
কুমাৰী ছোৱালীক কুমাৰী দেৱী বা জীৱন্ত দেৱীক দৈৱিক নাৰী শক্তি বা দেৱী হিচাপে উপাসনা কৰাৰ পৰম্পৰা প্ৰাচীন কালৰ পৰাই প্ৰচলিত হৈ আহিছে ৷ সাধাৰণতে ভাৰতত কুমাৰী পূজা দুৰ্গা পূজাৰ এটি অংশ হিচাপে কৰা হয় ৷ আমাৰ চুবুৰীয়া ৰাজ্য নেপালতো কুমাৰী পূজাৰ প্ৰচলন পুৰণি কালৰ পৰাই চলি আহিছে ৷ নেপালত ই এক অনন্য পৰম্পৰা, য’ত এগৰাকী ঋতুমতী নোহোৱা স্বাভাৱিক ছোৱালীক বাচনি কৰি বিভিন্ন তান্ত্ৰিক ৰীতি-নীতিৰে শুদ্ধ কৰি জীৱন্ত দেৱীলৈ ৰূপান্তৰিত কৰা প্ৰথা প্ৰচলিত হৈ আহিছে ৷ বিশ্বাস অনুসৰি কুমাৰী দেৱীয়ে অশুভৰ পৰা ৰক্ষা কৰে৷ প্ৰবাদ অনুসৰি কুমাৰী পূজাৰ পৰম্পৰা নেপালত নেৱাৰী কেলেণ্ডাৰ অনুসৰি ৮৭৭ চনত অৰ্থাৎ প্ৰায় ১৭৫৬ খৃষ্টাব্দতে আৰম্ভ হৈছিল ৷ নেপালৰ কুমাৰী পূজাৰ প্ৰক্ৰিয়া আৰু সংস্কৃতি ভাৰতৰ কুমাৰী পূজাৰ প্ৰথাৰ লগত নিমিলে, সম্পূৰ্ণ পৃথক ৷ নেপালত কুমাৰী পূজা এদিনীয়া ভাৱে উদযাপন কৰা নহয়, ইয়াৰ ধৰ্মীয় সংস্কৃতিৰ লগত গভীৰ ভাৱে নিহিত হৈ থাকে ৷ নেপালত হিন্দু ধৰ্মালম্বীসকলে কুমাৰীক দেৱী তালেজুৰ বাল্যৰূপৰ প্ৰতীক হিচাপে পূজা কৰে আৰু বৌদ্ধ ধৰ্মালম্বীসকলে বজ্ৰদেৱীৰ মূৰ্তি হিচাপে গণ্য কৰে ৷
চেপ্তেম্বৰ মাহত নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত‘কুমাৰী যাত্ৰা আৰু ‘ইন্দ্ৰযাত্ৰা’ উৎসৱ নেপালত অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ ৷ নেপালৰ কাঠমাণ্ডু, ললিতপুৰ, ভক্তপুৰ, চাংখু আৰু বুঙ্গামতীত কুমাৰী পূজাৰ প্ৰচলন চলি আহিছে ৷ এই চহৰসমূহত কুমাৰী বাছনি প্ৰক্ৰিয়াও কিছু ক্ষেত্ৰত পৃথক ৷ নেপালৰ বিভিন্ন চহৰত জীৱন্ত দেৱী থাকিলেও কাঠমাণ্ডুৰ “কুমাৰী ঘৰ”ত থকা কুমাৰীগৰাকী নেপালৰ “ৰাজকুমাৰী” বা “ৰয়েল কুমাৰী” বুলি কোৱা হয় ৷ বৰ্তমান নেপালৰ ৰাজকুমাৰী তৃষ্ণা শাক্য ৷ ২০১৭ চনত তিনি বছৰ বয়সতে কাঠমাণ্ডুৰ জীৱন্ত কুমাৰী হিচাপে নিৰ্বাচিত হৈছিল ৷
কুমাৰী দেৱীৰ পূজাৰ প্ৰচলনৰ আঁৰত বিভিন্ন কিংবদন্তি প্ৰচলিত হৈ আহিছে ৷ বিশেষভাৱে প্ৰচলিত প্ৰবাদ অনুসৰি মল্ল বংশৰ ৰজা জয়প্ৰকাশ মল্ল তন্ত্ৰশাস্ত্ৰ চৰ্চা কৰিছিল ৷ বিশ্বাস অনুসৰি তেওঁৰ চৰ্চাই এনেদৰে সিদ্ধি লাভ কৰিছিল যে দেৱী তালেজুৰ সৈতে তেওঁৰ যোগাযোগ হৈছিল আৰু প্ৰতিনিশাই দেৱী তালেজু ৰজাৰ সৈতে পাশা খেলাৰ লগতে দেশৰ বিভিন্ন দিশত আলোচনাও কৰিছিল ৷ তালেজু আছিল মল্ল বংশৰ দেৱী, সেয়ে এই কথা আন কোনেও জনা উচিত নাছিল ৷ দুৰ্ভাগ্যবশত এদিন ৰাণীয়ে এই কথা দেখাত দেৱী তালেজু অদৃশ্য হৈ গ’ল ৷ যোৱাৰ আগতে দেৱীয়ে ৰজাক কৈ গ’ল ৰত্নাৱলীৰ শাক্য সম্পদায়ৰ কুমাৰী হিচাপে তেওঁ অৱতাৰ ল’ব ৷ ৰজাই তালেজুৰ সন্ধানত শাক্য সম্প্ৰদায়ৰ ছোৱালী পূজা কৰাৰ পৰম্পৰা তেনেদৰেই আৰম্ভ হৈছিল ৷ তেতিয়াৰে পৰা নেপালত কুমাৰী পূজাৰ পৰম্পৰা আৰম্ভ হৈছিল বুলি বিশ্বাস ৷
আন এটা কিংবদন্তি অনুসৰি ৰজা জয় প্ৰকাশ মল্লৰ পৰিৱৰ্তে ত্ৰিলয়া মল্ল বুলিও বিশ্বাস কৰে ৷ এদিন ৰজা ত্ৰিলয়া মল্লই দেৱী তালেজুৰ সৈতে পাশা খেলি থাকোতে ৰজাই দেৱীৰ প্ৰতি আকৃষ্ট হোৱাত দেৱী অসন্তুষ্ট হ’ল আৰু প্ৰাসাদৰ পৰা অন্তৰ্ধ্যান হ’ল ৷ অনুতপ্ত ৰজাই দেৱীৰ ওচৰত ক্ষমা বিচাৰি কঠোৰ সাধনা কৰাত দেৱীয়ে ৰজাক তেওঁ শাক্য আৰু ¸বজ্ৰাচাৰ্য জাতিৰ কুমাৰী ছোৱালীৰ মাজত আবিৰ্ভাৱ হ’ব বুলি ক’লে ৷ তেতিয়াৰ পৰাই নেপালত কুমাৰী পূজাৰ প্ৰচলন হয় ৷ অৰ্থাৎ মল্ল বংশৰ শাসন কালৰ পৰাই কুমাৰী দেৱীক নেপালৰ ৰক্ষাকৰ্তা বুলি বিশ্বাস কৰা হয় ৷ কুমাৰী পূজা কৰিলে সকলো অপায় অমঙ্গল দূৰ হ’ব আৰু পৰিয়ালৰ লগতে জাতিটোৰ সৌভাগ্য উদয় হ‘ব বুলি বিশ্বাস কৰে ৷
কুমাৰী পূজাৰ পৰম্পৰাৰ আৰম্ভণি বিষয়ে বিভিন্ন কাহিনী আছে যদিও কিয় বা কেতিয়াৰ পৰা আৰম্ভ হৈছিল তাৰ কোনো প্ৰকৃত তথ্য পোৱা নাযায় ৷ এইবোৰ মানুহৰ মাথোঁ বিশ্বাস ইয়াৰ কোনো প্ৰমাণ নাই ৷
এসময়ত মল্ল ৰাজ্য এখনেই আছিল ৷ ভক্তপুৰৰ পৰাই ৰজাসকলে শাসনকাৰ্য চলাইছিল ৷ কিন্তু পঞ্চদশ শতিকাত ৰজা যক্ষ মল্লই নিজ ৰাজ্য ভাগ ভাগ কৰি পুত্ৰসকলৰ মাজত ভগাই দিছিল ৷ যক্ষ মল্লৰ পুত্ৰসকলে নিজৰ ধৰ্ম বিশ্বাস বিভিন্ন ঠাইলৈ বিয়পাইছিল ৷ ফলত দেৱী তালেজুক পূজা কৰাৰ যি প্ৰথা এই ঠাইসমূহতো প্ৰচলিত হৈছিল ৷ ফলস্বৰূপে কাঠমাণ্ডু, ললিতপুৰ বা পাটন, বুঙ্গামাতী আদিতো জীৱন্ত কুমাৰী পূজাৰ প্ৰচলন আৰম্ভ হৈছিল ৷
ৰাজকুমাৰী বাহিৰে আন কুমাৰীসকল বজ্ৰাচাৰ্য পৰিয়ালৰ ছোৱালীও হ’ব পাৰে ৷ ৰাজকুমাৰী শাক্য সম্প্ৰদায়ৰ হোৱাতো বাঞ্ছনীয় ৷ শাক্য আৰু বজ্ৰাচাৰ্য সম্পদায় দুয়োটাই বৌদ্ধ ধৰ্মালম্বী ৷ অৰ্থাৎ এগৰাকী ছোৱালী বৌদ্ধ পৰিয়ালত জন্ম গ্ৰহণ কৰি সনাতন ধৰ্মৰ দেৱী ৷ আচৰিত যেন লাগিলেও এই প্ৰথা ধর্মীয় আৰু সামাজিক ভাৱে নেপালৰ বৌদ্ধ আৰু সনাতন ধৰ্মৰ মাজৰ এক সম্প্ৰীতিৰ বান্ধোন যেন হে পৰিলক্ষিত হয় ৷
নেপালত কুমাৰী নিবাৰ্চনৰ পৰম্পৰাগত প্ৰথাও কঠিন ৷ এগৰাকী ছোৱালীক দেৱী হিচাপে নিৰ্বাচন কৰাৰ ক্ষেত্ৰত কঠিন বাচনি প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ’ব লাগে ৷ কুমাৰী নিবাৰ্চনৰ বাবে দায়িত্ব দিয়া হয় পাঁচজন পূৰ্ণবয়স্ক বজ্ৰাচাৰ্য পুৰোহিত, পঞ্চবুদ্ধ, প্ৰধান ৰাজপুৰোহিত, তালেজু মন্দিৰৰ পুৰোহিত আৰু ৰাজজ্যোতিষী ৷ কেৱল নেৱাৰ বৌদ্ধ সম্পদায়ৰ শাক্য আৰু বজ্ৰাচাৰ্য পৰিয়ালৰ পৰাহে কুমাৰী অৰ্থাৎ ঋতুমতী নোহোৱা ছোৱালী নিৰ্বাচন কৰা প্ৰথা প্ৰচলিত হৈ আহিছে ৷ সাধাৰণতে তিনি-চাৰি বছৰীয়া কন্যাসন্তানৰ মাজৰ পৰা কেইগৰাকীমান সাম্ভাব্য কুমাৰী প্ৰথমতে নিৰ্বাচন কৰে ৷ কুমাৰী দেৱী বা জীৱন্ত দেৱীৰ যোগ্যতা অৰ্জন কৰিবলৈ কিছুমান বিশেষ বৈশিষ্ট্য থকাৰ উপৰিও শৰীৰত কোনো ক্ষত চিহ্ন বা বিসংগতি থাকিব নালাগিব ৷ কুমাৰীৰ বাবে প্ৰাৰ্থী নিৰ্বাচনৰ পাছত এগৰাকী ছোৱালীক দেৱী ৰূপত প্ৰমাণিত কৰিবলৈ কিছুমান পৰীক্ষাৰ মাজেৰে পাৰ হ’ব লাগে ৷ আটাইতকৈ কঠিন পৰীক্ষাটো হ’ল ভয়ঙ্কৰ কোঠাত কুমাৰীগৰাকীক ৰখাটো ৷ ভয়ঙ্কৰ কোঠাটো যদি কুমাৰী বিচলিত নহয় অর্থাৎ ভীতিকৰ পৰিৱেশতো শান্ত থাকে তেন্তে তেওঁ দেৱী হোৱাৰ যোগ্যতা অৰ্জন কৰে ৷ এই পৰীক্ষাত উত্তীৰ্ণ হ’লে আগৰ দেৱীৰ কাপোৰ চিনাক্তকৰণ প্ৰক্ৰিয়া ৷ যিগৰাকী কুমাৰীয়ে এই কাৰ্যসমূহ সুচাৰুৰূপে সম্পন্ন কৰিব পাৰে তেন্তে তেওঁ দেৱী তালেজুৰ কুমাৰী ৰূপত অধিষ্ঠিত হোৱাৰ যোগ্যতা অৰ্জন কৰে আৰু যৌৱন লাভ নকৰা পৰ্যন্ত তেওঁ পূজিত হয় ৷ শাৰীৰিক অসুস্থতা বা আন কোনো কাৰণত শৰীৰৰ পৰা ৰক্তক্ষৰণ হ’লেও দেৱীত্ব হেৰুৱাই বুলি বিশ্বাস কৰা হয় ৷ কুমাৰী এগৰাকী দেৱীত্ব হেৰুৱালে তেওঁক যথেষ্ট পৰিমানে সা-সম্পত্তি আৰু আ-অলংকাৰ দিয়াৰ প্ৰথাও চলি আহিছে ৷
অৱশ্যে বৰ্তমান কুমাৰী নিবাৰ্চনৰ ক্ষেত্ৰত প্ৰচলিত প্ৰথাৰ কিছু শিঠিল কৰা হৈছে ৷ যোগ্যতা অৰ্জনৰ পাছত তান্ত্ৰিক প্ৰক্ৰিয়াৰে কুমাৰী দেৱীক শুদ্ধ কৰি “কুমাৰী ঘৰ”লৈ নিয়া হয় ৷ অৱশ্যে কেৱল কাঠমাণ্ডুৰ কুমাৰী অৰ্থাৎ ৰাজকুমাৰীকহে কুমাৰী ঘৰলৈ স্থানান্তৰিত কৰা হয় ৷ আন ঠাইৰ কুমাৰী দেৱীসকলক অনুষ্ঠান পালনৰ শেষত নিজৰ ঘৰতে থাকিবলৈ দিয়া হয়৷ “কুমাৰীঘৰ” ১৭৫৭ চনতে ৰজা জয় প্ৰকাশ মল্লই নিৰ্মাণ কৰিছিল বুলি কোৱা হয় ৷ যদিও সমগ্ৰ নেপালৰ কেইখনমান চহৰত কুমাৰী দেৱীৰ প্ৰথা প্ৰচলিত আছে কাঠমাণ্ডুৰ কুমাৰীক সৰ্বাধিক গুৰুত্ব দিয়া হয় ৷
কুমাৰী জীৱন–
ৰাজকুমাৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত ছোৱালী এজনী দেৱী হিচাপে পূজিত হোৱা সময়লৈকে এক কঠোৰ জীৱন অতিবাহিত কৰিবলগীয়া হয় ৷ তেওঁৰ শৈশৱকাল আন শিশুতকৈ সম্পূৰ্ণ পৃথক ৷ তেওঁলোকৰ জীৱনৰ অদ্ভুদ পৰিৱৰ্তন ঘটে ৷ মাত্ৰ তিনি-চাৰি বছৰীয়া ছোৱালী এজনী পিতৃ-মাতৃৰ পৰা আঁতৰি থাকিব লগা হয় ৷ মাজে-সময়েহে তেওঁলোকে নিজ কন্যাক ওচৰলৈ আহিব পাৰে ৷ যদিও মাক-দেউতাকে দেৱী তালেজুক জন্ম দিয়া বুলি গৌৰৱ অনুভৱ কৰে, এগৰাকী কণমানি ছোৱালীৰ বিচ্ছেদৰ দুখ হৃদয়ত নিশ্চয় থাকে ৷ কুমাৰী বহুতো নিৰ্দিষ্ট নিয়ম আৰু পৰম্পৰা মানি চলিবলগীয়া হয় ৷ বিশ্বাস অনুসৰি “জীৱন্ত দেৱী”, দেৱী তালেজুৰ অৱতাৰ, সেয়ে সাধাৰণ জনতাৰ সৈতে সংস্পৰ্শলৈ অহাৰ পৰা বিৰত থাকিব লাগে ৷ অনুষ্ঠান বা বিশেষ উৎসৱৰ বাবেহে কুমাৰী “কুমাৰীঘৰ”ৰ পৰা ওলাই যাব পাৰে ৷ কুমাৰীৰ তত্ত্বাৱধানত থকা পৰিয়ালৰ ল’ৰা-ছোৱালীয়ে তেওঁৰ খেলৰ লগৰী ৷ তেওঁ সদায় ৰঙা কাপোৰ পৰিধান কৰাৰ লগতে বিশেষ ক্ষমতাৰ প্ৰতীক হিচাপে কপালত অগ্নি চক্ষু অঁকা হয় ৷ কুমাৰী দেৱীৰ ভৰি মাটি স্পৰ্শ কৰা অনুচিত আনকি জোতা পিন্ধাও নিষেধ ৷ অতি প্ৰয়োজনত ৰঙা মোজা পৰিধান কৰে৷ কিবা কাৰণত মাটিত ভৰি দিব লগা হ’লে মাটিত কাপোৰ পাৰি দিয়াৰ প্ৰথা প্ৰচলিত আছে ৷ বিশ্বাস অনুসৰি তেওঁৰ ভৰি ইমানেই পবিত্ৰ যে ভক্তসকলে আনকি ৰজাইও তেওঁৰ ভৰি চুই আশীবাৰ্দ লয় ৷ ভক্তৰ প্ৰশ্নৰ উত্তৰ কুমাৰীয়ে অভিব্যক্তিৰে প্ৰকাশ কৰে শব্দৰে নহয় ৷
আগতে কুমাৰী দেৱীৰ শিক্ষা গ্ৰহনৰ প্ৰথা নাছিল যদিও যুগৰ পৰিৱৰ্তনৰ লগে লগে শিক্ষাৰ প্ৰয়োজনীয়তাৰ লক্ষ্য ৰাখি বৰ্তমান শিক্ষাৰ ব্যৱস্থা কৰা হৈছে ৷ কুমাৰীঘৰতেই ঘৰুৱা শিক্ষকৰ দ্বাৰা ৰাজকুমাৰীৰ শিক্ষাৰ ব্যৱস্থা আৰু আনা ঠাইত কুমাৰী স্কুললৈ গৈ শিক্ষা লোৱাৰ ব্যৱস্থাৰ প্ৰচলন হৈছে ৷

বৰ্তমান বিভিন্ন শিশু আৰু মানৱ অধিকাৰ সংস্থাই এই পৰম্পৰাৰ বিপৰীতে দাবী তুলিছে ৷ যিহেতু কুমাৰীয়ে পৰিয়ালৰ পৰা আঁতৰি থকাৰ উপৰিও সকলো শিশু অধিকাৰৰ পৰা বঞ্চিত সেয়ে সংস্থাসমূহে এই পৰম্পৰা নিষিদ্ধ কৰাৰ বাবে বিবেচনা কৰিবলৈ অনুৰোধ কৰিছে ৷ বৰ্তমান অতীতৰ বহুতো কথাই সলনি কৰা হৈছে যদিও প্ৰাচীন পৰম্পৰা এটা তৎক্ষণাতে নিষিদ্ধ কৰা সহজ নহয় ৷ ৰাজকুমাৰীৰ বাহিৰে আন কুমাৰীসকলে আজিকালি স্বাভাৱিক জীৱন যাপন কৰে ৷ সমাজৰ আন শিশুৰ দৰেই স্কুল যায়, সকলোৰে লগত খেলা-ধুলা কৰে, সমাজৰ আন শিশুৰ দৰেই সকলো স্বাভাৱিক কেৱল বিশেষ অনুষ্ঠানৰ সময়ত দেৱীৰ পোছাক পিন্ধি অনুষ্ঠান সম্পাদন কৰিব লাগে ৷ এনেদৰে কুমাৰীসকলৰ অধিকাৰ পূৰণ আৰু কুমাৰী জীৱনৰ পৰা অব্যাহতি লোৱাৰ পিছত স্বাভাৱিক জীৱনলৈ ঘূৰি আহিব পৰাকৈ বহুতো পৰম্পৰাৰ সংস্কাৰ কৰা হৈছে আৰু লগতে পৰম্পৰাসমূহো জীয়াই ৰখা হৈছে ৷ আনকি আজিকালি কুমাৰী জীৱনৰ পিছত তেওঁলোকে বিয়া হৈ সাংসাৰিক জীৱন যাপন কৰিব পাৰে ৷
এনেদৰে এগৰাকী সাধাৰণ ছোৱালীক “জীৱন্ত দেৱী” ৰূপত পূজা কৰা পৰম্পৰা উদাহৰণ হয়তো সমগ্ৰ পৃথিৱীতে বিৰল ৷
ইন্দ্ৰযাত্ৰা আৰু কুমাৰী যাত্ৰা
ভ্ৰাতৃত্ববোধ আৰু প্ৰেমৰ বান্ধোনেৰে বান্ধ খাই থকা বহুজাতিক আৰু পৰম্পৰাৰে ভৰা নেপালত বিভিন্ন সংস্কৃতি আৰু উৎসৱ উদ্যাপন কৰা হয় ৷ এইসমূহৰ ভিতৰত ৰাজধানী চহৰ কাঠমাণ্ডুত উদ্যাপিত অন্যতম প্ৰধান উৎসৱ হৈছে ইন্দ্ৰযাত্ৰা আৰু কুমাৰী যাত্ৰা ৷
ধৰ্মীয় আৰু সংস্কৃতিক সমন্বয়ৰ এই উৎসৱত মুখা নৃত্য, স্থানীয় সংস্কৃতিৰ নৃত্য-গীত,ৰথ শোভযাত্ৰা আদিৰে অতি জাকজমকীয়াভাৱে উদ্যাপন কৰা হয়৷ এই উৎসৱক স্থানীয়ভাৱে য়েন্যা (Yenya) বুলি কোৱা হয় ৷ এই শব্দটো দুটা শব্দৰ সংমিশ্ৰণ ৷ Ye অর্থাৎ কাঠমাণ্ডু আৰু Ya অর্থাৎ উদ্যাপন ৷ অর্থাৎ ইয়াৰ অৰ্থ হৈছে “কাঠমাণ্ডুত উদ্যাপন ৷
নেপালৰ নেৱাৰ সম্প্ৰদায়ে এই উৎসৱ অতি বিশ্বাস আৰু উৎসাহেৰে পালন কৰে ৷ ইন্দ্ৰযাত্ৰা দুটা অনুষ্ঠানক লৈ উদ্যাপিত হয়– ইন্দ্ৰযাত্ৰা আৰু কুমাৰী যাত্ৰা ৷ স্বৰ্গৰ অধিপতি ইন্দ্ৰ যাক নেপালত বৰষুণৰ দেৱতা বুলিও জ্ঞান কৰে তেওঁৰ সন্মানত ইন্দ্ৰযাত্ৰা আৰু কুমাৰী যাত্ৰা হ’ল জীৱন্ত কুমাৰী দেৱীৰ ৰথযাত্ৰা ৷ গুণকামদেৱে দশম শতিকাতে কাঠমাণ্ডু (এসময়ত কান্তিপুৰ নামে পৰিচিত) চহৰখনৰ প্ৰতিষ্ঠাৰ স্মৰণত এই উৎসৱৰ আৰম্ভ কৰিছিল আৰু কুমাৰী যাত্ৰাৰ প্ৰচলন ৰজা জয় প্ৰকাশ মল্লই ১৭৫৬ খ্ৰীষ্টাব্দত কৰিছিল বুলি বিশ্বাস কৰা হয় ৷

হাজাৰ মন্দিৰৰ স্থান বুলি কোৱা নেপালত নেপালী পঞ্জিকা অনুসৰি ভদ্ৰা মাহ সাধাৰণভাৱে চেপ্তেম্বৰ মাহত উদ্যাপিত আঠদিনীয়া ইন্দ্ৰযাত্ৰাত মুখা নৃত্য, স্থানীয় নৃত্যগীত, বিভিন্ন সম্প্ৰদায়ৰ লোকে বজোৱা নেৱাৰী বাদ্যযন্ত্ৰ আদিকে ধৰি বিভিন্ন ৰীতি-নীতিৰে পালন কৰা হয় ৷ ইন্দ্ৰযাত্ৰাৰ তৃতীয় দিনাখন অনুষ্ঠিত হয় কুমাৰী যাত্ৰা ৷ সেইদিনা কুমাৰীক ধুনীয়াকৈ সজাই ৰথেৰে কাঠমাণ্ডুৰ বিভিন্ন স্থানলৈ নিয়া হয় আৰু জনসাধাৰণে কুমাৰীৰ আশীৰ্বাদ বিচৰাৰ লগতে তেওঁৰ দৰ্শন পাবলৈ হেতা-ওপৰা লগায় ৷ এই উৎসৱত দেশ-বিদেশৰ বহু লোকৰ সমাগম ঘটে ৷
পৌৰাণিক বিশ্বাস অনুসৰি ইন্দ্ৰযাত্ৰা উৎসৱ উদ্যাপনৰ আঁৰতো আছে এটি সুন্দৰ কাহিনী ৷ কাহিনী অনুসৰি এবাৰ ইন্দ্ৰৰ মাতৃক পাৰিজাত ফুলৰ প্ৰয়োজন হৈছিল ৷ স্বৰ্গত পাৰিজাত ফুল বিচাৰি নাপাই ইন্দ্ৰই সাধাৰণ মানুহৰ বেশত পাৰিজাত ফুল বিচাৰি পৃথিৱী পালে ৷ ইন্দ্ৰই এজোপা গছৰ পৰা ফুল চিঙি থাকোতে স্থানীয়লোকে ফুল চিঙাৰ অপৰাধত ইন্দ্ৰক বন্দী কৰি থলে ৷ ইফালে পুত্ৰ উভতি অহাত পলম হোৱাত মাতৃ চিন্তিত হৈ ইন্দ্ৰবাহন ইন্দ্ৰৰ সন্ধানত পঠিয়াই দিলে ৷ অনুসন্ধান কৰি ইন্দ্ৰ বন্দী অৱস্থাৰ খবৰ পাই ইন্দ্ৰৰ মাতৃ নিজেই পুত্ৰক মুক্ত কৰিবলৈ নামি আহিল পৃথিৱীলৈ ৷ মাতৃৰ অনুৰোধত স্থানীয়লোকসকলে কেইটামান চৰ্তৰ বিনিময়ত ইন্দ্ৰক মুক্তি দিবলৈ সন্মত হ’ল ৷ তেওঁলোকৰ চৰ্ত আছিল ভগৱান ইন্দ্ৰই প্ৰতিবছৰে একে সময়তে ধৰালৈ আহি শীতকালত শস্যৰ উন্নত উৎপাদনৰ বাবে পৰ্যাপ্ত বৰষুণৰ ব্যৱস্থা কৰিব লাগে ৷ ইন্দ্ৰআৰু মাতৃয়ে সকলো চৰ্ত মানি লৈ স্বৰ্গলৈ যাত্ৰা কৰিলে ৷ এইবাবেই ইন্দ্ৰ আৰু মাতৃৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে সময় মতে প্ৰয়োজনীয় বৰষুণৰ কামনা কৰি পৰ্যাপ্ত পৰিমাণৰ শস্য চপোৱাৰ কামনা আৰু পৰিয়ালৰ মৃত সদস্যক স্মৰণ কৰাৰ বাবেই এই উৎসৱ উদ্যাপন কৰা হয় ৷ কাহিনী যিয়েই নহওক প্ৰকৃততে এই উৎসৱৰ মূল উদ্দেশ্য কৃষিকেন্দ্ৰিক যেনেই লাগে ৷
( প্ৰকাশিত, কৰণি নৱেম্বৰ ২০২৩ )
জোনা মহন্ত ।
Very Informative, was ignorant about Kumari Puja in our neighbouring country Nepal. Yes, perhaps someway the ritual is related to Agriculture.
Thanks for your valuable comment
Bor interesting palu prohi.
Thank you Trishna