Skip to content
জোনালীৰ ডায়েৰী
Jona Mahanta
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

  • Home
  • Poems
  • Travelblog
  • Articles
  • Videos
  • Profile
  • Gallery
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

বৈচিত্ৰময় কীৰ্তিচিহ্নৰ ভঁৰাল ইউৰোপ

Jona Mahanta, October 31, 2023November 13, 2023

(১ ম খণ্ড)

ইউৰোপৰ বিষয়ে শুনি শুনি ইউৰোপলৈ এবাৰ যোৱাৰ আশা মনত সাঁচি ৰাখিছিলোঁ যদিও সম্ভৱ হৈ উঠা নাছিল ৷ অৱশেষত বহু আশাৰ ইউৰোপ মহাদেশৰ কেইখনমান দেশ ভ্ৰমণৰ সুযোগ এটা আহিল ৷ ‘যাত্ৰা ডট কম’ নামৰ ট্ৰেভেল এজেন্সিয়ে ইউৰোপৰ কেইখনমান দেশ ভ্ৰমণৰ বাবে ২০১৫ চনত ‘যাত্ৰা চুপাৰ চেভাৰ’ নাম দি ভাৰতৰ বিভিন্ন প্ৰান্তৰৰ পৰা ভ্ৰমণকাৰীৰ পৰা আবেদন বিচাৰি বিজ্ঞাপন দিছিল ৷ এই সুযোগতে আমি মানে মই আৰু মোৰ গৃহস্থ ডাঃ হৰেশ্বৰ মহন্ত দুয়ো ইউৰোপ ভ্ৰমণ কৰি অহাৰ ঠিক কৰিলোঁ ৷ চৰকাৰী চাকৰিয়ালৰ ক্ষেত্ৰত বিদেশলৈ যাবলৈ অনুমতিৰ বাবে যাৱতীয় কাগজ পত্ৰ গোটাই চৰকাৰৰ পৰা অনুমতি লওঁতেই বহু দিন লাগে ৷ তাৰোপৰি ভিছা আছেই ৷
ইউৰোপত প্ৰৱেশৰ বাবে ছেংগেন (Schengen) ভিছা লাগে ৷ অৱশ্যে আমি ইউৰোপলৈ যোৱাৰ সময়ত ছেংগেন ভিছাৰ বাবে দিল্লী, মুম্বাই, কলিকতা আদি চহৰত থকা ভিছা প্ৰদান কাৰী অফিচ লৈ ভ্ৰমণকাৰী নিজেই নগ’লেও হৈছিল ৷ প্ৰয়োজনীয় কাগজ পত্ৰ এজেন্সিৰ প্ৰতিনিধিৰ হাতত জমা দিলেই তেওঁলোকে দায়িত্ব লৈ ভিছাৰ ব্যৱস্থা কৰি দিছিল ৷ বৰ্তমানৰ এই ব্যৱস্থা বাহাল আছে নে নাই এই বিষয়ে অৱশ্যে মই নাজানোঁ ৷
বহুতেই হয়তো ছেংগেন ভিছাৰ বিষয়ে জানে তথাপিও এই খিনিতেই জনাওঁ ছেংগেন ভিছা নো কি ? ইউৰোপ মহাদেশখন প্ৰায় পঞ্চাশখন মান দেশেৰে গঠিত ৷ এই দেশসমূহৰ সাতাইশখন দেশে লগ লাগি এটা সিদ্ধান্ত ল’লে যে এই সাতাইশখন দেশত বসবাস কৰা লোকসকলে এখন দেশৰ পৰা আন খন দেশলৈ যাবলৈ কোনো পাছপ’ৰ্ট বা ভিছাৰ প্ৰয়োজন নাই ৷ এখন দেশৰ পৰা আন দেশলৈ মুক্তভাৱে যাব পাৰিব (Free movement of People) । এই সাতাইশখন দেশক একেলগে ‘ছেংগেন ক্ষেত্ৰ’ (Schengen Area) বুলি কোৱা হয় ৷ এই ছেংগেন ক্ষেত্ৰৰ বাসিন্দাসকলে নিজৰ দেশৰ পৰা ছেংগেন ক্ষেত্ৰৰ ভিতৰত অন্তৰ্ভুক্ত আন দেশলৈ গৈ চাকৰি, ব্যৱসায় কৰা বা শিক্ষা গ্ৰহণ কৰাত কোনো অনুমতিৰ প্ৰয়োজন নাই ৷ সেইবাবে ইউৰোপ ভ্ৰমণৰ বাবে আন দেশৰ পৰা যোৱা ভ্ৰমণকাৰীৰ ক্ষেত্ৰটো বহুত সুবিধা হ’ল ৷ ছেংগেন ক্ষেত্ৰত প্ৰৱেশ কৰিবলৈ এই দেশসমূহৰ যিকোনো এখন দেশত ভিছাৰ বাবে আবেদন কৰিলেই হয় ৷ সেই দেশখনে ভিছা প্ৰদান কৰিলে ছেংগেন ক্ষেত্ৰৰ অন্তৰ্ভুক্ত যিকোনো দেশলৈ যোৱাত কোনো বাধা নাই ৷ এই ভিছা লণ্ডনত প্ৰৱেশৰ বাবেও প্ৰযোজ্য ৷ কিন্তু ইংলেণ্ডৰ আন ঠাইসমূহলৈ যাবলৈ অৰ্থাৎ ছেংগেন ক্ষেত্ৰৰ বাহিৰত যাবলৈ ইউ.কে ভিছাৰ প্ৰয়োজন ৷ আমাৰ ছেংগেন ভিছাখন ট্ৰেভেল এজেন্সিয়ে জাৰ্মানৰ ভিছা প্ৰদান কৰা অফিচৰ পৰা লৈছিল যদিও এই ভিছাৰ জৰিয়তে নিৰ্দিষ্ট সময় সীমাৰ ভিতৰত আমি ছেংগেন ক্ষেত্ৰ ভিতৰত থকা দেশসমূহত প্ৰৱেশৰ সুবিধা পাইছিলোঁ ৷ সকলো ভিছাৰ সময় সীমা নিৰ্ধাৰণ কৰা থাকে ৷
সেই সময়তে এওঁৰ সৰু ভায়েক গুৱাহাটী আই.আই.টিৰ যান্ত্ৰিক (Mechanical) বিভাগৰ অধ্যাপক ডঃ পিনাকেশ্বৰ মহন্তক নটিংহাম, এডিনবাৰ্গ আৰু ক্ৰেন ফিল্ড বিশ্ববিদ্যালয়লৈ আমন্ত্ৰণ কৰিছিল ৷ তেওঁ মাজে মাজে এনেদৰে বিভিন্ন বিশ্ববিদ্যালয়লৈ যাবলগীয়া হয় ৷ আমাৰ ইউৰোপ ভ্ৰমণৰ লগত প্ৰায় একে সময়তে হোৱা বাবে আমিও তেওঁৰ লগতে এই ঠাইসমূহলৈও যোৱাৰ ঠিক কৰিলোঁ ৷ বাবুলৰ (পিনাকেশ্বৰৰ ঘৰত মতা নাম বাবুল) অৰ্ধাংগিনী অনিতাই আগতে বাবুলৰ লগত এই ঠাইসমূহলৈ গৈছিল যদিও এইবাৰো আমাৰ লগত ওলাল ৷ বিশ্ববিদ্যালয় কেইখনে বাবুলক নিজৰ সুবিধা মতে যাবলৈ কোৱা বাবে আমাৰ ইউৰোপ ভ্ৰমণৰ লগত সময় মিলাই পৰিকল্পনা কৰিবলৈ সুবিধাও হ’ল ৷ যাত্ৰা ডট কমে ইউৰোপ ভ্ৰমণৰ বাবে ২৪ জুনত ৰাতি ভাৰতৰ পৰা গৈ ২৫ জুনত লণ্ডনৰ পৰা ইউৰোপ ভ্ৰমণৰ দিন ধাৰ্য্য কৰিছিল ৷ সেয়ে আমি তাৰ আগতে ১৩ জুনত যোৱাৰ যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিলোঁ ৷ ইংলেণ্ডত প্ৰৱেশৰ বাবে ভিছা বেলেগে লাগে ৷ ছেংগেন ভিছা ইয়াত প্ৰযোজ্য নহয় ৷ সেইসময়ত এই ভিছাৰ বাবে অন লাইন আবেদন কৰি নিৰ্দিষ্ট দিনত নিজেই ভিছা প্ৰদান কৰা অফিচলৈ গৈ Biometric পৰীক্ষাত অৱতীৰ্ন হ’ব লাগিছিল ৷ সেয়ে আমি নিজৰ সুবিধা অনুসৰি আগতীয়াকৈ অন লাইনতে আবেদন কৰি নিৰ্দিষ্ট দিনত কলিকতাত থকা ইংলেণ্ড ভিছা প্ৰদানকাৰী অফিচত যাৱতীয় আনুষ্ঠানিকতা খিনি কৰি আহিছিলোঁ ৷ সময়মতে আমাৰ ভিছা ডাক যোগে আহি পালে ৷
গুৱাহাটীৰ পৰা আমাৰ যাত্ৰা ১৩ জুনত আছিল যদিও ১২ জুনত সন্ধিয়া সাতমান বজাতেই আমি ঘৰৰ পৰা যাত্ৰা কৰিবলগীয়া হ’ল ৷ আমাৰ ঘৰ গুৱাহাটীৰ আটাইতকৈ বেছি কৃত্ৰিম বানপানী হোৱা অঞ্চল নবীন নগৰত ৷ ১২ তাৰিখে ৰাতিপুৱাৰে পৰা নেৰানেপেৰাকৈ বৰষুণ দি থকাত বানপানীৰ সম্ভৱনাৰ বাবে আমি ১২ জুনত আমিনগাওঁত অৱস্থিত ‘ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকনলজি’(IIT) ৰ বাবুলৰ বাসভৱনলৈ গ’লোঁ ৷ তেওঁৰ ঘৰতেই নিশাৰ আহাৰ গ্ৰহণ কৰি আই.আই. টিৰ অতিথিশালাত নিশা কটাই ৰাতিপুৱা ন বজাত আমি দুয়ো বৰঝাৰ অভিমূখে ৰাওনা হ’লোঁ ৷ বাবুল আৰু অনিতাৰ গুৱাহাটীৰ পৰা দিল্লীলৈ যোৱা বিমান আবেলি ৷আমাক আগবঢ়াবলৈ জীয়ৰী বনানী (মাতু) আগদিনাই আমাৰ লগতেই আহিছিল আৰু পুত্ৰ দেৱৰ্ষি (বিতু) আই.আই.টি.ত গৱেষণা কৰি থকা বাবে তাতেই হোষ্টেলতে থাকে ৷ দুয়ো আহি আমাক এয়াৰপোৰ্টলৈ আগবঢ়াই দিলে ৷ সেইদিনা একেখন বিমানেৰে দিল্লীত কৰ্মৰত মোৰ ভনী দীপাৰ বৰ জীয়ৰী নিৰনীতাও দিল্লীলৈ অহা বাবে বিমানৰ সময়খিনি ভালেই লাগিল ৷ দিল্লী পাই আমি আগতে ঠিক কৰি থোৱা নিজামউদ্দিনৰ ‘গ্ৰেণ্ড ফৰ্ট’ (The grand fort) হোটেলত দুপৰীয়াৰ আহাৰ কৰি জিৰণি ল’লো ৷ নিশা আঠ মান বজাত বাবুল আৰু অনিতাও আহি হোটেল পালে ৷
১৪ জুনত দিনৰ ডেৰ বজাত দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় এয়াৰপোৰ্টৰ পৰা আমাৰ যাত্ৰা বাৰ্মিংহাম (ইংলেণ্ড) অভিমূখে ৷ দহ বজাতেই এয়াৰপোৰ্টলৈ গৈ বিদেশ ভ্ৰমণৰ বাবে প্ৰয়োজনীয় যাৱতীয় আনুষ্ঠানিকতা শেষ কৰোঁ মানে দুপৰীয়া চাৰে বাৰ বাজি গ’ল৷ নিৰ্ধাৰিত সময়তে আমাৰ বিমান উৰা মাৰে বাৰ্মিহাম অভিমূখে৷ বহুদিনৰ হেঁপাহ এটা পূৰণ হোৱাৰ আশাত আনন্দ, উত্তেজনা আদিৰ প্ৰতিক্ৰিয়াত উৰণৰ প্ৰায় ন ঘণ্টা কেনেকৈ অতিবাহিত হ’ল তত্‌কে ধৰিব নোৱাৰিলোঁ ৷ বাৰ্মিহামৰ স্থানীয় সময় সন্ধিয়া চাৰে ছয়বজাত (ভাৰতৰ মতে সময় প্ৰায় ৰাতি এঘাৰ বজাত) আমাৰ বিমান বাৰ্মিহামৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অবতৰণ কৰিলে ৷ সেইদিনা হজৰ বাবে যাত্ৰী বহুত আছিল বাবে ইমিগ্ৰেচনৰ বাবে প্ৰয়োজনতকৈ বেছি সময় লাগিল ৷
বামিংহাম এয়াৰপোৰ্টত আমাৰ বাবে ৰৈ আছিল বেডফৰ্ডৰ (Bedford) ‘ক্ৰেন ফিল্ড’ (crane field) বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা কলকতাৰ নিবাসী উৎসৱ গুহ ৰায় (ডাম্পি) ৷ বিদেশত বিভিন্ন ঠাইত দেখিবলৈ পাইছোঁ যাত্ৰীৰ যাতায়তৰ বাবে এয়াৰপোৰ্টৰ লগতে ৰেলৰ ব্যৱস্থা থাকে ৷ আগতে এই বিষয়ে মই নাজানিছিলোঁ৷ পাছত বিভিন্ন ঠাইত দেখিহে জানিব পাৰিলোঁ ৷ ডাম্পিয়ে আমাক এয়াৰপোৰ্টৰ পৰা লিফট্‌ৰে ৰেলৰ ব্যৱস্থা থকা ঠাইলৈ লৈ গ’ল ৷ তাত পৰা তিনি-চাৰিটা মান ডবাৰ চুটি ট্ৰেইনেৰে আহি বামিংহামৰ মুখ্য ৰেলৱে ষ্টেচন পাওঁ ৷ ইয়াৰ পৰা যোৱাৰ আগতেই বাবুলে আমি থকাৰ সকলো ব্যৱস্থা কৰি ৰাখিছিল ৷ মিল্টন কেইনছ (Milton Keynes) ত বি এণ্ড বি (B & B) ঠিক কৰি আছিল ৷ বামিংহামৰ পৰা মিল্টন কেইনছলৈ প্ৰায় ৯০ কিলোমিটাৰ, ৰেলেৰে প্ৰায় ৩৮ মিনিট লাগে ৷ ৰেলৱে ষ্টেচন আৰু ৰেলৰ ব্যৱস্থা আমাৰ দেশৰ লগত তুলনা কৰা নাযায় ৷ ইউৰোপৰ ৰেলসমূহৰ আদব-কায়দা আমাৰ দেশৰ তুলনাত যথেষ্ট উন্নতমানৰ ৷ পৰিষ্কাৰ-পৰিচন্ন, দেখিবলৈও ধুনীয়া হোৱাৰ উপৰিও প্ৰযুক্তিৰ ক্ষেত্ৰটো যথেষ্ট আগবঢ়া আৰু দ্ৰুত গতিত চলে ৷ উৰাজাহাজত যিবোৰ সুবিধা উপলব্ধ সেই সকলোবোৰ সুবিধাই ৰেল যাত্ৰাৰ ক্ষেত্ৰতো পোৱা যায় ৷ ৰেলৰ ভিতৰত ধুনীয়াকৈ সজোৱা বিভিন্ন খোৱা সম্ভাৰেৰে ৰেস্তোৰাঁ য’ত বহি যাত্ৰীয়ে যাত্ৰা কালত খোৱা উপভোগ কৰিব পাৰে ৷ ৰেলৰ পৰিচাৰবোৰো বিমানৰ পৰিচাৰবিলাকৰ দৰেই ৷

মিল্টন কেইনছ

      মিল্টন কেইনছত ৰেলৰ পৰা নামি ঘৰৰ গৰাকীক ফোন কৰাত তেখেতে ক’লে, ঘৰৰ চাবি দুৱাৰৰ কাষৰ লেটাৰ বক্সত থোৱা আছে ৷ আমি নিজেই ঘৰ খুলি সোমাব পাৰোঁ ৷ টেক্সিৰে নিৰ্দিষ্ট ঘৰলৈ আহি তেখেতৰ কথা মতেই ঘৰত সোমালোঁ ৷ সুন্দৰ পৰিৱেশ আটোম-টোকাৰীকৈ সজাই থোৱা তিনিটা কোঠাৰ ডুপ্লেক্স ৷ বৰষুণৰ বাবে ছাতি, বৰফত পিন্ধা জোতা, গ্ৰামোফোন, বিভিন্ন পোছাকেৰে ঘৰৰ প্ৰতিটো কোঠাৰ আলমাৰি পৰিপাটিকৈ সজোৱা ৷ গাধোৱা ঘৰত বিভিন্ন চাবোন চেম্পুৰে ভৰা ৷ চেলফ্‌ত সজাই থোৱা আছে বহু বিখ্যাত লিখকৰ কিতাপ ৷কাপোৰ ধোৱা মেচিন, বাচন ধোৱা মেচিন, ৰান্ধনিশালত বিভিন্ন খোৱা খাদ্যৰে ভৰা ফ্ৰিজ, নানান ধৰণৰ চকলেট, মাখন, ব্ৰেড, সাগৰীয় মাছ, মাংসকে আদি কৰি আমাৰ দেশত নেদেখা বিভিন্ন খাদ্য সম্ভাৰ ৷ বিভিন্ন প্ৰকাৰৰ শীতল পানীয়, বিভিন্ন কদামী ব্ৰেণ্ডৰ সুৰা আদি লিখি শেষ কৰিব নোৱাৰা সামগ্ৰীৰে ভৰা ৷ নিজৰ ইচ্ছা অনুসৰি ৰান্ধি খাব পৰাকৈ গেছ, মাইক্ৰ, ইলেকট্ৰিক কেটলী আদি ৷ প্ৰকৃততে আমাৰ নিজৰ ঘৰতো ইমান সা-সুবিধা নাথাকে ৷ ঘৰত কোনো মানুহ নথকাকৈ এনেদৰে সজাই থোৱা দেখি আচৰিতো লাগিল ৷ আমাৰ দেশত এনেকৈ থ’লে গেষ্টসকলে কি কৰিব ভাবিয়েই নাপালোঁ ৷ ঘৰটোৰ আগফালে বিভিন্ন ফুলৰ সুন্দৰ বাগিচা, পাছফালে এখন কিট্‌চেন গাৰ্ডেন য’ত বিলাহী, গাজৰ, ধনীয়াকে আদি কৰি বিভিন্ন শাক-পাচলি মোক খা মোক খা কৰি আছে ৷
ইতিমধ্যে নিশা প্ৰায় ন বাজিছিল যদিও তেতিয়াও এন্ধাৰ হোৱাই নাছিল ৷ আমি ফ্ৰেচ হৈ ঘৰৰ তেনেই ওচৰতে থকা ৰেস্তোৰাঁ এখনলৈ গৈ নিশাৰ আহাৰ কৰিলোঁ ৷ ৰেস্তোৰাঁৰ গৰাকীজন বাংলাদেশৰ সেয়ে বিদেশলৈ গৈ প্ৰথম লগ পোৱা লোক জনেই আপোন যেন লাগিল ৷ ঘৰত নানান খোৱা সামগ্ৰী আছে যদিও চাউল-দাইলৰ ব্যৱস্থা নাই ভাত সাজ নাখালে দেখোন আমাৰ ভালেই নালাগে ৷ ৰান্ধিবলৈ সকলো যোগাৰ আছে যেতিয়া নিশাৰ আহাৰ কৰি উভতি আহোঁতে চাউল দাইল কিনি আনিলোঁ ৷ ডাম্পিও আমাৰ লগতে নিশাৰ আহাৰ কৰি আমাৰ পৰা বিদায় ল’লে ৷ 

দক্ষিণ-পূব ইংলেণ্ডত অৱস্থিত মিল্টন কেইনছ চহৰখনত বিশেষ হাই-উৰুমি নাই শান্ত পৰিষ্কাৰ পৰিৱেশ ৷ ১৯৬৭ চনত লণ্ডনত গৃহ নিৰ্মাণৰ চাপ কমাবলৈ বিট্ৰিছ চৰকাৰে নতুনকৈ কৰা নগৰ পৰিকল্পনাৰ বাবে নতুনকৈ গঢ়ি উঠা চহৰ মিল্টন কেইনছ ৷ ইয়াৰ দক্ষিণ অংশটো চহৰ আৰু উত্তৰ অংশৰ বহুলাংশ গ্ৰাম্য হৈয়েই আছে ৷ কোৱা হয় ১৭ শতিকাতে ‘পেৰাডাইজ লষ্ট’ (Paradise Lost) নামৰ কবিতা লিখি বিখ্যাত হৈ পৰা কবি জন মিল্টন (John Milton) আৰু অৰ্থনীতিবিদ মেয়নাৰ্ড কেইনছ (Maynard Keynes) ৰ নামেৰে এই চহৰখনৰ নাম মিল্টন কেইনছ ৰখা হৈছে ৷ কিছুমানৰ মতে আকৌ ১১ শতিকাতে মিডিলটন নামে পৰিচিত গাওঁখনক ১৫ শতিকাৰ পৰা পোন প্ৰথমে মিল্টন কেইনছ নামেৰে লিপিবদ্ধ কৰা হৈছিল ৷ ইংলেণ্ডৰ আন জনপ্ৰিয় চহৰসমূহৰ দৰে পৰিব্ৰাজকৰ গন্তব্যস্থান নহ’লেও সুন্দৰ চহৰ ৷ চহৰখন লণ্ডন, বাৰ্মিংহাম, অক্সফোৰ্ড, কেম্বিজ আৰু লেইষ্টাৰৰ পৰা সম দূৰত হোৱা বাবে এই ঠাইসমূহলৈ যাতায়তৰ বাবেও সুবিধা ৷
আগদিনাৰ দীঘলীয়া যাত্ৰাৰ বাবে পাছদিনা ১৫ জুনত আগবেলা ঘৰতে থাকি আবেলি পৰত খোজকাঢ়ি মিল্টন কেইনছ চহৰখন ফুৰি আহোঁ বুলি ওলাই গ’লোঁ ৷ চহৰখন কিছু ঘূৰি ফুৰি আমি এক্স-কেপ (Ex-cape) নামৰ মল এখনত সোমালোঁ ৷ মলখনত ভিতৰতে কেচিনো (casino) দেখি ভিতৰলৈ সোমালোঁ ৷ চিনেমাত দেখাৰ বাহিৰে আগতে কেতিয়াও কেচিনো দেখা নাছিলোঁ সেয়ে নতুন ঠাইত নতুন অভিজ্ঞতাৰ সোৱাদ ল’লো ৷ মলৰ পৰা ওলাই আহি বাহিৰত আন এক নতুন অভিজ্ঞতাৰ সন্মূখীন হ’লোঁ ৷ মাটিত কাপোৰ পাৰি কোল্ড ড্ৰিঙ্ক, দামী মোবাইল, পৰিধানত সুন্দৰ পোছাক আৰু ৰাক-চাক (Rucksack) ত বিভিন্ন সামগ্ৰীলৈ অ’ত ত’ত বহি আছে কিছুমান লোক ৷ মনৰ মাজৰ উৎকণ্ঠাক দমাব নোৱাৰি এজনক সুধি জানিব পাৰিলোঁ তেওঁলোক হেনো ভিক্ষা বিচাৰি তেনেদৰে বহি আছে ৷ দেখিলে কোনোমতেই অনুমান কৰিব নোৱাৰি তেওঁলোক ভিক্ষাৰী বুলি ৷ মনতে ভাব হ’ল বিদেশত ভিক্ষাৰীৰো ষ্টেণ্ডাৰ্ড দেখোন বহু ওপৰত ৷

(আগলৈ)

 
Travelblog

Post navigation

Previous post
Next post

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Poet
Lyricist & Author

Recent Posts

  • স্মৃতি সুঁৱৰি
  • মই যাজ্ঞসেনী
  • আন্দামান দ্বীপপুঞ্জৰ জনগোষ্ঠী
  • দুঃসময়
  •                                                                                 নাৰ্টিয়াং মন’লিথ
  • এৰি অহা বাটেৰে

Categories

  • Articles
  • Poems
  • Short Stories
  • Travelblog

Archives

  • June 2025
  • March 2025
  • January 2025
  • November 2024
  • August 2024
  • June 2024
  • March 2024
  • December 2023
  • November 2023
  • October 2023
  • September 2023
  • August 2023
  • July 2023
  • June 2023
  • May 2023
  • October 2022
  • May 2022
  • April 2022
  • March 2022
  • October 2019
  • October 2018
  • July 2018
  • November 2017
  • July 2017
  • December 2016
  • December 2015
  • January 2015
  • September 2011
  • July 2011

©2026 জোনালীৰ ডায়েৰী | WordPress Theme by SuperbThemes