Skip to content
জোনালীৰ ডায়েৰী
Jona Mahanta
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

  • Home
  • Poems
  • Travelblog
  • Articles
  • Videos
  • Profile
  • Gallery
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

ঋতুস্ৰাৱৰ নিষেধাজ্ঞা আৰু তাৰ প্ৰভাৱ 

Jona Mahanta, June 25, 2023July 21, 2023

   প্ৰতি গৰাকী মহিলাৰ বাবেই ২৮ মে’ দিনটো এটা অতি গুৰুত্বপূৰ্ণ দিন। সমগ্ৰ বিশ্বতে এই দিনটো ‘Menstrual Hygiene Day’ হিচাবে অৰ্থাৎ ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু গুৰুত্বৰ বিষয়ে সজাগতা আনিবলৈ উদযাপন কৰা হয় । ২০১২ চনত জনস্বাস্থ‍্যৰ সৈতে জড়িত কেইবাটাও সংস্থাই বিশ্বজুৰি ঋতুস্ৰাৱৰ প্ৰতি মনোযোগ দিবলৈ আৰম্ভ কৰে । ২০১৩ চনৰ মে’ মাহত WASH United নামৰ জাৰ্মানৰ বেচৰকাৰী সংস্থাটোৱে ছ’চিয়েল মিডিয়াৰ সহায়ত Menstravaganz ‘ নামেৰে ২৮ দিনীয়া এটি অভিযান অনুষ্ঠিত কৰে । এই অভিযানৰ ইতিবাচক প্ৰতিক্ৰিয়াৰ ফলতেই প্ৰতি বছৰেই ২৮ মে’ত ঋতুস্ৰাৱৰ বাবে বিশ্বব‍্যাপী সজাগতা দিৱস উদযাপনৰ সিদ্ধান্ত লয় । ২০১৪ চনৰ ২৮ মে’ত বিশ্বৰ বহু দেশে প্ৰথমবাৰৰ বাবে ৰেলী, প্ৰদৰ্শনী, চিনেমা প্ৰদৰ্শন, কৰ্মশালা আৰু ভাষণেৰে ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা দিৱস উদযাপন কৰে । তেতিয়াৰপৰাই সমগ্ৰ বিশ্বই প্ৰতি বছৰে ২৮ মে’ দিনটো ” Menstrual Hygiene Day” হিচাপে পালন কৰি আহিছে । সমাজত চলি অহা নিষেধাজ্ঞাসমূহ আঁতৰ কৰি বিশ্বজুৰি ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা আৰু সজাগতা সৃষ্টি কৰাই এই দিৱসৰ মূল উদ্দেশ্য । এই দিৱসৰ বাবে ২৮ মে’ দিনটো ধাৰ্য্য কৰাৰ কাৰণো হ’ল ঋতুস্ৰাৱ সম্বন্ধীয় । সাধাৰণতে ঋতুচক্ৰৰ সময় ২৮ দিন আৰু ৰক্তস্ৰাৱ সাধাৰণতে ৫ দিনলৈ হয় । সেইবাবেই ২৮/৫/ দিনটো এই দিৱসৰ বাবে ধাৰ্য্য কৰা হৈছে । 

        এজনী ছোৱালীৰ উপযুক্ত বয়সত প্ৰথম ঋতুস্ৰাৱ আৰম্ভ হ’লে বিভিন্ন ধৰণৰ প্ৰশ্ন তেওঁৰ মনলৈ অহাৰ ওপৰিও নিজৰ শৰীৰৰ বিকাশ আৰু পৰিৱৰ্তনৰ বিষয়ে অজ্ঞতাৰ ফলত মনত ভয় বা শঙ্কা হোৱাটো স্বাভাৱিক । ঋতুস্ৰাৱ ছোৱালীৰ জীৱনৰ এটা অনন্য প্ৰক্ৰিয়া হ’লেও অতীজৰে পৰা সমগ্ৰ বিশ্বতে ঋতুস্ৰাৱ সম্পৰ্কে বিভিন্ন নিষেধাজ্ঞা আৰু বহুতো পুৰণিকলীয়া ধ্যান-ধাৰণাৰ দ্বাৰা আজিও পৰিবেষ্টিত হৈ আছে ৷ এই নিষেধাজ্ঞাসমূহৰ বাবে ঋতুস্ৰাৱ সম্পৰ্কে মুকলিকৈ আলোচনা কৰিবলৈ লাজ বা শঙ্কা কৰাৰ উপৰিও ভুল ধাৰণাৰ বাবে নীৰৱে থাকিবলৈ বাধ্য হয় । ইয়াৰ ফল স্বৰূপে যুগ যুগ ধৰি ছোৱালী আৰু মহিলাৰ মানসিক অৱস্থা, মানসিক আৰু সামাজিক জীৱন তথা আটাইতকৈ গুৰুত্বপূৰ্ণ ভাৱে স্বাস্থ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাই আহিছে । এই সামাজিক-সাংস্কৃতিক নিষেধাজ্ঞা আৰু বিশ্বাসবোৰক প্ৰত্যাহ্বান জনাই আগবাঢ়ি গ’লেও বিভিন্ন সময়ত বহুতো সমস্যাৰ সৃষ্টি হোৱা দেখা যায় । ইয়াৰ প্ৰধান কাৰণ হ’ল স্বাস্থ্য, ঋতুস্ৰাৱ, প্ৰজনন প্ৰক্ৰিয়া আদিৰ সম্পৰ্কে জানিবলগীয়া কথাৰ বিষয়ে উপযুক্ত বয়সত অৱগত নকৰা বা অৱগত কৰিবলৈ লাজ বা সংকোচবোধ কৰা । সেয়ে কৈশোৰ অৱস্থাত হোৱা দৈহিক পৰিৱৰ্তন, ঋতুস্ৰাৱ, যৌনাঙ্গৰ ৰোগ, স্বাস্থ্যৰ প্ৰতি সচেতনতা, প্ৰজনন আদিৰ বিষয়ে মুকলিকৈ আলোচনা কৰা অতি প্ৰয়োজন ।

        বৰ্তমানো কিছুমান ঠাইত চলি অহা সামাজিক-সাংস্কৃতিক, ধৰ্মীয় প্ৰভাৱ আদিৰ ফলত এই বিষয়ে জ্ঞানৰ অভাৱৰৰ বাবে বাধাৰ সন্মুখীন হ’বলগীয়া হয় । ভাৰতত অতীজতে ঋতুস্ৰাৱৰ বিষয়ে উল্লেখ কৰাও নিষিদ্ধ আছিল । বৰ্তমানো বহুতো অঞ্চলত লেতেৰা, অপৱিত্ৰ বুলি পূজা, ৰান্ধনীশাল আদিৰ বাহিৰেও সামাজিক কামত অংশ লোৱাৰ পৰা বিৰত থাকিবলগীয়া হয় । বৈদিক যুগৰ পৰাই চলি অহা এই নিষেদ্ধাজ্ঞাৰ উৎপত্তি ইন্দ্ৰদেৱতাই বৃত্ৰাসুৰ হত্যাৰ লগত জড়িত বুলি প্ৰবাদ আছে । মহিলাসকলে ইন্দ্ৰৰ এই হত্যাৰ অপৰাধৰ কিছু অংশ নিজৰ গা পাতি লৈছিল । বেদত কোৱা হৈছে ব্ৰাহ্মণ হত্যাৰ অপৰাধত প্ৰতিমাহে ঋতুস্ৰাৱ প্ৰৱাহৰ প্ৰচলন হয় । সেয়ে ঋতুস্ৰাৱৰ সময়ত মহিলাসকলৰ স্বাভাৱিক জীৱনৰ কামত অংশগ্ৰহণ কৰা নিষেধ । পাৰিবাৰিক কামকাজলৈ অহাৰ আগতে শুদ্ধ কৰাৰো নিয়ম প্ৰচলিত হৈ আহিছে । শুদ্ধিকৰণৰ পাছতহে দৈনন্দিন কামৰ মাজলৈ উভতি আহিব পাৰে । 

        বৈজ্ঞানিকভাৱে ঋতুস্ৰাৱৰ প্ৰকৃত কাৰণ সম্পূৰ্ণ বেলেগ । ডিম্বানু পৰিপক্ক হৈ গৰ্ভ ধাৰণ কৰাৰ সুযোগ নোপোৱাৰ ফলত এণ্ডোমেট্ৰিয়াল (Endometrial vessel)ৰ পৰা ৰক্তক্ষৰণ হয় । ইয়াত অপবিত্ৰতাৰ কোনো কাৰণ নাই ।

 দৈনন্দিন জীৱনত ছোৱালী বা মহিলাসকলে যিবোৰ নীতি-নিয়ম আৰু নিষেধাজ্ঞাৰ সন্মূখীন হ’বলগীয়া হয় তাৰ অন্তৰ্নিহিত কাৰণ হ’ল ঋতুস্ৰাৱৰ লগত জড়িত অন্ধবিশ্বাস । বিশ্বাস কৰা হয়—ঋতুমতী মহিলা অস্বাস্থ্যকৰ আৰু অপৰিষ্কাৰ, তাৰোপৰি ঋতুস্ৰাৱৰ সময়ত মহিলাৰ শৰীৰৰ পৰা একধৰণৰ গোন্ধ আৰু ৰশ্মি নিৰ্গত হয় যাৰ ফলত সংৰক্ষিত খাদ্য নষ্ট হয় । ঋতুস্ৰাৱৰ সময়ত খাদ্য প্ৰস্তুত কৰাত বা খাদ্য নষ্ট হোৱাত বা অইন কিবা প্ৰভাৱ পেলোৱাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই । অৱশ্যে ঋতুস্ৰাৱৰ সময়ত নিজক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় । ঋতুস্ৰাৱৰ সময়ত খোৱা-লোৱাৰ প্ৰতি যত্ন লোৱাটো অত‍্যন্ত প্ৰয়োজন যদিও খাদ্যৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাহে দেখা যায় ।

        বিভিন্ন অঞ্চলত কৰা এটি সমীক্ষা অনুসৰি শতকৰা প্ৰায় ৭০ গৰাকী ছোৱালীয়ে ঋতুস্ৰাৱ সম্বন্ধে অৱগত নহয় । আনকি তেওঁলোকৰ পৰিয়ালবৰ্গই এই বিষয়ে আলোচনা কৰিবলৈ ভয় বা উদ্বেগ প্ৰকাশ কৰে । ভাৰতৰ ঋতুমতী মহিলাৰ শতকৰা ৩৬ ভাগেহে চেনেটাৰী পেড ব্যৱহাৰ কৰে । বাকীসকলে পুৰণি কাপোৰ, টয়লেট পেপাৰ, টিচু পেপাৰ, মোজা, ভুছি, ছাই, গছৰ পাত, বোকা জাতীয় স্বাস্থ্যৰ বাবে হানিকাৰক উপকৰণ ব্যৱহাৰ কৰে । প্ৰতি বছৰে বহুতো ছাত্ৰীয়ে ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ পাছতে স্কুল এৰি দিয়াও দেখা যায় । ইয়াৰ মূল কাৰণ হ’ল স্কুলসমূহত পানী, পেড সলনি কৰিবলৈ বা পেলাবলৈ নিৰাপদ পৰিষ্কাৰ ঠাই নাই অৰ্থাৎ উপযুক্ত সা-সুবিধাৰ অভাৱ । তাৰ উপৰিও লগ-সমনীয়াৰ পৰা লাজ, ভয়ত আঁতৰি থকাৰ মানসিকতা ।

        আচৰিত যেন লাগিলেও গড়ে এগৰাকী মহিলাই তেওঁৰ জীৱনৰ সাত-বছৰ সময় ঋতুস্ৰাৱত অতিবাহিত কৰে । প্ৰতিবন্ধী আৰু বিশেষ ভাবে সক্ষম ছোৱালীৰ ক্ষেত্ৰত এই প্ৰক্ৰিয়া অতি কষ্টকৰ আৰু প্ৰত্যাহ্বানৰ বিষয় ।

 প্ৰথম ঋতুস্ৰাৱ আৰম্ভ হোৱাৰে পৰা এজনী ছোৱালীক শিকোৱা হয়—এই প্ৰক্ৰিয়া যিমানেই স্বাভাৱিক নহওঁক কিয় এয়া অত্যন্ত লজ্জাজনক, ঘৃণনীয়, অপবিত্ৰ আৰু নিষিদ্ধ । প্ৰকৃততে ঋতুস্ৰাৱ এনে এটি প্ৰক্ৰিয়া যাৰ দ্বাৰা এজনী ছোৱালী মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হয় । 

        সমাজৰ সচেতন নাগৰিক হিচাবে আমি প্ৰত্যেকেই এই সম্পৰ্কে সজাগ হোৱা উচিত । সামাজিক নিষেধাজ্ঞাই এগৰাকী উঠি অহা কিশোৰীৰ ওপৰত কেনে ধৰণৰ মানসিক, শাৰীৰিক প্ৰভাৱ পেলাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰখা আমাৰ কৰ্তব্য । যদি আমি ঋতুস্ৰাৱৰ দৰে স্বাভাৱিক প্ৰক্ৰিয়াটোক নিষেধাজ্ঞা আৰু বৈষম্যৰ দৃষ্টিৰে চাওঁ, তেন্তে আমি কেনেকৈ আশা কৰিব পাৰোঁ যে তেওঁলোক ডাঙৰ হৈ আত্মবিশ্বাসী আৰু স্পষ্টবাদী হ’ব ? ঋতুস্ৰাৱৰ সময়ত কেৱল পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাই নহয় নিষেধাজ্ঞসমূহ যে মহিলাৰ আৱেগিক আৰু মানসিক বৃদ্ধিৰ বাবে ক্ষতিকাৰক এই কথা বুজি চলি অহা বিশ্বাসৰ পৰা মুক্ত হোৱাটোও গুৰুত্বপূৰ্ণ । 

 সমগ্ৰ বিশ্বতে বিভিন্ন ধৰণে ঋতুস্ৰাৱৰ নেতিবাচক প্ৰভাৱ পৰিলক্ষিত হয় । সমীক্ষাৰ পৰা জানিব পৰা গৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ দৰে উন্নত দেশতো শতকৰা ৪০ ভাগ মহিলাই লাজ, ভয় আৰু আন সহকৰ্মীৰ পৰা সংকোচিত হ’বলগীয়া হয় । বিভিন্ন সাংস্কৃতিক আৰু ধৰ্মীয় গোষ্ঠীৰ ঋতুস্ৰাৱৰ তাৎপৰ্য বেলেগ বেলেগ । উত্তৰ আমেৰিকাৰ চেৰোকি (Cheroke nation) জনজাতিৰ লোকসকলে ঋতুমতী মহিলাসকলক পবিত্ৰ আৰু শক্তিশালী বুলি বিশ্বাস কৰে । এনে ইতিবাচক দৃষ্টিভঙ্গীৰ দৃষ্টান্ত বিৰল । 

        বৰ্তমান বহুতো বেচৰকাৰী সংন্থা আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ঋতুস্ৰাৱ সম্পৰ্কে সজাগতা আৰু স্বাস্থ্যবিধি প্ৰচাৰৰ অভিযান বিভিন্ন আঁচনিৰ জৰিয়তে কাৰ্যকৰী কৰি আছে । তাৰোপৰি স্কুলৰ আৰু দৰিদ্ৰ সীমা ৰেখাৰ তলৰ কিশোৰীসমূহক ঋতুস্ৰাৱৰ সময়ত প্ৰয়োজনীয় সামগ্ৰী যোগানৰ ব্যৱস্থা কৰিছে যদিও সেয়া কিন্তু প্ৰয়োজন সাপেক্ষে যথেষ্ট নহয় ।

 ঋতুস্ৰাৱ মহিলাৰ শৰীৰৰ অন্যতম প্ৰাকৃতিক প্ৰক্ৰিয়া, নাৰীত্ব আৰু উৰ্ব্বৰতাৰ চিহ্ন—যি পৃথিৱীৰ সকলো প্ৰজাতিৰ প্ৰাণীৰ বংশ বৃদ্ধিৰ বাবে অপৰিহাৰ্য্য ৷ বৰ্তমান ঋতুস্ৰাৱ যে এটি জৈৱিক প্ৰক্ৰিয়াৰ বাহিৰে আন একো নহয়, ইয়াত লাজ বা ভয়ৰ কোনো কাৰণ নাই—এই কথা বুজাই দিয়াৰ সময় সমাগত । এজনী ছোৱালীৰ পূৰ্ণতা প্ৰাপ্তিক অপবিত্ৰ আখ্যা দিয়াৰ কোনো যুক্তি থাকিব নোৱাৰে ।

জোনা মহন্ত, গুৱাহাটী । ২৮ মে’ ” Menstrual Hygiene Day” উপলক্ষে

প্ৰকাশিত -গণ অধিকাৰ, ২৮ /০৫/২০২২.

Articles

Post navigation

Previous post
Next post

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Poet
Lyricist & Author

Recent Posts

  • স্মৃতি সুঁৱৰি
  • মই যাজ্ঞসেনী
  • আন্দামান দ্বীপপুঞ্জৰ জনগোষ্ঠী
  • দুঃসময়
  •                                                                                 নাৰ্টিয়াং মন’লিথ
  • এৰি অহা বাটেৰে

Categories

  • Articles
  • Poems
  • Short Stories
  • Travelblog

Archives

  • June 2025
  • March 2025
  • January 2025
  • November 2024
  • August 2024
  • June 2024
  • March 2024
  • December 2023
  • November 2023
  • October 2023
  • September 2023
  • August 2023
  • July 2023
  • June 2023
  • May 2023
  • October 2022
  • May 2022
  • April 2022
  • March 2022
  • October 2019
  • October 2018
  • July 2018
  • November 2017
  • July 2017
  • December 2016
  • December 2015
  • January 2015
  • September 2011
  • July 2011

©2026 জোনালীৰ ডায়েৰী | WordPress Theme by SuperbThemes