
গুৱাহাটীৰ পৰা মিৰ্জা লৈ ৰাস চাবলৈ বুলি মই আৰু দুগৰাকী ওলালোঁ। মিৰ্জাৰ ৰাস হোৱা স্থানৰ ওচৰতে আমাৰ আন এজনী বান্ধৱীৰ ঘৰ। প্ৰতি বছৰে ৰাসৰ সময়ত তাই মাতে যদিও যোৱা হোৱা নাই। এইবাৰ আমি তিনিও জনী লগ হৈ যাবলৈ ঠিক কৰিলোঁ। আচলতে ৰাস চোৱাতকৈও আমাৰ উদ্দেশ্য চাৰিজনী লগ হৈ আড্ডা মৰা। ভবা মতেই আমি চাৰি কলেজীয়া বান্ধৱী লগ হৈ গোটেই দিনটো বৰ আনন্দেৰে কটালোঁ।
ৰাস চাই উভতি আহি আছোঁ। সোনকালে উভতিম বুলি ভাবিছিলোঁ যদিও ৰাতি প্ৰায় ন মান বাজিল। অৱশ্যে আমি ঘৰত কৈয়েই আহিছো –“তোমালোকে যাতে আজি আমাক ফোন কৰি সোনকালে আহিবলৈ কৈ আমনি নকৰা। আজি আমি মুকলিমূৰীয়াকৈ ওলাইছোঁ তিনি বান্ধৱী বহু দিনৰ পিছত ।”
সঁচাকৈ আমি উভতি গৈছো সেই কলেজীয়া সোণালী দিনবোৰলৈ। কিমান যে কথা, শেষ নাই। কোনে কাৰ লগত হোষ্টেলৰ পৰা পলাই চিনেমা চাবলৈ গৈছিল। কোনে কাৰ লগত লাইন মাৰিছিল। কাৰ কি জোকোৱা নাম আমি দিছিলোঁ। মানে অন্ত নাই। এজনীৰ কথাৰ ওপৰতে আন এজনীয়ে আৰম্ভ কৰোঁ।

হঠাৎ দেখিলোঁ আমাৰ বিপৰীত দিশৰ পৰা দুখন বাইক আহি আছে। এজনীয়ে কৈ উঠিল ,”ডেকা লৰা যে ৰাতি ৰাস চাবলৈ ওলাইছে।” মন কৰিলোঁ আমাৰ পৰা কিছু আঁতৰত বাইক দুখন ৰাস্তাৰ মাজতে ৰৈ দিছে। ভাবিলো কোনোবা জনৰ চাগে হেলমেট পৰি গৈছে। আমি আকৌ নিজৰ কথাৰ মাজতে ব্যস্ত হৈ পৰিলোঁ । গাড়ীৰ বেগ কিছু কম কৰি দিলোঁ যাতে বাইকত অহা লৰা কেইজনে তেওঁলোকৰ মাটিত পৰা বস্তু তুলি লব পাৰে। কিন্তু লৰা কেইজন দেখোন মাজ বাটতে বাইকতে বহি আছে, লৰচৰ কৰা নাই। মনলৈ আহিল কোনোবাজনে ছাগে সৰুপানী চুবলৈ বাটৰ দাঁতিলৈ গৈছে সেয়ে বাকী কেইজনে ৰৈ আছে । আমি কথাৰ মহলা মাৰি গমেই নাপালোঁ। লৰা কেইজনৰ ওচৰ পাওঁ পাওঁ হওঁতেই দেখিলো দুজন লৰা আমাৰ পিনে আগুৱাই আহিছে আৰু বাকী দুজনে বাইক দুখন ষ্টাৰ্ট কৰি ৰৈ আছে। আমাৰ কাৰো মুখত মাতবোল নাইকিয়া হ’ল। মই যিমানেই হেল্প হেল্প বুলি চিঞৰিব চেষ্টা কৰিছো মুখৰ পৰা একো শব্দ নোলায়। কি কৰিম একো ভাবি পোৱা নাই। উশাহ নিশাহ বন্ধ হৈ যোৱাৰ উপক্ৰম। হাত ভৰি জঠৰ হৈ গৈছে লৰাব পৰা নাই। কাষৰ ছিট তোলৈ চাই দেখোঁ মোৰ কাষত বহি থকা মোৰ বান্ধৱী জনীও নাই। পিছত বহা জনী আছে নে নাই চাবলৈ মূৰটো ঘুৰাব পৰা নাই , যদি লৰা দুজনে গবা মাৰি ধৰে । মোৰ মূৰটোৱে একো কাম কৰা নাই। মানুহজনী একেবাৰে ঘামি জামি জুৰুলি জুপুৰি হৈছোঁ ।
এনেতে চক খাই সাৰ পাই দেখো শ্ৰীমানে নাকেৰে মটৰ চাইকেলৰ শব্দ কৰি টোপনিত লালকাল মোৰ ভৰিৰ ওপৰত ভৰি তুলি।
জোনা মহন্ত ।