Skip to content
জোনালীৰ ডায়েৰী
Jona Mahanta
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

  • Home
  • Poems
  • Travelblog
  • Articles
  • Videos
  • Profile
  • Gallery
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

বিশ্ব এইডছ দিৱস

Jona Mahanta, June 23, 2023

প্ৰতিবছৰে ১ ডিচেম্বৰৰ দিনা “বিশ্ব এইডছ দিৱস” পালন কৰা হয়। ১৯৮৮ চনৰ পৰা পালন কৰা এই দিৱস এইড্‌ছৰ ৰোগৰ প্ৰতি জনসাধাৰণৰ সজাগতাৰ বাবে আৰু এই ৰোগত ভুগি মৃত্যু বৰণ কৰা লোক সকললৈ সমৰ্পণ কৰা হয়। সমগ্ৰ পৃথিৱীজুৰি চৰকাৰ, স্বাস্থ্যকৰ্মী, বেচৰকাৰী সংস্থা আদিয়ে এই দিৱস পালন কৰি এইড্‌ছ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ শিক্ষা প্ৰসাৰ কৰে।  বিশ্ব এইডছ দিৱস পালন কৰাৰ মুখ্য উদ্দেশ্য হ’ল HIV-পজিটিভ লোক আৰু এইড্‌ছ আক্ৰান্ত লোকৰ লগত সহমৰ্মিতা প্ৰকাশ কৰা যাৰ বাবে ৰঙা ফিটা এক গোলকীয় প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়৷ চুইজৰলেণ্ডৰ জেনেভাৰ বিশ্ব স্বাস্থ্য সংস্থাৰ দুজন ৰাজহুৱা তথ্য বিষয়া জেইম্‌ছ বান আৰু থমাহ নেটাৰে ১৯৮৭ চনৰ আগষ্টত প্ৰথমবাৰৰ বাবে বিশ্ব এইড্‌ছ দিৱস পালন কৰাৰ কথা ভাবিছিল। বান আৰু নেটাৰে তেওঁলোকৰ এই চিন্তাক এইড্‌ছৰ গোলকীয় আঁচনিৰ এতিয়া UNAIDS  নিৰ্দেশক ড° জনাথন মেনৰ আগত প্ৰকাশ কৰে। ড° মেনে এই প্ৰস্তাৱক সঁহাৰি জনায় ১৯৮৮ চনৰ ১ ডিচেম্বৰত প্ৰথম বিশ্ব এইড্‌ছ দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ তেতিয়াৰ পৰাই প্ৰতি বছৰে ১ডিচেম্বৰ তাৰিখটোত বিশ্ব এইডছ দিৱস হিচাপে সমগ্ৰ বিশ্বতে পালন কৰি অহা হৈছে ৷

     বৰ্তমান বিশ্বৰ ভয়াবহ ৰোগ সমুহৰ ভিতৰত এইডছো এটা অন্যতম মাৰাত্মক ৰোগ ৷১৯ ৮২ চনত পোন প্ৰথমে এই ৰোগ ধৰা পৰে আমেৰিকাৰ এটলাণ্টাত ৷ এইডছ (AIDS ) হৈছে ইংৰাজীৰ সংক্ষিপ্ত নাম ৷ Acquired Immune Deficiency Syndrome অৰ্থাৎ দেহত ৰোগ প্ৰতিৰোধী ক্ষমতাৰ অভাৱ ৷  Human immunodeficiency Virus (HIVসংক্ষেপে)   ৰ আক্ৰমণৰ ফলত দেহত এই ৰোগ হয় ৷১৯৮২ চনত এই ৰোগ ধৰা পৰে ১৯৮৩ চনত এই ভাইৰাছ চিনাক্ত হয় ১৯৮৬ চনত আন্তৰ্জাতিক সমিতি এখনে এই বিধ ভাইৰাছৰ নাম ৰাখে HIV বুলি ৷

     HIV ভাইৰাছৰ আক্ৰমণৰ ফলত মানুহৰ মৃত্যু নহয় ৷ এইডছ হ’লে  অন্য ৰোগক প্ৰতিৰোধ কৰা ক্ষমতা কমি যায়। কাৰণ HIV ভাইৰাছে মানুহৰ দেহত ৰোগ প্ৰতিৰোধ কৰিব পৰা কোষক আক্ৰমণ কৰে আৰু টি  ছেলক ধ্বংস কৰি ৰোগ  প্ৰতিৰোধ ক্ষমতা নোহোৱা কৰি পেলায় ৷ ৰোগ প্ৰতিৰোধ ক্ষমতা নোহোৱাৰ বাবে এইডছ আক্ৰান্ত লোক আন বিজাণুৰ দ্বাৰা সহজে আক্ৰান্ত হয় ৷ এই ৰোগ  যৌনক্ৰিয়া ,এইডছ আক্ৰান্ত লোকে ব্যৱহাৰ কৰা ছিৰিঞ্জ বা খুৰ , ৰক্ত সঞ্চাৰণ , এইডছ আক্ৰান্ত পিতৃ-মাতৃৰ পৰা সন্তানলৈ এই ৰোগ বিয়পে ৷ HIV ৰ দ্বাৰা আক্রান্ত হোৱাৰ

  লগে লগে এইডছ নহবও পাৰে। বীজাণু প্ৰৱেশ কৰাৰ মাধ্যমৰ উপৰত  নিৰ্ভৰ কৰি কোনো সুষ্ঠ লোকৰ দেহত  এই বেমাৰৰ লক্ষন  ৩ পৰা ১৪ বছৰ মানৰ  ভিতৰত  দেখা দিয়ে ৷ যৌন ক্ৰিয়াৰ ফলত এই ৰোগ হ’লে ৩ বছৰৰ পিছত  বেমাৰৰ লক্ষণে দেখা দিয়ে অন্য প্ৰথাৰে প্ৰবেশ কৰিলে ৪ বছৰৰ পাছত লক্ষণে দেখা দিয়ে কেতিয়াবা এই লক্ষণ ১৪ বছৰৰ পাছতো দেখা দিয়া দেখা গৈছে ৷যি কোনো বয়সৰ লোক এইডছ ৰোগত আক্ৰান্ত হ’ব পাৰে।  এই বেমাৰ হ’লে মানুহৰ সঘনাই জ্বৰ কাঁহ মূৰৰ বিষ ,ডিঙিৰ গ্ৰন্থি ফুলা,  গাঁঠিৰ বিষ শৰীৰৰ ওজন কমা, পেটৰ বীষ ,ভাগৰ লগা ৰক্তহীনতা আদি লক্ষণে দেখা দিয়ে ৷ তেজৰ পৰীক্ষা কৰাই এই ৰোগ নিৰ্ণয় কৰাৰ একমাত্ৰ উপায় ৷অৱশ্যে শুক্ৰাণুৰ পৰীক্ষাৰ দ্বাৰাও এই ৰোগ নিৰূপণ কৰিব পাৰি । HIV ৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পিছত লাহে লাহে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি নাইকীয়া হোৱা পৰ্য্যায়কে এইডছ বুলি কোৱা হয়।

            HIV ৰএটা সময় আছিল এইডছ ৰোগত আক্ৰান্ত হ’লে মৃত্যু হোৱাটো নিশ্চিত আছিল যদিও আজিৰ সময়ত এই ৰোগত আক্ৰান্ত হ’লে নিতৌ  দৰৱ সেৱনৰ ফলত মানুহ দীৰ্ঘদিন জীয়াই থাকিব পাৰে ৷ ৰোগ প্ৰতিৰোধ ক্ষমতা সৃষ্টিকাৰী ঔষধৰ উদ্ভাৱনে এইডছ আক্ৰান্ত লোকৰ জীৱনলৈ আশাৰ ৰেঙনি আনিলে যদিও  বিশ্বত এই ৰোগত আক্ৰান্ত হৈ আজিও মানুহ মৰি আছে । এই ৰোগৰ বীজাণু এবাৰ দেহত প্ৰৱেশ কৰিলে তাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় নাই। কিন্তু ঔষধৰ নিয়মিত ব্যৱহাৰে দেহক HIV ৰ লগত যুঁজিবলৈ আৰু বীজানুৰ পৰা দেখা দিয়া সমস্যাবোৰ লাঘৱ কৰিব পাৰি। 

        ২০১৩ চনৰ তথ্য অনুসৰি এইড্‌ছ ৰোগৰ ফলত বিশ্বজুৰি ৩.৬ কোটি মানুহৰ মৃত্যু হৈছে ১৯৮১পৰা ২০১২লৈকে, আৰু আনুমানিক ৩.৫৩ কোটি মানুহে এইড্‌ছ আক্ৰান্ত জীৱন যাপন কৰি আছে।পৃথিৱীৰ বহু অঞ্চলত এণ্টিৰেট্ৰ’ভাইৰেল ( Antiretroviral) ঔষধৰ উন্নত উপলব্ধতা সত্বেও প্ৰতিবছৰে এইড্‌ছে  ২,৭০,০০০ শিশুকে ধৰি ২০ লাখ লোকৰ জীৱন নাশ কৰে।

জোনা মহন্ত ।

১ ডিচেম্বৰ বিশ্ব এইডছ দিৱস

Articles

Post navigation

Previous post
Next post

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Poet
Lyricist & Author

Recent Posts

  • স্মৃতি সুঁৱৰি
  • মই যাজ্ঞসেনী
  • আন্দামান দ্বীপপুঞ্জৰ জনগোষ্ঠী
  • দুঃসময়
  •                                                                                 নাৰ্টিয়াং মন’লিথ
  • এৰি অহা বাটেৰে

Categories

  • Articles
  • Poems
  • Short Stories
  • Travelblog

Archives

  • June 2025
  • March 2025
  • January 2025
  • November 2024
  • August 2024
  • June 2024
  • March 2024
  • December 2023
  • November 2023
  • October 2023
  • September 2023
  • August 2023
  • July 2023
  • June 2023
  • May 2023
  • October 2022
  • May 2022
  • April 2022
  • March 2022
  • October 2019
  • October 2018
  • July 2018
  • November 2017
  • July 2017
  • December 2016
  • December 2015
  • January 2015
  • September 2011
  • July 2011

©2026 জোনালীৰ ডায়েৰী | WordPress Theme by SuperbThemes