মূল ৰাজবংশী – মীনাক্ষি ৰায় ডাকুৱা
আকাশৰ অযুত অৰ্বুদ তৰাৰ মাজত
তুমি গা ঢাকি লুকাভাকু খেলা
তথাপিও মই তোমাক আলাসতে বিচাৰি পাওঁ
মোৰ চেতনাত তোমাৰ নিতে অহা-যোৱা
মান অভিমান হৃদয়ৰ উত্তাপ সালসলনি
হাতে হাত ধৰি নিজান বাটেৰে
আগুৱাই যোৱাৰ সংকল্প অন্তৰৰ
মাজে সময়ে জোনাকৰ আলোকত তোমাৰ বাস
কোনো সময়ত অৰণ্যৰ সেউজীয়াত আৰু
কেতিয়াবা নদীৰ শুভ্ৰ বালিচৰৰ মাজত
তুমি আহিলে মোৰ বুকুৰ বাগিচাত
সৌন্দৰ্যৰ গৌৰৱেৰে কিমান যে ফুল ফুলে
তোমাৰ স’তে কথা পাতিলে শুকান খৰখৰীয়া
মনটো মোৰ প্ৰতিশ্ৰুতিৰ বৰষুণত গা ধোৱে
তুমি মোৰ সান্নিধ্যত থাকিলে বই আহে
শৰীৰ জুৰোৱা দক্ষিণৰ শীতল মলয় বতাহ
তোমাৰ সংস্পৰ্শই দিয়ে কোমল উমাল অনুভূতি
জীৱনক স্পৰ্শ কৰাৰ স্বর্গীয় অনুভৱ
কবিতা –
তুমি যে মোৰ কোলাৰ সন্তান !
অসমীয়া অনুবাদ – জোনা মহন্ত।
প্ৰথমে মূল ৰাজবংশী কবি-মীনাক্ষি ৰায় ডাকোৱা আৰু অনুবাদ কবি-জোনা মহন্তলৈ বহুত বহুত অভিনন্দন জনাইছোঁ। লগতে সুন্দৰ কবিতাটি পঢ়িবলৈ সুযোগ দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। পঢ়ি যাওতে মুঠেই ভাৱ অহা নাই যে ই এক অনুবাদ কবিতা
বহুত বহু ধন্যবাদ তৃষ্ণা। এনে মন্তব্যই অনুপ্ৰাণিত কৰে।