰ কিছু মুহূৰ্ত ৷

ক্ৰাইষ্ট চাৰ্চ কলেজ

ক্ৰাইষ্ট চাৰ্চ (Christ ) কলেজ কিযে এক শান্তিৰ পৰিৱেশ তাক লিখি প্ৰকাশ কৰা নাযায় ৷ মন-প্ৰাণ ভৰি গ’ল ৷ সেয়ে হয়তো বিশ্ববিদ্যালয়খনে ইমান বিখ্যাত ব্যক্তিক গঢ়িবলৈ সক্ষম হৈছে ৷ অক্সফোৰ্ডত শিক্ষা গ্ৰহন কৰা ত্ৰিশজন ছাত্ৰই ব্ৰিটিশ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈছে ৷ উল্লেখনীয় যে এই ত্ৰিশজনৰ তেৰ জনেই ক্ৰাইষ্ট কলেজৰ ছাত্ৰ ৷ যিটো কেম্বিজ বা অক্সফোৰ্ডৰ আন কলেজৰ ভিতৰত সৰ্বাধিক ৷
সমগ্ৰ চহৰখনেই ইয়াৰ আচৰিত স্থাপত্য, চৌদিশৰ চিত্ৰময় পৰিৱেশ আৰু সেউজীয়াৰ জৰিয়তে সংস্কৃতি আৰু ইতিহাসক চিত্ৰিত কৰিছে ৷ চহৰখনৰ মাজেৰে বই যোৱা টেমছ (Thames) আৰু চেৰৱেল (Cherwell) নদী দুখনে শোভাবৰ্ধন কৰাৰ লগতে ইয়াত পান্টিং (Punting) কৰাটো অক্সফোৰ্ডৰ এটা বিনোদনমূলক কাৰ্য্যকলাপ ৷ পান্টিং হৈছে দীঘল খুটাৰ সহায়ত চলা অগভীৰ নাও ৷ টেমছ নদীখনক অক্সফোৰ্ডৰ সীমাৰ ভিতৰত আইছিছ (Isis) বুলি কোৱা হয় ৷ আমাৰ অৱশ্যে পান্টিং কৰা নহ’ল ৷ পলম হোৱা বাবে উভতিলোঁ বিশ্ব প্ৰসিদ্ধ অক্সফোৰ্ডৰ ঐতিহ্যৰ কিছু স্মৃতি সাৱটি

Travelblog

Post navigation

Previous post
Next post

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Poet
Lyricist & Author

Recent Posts

  • স্মৃতি সুঁৱৰি
  • মই যাজ্ঞসেনী
  • আন্দামান দ্বীপপুঞ্জৰ জনগোষ্ঠী
  • দুঃসময়
  •                                                                                 নাৰ্টিয়াং মন’লিথ
  • এৰি অহা বাটেৰে

Categories

  • Articles
  • Poems
  • Short Stories
  • Travelblog

Archives

  • June 2025
  • March 2025
  • January 2025
  • November 2024
  • August 2024
  • June 2024
  • March 2024
  • December 2023
  • November 2023
  • October 2023
  • September 2023
  • August 2023
  • July 2023
  • June 2023
  • May 2023
  • October 2022
  • May 2022
  • April 2022
  • March 2022
  • October 2019
  • October 2018
  • July 2018
  • November 2017
  • July 2017
  • December 2016
  • December 2015
  • January 2015
  • September 2011
  • July 2011

©2026 জোনালীৰ ডায়েৰী | WordPress Theme by SuperbThemes