
চাকৰি কৰি থকাৰ সময়ত ক’ৰবালৈ ফুৰিবলৈ যাম বুলিয়েই যাব নোৱাৰি ৷ ঘৰৰ আটাইৰে সুবিধা মিলাই যাবলৈ ঠিক কৰিলেও চৰকাৰী নিয়মৰ দীঘলীয়া সাঁকোখন পাৰ হ’বলৈ বহু দিন লাগে ৷ সেয়ে ভাবিছিলোঁ অৱসৰৰ পাছত যেতিয়াই মন যায় ফুৰিবলৈ যাব পাৰিম ৷ কিন্তু ‘ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি’– মোৰো তেনেকুৱাই হ’ল ৷ অৱসৰৰ পাছত ক’ভিড, লকডাউন আদিৰ বাবে প্ৰায় তিনিটা বছৰ ঘৰতে গৃহবন্দী হৈ থাকিলোঁ ৷ লাহে লাহে সকলো স্বাভাৱিক হোৱাত গম পালোঁ ত্ৰিধাৰা ট্ৰেভেল এজেন্সিৰ সহযোগত অসমৰ বিভিন্ন অঞ্চলৰ পৰা ত্ৰিশ জনীয়া গ্ৰুপ এটা ইণ্ডোনেচিয়াৰ বালিলৈ যোৱাৰ পৰিকল্পনা কৰিছে ৷ বিশেষ ভবা-গুণা নকৰি আমি, মানে মই আৰু মোৰ জীৱনসঙ্গী ডাঃ হৰেশ্বৰ মহন্ত এই গ্ৰুপৰ লগতে ফুৰি অহাৰ সিদ্ধান্ত ল’লোঁ ৷ আমাৰ সৈতে ওলাল মোৰ বৰজনা ডাঃ দেবেন মহন্ত, তেখেতৰ সহধৰ্মিনী অংশুলেখা মহন্ত (লেখাবৌ), মোৰ একালৰ কটনিয়ান সহপাঠী গোলকগঞ্জৰ নিবাসী মীনাক্ষী ৰায় ডাকুৱা, গুৱাহাটীৰ পূৰ্ণিমা দাস আৰু সহধৰ্মিনী তৃষ্ণাৰ সৈতে শৰত বৰকাকতি ৷ আমি আঠগৰাকী আৰু নলবাৰী, নংপো, ডিফু, গুৱাহাটী আদি ঠাইৰ পৰা ত্ৰিশগৰাকীৰ সৈতে সৰ্বমুঠ আঠত্ৰিশগৰাকী ব্যক্তি ২০২২ চনৰ অক্টোবৰৰ ১৪ তাৰিখে বালিলৈ বুলি ওলালোঁ ৷
১৪ অক্টোবৰত গুৱাহাটীৰ পৰা ইণ্ডিগো বিমান সেৱাৰে ৰাতিপুৱা ন বজাতেই গৈ কলকাতাৰ নেতাজী সুভাস চন্দ্ৰ বোস বিমান বন্দৰ পালোঁ ৷ নিশা প্ৰায় এক বজাতহে কলকাতাৰ পৰা মালয়েচিয়াৰ ৰাজধানী চহৰ কুৱালালামপুৰলৈ আমাৰ বিমান ৷ এই দীঘলীয়া সময়খিনি কটাবলৈ বন্ধুবৰ শৰতে কলকাতাৰ অসম ভৱনত আগতেই তিনিটা ৰূম বুক কৰি থৈছিল ৷ আমি আঠগৰাকী গোটেই দিনটো অসম ভৱনতে হাঁহি ধেমালিৰে কটাই নিশা ন বজাত বিমান বন্দৰলৈ আহিলোঁ ৷ আন সদস্য সকলেও নিজৰ সুবিধা অনুসৰি সময়মতে আহি বিমান বন্দৰ পালে ৷ বিমানৰ যাৱতীয় আনুষ্ঠানিকতাৰ শেষত নিৰ্ধাৰিত সময়তে আমাৰ বিমান উৰা মাৰে কুৱালালামপুৰ অভিমূখে ৷ কুৱালালামপুৰ পোৱাৰ কিছু আগতে বিমানৰ পৰা সূৰ্যোদয়ৰ মন-প্ৰাণ হৰি নিয়া অভিনৱ দৃশ্য উপভোগ কৰি মবাইলত বন্দী কৰিলোঁ সূৰ্যোদয়ৰ অপৰূপ মুহূৰ্ত ৷ স্থানীয় সময় ৭.১৫ বজাত আমাৰ বিমান কুৱালালামপুৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰে ৷
ৰাতিপুৱা চাহ একাপ খোৱা সকলোৰে অভ্যাস ৷ তাতে আকৌ গোটেই ৰাতি টোপনি ক্ষতি লগতে যাত্ৰাৰ ভাগৰ ৷ আমি চাহ একাপৰ বৰ প্ৰয়োজন অনুভৱ কৰিছিলোঁ ৷ আমাৰ লগত ৰিংগিট (মালয়েচিয়াৰ কাৰেন্সি) নাই ৷ মোৰ লগত থকা আন্তঃৰাষ্ট্ৰীয় কাৰ্ড খনেৰে কিনো বুলি গ’লো যদিও কিয় জানো কাম নকৰিলে ৷ আমাৰ সকলোৰে হাতত আছে ইউ. এছ ডলাৰ তাকো এশ ডলাৰৰ নোট ৷ ডলাৰ লয় যদিও ওভতাব লগা খিনি দিব ৰিংগিটত ৷ যিবোৰ কুৱালালামপুৰৰ পিছত আমাৰ একো কামত নাহে ৷ চাহ কাপৰ আশা বাদ দিওঁ বুলি ভাবোতেই কৌশিকে (ত্ৰিধাৰা ট্ৰেভেল এজেন্সিৰ স্বত্বাধিকাৰ) মোৰ ম’বাইলেৰে মেছেজ কৰি মোৰ কাৰ্ডখন কাৰ্যক্ষম কৰি দিয়াতহে আমাৰ সমস্যাৰ ওৰ পৰিল ৷ আজি-কালি ডিজিটেল মাধ্যমৰ যুগত খোজ মিলাব নাজানিলে ভ্ৰমণত এনে কিছুমান সমস্যা আহি পৰে ৷
কুৱালালামপুৰৰ পৰা প্ৰায় এঘাৰ বজাত আমাৰ বিমান উৰা মাৰে বালিৰ ৰাজধানী চহৰ ডেনপাছাৰ (Denpasar)লৈ ৷ স্থানীয় সময় দিনৰ প্ৰায় আঢ়ৈ বজাত আমাৰ বিমান অৱতৰণ কৰে বালিৰ নুৰাহ ৰাই (Ngurah Rai) আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ৷ বালিৰ এইখনেই একমাত্ৰ বিমানবন্দৰ যিয়ে আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা উভয় চহৰৰ সৈতে সংযুক্ত ৷ ভাৰতবৰ্ষৰ দিল্লী, চেন্নাই, মুম্বাই আৰু কলকতা বিমানবন্দৰৰ পৰা বালিলৈ যোৱাৰ একমাত্ৰ উপায় ৷ ইণ্ডোনেচিয়া ভ্ৰমণৰ বাবে ভিছা আগতীয়াকৈ আবেদনৰ ব্যৱস্থা আছে যদিও তাত গৈ পোৱাৰ পাছতো অৰ্থাৎ Visa on Arrival ৰ সুবিধা আছে ৷ আমি তাত গৈহে ভিছাৰ বাবে আৱেদন কৰিলোঁ ৷ কিছু সময় শাৰী পাতি সোনকালেই আমাৰ সকলোৰে ভিছা আৰু আন যাৱতীয় আনুষ্ঠানিকতা শেষ হ’ল ৷
ইণ্ডোনেচিয়া আনুষ্ঠানিকভাৱে ইণ্ডোনেচিয়া গণৰাজ্য (Republic of Indonesia), ভাৰত আৰু প্ৰশান্ত মহাসাগৰৰ মাজৰ দক্ষিণ-পূব এচিয়া আৰু ওছেনিয়াৰ এখন দেশ ৷ ই সুমাত্ৰা, জাভা, বর্ণিও আৰু নিউ গিনিৰ কিছু অংশকে ধৰি সোতৰ হাজাৰৰো অধিক দ্বীপেৰে গঠিত ৷ ইয়াৰে ৮৮৪৪টা দ্বীপৰহে নামকৰণ কৰা হৈছে আৰু ৯২২টা দ্বীপতহে লোকৰ বসবাস আছে ৷ ইণ্ডোনেচিয়া বিশ্বৰ সৰ্বাধিক সংখ্যক দ্বীপ থকা দেশ আৰু আয়তনত বিশ্বৰ ১৪তম বৃহত্তম দেশ ৷ ইছলাম ধৰ্মালম্বী লোকৰ সংখ্যাগৰিষ্ঠতাৰে জনসংখ্যাৰ ক্ষেত্ৰত বিশ্বৰ চতুৰ্থ স্থানত ৷ ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ আধাতকৈও বেছি জনসংখ্যাৰে জাভা বিশ্বৰ ভিতৰতে অধিক জনসংখ্যাৰ দ্বীপ ৷ ইণ্ডোনেচিয়াৰ ইতিহাস ইয়াৰ ভৌগোলিক অৱস্থান, প্ৰাকৃতিক সম্পদ, বিভিন্ন সময়ত হোৱা লোকৰ প্ৰব্ৰজন, সপ্তম শতিকাৰ পৰা সুমাত্ৰা দ্বীপৰ পৰা ইছলাম ধৰ্মৰ প্ৰসাৰ আৰু ইছলামিক ৰাজ্য প্ৰতিষ্ঠাৰ পৰা গঢ় লৈ উঠিছে ৷ বিভিন্ন প্ৰব্ৰজনৰ লোকে বসবাস কৰাৰ ফলত সংস্কৃতি, জাতি, ভাষা আদিৰ ক্ষেত্ৰত যথেষ্ট বৈচিত্ৰতা দেখিবলৈ পোৱা যায় ৷ ইণ্ডোনেচিয়াৰ ৰাজধানী জাকাৰ্টা বিশ্বৰ দ্বিতীয় জনবহুল চহৰ ৷
বালি ইণ্ডোনেচিয়াৰ এখন প্ৰদেশ ৷ ইণ্ডোনেচিয়াৰ সোতৰ হাজাৰৰো অধিক দ্বীপৰ ভিতৰত পৰ্যটকৰ বালি আটাইতকৈ জনপ্ৰিয় ৷ প্ৰকৃতিৰ অনন্য সৌন্দৰ্য, বগা বালিৰ পৰা আৰম্ভ কৰি চূণশিলৰ প্ৰকাণ্ড শিলৰ বিচ্চৰ নিজস্ব সুকীয়া বৈশিষ্ট্যৰ উপৰিও বিভিন্ন জলক্ৰীড়াই ইয়াৰ মূল কাৰণ ৷ বালি লেছাৰ চুণ্ডা (Lesser Sunda) দ্বীপপুঞ্জৰ আটাইতকৈ পশ্চিমে আৰু জাভাৰ পূব আৰু লম্বকৰ (Lombok) পশ্চিমে অৱস্থিত ৷ এই প্ৰদেশখন বালি দ্বীপ আৰু চুবুৰীয়া কেইটামান সৰু দ্বীপৰে গঠিত ৷ বিশেষকৈ দক্ষিণ-পূবে নুছা পেনিডা (Nusa Penida), নুছা লেমবংগান (Nusa Lembongan) আৰু নুছা চেনিংগান (Nusa Ceningan) এই প্ৰদেশৰ অন্তৰ্ভুক্ত ৷ প্ৰাদেশিক ৰাজধানী ডেনপাছাৰ৷ বালি দক্ষিণ-পূব এচিয়াৰ অন্যতম জনপ্ৰিয় গন্তব্যস্থান হোৱাৰ কাৰণ বহুতো– নিৰ্মল প্ৰাকৃতিক সৌন্দৰ্য, সাগৰৰ নৈসৰ্গিক দৃশ্য, আগ্নেয়গিৰি, জলপ্ৰপাত, সুন্দৰ খলপীয়া ধাননি পথাৰ ৷ ইয়াৰ সুকীয়া কলা-সংস্কৃতি আৰু বিলাসী বিচ্ছ ৰিজৰ্ট আৰু ৰোমাঞ্চকৰ নৈশজীৱনেও পৰ্যটকক মোহিত কৰে ৷ ইণ্ডোনেচিয়াত বিশ্বৰ ভিতৰতে ইছলামিক জনসংখ্যা সৰ্বাধিক, সেয়ে ইয়াক মুছলমান ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়া হয় ৷ বালি ইণ্ডোনেচিয়াৰ হিন্দু সংখ্যাগৰিষ্ঠ প্ৰদেশ ৷ ইয়াৰ মুঠ জনসংখ্যাৰ শতকৰা আশী ভাগৰো বেছি লোকে হিন্দু ধৰ্ম অনুসৰণ কৰে ৷ বালি ঐতিহ্যবাহী আৰু আধুনিক নৃত্য, ভাস্কৰ্য, চিত্ৰকলা, কাঠত খোদিত শিল্পকলা, ধাতুশিল্প বিশেষকৈ ৰূপৰ অলংকাৰ আৰু মূৰ্তি আদি তৈয়াৰ কৰাৰ বাবেও বিখ্যাত ৷ ট্ৰেভেল এজেন্সিৰ প্ৰতিনিধিসকলে পৰ্যটকক এনে প্ৰতিষ্ঠানসমূহ দেখুৱাই আৰু কলা সংস্কৃতিৰ বিষয়ে কৈ গৌৰৱ অনুভৱ কৰে ৷
বিমান বন্দৰৰ যাৱতীয় আনুষ্ঠানিকতা শেষ কৰি আমি আটাইয়ে ওলাই আহিলোঁ ৷ বিমান বন্দৰতে শকত চাপৰ হাঁহিমুখীয়া আমাৰ গাইড মিনি আৰু গাড়ী চালক জনিৰ সৈতে আন দুগৰাকী ট্ৰেভেল এজেন্সিৰ প্ৰতিনিধিয়ে আমাক বিভিন্ন ৰঙৰ চম্পা ফুলৰ মালাৰে স্বাগতম জনালে ৷ বালিৰ স্থানীয় ভাষাত চম্পাফুলক জেপুন (Jepun) বা ফ্ৰাংগিপানী (Frangipani) বুলি কোৱা হয় ৷ বালিক ফ্ৰাংগিপানীৰ দেশ বুলি ক’লেও ভুল কৰা নহ’ব ৷ বালিৰ সকলো অঞ্চলৰ প্ৰায় প্ৰতিটো ঘৰৰ চৌহদ, বাট-পথ সকলোতে বিভিন্ন ৰঙৰ ফ্ৰাংগিপানী ফুলৰ গছ জকমকাই ফুলি থকা দেখিবলৈ পোৱা যায় ৷ বালিত এইবিধ ফুলৰ ব্যৱহাৰো বেছি ৷ ধৰ্মীয় অনুষ্ঠান, ঘৰ-ৰেস্তোৰাঁ আদি সজাবলৈ ব্যৱহাৰ কৰাৰ উপৰিও ইয়াৰ পৰা ধূপকাঠী, বিভিন্ন প্ৰসাধন সামগ্ৰী আদিও প্ৰস্তুত কৰে ৷ সেয়ে ফ্ৰাংগিপানী ফুলক বালিৰ স্বাক্ষৰ ফুল (Signature Flower) বা চিহ্নক ফুল বুলিও কোৱা হয় ৷ সাধাৰণতে আমাৰ ইয়াত বগা-হালধীয়া চম্পাফুলহে দেখা যায় ৷ বালিত বগা-হালধীয়া ৰঙৰ বাহিৰেও ৰঙা, গোলাপী ৰঙৰ ফ্ৰাংগিপানী ফুল দেখিবলৈ পোৱা যায় ৷
নুৰাহ ৰাই বিমান বন্দৰৰ পৰা প্ৰায় ন কিলোমিটাৰ আঁতৰৰ কুটা (Kuta) চহৰৰ ‘ইডেন’ নামৰ হোটেলত আমি থকাৰ বাবে নিৰ্ধাৰিত কৰা আছিল ৷ হোটেল ‘ইডেন’ গৈ পাওঁতে প্ৰায় পাঁচ বাজিল ৷ হোটেলৰ আনুষ্ঠানিকতাৰ অন্তত নিজ নিজ ৰূমলৈ গৈ কিছু সময় জিৰণি লৈ আমি সাগৰৰ পাৰৰ ৰেস্তোৰাঁ এখনলৈ নিশাৰ আহাৰৰ বাবে ওলাই গ’লোঁ ৷ সাগৰৰ পাৰত মুকলি আকাশৰ তলত সুন্দৰকৈ সজোৱা শাৰী শাৰী ৰেস্তোৰাঁ, দেশী-বিদেশী পৰ্যটকেৰে এক উৎসৱমুখৰ পৰিৱেশ ৷ দূৰ আকাশত জিকমিকাই থকা তৰা, মেঘৰ স’তে লুকাভাকু খেলি থকা জোনাকৰ পোহৰত অবিৰত সাগৰৰ ঢৌৰ ছন্দৰে ময়াময় পৰিৱেশত সাগৰীয় বতাহ জাকৰ কোমল পৰশত টোপনি ক্ষতি কৰি আগদিনাৰ পৰা কৰা যাত্ৰাৰ ভাগৰ নিমিষতে নাইকিয়া হৈ গ’ল ৷ সেই সময়ত বাৰে বাৰে মনলৈ আহিছিল দেৱকান্ত বৰুৱাৰ বিখ্যাত কবিতা ‘সাগৰ দেখিছা’ৰ এফাঁকি–
‘নীলিম সলিলৰাশি বাধাহীন উৰ্ম্মিমালা আছে দূৰ দিগন্ত বিয়াপি ৷’
তাত আন এটা কথা মোৰ বৰ ভাল লাগিল– প্ৰতিখন ৰেস্তোৰাঁতে বিভিন্ন সাগৰীয় সতেজ মাছ কিনাৰ ব্যৱস্থা আছে ৷ তাৰ পৰা নিজৰ পছন্দৰ মাছ কিনি দিলে তেওঁলোকে স্থানীয় ব্যঞ্জন ৰান্ধি পৰিৱেশন কৰে ৷ অৱশ্যে আজিকালি আমাৰ দেশতো বিভিন্ন ঠাইত এনে ব্যৱস্থা আছে ৷ আমিও দুবিধমান সাগৰীয় মাছ কিনি দি স্থানীয় শিল্পীসকলে পৰিবেশন কৰা স্থানীয় নৃত্য-গীত উপভোগ কৰাত ব্যস্ত হ’লোঁ ৷ প্ৰতিখন ৰেস্তোৰাঁৰ পৰিচাৰকসকলে স্থানীয় সাজ-পাৰ পৰিধান কৰে আৰু তেওঁলোকৰ আচাৰ-ব্যৱহাৰো অতি শালীন ৷ আপোন দেশলৈ অহা অতিথিক শুশ্ৰষা কৰিবলৈ পাই তেওঁলোক যেন নথৈ সুখী ৷
তেওঁলোকৰ হাঁহিমুখীয়া অমায়িক ব্যৱহাৰে প্ৰতিজন পৰ্যটককে মোহিত কৰে ৷ প্ৰকৃতিৰ বিনন্দীয়া পৰিবেশত স্থানীয় সুস্বাদু আহাৰৰ সোৱাদ আৰু স্থানীয় নৃত্য-গীত উপভোগ কৰি জীৱনত পাহৰিব নোৱাৰা সময় অতিবাহিত কৰি হোটেল আহি পাওঁতে বহু পলমেই হ’ল ৷
কাঠখোদিত শিল্প, ৰূপৰ গহনা, স্থানীয় শিল্পীসকলে অংকন কৰা চিত্ৰ, বাটিক শিল্পৰ বাবে বালি জনাজাত ৷ বালিৰ বিভিন্ন গাঁও আৰু অঞ্চল এনেবোৰ শিল্পকৰ্মৰ বাবে বিখ্যাত ৷ উবুদ চহৰখনক বালিৰ শিল্পৰ কেন্দ্ৰ বুলি কোৱা হয় যদিও সমগ্ৰ বালিতে বিভিন্ন শিল্প শৈলীৰ প্ৰভাৱ পৰিলক্ষিত হয় ৷ বাটিকৰ বাবে বিখ্যাত তোহপতি বাটিক গাঁও, সোণ-ৰূপৰ গহনা প্ৰস্তুতৰ বাবে চেলুক গাঁও, কাঠ খোদিত কৰাৰ কলাত্মক দিশৰ বাবে মাছ গাঁও আৰু চিত্ৰকলাৰ শিল্পীৰ ঘৰ হিচাপে পৰিচিত বাটুয়ান গাঁও ৷ মিনিয়ে বালিৰ দৰ্শনীয় ঠাইবোৰলৈ নিয়াৰ লগতে এই শিল্প প্ৰতিষ্ঠানবোৰলৈও নিছিল ৷ মিনিয়ে কোৱা অনুসৰি পৰ্যটকক এনে প্ৰতিষ্ঠানবোৰ দেখুৱাবলৈ চৰকাৰী নিৰ্দেশনা জাৰি কৰা হৈছে যাতে পৰ্যটকে বালিৰ শিল্পকৰ্মৰ বিষয়ে জানিব পাৰে ৷ অৱশ্যে প্ৰতিটো প্ৰতিষ্ঠানৰ লগতে থকা চকুত লগা সামগ্ৰীসমূহৰ বিপণিবোৰ দেখি ইয়াৰ আঁৰত ব্যৱসায়ৰ দিশো জড়িত হৈ আছে যেন বোধ হয় ৷ সেয়া যিয়েই নহওক বালিৰ শিল্পকৰ্ম যে উন্নত মানৰ তাত কোনো সন্দেহ নাই ৷
পিছদিনা ১৬ অক্টোবৰত আটায়ে হোটেলতে ব্ৰেকফাষ্ট কৰি বালিৰ দৰ্শনীয় ঠাইসমুহলৈ যাবলৈ সাজু হ’লোঁ ৷ ট্ৰেভেল এজেন্সিয়ে আমাক যাতায়তৰ বাবে দিয়া বাছত আসন আছিল পয়ত্ৰিশটা ৷ তেওঁলোকে কোৱা মতে বালিৰ সকলো বাছৰ ছিটৰ সংখ্যা সিমানেই ৷ আনহাতে আমি মুঠ আঠত্ৰিশ গৰাকী ৷ সেয়ে তেওঁলোকে আমাৰ বাবে ইন’ভাৰ নিচিনা গাড়ী এখনৰো ব্যৱস্থা কৰিছিল ৷ গ্ৰুপৰ সকলো সদস্যৰ সন্মতি মৰ্মে আমি দুজন আৰু মোৰ বৰজনা আৰু লেখাবৌ সৰু গাড়ীখনত উঠিলোঁ আৰু বাকী আটাইয়ে বাছত উঠিল ৷ ইয়াৰ ফলতআমাৰ বাছত সকলোৰে লগত একেলগে ফূৰ্তি কৰি যোৱা নহ’ল ৷ বিশেষকৈ আমাৰ লগত নলবাৰীৰ পৰা যোৱা মৰমলগা কণমানি বেদাঙ্গিনী শৰ্মাৰ কন্ঠৰ সুমধুৰ গানবোৰ শুনাৰ পৰা বঞ্চিত হ’লোঁ ৷ যাহওক দুয়োখন গাড়ী একেলগেই আছিল বাবে আমি অকলশৰীয়া অনুভৱ কৰা নাছিলোঁ ৷
প্ৰথমতে আমি ইণ্ডোনেভিয়াৰ অন্যতম জনপ্ৰিয় ঐতিহ্য বাটিক ফেক্টৰীলৈ যাওঁ ৷ ‘বালি বিড়াদৰী বাটিক’ (Bali Bidadari Batik) নামৰ এই বাটিক শিল্পৰ প্ৰতিষ্ঠানৰ বাৰাণ্ডাতে কেইবাগৰাকীও বাটিক শিল্পীয়ে কাপোৰত বাটিক কৰি আছে যাতে ইচ্ছুক পৰ্যটকে বাটিক শিল্পৰ বিষয়ে কিছু আভাস ল’ব পাৰে ৷ তেওঁলোকৰ শিল্প প্ৰতিভা সঁচাকৈয়ে প্ৰশংসনীয় ৷ বাটিক হৈছে কাপোৰৰ ওপৰত হাতেৰে মম আৰু প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰি কৰা এক প্ৰকাৰৰ শিল্পকৰ্ম ৷ বিভিন্ন ডিজাইনেৰে কাপোৰত ন ৰূপ দিয়াৰ ই এক জটিল কলা ৷

১৮০০ চনত এই কলাৰ উৎপত্তি হৈছিল ইণ্ডোনেচিয়াৰ জাভা দ্বীপত ৷ বৰ্তমান এই শিল্প কলাত্মক ডিজাইনৰ বাবে সমগ্ৰ বিশ্বতে সুপৰিচিত ৷ এই ফেক্টৰীৰ লগতে থকা বিপনিখনত চালে চকুৰোৱা বাটিক ডিজাইনৰ বিভিন্ন সামগ্ৰী যেনে পৰম্পৰাগত সাজ, আধুনিক সাজ, টেপেষ্ট্ৰী, বেগ আদি পোৱা যায় ৷ ইণ্ডোনেচিয়াত প্ৰতি বছৰে অক্টোবৰ মাহৰ ২ তাৰিখ ৰাষ্ট্ৰীয় বাটিক দিৱস হিচাপে পালন কৰা হয় ৷
বালিৰ আন এটি অন্যতম শিল্প ষ্টাৰ্লিং চিলভাৰ (Sterling Silver)ৰে হস্ত নিৰ্মিত সামগ্ৰী ৷ আমি চেলুক গাঁওৰ UC Silver Gold নামৰ সোণ আৰু ৰূপৰ বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰা প্ৰতিষ্ঠানটোলৈ গৈছিলোঁ ৷ এই প্ৰতিষ্ঠান অলংকাৰ, মূৰ্তি, গৃহ সজ্জাৰ সামগ্ৰী প্ৰস্তুত কৰাৰ উপৰিও এটি দুমহলীয়া বিক্ৰী কেন্দ্ৰ ৷

প্ৰকাণ্ড গেলেৰিৰ তলৰ মহলাত ৰূপৰ সংগ্ৰহ আৰু দ্বিতীয় মহলাত সোণৰ সংগ্ৰহ আৰু মাষ্টাৰপিছসমূহ আটকধুনীয়া আৰু অতি চকুতলগা কৈ সজাই ৰখা হৈছে ৷ অৱশ্যে দামবোৰ যথেষ্ট বেছি যেন লাগিল ৷ হাতেৰে নিৰ্মিত বাবেই নেকি ! এই প্ৰতিষ্ঠানৰ চৌহদ পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ বিভিন্ন ভাস্কৰ্যৰে আটকধুনীয়াকৈ সজোৱা ৷ ইয়াত পৰ্যটকে অলংকাৰ কিনাতকৈ সুন্দৰ চৌহদৰ চৌপাশে ফটো উঠাতহে বেছি গুৰুত্ব দিয়ে যেন লাগিল৷ আমিও ফটোহে উঠিলোঁ ৷
ইণ্ডোনেচিয়াৰ আন এটা উল্লেখনীয় উৎপাদিত বস্তু হ’ল ‘কোপি লুৱাক’ (Kopi Luwak) ৷ ইণ্ডোনেচিয়াৰ স্থানীয় ভাষাত কফিক ‘কোপি’ বুলি কোৱা হয় আৰু লুৱাক হৈছে জহামাল সদৃশ এবিধ প্রাণী যাক ইংৰাজীত এছিয়ান পাম চিভেট (Asian Palm Civet) বুলি কোৱা হয় ৷ বালিলৈ যোৱাৰ আগতে বিশ্বৰ অন্যতম আৰু আটাইতকৈ দামী এইবিধ কফিৰ বিষয়ে মোৰ কোনো ধাৰণাই নাছিল ৷ কফিৰ উৎপাদকসকলৰ মতে এইবিধ কফিত যথেষ্ট পৰিমাণৰ এণ্টিঅক্সিডেন্ট থাকে আৰু লিভাৰ কেন্সাৰ আৰু ডায়বেটিছৰ সম্ভাৱনা হ্ৰাস কৰাৰ ক্ষমতা আছে ৷ কফি খেতিৰ বাবে উপযোগী মাটি আৰু উপযুক্ত জলবায়ুৰ বাবে ইণ্ডোনেচিয়াৰ জাভা, সুমাত্ৰা, বালিকে ধৰি কেইবাটাও দ্বীপত কফি খেতি হয় ৷ বিশ্বৰ উন্নত মানৰ কফি বুলি দাবী কৰা লুৱাক কফি তৈয়াৰ কৰা পদ্ধতি অনন্য ৷ বালিত বিভিন্ন প্ৰতিষ্ঠান আছে য’ত লুৱাক কফি তৈয়াৰ কৰা সমগ্ৰ প্ৰক্ৰিয়াৰ বিষয়ে বিশদভাৱে জানিব পাৰি ৷ প্ৰায় প্ৰতিজন পৰ্যটকে এই প্ৰতিষ্ঠানলৈ যায় ৷

স্থানীয়ভাৱে লুৱাক নামেৰে পৰিচিত এই প্ৰাণীবিধে কফিৰ বীজ খাই ত্যাগ কৰা মলৰ পৰা লুৱাক কফি তৈয়াৰ কৰা হয় ৷ এই প্ৰাণীয়ে কফিৰ বীজ খোৱাৰ পাছত পাচনতন্ত্ৰত পাচন এনজাইমৰ সহায়ত আংশিকভাৱে হজম হয় আৰু বাকী মলৰ সৈতে ওলাই আহে ৷ এই মলৰ পৰা কফিৰ বীজ সংগ্ৰহ কৰি পৰিষ্কাৰ কৰি লুৱাক কফি তৈয়াৰ কৰা হয় ৷ লুৱাক কফিৰ উৎপত্তিৰ আঁৰৰ কাহিনী আকৌ অন্য ধৰণৰ– ডাচসকলৰ শাসন কালতে জাভা আৰু সুমাত্ৰা দ্বীপত কফিৰ খেতি কৰিছিল ৷ তেওঁলোকে স্থানীয় শ্ৰমিকসকলক নিজৰ বাবে কফি গছৰ পৰা বীজ ছিঙিবলৈ নিষেধ কৰিছিল ৷ অৱশ্যে গছৰ পৰা সৰি পৰা কফিৰ বীজ সংগ্ৰহ কৰাত কোনো বাধা নাছিল ৷ শ্ৰমিকসকলে দেখিলে লুৱাকে কফিৰ বীজবোৰ খায় আৰু হজম নোহোৱা বীজবোৰ মলৰ লগত ওলাই আহে ৷ নিজৰ ব্যৱহাৰৰ বাবে শ্ৰমিকসকলে এই মলৰ পৰা কফিৰ বীজ সংগ্ৰহ কৰি পৰিষ্কাৰ কৰি পিহি লৈছিল ৷ লাহে লাহে এই প্ৰথা সমগ্ৰ অঞ্চলতে বিয়পি পৰিছিল ৷ লুৱাক কফিৰ দাম ইমান বেছি হোৱাৰ মূল কাৰণ হ’ল এই কফি উৎপাদনৰ পৰম্পৰাগত পদ্ধতিত বহুতো সময় আৰু শক্তিৰ প্ৰয়োজন হোৱাৰ উপৰিও উৎপাদনৰ পৰিমাণ তেনেই কম ৷ বনাঞ্চলত লুৱাকৰ মল বিচাৰি ফুৰা কষ্টকৰ য’ত এটা লুৱাকৰ মলৰ পৰা মাত্ৰ পাঁচ বা ছয়টা বীজহে সংগ্ৰহ কৰিব পাৰি ৷ সেয়ে সহজতেই অনুমান কৰিব পাৰি লুৱাক কপি উৎপাদনৰ বাবে পৰ্যাপ্ত পৰিমাণৰ বীজ সংগ্ৰহ কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হয় ৷ আমি যোৱা লুৱাক উৎপাদনকাৰী প্ৰতিষ্ঠানৰ কৰ্মকৰ্তাসকলে কোৱা অনুসৰি মলৰ পৰা বীজ সংগ্ৰহৰ পিছত বীজবোৰ ধুই বাহিৰৰ খোলাটো গুচাই ৰ’দত শুকুৱা হয় ৷ শুকুৱাৰ পিছত দ্বিতীয়বাৰ ধুই আকৌ শুকাই লোৱা হয় ৷ শেষত এই বীজবোৰ ২২০ ডিগ্ৰী চেলছিয়াছ তাপত ভজা হয় ৷ ইয়াৰ উপৰিও বালিত বিভিন্ন সোৱাদৰ চাহ আৰু কফি উৎপাদন কৰা হয় ৷ পৰ্যটকক এইসমূহৰ সোৱাদ ল’বলৈ বিনামুলীয়াকৈ কেন্দ্ৰসমুহত পৰিৱেশন কৰা হয় ৷ অৱশ্যে লুৱাক কফিৰ সোৱাদ ল’ব বিচাৰিলে একাপত ইণ্ডোনেছিয়াৰ মুদ্ৰা ৫০০০০ ৰূপায়াত কিনিব লাগে ৷ মই একাপ কিনি সোৱাদ ল’লো ৷ গাখীৰ চেনি নিদিয়াকৈ কফি খোৱা অভ্যাস নাই বাবেই হয়তো ভাল নাপালোঁ ৷ তেওঁলোকে কোৱাৰ দৰে ইয়াৰ কিবা ঔষধি গুণ আছে নে নাই এই বিষয়ে কোৱা টান ৷
বালিৰ উৎপাদিত সামগ্ৰী সমূহৰ কিছু আভাস লৈ আমি মাউন্ট বাটুৰলৈ ৰাওনা হ’লোঁ ৷ ৰিং অৱ ফায়াৰ (Ring of Fire)ত অৱস্থান হোৱা বাবে ইণ্ডোনিচিয়াত সঘনাই ভূমিকম্প, আগ্নেয়গিৰি উদ্গিৰণ আৰু চুনামী আদিৰ বিষয়ে শুনা যায় ৷ আমি বালিলৈ যোৱাৰ সিদ্ধান্ত লওঁতে বহুতে আমাক এই বিষয়ে সাৱধান কৰিও দিছিল ৷ তেওঁলোকৰ শুভেচ্ছাতে আমি বালিৰ পৰা একো বিপদত নপৰাকৈ উভতি আহিলোঁ৷ মাউন্ট আগুং আৰু মাউন্ট বাটুৰ বা কিন্তামনি আগ্নেয়গিৰি বালিৰ সক্ৰিয় আগ্নেয়গিৰি ৷ ৩০৩১ মিটাৰ উচ্চতাৰে মাউন্ট আগুং বালিৰ সবোৰ্চ্চ স্থান ৷ এই দুয়োখন পাহাৰলৈ পৰ্যটকে সূযোৰ্দয়ৰ দৃশ্য উপভোগৰ বাবে যায় যদিও প্ৰকৃততে ১৭১৭ মিটাৰ উচ্চতাৰ মাউন্ট বাটুৰ ট্ৰেকিঙৰ বাবে জনপ্ৰিয় ৷ মাউন্ট আগুঙৰ উচ্চতা বেছি বাবে ট্ৰেকিঙৰ বাবে কিছু কষ্টদায়ক ৷সেয়ে সাধাৰণতে পৰ্যটকে ৰাতিপুৱাই ট্ৰেকিং কৰি গৈ পাহাৰৰ শিখৰৰ পৰা সূৰ্যোদয়ৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিবলৈ বাটুৰ পৰ্বতত আৰোহণ কৰে৷ যান-বাহন চলাচলৰ কোনো ব্যৱস্থা নাই ৷ আমি অৱশ্যে আঁতৰৰ পৰাই চালোঁ ৷ পাহাৰৰ নামনিত ১৩ বৰ্গ কিলোমিটাৰ দৈৰ্ঘ্যৰ বাটুৰ কেলডেৰা হ্ৰদ যিয়ে অঞ্চলটোৰ নৈসৰ্গিক দৃশ্য আৰু বেছি মনোমোহা কৰি তুলিছে ৷ এই হ্ৰদটো বালিৰ বেছিভাগ অঞ্চলৰ জলসিঞ্চনৰ উৎস ৷ এই অঞ্চল তিনিখন মূল গাঁৱেৰে গঠিত– পেনেলোকান, বাটুৰ আৰু কিন্তামনি ৷ পেনেলোকানৰ পৰাই মাউন্ট বাটুৰ আগ্নেয়গিৰি সুন্দৰকৈ দেখা যায় ৷ আমি পেনেলোকানৰ ‘মাদু চাৰি ৰেস্তোৰাঁ’(Madu Sari Hotel & Restaurant)ত স্থানীয় সুস্বাদু ব্যঞ্জনেৰে দুপৰীয়াৰ আহাৰ কৰি আগ্নেয়গিৰিৰ দৃশ্য উপভোগ কৰিলোঁ ৷ ৰেস্তোৰাঁৰ তলৰ মুকলি ঠাইতে স্থানীয়লোকে বালিৰ স্মৃতিচিহ্ন হিচাপে কিনিবলৈ টি-চাৰ্ট, ছাতি আদি বিভিন্ন সামগ্ৰী বিক্ৰী কৰে ৷ তৃষ্ণা, পূৰ্ণিমা আৰু আমাৰ গ্ৰুপৰ বহুতেই কিবাকিবি কিনিলে ৷ বাটুৰ আগ্নেয়গিৰিৰ প্ৰথম নথিভূক্ত বিস্ফোৰণ ১৮০৪ চনত আৰু তেতিয়াৰে পৰা সঘনাই সক্ৰিয় হৈ আছে, শেহতীয়াকৈ ২০০০ চনত বিস্ফোৰণ ঘটিছিল ৷ ৰাস্তাৰ পৰাই বাটুৰৰ ক’লা সিঁচৰিত লাভাৰ ক্ষেত্ৰখন দেখা যায় ৷ সক্ৰিয় আগ্নেয়গিৰি চাই বালিৰ আধ্যাত্মিক, সাংস্কৃতিক আৰু শিল্পকলাৰ কেন্দ্ৰ হিচাপে পৰিচিত উবুদ লৈ আহোঁ ৷

বালিৰ উবুদ জিলাৰ এখন চহৰ ‘উবুদ’৷ মন্দিৰ আৰু কলাত্মক ঐতিহ্যৰ বাবেই ই পৰ্যটকক আকৰ্ষণ কৰে ৷ এসময়ত এই চহৰখন বনৌষধি উদ্ভিদৰ উৎস হিচাপে গুৰুত্বপূৰ্ণ আছিল ৷ উবুদ নামটোও স্থানীয় ভাষাৰ উবাদ (ঔষধ) শব্দৰ পৰা হৈছে ৷ উবুদ মূল চহৰৰ পৰা উত্তৰে তেগালালাং গাঁও এটি কৃষি প্ৰধান অঞ্চল আৰু জনপ্ৰিয় পৰ্যটনস্থলী৷ তেগালালাং গাঁওখন সমুদ্ৰপৃষ্ঠৰ পৰা ৬০০ মিটাৰ উচ্ছতাত আৰু প্ৰায় সকলো বসিন্দাই কৃষক ৷ বালিৰ প্ৰাকৃতিক দৃশ্যৰ অংশ তেগালালাঙত স্থানীয় কৃষকসকলে এঢলীয়া মাটিত কৰা অনুপম ধাননি পথাৰ তেগালালাং ৰাইচ টেৰেচ (Tagalallang Rice Terrace)ৰ দৃশ্য উপভোগ কৰাৰ লগতে ফটো তোলা আৰু বালিৰ বিখ্যাত ঝুলনা (Swing)ত উঠাৰ বাবে আকৰ্ষণীয় স্থান ৷ ফেচবুক, ইনষ্টাগ্ৰামত প্ৰায়েই দেখিবলৈ পোৱা বালিৰ বিখ্যাত ‘লাভ বালি’ চিনটো এই তেগালালাং ৰাইচ টেৰেচৰ ওপৰতে য’ত ফটো উঠাৰ বাবে প্ৰতিজন পৰ্যটকে হেতা-ওপৰা লগায় ৷ আমি আহি এই অঞ্চল পোৱাৰ সময়তে কিনকিনিয়া বৰষুণ আৰম্ভ হ’ল ৷ মিনিয়ে আমাক প্ৰত্যেকৰ হাতত প্ৰৱেশৰ টিকট দিলে ৷ প্ৰতিজনৰ প্ৰৱেশৰ হাৰ ২৫০০০ ৰূপায়া ৷ বৰষুণক আওকাণ কৰি আমি আটায়ে প্ৰৱেশ কৰিলোঁ যদিও অঞ্চলটো ভালদৰে উপভোগ কৰাৰ আগতে আমি উভতিবলৈ বাধ্য হ’লোঁ ৷ ফটো তুলিম বুলি ভাবোতেই দবা-পিটা বৰষুণ এজাকে আমাৰ আশাত চেচাঁ পানী ঢালিলে ৷ অৱশ্যে বৰষুণত তিতি তিতিয়ে ধাননি পথাৰক পটভূমি হিচাপে লৈ ‘আই লাভ বালি’ চিনত ফটো এখন নোতোলাকৈ নাথাকিলো ৷ তেগালালাং আটাইতকৈ জনপ্ৰিয় ধাননি পথাৰ হ’লেও আন বহুতো সমানেই ধুনীয়া খলপীয়া ধাননি পথাৰ দ্বীপটো অন্বেষণ কৰি থাকোতে দেখিবলৈ পোৱা যায় ৷ ইয়াৰ কাষতে উবুদ বান্দৰ অৰণ্য, জলপ্ৰপাত আদি চাবলগীয়া আছিল যদিও বৰষুণৰ বাবে উভতি উবুদ প্ৰাসাদলৈ আহিলোঁ ৷
এসময়ত উবুদ ৰাজপৰিয়ালৰ বাসস্থান এই প্ৰাসাদটোক আনুষ্ঠানিকভাৱে পুৰী সৰেন আগুং (Puri Saren Agung) বুলি কোৱা হয় ৷

আমাৰ গাড়ী চালক জনি (Jonny)য়ে কোৱা অনুসৰি বৰ্তমানো এই প্ৰাসাদত ৰাজপৰিয়ালৰ বংশধৰসকলে বাস কৰে ৷ প্ৰাসাদৰ ভিতৰলৈ প্ৰৱেশৰ অনুমতি নাই ৷ চৌহদৰ অনাবাসিক অংশ পৰ্যটন আৰু সাংস্কৃতিক স্থান হিচাপে ৰখা হৈছে ৷ এই স্থানত মন্দিৰ, বাগিচা, এখন পৰিৱেশন মঞ্চ, বহুতো পৰম্পৰাগত উপাদান ৰখা আছে ৷ প্ৰতি সন্ধিয়া বালিৰ স্থানীয় নৃত্যৰ অনুষ্ঠান হয় ৷ গোটেই দিনটো বৰষুণত তিতি বুৰি ফুৰি ভাগৰি পৰিছিলোঁ ৷ সেয়ে ৰাজপ্ৰাসাদৰ পৰা হোটেললৈ উভতিলোঁ ৷
১৭ অক্টোবৰত ৰাতিপুৱাৰে পৰা ধাৰাসাৰ বৰষুণ ৷ সেয়ে আমাৰ ফুৰা-চকা লেহেমীয়া হ’ল ৷ সেইদিনা প্ৰথমতে আমি বালিৰ কলাত্মক গাঁও হিচাপে পৰিচিত মাছ নামৰ গাঁওখনৰ কাঠ খোদিত শিল্পৰ প্ৰতিষ্ঠান এটালৈ গ’লোঁ ৷ সংস্কৃতি আৰু শিল্পকলাৰে সমৃদ্ধ বালিৰ আন এক প্ৰাচীন কলা কাঠ খোদিত শিল্পকৰ্ম৷ বালিৰ এই শিল্পকৰ্ম আকৰ্ষণীয়ই নহয় ইয়াৰ এক সাংস্কৃতিক ইতিহাসো আছে ৷ পৰম্পৰাগত বালিৰ সংস্কৃতিত কাঠৰ খোদিত শিল্পকলাক আধ্যাত্মিক অলংকাৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল ৷ বৰ্তমানো এই খোদিত শিল্প সজ্জাগত সামগ্ৰী হিচাপে জনপ্ৰিয় ৷ দেৱালৰ ফলক, বিভিন্ন দেৱ-দেৱীৰ মূৰ্তি, জীৱজন্তু, গছ আদিৰ উপৰিও আন বহুতো সজ্জাগত কাঠ খোদিত শিল্পকৰ্মৰ অন্যান্য ভাস্কৰ্যসমূহ অতি নিখুঁত আৰু জটিল বিৱৰণৰ বৈশিষ্ট্যৰে ভৰা ৷ এইসমূহ প্ৰজন্মৰ পৰা প্ৰজন্ম ধৰি চলি অহা পৰম্পৰাগত কৌশল ব্যৱহাৰ কৰি দক্ষ শিল্পীসকলে হাতেৰে খোদিত কৰে ৷ প্ৰতিটো শিল্পসামগ্ৰীয়ে চকুত লগা কিন্তু দামবোৰহে কপালত উঠা ৷ এনে লাগিল ইমান চৰা দামত আমাৰ দৰে সাধাৰণ পৰ্যটকৰ কিনা সম্ভৱ নহয় ৷
তাৰ পৰা আমি চিত্ৰকলাৰ শিল্পীৰ ঘৰ হিচাপে পৰিচিত বাটুৱান গাঁও লৈ যাওঁ ৷ চিত্ৰশিল্পীসকলৰ প্ৰতিভা আৰু কৌশল নিঃসন্দেহে প্ৰশংসনীয় ৷ সমগ্ৰ দ্বীপটোতে চিত্ৰ, কাঠ খোদিত শিল্প, গহনা আৰু শিলৰ ভাস্কৰ্যই বালিৰ সুকীয়া শৈলী প্ৰতিফলিত কৰে ৷ বালিৰ পৰম্পৰাগত শিল্পকৰ্ম বহু পৰিমাণে ধৰ্মৰ দ্বাৰা প্ৰভাৱিত ৷ ত্ৰয়োদশ শতিকাৰ পৰাই বালিত চিত্ৰকলাৰ চৰ্চা চলি আহিছে৷ সেই সময়ত চিত্ৰশিল্পীয়ে প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰি ধৰ্মীয় বিশেষকৈ হিন্দু মহাকাব্য ৰামায়ণ আৰু মহাভাৰতৰ কাহিনী চিত্ৰিত কৰিছিল ৷ বিংশ শতিকাৰ প্ৰথমভাগত উবুদৰ ৰজাই স্থানীয় শিল্পীক নতুন কৌশল শিকাবলৈ পশ্চিমীয়া বিখ্যাত শিল্পীসকলক আমন্ত্ৰণ কৰি আনিছিল ৷ ইয়াৰ ফলতেই উবুদ আৰু ওচৰৰ বাটুৱান গাঁৱৰ শিল্পীসকলৰ কামত এক বৈপ্লৱিক পৰিৱৰ্তন আনে ৷ যাৰ ফলতেই উবুদ, বাটুৱান গাওঁ অঞ্চলসমূহ উচ্চমানৰ শিল্প উৎপাদনৰ বাবে সুপৰিচিত হৈ পৰে ৷ বহু পৰ্যটকে বন্ধু-বান্ধৱ বা পৰিয়ালৰ বাবে স্মৃতিচিহ্ন আৰু উপহাৰ হিচাপে হস্তশিল্পৰ উৎপাদিত সামগ্ৰী নিয়ে ৷ আমাৰ লগত যোৱা কেইগৰাকীমানেও চিত্ৰ কিনিলে ৷ আধ্যাত্মিক অনুশীলন আৰু মন্দিৰ সজ্জাৰ বাবে ব্যৱহূত শিল্পকৰ্মৰ ওপৰত গঢ় লৈ উঠা বালিন শিল্প বৰ্তমান বাণিজ্যিকীকৰণ হৈ পৰ্যটনৰ দ্বাৰা প্ৰভাৱিত হৈছে ৷ ইয়াৰ উপৰিও বিশ্বৰ বিভিন্ন দেশলৈ ৰপ্তানি কৰে ৷
শিলত খোদিত কৰা বুদ্ধ আৰু বিভিন্ন দেৱতাৰ মূৰ্তি বালিৰ সকলোতে দেখিবলৈ পোৱা যায় ৷ প্ৰায় প্ৰতিটো ঘৰৰ সন্মুখত গেটৰ দুয়োফালে শিলেৰে নিৰ্মিত মূৰ্তি ৰখাটো বালিৰ এক পৰম্পৰা যিসমূহক তেওঁলোকে দ্বাৰপাল বুলি কয় ৷ প্ৰবাদ অনুসৰি বাহিৰৰ পৰা অহা ইতিবাচক আৰু নেতিবাচক উপাদানসমূহক ঘৰত প্ৰৱেশ কৰাৰ আগতে নিৰপেক্ষ কৰাৰ উদ্দেশ্যেৰে এই শিলত খোদিত ভাস্কৰ্যসমূহ ৰখা হয় ৷
বালি হাজাৰটা মন্দিৰৰ দ্বীপ হিচাপেও পৰিচিত ৷ প্ৰতিটো মন্দিৰলৈ যোৱা পৰ্যটকৰ বাবে সম্ভৱ নহয় ৷ আমি সেইদিনা বালিৰ উল্লেখনীয় মন্দিৰ উলুন দানু (Ulundanu) লৈ গৈছিলোঁ ৷ মন্দিৰ পোৱাৰ সময়তে বৰষুণ জাকে আমাক আমনি দিলে ৷ বৰষুণৰ মাজে মাজে ৰেইন কোট, ছাতি যিয়ে যেনেকৈ পাৰো মন্দিৰ প্ৰাঙ্গণত প্ৰৱেশ কৰিলোঁ ৷ শাৰী শাৰী বিভিন্ন ৰঙ-বিৰঙৰ ফুলেৰে জাতিষ্কাৰ সুন্দৰ পৰিৱেশ ৷ বালিৰ পাহাৰীয়া বেদুগুল অঞ্চলৰ উচ্চভূমিৰ বেৰাতন (Beratan) নামৰ হ্ৰদৰ পাৰত মন্ত্ৰমুগ্ধকৰ মন্দিৰৰ চৌহদ ৷ মন্দিৰৰ চৌহদটোক আগুৰি থকা পাহাৰ, স্বচ্ছ পানীৰ শান্ত আৰু নিস্তব্ধ হ্ৰদৰ কোমল বতাহ জাকে হ্ৰদৰ পৃষ্ঠত সৃষ্টি কৰা সৰু সৰু ঢৌ আৰু বাগিচাৰ সৌন্দৰ্যই যিকোনো লোককে সন্মোহিত কৰে ৷ হ্ৰদৰ পৰা পাতল কুঁৱলি উঠি বতাহত ওলমি মন্দিৰক আগুৰি ধৰিছে, যেন এক সপোনপুৰী ৷ মন্দিৰ চৌহদৰ মনোমোহা পৰিৱেশত মুগ্ধ হৈ শৰত, তৃষ্ণা, পূৰ্ণিমা আৰু মীনাক্ষীৰ মন-প্ৰাণ নাচি উঠিল ৷ সুন্দৰ পৰিৱেশত আপ্লুত হৈ শৰতৰ ৰোমান্টিক গানৰ তালে তালে বৰষুণৰ মাজে মাজে আটাইয়ে নাচিবলৈ ধৰিলে ৷ মই মোবাইলত বন্দী কৰিলোঁ নৃত্য-গীতৰ কিছু অংশ ৷ ইফালে বৰষুণত তিতি ঠাণ্ডা লগা বাবে কাষতে থকা কেফে খনত এওঁ কফি খাবলৈ গ’ল ৷

বালিৰ উত্তৰ-মধ্য অঞ্চলত সপ্তদশ শতিকাতে নিৰ্মাণ কৰা এই বিখ্যাত হিন্দু মন্দিৰ ‘ভাসমান মন্দিৰ’ নামেৰেও পৰিচিত ৷ বেদুগুলৰ সপোনময় পাহাৰীয়া অঞ্চলৰ বেৰাটান নামৰ হ্ৰদটোৱে মধ্য বালিৰ জলসিঞ্চনৰ মূল উৎস ৷ সেয়ে ইয়াৰ চাৰিওফালৰ অঞ্চলৰ উৰ্বৰতা আৰু সমৃদ্ধি কঢ়িয়াই অনাৰ উদ্দেশ্যেৰে এই মন্দিৰ নিৰ্মাণ কৰা হৈছিল ৷ পাহাৰ, হ্ৰদ আৰু দাঁতি কাষৰীয়া অঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে মন্দিৰ প্ৰাঙ্গণৰ শৃঙ্খলাৱদ্ধ তত্বাৱধানৰ ফলত ইয়াৰ সৌন্দৰ্য অধিক বৃদ্ধি হৈছে ৷ দেৱালযুক্ত চৌহদত ভক্তৰ প্ৰৱেশৰ বাবে দুৱাৰ নোহোৱাকৈ বালিন স্থাপত্যৰ জটিল ডিজাইনৰ গেট আছে ৷ এই গেট কেইখনে মন্দিৰৰ চৌহদ ধৰ্মীয় অনুষ্ঠানৰ সময়ত বিভিন্ন কামত ব্যৱহাৰ কৰিব পৰাকৈ চৌহদটোক তিনিটা ভাগত ভাগ কৰিছে ৷ উলুন দানু বেৰাতন মন্দিৰ ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰ উপৰিও বালিত হ্ৰদৰ দেৱী বুলি কোৱা ‘দেৱী ডানু’ৰ নামত উৎসৰ্গিত ৷ বালিন স্থাপত্যৰ পেগোডা শৈলীৰ খেৰৰ চালযুক্ত বৰ্গক্ষেত্ৰ আকাৰৰ মন্দিৰ ৷ অৱশ্যে পৰ্যটকৰ ভিতৰলৈ প্ৰৱেশৰ অনুমতি নাই ৷ পৰ্যটন কমপ্লেক্সতে বৌদ্ধ স্তুপা এটাও আছে ৷ মন্দিৰ আৰু স্তুপাৰ সহ অৱস্থিতিয়ে হয়তো ধৰ্মীয় সমন্বয়ৰ প্ৰতীককে সূচায় ৷ বালিত আন এটা মন কৰিবলগীয়া কথা হ’ল প্ৰায় প্ৰতিটো মন্দিৰ চৌহদত প্ৰৱেশ মাচুল বাধ্যতামূলক আৰু ৰক্ষণশীল সাজ-পোছাক পৰিধান কৰা অপৰিহাৰ্য ৷
১৮ অক্টোবৰত ৰাতিপুৱা ন বজাত কুটাৰ পৰা প্ৰায় ১৩ কিলোমিটাৰ দক্ষিণে অৱস্থিত নুছা ডুৱা (Nusa Dua) লৈ যাওঁ ৷ বিলাসী ৰিজ’ৰ্ট, উন্নতমানৰ শ্বপিং কমপ্লেক্স, ব্যয়বহুল বিশ্বমানৰ ৰেস্তোৰাঁ আদিৰে বিলাসী সময় কটাবলৈ ভালপোৱা পৰ্যটকৰ বাবে উত্তম ঠাই নুছা ডুৱা ৷ আমি নুছা ডুৱা পৰ্যটন কমপ্লেক্সৰ উত্তৰ দিশত টাঞ্জুং বেনোৱা (Tanjung Benoa) অঞ্চলৰ টাঞ্জুং বেনোৱা নামৰ বিচ্চ খনলৈ গৈছিলোঁ ৷ বালিৰ চৌদিশে সাগৰে আগুৰি আছে যাৰ ফলত বালিৰ প্ৰান্তৰৰ প্ৰায় সকলো অঞ্চলতে বিচ্চ আছে ৷ কিছুমান ক’লা আৰু কিছুমান বগা বালিৰ বিচ্চ ৷ ক’লা বালিৰ বিচ্চ দিনত বেছি গৰম হয় সেয়ে পৰ্যটকে বিশেষকৈ বগা বালিৰ বিচ্চ পছন্দ কৰে ৷ টাঞ্জুং বেনোৱা বিচ্চ খন দীঘলীয়া উপকূলৰ সৈতে বগা বালিৰ বিচ্চ ৷

এই অঞ্চল এটা উপদ্বীপ অঞ্চল সেয়ে ঢৌবোৰ শান্ত আৰু বেছি গভীৰ নহয়, সেয়ে বালিৰ জলক্ৰীড়াৰ কেন্দ্ৰ হিচাপে পৰিচিত হৈ পৰিছে ৷ এই সৰু অঞ্চলটো পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত হোৱাৰ আগতে এসময়ত এখন মাছমৰীয়াৰ গাঁও আছিল ৷ অধিকাংশ বাসিন্দাই মাছমৰীয়া হিচাপে জীৱিকাৰ পথ বাছি লৈছিল ৷ বৰ্তমান টাঞ্জু বেনোৱা জনপ্ৰিয় পৰ্যটন অঞ্চল হোৱাৰ লগে লগে স্থানীয় লোকসকলে হোটেলৰ কৰ্মচাৰী, সামুদ্ৰিক পৰ্যটন জল ক্ৰীয়া আৰু ব্যৱসায় আদি জীৱিকাৰ পথ হিচাপে বাছি লৈছে ৷ বিভিন্ন জলক্ৰীড়া যেনে ফ্লাইং ফিছ্ (Flying Fish), বানানা ব’ট ৰাইডিং (Banana Boat Riding), জেট স্কি (Jet Ski), স্কুবা (Scuba), পেৰাচেলিং (Parasailling), স্নকেলিং, ছি-ৱাক আদি বিভিন্ন দুঃসাহসিক জলক্ৰীড়াৰ বাবে উপকূলৰ কাষেৰে বহুতো জলক্ৰীড়া প্ৰদানকাৰী আছে ৷ ইয়াত আন এটা উল্লেখনীয় কাৰ্যকলাপ হ’ল গ্লাছ বটম নাৱেৰে কচ্ছপ দ্বীপলৈ যোৱা ৷ আমিও নিজ নিজ পছন্দৰ বিভিন্ন ক্ৰীড়াত ভাগ লৈ দুঃসাহসিক অথচ ৰোমাঞ্চকৰ অভিজ্ঞতাৰ সোৱাদ ললোঁ ৷ জলক্ৰীড়া ভালপোৱাসকলৰ বাবে সৰ্বোত্তম স্থান টাঞ্জুং বেনোৱা বিচ্চ ৷ ইণ্ডোনেচিয়া বিশ্বৰ অন্যতম প্লাষ্টিক প্ৰদূষক দেশ ৷ নুছা ডুৱা বিচ্চত জোৱাৰে কঢ়িয়াই অহা প্লাষ্টিকবোৰ দেখি প্ৰকৃতিৰ ওপৰত মানুহৰ অত্যাচাৰ দেখি মনটো বৰ বেয়া লাগিছিল ৷
তাৰ পৰা আমি পাণ্ডৱা বিচ্চলৈ যাওঁ বুলি গাড়ীত উঠোতেই এজাক ডবা-পিটা বৰষুণ আহিল ৷ বিষুৱৰেখাৰ ওচৰত অৱস্থিত বাবে বালিত ঋতু মাত্ৰ দুটা– খৰাং আৰু বাৰিষা ৷ বছৰৰ সকলো সময়তে গৰম ৷ মে’ মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে ৰ’দালি আৰু বালি ভ্ৰমণৰ বাবে উপযুক্ত সময় ৷ অক্টোবৰৰ পৰা এপ্ৰিললৈ গ্ৰীষ্মমণ্ডলীয় বৰষুণ আৰু আদ্ৰৰ্তা ৷ এই সময়ছোৱা ভ্ৰমণৰ বাবে উপযুক্ত সময় নহয় ৷ আনকি সেই সময়ত হোটেল আদিত থকাৰ বাবে খৰচো কম কৰা হয় ৷ আমি অক্টোবৰ মাহত যোৱা বাবে বৰষুণৰ বাবে ফুৰা-চকাত কিছু অসুবিধা নোহোৱা নহয় ৷
বৰষুণৰ মাজে মাজে গৈ পাণ্ডৱা বিচ্ছ (Pandawa Beach) পালোঁ ৷ প্ৰায় এক কিলোমিটাৰ দীঘল এই উপকূলীয় অংশটো নুছা ডুৱাৰ মূল কেন্দ্ৰৰ পৰা প্ৰায় আঠ কিলোমিটাৰ দক্ষিণে অৱস্থিত ৷ এসময়ত এই বিচ্চখন চূণশিলৰ পাহাৰৰ আঁৰত লুকাই থকা বাবে গোপন বিচ্চ বুলিও পৰিচিত ৷

আদিতে চাৰিওফালে চূণশিলৰ পাহাৰে আৱৰা পাণ্ডৱা বিচ্চ লৈ যাবলৈ অতি দুৰ্গম আছিল ৷ স্থানীয় লোকেহে তালৈ গৈছিল আৰু শাক-পাচলিৰ খেতি কৰিছিল ৷ বৰ্তমান বিশাল শিলবোৰ কাটি বিচ্চলৈ যোৱাৰ বাবে পথ আৰু বহল মুকলি ঠাই নিৰ্মাণ কৰা বাবে জনসাধাৰণৰ প্ৰৱেশৰ সুবিধা হ’ল আৰু এক আকৰ্ষণীয় পৰ্যটন স্থলীলৈ ৰূপান্তৰিত হ’ল ৷ আদিতে পাণ্ডৱা বিচ্চ চুবুৰীয়া ‘কুটুহ’ গাঁৱৰ নামেৰে পৰিচিত আছিল ৷ পৰৱৰ্তী সময়ত ইয়াৰ নাম সলনি কৰি মহাভাৰতৰ মূল চৰিত্ৰ পঞ্চ পাণ্ডৱৰ নামেৰে ‘পন্তাই পাণ্ডৱা’ কৰা হয় ৷ ‘পন্তা’ই মানে স্থানীয় ভাষাত ‘বিচ্চ’৷ শিল কাটি পঞ্চ পাণ্ডৱ আৰু দেৱী কুন্তীৰ মূৰ্তি স্থাপন কৰা হৈছে ৷ এই মূৰ্তিসমূহ পাণ্ডোৱা লিমা বা পঞ্চ পাণ্ডৱ নামেৰে জনাজাত ৷ এইবাবেই বিচ্চখন পাণ্ডৱা নামেৰে পৰিচিত ৷ স্থানীয় বহু লোকে এতিয়াও ‘কুটুহ বিচ্চ’ নামটোৱে ব্যৱহাৰ কৰে ৷ স্থানীয় লোকসকলে কাষৰীয়া অঞ্চলত খেতি কৰে, সেউজীয়া ধাননি পথাৰে বিচ্চৰ সৌন্দৰ্য বৃদ্ধি কৰিছে ৷ ধাৰাষাৰ বৰষুণৰ বাবে আমাৰ বিচ্চখনৰ সৌন্দৰ্য ভালদৰে উপভোগ কৰাই নহ’ল ৷
পাণ্ডৱা বিচ্চৰ পৰা আমি সমগ্ৰ বালিৰ ভিতৰতে অন্যতম দৰ্শনীয় মন্দিৰ উলুৱাটু মন্দিৰলৈ (Uluwatu Temple) যাওঁ ৷ একাদশ শতিকাতে নিৰ্মাণ কৰা এই মন্দিৰটো বালিৰ অন্যতম পৰ্যটনস্থলী হোৱাৰ মূলতে হৈছে সূৰ্যাস্তৰ দৃশ্য আৰু বালিৰ পৰম্পৰাগত ‘কেচাক নৃত্য’ উপভোগ কৰা ৷ সাগৰ পৃষ্ঠৰ পৰা ৭০ মিটাৰ উচ্চতাত এটা শিলৰ ওপৰত থিয় হৈ থকা এই মন্দিৰটো স্থানীয় ভাৱে ‘পুৰা লুহুৰ উলুৱাটু’ (Pura Luhur Uluwatu) নামে জনাজাত ৷ পুৰা মানে মন্দিৰ আৰু লুহুৰৰ অৰ্থ ‘ঐশ্বৰিক উৎপত্তিৰ কিবা এটা’ উলু অৰ্থাৎ ‘ভূমিৰ শেষ’, ৱাটু মানে শিল ৷ অৰ্থাৎ নামটোতেই মন্দিৰৰ সম্পূৰ্ণ বৰ্ণনা সোমাই আছে ৷ বিশাল এলেকাৰ মন্দিৰৰ প্ৰৱেশদ্বাৰত পাত আৰু ফুলৰ খোদিত বালিৰ সুকীয়া স্থাপত্যৰ গেট, গেটৰ সন্মুখত দুফালে দুটা হাতীৰ মূৰ থকা মানুহৰ শৰীৰৰ দৰে আকৃতিৰ দুটা শিলৰ ভাস্কৰ্য ৷ সকলো মন্দিৰৰ গেটৰ সন্মুখত বিভিন্ন আকৃতিৰ মূৰ্তি ৰখাটো বালিৰ এক পৰম্পৰা ৷ উলুৱাটু মন্দিৰৰ ইতিহাসৰ শিলালিপিত উল্লেখ আছে যে প্ৰায় এহেজাৰ বছৰ আগতে ম্পু কুন্টুৰন (Mpu Kunturan) নামৰ সন্ন্যাসী এজনৰ চেষ্টাতে এই মন্দিৰ নিৰ্মাণ হৈছিল ৷ তেওঁ বালিৰ আন আন উল্লেখযোগ্য মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰতো যথেষ্ট উদগনি যোগাইছিল ৷ প্রত্নতাত্ত্বিক জৰীপৰ মতেও এই স্থানত পোৱা অৱশিষ্টসমূহে প্ৰমাণ কৰে যে মন্দিৰটো প্ৰায় দশম শতিকাৰ আশে-পাশে পোৱা শিলৰ দ্বাৰা নিৰ্মিত ৷ ১৯৮৩ চনলৈকে উলুৱাটু মন্দিৰলৈ যোৱাৰ কোনো সুবিধা নাছিল ৷ কুটাৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দক্ষিণে বালিৰ একেবাৰে দক্ষিণ দিশত বুকিট উপদ্বীপৰ পেকাটু (Pecatu) নামৰ গাঁৱত অৱস্থিত এই মন্দিৰ ৷ বৰ্তমানো উলুৱাটু মন্দিৰলৈ কোনো ৰাজহুৱা পৰিবহণ ব্যৱস্থা নাই ৷ অৱশ্যে টেক্সি বা গাইড টুৰৰ বাছেৰে বালিৰ যিকোনো ঠাইৰ পৰা যাব পাৰি ৷ মন্দিৰত প্ৰৱেশৰ বাবে প্ৰতিজন লোকেই চাৰং (Sarong) , স্কাৰ্ফ (Scarf) বা চেচ (Sash) কঁকালত বন্ধাটো বাধ্যতামূলক ৷ প্ৰৱেশ দ্বাৰতে অসংখ্য চাৰং ৰখা হয় ৷ আমিও চাৰং কঁকালত বান্ধি মন্দিৰত প্ৰৱেশ কৰিলোঁ ৷ উলুৱাটু মন্দিৰৰ পৰা সূৰ্যাস্তৰ দৃশ্য উপভোগ কৰা পৰিব্ৰাজকৰ এটা আকৰ্ষণ যদিও ডাৱৰীয়া বতৰৰ বাবে আমাৰ চোৱা নহ’ল ৷

প্ৰতিদিনে উলুৱাটু মন্দিৰৰ মুকলি মঞ্চত অনুষ্ঠিত হয় পৰম্পৰাগত অনন্য কেচাক নৃত্য (Kecak Dance) ৰ অনুষ্ঠান ৷ কোনো বাদ্যযন্ত্ৰ ব্যৱহাৰ নকৰাকৈ ৰামায়ণৰ কাহিনীৰ ওপৰত আধাৰিত পৰম্পৰাগত এই নৃত্য বালিৰ মন্দিৰ আৰু গাঁৱত পৰিবেশন কৰা হয় ৷ নৃত্য পৰিবেশনৰ সময়ত পুৰুষ নৃত্যশিল্পীসকলে উদং গাৰে কঁকালৰ পৰা আঠুলৈ চেক চেক কাপোৰৰ এক বিশেষ ধৰণৰ ধুতি সদৃশ কাপোৰ পিন্ধে ৷ এই নৃত্যত পঞ্চাশৰো অধিক পুৰুষ শিল্পীয়ে এটা সমকেন্দ্ৰিক বৃত্ত গঠন কৰে, যাৰ মাজত এটা বালিৰ পৰম্পৰাগত নাৰিকল তেলৰ চাকি জ্বলি থাকে ৷ বিভিন্ন ধ্বনি যেনে চা চা চা, চক চক জপ কৰি হাত-বাহু জোকাৰি প্ৰায় এঘন্টা সময়ৰ এই নৃত্যানুষ্ঠান উপভোগ কৰি অভিভূত হ’লোঁ ৷ সীতা আৰু ৰামৰ বনবাসৰ পৰা আৰম্ভ কৰি ৰামায়ণৰ কাহিনী ৰূপায়িত কৰে ৷ এই অভিনয়ত সোণালী হৰিণৰ আবিৰ্ভাৱ, ৰাৱণৰ দ্বাৰা সীতা অপহৰণ, ৰাৱণ আৰু জটায়ুৰ মাজত হোৱা যুদ্ধ, হনুমানে সীতাৰ সন্ধান কৰা, ৰাম আৰু ৰাৱণৰ যুদ্ধৰ সৈতে শেষ হয় ৷ কেচাক জপকাৰীসকলে কাহিনী অনুসৰি জপ গায় ৷ পৰিবেশন কৰা কেচাক নৃত্যই বালিৰ নৃত্যশিল্প আৰু সাংস্কৃতিক দক্ষতাৰ পৰিচয় দিয়ে ৷ উদং গাৰে পুৰুষ কেচাক জপকাৰীসকলে ৰামৰ বান্দৰ সৈন্য আৰু ৰাৱণৰ ৰাক্ষস সৈন্যৰ ভূমিকা পালন কৰে ৷ বালিৰ বিভিন্ন মন্দিৰ আৰু আন আন ঠাইতো প্ৰতি সন্ধিয়া ছয় বজাত পৰম্পৰাগত কেচাক নৃত্য অনুষ্ঠিত হয় ৷ অৱশ্যে উলুৱাটু মন্দিৰৰ কেচাক নৃত্যৰ জনপ্ৰিয়তা অধিক ৷
এই মন্দিৰৰ বৈশিষ্ট্যসমূহৰ ভিতৰত আন এটা উল্লেখনীয় বৈশিষ্ট্য হ’ল বান্দৰ ৷ লোকবিশ্বাস অনুসৰি কোৱা হয় এই বান্দৰসমূহে উলুৱাটু মন্দিৰক অনিষ্টকাৰী শক্তিৰ কবলৰ পৰা ৰক্ষা কৰে ৷ লোকবিশ্বাস যিয়েই নহওক বান্দৰে দৰ্শনাৰ্থীৰ চশমা, চান গ্লাচ, কেমেৰা আদি লৈ যোৱা সচৰাচৰ ঘটি থকা এটা সাধাৰণ ঘটনা ৷ এই বিষয়ে মই বালিলৈ যোৱাৰ আগতে পঢ়িছিলোঁ যদিও বিশ্বাস হোৱা নাছিল ৷ নিজৰ ক্ষেত্ৰত হোৱাতহে বিশ্বাস হ’ল ৷ আমি মন্দিৰত গাড়ীৰ পৰা নমাৰ লগে লগেই বান্দৰ এটাই লেখাবৌৰ কান্ধত উঠি পিন্ধি থকা চশমাজোৰ লৈ গ’ল ৷ হঠাৎ মোৰ মনলৈ আহিল কিবা খোৱা বস্তু দিলে হয়তো চশমাজোৰ ওভতাই দিব ৷ সেয়ে দৌৰা-দৌৰিকৈ লগত থকা কমলা এটা বান্দৰটোলৈ দলিয়াই দিলোঁ ৷ বান্দৰটোয়ে চশমাৰ গ্লাচ এখন উলিয়াই পেলাইছিল যদিও চশমাজোৰ গ্লাচ সহ ওভতাই দিলে ৷
১৯ অক্টোবৰত আমাৰ ওভতনি যাত্ৰা ৷ বিমানৰ সময় আছিল দিনৰ আঢ়ৈ বজাত ৷ আমাৰ ভ্ৰমণসূচীত বালিৰ বিখ্যাত আৰু পৰ্যটকৰ আকৰ্ষণীয় টানাহ লট মন্দিৰ অন্তৰ্ভুক্ত কৰা আছিল ৷ বৰষুণৰ বাবে ভ্ৰমণসূচী সালসলনি কৰিব লগা হোৱা বাবে আমাৰ এই মন্দিৰলৈ যোৱা হোৱা নাছিল ৷ সেয়ে ৰাতিপুৱা সাত বজাতেই বয়-বস্তু সামৰি হোটেলত ব্ৰেকফাষ্ট কৰি আটায়ে টানাহ লট মন্দিৰলৈ ওলালোঁ ৷ কুটাৰ পৰা প্ৰায় ২০ কিলোমিটাৰ উত্তৰ-পশ্চিমে টাবানান ৰিজেন্সিৰ বেৰাৱান গাঁওত অৱস্থিত এই মন্দিৰ ৷
টানাহ লট মন্দিৰলৈ গৈ থাকোতে বাটতে স্থানীয় সাজ পিন্ধা বহু পুৰুষ-মহিলাৰ শোভাযাত্ৰাৰ লগতে এক উৎসৱমুখৰ পৰিৱেশ চকুত পৰিল যাৰ বাবে আমাৰ গাড়ী কিছু সময় ৰ’ব লগা হ’ল ৷ স্থানীয় ভাষাত এনগাবেন (Ngaben) নামেৰে জনাজাত সেয়া আছিল মৃতকক শ্মশানলৈ নিয়াৰ শোভাযাত্ৰা ৷ মৃত ব্যক্তিৰ আত্মাক মুক্তি দিবলৈ অনুষ্ঠিত কৰা হয় এই অনুষ্ঠান ৷ ইণ্ডোনেচিয়াৰ হিন্দু সম্প্ৰদায়ৰ লোকসকলৰ মতে যেতিয়ালৈকে মৃত ব্যক্তিৰ দেহ উপযুক্তভাৱে দাহ কৰা নহয় তেতিয়ালৈকে তেওঁৰ আত্মা শৰীৰত আৱদ্ধ হৈ থাকে ৷ সঠিকভাৱে দাহ কৰিলে মৃতকৰ আত্মা স্বৰ্গলৈ যোৱাৰ সম্ভাৱনা বেছি ৷ কোনো এজন ব্যক্তিৰ মৃত্যুৰ পিছতেই দাহ কৰাটো উচিত বুলি কোৱা হয় যদিও বালিৰ সম্পূৰ্ণ পৰম্পৰাগত প্ৰথা যথেষ্ট ব্যয়বহুল ৷ সেয়ে মৃত্যু আৰু এনগাবেন অনুষ্ঠানৰ মাজত প্ৰায়েই ব্যৱধান হয়, যাতে এই অনুষ্ঠানৰ বাবে প্ৰয়োজনীয় খৰচ পৰিয়ালে সংগ্ৰহ কৰিব পাৰে ৷ এই সময়ছোৱাত মৃতকক সমাধিস্থ কৰা হয় ৷ অনুষ্ঠানৰ বাবে যাৱতীয় খৰচৰ যোগাৰ হ’লে শুভ দিন চাই এনগাবেনৰ ঘোষণা কৰে ৷ মৃতকক কঢ়িয়াবলৈ কফিন আৰু বাঁহ-কাঠেৰে মন্দিৰসদৃশ তৈয়াৰ কৰে, স্থানীয় ভাষাত যাক পাটুলাংগন (Patulangan) বুলি কোৱা হয় ৷ মৃতদেহ দাহ কৰাৰ আগতে ধুই স্থানীয় সাজ-পোছাক পিন্ধাই কফিনত ভৰাই ওপৰত পাটুলাংগনেৰে সজাই শোভাযাত্ৰাৰ বাবে সাজু কৰে ৷ আনহাতে পৰিয়াল, ওচৰ চুবুৰীয়া সকলোৱে স্থানীয় সাজ পৰিধান কৰি প্ৰাৰ্থনা কৰে ৷ তাৰ পিছত স্থানীয় গামেলান সংগীতেৰে শোভাযাত্ৰা কৰি শ্মশানলৈ নিয়া হয় ৷ মিনিয়ে কোৱা অনুসৰি কেতিয়াবা এই শোভাযাত্ৰা ইমান দীঘলীয়া হয় যে যান-বাহনৰ চলাচল বহু সময়লৈ বন্ধ কৰিবলগীয়া হয় ৷ সেইদিনা অৱশ্যে আমি খুব বেছি সময় অপেক্ষা কৰিব লগা নহ’ল ৷ শ্মশানতো গান গোৱাৰ প্ৰচলিত প্ৰথা আছে৷ মৃতকক দাহ কৰাৰ অন্তত আমাৰ অস্থি সংগ্ৰহ কৰাৰ দৰে তেওঁলোকৰ ছাই সংগ্ৰহ কৰা প্ৰথা আছে ৷ অৱশ্যে তেওঁলোকে বাৰ দিন পাছতহে নাৰিকলৰ খোলাত ছাই সংগ্ৰহ কৰি সাগৰ বা নদীত পেলাই দিয়ে ৷ এনগাবেন যথেষ্ট ব্যয় বহুল বাবে কেতিয়াবা বহুতো মৃতকৰ পৰিয়ালে এক গোট হৈ এই প্ৰথা সমূহীয়াভাৱে কৰে ৷ সমূহীয়াভাৱে কৰা সময়ত মৃতদেহৰ সলনি পাটুলাংগনত মৃতকৰ ফটো আঁৰি দিয়া হয়, কাৰণ সমাধিস্থ কৰা মৃতক ইতিমধ্যে মাটিৰ লগত মিলি যায় ৷ বিভিন্ন সংস্কৃতিত মৃতদেহ দাহ কৰা প্ৰথা ভিন ভিন যদিও বালিৰ দাহ প্ৰথা আচৰিত লাগিল ৷

‘টানাহ লট’ৰ অৰ্থ ‘সাগৰত ভূমি’৷ মন্দিৰৰ অৱস্থানৰ ফালৰ পৰা এই নামটো উপযুক্ত নাম ৷ টানাহ লট মন্দিৰ সাগৰত শিলৰ ওপৰত অৱস্থিত আৰু সাগৰত ওপঙি থকা এটা সৰু দ্বীপৰ দৰে লাগে ৷ অহৰহ সাগৰৰ ঢৌৰ মাজত শিলৰ ওপৰত থিয় হৈ থকা প্ৰাচীন হিন্দু টানাহ লট মন্দিৰৰ চৌপাশৰ নয়ন জুৰোৱা প্ৰকৃতিৰ বিনন্দীয়া দৃশ্য আৰু সূৰ্যাস্তৰ পটভূমিৰ বাবেই আকৰ্ষণীয় পৰ্যটনস্থলী ৷ বালিন উপকূলৰ চাৰিওফালে থকা সাতটা সাগৰীয় মন্দিৰৰ ভিতৰত ই অন্যতম ৷ ই যুগ যুগ ধৰি বালিৰ পৌৰাণিক কাহিনীৰ অংশ হৈ আহিছে– কোৱা হয় ষোড়শ শতিকাত ডাং হিয়াং নিৰাৰ্থ (Dang Hyang Nirartha) নামৰ ধাৰ্মিক লোক এজনে তেওঁৰ ভ্ৰমণকালত এই শিলৰ দ্বীপটোৰ সুন্দৰ পৰিৱেশত মুগ্ধ হৈ এৰাতি কটোৱাৰ সিদ্ধান্ত লয় ৷ সেই সময়তে তেওঁ অনুভৱ কৰিলে যে বালিৰ সাগৰীয় দেৱতাক পূজা কৰিবলৈ এয়া পবিত্ৰ ঠাই ৷ সেয়ে স্থানীয়লোকৰ সহযোগত তেওঁ এই মন্দিৰ প্ৰতিষ্ঠা কৰে৷ সাগৰৰ দেৱতা বা সাগৰৰ শক্তি বুলি পৰিচিত দেৱতা বৰুণ বা ভতৰা ছেগৰা (Bhatara Segara) দেৱতাৰ নামত উচৰ্গিত টানাহ লট ৷ কিংবদন্তি অনুসৰি এই মন্দিৰক এডাল বিশাল বিষাক্ত সাপে অনিষ্টকাৰী অনুপ্ৰৱেশকাৰীৰ পৰা ৰক্ষা কৰি আহিছে ৷ বালিৰ পৌৰাণিক কাহিনীত ডাং হিয়াং এজন শক্তিশালী অলৌকিক শক্তিৰ অধিকাৰী লোক বুলি কোৱা হয় ৷ প্ৰবাদ আছে মন্দিৰ প্ৰতিষ্ঠাৰ সময়তে ডাং হিয়াঙয়ে অলৌকিক শক্তিৰে তেওঁৰ চেচৰ পৰা এই বিশাল সাপডালৰ সৃষ্টি কৰিছিল ৷ টানাহ লট মন্দিৰ স্থলভাগৰ পৰা কিছু আঁতৰত সাগৰত ৷ সেয়ে জোৱাৰ ভাটাৰ সময়ত মূল মন্দিৰলৈ যাব নোৱাৰি ৷ টানাহ লটৰ আশে-পাশে কেবাটাও মন্দিৰ আছে ৷ এইসমূহক কেন্দ্ৰ কৰিও বহুতো কাহিনী আছে ৷ মন্দিৰৰ প্ৰৱেশ পথত বালিনিজ স্থাপত্যৰ সুন্দৰ গেট, মন্দিৰলৈ যোৱা পথৰ দুয়োকাষে স্থানীয় হস্ত শিল্পজাত সামগ্ৰীৰ অসংখ্য দোকান আৰু খোৱাৰ সুব্যৱস্থাৰে বহুতো ৰেস্তোৰাঁ আছে ৷ মন্দিৰৰ প্ৰতিষ্ঠা যেনেকৈ নহওক কিয় অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোৰম ৷ আমি তাত বেছি সময় কটাবলৈ নাপালোঁ ৷ ইতিমধ্যে আমাৰ বিমানৰ সময় হ’ল ৷ বালি ভ্ৰমণৰ সামৰণি মাৰি টানাহ লটৰ পৰা বাহিৰে বাহিৰে আহি বিমান বন্দৰ পালোঁ ৷ নিৰ্দিষ্ট সময়তে আমাৰ বিমান কুৱালালামপুৰলৈ উৰা মাৰে ৷
বালিত চাবলগীয়া আৰু বালিৰ বিষয়ে জানিবলগীয়া বহুতো আছে ৷ কিন্তু ভ্ৰমণত সময় ধৰাবন্ধা ৷ তাৰোপৰি বৰষুণৰ বাবে আমাৰ বহু সময় অবাবতে গ’ল ৷ বালিৰ অগণন বিচ্চৰ ভিতৰত আমি কেইখনমানলৈ গ’লো প্ৰতিখনেই সুকীয়া বৈশিষ্ট্যৰ ৷ সূৰ্যোদয় আৰু সূৰ্যাস্তৰ মনোমোহা দৃশ্য উপভোগ কৰা বালিৰ পৰ্যটকৰ অতি আকৰ্ষণীয় কাৰ্য ৷ কিন্তু বৰষুণৰ বাবে আমি এই দৃশ্যৰ পৰা বঞ্চিত হ’লোঁ ৷
বালিৰ মন্দিৰসমূহৰ স্থাপত্যকলাৰ সুকীয়া বৈশিষ্ট্য আছে ৷ মন্দিৰৰ বিশাল চৌহদসমূহ তিনিটা ভাগত বিভক্ত– বহিঃভাগ, মধ্যভাগ আৰু অন্তঃভাগ ৷ সাধাৰণতে এই ভাগ বালিৰ স্থাপত্য শৈলীৰে নিৰ্মিত গেটেৰে ভাগ কৰা হয় য’ত কোনো দুৱাৰ নাথাকে ৷ অন্তঃভাগত দেৱ-দেৱীৰ মুৰ্তি স্থাপন কৰা হয় য’ত পৰ্যটকৰ প্ৰৱেশ নিষিদ্ধ ৷ অৱশ্যে বহিঃভাগ আৰু মধ্যভাগ সকলোৰে বাবে মুক্ত৷ সকলো মন্দিৰৰ নিৰ্মাণৰ স্থাপত্য শৈলী একেই ৷ কিছুমান মন্দিৰত চাৰং পিন্ধা বাধ্যতামূলক৷ মন্দিৰৰ প্ৰৱেশ পথতে দৰ্শনাৰ্থীৰ বাবে অসংখ্য চাৰং ৰখা হয় ৷ চাৰং হৈছে কঁকালত গাঁঠি মাৰি পিন্ধা এবিধ কাপোৰ যিয়ে কঁকালৰ তলৰ অংশ ঢাকি ৰাখে ৷
বালিৰ সংস্কৃতিত মূল ধৰ্ম যদিও হিন্দু , ভাৰতীয় হিন্দু ধৰ্মৰ পৰা ই সম্পূৰ্ণ পৃথক৷ বালিৰ লোকসকলে হিন্দু ধৰ্মৰ অনন্য ৰূপ আগমা হিন্দু ধৰ্ম অনুসৰণ কৰে ৷ বালিৰ সংস্কৃতি আৰু পৰম্পৰাগত ধৰ্মই দ্বীপটোৰ জীৱন শৈলীৰ প্ৰতিটো দিশতে প্ৰভাৱ পেলায় ৷ তেওঁলোকে প্ৰকৃতিৰ শক্তিক বিশ্বাস কৰে আৰু তেওঁলোকৰ মতে প্ৰতিটো উপাদান আত্মাৰ দ্বাৰা প্ৰভাৱিত ৷ বালিৰ সংস্কৃতি আৰু ধৰ্মত বহুতো দেৱতা আছে যদিও ব্ৰহ্মা, বিষ্ণু আৰু শিৱ প্ৰধান দেৱতা ৷ বালিৰ সংস্কৃতিত দেৱতাক শ্ৰদ্ধা জনোৱাৰ মুখ্য উপায় হ’ল প্ৰসাদ দিয়া ৷ বালিত আমি প্ৰায় সকলো ঠাইতে– ৰাস্তা, প্ৰতিটো ঘৰৰ সন্মুখ, দোকান, মন্দিৰ আদিত মাটিত প্ৰসাদ থৈ দিয়া দেখিবলৈ পাইছিলোঁ ৷ প্ৰসাদ হিচাপে ফল-ফুল, বাদাম, পাত আদি কলপাতেৰে তৈয়াৰ কৰা সৰু সৰু বাতি সদৃশ পাত্ৰত দিয়ে যাক কানাং চাৰি (Canang Sari) বুলি কোৱা হয় ৷ এনে নহয় যে আত্মা,¸ পূৰ্বপুৰুষ বা দেৱতাৰ বাবে দিয়া প্ৰসাদ কোনো ডাঙৰ মন্দিৰত দিব লাগিব ৷ প্ৰতিদিনে উচৰ্গিত এই প্ৰসাদ নিজৰ ঘৰৰ ব্যক্তিগত মন্দিৰ বা ঘৰৰ চোতাল বা বাগিচা আদিতো দিয়ে ৷
বিভিন্ন অঞ্চললৈ যোৱাৰ সময়ত সোঁৱে-বাঁৱে দেখা বালিৰ সুকীয়া স্থাপত্যৰ ঘৰবোৰ দেখি অনুসন্ধানী মনত বিভিন্ন প্ৰশ্ন মনলৈ আহে ৷ এনে হোৱা স্বাভাৱিক, বাহিৰৰ পৰা ঘৰৰ চৌহদৰ ভিতৰৰ একো দেখা নাযায় ৷ দৈনন্দিন বিভিন্ন কাম-কাজৰ বাবে আমাৰ দৰে একেটা ঘৰতে দেৱালৰ দ্বাৰা পৃথক পৃথক কোঠা নিৰ্মাণ নকৰে ৷ প্ৰতিটো কামৰ বাবে পৃথক পৃথককৈ কেইবাটাও গঠন নিৰ্মাণ কৰে ৷ এই ঘৰসমূহৰ নিৰ্মাণ শৈলীৰ বিষয়ে আমাৰ গাড়ী চালক জনিৰ পৰা কিছু আভাস পালোঁ যদিও সেয়া নামমাত্ৰহে ৷ প্ৰায় প্ৰতি ঘৰ মানুহৰ ঘৰতে ব্যক্তিগত মন্দিৰ আছে ৷ বালিৰ পৰম্পৰাগত ঘৰসমূহ নান্দনিকভাৱে ভাল লগা স্থাপত্যৰে নিৰ্মিত ৷ হিন্দু আৰু বৌদ্ধ ধৰ্মৰ বিশ্বাসৰ ওপৰত সামঞ্জস্য ৰাখি নিৰ্মাণ কৰা এই ঘৰসমূহক বালিবাসীয়ে আস্তা কোছালা কোছালি (Asta Kosala Kosali) বুলি উল্লেখ কৰা এক সমৃদ্ধ দৰ্শনেৰে নিৰ্মিত ৷ আস্তা কোছালা কোছালি হৈছে ভৰপূৰ ধৰ্মীয় ধাৰণা আৰু ভূমি ব্যৱস্থাৰ এক দৰ্শন ৷ ইয়াত স্থাপত্যৰ ডিজাইন, নিৰ্মাণ কৌশল, সামগ্ৰী নিৰ্বাচন, স্থান, স্তৰ আৰু পবিত্ৰ স্থান প্ৰতিষ্ঠা সম্পৰ্কীয় হিন্দু পৰম্পৰাত ব্যৱহৃত বিশেষ আচাৰ-অনুষ্ঠানৰ সৈতে বিতংভাৱে জড়িত ৷ বালিৰ ঘৰ নিৰ্মাণৰ বাবে সাধাৰণতে কেঁচামালৰ ভিতৰত প্ৰায়ে খেৰৰ চাল, নাৰিকল কাঠ, বাঁহৰ সামগ্ৰী, চেগুন কাঠ, প্ৰাকৃতিক শিল, ইটা আদি ব্যৱহাৰ কৰা হয় ৷ বালিৰ স্থাপত্য অৰ্থপূৰ্ণ সজ্জাগত উপাদানৰ সৈতে সুকীয়া বৈশিষ্ট্য আছে ৷ আস্তা কোছালা কোছালিৰ দৰ্শনক সামৰি লোৱা এটা বালিৰ পৰম্পৰাগত ঘৰ সাধাৰণতে বিভিন্ন ক্ষেত্ৰৰে গঠিত ৷ ঘৰৰ চৌহদত সুন্দৰ স্থাপত্যৰে ছাদ থকা প্ৰৱেশদ্বাৰ যাক অংকুল-আংকুল (Angkul-angkul) বুলি কোৱা হয় ৷ প্ৰৱেশদ্বাৰৰ সন্মুখতে শিলত কটা বিভিন্ন দেৱ-দেৱীৰ মুৰ্তি স্থাপন কৰে ৷ এলিং-এলিং (Aling-aling) প্ৰৱেশদ্বাৰৰ অংশ যিয়ে বাধা আৰু বিক্ষিপ্ততা হিচাপে কাম কৰে যাতে বাহিৰৰ পৰা মানুহে ঘৰৰ চৌহদটো পোনে পোনে দেখা নাপায় ৷ এলিং-এলিঙে ঘৰত কোনো ধৰণৰ নেতিবাচক আভা অহাত বাধা দিয়ে বুলিও বিশ্বাস কৰে ৷ সাধাৰণতে ঘৰৰ উত্তৰ-পূব কোণত পৰিয়ালৰ ব্যক্তিগত মন্দিৰ হিচাপে এটা পবিত্ৰ ঘৰ যাক সংঘাহ (Sanggah) বুলি কোৱা হয় ৷ বেলে দৌহ (Bale Dauh) আন এটি পৰম্পৰাগত বিশেষ ডিজাইনৰ ঘৰ যিটো অবিবাহিত ল’ৰা বা পুৰুষ বাবে ৷ বেলে দৌহ সভা-সমিতি আৰু বয়ন, খোদিত, চিত্ৰকলা, ভাস্কৰ্য শিল্পৰ দৰে দৈনন্দিন কাম-কাজৰ ঠাই হিচাপেও ব্যৱহাৰ কৰে ৷ বেলে ডাংগিন (Bale Dangin) বা বেলে গেডে (Bale Gede) বুলি কোৱা ঘৰটো পৰম্পৰাগত অনুষ্ঠানৰ বাবে ব্যৱহাৰ কৰা হয় ৷ বেলে মেণ্টেন (Bale Manten) হৈছে পৰিয়ালৰ মুৰব্বী আৰু বিয়া নোহোৱা ছোৱালীৰ শোৱনি ঘৰ য’ত দুটা কোঠা থাকে ৷ এই ঘৰটো আয়তাকাৰ আকৃতিৰ আৰু ই মূল ভৱনৰ উত্তৰ দিশত অৱস্থিত ৷ পাৱাৰেজেন (Pawaregan) বালিন পৰম্পৰাগত ঘৰৰ এটা অংশ যিয়ে পাকঘৰ হিচাপে কাম কৰে ৷ এই অংশটো মূল ঘৰৰ উত্তৰ-পশ্চিম বা দক্ষিণে অৱস্থিত ৷ সাধাৰণতে পাৱাৰেজেনৰ দুটা ক্ষেত্ৰ থাকে– ৰন্ধা-বঢ়া কৰা ঠাই আৰু পাকঘৰৰ সঁজুলি সংৰক্ষণ কৰা ঠাই ৷ বালিৰ পৰম্পৰাগত ঘৰসমূহক ৰুমাহ গপুৰা কেণ্ডি বেণ্টাৰ (Rumah Gapura Candi Bentar) বুলি কোৱা হয় ৷ বালিৰ পৰম্পৰাগত ঘৰত জিনেং (Jineng) নামেৰে আন এটি গঠন থাকে ৷ অৱশ্যে জিনেং সকলো ঘৰৰ লগত নাথাকে, ইয়াক শস্যৰ ভঁৰাল হিচাপে ব্যৱহাৰ কৰা হয় বাবে চৌহদৰ আন ঘৰসমূহতকৈ ওখ কৰি সজোৱা হয় ৷ শুকান খেৰৰ চাল আৰু কাঠেৰে নিৰ্মিত জিনেং আমাৰ ভঁৰাল ঘৰৰ দৰে যদিও দেখাত বহুত বেলেগ ৷ আস্তা কোছালা কোছালিৰ স্থাপত্য দৰ্শনক চীনা সংস্কৃতিত ‘ফেং ছুই’ৰ লগত তুলনা কৰিব পাৰি ৷ পৰম্পৰাগত ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত বালিয়ে প্ৰতিটো গঠন কোনফালে মুখ কৰি আছে তাৰ ওপৰত গুৰুত্ব দিয়ে কাৰণ বালি সংস্কৃতিত দিশৰ গুৰুত্বপূৰ্ণ অৰ্থ আছে ৷ আন এটা কথা মন কৰিছিলোঁ বালিত সুউচ্চ অট্টালিকা নাই ৷ বালিৰ নিয়ম অনুসৰি ১৫ মিটাৰতকৈ ওখ ঘৰ সজোৱা নিষেধ ৷
বালিৰ স্থানীয় লোকসকল অতি নম্ৰ আৰু বন্ধুত্বপূৰ্ণ, যি কোনো পৰিস্থিতিত সহায় কৰিবলৈ আগবাঢ়ি আহে ৷ তেওঁলোকৰ ৰীতি-নীতি, চলি অহা পৰম্পৰা, উদযাপন, সংস্কৃতি, দৈনন্দিন জীৱনৰ বিষয়ে আনক জনাবলৈ পালে আনন্দিত হয় ৷ আমি এখন ঠাইৰ পৰা আনখনলৈ যোৱাৰ সময়তে জনিৰ লগত হোৱা কথোপকথনৰ পৰা বালিৰ আন দুটা পৰম্পৰা– মৌনতা দিবস (Day of Silence) বা ন্যেপি (Nyepi) আৰু দাঁত ফাইলিং (Tooth Filing) বিষয়ে জানিব পাৰি আচৰিত লাগিছিল ৷
পৃথিৱীৰ বিভিন্ন প্ৰান্তৰে প্ৰান্তৰে নৱবৰ্ষক আদৰা আৰু উদযাপনৰ নিজস্ব ধৰণ আছে ৷ বালিৰ সংস্কৃতিত নতুন বছৰক আদৰা হয় বিশেষ ধৰণে ৷ বালিৰ কেলেণ্ডাৰ অনুসৰি নতুন বছৰৰ প্ৰথম দিনটোত উদযাপন কৰা হয় ‘সম্পূৰ্ণ মৌনতাৰ দিন’ হিচাপে ৷ এই উৎসৱক স্থানীয় ভাষাত ন্যেপি বুলি কোৱা হয় ৷ ন্যেপিৰ অৰ্থ মৌন হৈ থকা ৷ ন্যেপি বালিৰ এক ব্যতিক্ৰমী উৎসৱ ৷ বছৰৰ প্ৰথম দিনটো মৌনতা, উপবাস আৰু ধ্যান-ধাৰণাৰ দিন ৷ প্ৰাৰ্থনাৰ জৰিয়তে ঈশ্বৰৰ সৈতে নিজকে ঘনিষ্ঠভাৱে সংযোগ কৰিবলৈ সম্পূৰ্ণৰূপে উৎসৰ্গিত কৰা হয় ৷ আগন্তুক বছৰৰ ভুল, বেয়া আৰু শংকাৰ পৰা দ্বীপটোক ৰক্ষা কৰি বিশুদ্ধ আৰু ইতিবাচক বছৰ প্ৰতিষ্ঠা কৰাই এই উৎসৱৰ উদ্দেশ্য ৷ বছৰৰ প্ৰথম দিনত ৰাতিপুৱা ছয় বজাৰ পৰা পিছদিনা ৰাতিপুৱা ছয় বজালৈ উদযাপন কৰা এই চৌবিশ ঘণ্টা আত্মচিন্তাৰ বাবে সংৰক্ষিত ৷ সেইবাবে এই উদ্দেশ্যত বাধা দিব পৰা সকলো কাম নিষিদ্ধ ৷ প্ৰত্যেকেই এই দিনটো পৰিয়ালৰ সৈতে কটায় আৰু সকলো শাৰীৰিক কাম-কাজৰ পৰা বিৰত থাকে ৷ সকলো ৰাজহুৱা, ব্যক্তিগত অনুষ্ঠান বন্ধ ৰখা হয় আনকি পৰ্যটকো ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱা নিষেধ ৷ এই সময়ছোৱাত আনকি বিমান বন্দৰো বন্ধ থাকে, কোনো বিমানৰ আগমন বা প্ৰস্থান নহয় ৷ পথ বা বিচ্চত লোকৰ যাতায়ত বন্ধ কৰি দিয়া হয় ৷ ৰাতি ঘৰৰ লাইট বন্ধ কৰিব লাগে, অৱশ্যে হোটেলত লাইট জ্বলাব পাৰে যদিও পোহৰৰ ৰশ্মি যাতে বাহিৰলৈ যাব নোৱাৰে তাৰ প্ৰতি সচেতন হ’ব লাগে ৷ এই সময়ত সম্পূৰ্ণ দ্বীপটোত নিস্তব্ধতাই বিৰাজ কৰাৰ লগতে স্থবিৰ ই হৈ পৰে ৷ ন্যেপিৰ আগদিনা অৰ্থাৎ বছৰৰ শেষৰ দিনা বালিবাসীয়ে জুইৰ জোৰ লৈ শোভাযাত্ৰা কৰে ৷ জীৱনৰ সকলো কু-প্ৰভাৱৰ পৰা মুক্ত কৰাৰ প্ৰতীক হিচাপে অনিষ্টকাৰী আত্মাৰ মূৰ্তিলৈ শোভাযাত্ৰা কৰে ৷ শোভাযাত্ৰাৰ অন্তত সেইবোৰ জ্বলাই দিয়া হয় ৷
বালিত কিশোৰ-কিশোৰী যৌৱন প্ৰাপ্তিৰ সময়ত দাঁত ফাইলিং কৰাটো এটা অপৰিহাৰ্য অনুষ্ঠান ৷ এই পৰম্পৰাৰ মুখ্য উদ্দেশ্য হৈছে এজন ব্যক্তিৰ মাজত থকা বেয়াখিনি নিয়ন্ত্ৰণ কৰি বেয়া আৰু ভালৰ মাজত ভাৰসাম্য সৃষ্টি কৰা ৷ তেওঁলোকে বিশ্বাস কৰে লোভ, মোহ, ক্ৰোধ আদি ৰিপু প্ৰতিজন ব্যক্তিৰ মাজতে থাকে যিসমূহক তেওঁলোকে ‘দুখ ৰিপু’ বুলি কয় ৷ লোভ, মোহ, ক্ৰোধ আদিৰ দৰে বেয়া ৰিপু হ্ৰাস কৰা বালিৰ এই গুৰুত্বপূৰ্ণ ৰীতিক স্থানীয়লোকসকলে মেটাটাহ (Metatah), মেপাণ্ডেছ (Mepandes), মেছাংগিহ (Mesangih) বুলিও কয় ৷ এই অনুষ্ঠানত সন্তানৰ যৌৱন প্ৰাপ্তিৰ সময়ত পুৰোহিত আনি কুকুৰ (Canine) দাঁতৰ চোকা অংশবোৰ আঁতৰাই পেলোৱা হয় ৷ তেওঁলোকে বিশ্বাস কৰে কুকুৰ দাঁত ব্যক্তিৰ কু-গুণৰ প্ৰতীক ৷ বালিৰ প্ৰতিজন ব্যক্তিৰে দাঁত ফাইলিং কৰা বাধ্যতামূলক ৷ এই অনুষ্ঠান সম্পন্ন কৰাৰ আগতে কোনো ব্যক্তিৰ মৃত্যু হ’লে মৃতদেহ দাহ কৰাৰ পূৰ্বে পৰিয়ালে মৃতদেহতে এই অনুষ্ঠান কৰিব লাগে ৷
বালিৰ সংস্কৃতি আৰু জীৱনশৈলী অনন্য ৷ অধিকাংশ লোকেই পৰ্যটনৰ ওপৰত নিৰ্ভৰশীল ৷ বিভিন্ন বয়সৰ প্ৰতিজন পৰ্যটকৰ বাবে অন্তহীন কাৰ্যকলাপৰ লগতে দুঃসাহসিক কাৰ্যৰো সুবিধা আছে ৷ তাৰোপৰি পৰম্পৰাগত ৰীতি-নীতিৰ মাজতেই বালিৰ চহকী সংস্কৃতিৰ প্ৰকৃত মৰ্ম নিহিত হৈ আছে ৷ বালিলৈ বিভিন্ন দেশৰ পৰ্যটক আহে আৰু যায় ৷ তথাপিও যুগ যুগ ধৰি বালিবাসীয়ে নিজৰ পৰম্পৰা, সংস্কৃতি ৰক্ষা কৰি আহিছে ৷ পৰ্যটনৰ ক্ষেত্ৰখন অধিক বৃদ্ধি হ’লেও ইয়াৰ প্ৰভাৱ বালিৰ সংস্কৃতি আৰু পৰম্পৰাৰ ওপৰত পেলাব পৰা নাই যেনেই অনুমান হ’ল ৷ বালিৰ প্ৰতিটো পৰ্যটন স্থানৰে নিজস্ব সৌন্দৰ্য আৰু স্বকীয় বৈশিষ্ট্য আছে ৷
( ধাৰাবাহিকভাৱে সাপ্তাহিক কাকত “সাদিন”ত প্ৰকাশিত )
জোনা মহন্ত, অক্টোবৰ ২੦২২

