শুকান জৰ্জৰিত ধূলি ধূসৰিত
মোৰ হৃদয় জুৰাবা বুলি
বাট চাই থাকোতে থাকোতে
মোৰ উদং বুকুত চলে
অসহনীয় দপদপনি
উচ্চ সংগীতৰ বেসুৰা ধ্বনি
তাণ্ডৱ নৃত্যৰ ঝঞ্ঝাত
নিশব্দে বন্ধ হৈ যাব খোজে
মোৰ হৃদয়ৰ স্পন্দন ।
তোমাৰ শীতল স্পৰ্শত
জীপাল কৰিব পৰা হ’লে….
বহু প্ৰত্যাশাৰ অন্তত
খন্তেকৰ বাবে হলেও
ভাগৰুৱা ধূলিৰ চাদৰ আঁতৰাই
চিনাকি চিনাকি লগা
আদ্র মাটিৰ জীপাল সুবাস
দিলা চৌদিশে বিয়পাই ।
তোমাৰ কোমল পৰশত
ওপচাই সেউজ বৰণ
প্ৰকৃতিয়েও ল’ব নতুন ৰূপ ।
ফেনে-ফোটোকাৰে ওফন্দি উঠিব মোৰ বিশাল বুকু
জোনা মহন্ত