ঋতুস্ৰাৱ বা ৰক্তস্ৰাৱ, ছোৱালীৰ এটি শাৰীৰিক পৰিৱৰ্তন যিটো সাধাৰণতে ১০-১৪ বছৰৰ ভিতৰত আৰম্ভ হয়৷ কৈশোৰ যৌৱনৰ এই সময়ছোৱাত এজনী ছোৱালীৰ দেহত বিভিন্ন শাৰীৰিক পৰিৱৰ্তন হ’বলৈ ধৰে৷ প্ৰতেক্যৰে শৰীৰৰ গঠন অনন্য আৰু নিজস্ব ধৰণে বিকশিত হয়৷ সেয়ে ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ কোনো নিৰ্দিষ্ট বয়স নাথাকে৷ সাধাৰণতে স্তন বিকশিত হ’বলৈ আৰম্ভ হোৱাৰ দুই বছৰমান পাছত ঋতুস্ৰাৱ আৰম্ভ হয়৷
ঋতুস্ৰাৱ হ’ল যোনিৰে প্ৰতিমাহে তেজ আৰু অন্যান্য টিছু আৰু শেষ্মা দেহৰ পৰা নিঃসৰণ হোৱা পদ্ধতি৷ উপযুক্ত বয়সত প্ৰতিমাহে ডিম্বাশয়ৰ পৰা ডিম্বানু পৰিপক্ক হৈ জৰায়ুলৈ গতি কৰে আৰু সম্ভাব্য গৰ্ভধাৰণৰ বাবে জৰায়ুত এখন ডাঠ আৱৰণৰ সৃষ্টি কৰে৷ ডিম্বানু নিষিক্ত নহ’লে ডাঠ আৱৰণ খন টুকুৰা টুকুৰ হৈ জৰায়ুৰ পৰা তেজৰ আকাৰে শৰীৰৰ পৰা বাহিৰ ওলাই যায়৷ এই প্ৰক্ৰিয়া প্ৰতিমাহে হয় বাবে ইয়াক মাহেকীয়া বুলিও কোৱা হয়৷ মাহেকীয়া চলি থকা সময়ত হোৱা দৈহিক পৰিৱৰ্তনৰ বাবে বেছিভাগ ছোৱালীৰ বিভিন্ন উপসৰ্গই দেখা দিয়ে–যেনে তল পেটৰ বিষ, কঁকালৰ বিষ, ক্ৰেম্প, স্তনৰ কোমলতা, মন অস্থিৰ আৰু সংবেদনশীল আদি৷
কোনো কোনো ছোৱালীৰ ক্ষেত্ৰত দেখা যায় অস্বাভাৱিক ভাৱে অতি বেছি ৰক্তক্ষৰণ হয়৷ অস্বাভাৱিক ৰক্তক্ষৰণ মানে সহজ অৰ্থত প্ৰতি দুই-তিনি ঘণ্টাৰ ব্যৱধানত ট্যাম্পন বা পেড সলনি কৰিবলগীয়া হয়৷ তাৰোপৰি মাংসপেশীত হোৱা ক্ৰেম্প কেতিয়াবা ইমান গুৰুতৰ হয় যে দৈনিন্দন কাম-কাজ কৰিবলৈও অসুবিধা হয়৷
এজনী ছোৱালীৰ উপযুক্ত বয়সত প্ৰথম মাহেকীয়া আৰম্ভ হ’লে তেওঁৰ মনত বিভিন্ন ধৰণৰ প্ৰশ্ন মনলৈ অহাৰ উপৰিও নিজৰ শৰীৰৰ বিকাশ আৰু পৰিৱৰ্তনৰ বিষয়ে নজনাৰ ফলত মনত ভয় বা শঙ্কা হোৱাতো স্বাভাৱিক৷ মাহেকীয়া ছোৱালীৰ জীৱনৰ এটা অনন্য প্ৰক্ৰিয়া হ’লেও অতীজৰে পৰা সমগ্ৰ বিশ্বতে মাহেকীয়া সম্পৰ্কে বিভিন্ন বেলেগ বেলেগ নিষেধাজ্ঞ আৰু বহুতো পৌৰাণিক ধাৰণাৰ দ্বাৰা আজিও পৰিবেষ্টিত হৈ আছে৷ এই নিষেধাজ্ঞসমূহৰ বাবে মাহেকীয়া সম্পৰ্কে মুকলিকৈ আলোচনা কৰিবলৈ লাজ বা শঙ্কা কৰাৰ উপৰিও ভুল ধাৰণাৰ বাবে নীৰৱে থাকিবলৈ বাধ্য হয়৷ ফল স্বৰূপে যুগ যুগ ধৰি ছোৱালী আৰু মহিলাৰ মানসিক অৱস্থা, মানসিক আৰু সামাজিক জীৱন তথা আটাইতকৈ গুৰুত্বপূৰ্ণ ভাৱে স্বাস্থ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাই আহিছে৷ এই সামাজিক-সাংস্কৃতিক নিষেধাজ্ঞ আৰু বিশ্বাসবোৰক প্ৰত্যাহবান জনাই আগবাঢ়ি গ’লেও বিভিন্ন সময়ত বহুতো সমস্যাৰ সৃষ্টি হোৱা দেখা যায়৷ ইয়াৰ প্ৰধান কাৰণ হ’ল স্বাস্থ্য, ঋতুস্ৰাৱ, প্ৰজনন প্ৰক্ৰিয়া আদিৰ সম্পৰ্কে জানিবলগীয়া কথাৰ বিষয়ে উপযুক্ত বয়সত অৱগত নকৰা বা অৱগত কৰিবলৈ লাজ বা সংকোচবোধ কৰা৷ সেয়ে কৈশোৰ অৱস্থাত হোৱা দৈহিক পৰিৱৰ্তন, ঋতুস্ৰাৱ, যৌনাঙ্গৰ ৰোগ, স্বাস্থ্যৰ প্ৰতি সচেতনতা, প্ৰজনন আদিৰ বিষয়ে মুকলিমূৰীয়াকৈ আলোচনা কৰা অতি প্ৰয়োজন৷
বৰ্তমানো কিছুমান ঠাইত চলি অহা সামাজিক-সাংস্কৃতিক, ধৰ্মীয় প্ৰভাৱৰ ফলত এই বিষয়ে জ্ঞানৰ অগ্ৰগতিৰ বাবে বাধাৰ সন্মূখীন হ’বলগীয়া হয়৷ ভাৰতত অতীজতে ঋতুস্ৰাৱৰ বিষয়ে উল্লেখ কৰাও নিষিদ্ধ আছিল৷ বৰ্তমানো বহুতো অঞ্চলত লেতেৰা, অপৱিত্ৰ বুলি পূজা, ৰান্ধনিশাল আদিৰ বাহিৰেও সামাজিক কামত অংশ লোৱাৰ পৰা বিৰত থাকিবলগীয়া হয়৷ বৈদিক যুগৰ পৰাই চলি অহা এই নিষেদ্ধাজ্ঞৰ উৎপত্তি ইন্দ্ৰদেৱতাই বৃত্ৰৰ হত্যাৰ লগত জড়িত বুলি প্ৰবাদ আছে৷ মহিলাসকলে ইন্দ্ৰৰ এই অপৰাধৰ কিছু অংশ নিজৰ ওপৰত লৈছিল৷ বেদত কোৱা হৈছে ব্ৰাহ্মণ হত্যাৰ অপৰাধত প্ৰতিমাহে ঋতুস্ৰাৱ প্ৰৱাহৰ প্ৰচলন হয়৷ সেয়ে ঋতুস্ৰাৱৰ সময়ত মহিলাসকলৰ স্বাভাৱিক জীৱনৰ কামত অংশগ্ৰহণ কৰা নিষেধ৷ পাৰিবাৰিক কামকাজলৈ অহাৰ আগতে শুদ্ধ কৰাৰো নিয়ম প্ৰচলিত হৈ আহিছে৷ শুদ্ধিকৰণৰ পাছতহে দৈনন্দিন কামৰ মাজলৈ উভতি আহিব পাৰে৷
বৈজ্ঞানিকভাৱে ঋতুস্ৰাৱৰ প্ৰকৃত কাৰণ সম্পূৰ্ণ বেলেগ৷ ডিম্বানু পৰিপক্ক হৈ গৰ্ভ ধাৰণ কৰাৰ সুযোগ নোপোৱাৰ ফলত এণ্ডোমেট্ৰিয়ালৰ [Endometrial vessel] পৰা ৰক্তক্ষৰণ হয়৷ ইয়াত অপবিত্ৰতাৰ কোনো কাৰণ নাই৷
দৈনন্দিন জীৱনত ছোৱালী বা মহিলাসকলে যিবোৰ নীতি-নিয়ম আৰু নিষেধাজ্ঞৰ সন্মূখীন হ’বলগীয়া হয় এইসমূহৰ অন্তৰ্নিহিত কাৰণ হ’ল মাহেকীয়াৰ লগত জড়িত অপবিত্ৰতাৰ বিশ্বাস৷ বিশ্বাস কৰা হয় ঋতুমতী মহিলা অস্বাস্থ্যকৰ আৰু অপৰিষ্কাৰ, তাৰোপৰি মাহেকীয়াৰ সময়ত মহিলাৰ শৰীৰৰ পৰা গোন্ধ আৰু ৰশ্মি নিৰ্গত হয় যাৰ ফলত সংৰক্ষিত খাদ্য নষ্ট হয়৷ ঋতুস্ৰাৱৰ ফলত খাদ্য প্ৰস্তুত বা নষ্ট হোৱাত বা কিবা প্ৰভাৱ পেলোৱাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই৷ অৱশ্যে ঋতুস্ৰাৱৰ সময়ত ব্যৱহাৰ কৰা পেড বায়ুৰ সংস্পৰ্শলৈ আহিলে গোন্ধৰ উৎপত্তি হয়৷ সেয়ে চাৰি-পাঁচ ঘন্টাৰৰ ব্যৱধানত পেড সলনি কৰাৰ লগতে নিজকে পৰিষ্কাৰ-পৰিচন্ন কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয়৷ মাহেকীয়াৰ সময়ত খোৱা-লোৱাৰ যত্ন লোৱা প্ৰয়োজন যদিও খাদ্যৰ ওপৰত নিষেধাজ্ঞ আৰোপ কৰাহে দেখা যায়৷
আচৰিত যেন লাগিলেও গড়ে এগৰাকী মহিলাই তেওঁৰ জীৱনৰ সাত-বছৰ ঋতুস্ৰাৱত সময় অতিবাহিত কৰে৷ প্ৰতিবন্ধী আৰু বিশেষ ভাবে সক্ষম ছোৱালীৰ ক্ষেত্ৰত এই প্ৰক্ৰিয়া অতি কষ্টকৰ আৰু প্ৰত্যাহবানৰ বিষয়৷
প্ৰথম মাহেকীয়া আৰম্ভ হোৱাৰে পৰা এজনী ছোৱালীক শিকোৱা হয়– এই প্ৰক্ৰিয়া যিমানেই স্বাভাৱিক নহওঁক কিয় লজ্জাজনক, ঘৃণনীয়, অপবিত্ৰ আৰু নিষিদ্ধ৷ প্ৰকৃততে মাহেকীয়া এনে এটি প্ৰক্ৰিয়া যাৰ দ্বাৰা এজনী ছোৱালী মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হয়৷ যেতিয়া এজনী ছোৱালীৰ ঋতুস্ৰাৱ আৰম্ভ হয় তেওঁক মেনাৰ্চে [Menarche ] বুলি কোৱা হয়৷ মাহেকীয়া চক্ৰ সাধাৰণতে ২৮ দিন দীৰ্ঘ অৱশ্যে কেতিয়াবা কম বেছিও হয়৷ মাহেকীয়া হোৱাৰ প্ৰথম দিনটোৰ পৰাই এই চক্ৰ গণনা কৰা হয়৷ মাহেকীয়া চক্ৰৰ শেষ অংশই হৈছে ঋতুস্ৰাৱ, সাধাৰণতে দুইৰ পৰা পাঁচদিনলৈ হয় যদিও কোনো কোনো ক্ষেত্ৰত সাত-দিনলৈও হোৱা দেখা যায়৷ সাত-দিনতকৈ বেছি হ’লে ডাক্তৰৰ লগত আলোচনা কৰা উচিত৷ এই চক্ৰ এবাৰ আৰম্ভ হোৱাৰ পাছত উৰ্ব্বৰতা শেষ নোহোৱা পৰ্যন্ত প্ৰতিমাহে চলি থাকে৷ যিসময়ত এগৰাকী মহিলাৰ মাহেকীয়াৰ চক্ৰ শেষ হয় তাক মে’নপ’য [Menopause) বুলি কোৱা হয়৷
বিভিন্ন প্ৰান্তত কৰা এটি সমীক্ষা অনুসৰি প্ৰায় শতকৰা ৭০ গৰাকী ছোৱালীয়ে ঋতুস্ৰাৱ সম্বন্ধে অৱগত নহয়৷ আনকি তেওঁলোকৰ পৰিয়ালবৰ্গই এই বিষয়ে আলোচনা কৰিবলৈ ভয় বা উদ্বেগ প্ৰকাশ কৰে৷ ভাৰতৰ ঋতুমতী মহিলাৰ শতকৰা ৩৬ ভাগেহে চেনেটাৰী পেড ব্যৱহাৰ কৰে৷ বাকীসকলে পুৰণি কাপোৰ, টয়লেট পেপাৰ, টিচু পেপাৰ, মোজা, ভুছি, ছাই, গছৰ পাত, বোকা জাতীয় স্বাস্থ্যৰ বাবে হানিকাৰক উপকৰণ ব্যৱহাৰ কৰে৷ প্ৰতি বছৰে বহুতো ছাত্ৰীয়ে মাহেকীয়া আৰম্ভ হোৱাৰ পাছতে স্কুল এৰি দিয়াও দেখা যায়৷ ইয়াৰ মূল কাৰণ হ’ল স্কুলসমূহত পানী, পেড সলনি কৰিবলৈ বা পেলাবলৈ নিৰাপদ পৰিষ্কাৰ ঠাই নথকা অৰ্থাৎ উপযুক্ত সা-সুবিধাৰ অভাৱ৷ তাৰ উপৰিও লগ-সমনীয়াৰ পৰা লাজ, ভয়ত আঁতৰি থকা৷
সমগ্ৰ বিশ্বতে বিভিন্ন ধৰণে ঋতুস্ৰাৱৰ নেতিবাচক প্ৰভাৱ পৰিলক্ষিত হয়৷ সমীক্ষাৰ পৰা জানিব পৰা গৈছে মাৰ্কিন যুক্তৰাষ্ট˜ৰ দৰে উন্নত দেশতো শতকৰা ৪০ ভাগ মহিলাই লাজ, ভয় আৰু আন সহকৰ্মীৰ পৰা লজ্জিত হ’ব লগা হয়৷ বিভিন্ন সাংস্কৃতিক আৰু ধৰ্মীয় গোষ্ঠীৰ মাহেকীয়াৰ তাৎপৰ্য বেলেগ বেলেগ৷ উত্তৰ আমেৰিকাৰ চেৰোকি [Cheroke nation] জনজাতিৰ লোকসকলে ঋতুমতী মহিলাসকলক পবিত্ৰ আৰু শক্তিশালী বুলি বিশ্বাস কৰে৷ এনে ইতিবাচক দৃষ্টিভঙ্গী বিৰল৷
বৰ্তমান বহুতো বেচৰকাৰী সংন্থা আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগে মাহেকীয়াৰ সম্পৰ্কে সজাগতা আৰু স্বাস্থ্যবিধি প্ৰচাৰৰ অভিযান বিভিন্ন আচনিৰ জড়িয়তে কৰি আছে৷ তাৰোপৰি স্কুল আৰু দৰিদ্ৰ সীমা ৰেখাৰ তলৰ কিশোৰীসমূহক মাহেকীয়াৰ প্ৰয়োজনীয় সামগ্ৰী যোগানৰ ব্যৱস্থা কৰিছে যদিও সেয়া যথেষ্ট নহয়৷
ঋতুস্ৰাৱ পৃথিৱীৰ অন্যতম প্ৰাকৃতিক প্ৰক্ৰিয়া, নাৰীত্ব আৰু উৰ্ব্বৰতাৰ চিহ্ন৷ যিটো পৃথিৱীৰ সকলো প্ৰাণীৰ বংশ বৃদ্ধিৰ বাবে অপৰিহাৰ্য্য ৷ বৰ্তমান ঋতুস্ৰাৱ যে এটি জৈৱিক প্ৰক্ৰিয়াৰ বাহিৰে আন একো নহয়, ইয়াত লাজ বা ভয়ৰ কোনো কাৰণ নাই এই কথা বুজাই দিয়াৰ সময়৷ এজনী ছোৱালীৰ পূৰ্ণতাক অপবিত্ৰ আখ্যা দিয়াৰ যুক্তি আছে নে ?
জোনা মহন্ত, গুৱাহাটী ।