আৱেগেৰে ফুলিলা হৃদয়ত
সুগন্ধি ফুল হৈ
ওঁঠেৰে বোৱালা নিৰৱে
এখনি গভীৰ নৈ
জ্বলাই বিষাদৰ চাকি
গ’লা আঁতৰি শব্দহীন হৈ
থাকা কাষতে নিশা দুপৰীয়া
কায়াহীন হৈ
এন্ধাৰে বাট ভেটি ধৰে
লুণীয়া চকুলোবোৰ মোৰ
দিয়া উভতাই ।
জোনা মহন্ত ৷
আৱেগেৰে ফুলিলা হৃদয়ত
সুগন্ধি ফুল হৈ
ওঁঠেৰে বোৱালা নিৰৱে
এখনি গভীৰ নৈ
জ্বলাই বিষাদৰ চাকি
গ’লা আঁতৰি শব্দহীন হৈ
থাকা কাষতে নিশা দুপৰীয়া
কায়াহীন হৈ
এন্ধাৰে বাট ভেটি ধৰে
লুণীয়া চকুলোবোৰ মোৰ
দিয়া উভতাই ।
জোনা মহন্ত ৷