১/
আহোঁ বুলিয়েই গুচি আহিলোঁ
অভিমানবোৰ বুকুত সাঁচি
এবাৰো উভতিও নাচালোঁ
হয়তো তুমিও মোলৈ নাচালা ।
২/
আবেলিৰ নীড় মুখী চৰাই জাকৰ স’তে
তুমি যদি আহিলা হয়
ক’লোহেঁতেন সাঁচি ৰখা
বহু কথা মোৰ হৃদয়ৰ ।
৩/
শৈশৱ, কৈশোৰ আৰু যৌৱনৰ
সেই মিঠা মিঠা লগা দিনবোৰ
চৰাই হৈ উৰি গ’লেও
মনৰ সজাত বন্দী দেখোন আজিও
অনেক ক্ষণৰ দুখৰীয়া ছবি ।
৪/
ফাগুণৰ উন্মাদনাই মনৰ মাজৰ
প্রেমৰ শিহৰণ তোলাৰ আগতেই
মৃত্যুৰ বিভীষিকাই তুলিলে শিহৰণ ।
পলাশ, মদাৰ, শিমলুৰে
ৰাঙলী হোৱাৰ আগতেই
ৰাঙলী হ’ল নিৰীহৰ তেজেৰে ।
৫/
ক’লৈ গ’ল তাহানিৰ বকুল জোপা
ক’ত আছে বকুলৰ আমোল-মোলোৱা
সেই মিঠা সুবাসৰ সন্ধিয়া ।
এতিয়া দেখোন তাত
বুট ভজাৰ ফুৰফুৰিয়া
গোন্ধ এটাহে আহি নাকত লাগে।
৬/
প্ৰতিশ্ৰুতিৰ আশ্বাসবোৰ
দুয়োৰে অনুভৱবোৰ
সযতনে আলফুলে সজাত বন্দী কৰি
প্ৰাপ্তিৰ হাবিয়াস আঁতৰাই
আঁতৰি গৈছিলা সেইদিনা ।
৭/
নোৱাৰা যদি দিব একোকে
প্ৰেমৰ বাণীকে দিয়া বিলাই
সমগ্ৰ বিশ্বৰ শান্তিৰ বাবে
জগাই তোলা মানৱীয় অনুভূতি ।
৮/
জঁপিয়াই পৰা বীৰ সৈনিকৰ দৰে
আগন্তুক বাধাৰ প্ৰাচীৰ ভাঙি।
প্ৰচণ্ড ধুমুহাই যদি
নিব খোজে উৰুৱাই
ৰোধিবলৈ হোৱা প্ৰস্তুত
প্ৰত্যাহ্বানেৰে হোৱা সন্মুখীন
জয় অনিবাৰ্য্য।
৯/
খং-অভিমান-দুখ
মই ভাল নাপাওঁ
ক্ষন্তেকীয়া জীৱনৰ
প্ৰতিটো ক্ষণেই অতি মূল্যবান।
১০/
সেইদিনা তুমি আহিছিলা
পুৰণি গুহাটো সুঁৱৰি
বাৰিষাৰ নৈ খনৰ দৰেই ওফন্দি
উঠিছিল হৃদয় ।
১১/
পাইছিলোঁ লগ কোনো এক
কোমল ৰাতিপুৱা
সময়ৰ সোঁতত উটি ভাঁহি
বিয়লি বেলাত আকৌ হ’ল দেখা
সপোনবোৰে নতুনকৈ মেলিলে গজালি ।
১২/
প্ৰতি বছৰৰ দৰেই
আকৌ আহিল আহিন
আহিন মানেই শৰৎ, শেৱালি…
সৰা শেৱালিৰ স’তে
শিশিৰ কণাৰ অকৃত্ৰিম প্ৰেম
পাৰি জানো ৰোধিব
প্ৰকৃতিৰ চিৰ-নৈয়মিকক ।
১৩/
শেষ প্ৰান্তৰত উপনীত হলেও
স্মৃতিৰ কৰণিতো
সৰা শেৱালিৰ দৰেই
সুগন্ধিৰে উপচি থাকে ।
১৪/
মোৰ বাবে হেনো
তুমি কবিতা ৰচিছা
তোমাৰ ফুলনিৰ ফুলপাহত
জানো মোক বিচাৰি পাইছা !
১৫/
পূৰ্ণিমাৰ মাজনিশা
জোনাকৰ মন ভুলোৱা হাঁহি
কাৰ চিনাকি সুৰভিত
নিশা ভাগে টোপনি ।
১৬/
কথাখিনি কওঁ বুলি ভাবোঁতেই গ’ল আঁতৰি
অশ্ৰুসিক্ত নয়নেৰে চাইয়েই থাকিলোঁ ।
আজিও বৈ আছে স্ৰোতস্বিনী নৈৰ দৰে
সোঁতত দিছোঁ উটুৱাই শুভাশীষ ভৰা কৰণি ।
১৭/
ফাগুণতে লঠঙা হোৱা গছজোপা
আজিও দেখোন তেনেকৈয়ে থাকিল
বসন্তৰ পৰশেও চোন উৎজীবিত কৰিব পৰা নাই
এয়া বয়সৰেই প্ৰভাৱ চাগে !
১৮/
সেউজীয়া ভালপোৱা ছোৱালীজনী
সেউজ ঘাঁহনি ডৰাৰ মাজলৈ সোমাই গ’ল
তাইতো নাজানে –
বসন্তৰ বৰষুণ জাকত বাঢ়ি অহা ঘাঁহনিত
বিষাক্ত সাপডালে যে ৰ’দ পুৱাইছে।
১৯/
ডাৱৰৰ ওৰণি ফালি
নিয়ৰৰ মৃদু পৰশ সানি
শীতৰ নিহালি ঠেলি
সোণালী চুলিটাৰি মেলি
লাজ লাজ কৈ মাৰি ভুমুকি
দিয়েহি নতুন প্ৰভাতৰ বাতৰি ।
২০/
নিস্বাৰ্থ ভালপোৱাৰ বাবেই
আঁতৰি আহিছিলোঁ সেইদিনাই
আনৰ বাগিচাত তুমি যিদিনাই
ফুলিছিলা এপাহি সুগন্ধি ফুলৰ দৰেই ।
২১/
একোৱেই নাই মোৰ দিবলে
আছে মাথোঁ পৰাণ ভৰি
শুভ্ৰ জোনাকী অনাবিল প্ৰেম
অকুণ্ঠচিত্তে সকলোকে তাকেই বিলাওঁ ।
জোনা মহন্ত, গুৱাহাটী ।