এদিন শীতৰ সন্ধিয়া
তোমাৰ পদূলিৰে আগুৱাই
শিলৰ খটখটীটোৰে লাহে লাহে পাহাৰৰ
ওপৰলৈ উঠি গ’লো কিছু দূৰ
পাহাৰৰ বুকুয়েদি নামি অহা
সৰ্পিল উন্মাদ নিজৰাটো
শিলৰ ওপৰত বহি থকা তিৰোতাজনীয়ে
মোলৈ চাই ক’লে —
প্ৰায়েই গোট মাৰে নিশা এনেদৰে
ঘন কুঁৱলীৰ মাজেৰে পাহাৰৰ চুড়াৰে
জোনটো আকাশলৈ উঠি গৈ আছে
মই নামি আহি তোমাৰ ঘৰত সোমালোঁ
এটি নিষ্পাপ নিৰ্বোধ শিশুৰ দৰে
তুমি শুই আছা
মই উভতি আহিলোঁ
ঠিক এনেতে হিলদল ভাঙি
নামি অহা বৰষুণ জাকে
মোৰ বুকুত হেঁচি ধৰিলে ।
জোনা মহন্ত