Skip to content
জোনালীৰ ডায়েৰী
Jona Mahanta
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

  • Home
  • Poems
  • Travelblog
  • Articles
  • Videos
  • Profile
  • Gallery
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

হস্তীৰ কন্যা

Jona Mahanta, June 23, 2023June 26, 2023

যাৰ সংগীতৰ সুৰত আছিল সাধাৰণ জনতাৰ সুখ দুখৰ বন্যা, যাৰ বুকুত আছিল নিজ কলা-সংস্কৃতিৰ অন্তৰ্গত গোৱালপৰীয়া লোকগীতক বিশ্বৰ দৰবাৰত চিনাকি কৰাৰ অদম্য হেঁপাহ আৰু আছিল নিজ কলা-সংস্কতি আৰু আপোন মাটিক ভালপোৱাৰ স্পষ্ট

ছবি ৷ তেখেত আন কোনো নহয় আমাৰ সকলোৰে অতি পৰিচিত গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী হস্তীৰ কন্যা প্ৰতিমা পাণ্ডে বৰুৱা ৷
পশ্চিম অসমৰ অবিভক্ত গোৱালপাৰা জিলাৰ গৌৰী পুৰৰ প্ৰখ্যাত ৰাজ পৰিয়ালত ১৯৩৪ চনৰ ৩ অক্টোবৰ মহালয়াৰ দিনা জন্মগ্ৰহণ কৰা প্ৰতিমা বৰুৱাৰ¸ মাতৃ স্বৰ্গীয়া মালতীবালা বৰুৱা আৰু পিতৃ স্বৰ্গীয় প্ৰকৃতিশ চন্দ্ৰ বৰুৱা (লালজী) এজন প্ৰখ্যাত হাতী বিশেষজ্ঞ তথা চিকাৰী আছিল ৷ তেখেতৰ আন এটা পৰিচয় প্ৰথম অসমীয়া চলচ্ছিত্ৰ পৰিচালক ‘দেৱদাস’ খ্যাত প্ৰমথেশ বৰুৱাৰ ভাতিজী ৷ ঐশ্বৰ্য আৰু গৌৰৱময় ৰাজপৰিয়ালত দুই ভনী পূৰ্ণিমা আৰু প্ৰতিভাৰ স’তে শিশুকাল অতিবাহিত কৰিলেও প্ৰতিমা বৰুৱা ৰাজৰ্ষিক জীৱনৰ প্ৰতি আকৰ্ষিত নাছিল ৷ সৰুৰে পৰাই চিকাৰী দেউতাকৰ লগত বিভিন্ন জংগল আৰু সংস্কৃতিবান ঘৰুৱা পৰিবেশত ডাঙৰ দীঘল হোৱা বাবে হাতী, অৰণ্য আৰু গীতৰ প্ৰতি আকৰ্ষিত হৈছিল । গোৱালপৰীয়া লোকগীতৰ মাজত নিজকে আত্মনিয়োগ কৰিছিল ৷ যদিও জন্মসূত্ৰে গৌৰীপুৰৰ ৰাজপৰিয়াল বংশৰ, তেখেতৰ জন্মস্থান কলিকতা ৷ শিক্ষা জীৱনৰ পাতনিও মেলে কলিকতাৰ গোখলে মেমৰিয়েল স্কুলত ৷ প্ৰাথমিক শিক্ষাৰ পিছত কলিকতাৰ পৰা আহি গৌৰীপুৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত নাম ভৰ্তি কৰে আৰু ১৯৫৩ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় ৷ তাৰ পিছত উচ্চ শিক্ষাৰ বাবে কলিকতাৰ “চাউথ ক্যালকাটা গাৰ্লস কলেজ’’ত নাম ভৰ্তি কৰিছিল যদিও আগলৈ আৰু লিখা-পঢ়া শেষ নকৰিলে ৷ স্কুলত পঢ়ি থকা সময়তেই বিভিন্ন সংগীত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি বহুতো পুৰস্কাৰ লাভ কৰিছিল ৷
গোৱালপাৰীয়া লোকগীতৰ এটা সুকীয়া বৈশিষ্ট আছে ৷ উত্তৰবঙ্গৰ ‘ভাওৱাইয়া’ লোকগীতৰ সৈতে ইয়াৰ কথা আৰু সুৰৰ মিল পৰিলক্ষিত হ’লেও উচ্চাৰণৰ পাৰ্থক্য বিদ্যমান ৷ যিকোনো অঞ্চলৰ লোকগীতত সেই অঞ্চলৰ ভৌগলিক অৱস্থা, সেই অঞ্চলৰ সাধাৰণ মানুহৰ জীৱন, জীৱিকা আৰু চাৰিত্ৰিক গঠনৰ ওপৰত নিৰ্ভৰ কৰে ৷ সেয়েহে গোৱালপৰীয়া লোকগীতৰ ওপৰত এই অঞ্চলৰ কৃষিজীৱন, জীৱজন্তুৰ ভিতৰত হাতী, বন্যম’হ আৰু গদাধৰ নদীৰ যথেষ্ট প্ৰভাৱ দেখা যায় ৷ সেইবাবেই গোৱালপৰীয়া লোকগীতত মাহুত (মাউত), মইষাল (ম’হৰখীয়া), নাৱৰীয়া আদিৰ প্ৰভাৱেই বেছি ৷ তাৰোপৰি শ্ৰমৰ গীত, দুখৰ গীত, প্ৰেম-ভালপোৱাৰ গীত গোৱালপৰীয়া লোকগীতৰ প্ৰধান বৈশিষ্ট ৷ এই “গোৱালপৰীয়া লোকগীত”ৰ আনুষ্ঠানিক প্ৰচলন প্ৰতিমা বৰুৱাৰ গীতৰ মাধ্যমেৰে ১৯৫৬ চনত আৰম্ভ হয় ৷ ৰাজ পৰিয়ালত জন্মগ্ৰহণ কৰিলেও সাধাৰণ জীৱন-যাপন আৰু অসাধাৰণ ব্যক্তিত্বৰে তেখেতে গোৱালপৰীয়া লোকগীতক বিশ্বৰ দৰবাৰত লৈ যাবলৈ আপ্ৰাণ চেষ্টা কৰিছিল ৷ গোৱালপৰীয়া লোকগীত সামন্তবাদী সমাজৰ অভাৱগ্ৰস্ত মহিলাৰ দুখৰ কথা, বিৰহ, বিদ্ৰোহ আৰু আশাৰ মাজত দোদুল্যমান যন্ত্ৰনাগ্ৰস্ত নাৰীৰ বেদনাৰ গীত ৷ প্ৰতিমা বৰুৱাৰ কণ্ঠত অতি নিখুঁত ভাৱে ফুটি উঠিছিল নাৰীৰ হৃদয়ৰ বিৰহ-বেদনা, বিদ্ৰোহ ৷ তেখেতৰ গীতৰ আন এটা বৈশিষ্ট গীত পৰিবেশনৰ কাৰণে তেখেতে স্থানীয় বাদ্যযন্ত্ৰ যেনে দোতোৰা, একতাৰা, তাল, বাঁহী ব্যৱহাৰ কৰিছিল ৷
সৰু কালৰে পৰা চিকাৰী দেউতাকৰ লগত গোৱালপাৰা, গাৰোপাহাৰ আৰু ভূটানৰ বিভিন্ন জংঘললৈ গৈ বছৰৰ ছয়মাহ কাল হাতীৰ মহলত কটাইছিল৷ সেই সময়তে বিভিন্ন অঞ্চলৰ যেনে ৰাভা, বড়ো, ৰাজবংশী, বিহাৰী আদিৰ মাহুতসকলৰ মুূখে মুখে প্ৰচলিত গীতবোৰ শুনি এই গীতবোৰৰ প্ৰতি তেখেতে আকৃষ্ট হৈছিল আৰু তেওঁলোকৰ পৰাই প্ৰথমতে শিকিছিল৷ তাৰ উপৰিও দেউতাকৰ লগত ম’হৰ বাথান (খুঁটি ) লৈ যাওঁতে মইষালসকলৰ পৰা মইষাল গীত শিকিছিল ৷ সৰুৰে পৰা দেউতাকৰ পৰা যথেষ্ট উৎসাহ আৰু প্ৰেৰণা পাইছিল আৰু দেউতাকে নিজেই গানবোৰ গাবলৈ সংগ্ৰহ কৰি দিছিল ৷ ১৯৪৯ চনত কলিকতাৰ ‘নিউ এম্পেয়াৰ থিয়েটাৰ’ হলত পেহীয়েক নীলিমা বালা বৰুৱাৰ আৰু উদয় শংকৰৰ ভায়েক কামিনীৰ সহযোগত অনুষ্ঠিত সংগীত সন্ধিয়াত প্ৰথম লোকগীত পৰিবেশন কৰি প্ৰতিমা বৰুৱাই দৰ্শকৰ প্ৰশংসা আৰু হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল ৷
১৯৫৫ চনত প্ৰমথেশ বৰুৱাৰ ডাঙৰ লৰা অলকেশ বৰুৱাৰ লগত পত্ৰ বন্ধুত্বৰ সুত্ৰে ডঃ ভূপেন হাজৰিকা গৌৰীপুৰলৈ গৈছিল ৷ এদিন ডঃ ভূপেন হাজৰিকাৰ উপস্থিতিত অলকেশ বৰুৱাৰ ঘৰত হোৱা এটি সংগীত সন্ধিয়াৰ অনুষ্ঠিত হৈছিল ৷ সেই অনুষ্ঠানত মনোজ বৰুৱা,ডঃ ভূপেন হাজৰিকাৰ গীত পৰিবেশনৰ পিছত প্ৰতিমা বৰুৱাই ভবেন্দ্ৰ সিং ৰায় আৰু বসন্ত মালীয়ে বজোৱা দতোৰা আৰু ঢোলৰ সঙ্গত ‘হস্তীৰ কন্যা’, ‘সোনাৰ বৰঙ পাখি’কে আদি কৰি কেইবাটাও গীত পৰিবেশন কৰিছিল ৷ তেখেতৰ গীত শুনি ডঃ ভূপেন হাজৰিকাৰ অভিভূত হৈ পৰিছিল আৰু গোৱালপৰীয়া লোকগীতক প্ৰতিমা বৰুৱাই উচ্চ পৰ্য্যায়লৈ লৈ যাব পাৰিব বুলি দৃঢ় বিশ্বাস হৈছিল ৷ সেয়াই আছিল প্ৰতিমা বৰুৱাৰ শিল্পী জীৱনৰ প্ৰথম পদক্ষেপ ৷
১৯৫৬ চনত ডঃ ভূপেন হাজৰিকাৰ “এৰা বাটৰ সুৰ” নামৰ চলচ্ছিত্ৰ খনত দুটি গানত কণ্ঠ দান কৰি প্ৰতিমা বৰুৱাই সংগীত জগতত খোজ পেলায় ৷ ১৯৫৭ চনত “ভাৰতীয় গণনাট্য সংঘৰ অধিবেশন”ত গুৱাহাটীৰ জজ খেলপথাৰত পোনপ্ৰথম বাৰৰ বাবে ভূপেন হাজৰিকা, হেমাংগ বিশ্বাস, দিলীপ শৰ্ম্মা আদিৰ সৈতে গীত পৰিবেশন কৰি ৰাজহুৱা সংগীত জীৱনৰ পাতনি মেলে ৷ ১৯৬২ চনত প্ৰথম ‘একবাৰ হৰি বলো মন ৰছনা’ গীতটি গুৱাহাটী আকাশ বাণীত পৰিবেশন কৰি শ্ৰোতাৰ মন জিকিবলৈ সমৰ্থ হয় ৷ ১৯৭৫ চনত ভূপেন হাজৰিকাৰ উদ্যোগত প্ৰথম গীত বাণীবদ্ধ কৰে কলিকতাত আৰু শিল্পীৰূপে নিজকে প্ৰতিষ্ঠা কৰে ৷ ১৯৭৬ চনত তেখেতে আকাশবাণীৰ শিল্পী হিচাবে স্বীকৃতি লাভ কৰে ৷ তেখেতৰ মুঠ ৩২০ টা গানৰ ৰেকডিং ১৯৬২ ৰ পৰা ১৯৮৮ চনৰ ভিতৰতে কৰা হৈছিল ৷ ডঃ ভূপেন হাজৰিকাদেৱৰ প্ৰেৰণা আৰু উৎসাহৰ বাবে তেখেতে গোৱালপৰীয়া লোকগীতৰ লগত ওতঃপোত ভাৱে জড়িত হৈ পৰিছিল ৷
১৯৬৯ চনৰ ১৬ ছেপ্টেম্বৰত গৌৰীপুৰৰ “প্ৰমথেশ বৰুৱা কলেজ”ৰ ইংৰাজী বিষয়ৰ অধ্যাপক বিশিষ্ট শিক্ষাবিদ গংগাশংকৰ পাণ্ডেৰ লগত ৰাজপৰিয়ালৰ শিৱ মন্দিৰত বিবাহ পাশত আৱদ্ধ হয় ৷ ১৯৭০ চনৰ ২৩ জানুৱাৰীত অমৃতা আৰু ১৯৭২ চনৰ ৩০ জুনত¸ অলকা নামেৰে দুগৰাকী কন্যা সন্তানৰ মাতৃ হয় ৷ ব্যক্তিগত আৰু পাৰিবাৰিক জীৱনতকৈও তেখেতে গোৱালপৰীয়া লোকগীতক ৰাষ্ট্ৰীয় তথা বিশ্ব দৰবাৰত চিনাকি কৰি দিয়াতহে আত্মোৎসৰ্গ কৰিছিল ৷ প্ৰতিমা বৰুৱা আৰু তেখেতৰ স্বামীৰ মাজত বহুত ক্ষেত্ৰত ভিন্নতা থাকিলেও তেখেতৰ শিল্পী জীৱনত আগুৱাই যাবলৈ স্বামী গংগাশংকৰ পাণ্ডে সদায় উৎসাহ আৰু উদ্দীপনা দি সহায় কৰিছিল ৷
মানুহৰ মন প্ৰাণ হৰি নিয়া লোকগীতৰ বাবেই তেখেত গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী ৷ যি সম্ৰাজ্ঞীৰ প্ৰেমত পৰিছিল ভাৰতীয় চিনেমাৰ প্ৰৱাদ পুৰুষ ঋত্বিক ঘটক ৷ ঋত্বিক ঘটকে গৌৰীপুৰৰ তেখেতৰ ঘৰ “ হাওয়াখানা”লৈ আহি দেউতাক প্ৰকৃতিশ বৰুৱাক প্ৰতিমা বৰুৱাক বিয়া কৰোৱাৰ প্ৰস্তাৱ দিছিল ৷ ঋত্বিক ঘটকৰ প্ৰস্তাৱৰ উত্তৰত ব্যক্তি স্বাধীনতা বিশ্বাসী প্ৰকৃতিশ বৰুৱাই কৈছিল,“ যাক তুমি বিয়া কৰাব বিচৰা তেওঁকেই প্ৰস্তাৱ দিয়া”৷ ঋত্বিক ঘটকৰ আৰু এই প্ৰস্তাৱ দিয়া নহ’ল ৷ পিছত ঋত্বিক ঘটকে তেখেতৰ “বগলাৰ বঙ্গদৰ্শন” নামৰ ছবিখনৰ আটাইবোৰ গান প্ৰতিমা বৰুৱাৰ কণ্ঠৰে ৰেকডিং কৰিছিল ৷ অৱশ্যে ঋত্বিক ঘটকে ছবিখনৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে ৷
গোৱালপৰীয়া লোকগীতলৈ তেখেতৰ অৱদানৰ বাবে তেখেতলৈ বিভিন্ন বঁটা আগবঢ়োৱা হয় ৷ ১৯৮৮ চনত ‘ভাৰত সংগীত নাটক একাডেমী’ আৰু ১৯৯১ চনত ভাৰত চৰকাৰৰ সন্মানিত ‘পদ্মশ্ৰী’ উপাধিৰে অলংকৃত কৰা হয় ৷ উত্তৰ বংগ বিশ্ববিদ্যালয়ে তেখেতলৈ ২০০১ চনত ডি,লিট উপাধি প্ৰদান কৰে ৷ তাৰ উপৰিও ১৯৭৭ চনত ‘অসম শিল্পী’ বঁটা, বিষ্ণুৰাভা বঁটা, জয়মতী বঁটা ,অসম নাট্য সমিতি বঁটা, ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ প্ৰশস্তি পত্ৰ, অব্বাছুদ্দিন মেম’ৰিয়েল বঁটা (কলকাতা) আদিৰে বিভূষিত কৰা হয় ৷
শিল্পীগৰাকীৰ জীৱনৰ আধাৰত প্ৰবীণ হাজৰিকাই নিৰ্মান কৰা “হস্তীৰ কন্যা” নামৰ তথ্যচিত্ৰখনে ১৯৯৭ চনত শ্ৰেষ্ঠ জীৱনীমূলক তথ্যচিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে ৷ ২০১৬ চনত প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱনৰ ওপৰত আধাৰিত ছবি “সোনাৰ বৰঙ পাখি” ববী শৰ্মা বৰুৱাৰ পৰিচালনাত নিৰ্মান কৰা হয় ৷ প্ৰণামী বৰুৱা আৰু সুস্মিতা ৰয়ে প্ৰতিমা পাণ্ডেৰ চৰিত্ৰত অভিনয় কৰা এই ছবিখনত তেখেতৰ জীৱনৰ তিনিটা স্তৰত দেখুৱা হৈছে ৷


এসময়ত সকলো শ্ৰেণীৰ শ্ৰোতাৰ মাজত প্ৰচাৰ মাধ্যম আছিল ৰেডি’অ ৷ ষাঠী দশকৰ আৰম্ভণিতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ জৰিয়তে প্ৰচাৰ হোৱা প্ৰতিমা পাণ্ডেৰ লোকগীতে শ্ৰোতাক নতুন গীতৰ সোৱাদ দিয়াৰ লগতে গোৱালপৰীয়া লোকগীতৰ ব্যাপক প্ৰচাৰ কৰিলে ৷ সাংসাৰিক জীৱনৰ লাহ-বিলাস নেওচি সাধাৰণ জীৱন যাপন কৰি গোৱালপৰীয়া লোকগীতক মাহুতৰ মুখৰ পৰা আনি গোটেই বিশ্বৰ লগত চিনাকি কৰিলে ৷ পোন প্ৰথমে যদিও আকাশবাণী গুৱাহাটী কেন্দ্ৰই তেখেতৰ গীতক লৈ কিছু বিমোৰত পৰিছিল যদিও ডঃ ভূপেন হাজৰিকা, ৰুদ্ৰ বৰুৱা আৰু সেই সময়ৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালক পুৰুষোত্তম দাসৰ প্ৰচেষ্টাত ১৯৬২ চনৰ প্ৰথম ভাগৰ পৰাই প্ৰতিমা পাণ্ডেৰ কণ্ঠত আকাশবাণীত বাজিল গোৱালপৰীয়া লোকগীত ৷ এই মহান শিল্পীগৰাকী গোৱালপৰীয়া লোকগীতৰ ভঁৰাল চহকী কৰি অসংখ্য অনুৰাগীক এৰি থৈ ২০০২ চনৰ ২৭ ডিচেম্বৰত গুৱাহাটীৰ জি এন আৰ চি হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে ৷ শিল্পী হিচাবে পৰিচিত প্ৰতিমা বৰুৱা আছিল এগৰাকী সুদক্ষ চিকাৰীও ৷ আজিও তেখেতৰ বিভিন্ন পুৰস্কাৰ ,স্মাৰক পত্ৰ আদিৰ লগতে গাভৰু কালতে তেখেতে চিকাৰ কৰা বাঘৰ ছাল আৰু মূৰ ‘হাওয়াখানা’ত সংৰক্ষিত অৱস্থাত আছে ৷ আমাৰ মাজৰ পৰা আঁতৰি গ’লেও তেখেত আমাৰ মাজত চিৰ স্মৰণীয় হৈ থাকিব ৷

জোনা মহন্ত ৷

প্ৰকাশিত- ২৫  ডিচেম্বৰ ২০২০; দৈনিক অসম ।

Articles

Post navigation

Previous post
Next post

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Poet
Lyricist & Author

Recent Posts

  • স্মৃতি সুঁৱৰি
  • মই যাজ্ঞসেনী
  • আন্দামান দ্বীপপুঞ্জৰ জনগোষ্ঠী
  • দুঃসময়
  •                                                                                 নাৰ্টিয়াং মন’লিথ
  • এৰি অহা বাটেৰে

Categories

  • Articles
  • Poems
  • Short Stories
  • Travelblog

Archives

  • June 2025
  • March 2025
  • January 2025
  • November 2024
  • August 2024
  • June 2024
  • March 2024
  • December 2023
  • November 2023
  • October 2023
  • September 2023
  • August 2023
  • July 2023
  • June 2023
  • May 2023
  • October 2022
  • May 2022
  • April 2022
  • March 2022
  • October 2019
  • October 2018
  • July 2018
  • November 2017
  • July 2017
  • December 2016
  • December 2015
  • January 2015
  • September 2011
  • July 2011

©2026 জোনালীৰ ডায়েৰী | WordPress Theme by SuperbThemes