ভবাৰ দৰেই সকলো হোৱা হ’লে
সপোন দেখাৰ প্ৰয়োজনেই নাথাকিলেহেঁতেন
সপোন সাগৰত সাঁতুৰি থাকিব বিচৰা দিনবোৰত
জীৱন সংগ্ৰামত দৌৰি থাকোঁতে
কেতিয়া যে সপোনবোৰ মষিমূৰ হ’ল !
সুখৰ সময়বোৰ ধৰি ৰাখি
দুখৰ মুহূৰ্তবোৰ
অপৰাহ্নৰ চৰাই জাকৰ স’তে
উৰুৱাই দিব পৰা হ’লে
দুখবোৰ দুখ হৈ নাথাকিলহেঁতেন
ভাল লগা কথাবোৰ
পেৰাত সাঁচি ৰাখি
বেয়া লগা খিনি সময়ৰ সোঁতত
উটুৱাই দিব পৰা হ’লে
অভিমানবোৰো অভিমান হৈ নাথাকিলেহেঁতেন ।
আচলতে কৰোঁ বুলি একোৱেই কৰিব নোৱাৰি।

ধূনীয়া কৱিতা ফাঁকি
ভাল লাগিল।
ধন্যবাদ সঞ্জীৱ ।