ব’হাগ মাহৰ শুক্ল পক্ষৰ তৃতীয় দিনটোকে অক্ষয় তৃতীয়া বুলি কোৱা হয় ৷ এই তিথিটো হিন্দু আৰু জৈন ধৰ্মাৱলম্বী লোকসকলে এটি অতি গুৰুত্বপূৰ্ণ আৰু অত্যন্ত শুভ দিন হিচাবে বিবেচনা কৰে ৷ অক্ষয় শব্দৰ অৰ্থই হৈছে যি ক্ষয় নহয় ৷ বিশ্বাস কৰা হয় এই দিনটোত কৰা কাৰ্য অক্ষয় হৈ থাকে ৷
কিংবদন্তি অনুসৰি এসময়ত এজন বৰ অহংকাৰী ব্ৰাহ্মণ আছিল ৷ তেওঁ আনক সহায় কৰা দুৰৰে কথা কোনোবাই কিবা বিচাৰিলে খেদি পঠিয়াইছিল ৷ এদিন এজন ভোকাতুৰ লোক ভোকে-পিয়াহে অস্থিৰ হৈ তেওঁৰ দুৱাৰ দলিত উপস্থিত হ’ল ৷ ব্ৰাহ্মণে তেওঁক ঘৰত একো খোৱা বস্তু নাই, আনকি পানী এটুপিও নাই বুলি দুৱাৰ বন্ধ কৰি খেদি দিলে ৷ ব্ৰাহ্মণৰ পত্নী আছিল দয়াৱতী , তেওঁ ব্ৰাহ্মণে নজনাকৈ লোকজনক পানী আৰু খোৱা বস্তুৰে আপ্যায়িত কৰিলে ৷ মৃত্যুৰ পিছত ব্ৰাহ্মণজনৰ আত্মাৰ স্থান যমলোকত হোৱাত যমৰ যন্ত্ৰণাৰে দিন কটাবলগীয়া হ’ল ৷ শেষত পত্নীৰ পুণ্য কামৰ বাবে যমলোকৰ পৰা মুক্তি পায় ৷ ব্ৰাহ্মণে পুনৰ জনম লাভ কৰি অক্ষয় তৃতীয়াৰ ব্ৰত পালন কৰি আগৰ জন্মৰ পাপৰ স্খলন কৰিছিল ৷
এই দিনটোৰ সৈতে বহুতো কাহিনী জড়িত হৈ আছে –
বিশ্বাস কৰা হয় ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ তথা ঋষি জমদগ্নি আৰু ৰেণুকাৰ পুত্ৰ পৰশুৰামৰ জন্ম এই দিনটোতে হৈছিল ৷ সেয়ে কোনো কোনো অঞ্চলত অক্ষয় তৃতীয়াৰ দিনটো পৰশুৰাম জয়ন্তী হিচাবেও পালন কৰে ৷
আন আন বহুতো প্ৰবাদ অনুসৰি –
ৰজা ভগীৰথৰ কঠোৰ তপস্যাত প্ৰসন্ন হৈ দেৱীগঙ্গা অক্ষয় তৃতীয়া তিথিত পৃথিৱীলৈ নামি আহিছিল ৷
অক্ষয় তৃতীয়াৰ দিনাখনেই মহৰ্ষি ব্যাসদেৱৰ মুখনিঃসৃত বাণী গনেশে মহাভাৰত আকাৰে লিখিব আৰম্ভ কৰিছিল ৷
কুবেৰৰ তপস্যাত সন্তুষ্ট হৈ শিৱই কুবেৰক অসীম ধন আৰু ঐশ্বৰ্য প্ৰদান কৰিছিল ৷ সেই বাবেই এই দিনটোত বৈভৱ-লক্ষ্মীৰ পূজা কৰা হয় ৷
এই তিথিতেই ত্ৰেতা যুগ শেষ আৰু দ্বাপৰ যুগৰ আৰম্ভ হয় ৷
অক্ষয় তৃতীয়া তিথিৰ পৰাই পুৰীৰ জগন্নাথ মন্দিৰত হোৱা ৰথযাত্ৰাৰ ৰথ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হয় ৷
হস্তিনাপুৰৰ ৰাজসভাত দ্ৰোপদীৰ বস্ত্ৰহৰণৰ চেষ্টা কৰিছিল দুঃশাসনে ৷ দ্ৰোপদীৰ প্ৰাৰ্থনাৰ বাবেই শ্ৰীকৃষ্ণই দ্ৰোপদীক বস্ত্ৰ প্ৰদান কৰিছিল এই দিনতেই ৷
এই দিনটোতে হিমালয়ত অৱস্থিত কেদাৰনাথ, বদ্ৰীনাথ, গঙ্গোত্ৰী আৰু যমুনোত্ৰী এই চাৰিখন ধামৰ ছমাহ বন্ধ হৈ থকাৰ পিছত দুৱাৰ খোলা হয় ৷ ছমাহৰ আগতে যি অক্ষয় দ্বীপ জ্বলাই ৰখা হৈছিল সেয়া মন্দিৰৰ দুৱাৰ বন্ধ কৰা দিনৰ পৰা দুৱাৰ খোলা দিনলৈ জ্বলিয়েই থাকে ৷
মহাভাৰতৰ মতে আকৌ পঞ্চপাণ্ডৱ বনবাসত থকা কালত শ্ৰীকৃষ্ণই দ্ৰোপদীক এই দিনটোতে অক্ষয় পাত্ৰ দান কৰিছিল ৷ যাতে বনবাসত থকা কালত তেওঁলোকৰ খাদ্যৰ অভাৱ নহয় ৷
অক্ষয় তৃতীয়াৰ দিনাখনেই শ্ৰীকৃষ্ণৰ তেওঁৰ বাল্যবন্ধু সুদামাৰ সৈতে দেখা হৈছিল ৷ সেইদিনাই সুদামাই শ্ৰীকৃষ্ণৰ বাবে অনা এমুঠি অন্নৰ বাবেই শ্ৰীকৃষ্ণই সুদামাৰ দৰিদ্ৰতা দূৰ কৰিছিল ৷
দেৱী অন্নপূৰ্ণাৰ আৱিৰ্ভাৱো এই দিনতে বুলি বিশ্বাস ৷ সেয়ে কৃষি প্ৰধান দেশ ভাৰতবৰ্ষৰ কোনো কোনো অঞ্চলত অক্ষয় তৃতীয়া তিথিত ধৰিত্ৰী দেৱীৰ পূজাও কৰা হয় ৷
এই বিভিন্ন বিশ্বাসৰ বাবেই অক্ষয় তৃতীয়া বছৰৰ শুভ দিনবোৰৰ ভিতৰত এটা অতি শুভ আৰু তাৎপৰ্যপূৰ্ণ দিন হিচাবে গণ্য কৰা হয় ৷
প্ৰচলিত বিশ্বাস অনুসৰি বিয়া, নতুন ঘৰত প্ৰৱেশ , কোনো নতুন কামৰ আৰম্ভ, ঘৰ মাটি কিনা আদি শুভ কামৰ বাবে এই দিনটো অতি শুভ ৷ ইয়াৰ উপৰিও দান কৰাতোও শুভ বুলি বিবেচনা কৰা হয় । কোৱা হয় অক্ষয় তৃতীয়া তিথিত পানী ভৰ্তি পাত্ৰ দান কৰিলে চাৰি ধাম তীৰ্থৰ সমান পুণ্য অৰ্জন হয় ৷ বৃক্ষ ৰোপন, পশু-পক্ষীক খাদ্য আদি সকলো শুভ কাম কৰা বাবে তাৎপৰ্যপূৰ্ণ দিন ৷
সংসাৰৰ সুখ সমৃদ্ধি বৃদ্ধি আৰু বজাই ৰখাৰ বাবে লক্ষ্মী , নাৰায়ণ আৰু কুবেৰৰ পূজা কৰা ৰীতি প্ৰচলিত আছে ৷
জোনা মহন্ত