Skip to content
জোনালীৰ ডায়েৰী
Jona Mahanta
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

  • Home
  • Poems
  • Travelblog
  • Articles
  • Videos
  • Profile
  • Gallery
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

কুমাৰী পূজা

Jona Mahanta, July 11, 2023July 14, 2023

                কুমাৰী পূজা দুৰ্গা পূজাৰ এটি অপৰিহাৰ্য অংশ য’ত এগৰাকী কিশোৰীক দেৱী দুৰ্গাৰ প্ৰতীক হিচাপে পূজা কৰা হয়৷ হিন্দু শাস্ত্ৰমতে নাৰীৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা প্ৰদৰ্শন কৰা আৰু দেৱী মাদুৰ্গাৰ কুমাৰী ৰূপৰ অৰ্চনাৰ বাবেই এই পূজাৰ প্ৰচলন৷ কুমাৰী পূজাৰ দাৰ্শনিক তত্ত্ব অনুসৰি নাৰীৰ মূল্য প্ৰতিষ্ঠা কৰা৷ নাৰী হৈছে সৃষ্টিৰ স্থিৰতা আৰু ধবংস নিয়ন্ত্ৰণ কৰা শক্তিসমূহৰ বীজৰ প্ৰতীক৷বিশ্বাস কৰা হয় যে কুমাৰী পূজাত দেৱী দুৰ্গা ভক্তৰ আগত এগৰাকী কুমাৰী হিচাপে আৱিৰ্ভাৱ হয় আৰু উপাসকসকলৰ লগতে কুমাৰী গৰাকীকো আশীৰ্বাদ প্ৰদান কৰে৷ বিশ্বাস অনুসৰি কুমাৰী পূজাত দেৱী হিচাপে পূজিত কুমাৰীয়ে আগন্তুক জীৱনৰ সকলো বিপদ বা বাধা নেওচি আগুৱাই যাবলৈ ক্ষমতা লাভ কৰে৷ পৌৰাণিক আখ্যান অনুসৰি যিদৰে দেৱী দুৰ্গাই মহিষাসুৰক বধ কৰি অৰ্থাৎ দুষ্টক দমন কৰিছিল ঠিক সেইদৰে তেওঁ সমাজৰ নেতিবাচক প্ৰভাৱৰ পৰা নিজকে মুক্ত কৰি আত্মবিশ্বাসী আৰু শক্তিশালীহৈ পৰৱৰ্তী জীৱনত আগুৱাব পাৰে৷  

                 বৃহদ্ধৰ্মপুৰাণত ৰামৰ বাবে ব্ৰহ্মাৰ দুৰ্গাপূজাৰ বৰ্ণনা পোৱা যায়৷ কোৱা হয় শৰৎ কাল দক্ষিণায়ন ৷ দেৱতাসকলৰ নিদ্ৰাৰ সময়৷ ব্ৰহ্মাৰ স্তুতিত দেৱী জাগৰিত হৈ কুমাৰী বেশত আহি ব্ৰহ্মাক বিল্ববৃক্ষ মূলত দুৰ্গাৰ বোধন কৰিবলৈ ক’লে৷ মৰ্তলৈ আহি ব্ৰহ্মাই এটি দুৰ্গম স্থানত এডাল বেল গছৰ পাতৰ মাজত তপ্ত কাঞ্চন বৰ্ণা কুমাৰী শুই থকা দেখিবলৈ পালে৷ ব্ৰহ্মাই সেয়াই জগত জননী মাদুৰ্গা বুলি বুজিব পাৰি স্তুতি কৰি জাগৰিত কৰে ৷ ব্ৰহ্মাৰ স্তুতিত প্ৰসন্ন হৈ দেৱী কুমাৰী মূৰ্তি ত্যাগ কৰি চণ্ডিকা মূৰ্তি ধাৰণ কৰে৷ কিংবদন্তি অনুসৰি কোলাসুৰ নামৰ অসুৰ এজনক বধ কৰাৰ উদ্দেশেৰ কুমাৰী পূজাৰ প্ৰচলন হয়৷ প্ৰবাদ মতে কোলাসুৰ নামে অসুৰ এজনে স্বৰ্গ-মৰ্ত্য অধিকাৰ কৰাত দেৱতাসকল নিৰুপায় হৈ মাকালীৰ শৰণাপন্ন হয়৷ দেৱতাসকলৰ অনুৰোধ ৰক্ষা কৰিবলৈ দেৱী কুমাৰী ৰূপে কোলাসুৰৰ কৱলৰ পৰা দেৱতাসকলক ৰক্ষা কৰে৷  ইয়াৰ পিছৰ পৰাই কুমাৰী পূজাৰ প্ৰচলন হয়৷ কোনো কোনোৰ মতে আকৌ ঋষি-মুনিসকলে প্ৰকৃতিক নাৰীৰ দৰে জ্ঞান কৰিছিল৷ সেয়ে কুমাৰী পূজাৰ মাধ্যমেৰে নাৰীৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান জ্ঞাপন কৰাৰ লগতে প্ৰকৃতিৰো পূজা অৰ্চনা কৰে৷ তেওঁলোকে বিশ্বাস কৰিছিল মানুহৰ মাজতেই ভগৱান বিদ্যমান৷ যিসকলৰ মন সৎ, কলুষতামুক্ত আৰু নিষ্পাপ তেওঁলোকৰ মাজতেই ভগৱান প্ৰকট হৈ থাকে৷ তেওঁলোকৰ মতে এই গুণসমূহ কেৱলমাত্ৰ কুমাৰীসকলৰ মাজতে থাকে৷ সেয়ে কুমাৰী পূজাৰ প্ৰচলন৷

                ধৰ্মীয় শাস্ত্ৰত কুমাৰী পূজাৰ পদ্ধতি আৰু মাহাত্ম্য বিশদভাৱে বৰ্ণিত কৰা আছে৷ অৰ্থাৎ ইয়াৰ পৰাই অনুমান কৰিব পাৰি পুৰণি কালৰ পৰাই কুমাৰী পূজাৰ প্ৰচলন আছিল৷ সনাতন ধৰ্মৰ বহু শাস্ত্ৰত কুমাৰী পূজাৰ বিষয়ে উল্লেখ থাকিলেও ১৯੦১ চনত স্বামী বিবেকানন্দই কলিকতাৰ বেলুড় মঠত কুমাৰী পূজাৰ আৰম্ভ কৰে৷ তেতিয়াৰে পৰা ভাৰতবৰ্ষ আৰু বাংলাদেশৰ ৰামকৃষ্ণ মিশনৰ উপৰিও আন কিছুমান ঐতিহ্যবাহী মন্দিৰত কুমাৰী পূজাৰ প্ৰচলন চলি আহিছে৷  দুৰ্গা পূজাৰ মহাঅষ্টমী পূজাৰ শেষত কুমাৰী পূজা অনুষ্ঠিত হয়, ঠাই বিশেষে আকৌ মহানৱমী তিথিত কুমাৰী পূজা অনুষ্ঠিত কৰা পৰিলক্ষিত হয়৷ ইয়াৰ উপৰিও কালীপূজা, জগদ্ধাত্ৰী পূজা, অন্নপূৰ্ণা পূজা আৰু শক্তিপূজাৰ সময়তো কুমাৰী পূজা কৰা দেখিবলৈ পোৱা যায়৷ 

 কুমাৰী পূজাত কুমাৰী নিৰ্বাচনৰ ক্ষেত্ৰত কোনো জাতি, ধৰ্ম বা বৰ্ণ ভেদ নাই৷ তাত্ত্বিকভাৱে যিকোনো কুমাৰীয়ে দেৱী হিচাপে পূজা কৰাৰ বাবে যোগ্যতা অৰ্জন কৰিব পাৰে৷ আনকি পতিতা সম্পদায়ৰ কুমাৰীকো দেৱী হিচাপে নিৰ্বাচন কৰাত কোনো বাধা নাই যদিও সাধাৰণতে ব্ৰাহ্মণ (একৰ পৰা ষোল্ল বছৰৰ ঋতুমতী নোহোৱা) কুমাৰী ছোৱালীকে পূজা কৰা হয়৷ যদিও এবছৰীয়া কন্যা সন্তানৰ পৰা ষোল্ল বছৰীয়া কুমাৰী ছোৱালীকুমাৰী পূজাৰ বাবে যোগ্য সাধাৰণতে এবছৰীয়া ছোৱালী পূজাৰ বাবে গ্ৰহণযোগ্য নহয়৷ দুইৰপৰা দহ বছৰৰ ছোৱালীকে কুমাৰী পূজাৰ বাবে লোৱা হয়৷  বয়স অনুযায়ী পূজাৰ সময়ত কুমাৰীসকলক বিভিন্ন নামেৰে অভিহিত কৰা হয়৷

                এক বছৰৰ কন্যা –   সন্ধ্যা        দুই বছৰৰ কন্যা – সৰস্বতী

               তিনি বছৰৰ কন্যা–  ত্ৰিধামূৰ্তি       চাৰি বছৰৰ কন্যা –কালিকা

                পাঁচ বছৰৰ কন্যা–    সুভগা        ছয় বছৰৰ কন্যা–   উমা, পাৰ্বতী

                সাত বছৰৰ কন্যা –  মলিনী        আঠ বছৰৰ কন্যা–  কুব্জিকা

                ন বছৰৰ কন্যা–      কালসন্দৰ্ভা        দহ বছৰৰ কন্যা–    অপৰাজিতা

                এঘাৰ বছৰৰ কন্যা–   ৰূদ্ৰাণী       বাৰ বছৰৰ কন্যা–   ভৈৰৱী

                তেৰ বছৰৰ কন্যা–    মহালক্ষ্মী     চৈধ্য বছৰৰ কন্যা–  পীঠনায়িকা

                পোন্ধৰ বছৰৰ কন্যা– ক্ষেত্ৰজ্ঞা       ষোল্ল বছৰৰ কন্যা– অন্নদা বা অম্বিকা

                 হিন্দুশাস্ত্ৰ মতে এই নাম সমূহ দেৱীৰ একোটি গুণৰ প্ৰকাশ৷ কুমাৰী পূজাৰ দাৰ্শনিক তত্ত্ব হ’ল বিশ্বব্ৰহ্মাণ্ড যি তিনিটা শক্তি সৃষ্টি, স্থিতি আৰু গতি দ্বাৰা পৰিচালিত হৈ আছে, সেই তিনিটা শক্তি বীজ আকাৰে কুমাৰী কন্যাত নিহত হৈ থাকে৷ কুমাৰী প্ৰকৃতি আৰু নাৰী জাতিৰ প্ৰতীক আৰু বীজ অৱস্থা৷

                ঈশ্বৰীয় মাতৃ হিচাপে সৰ্বশক্তিমানক পূজা কৰাটো ভাৰতৰ পুৰণি পৰম্পৰা আৰু ভাৰতীয় সংস্কৃতিৰ এক অংশ৷  কিন্তু মাতৃ পূজাৰ পৰম্পৰাৰ পৰা ভাৰতীয়ৰ বাবে এক জীৱন্ত ধৰ্মলৈ বিকশিত হৈছে৷ প্ৰাগঐতিহাসিক যুগৰ পৰাই ইয়াৰ অস্তিত্ব আছে যদিও বৰ্তমান ভৌগোলিকভাৱে এছিয়াৰ দেশ ভাৰত, বাংলাদেশ আৰু নেপালৰ   মাজতে সীমাবদ্ধ হৈ আছে৷

                ১৮৯৮ চনত স্বামী বিবেকানন্দই তেওঁৰ কাশ্মীৰ ভ্ৰমণকালত ইছলাম ধৰ্মালম্বী ছোৱালী এগৰাকীক কুমাৰী পূজা কৰিছিল৷ তেওঁৰ দৰ্শন অনুসৰি দেৱীত্ব আৰু মাতৃত্ব কেৱল ব্ৰাহ্মণ সম্পদায়ৰ মাজতে সীমাৱদ্ধ নহয়, ই প্ৰতিগৰাকী নাৰীৰ মাজতে প্ৰকট৷ ১৮৯৯ চনত স্বামী বিবেকানন্দই কন্যাকুমাৰীত ডেপুটি একাউটেন্ট জেনেৰেল মন্মথ ভট্টাচাৰ্য্যৰ কন্যাক কুমাৰী ৰূপে পূজা কৰিছিল৷

                কামাখ্যা মন্দিৰতো প্ৰতি বছৰে নৱৰাত্ৰিৰ সময়ত কুমাৰী পূজাৰ প্ৰচলন চলি আহিছে৷ কুমাৰী পূজা বা জীৱন্ত দেৱীক পূজা কৰাতো তান্ত্ৰিক মূলৰ৷ কুমাৰী পূজা মানেই শক্তিপূজা৷ তান্ত্ৰিকসকলে কুমাৰীক দেৱীৰ অৱতাৰ বুলি বিশ্বাস কৰে৷ দেৱী সৰ্বব্যাপী হ’লেও কুমাৰীত নিশ্চয়কৈ থাকে বুলি বিশ্বাস৷ আন আন বহুতো বিশ্বাসৰ ভিতৰত আন এটি উল্লেখযোগ্য বিশ্বাস হ’ল কুমাৰী পূজা আন পূজাৰ তুলনাত বেছি ফলদায়ক আৰু শক্তি উপাসকৰ বাবে সৰ্বোত্তম পূজা৷ কুমাৰী পূজাৰ প্ৰভাৱৰ বাবে অকাল মৃত্যু, দুষ্ট আত্মাৰ পৰা হোৱা বাধা, শত্ৰুৰ পৰা ৰক্ষা, ৰোগৰ পৰা মুক্তি লাভ কৰিব পাৰি বুলিও বিশ্বাস কৰা হয়৷

ভাৰতৰ পশ্চিমবংগৰ বেলুড় মঠত কুমাৰী পূজা

                পশ্চিমবংগত শক্তিদেৱী অৰ্থাৎ দুৰ্গা পূজা হৈছে মাতৃ পূজাৰ আটাইতকৈ ধৰ্মপৰায়ণ আৰু জনপ্ৰিয় ৰূপ৷ “ঈশ্বৰক মাতৃ হিচাপে চোৱাটোৱেই হৈছে সাধনাৰ আটাইতকৈ পবিত্ৰ আৰু সৰ্বোচ্চ ৰূপ” বুলি বিশ্বাস কৰা শ্ৰীৰামকৃষ্ণ পৰমহংসই নিজৰ পত্নীক ঐশ্বৰিক মাতৃৰ প্ৰকাশ হিচাপে পূজা কৰিছিল৷

                পশ্চিমবংগৰ দুৰ্গা পূজা উৎসৱৰ বিশেষ আকৰ্ষণ কুমাৰী পূজা৷ ঐশ্বৰিক মাতৃ অৰ্থত কণমানি ছোৱালীক আনুষ্ঠানিকভাৱে পূজাৰ জৰিয়তে উদযাপন কৰা হয়৷ কুমাৰী পূজাক উত্তৰ ভাৰতত কন্যা পূজন বুলি কোৱা হয়৷ ভাৰতৰ আন আন ৰাজ্যত নৱৰাত্ৰিৰ নৱম দিন বা শেষ দিনত বা দুৰ্গা পূজাৰ অষ্টম দিন মহা অষ্টমীত পালন কৰে৷ বিশ্বৰ য’তেই ৰামকৃষ্ণ মিছন আছে তাতেই কুমাৰী পূজা অনুষ্ঠিত হয়৷ কিন্তু কলকাতাৰ বেলুড় মঠত ই এক সাংস্কৃতিক পৰিশোধন আৰু দৰ্শনীয় অনুষ্ঠান৷ বেলুড় মঠত স্বামী বিবেকানন্দই মহা অষ্টমীৰ দিনা শ্ৰীৰামকৃষ্ণৰ ঐশ্বৰিক মাতৃৰ প্ৰতি থকা ভক্তিৰ প্ৰতি সন্মান জনাই ন গৰাকী কণমানি ছোৱালীক মাতৃ হিচাপে দেৱীৰ প্ৰতীক ৰূপত পূজাৰ আৰম্ভ কৰিছিল৷ স্বামী বিবেকানন্দৰ দৃষ্টিত প্ৰতিগৰাকী কুমাৰীয়ে দেৱীৰ একো একোটা ৰূপ৷ শ্ৰীৰামকৃষ্ণৰ মতে, বস্তুবাদী জগতৰ নেতিবাচক শক্তিৰ পৰা আঁতৰত থকা কোমল বয়সীয়া কণমানি ছোৱালীবোৰ ঈশ্বৰীয় মাতৃৰ প্ৰকাশ৷ 

কুমাৰী পূজাৰ বাবে প্ৰাক যৌৱনকালৰ কণমানি ছোৱালী এজনীক পবিত্ৰ পানীত গা ধুৱাই সোণালী পাৰিৰ ৰঙা বা অগ্নিময় হালধীয়া শাৰী পিন্ধাই অলংকাৰ, ফুল আদিৰে সজোৱা হয়৷ ভৰিত আলটা, কপালত সেন্দুৰৰ ফোঁট আদিৰে দেৱীৰ দৰে  সজাই তোলা হয়৷  দেৱী পূজাৰ দৰেই কুমাৰী ছোৱালীক পূজা কৰাৰ বাবেও একেধৰণৰ ৰীতি-নীতি পালন কৰা হয়৷¸ দেৱী দুৰ্গা পূজাৰ সময়ত যি প্ৰসাদ কৰা হয়, সেই একেই প্ৰসাদ প্ৰদান কৰা হয়৷ পবিত্ৰ মন্ত্ৰ জপ কৰি কুমাৰীক পবিত্ৰ কৰা হয়৷  পুৰোহিতৰ মন্ত্ৰ ধবনিৰে পৰিৱেশ ভৰাই তোলে৷ ভক্তসকলে ফল-ফুল, বিভিন্ন উপহাৰ আগবঢ়ায়৷  কুমাৰীক উপহাৰ দিয়াটো পূণ্যৰ কাম বুলি বিবেচনা কৰা হয়৷ ভক্ত হৃদয়বোৰে প্ৰাৰ্থনাৰ জৰিয়তে কুমাৰী দেৱীৰ আশীৰ্বাদ বিচাৰে৷ প্ৰতি বছৰে বেলুড় মঠত কুমাৰী পূজাত ভক্তৰ বিশাল সমাৱেশত ঘটে৷ আনকি, সমগ্ৰ অনুষ্ঠানটো পশ্চিমবংগত লাইভ টেলিকাষ্ট কৰা হয়৷

জোনা মহন্ত

Articles

Post navigation

Previous post
Next post

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Poet
Lyricist & Author

Recent Posts

  • স্মৃতি সুঁৱৰি
  • মই যাজ্ঞসেনী
  • আন্দামান দ্বীপপুঞ্জৰ জনগোষ্ঠী
  • দুঃসময়
  •                                                                                 নাৰ্টিয়াং মন’লিথ
  • এৰি অহা বাটেৰে

Categories

  • Articles
  • Poems
  • Short Stories
  • Travelblog

Archives

  • June 2025
  • March 2025
  • January 2025
  • November 2024
  • August 2024
  • June 2024
  • March 2024
  • December 2023
  • November 2023
  • October 2023
  • September 2023
  • August 2023
  • July 2023
  • June 2023
  • May 2023
  • October 2022
  • May 2022
  • April 2022
  • March 2022
  • October 2019
  • October 2018
  • July 2018
  • November 2017
  • July 2017
  • December 2016
  • December 2015
  • January 2015
  • September 2011
  • July 2011

©2026 জোনালীৰ ডায়েৰী | WordPress Theme by SuperbThemes