তুমি কৈছিলা —
অনুভৱবোৰ শিকলিৰে বান্ধি ৰাখিব লাগে ,
থাকে জানোঁ ঠিকনা অনুভৱৰ ?
যি হাঁহিৰ অনুভৱে
শিহৰণ তোলে দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে ,
যি চাৱনিয়ে সাগৰৰ লহৰৰ দৰে
তোলে খলকনি হৃদয়ৰ নিভৃত কোণত,
যাৰ আঁচলৰ বা লাগি
ফুলে সুগন্ধি ফুল মন বাগিচাত ।
…. নোৱাৰি বান্ধিব শিকলিৰে !
যাৰ অনুভৱৰ অনুভূতিত
শুকান খৰখৰীয়া পৰাণত
আঘোণৰ ধাননিৰ দৰে
সোণালী ৰঙেৰে পৰে উপচি
পৰশত উদ্বেলিত হয়
মায়াবী অনুৰণন ।
প্ৰতিটো দিনতেই , প্ৰতিটো ঋতুতেই
চকুমুদি আকৌ এবাৰ চোৱাৰ হেঁপাহ জাগে
——নোৱাৰি বান্ধি ৰাখিব শিকলিৰে !
জোনা মহন্ত