কিতাপখন বহু পুৰণি
আজিও আটোম টোকাৰিকৈ ৰাখিছোঁ ।
মোৰ বৰ মৰমৰ
মোৰ বৰ হেঁপাহৰ
তুমিয়েই দিছিলা
জন্মদিনৰ উপহাৰ হিচাপে ।
নিজান নিসংগ মুহূৰ্তবোৰত
বিষণ্ণতাই হেঁচি ধৰিলে
ধূসৰ হোৱা কিতাপখনৰ মাজতে
অনুভৱ কৰোঁ তোমাৰ হাতৰ পৰশ
বিচাৰি পাওঁ বহু নিবিড় ক্ষণ ।
জোনা মহন্ত