অশোকাষ্টমী বা অশোক অষ্টমী হৈছে ভগৱান শিৱ আৰু শক্তি দেৱীৰ প্ৰতি উৎসৰ্গিত এটি ধৰ্মীয় উৎসৱ ৷ অশোক অৰ্থাৎ যিয়ে শোকৰ পৰা ৰক্ষা কৰে ৷ চ’ত মাহৰ শুক্লা অষ্টমীৰ দিনটোকে অশোকাষ্টমী বা অশোক অষ্টমী বুলি কোৱা হয় ৷ অশোকাষ্টমী তিথিত ব্ৰহ্মপুত্ৰৰ বুকুত পৰিয়ালৰ মৃত ব্যক্তিৰ অস্থি বিসৰ্জন দিয়া কথাটো আমাৰ প্ৰায় সকলোৰে জ্ঞাত ৷ সেই দিনা ব্ৰহ্মপুত্ৰত গা-ধুই তৰ্পণ কৰিলে অক্ষয় পুণ্য লাভ হোৱাৰ লগতে শোক নাইকিয়া হয় বুলি বিশ্বাস কৰা হয় ৷ সেইদিনা গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ ঘাট অঞ্চল উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয় ৷ ইয়াৰ উপৰিও অসমৰ নগাঁও জিলাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত শিলঘাট, অসমৰ মানচেষ্টাৰ বুলি পৰিচিত শুৱালকুছি, ডিব্ৰুগড় আদিত ব্ৰহ্মপুত্ৰত গা-ধুবলৈ অগণন ভক্তৰ সমাবেশ ঘটে ৷ প্ৰচলিত বিশ্বাস অনুসৰি অশোকাষ্টমীৰ দিনাখন গঙ্গাৰ পানী আহি ব্ৰহ্মপুত্ৰত মিলিত হয় ৷ সেয়ে সেইদিনা ব্ৰহ্মপুত্ৰত গা-ধুলে গংগাত গা-ধুৱাৰ সমান পুণ্য হয় ৷
অশোকাষ্টমী সম্পৰ্কে অতীতৰে পৰা বিভিন্ন কিংবদন্তী প্ৰচলিত হৈ আহিছে ৷ পৌৰাণিক আখ্যান অনুসৰি ব্ৰহ্মপুত্ৰৰ পানীয়ে এবাৰ অশোক মুনিৰ আশ্ৰম বুৰাই পেলাইছিল ৷ ব্ৰহ্মপুত্ৰৰ এই কাৰ্যত মুনিয়ে খঙতে ব্ৰহ্মপুত্ৰক অপৱিত্ৰ হ’বলৈ অভিশাপ দিছিল ৷ অৱশেষত ব্ৰহ্মপুত্ৰৰ কাতৰ অনুৰোধত অশোক মুনিয়ে এদিনৰ বাবে পৱিত্ৰ হৈ তীৰ্থৰ মৰ্যদা লাভ কৰিব বুলি অভিশাপৰ পৰা মুক্ত কৰে ৷ অশোক মুনিৰ নামেৰেই এই দিনটো অশোক অষ্টমী বা অশোকাষ্টমী বুলি জনা যায় ৷
আন এটি আখ্যান অনুসৰি পৰশুৰামে মানস সৰোবৰৰ পৰা ব্ৰহ্মপুত্ৰক বোৱাই আনি কামাখ্যা ধাম পোৱাইছিল ৷ পৰশুৰামে ব্ৰহ্মপুত্ৰক খন্তেক ৰ’বলৈ কৈ কামাখ্যা ধাম দৰ্শন কৰিবলৈ যায় ৷ মন্দিৰৰ পৰা উভতি আহি দেখে ব্ৰহ্মপুত্ৰ আগলৈ বৈ গৈছে ৷ এই কথাত পৰশুৰামৰ খং উঠি ব্ৰহ্মপুত্ৰৰ পাৰত কোনো তীৰ্থ নোহোৱাৰ অভিশাপ দিয়ে ৷ পিছত ব্ৰহ্মপুত্ৰৰ কাতৰ মিনতিত তুষ্ট হৈ বছৰত এদিন অৰ্থাৎ চ’ত মাহৰ বাসন্তী পূজাৰ অষ্টমী তিথিৰ দিনাখন তীৰ্থৰ মাহাত্ম্য লাভ কৰিব বুলি অভিশাপৰ পৰা মুক্ত কৰে ৷ সেয়ে দেৱী অশোকা বা দুৰ্গাৰ নামেৰে এই তিথিৰ নাম অশোকাষ্টমী ৷
আন এটি আখ্যান অনুসৰি আকৌ এই তিথিতে ৰামে দেৱীৰ পৰা ৰাৱণ বধৰ বাবে ব্ৰহ্মাস্ত্ৰ লাভ কৰিছিল ৷ ৰাৱণ, দেৱী শক্তিৰ প্ৰভাৱত অপৰাজেয় আছিল । বিভীষণে ৰামক ৰাৱণক পৰাস্ত কৰিবলৈ দেৱী শক্তিৰ আৰাধনা কৰিবলৈ উপদেশ দিছিল ৷ উৰিষ্যাৰ লোক বিশ্বাস মতে ভুৱনেশ্বৰৰ লিঙ্গৰাজ মন্দিৰত ৰামে শুক্লপক্ষৰ প্ৰতিপদ তিথিৰ পৰা সাত দিন ধৰি ভগৱান শিৱ আৰু দেৱী দুৰ্গাৰ আৰাধনা কৰাৰ অন্তত অষ্টম দিনাখন দেৱী তুষ্ট হৈ ৰামক ব্ৰহ্মাস্ত্ৰ প্ৰদান কৰে ৷ ৰামে এই ব্ৰহ্মাস্ত্ৰৰ সহায়তে ৰাৱণক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল ৷ ৰামৰ শোক দূৰ হোৱা বাবেই সেই সময়ৰ পৰাই চ’ত মাহৰ শুক্লা অষ্টমীৰ দিনটো অশোক অষ্টমী হিচাবে পালন কৰা হয় ৷ এই উৎসৱ অশুভ দমন কৰি শুভৰ বিজয়ৰ প্ৰতীক ৷ ৰামচন্দ্ৰই লিঙ্গৰাজ মন্দিৰত পূজা কৰা বাবে লিঙ্গৰাজ মন্দিৰত অশোকাষ্টমীৰ পূজা খুব আড়ম্বৰ ভাৱে পালন কৰা হয় ৷
অন্য এক জনশ্ৰুতি অনুসৰি এই দিনটোতে দেৱী সীতাৰ জন্ম হৈছিল সেয়ে এই তিথিক সীতাষ্টমী বুলিও কোৱা হয় ৷
ত্ৰিপুৰাৰ লোক বিশ্বাস অনুযায়ী এই তিথিৰ দিনাখনেই কৈলাস পৰ্বতৰ পৰা শিৱ আৰু আন আন দেৱতাসকলৰ সৈতে কাশী অভিমূখে ৰথযাত্ৰা অৰম্ভ কৰিছিল ৷ সেয়ে ত্ৰিপুৰাৰ কৈলাশ চহৰৰ ঊনাকোটি তীৰ্থস্থান অশোকাষ্টমী তিথি পালন কৰা হয় ৷
হিন্দু ধৰ্ম অনুসৰি ভিন ভিন দেৱ-দেৱীৰ পূজা অৰ্চনাৰ বাবে নিৰ্দিষ্ট তিথি থাকে ৷ গণেশৰ বাবে চতুৰ্থী, বিষ্ণুৰ বাবে একাদশী, শিৱৰ বাবে চতুৰ্দশী আৰু দেৱী দুৰ্গাৰ পূজা অৰ্চনাৰ বাবে অষ্টমী তিথি সৰ্বাধিক পুণ্যদায়ক বুলি বিবেচনা কৰা হয় ৷
