Skip to content
জোনালীৰ ডায়েৰী
Jona Mahanta
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

  • Home
  • Poems
  • Travelblog
  • Articles
  • Videos
  • Profile
  • Gallery
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

মহিষাসুৰমৰ্দিৰ্নী

Jona Mahanta, June 23, 2023June 16, 2024

দেৱী দুৰ্গাৰ আৰাধনাক কেন্দ্ৰ কৰি অনুষ্ঠিত কৰা হয় হিন্দু সম্পদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ দুৰ্গা পূজা বা দুৰ্গোৎসৱ এই কথা আমাৰ সকলোৰে জ্ঞাত । সিংহবাহনা, দশভুজা দেৱী দুৰ্গাৰ পূজাৰ প্ৰচলন কেতিয়াৰ পৰা হ’ল সেই বিষয়ে  বহুতো আখ্যান আছে । সেইবাবে দুৰ্গাৰ পূজাৰ প্ৰথম প্ৰচলনৰ বিষয়ে ঠাৱৰকৈ কোৱা টান । যদিও আহিন মাহৰ শুক্ল পক্ষৰ ষষ্ঠী তিথিৰ দিনাখন দেৱীৰ বোধন হয়, তাৰপিছৰ তিনিদিন ক্ৰমে মহাসপ্তমী, মহাঅষ্টমী আৰু মহানৱমী পূজা যথাবিহিত ৰীতি-নীতি অনুযায়ী পুজা-অৰ্চনাৰ শেষত দশমীতিথিৰ দিনা দেৱীৰ প্ৰতিমা পৱিত্ৰ পানীত বিসৰ্জন দিয়াৰ পৰম্পৰা সৰ্বজনবিদিত । চ’ত মাহ অৰ্থাৎ বসন্ত কালৰ শুক্লপক্ষত পালন কৰা দুৰ্গা পূজাক বাসন্তী পূজা আৰু আহিন মাহ অৰ্থাৎ শৰৎ কালৰ শুক্লপক্ষত পালন কৰা দুৰ্গা পূজাক শাৰদীয় দুৰ্গা পূজা বুলিও কোৱা হয় । শাস্ত্ৰ অনুসৰি আহিন মাহৰ শুক্ল পক্ষক ‘দেৱীপক্ষ’ বুলিও কোৱা হয় । দেৱীপক্ষৰ পূৰ্বৱৰ্তী অমাৱস্যাক ‘মহালয়া’ বুলি কোৱা হয় । যদিও মহালয়াৰ পৰাই দুৰ্গা পূজাৰ আনুষ্ঠানিকতা আৰম্ভ হয় এই দিনটোৰ তাৎপৰ্য কিছু বেলেগ । এই তিথিক পিতৃপক্ষ বুলিও কোৱা হয় ।মহালয়াৰ দিনাখন পিতৃপক্ষ শেষ আৰু সেইদিনা পূৰ্বপুৰুষক স্মৰণ কৰি পূৰ্বপুৰুষৰ আত্মাৰ শান্তি কামনা কৰি তৰ্পণ কৰা  হয় ।    

                মহালয়াৰ পিছদিনাৰ পৰা অৰ্থাৎ দেৱীপক্ষৰ প্ৰতিপদৰ পৰা মহানৱমীলৈ এই ন-দিন নৱৰাত্ৰি হিচাপে দেৱীৰ ন-টা ৰূপ ক্ৰমে– শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰী, মহাগৌৰী আৰু সিদ্ধিদাত্ৰী উপাসনা কৰা হয় ।

                 দেৱী দুৰ্গা পূজাৰ উৎপত্তি আৰু প্ৰাচীনতাক লৈ বহুতো আখ্যান-উপাখ্যান আছে । সৰ্বপ্ৰথমে কোনে দেৱী পূজাৰ প্ৰচলন কৰিছিল সেইলৈয়ো বিভিন্ন মতবাদ শুনা যায় । ইতিহাসৰ কোনো প্ৰমাণিক তথ্য নাই যদিও পৌৰাণিক আখ্যান অনুসৰি

ব্ৰহ্মবৈৱৰ্ত পুৰাণ মতে শ্ৰীকৃষ্ণক দুৰ্গা পূজাৰ প্ৰৱৰ্তক বুলি কোৱা হয় । এই পুৰাণ মতে সৃষ্টিৰ প্ৰথম যুগতে শ্ৰীকৃষ্ণই বৃন্দাবনৰ মহাৰাসমণ্ডলত প্ৰথম দুৰ্গা পূজা কৰিছিল । ইয়াৰ পিছত মধুকৈটভ নামৰ অসুৰৰ অত্যাচাৰত অতিষ্ঠ হৈ ব্ৰহ্মাই দ্বিতীয়বাৰ দুৰ্গা পূজা কৰিছিল । ত্ৰিপুৰ নামৰ অসুৰ এজনৰ লগত হোৱা যুদ্ধত বিপদত পৰি শিৱই তৃতীয়বাৰ আৰু দুৰ্বাসা মুনিৰ অভিশাপত ইন্দ্ৰই লক্ষ্মীক হেৰাই চতুৰ্থবাৰ দুৰ্গা পূজা কৰিছিল । ইয়াৰ পিছৰ পৰা ঋষিমুনি, সিদ্ধপুৰুষ, দেৱতা আৰু মানুহে দুৰ্গা পূজা কৰিবলৈ ল’লে । বিভিন্ন সময়ত দেৱ-দেৱীয়ে কেনেদৰে দুৰ্গা পূজা কৰিছিল তাৰ বৰ্ণনাও এই পুৰাণত উল্লেখ আছে ।

                 ‘দুৰ্গা’–অৰ্থাৎ  যিয়ে দুৰ্গতি বিনাশ কৰে । যি মহিষৰূপী অসুৰ শক্তিৰ দ্বাৰা জীৱৰ দুৰ্গতি হয় সেই অসুৰ শক্তিক নাশ কৰি জীৱৰ দুৰ্গতি বিনাশ কৰে সেয়াই হৈছে ‘মহিষাসুৰমৰ্দিনী’ অৰ্থাৎ ‘দুৰ্গতিবিনাশী’ দুৰ্গা । ‘দুৰ্গা’ এই শব্দটো বিশ্লেষণ কৰিলে দেখা যায় ইয়াৰ প্ৰতিটো বৰ্ণই দেৱী দুৰ্গাৰ স্বৰূপ বাখ্যা কৰে ।

    দৈত্যনাশাৰ্থ বচনো দকাৰঃ পৰিকীত্তিৰ্তঃ

    উকাৰো বিঘ্ননাশস্য বাচকো বেদ সন্মতঃ ।

     ৰেফো ৰোগঘ্ন বচনোগ(পাপঘ্নবাচকঃ

     ভবশত্ৰুঘ্নবচন(কাৰঃ পৰিকীত্তিৰ্তঃ ।।

  অৰ্থাৎ       ‘দ’– বৰ্ণই দৈত্য নাশ

                  ‘উ’– কাৰে বিঘিনি নাশ

                  ‘ৰেফ’– ৰোগ নাশক

                  ‘গ’– বৰ্ণই পাপ নাশ

 আৰু ‘আ’– কাৰে ভয় বা শত্ৰুৰ পৰা যিয়ে ৰক্ষা কৰে ।

 অৰ্থাৎ দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু শত্ৰুৰ হাতৰ পৰা যিয়ে ৰক্ষা কৰে তেঁৱেই দুৰ্গা ।

“যা দেৱী সৰ্বভূতেষু শক্তিৰূপেন সংস্থিতা ।”

 ইয়াৰ অৰ্থ সকলো জীৱৰ মাজত শক্তিৰূপে যি অন্তৰ্নিহিত হৈ থাকে তেঁৱেই দুৰ্গা ।

 শাৰদীয় দুৰ্গা পূজাক ‘অকালবোধন’ বুলিও কোৱা হয় । পৌৰাণিক আখ্যান অনুসৰি এই পূজাত দেৱীৰ অকালবোধন কৰা হৈছিল ।  শৰৎ কাল দক্ষিণায়নৰ অন্তৰ্গত ।হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি দক্ষিণায়ন দেৱ-দেৱীৰ শয়নৰ সময় আৰু উত্তৰায়ন জাগৰণৰ । কালিকা পুৰাণ আৰু বৃহদ্ধৰ্ম পুৰাণ মতে ৰজা ৰামচন্দ্ৰই ৰাৱণৰ পৰা সীতাক উদ্ধাৰ কৰাৰ সময়ত নিজ শক্তি বৃদ্ধি কৰিবলৈ শৰৎকালত দুৰ্গা পূজা অনুষ্ঠিত কৰিছিল । দেৱতাসকল এই সময়ত নিদ্ৰাত থাকে বাবে পূজাৰ বাবে উপযুক্ত সময় নহয় । অকালৰ পূজা বাবেই এই পূজাৰ আন এটি নাম ‘অকালবোধন’৷ এই দুখন ধৰ্মগ্ৰন্থ অনুসৰি স্বয়ং ব্ৰহ্মাই ৰামক সহায় কৰিবলৈ নিজেই দুৰ্গাৰ বোধন আৰু পূজা কৰিছিল ।কৃত্তিবাসী ৰামায়নৰ মতে ৰামচন্দ্ৰই নিজেই দুৰ্গাৰ বোধন আৰু পূজা কৰিছিল ।  মূল ৰামায়ন ৰচোতা বাল্মীকিৰ ৰামায়নত ৰামৰ দুৰ্গা পূজাৰ বিষয়ে কোনো উল্লেখ নাই ।

                 দেৱী দুৰ্গা আৰু দুৰ্গা পূজাক কেন্দ্ৰ কৰি বহুতো প্ৰচলিত পৌৰাণিক আখ্যান আছে যদিও  শ্ৰীশ্ৰীচণ্ডী বা দেৱীমাহাত্ম্যম্‌ গুৰুত্ব বেছি । দেৱীমাহাত্ম্যম্‌ প্ৰকৃততে মাৰ্কণ্ডেয় পুৰাণৰ এটি অংশ ।  শ্ৰীশ্ৰীচণ্ডীত বৰ্ণিত দেৱী দুৰ্গাৰ কাহিনী সমূহৰ ভিতৰত জনপ্ৰিয় আৰু পৰিচিত কাহিনী হৈছে মহিষাসুৰ বধৰ কাহিনী ।

                এতিয়া মনলৈ আহে আমি কিয় দুৰ্গা পূজা কৰো ? ইয়াৰ উদ্দেশ্য নো কি ? আমাৰ অন্তৰত থকা পাশবিক চিন্তা অৰ্থাৎ লোভ-মোহ, কাম-ক্ৰোধ, হিংসা-দ্বেয়, পৰশ্ৰীকাতৰতা আদি আসুৰিক ভাৱবোৰ  আঁতৰ বা নাইকীয়া কৰিবলৈ দেৱী দুৰ্গাৰ আৰাধনাৰ মূল উদ্দেশ্য ৷ যদিও কোৱা হয় ‘দুৰ্গ’ নামৰ এজন অসুৰক বধ কৰি  দুৰ্গা নামে তেওঁ পৰিচিত হোৱাৰ উপৰিও মধুকৈটভ, মহিষাসুৰ,শুম্ভ -নিশুম্ভ, ধুম্ৰলোচন আদি নামৰ অসুৰবিলাকক বধ কৰি অপৰাজেয় হৈছিল । প্ৰকৃততে এই নামবাচক শব্দবোৰ হৈছে আমাৰ মনৰ মাজত বিদ্যমান কামনা-বাসনা, লোভ , হিংসা আদিৰ প্ৰতীক । এই পাপাত্মক অসুৰ বিলাক আমাৰ মনৰ মাজত সকলো সময়তে ক্ৰিয়া কৰি থাকে ফলস্বৰূপে সমাজত বিশৃঙ্খলতা, অৰাজকতা, নাৰী নিৰ্যাতন, অশুভ আচৰণ আদি দৈনন্দিন ঘটি থকাতো সাধাৰণ কথা হৈ পৰিছে । দুৰ্গা পূজাৰ মাধ্যমেৰে আমি যদি আমাৰ মনৰ মাজৰ এই অপশক্তিসমূহ মনৰ পৰা নিধনৰ সংকল্প লৈ আমাৰ মন পৱিত্ৰতা, সৰলতা, ক্ষমা, দয়া আদিৰে নিজৰ আৰু আনৰ সহায় কৰিব পাৰো তেতিয়াহে জীৱন সুখ- শান্তিৰ লগতে সমাজৰ উন্নতি সাধন কৰিব পাৰিম । আহিন বা চ’ত মাহৰ বিশেষ দিনকেইটাত দেৱী আৰাধনাতেই আমাৰ সংকল্প আৰু সমস্ত কৰ্তব্য শেষ বুলি ধৰি ন’লৈ জীৱনৰ প্ৰতিটো দিনতেই দেৱী দুৰ্গাক এটি শুভশক্তিৰ প্ৰতীক বুলি আৰাধনা উচিত । এনে কৰিলে নিশ্চয়  আমাৰ মনৰ অপশক্তি নাশ হোৱাৰ উপৰিও প্ৰতিজন ব্যক্তিৰ মাজত অন্তৰ্নিহিত হৈ থকা আত্মশক্তিৰ প্ৰসাৰণ ঘটিব আৰু দয়া, ক্ষমা, প্ৰেম, ধৈৰ্য্য আদিৰ প্ৰসাৰিত হৈ হৃদয় প্ৰফুল্লিত হব ।সেয়ে আমাৰ অন্তৰজগত খনক উন্নত আৰু মহান কৰি গঢ়াৰ বাবে আদ্যাশক্তি দেৱী দুৰ্গাৰ কৃপা লাভ কৰা যথেষ্ট গুৰুত্বপূৰ্ণ। 

পৌৰাণিক এই কাহিনীটোয়ে যেন এটা বিশেষ তাৎপৰ্যহে দাঙি ধৰিছে । এগৰাকী নাৰীৰ সীমাহীন শক্তি আৰু বিচিক্ষণমূলক দৃষ্টি ভঙ্গীৰ দ্বাৰা সমাজৰ পৰা অপশক্তি নিৰ্মূল কৰিবলৈ সক্ষম হয় ।

দুৰ্গাৰ আৱিৰ্ভাৱ সম্পৰ্কে প্ৰাসংগিকতা বিচাৰিলে অনুভৱ হয় এগৰাকী নাৰীয়ে যি ধৰণে লালিত-পালিত আৰু বিকশিত হয় সেয়া এক অবিৰাম শক্তি। সেই শক্তি প্ৰতিজন ব‍্যক্তিয়ে প্ৰয়োজনত সমাজত প্ৰয়োগ কৰা নিতান্তই প্ৰয়োজন। দেৱী দুৰ্গা কেৱল নাৰী শক্তিৰ প্ৰতীক নহয় । ইয়াৰ পৰা আমি বহুত কথা শিকিব পাৰোঁ । বিশেষকৈ নাৰীসকলৰ সমাজৰ প্ৰতি থকা দ্বায়িত্ব আৰু সচেতনতা বিষয়ে । বিভিন্ন কাহিনীৰ পৰা আমি সকলোৱে জানো প্ৰয়োজন আৰু পৰিস্থিতি সাপেক্ষে দেৱী দুৰ্গাৰ বিভিন্ন ৰূপ আৰু অৱতাৰ নিৰ্ভৰ কৰে । এগৰাকী নাৰীৰ ক্ষেত্ৰটো বিভিন্ন সময়ত বিভিন্ন ৰূপ প্ৰতিফলিত হোৱা দেখা যায় । মাতৃ, ভনী, পত্নী আদিৰ উপৰিও বিভিন্ন কৰ্ম ক্ষেত্ৰত নিয়োজিত মহিলাসকলে নিজৰ দক্ষতাৰ পৰিচয় দাঙি ধৰা । দেৱী দুৰ্গাই বিভিন্ন দেৱতাৰ পৰা লাভ কৰা অস্ত্ৰ-শস্ত্ৰৰে বিভূষিত হৈ মহিষাসুৰক বধ কৰিবলৈ সক্ষম হৈছিল কাৰণ দেৱতাসকলে তেওঁৰ ওপৰত জয়ৰ আস্থা ৰাখিছিল ঠিক সেইদৰে বাস্তৱ জীৱনতো নাৰীয়ে ইতিবাচক প্ৰশংসা আৰু উৎসাহৰ ফলত জীৱনত কৃতকাৰ্য্য হোৱা স্বাভাৱিক। দেৱী দুৰ্গা যেন সাহসৰ প্ৰতিমূৰ্তি ।

ৰিহাবাৰী উন্নয়ন সমিতিৰ দুৰ্গা পূজাৰ ২০২১ চনৰ স্মৰণিকাত প্ৰকাশিত ।

জোনা মহন্ত।

Articles

Post navigation

Previous post
Next post

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Poet
Lyricist & Author

Recent Posts

  • স্মৃতি সুঁৱৰি
  • মই যাজ্ঞসেনী
  • আন্দামান দ্বীপপুঞ্জৰ জনগোষ্ঠী
  • দুঃসময়
  •                                                                                 নাৰ্টিয়াং মন’লিথ
  • এৰি অহা বাটেৰে

Categories

  • Articles
  • Poems
  • Short Stories
  • Travelblog

Archives

  • June 2025
  • March 2025
  • January 2025
  • November 2024
  • August 2024
  • June 2024
  • March 2024
  • December 2023
  • November 2023
  • October 2023
  • September 2023
  • August 2023
  • July 2023
  • June 2023
  • May 2023
  • October 2022
  • May 2022
  • April 2022
  • March 2022
  • October 2019
  • October 2018
  • July 2018
  • November 2017
  • July 2017
  • December 2016
  • December 2015
  • January 2015
  • September 2011
  • July 2011

©2026 জোনালীৰ ডায়েৰী | WordPress Theme by SuperbThemes