আজিকালি সিহঁতে প্ৰতিটো ক্ষণতে
মোৰ চাৰিওকাষে অগা-দেৱা কৰি থাকে
গভীৰ নিস্তব্ধ ৰাতি সিহঁতে
মোৰ স’তে আলাপনত মত্ত হয় ।
অন্যায়ৰ প্ৰতিবাদত সিহঁতে বিদ্ৰোহ কৰে
কেতিয়াবা জ্বলি উঠে দপদপাই
জলন্ত অগ্নিশিখাৰ দৰে
যেনিবা পুৰিহে চাৰখাৰ কৰিব
মানৱতাহীন অসৎ লুণ্ঠনকাৰীৰ দুৰ্নীতি ।
কেতিয়াবা সিহঁতে মধুময় সপোনৰ
অতৃপ্ত বেদনাত হাহাকাৰ কৰি উঠে আৰু
কেতিয়াবা সমস্ত ক্লেদ-কালিমা আঁতৰাই
আনি দিয়ে জীৱনৰ অপাৰ আনন্দ ।
সিহঁতৰ মাজতে বিচাৰি পাওঁ
একাঁজলি নিৰ্মল জোনাক
নিবিড় সম্পৰ্ক মোৰ সিহঁতৰ স’তে
বুটলি আনি ঘঁহি-পিহি গঢ় দি
গাথোঁ বহু ভিন ভিন অনুভৱৰ মালা ।
জোনা মহন্ত