খিৰিকী বিহীন এন্ধাৰ
মূল ঘৰৰ কিছু আঁতৰত এলান্ধুৰে ভৰা
আছুতীয়া খেৰৰ চালৰ ঘৰটি,
বাঁহৰ বেৰৰ জলঙাৰে আহে
দীঘলীয়া সূৰুজৰ ৰেঙণি ।
ধোঁৱা চাংত বাৰীৰ লাউ- কোমোৰা,
শুকান লাউৰ খোলাত নিমখ
মাটিৰ টেকেলিত কলাখাৰ
শুকান মাছ ভৰা কোক
ৰন্ধনৰ সামগ্ৰী বিধে বিধে ।
বাঁহৰ চেকনিৰ এমূৰত
নাৰিকলৰ কোৰোকাৰ হেতা
কজলা বাঁহৰ চুঙা ।
দক্ষিণ-পূৱ কোণৰ চৌকাত জ্বলে

শুকান খৰিৰ জুই দপদপাই
এ-ফুট মান দীঘল টিপ চাকিৰ
ঢিমিক-ঢামাক পোহৰত
বুকুত সেউজীয়া মেখেলাৰ মেথনি ,
মুৰত গামোছাৰ ওৰণিৰে
লখিমী স্বৰূপা দেৱী আই মাতৃয়ে
পাৰ চৰাইৰ মঙহৰ জালুকীয়া,
মাটি-মাহ, গুটি আলু ভাজি…..
আৰু যে কত কি
আটাইৰে বাবে ৰান্ধে বিধে বিধে
সুস্বাদু ব্যঞ্জন প্ৰতি দিনে প্ৰতিসাজে ।
অত্যাধুনিক “কিট্-চেন”ৰ মাজতো দেখোন
আজিও চকুত উঠে ভাঁহি
তাহানিৰ সেই “হাইহাল”ৰ ছবি ।
জোনা মহন্ত।
শব্দাৰ্থ : হাইহাল্ – ৰান্ধনিশাল