কেইগৰাকীমান বান্ধৱী লগ হৈ মাজে মাজে এদিন- দু্দিনৰ বাবে ফুৰিবলৈ ওলাই যাওঁ ৷ সেই দুদিনতে মনবোৰ সতেজ হৈ ব্যস্ততা ভৰা জীৱনৰ বহু অৱসাদ যেন দুৰ হয় । কিন্ত ল’কডাউন, ক’ভিডৰ বাবে বহু দিন ক’লৈকো যাব পৰা নাই ৷ লাহে লাহে পৰিস্থিতি কিছু স্বাভাৱিক হোৱা যেন দেখি আমি বান্ধৱীকেইজনীমান শ্বিলংত দুৰাতি কটাই আহোঁ বুলি ভাবিলোঁ । কমেও চাৰিজনী মান হ’লে ভাল লাগে । কিন্তু আজিকালি ওলাই যাবলৈও ভয় কৰে । কোন কোন যাব ? ৰুমাজনীও নাই বহুদিনৰ পৰা মাইনাৰ লগত দিল্লীত আছে । দীপিকা বাইদেউ মাইনি কানাডা যাব বাবে গোটেই পৰিয়াল হেনো আউটিং যাব। অঞ্জলি বাইদেউৰ আকৌ ভৰিৰ বিষ । অৱশেষত যেনিবা বনুবা, পূৰ্ণিমা, অপৰ্না আৰু মই গাড়ী এখন ভাড়া কৰি শুক্ৰবাৰে ৰাতিপুৱাই গৈ দেওবাৰে উভতি অহাৰ প্ৰগ্ৰেম ফাইনেল হল ৷ পূৰ্ণিমাই ফুৰি মেলি সিমান ভাল নাপায় যদিও আমাৰ জোৰতে যাবলৈ ওলাল ৷ তাইৰ লৰা-ছোৱালী হালেও ক’ভিদৰ বাবে তাইক যাব দিব বিচৰা নাই ৷ অৱশেষত যেনিবা আমাৰ অনুৰোধত যাবলৈ দিলে ৷ মেখেলা চাদৰ বা শাৰীৰ বাহিৰে আন ড্ৰেচ নিপিন্ধা পূৰ্ণিমাক এইবাৰ দুযোৰ চেলোৱাৰ কামিজ চিলাবলৈও বাধ্য কৰিলোঁ ৷ শুক্ৰবাৰে ৰাতিপুৱা সোনকালেই আমাৰ যোৱাৰ কথা আছিল যদিও গাড়ীখনে আটাইকেইগৰাকীকে এজনী এজনীকৈ ঘৰৰ পৰা লৈ মোৰ জু-ৰোডৰ ঘৰ আহি পাওঁতে প্ৰায় দহ বাজিল ৷ হাঁহি ধেমালিৰে আমাৰ শ্বিলং যাত্ৰা আৰম্ভ হ’ল ৷ বনু বাইদেউয়ে ঠিক কৰি থোৱা অসম ভৱনৰ কোঠাত সোমাই ফ্ৰেচ হৈ দুপৰীয়াৰ আহাৰ খাই অলপ ৰেষ্ট ললোঁ৷ নৱেম্বৰ মাহ যদিও খুব বেছি ঠাণ্ডা অনুভৱ কৰা নাই ৷ শ্বিলংলৈ গৈ পুলিচ বজাৰলৈ এবাৰ নগ’লে দেখোন ভালেই নালাগে ৷ কাইলৈ চেৰাপুঞ্জীলৈ যাম সময় নহ’ব ৷ সেয়ে পাক এটা মাৰি আহোঁ বুলি ওলাই আহিলোঁ ৷ পুলিচ বজাৰত ঘূৰি ফুৰোঁতে বৰষুণ এজাক আহি আমাৰ সকলো পন্দ কৰি দিলে । অৰ্পনাই মুখৰ ভিতৰতে ভোৰভোৰালে মই আহিবই খোজা নাছিলোঁ এইকেইজনীহে….৷
আন উপায় নেদেখি পুলিচ বজাৰৰ টাৰ্নিংটোতে থকা ছাতিৰ দোকান খনৰ পৰা দুটা ছাতিকে কিনি আনি অৰ্পনাৰ হাতত দিলোঁ ৷ বলা আমি এটা ছাতিৰ তলতে দুজনীকৈ কোনোমতে গাড়ীলৈ যাওঁ৷ ছাতি দুটা মেলি লৈ দোকানৰ পৰা নামি ৰাস্তা পাইছোঁহে মোৰ ভৰি পিচলি ধপচ্ কৈ পৰিলোঁ । কেনেকৈনো পিচল খালোঁ একো ধৰিবই নোৱাৰিলোঁ৷ লাজতে খপজপকৈ উঠি মাটিতে বহি দিলোঁ ৷ চকু মেলি দেখো মই দেখোন বিচনাৰ কাষত মাটিতহে বহি আছোঁ
জোনা মহন্ত।