Skip to content
জোনালীৰ ডায়েৰী
Jona Mahanta
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

  • Home
  • Poems
  • Travelblog
  • Articles
  • Videos
  • Profile
  • Gallery
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

ফাগুন

Jona Mahanta, July 12, 2023September 4, 2023

প্রকাশিত- দৈনিক গন অধিকাৰ, ২৩.০২.২০২২

মই যদি ফাগুনৰ দৰে  

হ’ব পাৰিলোহেঁতেন

কাৰোবাৰ হৃদয়  উন্মাদ কৰি

ৰঙা মদাৰ হৈ ফুলিলোহেঁতেন ।

ফাগুনৰ দৰে সাহসী হ’ব পৰা হ’লে

বৰদৈচিলাৰ দৰে আহি

নি:শেষ কৰিলোঁহেঁতেন

অহংকাৰী বিশ্বাসঘাতক দেশদ্ৰোহীক ।

ধূলিৰ ধুমুহাৰ দৰে

ধূলিসাৎ কৰিলোহেঁতেন

অজ্ঞানী সমাজৰ অন্ধবিশ্বাসক

ফাগুনৰ  দৰে ৰঙীয়াল হ’ব পৰা হ’লে

আবিৰৰ ৰঙেৰে

আঁকিলোহেঁতেন ৰামধেনু আনৰ হৃদয়ত৷

নোৱাৰোঁ যে মই ফাগুন হ’ব

সেয়ে ৰাখিছোঁ সকলো

মনৰ মাজত হেঁচি,

মাথোঁ বিচাৰো

ফাগুনৰ উতনুৱা বতাহজাকে

উৰুৱাই নিকা কৰক সমাজৰ

বিশৃংখলতা আৰু

সকলোৰে মনৰ দুৰ্ভাৱনা ৷

কঁহুৱা বনৰ দৰে কোমল হৃদয়েৰে

সজাই তোলক নিজৰ লগতে

আনৰো জীৱন

পলাশ শিমলুৰ ৰঙেৰে ৷

Poems

Post navigation

Previous post
Next post

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Poet
Lyricist & Author

Recent Posts

  • স্মৃতি সুঁৱৰি
  • মই যাজ্ঞসেনী
  • আন্দামান দ্বীপপুঞ্জৰ জনগোষ্ঠী
  • দুঃসময়
  •                                                                                 নাৰ্টিয়াং মন’লিথ
  • এৰি অহা বাটেৰে

Categories

  • Articles
  • Poems
  • Short Stories
  • Travelblog

Archives

  • June 2025
  • March 2025
  • January 2025
  • November 2024
  • August 2024
  • June 2024
  • March 2024
  • December 2023
  • November 2023
  • October 2023
  • September 2023
  • August 2023
  • July 2023
  • June 2023
  • May 2023
  • October 2022
  • May 2022
  • April 2022
  • March 2022
  • October 2019
  • October 2018
  • July 2018
  • November 2017
  • July 2017
  • December 2016
  • December 2015
  • January 2015
  • September 2011
  • July 2011

©2026 জোনালীৰ ডায়েৰী | WordPress Theme by SuperbThemes