বতাহৰ ছেৱে ছেৱে সেউজী পাতৰ নাচোন
বিৰিখৰ ডালে ডালে সুললিত কাকলি
নীল আকাশত সলীল শুকুলা ডাৱৰ
দূৰণিৰ পাহাৰৰ স’তে সূৰুযৰ ধেমালি ।
কুলু কুলু কৈ বই অহা জুৰিটিৰ মৃদু ধ্বনি
কোমল ৰ’দৰ স’তে জিৰি জিৰি বৰষুণ জাকত
বাৰেবৰণীয়া ফুলৰ উদ্ভাসিত জিলিকনি ।
পাম ভৰা খৌ মুৰত বান্ধি
প্ৰাণ চঞ্চলা খাচী গাভৰুৰ হাঁহি
পাইন গছৰ আঁৰৰ পৰা আহে ভাঁহি ।
ৰিব ৰিব মলয়াৰ মিঠা আলিংগনত
উল্লসিত মনে সজীৱ ভাৱেৰে
মধুৰ ক্ষণৰ জীপাল অনুভৱ
আঁকোৱালি লোৱাৰ হাবিয়াসেৰে–
গাথিলোঁ শব্দৰ মালাধাৰি ৷

খাচী পাহাৰৰ সৌন্দৰ্য্য অতি সুন্দৰ ভাৱে প্ৰকাশ কৰা যেন অনুভৱ হৈছে । অতি সাৱলীল শব্দৰ গাঠনি…….।
তোমাৰ সুন্দৰ মন্তব্যই উৎসাহিত কৰিলে ।
ধন্যবাদ জোনা