
বিভিন্ন ঠাইলৈ আমি ফুৰিবলৈ যোৱাৰ সময়ত আমাৰ ভ্ৰমণত সকলো দিশৰ পৰা সহায় কৰি অহা ত্ৰিধাৰা ট্ৰেভেল এজেন্সিৰ স্বত্বাধিকাৰ কৌশিক দাসে এক ব্যতিক্ৰমী চিন্তাৰে এটা নতুন পৰিকল্পনা কৰি আমাকো তেওঁৰ পৰিকল্পনাত অংশীদাৰ হ’বলৈ অনুৰোধ কৰিলে ৷ তেওঁৰ পৰিকল্পনাটো আছিল– বহুতো বয়োজ্যেষ্ঠ লোক আছে যিসকলৰ ভ্ৰমণৰ প্ৰবল হেঁপাহ থাকে কিন্তু অকলে যাবলৈ অসুবিধা, পৰিয়ালৰ লোকেও বিভিন্ন কাৰণত তেওঁলোকক নিবলৈ সময় উলিয়াব নোৱাৰে ৷ সেয়ে তেওঁ নিজৰ তত্বাৱধানত ষাঠীৰ ঊৰ্ধৰ ভ্ৰমণবিলাসী লোকসকলক ডুবাই ফুৰাই আনিবলৈ মন কৰিলে ৷ আনকি তিৰাশী বছৰীয়া তেওঁৰ মাক শ্ৰদ্ধেয়া প্ৰতিমা দাস বাইদেউকো লৈ যোৱাৰ সিদ্ধান্ত লৈছে ৷ তেওঁৰ এই ব্যতিক্ৰমী পৰিকল্পনাক শলাগ নলৈ নোৱাৰিলোঁ ৷ প্ৰথমতে আমাৰ অলপ চিন্তাও লাগিছিল বয়সীয়া লোকসকলৰ অসুখ-বিসুখ হ’লে অসুবিধা হ’ব বুলি ৷ কিন্তু শেষত ভাবিলোঁ আমাৰ জ্যেষ্ঠসকল থকা হ’লে তেখেতসকলৰ লগত নগ’লোহেঁতেন নে ? সেয়ে আমি মানে মই আৰু গৃহস্থ দুয়ো যোৱাটোকে ঠিক কৰিলোঁ ৷ কথাটো শুনি মোৰ কটন কলেজৰ বান্ধৱী ৰুমিমা দাস আৰু দীপ্তি বৰায়ো যোৱাৰ সিদ্ধান্ত ল’লে৷ ৰুমিমাৰ লগত সৰু জীয়ৰী নয়না আৰু দীপ্তিৰ সৈতে স্বামী কটন কলেজ বৰ্তমান অৱশ্যে কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অৰুণ বৰাও ওলাল ৷ অৰুণ বৰা আৰু এওঁ একালৰ স্কুলীয়া বন্ধু, সেয়ে এৱোঁ লগ এজন পোৱাত মোৰ বৰ ভাল লাগিল ৷ নহ’লে আমি তিনিগৰাকী বান্ধৱীৰ মাজত এওঁ অকলশৰীয়া যেন অনুভৱো কৰিব পাৰে ৷
২০১৯ চনৰ চাৰি অক্টোবৰত ৰাতিপুৱা আঠ বজাত দিল্লী অভিমুখে আমাৰ যাত্ৰা ৷ আমাৰ গ্ৰুপত মুঠ সদস্য তেত্ৰিশ গৰাকী ৷ প্ৰায় ভাগৰে বয়স ষাঠীৰ উৰ্ধত যদিও কম বয়সীয়াও আছে ৷ আমি ঊনত্ৰিশগৰাকী ছয়বজাৰ আগতেই নিজৰ সুবিধা মতেই আহি গুৱাহাটীৰ এয়াৰপোৰ্টত উপস্থিত হ’লোঁ ৷ বাকী চাৰিগৰাকী দুদিনমান আগতেই দিল্লীলৈ গৈছে ৷ সুবিধা অনুযায়ী আটাইয়ে নিজ নিজ বোৰ্ডিং পাছৰ বাবে কাউন্টাৰৰ শাৰীত থিয় হ’লোঁ ৷ আমাৰ শাৰীত মোৰ আগত মাত্ৰ এগৰাকীহে যাত্ৰী আছে ৷ এঘণ্টাৰো বেছি সময় লাইনত ৰৈ ৰৈ আমনি লাগিল ৷ অৱশেষত কোনোমতে মোৰ আগৰ গৰাকীৰ বোৰ্ডিং পাছ হ’ল ৷ মোৰ আৰু এওঁৰ টিকট আৰু লাগতীয়াল কাগজ পাতি জমা দি কাউণ্টাৰৰ সন্মুখত থিয় হ’লোঁ প্ৰায় ৪৫ মিনিট ৷ কিন্তু আমাৰ বোৰ্ডিং পাছ দিয়াই নাই ৷ ইফালে আমাৰ বাবে বিমান অপেক্ষা কৰিব লগা হ’ল ৷ শেষত আন এজন কৰ্মচাৰীৰ সহায়ত আমাক বোৰ্ডিং পাছ দিবলৈ সক্ষম হ’ল ৷ বোৰ্ডিং পাছৰ বাবে ইমান সময় শাৰী পাতি থকা এয়া মোৰ জীৱনৰ প্ৰথম অভিজ্ঞতা ৷ পাছত জানিব পাৰিলোঁ কাউন্টাৰত বহা ছোৱালীজনীয়ে সেইদিনা প্ৰথম চাকৰিত যোগদান কৰিছে সেয়ে নিয়াৰিকৈ কৰিব জনা নাই ৷ নিৰ্ধাৰিত সময়তকৈ কিছু পলমকৈ আমাৰ বিমান উৰা মাৰি প্ৰায় বাৰ বজাত দিল্লী এয়াৰপোৰ্টত অৱতৰণ কৰে ৷
দিল্লীৰ পৰা ডুবাইলৈ আমাৰ বিমান আবেলি পাঁচ বাজি দহ মিনিটত টাৰ্মিনেল-৩ পৰা ৷ ইমান কম সময়ৰ বাবে ক’লৈকো যোৱা সম্ভৱ নহয় ৷ সেয়ে টাৰ্মিনেল-১ৰ পৰা টাৰ্মিনেল-৩লৈ টেক্সিৰে আহি তাতেই কিছু সময় অপেক্ষা কৰিলোঁ ৷ নিৰ্ধাৰিত সময়তে যাত্ৰা আৰম্ভ কৰি ৩ ঘন্টা ৪৫ মিনিট উৰণৰ পিছত আমাৰ বিমান ডুবাইৰ স্থানীয় সময় সন্ধিয়া চাৰে-সাত বজাত ডুবাই আন্তঃৰাষ্ট্ৰীয় এয়াৰপোৰ্টত অৱতৰণ কৰে ৷ ইতিমধ্যে আমাৰ গ্ৰুপৰ আন চাৰিগৰাকী (তিনিটি ল’ৰা-ছোৱালীৰ সৈতে মাক) দিল্লীৰ পৰা আন বিমানেৰে আহি ডুবাই এয়াৰপোৰ্টত আমাৰ বাবে ৰৈ আছিল ৷ ইমিগ্ৰেশ্বনৰ শেষত বাছেৰে আহোঁতে বাটতে ভাৰতীয় ৰেস্তোৰাঁ এখনত নিশাৰ আহাৰ কৰি আমাৰ পূৰ্ব নিৰ্ধাৰিত হোটেল ‘Hampton by Hilton’ পাওঁতে নিশা এঘাৰ বাজি গ’ল ৷

সংযুক্ত আৰব আমিৰশ্বাহী (United Arab Emirates), কৃষি, সাগৰীয় মাছ আৰু মুকুতাৰ ওপৰত নিৰ্ভৰশীল দেশ এখনে কেইটামান দশকৰ ভিতৰতে পৃথিৱীৰ উন্নত দেশসমূহৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ৷ ১৯৭১ চনৰ দুই ডিচেম্বৰত ছয়খন আমিৰশ্বাহী শ্বাৰজাহ (Sharjah), আবু ধাবি (Adu Dhabi), উম আল কুৱাইন (Umm Al Quwain), আজমান (Ajman), ডুবাই (Dubai) আৰু ফুজাইৰাহ (Fujairah) লগ লাগি এখন ফেডাৰেল সাংবিধানিক ৰাজতন্ত্ৰৰ অধীনত ‘সংযুক্ত আৰব আমিৰশ্বাহী’ (United Arab Emirates) গঠন হয় ৷ প্ৰতি বছৰে এই দিনটো জাতীয় দিৱস হিচাপে অতি জাক-জমকতাৰে পালন কৰা হয় ৷ পিছত ১৯৭২ চনত ৰাস আল খাইমাহ [Ras Al khaimah) সংযুক্ত কৰাত বৰ্তমান সাতখন আমিৰশ্বাহীৰে ‘সংযুক্ত আৰব আমিৰশ্বাহী’ যাক সংক্ষেপে ইউ. এ. ই বুলি কোৱা হয় ৷ প্ৰতিখন আমিৰশ্বাহী এজন শ্বেখ বা আমিৰৰ দ্বাৰা শাসিত আৰু সাতজন শ্বেখ একগোট হৈ ফেডাৰেল কাউন্সিল গঠন কৰে আৰু এজন শ্বেখক সংযুক্ত আৰব আমিৰশ্বাহীৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব পালনৰ ভাৰ দিয়া হয় ৷ আটাইকেইখন আমিৰশ্বাহীৰ ভিতৰত ডুবাই পৰ্যটকৰ কেন্দ্ৰবিন্দু, ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ আৰু জনবহুল হলেও ৰাজধানী চহৰ আবু ধাবি ৷ সংযুক্ত আৰব আমিৰশ্বাহী গঠন হোৱাৰ আগতে ট্ৰুচিয়েল ৰাজ্য (Trucial State) বুলি কোৱা হৈছিল ৷ সংযুক্ত আৰব আমিৰশ্বাহীৰ স্থানীয় লোকক আমিৰাতি (Emerati) বুলি কোৱা হয় ৷
আৰবী যদিও ডুবাইৰ চৰকাৰী ভাষা, সৰহ সংখ্যক লোকে ইংৰাজী জানে বাবে ভাষাৰ ক্ষেত্ৰত অসুবিধা নহয় ৷ ডুবাইৰ মুদ্ৰা দিৰহাম, ভাৰতৰ মুদ্ৰাৰ তুলনাত হাৰ যথেষ্ট বেছি ৷ এক দিৰহামৰ মুল্য ভাৰতৰ ১৯ টকাৰো বেছি ৷ সেয়ে বস্তু-বাহানিৰ দাম তুলনামূলক ভাৱে বেছি যেন অনুমান হয় ৷ ডুবাই যদিও ব্যয়বহুল চহৰ নিজৰ বাজেটৰ ভিতৰতে ফুৰি আহিব পৰা সুবিধাও আছে ৷ বহন কৰিব পৰা দামত হোটেল আৰু খোৱা লোৱাৰ ব্যৱস্থা নোহোৱা নহয় ৷
পাৰস্য উপসাগৰৰ উপকূলত আৰৱ উপদ্বীপৰ পূবত অৱস্থিত ডুবাই পশ্চিম এচিয়াৰ ব্যৱসায়ৰ কেন্দ্ৰস্থল ৷ অষ্টাদশ শতিকাত এখন সৰু মাছমৰীয়াৰ গাঁও হিচাপে প্ৰতিষ্ঠিত ডুবাই অতি দ্ৰুত গতিত সম্প্ৰসাৰিত হৈ এখন আগশাৰীৰ মহানগৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে ৷ সাধাৰণতে আমাৰ মনলৈ আহে তেলৰ বাবেই ডুবাই ইমান ধনী চহৰ ৷ প্ৰকৃততে এনে নহয়, ডুবাইৰ অৰ্থনীতিত তেলে মাত্ৰ শতকৰা ছয়ভাগহে অৰিহণা যোগায় ৷ তেলৰ আৱিষ্কাৰে বৰ্তমানৰ ডুবাইৰ বিকাশৰ সূচনাহে কৰে ৷ ১৯৫৮ চনৰ পৰা ১৯৯০ চনলৈকে ডুবাইৰ শাসক হিচাপে শাসনভাৰ চলোৱা শ্বেখ ৰছিদ বিন ছইদ আল মকতুমে এদিন ডুবাইৰ তেল শেষ হ’ব বুলি উপলব্ধি কৰি স্থায়ী অৰ্থনীতি গঢ়ি তুলিবলৈ পৰিকল্পনা কৰিছিল ৷ শ্বেখ ৰছিদে অনুভৱ কৰি কৈছিল–‘মোৰ ককা আৰু দেউতাই উটত উঠিছিল, মই মাৰ্চিডিজ চলাইছোঁ আৰু মোৰ ল’ৰাই লেণ্ড ৰভাৰ চলায় আৰু তেওঁৰ পুত্ৰইয়ো লেণ্ড ৰভাৰ চলাব কিন্তু তেওঁৰ ল’ৰাই আকৌ উটত উঠিব লাগিব ৷’ সেয়ে তেওঁ ডুবাইৰ অৰ্থনীতিৰ বৈচিত্ৰ্যৰ সৃষ্টি কৰাৰ প্ৰয়োজনবোধ কৰি ডুবাইক বাণিজ্য আৰু সেৱাৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ মন মেলে ৷ ডুবাইৰ অৰ্থনীতি তেলৰ পৰা আঁতৰাই পৰ্যটনৰ বাহিৰেও অন্যান্য ক্ষেত্ৰত বৈচিত্ৰ্য অনাৰ সিদ্ধান্ত লয় ৷ ইয়াৰ ফলতেই ডুবাই বৰ্তমান সমগ্ৰ বিশ্বৰ ভিতৰতে আকৰ্ষণীয় চহৰ হিচাপে গঢ়ি উঠিছে ৷

‘ডুবাই’ নামৰ উৎপত্তি সম্পৰ্কেও কেইবাটাও তত্ত্ব আছে ৷ কিছুমানৰ মতে এই নামটো দাবা খেলৰ সৈতে জড়িত, কিছুমানে আকৌ ‘ডুবাই’ এবিধ ফৰিং যিয়ে এসময়ত এই অঞ্চলক আক্ৰমণ কৰিছিল বুলি কয় আৰু আন কিছুমানৰ মতে ডুবাইৰ দ্বাৰা চহৰৰ ওচৰতে থকা বজাৰক বুজোৱা হৈছে ৷ ডুবাই নামৰ উৎপত্তি যিয়েই নহওক সুউচ্চ অত্যাধুনিক স্থাপত্য শৈলীৰ অট্টালিকা, বিশ্বৰ বৃহৎ বজাৰসমূহৰ লগত প্ৰতিদ্বন্দ্বী হৈ থিয় দিব পৰা শ্বপিং মল, আড়ম্বৰপূৰ্ণ হোটেল আদিৰে ডুবাইৰ জনসাধাৰণে মৰুভূমিক আধুনিক মৰূদ্যানলৈ ৰূপান্তৰ কৰিছে ৷
ডুবাই পৃথিৱীৰ অতি সোনকালে গঢ়ি উঠা মহানগৰসমূহৰ ভিতৰত অন্যতম ৷ এই চহৰখন বিশ্বৰ অন্যতম জনপ্ৰিয় পৰ্যটনৰ থলী হৈ উঠাৰ কাৰণ বহুতো– পৃথিৱীৰ আটাইতকৈ উচ্চ অট্টালিকা বুৰ্জ খলিফা (Burj Khalifa), ভূস্বৰ্গ বুলি পৰিচিত মিৰাক্ল গাৰ্ডেন (Miracle Garden), অত্যাধুনিক বিলাসবহুল হোটেল, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মলসমূহৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱা ডুবাই মল (Dubai Mall), কৃত্ৰিম দ্বীপ, ইত্যাদি ৷ ডুবাইৰ আন এটি আকৰ্ষণ হৈছে ইয়াৰ বজাৰ ৷ ইয়াত শতাধিক শ্বপিং ম’লৰ উপৰিও পৰম্পৰাগত বজাৰ বহুতো আছে যিসমূহক চোক (Souk) বুলি কোৱা হয় ৷
প্ৰাচীন নিদৰ্শন আল ফাহিদি ফ’ৰ্ট

পিছদিনা ৫ অক্টোবৰ, হোটেলত ব্ৰেকফাষ্ট কৰি ৰাতিপুৱা ন বজাৰ আগতেই ডুবাই চহৰ ভ্ৰমণৰ বাবে যোৱাৰ কথা আছিল যদিও কিছু পলম হ’ল ৷ গ্ৰুপৰ আটাইতকৈ জ্যেষ্ঠ প্ৰতিমা বাইদেউ, আন এগৰাকীৰ আঠুৰ বিষৰ বাবে আৰু তেখেতসকলক সহায় কৰিবলৈ কৌশিকৰ পত্নী ৰাজশ্ৰী এখন সৰু গাড়ীত আৰু আমি বাকীবোৰ ডাঙৰ বাছ এখনত উঠিলোঁ ৷ সলসলীয়াকৈ হিন্দী আৰু ইংৰাজী ক’ব পৰা আমাৰ গাইড হাঁহিমুখীয়া আৰু ৰসিক নেপালৰ স্থায়ী বাসিন্দা ফইজুল মামুদে মাইক হাতত লৈ উঠি ৰাতিপুৱাৰ সম্ভাষণ জনালে আটাইকে ৷ হাঁহি-ধেমালিৰে আৰম্ভ হ’ল আমাৰ দিনটোৰ ভ্ৰমণসূচী ৷ ফইজুল ডুবাইৰ স্থায়ী বাসিন্দা নহয় যদিও সংযু্ক্ত আমিৰশ্বাহীৰ বিষয়ে যথেষ্ট জ্ঞান আছে যেন অনুমান হ’ল ৷ হোটেলৰ পৰা ডুবাই মিউজিয়ামলৈ যোৱা পথ ছোৱাত ফইজুলে বিভিন্ন আমোদজনক কথাৰে তেলৰ সন্ধান পোৱাৰ আগৰ পৰা বৰ্তমানলৈ ডুবাইৰ এখন তুলনামূলক ছবি ডাঙি ধৰাৰ লগতে পৰ্যটকৰ বাবে প্ৰয়োজনীয় বহু কথাই আমাক জনালে ৷ আকাশচুম্বী অট্টালিকা, মসৃণ বাট-পথৰ সৌন্দৰ্য উপভোগ কৰাৰ লগতে ফইজুলৰ পৰা ডুবাইৰ বিষয়ে বহুতো নজনা কথা শুনি শুনি ডুবাই মিউজিয়াম পালোঁ ৷ আমি আটাইবোৰ বাছৰ পৰা নামি অহাৰ আগতেই ফইজুলে মিউজিয়ামৰ প্ৰৱেশৰ বাবে টিকট সংগ্ৰহ কৰিলে ৷
প্ৰায় চাৰি হেজাৰ বৰ্গ মিটাৰ এলেকা আগুৰি আল ফাহিদি দুৰ্গত (Al Fahidi Fort) অৱস্থিত ডুবাই মিউজিয়াম সংযুক্ত আৰব আমিৰশ্বাহীৰ প্ৰধান মিউজিয়াম ৷ এই দুৰ্গটো পৰ্যায়ক্ৰমে নিৰ্মাণ কৰা হৈছিল যদিও প্ৰথম ১৭৮৭ চনতে নিৰ্মাণৰ কাম আৰম্ভ হৈছিল ৷ উল্লেখনীয় যে ডুবাইৰ প্ৰাচীন ভৱনসমূহৰ ভিতৰত একমাত্ৰ এই দুৰ্গটোৱেই বৰ্তমানো আছে ৷ এই দুৰ্গৰ বাহিৰে আন পুৰণি নিদৰ্শন ডুবাইত আৰু নাই ৷ ১৯৭১ চনত ডুবাইৰ শাসকসকলৰ দ্বাৰা স্থাপিত এই মিউজিয়ামৰ প্ৰধান উদ্দেশ্যই হৈছে ডুবাইৰ ঐতিহাসিক জীৱন প্ৰণালী সংৰক্ষণ আৰু উপস্থাপন কৰা ৷ মিউজিয়ামত বৰ্তমানৰ ডুবাইৰ বিলাসবহুল জীৱন, উৎপাদনশীল অৰ্থনীতিৰ বিপৰীতে মাত্ৰ পাঁচ দশক আগৰ বিশেষকৈ একালত মাছ মৰীয়াৰ জীৱন সংগ্ৰাম, মুক্তা সংগ্ৰহৰ প্ৰণালী, গ্ৰামীণ জীৱন ব্যৱস্থা, ডুবাইৰ পুৰণি সংস্কৃতিৰ চিত্ৰ ডাঙি ধৰাৰ প্ৰচেষ্টা শলাগিবলগীয়া ৷ ১৭৮৭ চনত শাসনকৰ্তাৰ বাসস্থান আৰু সেই সময়ৰ ডুবাই চহৰৰ সীমান্তত সুৰক্ষাৰ বাবে নিৰ্মাণ কৰা এই দুৰ্গটো এসময়ত অস্ত্ৰাগাৰ আৰু পাছত কাৰাগাৰ হিচাপেও ব্যৱহাৰ কৰা হৈছিল ৷ প্ৰবাল ৰঙৰ দুৰ্গৰ সন্মুখত এখন ঢৌ (ঐতিহাসিক নাও) প্ৰদৰ্শিত কৰা হৈছে ৷ তাত নাৱক ঢৌ বুলি কোৱা হয় ৷ আল ফাহিদি দুৰ্গটো বৰ্গক্ষেত্ৰ আকৃতিৰ আৰু তিনিটা চুকত টাৱাৰ আছে ৷ মিউজিয়ামৰ হলবোৰৰ মাজত চোতাল সদৃশ মুকলি ঠাইত ব্ৰঞ্জৰ কামান, অতীতত ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ নাও, কুঁৱা আদি ৰখা হৈছে৷ এটা চুকত ৰখা হৈছে আৰিছ (Arish) নামৰ এটা পৰম্পৰাগত গ্ৰীষ্মকালীন ঘৰ ৷ পাম গছৰ পাত আৰু বিভিন্ন অংশেৰে নিৰ্মিত এই ঘৰটোৱে স্থানীয় লোকসকলৰ অতীতৰ জীৱন প্ৰণালীৰ ছবি উপস্থাপন কৰিছে ৷ আৰিছৰ বৈশিষ্ট্য হৈছে বতাহ আহিবৰ বাবে বিশেষ ধৰণে টাৱাৰৰ দৰে ডিজাইন কৰা হয় যিটো বিদ্যুতৰ পূৰ্বৰ দিনত এয়াৰ কণ্ডিচনাৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল ৷ মিউজিয়ামত ১৮২০ চনৰ ডুবাই চহৰৰ মডেল সহ বিভিন্ন ঐতিহাসিক অস্ত্ৰ-শস্ত্ৰ, বাদ্যযন্ত্ৰৰ উপৰিও তেল আৱিষ্কাৰৰ পৰা বৰ্তমানলৈ ডুবাইৰ স্পষ্ট আভাস পোৱা যায় ৷ সাগৰৰ পৰা মুক্তা নিষ্কাসন কৰা পদ্ধতি, কৃষি, সামুদ্ৰিক জীৱন আদি অতীতৰ ডুবাইৰ স্পষ্ট ছবি দেখিবলৈ পোৱা যায় ৷ ডুবাই মিউজিয়ামৰ পৰা ওলাই আহি ভাব হৈছিল মানুহে ইচ্ছা কৰিলে কি কৰিব নোৱাৰে– মূলতে মুক্তা শিল্প আৰু খেজুৰ উৎপাদনেই আছিল জীৱিকা নিৰ্বাহৰ উপায় ৷ মাত্ৰ কেইটামান দশকৰ ভিতৰতে মৰুভূমিৰ দুৰ্বিসহ জীৱন সলনি কৰি বৰ্তমান শক্তিশালী, প্ৰাণৱন্ত, পৰিকল্পিত আধুনিক চহৰ ৷ ইতিবাচক চিন্তা, দূৰদৰ্শিতা আৰু সফল নেতৃত্বৰ ফলত যে সকলো সম্ভৱ তাৰেই জ্বলন্ত উদাহৰণ ডুবাই ৷
পাম জুমেইৰা অঞ্চলত কিছু সময়

ডুবাই মিউজিয়ামত ডুবাইৰ ইতিহাসৰ বিষয়ে কিছু বুজ লৈ ডুবাইৰ আটাইতকৈ ব্যয়বহুল এলেকা ‘পাম জুমেইৰা’ (Palm Jumeirah)লৈ যাওঁ ৷ সাগৰৰ মাজত এটি বৃত্তৰ ভিতৰত পাম গছৰ আৰ্হিত কৃত্ৰিম ভাৱে নিৰ্মাণ কৰা দ্বীপৰ সমষ্টি এই অঞ্চল ৷ ডুবাইৰ উপকূলৰ পৰা ২৮০ মিটাৰ আঁতৰত মানৱ সৃষ্ট এই দ্বীপপুঞ্জ বহুতো ব্যয়বহুল অট্টালিকা সদৃশ হোটেল, ব্যক্তিগত আৱাসিক গৃহ, উচ্চ মানৰ ৰেস্তোৰাঁ আদিৰ বাবেই পৰিচিত ৷ প্ৰকৃততে পাম জুমেইৰাক দ্বীপ বুলি ক’লেও ভুল কৰা হ’ব ৷ অঞ্চলটোক প্ৰায় ডেৰ কিলোমিটাৰ দলঙেৰে ডুবাইৰ মূল ভূখণ্ডৰ লগত সংযোজন কৰা হৈছে ৷ ইয়াৰ উপৰিও যাতায়াতৰ সুবিধাৰ বাবে মনোৰেলেৰে ডুবাইৰ উপকূলীয় অঞ্চলৰ লগত সংযুক্ত কৰাৰ লগতে ছয় লেনযুক্ত ভূগৰ্ভস্থ টানেলৰ ব্যৱস্থা আছে ৷ পাম জুমেইৰা নিৰ্মাণৰ মূল উদ্দেশ্য হৈছে পৰ্যটকক আকৰ্ষণ কৰা আৰু প্ৰৱাসীসকলক ইয়াত ব্যক্তিগত সম্পত্তি কিনাৰ সুবিধা প্ৰদান কৰা ৷ নিঃসন্দেহে পাম জুমেইৰা ডুবাইৰ উচ্চ অভিলাসী প্ৰকল্পসমূহৰ ভিতৰত এটা ৷ জুমেইৰা শব্দটো ‘জুমৰ’ (Jumr) শব্দৰ পৰা লোৱা হৈছে বুলি কোৱা হয় ৷ যাৰ অৰ্থ ‘জ্বলিত কয়লা’ অৰ্থাৎ যিয়ে এই অঞ্চলৰ গৰম বালিৰ প্ৰতিনিধিত্ব কৰে ৷ শব্দটোৰ আন এটা ব্যাখ্যা হৈছে ‘সুন্দৰ’ য’ত সাগৰৰ ঢৌৰ সৌন্দৰ্যৰ বিষয়ে বুজায় ৷ সাগৰৰ পাৰত উষ্ণ বগা বালি আৰু সাগৰৰ মনোমোহা দৃশ্য বাছি লোৱা হৈছিল এই ব্যয়বহুল প্ৰকল্পৰ বাবে ৷ এই প্ৰকল্পৰ উল্লেখনীয় দিশটো হ’ল ৫.৭২ বৰ্গ কিলোমিটাৰৰ সাগৰৰ মাটি পুনৰ উদ্ধাৰ কৰি কোনো ইস্পাত বা কংক্ৰিটৰ ব্যৱহাৰ নকৰাকৈ নিৰ্মাণ কৰা হৈছে এই অঞ্চল ৷ সাগৰৰ পৰা উদ্ধাৰ কৰা বালি আৰু পাহাৰৰ শিলৰ দ্বাৰা নিৰ্মিত ৷ পাল তৰা আকৃতিৰ পৃথিৱীৰ প্ৰথম সাত-তাৰকাযুক্ত হোটেল বুলি পৰিচিত ‘বুৰ্জ আল আৰব’ (Burj Al Arab) এই অঞ্চলতে নিৰ্মাণ কৰা হৈছে ৷ ৩২১ মিটাৰ উচ্চতাৰে এই হোটেলখনে পৃথিৱীৰ উচ্চ হোটেলৰ নামৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈও সক্ষম হৈছে ৷ ইয়াতেই আটলাণ্টিছ পাম (Atlantis,The Palm) আদিৰ দৰে বহুতো বিখ্যাত বিলাসী হোটেল নিৰ্মাণ কৰা হৈছে য’ত অতিথিসকলে পানীৰ তলত নিৰ্মাণ কৰা কোঠাত নিশা কটোৱাৰ উপৰিও ইনড’ৰ থিম পাৰ্ক, শ্বপিং মল আদিৰো সুবিধা উপভোগ কৰিব পাৰে ৷ আশ্চৰ্যজনক আৰু অবিস্মৰণীয় পৰ্যটনথলীখন দূৰৰ পৰাই উপভোগ কৰি উভতিলোঁ ৷ এনে ব্যয়বহুল অঞ্চলত আমাৰ দৰে লোকৰ বাবে একাপ চাহ খোৱাও যথেষ্ট ব্যয়বহুল ৷ ফইজুলে কোৱা অনুসৰি এই অঞ্চলত জনসাধাৰণৰ বাবে নিৰ্মাণ কৰা সকলো সম্পত্তি মাত্ৰ ৭২ ঘণ্টাৰ ভিতৰতে বিক্ৰী হৈছিল ৷
জাকজমকীয়া ডাউনটাউন ডুবাই

আবেলি ডুবাইৰ আন এটি পৰ্যটকৰ আকৰ্ষণীয় স্থান ডাউনটাউন ডুবাই (Downtown Dubai)লৈ যাওঁ ৷ ডাউনটাউন ডুবাই হৈছে ডুবাইৰ এটা বৃহৎ পৰিসৰৰ মিশ্ৰিত ব্যৱহাৰৰ কমপ্লেক্স ৷ ২০০০ চনৰ আগতে এই ঠাইৰ নাম আছিল উম আল তাৰিফ (Umm Al Tarif) ৷ দুই বৰ্গ কিলোমিটাৰ এলেকাৰ এই অঞ্চল, নিৰ্মাণৰ অনুমানিক ব্যয় বিশ বিলিয়ন মাৰ্কিন ডলাৰ ৷ ডাউনটাউন ডুবাই পৃথিৱী বিখ্যাত বুৰ্জ খলিফা, ডুবাই মল, সংগীতৰ সৈতে ক’ৰিঅগ্ৰাফ কৰি জেট আৰু লাইটৰ দ্বাৰা নৃত্য পৰিবেশন কৰা ডুবাই ফাউেন্টইন আদিৰে জাকজমকীয়া আৰু ব্যস্ত পৰ্যটন অঞ্চল ৷
প্ৰথমতে আমি ডুবাই মলৰ অন্তৰ্গত ডুবাই একুৱেৰিয়াম আৰু ইয়াৰ লগতে সংলগ্ন আণ্ডাৰৱাটাৰ চিৰিয়াখানাত সোমালোঁ ৷ টিকট কাউন্টাৰত দীঘলীয়া শাৰী আছিল যদিও ফইজুলে টিকট সংগ্ৰহ কৰোতে শাৰীত থিয় হ’ব লগা নহ’ল ৷ হয়তো গাইডসকলক এনে সুবিধা দিয়া হয় ৷ ডুবাই মলৰ তলৰ মহলাত অৱস্থিত এই একুৱেৰিয়ামটো বিশ্বৰ অন্যতম ইনড’ৰ একুৱেৰিয়াম ৷ প্ৰায় ১৪০ বিধ বিভিন্ন প্ৰজাতিৰ হাজাৰ হাজাৰ জলজ প্ৰাণীৰ অন্যতম বৈচিত্ৰ্যময় প্ৰাণীৰ সংগ্ৰহৰ লগতে সাগৰৰ আশ্চৰ্যসমূহক আলোকিত কৰে এই একুৱেৰিয়ামটোৱে ৷ এক কোটি লিটাৰ পানী ধৰি ৰখাৰ ক্ষমতা থকা একুৱেৰিয়ামটোত চাৰিশৰো অধিক শ্বাৰ্ক, Rays, Sand Tiger Shark, জায়েন্ট গ্ৰুপাৰ আদিৰে সাগৰৰ এক স্মৰণীয় চিত্ৰ ডাঙি ধৰে ৷ সামুদ্ৰিক জীৱসমূহক ৰখা বৃহৎ গ্লাছৰ টেংকৰ মাজেৰে ৪৮ মিটাৰ দীঘল ‘ওৱাক থ্ৰু টানেল’ৰ (Walk-Through Tunnel) পাৰ হৈ যোৱা পথছোৱা অতি আমোদজনক ৷ প্ৰতিজন দৰ্শকেই সেই ঠাইত ফটো উঠাৰ বাবে হেতা-ওপৰা লগোৱা দেখিবলৈ পালোঁ ৷ একুৱেৰিয়ামৰ ঠিক ওপৰ মহলাত আণ্ডাৰৱাটাৰ চিৰিয়াখানা ৷ ইয়াত নদী আৰু মহাসাগৰ উভয়তে বাস কৰা জীৱৰ বিষয়ে জানিবলৈ বৰ্ষাৰণ্য, ৰকি শ্ব’ৰ আৰু লিভিং অ’চেন এই তিনিটা পৰিৱেশ উপস্থাপন কৰা হৈছে ৷ বিভিন্ন গ্লাছৰ টেংকৰ জৰিয়তে আকৰ্ষণীয়কৈ পেংগুইন, উদ, পিৰানা, লায়ন ফিচ, সাগৰীয় ঘোঁৰা, পানীৰ নিগনি, জায়েন্ট স্পাইডাৰ আদি বিভিন্ন জলজ প্ৰাণী ৰখা হৈছে ৷ এই প্ৰাণীসমূহ ওচৰৰ পৰা চোৱাৰ উপৰিও গ্লাছ-বটম ব’টেৰে বিভিন্ন প্ৰজাতিৰ মাছ আৰু সাগৰীয় প্ৰাণী চোৱাৰ সুবিধা আছে ৷ বিভিন্ন কাৰ্যকলাপ যেনে– শ্বাৰ্ক ডাইভ, কেজ স্নৰ্কলিং, শ্বাৰ্ক ৱাক আদি কৰিব পৰা সুবিধাৰে পৰ্যটকক আকৰ্ষণ কৰিব পৰা আহিলাৰে ভৰা ৷ পৰিয়ালৰ সৈতে সময় কটাবলৈ উপভোগ্য স্থান ৷ ইয়াৰ উপৰিও ইয়াত নিয়মিত ভাৱে উদ্ভাৱনীমূলক প্ৰদৰ্শনী অনষ্ঠানো পৰিৱেশন কৰে ৷
সাগৰীয় জগতখনৰ পৰা ওলাই ডুবাই মলৰ বাণিজ্যিক শাখাৰ পিনে আহিলোঁ ৷ আয়তনত বিশ্বৰ দ্বিতীয় বৃহত্তম মল এখন এঘণ্টা বা দুঘণ্টাত চাই শেষ কৰা অসম্ভৱ ৷ তথাপিও এবাৰ ভূমুকি মাৰিলোঁ ৷ ১২০০ খনৰো অধিক পৃথিৱী বিখ্যাত ব্ৰেণ্ডৰ দোকান য’ত প্ৰতিটো বস্তুৱেই চকুত লগা ৷ দেখিলেই গম পোৱা অত্যন্ত দামী, সেয়ে সামগ্ৰীসমূহৰ দাম সোধাৰো প্ৰয়োজন বোধ নকৰিলোঁ ৷ প্ৰকৃততে ‘ডুবাই মল’ কেৱল বজাৰেই নহয়, তাত সৰু ল’ৰা-ছোৱালীৰ বাবে ‘চফ্ট প্লে এৰিয়া’, স্কিল গেম, থিম পাৰ্ক, মোচন চিমুলেটৰকে আদি কৰি বিভিন্ন বিনোদনমূলক খেলেৰে এখন ইনড’ৰ পাৰ্ক আছে ৷ বাইশখন পৰ্দাৰ ৰিল চিনেমা হল, সোতৰটা বাণিজ্যিক হল, ৰেইনফৰেষ্ট কেফে, হিষ্টেৰিয়া নামৰ ভূতৰ ঘৰ, ডিপ্লড’কাছ নামৰ ডাইনোছৰৰ প্ৰকৃত জীৱাশ্মৰে ডুবাই ডিনো আদি বিভিন্ন কাৰ্যকলাপেৰে ডুবাই মলৰ মজিয়াৰ আয়তন পাঁচ লাখ বৰ্গ মিটাৰতকৈও অধিক ৷ গেমিং জ’নত Skating, Swimming, Icy Ring আদিৰ উপৰিও ২৫০ টা কোঠাৰ বিলাসী হোটেল আছে ৷ আন এটা উল্লেখনীয় কথা হ’ল ডুবাই মলত একেলগে চৈধ্য হাজাৰ গাড়ী পাৰ্ক কৰিব পাৰি ৷ ডুবাই শ্বপিং ফেষ্টিভেলৰ গৃহ হিচাপেও পৰিচিত এই মলত বিনোদন আৰু মনোৰঞ্জনৰ বাবে যথেষ্ট সুবিধা থকাৰ বাহিৰেও খোৱাৰ সীমাহীন বিকল্প আছে ৷ বিভিন্ন দেশৰ খোৱাৰ জুটি লৈ ভালপোৱা সকলৰ বাবে পৃথিৱীৰ বিভিন্ন দেশৰ দুশৰো অধিক ৰেস্তোৰাঁ আছে ৷
ডুবাই মলৰ কাষতে পৃথিৱীৰ আটাইতকৈ ওখ অট্টালিকা ‘বুৰ্জ খলিফা’ ডাউনটাউন ডুবাইৰ কেন্দ্ৰবিন্দু ৷ মুকলি কৰাৰ পূৰ্বে ‘বুৰ্জ ডুবাই’ নামেৰে জনাজাত এই আকাশচুম্বী অট্টালিকাৰ মুঠ উচ্চতা ২৭২২ ফুট ৷ উদ্বোধনৰ সময়ত আবুধাবিৰ শাসক তথা সংযুক্ত আৰব আমিৰশ্বাহীৰ ৰাষ্ট্ৰপতি খলিফা বিন জায়েদ আল নাহিয়ানৰ সন্মানাৰ্থে ‘বুৰ্জ খলিফা’ কৰা হয় ৷ বুৰ্জ খলিফা নামৰ বৃহৎ পৰিসৰৰ মিশ্ৰিত ব্যৱহাৰৰ বাবে ডিজাইন কৰা এই অট্টালিকাটো ২০১০ চনৰ জানুৱাৰিত আনুষ্ঠানিক ভাৱে মুকলি কৰিলেও অভ্যন্তৰীণ অংশ সম্পূৰ্ণ হোৱা নাছিল ৷ বাণিজ্যিক, আৱাসিক, উদ্যোগ আদিৰ বাবে নিৰ্মিত বুৰ্জ খলিফাই বিশ্বৰ কেইবাটাও অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে ৷ বিশ্বৰ আটাইতকৈ ওখ অট্টালিকা হোৱাৰ উপৰিও বিশ্বৰ আটাইতকৈ ওখ ফ্ৰী ষ্টেণ্ডিং ষ্ট্ৰাকচাৰ, পৃথিৱীৰ আটাইতকৈ দীঘলীয়া লিফ্ট, ১৬৩ মহলাৰে বিশ্বৰ সৰ্বাধিক সংখ্যক মহলাৰ মানৱসৃষ্ট গঠন হিচাপে পৰিচিত ৷ বুৰ্জ খলিফাত যদিও ১৬৩ টা মহলা পৰ্যটকক কেৱল মাত্ৰ দুটা মহলাতহে প্ৰৱেশৰ অনুমতি দিয়া হয় ৷ ডুবাই মলৰ পৰা ওলাই আমি বুৰ্জ খলিফাৰ প্ৰতি ছেকেণ্ডত ১০ মিটাৰ বেগেৰে ওপৰলৈ উঠা লিফ্টেৰে ১২৪তল আৰু ১২৫তম মহলাত থকা পৰ্যবেক্ষণ ডেকলৈ যাওঁ ৷ পৃথিৱীৰ আটাইতকৈ ওখ ঠাইত থিয় হৈ ডুবাইৰ আকাশ, মৰুভূমি আৰু সাগৰৰ মনোমোহা দৃশ্যৰ লগতে চৌপাশৰ নয়নাভিৰাম দৃশ্য উপভোগ কৰিলোঁ ৷ পৰ্যবেক্ষণ ডেকৰ মজিয়া, চিলিং, দেৱাল সকলো কাঁচৰ ৷ তলৰ অঞ্চলসমূহ ওচৰৰ পৰা পৰ্যবেক্ষণ কৰিবলৈ টেলিস্কোপ ৰখা আছে ৷ প্ৰতিটো নিদৰ্শনতে পৰিব্ৰাজকক আকৰ্ষণ কৰিব পৰাকৈ সকলো সুবিধা প্ৰদান কৰা পৰিলক্ষিত হ’ল ৷ ইতিমধ্যে সূৰুযে মেলানি মাগিব ধৰাৰ লগে লগে বুৰ্জ খলিফাৰ সন্মুখৰ কৃত্ৰিম হ্ৰদত আৰম্ভ হ’ল সংগীতৰ সৈতে কোৰিঅ’গ্ৰাফ কৰা জেট আৰু লাইটৰ দ্বাৰা পৰিৱেশন কৰা ফোৱাৰৰ নৃত্য ৷ বিশাল বুৰ্জ হ্ৰদৰ চাৰিওফালে স্পীকাৰৰ জৰিয়তে বজোৱা সংগীতৰ সৈতে সংগতি ৰাখি পৰিৱেশন কৰা ডুবাই ফাউণ্টেইনৰ দৃশ্যই প্ৰতিজন দৰ্শককে মুগ্ধ কৰে ৷ সন্ধিয়া ছয় বজাৰ পৰা ৰাতি দহ বজালৈ প্ৰতি আধা ঘণ্টাৰ মূৰে মূৰে দহ মিনিটৰ বাবে পৰিৱেশন কৰা এই অনুষ্ঠান চাবলৈ হ্ৰদৰ চাৰিওফালে বহুলোকৰ সমাগম হৈ এটি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় ৷ ডাউনটাউন ডুবাইৰ বিলাসী, জাকজমকীয়া সন্ধিয়া কটাই ভাৰতীয় ৰেস্তোৰাঁ এখনত নিশাৰ আহাৰ কৰিলোঁ ৷ নিশাৰ আহাৰৰ পাছত এঘণ্টাৰ বাবে লিমোজিন (Limosuine) বা চমুকৈ লিমো গাড়ীৰে নিশাৰ ডুবাই চহৰখন ফুৰাৰ লগতে লিমোৰ অভিজ্ঞতা ল’লো ৷ যথেষ্ট দীঘল লিমোৰ চালক আৰু যাত্ৰী বহা আসন সম্পূৰ্ণভাৱে পৃথক৷ টিভি, মিউজিক চিষ্টেম, ৰং-বিৰঙৰ লাইট আদিৰে বিলাসী লিমোৰে আহি হোটেল পাওঁতে নিশা দোভাগ হ’ল৷
আবু ধাবিৰ ঐতিহ্য ‘গ্ৰেণ্ড মছজিদ’

ছয় অক্টোবৰত ৰাতিপুৱা ন বজাতেই ওলালোঁ আবু ধাবি অভিমুখে ৷ ডুবাই বিশ্বৰ অন্যতম শ্ৰেষ্ঠ পৰ্যটনস্থলী হিচাপে বিশ্বজুৰি শিৰোনাম দখল কৰিলেও ডুবাইৰ পৰা মাত্ৰ ১২০ কিলোমিটাৰ আঁতৰত আবু ধাবি সংযুক্ত আৰব আমিৰশ্বাহীৰ গুৰুত্বপূৰ্ণ স্থান৷ মসৃণ পথ বাবে এই দূৰত্ব অতিক্ৰম কৰিবলৈ বাছেৰে মাত্ৰ এঘণ্টা পোন্ধৰ মিনিট মানহে লাগিল ৷ এই যাত্ৰাৰ সময়ত ফইজুলে আমাক আবু ধাবিৰ বিষয়ে কিছু কথা অৱগত কৰাৰ উপৰিও আমিৰশ্বাহীৰ নীতি-নিয়ম আদি বিভিন্ন দিশৰ বিষয়ে জনালে ৷ মুঠ জনসংখ্যাৰ মাত্ৰ ১৫% লোকহে আমিৰশ্বাহীৰ স্থায়ী বাসিন্দা বাকী ৮৫% লোক পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা আহি বিভিন্ন প্ৰতিষ্ঠানত কৰ্মৰত ৷ বহুতো প্ৰৱাসীয়ে আহি ব্যৱসায় কৰে যদিও তেওঁলোকে নিজাববীয়াকৈ কৰিব নোৱাৰে ৷ স্থানীয়লোকৰ অংশীদাৰ হিচাপেহে কৰিব পাৰে ৷ বাটতে সাগৰৰ পানী শোধন কৰি ব্যৱহাৰৰ উপযোগী কৰা প্ৰতিষ্ঠান, আমদানি কৰি অনা কুঁহিয়াৰৰ ৰসৰ পৰা চেনি প্ৰস্তুত কৰা প্ৰতিষ্ঠান আদি আঁতৰৰ পৰাই দেখুৱালে ৷ হঠাতে ফইজুলে ক’লে আমি এতিয়া ডুবাই এৰি আবু ধাবিত প্ৰৱেশ কৰিলোঁ ৷ ক’তো একো চাইন বোৰ্ড নেদেখি ফইজুলক সুধি জানিব পাৰিলোঁ– দুখন আমিৰশ্বাহীৰ ৰাস্তাত থকা লাইটৰ শ্বেদৰ পৰা গম পোৱা যায় ৷ অৰ্থাৎ দুয়োখন চহৰৰ মাজত পাৰ্থক্যৰ বাবে ৰাস্তাৰ লাইটৰ শ্বেদৰ ডিজাইন বেলেগ বেলেগ কৰি দিয়া হৈছে ৷ প্ৰতিটো দিশতে ইমান সূক্ষ্ম দৃষ্টিৰে পৰিকল্পনা কৰা হৈছে ভাবিলে আচৰিত লাগে ৷ আবু ধাবিত দৰ্শনীয় বহুতো আছিল যদিও এবেলাত সকলো চোৱা সম্ভৱ নহয় ৷ সেয়ে আমি আবু ধাবিৰ মুখ্য আকৰ্ষণ গ্ৰেণ্ড মছজিদলৈ যাওঁ ৷
আবু ধাবি কেৱল আমিৰশ্বাহীৰ ৰাজধানীয়েই নহয়, দেশখনৰ মুঠ ভূখণ্ডৰ আশী ভাগ আবু ধাবিয়েই দখল কৰিছে ৷ আন এটি গুৰুত্বপূৰ্ণ কথা হ’ল আমিৰশ্বাহীৰ ৰাষ্ট˜পতি আবু ধাবিৰ নাহিয়ান পৰিয়ালৰ হ’ব লাগে ৷ এইসমূহৰ পৰা অনুমান কৰিব পাৰি আবু ধাবি ৰাজনৈতিক, ভৌগোলিক আৰু ঐতিহাসিক সকলো দিশৰ পৰা এখন গুৰুত্বপূৰ্ণ চহৰ ৷
আবু ধাবিত নিৰ্মাণ কৰা ‘শ্বেখ জায়েদ গ্ৰেণ্ড মছজিদ’ নিঃসন্দেহে সংযুক্ত আৰব আমিৰশ্বাহীৰ আটাইতকৈ ধুনীয়া মছজিদ হোৱাৰ উপৰিও বিশ্বৰ ভিতৰতে উল্লেখনীয় নিদৰ্শন ৷ শুদ্ধ বগা মাৰ্বলৰ দেৱালত বিভিন্ন ৰত্নেৰে সজাই তোলা এই মছজিদ নিখুঁত শিল্প কৰ্মৰ নিদৰ্শন ৷ সংযুক্ত আৰব আমিৰশ্বাহীৰ প্ৰথম ৰাষ্ট্ৰপতি প্ৰয়াত শ্বেখ জায়েদ বিন চুলতান আল নাহিয়ানে ১৯৮০ চনতে বিশ্বৰ ইছলামিক সংস্কৃতি আৰু স্থাপত্য শিল্পৰ বৈচিত্ৰ্যক ঐতিহাসিক আৰু আধুনিক মূল্যবোধৰ সৈতে একত্ৰিত কৰিব পৰা এটা গাঁথনি প্ৰতিষ্ঠা কৰাৰ মানসেৰে এটা মছজিদ নিৰ্মাণৰ পৰিকল্পনা কৰিছিল ৷ শ্বেখ জায়েদৰ তত্বাৱধানতে মছজিদৰ নিৰ্মাণ কাৰ্য আৰম্ভ হয় ১৯৯৬ চনৰ পাঁচ নৱেম্বৰত ৷ সেয়ে এই মছজিদ শ্বেখ জায়েদ গ্ৰেণ্ড মছজিদ নামে পৰিচিত ৷ নিৰ্মাণ শেষ হোৱাৰ আগতে ২০০৪ চনত শ্বেখ জায়েদৰ মৃত্যু হোৱাত মছজিদ চৌহদতে তেওঁক সমাধিস্থ কৰা হয় ৷
৮২ টা গম্বুজ, এহেজাৰৰো অধিক স্তম্ভ, ২৪ কেৰেট সোণৰ চেণ্ডেলিয়াৰেৰে ইছলামিক স্থাপত্য আৰু ইছলামিক সহনশীলতা আৰু শান্তিৰ বাৰ্তাক মূৰ্ত কৰি তুলিবলৈ নিৰ্মাণ কৰা এই মছজিদৰ স্থাপত্য অনন্য৷ মছজিদত প্ৰায় ১০৬ মিটাৰ ওখ চাৰিটা মিনাৰ আছে ৷ প্ৰতিটো মিনাৰ তিনিটা ভিন্ন জ্যামিতিক আকৃতিৰে নিৰ্মাণ কৰা হৈছে, য’ত অট্টোমান (Ottoman), মামেলুক (Mameluke) আৰু মৰক্কো (Morocco) যুগৰ স্থাপত্যৰ আৰ্হি দেখা যায় ৷ গম্বুজসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ গম্বুজটো মূল নামাজ গৃহৰ মাজত অৱস্থিত ৷ শুদ্ধ বগা মাৰ্বলেৰে নিৰ্মিত গম্বুজসমূহ পিয়াজ আকৃতিৰ মুকুট আৰু সোণেৰে সজোৱা ৷ শান্তি আৰু পৱিত্ৰতাৰ প্ৰতীক হিচাপে মছজিদ নিৰ্মাণৰ বাবে বগা ৰং নিৰ্বাচন কৰা হৈছিল ৷ মেচিডনিয়াৰ পৰা আমদানি কৰা বিশুদ্ধ মাৰ্বলৰ এই মছজিদৰ উচ্ছ মানৰ স্থাপত্যৰ বাবেই প্ৰতি দিনে বহু হাজাৰ লোক আবু ধাবিলৈ আহে ৷ প্ৰকৃততে বিভিন্ন ইছলামিক স্থাপত্য শিল্পক মিহলাই ইয়াক অঞ্চলটোৰ চহকী পৰম্পৰা, সংস্কৃতি আৰু ইতিহাসৰ এক নিখুঁত প্ৰতীক কৰি তুলিছে ৷ ডিজাইন আৰু স্থাপত্যৰ উচ্চমানৰ বাবেই চাবলগীয়া নিদৰ্শন ৷ মূল নামাজৰ গৃহত একেলগে সাত হেজাৰ লোকে নামাজ পঢ়িব পাৰে ৷ ইয়াৰ বাহিৰেও দুটা সৰু নামাজ গৃহ আছে য’ত ডেৰ হাজাৰ লোকে একেলগে নামাজ পঢ়িব পাৰে ৷ এই নামাজ গৃহৰ এটা মহিলাৰ বাবে সংৰক্ষিত ৷
মূল নামাজ গৃহৰ মজিয়াত ৩৫ টন ওজনৰ কাৰ্পেট ৷ এই কাৰ্পেটৰ আয়তন ৫৬২৭ বৰ্গ মিটাৰ ৷ নিউজিলেণ্ড আৰু ইৰাণৰ উন্নত মানৰ ঊণেৰে তৈয়াৰ কৰা এই কাৰ্পেটখন তৈয়াৰ কৰিবলৈ বাৰশজন মানুহৰ দুবছৰ লাগিছিল ৷ কোৱা হয় ইৰাণত তৈয়াৰ কৰা এই কাৰ্পেটখন পৃথিৱীৰ আটাইতকৈ ডাঙৰ হাতেৰে গুঁঠি তৈয়াৰ কৰা কাৰ্পেট ৷ মছজিদত সকলো ধৰ্ম্মাৱলম্বী লোককে প্ৰৱেশৰ অনুমতি দিয়া হয় যদিও সাজ-পোছাকৰ ক্ষেত্ৰত যথেষ্ট মাৰ্জিত হোৱা অত্যন্তই বাধ্যতামূলক ৷ প্ৰতিজন লোকেই পূৰ্ণ দৈৰ্ঘ্যৰ পোছাক পৰিধান কৰাৰ উপৰিও মহিলাসকলে ইছলাম ধৰ্মাৱলম্বী মহিলাসকলে ব্যৱহাৰ কৰা হিজাব (Hijab) ৰ দৰে মূৰ ডিঙি ঢাকিহে প্ৰৱেশ কৰিব লাগে ৷
গ্ৰেণ্ড মছজিদৰ পৰা ওলাই আমি ভাৰতীয় ৰেস্তোৰাঁ এখনত দুপৰীয়াৰ আহাৰ কৰি আবু ধাবিৰ পৰা ডুবাইলৈ উভতিলোঁ ৷ বহুতো দৰ্শনীয় আছিল যদিও আমাৰ চোৱাৰ সময় নহ’ল ৷ আবুধাবিৰ পৰা ওভতাৰ পথত আমি ডুবাইৰ জাবিল পাৰ্কৰ (Zabeel Park) স্থাপত্যৰ আন এটা নিদৰ্শন ডুবাই ফ্ৰেম বাহিৰৰ পৰাই চালোঁ আৰু ফটো উঠিলোঁ, ভিতৰলৈ যোৱা নহ’ল ৷ এই ফ্ৰেমটো বিশ্বৰ আটাইতকৈ ডাঙৰ ফ্ৰেম বুলি ‘দা গাৰ্ডিয়ান’ নামৰ কাকতখনে অভিহিত কৰিলেও এই ফ্ৰেম নিৰ্মাণৰ স্থপতিবিদগৰাকীয়ে ইয়াক ‘সৰ্বকালৰ আটাইতকৈ ডাঙৰ চুৰি কৰা ডিজাইনৰ অট্টালিকা’ বুলি বৰ্ণনা কৰিছে ৷ ইয়াক এনেদৰে স্থাপন কৰা হৈছে যে ফ্ৰেমৰ পৰ্যবেক্ষণ ডেকৰ পৰা এফালে নতুন ডুবাইৰ আধুনিক লেণ্ডমাৰ্কসমূহ আৰু আনফালে পুৰণি ডুবাইৰ অংশসমূহ দেখা যায় ৷ ফইজুলে কোৱা অনুসৰি ইয়াত এটা মিউজিয়াম আছে য’ত চহৰখনৰ ইতিহাস দেখুৱা হৈছে আৰু চহৰখনৰ ভৱিষ্যতৰ পৰিকল্পনাৰ ভিডিঅ’ প্ৰদৰ্শনী আছে ৷
ইয়াৰ পৰা আমি ডুবাইৰ আন এটা পৰ্যটকৰ আকৰ্ষণীয় অঞ্চল ডুবাই মেৰিণালৈ যাওঁ ৷ মৰুভূমি খনন কৰি তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা জলপথ সৃষ্টি কৰি পাৰস্য উপসাগৰৰ পানীৰে এই অঞ্চলৰ উন্নয়ন কৰা হৈছে ৷ মেৰিণা নামেৰে পৰিচিত এই অঞ্চল ধনী আৱাসিক অঞ্চল, বিলাসী ফেশ্বন বেণ্ডৰ মল, স্মাৰ্ট কেফে, অৱসৰ কমপ্লেক্স আদিৰে বিশ্বৰ আটাইতকৈ ডাঙৰ মানৱসৃষ্ট মেৰিণা বুলি দাবী কৰে ৷ বিভিন্ন আকৃতিৰ অট্টালিকাবোৰ দেখি চকু থৰ লাগি যায় ৷ প্ৰায় আঠ কিলোমিটাৰ দীঘলীয়া ৱাকিং জ’ন, মানৱসৃষ্ট জলৰাশিৰে উচ্চ মানৰ য়াট (Yacht) ৰে অঞ্চলটো চোৱাৰ উপৰিও জলক্ৰীয়া আদিৰো ব্যৱস্থা আছে ৷ অৱসৰৰ সময় কটাবলৈ সুন্দৰ ঠাই যদিও সেইদিনা ৰাতি চাৰে আঠ বজাৰ পৰা আমাৰ ডুবাই ক্ৰিকত ঢৌ ক্ৰুজৰ বাবে নিৰ্ধাৰিত কৰা আছিল সেয়ে আমি তাত বেছি সময় কটাব নোৱাৰিলোঁ ৷
ডুবাইৰ ঢৌ ক্ৰুজ

হোটেললৈ উভতিলোঁ পিন্ধি থকা পোছাকবোৰ সলনি কৰিবলৈ ৷ ট্ৰেভেল এজেন্সিৰ পৰা ক্ৰুজৰ সময়ত পিন্ধিবলৈ আমাক একোটাকৈ টি-চাৰ্ট দিছিল ৷ সেই সময়ত মজাৰ কথাটো আছিল টি-চাৰ্টৰ চাইজ লৈ ৷ কাৰোবাৰ গাত ডাঙৰ, কাৰোবাৰ সৰু, যি কি নহওক গ্ৰুপৰ আটাইয়ে একেই টি-চাৰ্ট পিন্ধি সময় মতে গৈ ডুবাই ক্ৰিকত উপস্থিত হ’লোঁ ৷ আমাৰ বাবে ‘ঢৌ’ৰ ওপৰৰ ডেক বুক কৰা আছিল ৷ ‘ঢৌ’ হৈছে বেদুইনসকলৰ পৰম্পৰাগত নাও যিখনেই আছিল এসময়ত ব্যৱসায় আৰু পৰিবহণৰ মূল আহিলা ৷ বৰ্তমানৰ ঢৌবোৰো ব্যৱসায়ৰ ভিত্তিতেই ব্যৱহূত ৷ ঢৌসমূহক এনে এখন ৰেস্তোৰাঁলৈ ৰূপান্তৰিত কৰা হৈছে য’ত তলৰ মহলা শীত-তাপ নিয়ন্ত্ৰিত আৰু ওপৰৰ ডেক মুক্ত ৷ এই ঢৌ ক্ৰুজত ডুবাই ক্ৰিকেৰে বুৰ্ডুবাই (Burdubai) আৰু ডেইৰা (Daira) অঞ্চল দুটাৰ মাজেৰে নিশাৰ পোহৰত জিলিকি উঠা ডুবাই চহৰৰ সৌন্দৰ্য উপভোগ কৰাৰ লগতে পেছাদাৰী লোকৰ সংগীত, তনুৰা নৃত্য (Tanoura Dance), যাদু আদি বিভিন্ন মনোৰঞ্জক কাৰ্যকলাপত পৰ্যটককো অন্তৰ্ভুক্ত কৰি এটি স্মৰণীয় সন্ধিয়া অতিবাহিত কৰাৰ সুবিধা প্ৰদান কৰে ৷ তনুৰা নৃত্য হৈছে এবিধ লোক-সংস্কৃতি ৷ ইছলামিক দেশ বিশেষকৈ ইজিপ্ত আৰু তুৰস্কত এই নৃত্যৰ প্ৰচলন বেছি ৷ কোৱা হয় এই নৃত্যৰ উৎপত্তি দ্বাদশ শতিকাতে চুফী ভ্ৰাতৃত্ববোধৰ পৰা হৈছিল ৷ সাধাৰণতে তনুৰা, চুফী পুৰুষসকলে চুফী সংগীতৰ সৈতে পৰিৱেশন কৰা এবিধ বিশেষ নৃত্য ৷ ইংৰাজীত তনুৰা মানে স্কাৰ্ট,¸ তনুৰা নৃত্য এবিধ দীঘল বহু ৰঙী বিশেষ ধৰণৰ গধুৰ স্কাৰ্ট পিন্ধি কৰা নৃত্য য’ত শিল্পীসকলে অবিৰত ভাৱে ঘূৰি থাকে ৷ নৃত্য প্ৰদৰ্শনৰ সময়ত নৰ্তকজনে বহু সময় ধৰি ঘূৰি থকাৰ পাছতো মুৰ ঘুৰোৱাৰ কোনো লক্ষণ পৰিলক্ষিত নোহোৱাত আচৰিত হ’বলৈ বাধ্য হৈছিলোঁ ৷ আমাৰ লগত যোৱা দুজন মানক স্কাৰ্টটো পিন্ধাই ঘূৰিবলৈ দিয়াত দুবাৰ মান ঘূৰাৰ পাছত আৰু নোৱাৰিলে ৷ ইজিপ্ত বা তুৰস্কৰ পৰা আহিছে যদিও বৰ্তমান ডুবাইত এই নৃত্য অতি জনপ্ৰিয় ৷ ডুবাইৰ মৰুভূমিত কৰা চাফাৰীৰ সময়তো তনুৰা নৃত্য পৰিৱেশন কৰা দেখিবলৈ পাইছিলোঁ ৷ নৃত্যৰ সময়ত ব্যৱহাৰ কৰা স্কাৰ্টসমূহ অতীতৰ পৰম্পৰা ৰক্ষা কৰি তৈয়াৰ কৰা হয় ৷ ঢৌ ক্ৰুজত নিশাৰ ডুবাইৰ জাকজমকীয়া সুন্দৰ দৃশ্য উপভোগ কৰা, বিভিন্ন দেশী-বিদেশী খোৱাৰ জুটি লোৱাৰ উপৰিও সংযুক্ত আৰব আমিৰশ্বাহীৰ সংস্কৃতিৰো আভাস পোৱা যায় ৷ আৰম্ভণিতে শীতল পানীয় আৰু ষ্টাৰ্টাৰেৰে আদৰণি জনাই স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় সুস্বাদু খাদ্যৰে আপ্যায়ন কৰা বুফেৰে সামৰণি মৰা ক্ৰুজৰ স্মৰণীয় সন্ধিয়াৰ স্মৃতিৰে আহি হোটেল পালোঁ ৷
আমি যোৱা সময়ত ডুবাইৰ আন এটি পৰ্যটকৰ আকৰ্ষণীয় স্থান মিৰাকেল গাৰ্ডেন তত্বাৱধানৰ বাবে বন্ধ আছিল ৷ সাধাৰণতে মিৰাকেল গাৰ্ডেন নৱেম্বৰ মাহৰ পৰা এপ্ৰিল মাহলৈ দৰ্শনাৰ্থীৰ বাবে খোলা থাকে ৷ বছৰৰ বাকী মাহবোৰত গৰম, গছবোৰৰ পৰিচৰ্যাৰ বাবে বন্ধ থাকে ৷ সেয়ে আমাৰ ভূস্বৰ্গ বুলি পৰিচিত মিৰাক্ল গাৰ্ডেন চোৱাৰ ভাগ্য নহ’ল ৷ ফুৰিবলৈ গ’লে মোৰ হাতত লৈ যোৱা সময়খিনিৰ ভিতৰত যিমান পাৰি ঠাইখন চাই সেই ঠাইখনৰ বিষয়ে কিছু কথা জনাৰ হেঁপাহ জাগে ৷ বহুতে আকৌ যিহেতু ব্যস্ত জীৱনৰ পৰা ওলাই আমোদৰ বাবে ফুৰিবলৈ যায় তেওঁলোকে বজাৰ কৰা, ব্যয়বহুল হোটেলত খোৱা-মেলা কৰিয়েই ভাল পায় ৷ যিকি নহওক পিছদিনা আবেলি ডুবাইৰ মৰুভূমি চাবলৈ যোৱাৰ বাবে ঠিক কৰা আছিল ৷ আগবেলা আমি ‘কাইট বিচ্ছ’ আৰু ‘বাটাৰ ফ্লাই গাৰ্ডেন’ চাই গোল্ড চোকলৈ গ’লোঁ ৷ কাইট নামেৰেই নিজৰ পৰিচয় ডাঙি ধৰিছে এই বিচ্চখনে ৷ আঁতৰৰ পৰাই দেখিবলৈ পাইছিলোঁ আকাশত বহুতো কাইট চাৰ্ফিং কৰি থকা ৷ কাইট বিচ্চত কাইট চাৰ্ফিঙৰ প্ৰশিক্ষণ লৈ চৰাইৰ দৰে উৰি ফুৰাৰ ব্যৱস্থাও আছে ৷ সেয়ে এই বিচ্চকনৰ নাম কাইট ৰখা হৈছে ৷ ইয়াৰ উপৰিও পৰ্যটকক আকৰ্ষণ আৰু মনোৰঞ্জন দিব পৰা বহুতো আহিলা যেনে Paddleboarding, Skating park সুন্দৰ বগা বালিত ভলীবল খেলা, খোজ কঢ়া, চাইকেল চলোৱাৰ বাবে চৌধ্য কিলোমিটাৰ দীঘল ট্ৰেক আদিৰে ভৰা ৷ ৰাতিপুৱাৰ পৰাই সাগৰত নামি নাযাওঁ বুলি মনতে স্থিৰ কৰি ৰাখিছিলোঁ ৷ কিন্তু কাইট বিচ্চৰ সৌন্দৰ্যই হাত বাউল দি মাতিলে নিজৰ মনক বান্ধি ৰাখিব নোৱাৰি পানীত নামিলোঁ ৷ কিছুসময় পাছতহে মনত পৰিল পকেটত যে কেমেৰা আছে ৷ ততাতৈয়াকৈ পানীৰ পৰা উঠি আহিলোঁ যদিও কেমেৰাটো আৰু কেমেৰা হৈ নাথাকিল ৷ যোৱা কেইদিনৰ ফটোবোৰ নষ্ট হোৱা বাবে মনটো বৰ বেয়া লাগিল ৷ কাইট বিচ্চৰ সুন্দৰ পৰিৱেশত আৰু কিছু সময় কটোৱাৰ ইচ্ছা আছিল যদিও ভ্ৰমণৰ সময় ধৰা-বন্ধা বাবে তাৰ পৰা ওলাই বাটাৰফ্লাই গাৰ্ডেনলৈ অগ্ৰসৰ হ’লোঁ ৷
প্ৰকৃততে বাটাৰ ফ্লাই গাৰ্ডেনখন মিৰাক্ল গাৰ্ডেনৰে এটা অংশ ৷ যদিও গৰমৰ দিনত মিৰাক্ল গাৰ্ডেন পৰ্যটকৰ বাবে বন্ধ ৰখা হয়, বাটাৰফ্লাই গাৰ্ডেন খোলা থাকে ৷ তালৈ যোৱাৰ আগলৈকে ভবা নাছিলোঁ পখিলাও যে ইমান আকৰ্ষণীয় কৰি ৰাখিব পাৰি ৷ ২০১৫ চনত খোলা এই গাৰ্ডেনখনত ৫০ বিধৰো বেছি প্ৰজাতিৰ পোন্ধৰ হাজাৰৰো অধিক পখিলা আছে ৷ শীত-তাপ নিয়ন্ত্ৰিত প্ৰায় ১০-১২টা কোঠাত এনে পৰিৱেশত ৰখা হৈছে পখিলা বোৰে যাতে অনুভৱ কৰে নিজে প্ৰাকৃতিক পৰিৱেশতে আছে ৷ কোঠাবোৰ বিভিন্ন গছ, লতা, ফুল আদিৰে অতি সুন্দৰকৈ সজোৱা পখিলাবোৰে মুক্ত মনেৰে এটা ফুলৰ পৰা আনটো ফুললৈ এনেদৰে আপোন পাহৰা হৈ উৰি ফুৰিছে নিজৰ চকুকেই বিশ্বাস কৰিবলৈ টান লাগে ৷ মাজে মাজে উৰি আহি দৰ্শনাৰ্থীৰ দেহত পৰি নিজেই আকৌ উৰি আঁতৰি যায় ৷ এনে লাগে আমি যেন ভ্ৰমি ফুৰিছোঁ পখিলাৰ দেশত, আমাক আদৰিছে সমগ্ৰ পৃথিৱীৰ ৰং-বিৰঙৰ চালে চকু ৰোৱা পখিলাবোৰে ৷ প্ৰৱেশৰ সময়ত অৱশ্যে সকীয়াই দিয়া হয় পখিলা উৰি আহি দেহত পৰিলেও যাতে হাতেৰে চুবলৈ চেষ্টা নকৰে ৷ সপোন সপোন লগা পখিলাৰ দেশৰ পৰা আমি অলপ সময়ৰ বাবে গোল্ড চোকলৈ গ’লোঁ ৷ সোণ কিনো বা নিকিনো ডুবাইলৈ আহি ডুবাইৰ সোণৰ বজাৰখন নাচালে দেখোন আধৰুৱা যেন লাগিব ৷ দুপৰীয়াৰ আহাৰ খাই হোটেল আহি পাওঁ মানে আমাৰ ‘ডেজাৰ্ট চাফাৰি’লৈ যোৱাৰ সময় হ’ল ৷
ডুবাইত ডেজাৰ্ট চাফাৰীৰ অভিজ্ঞতা

চাৰে তিনি বজাত সাতজনকৈ বহিব পৰা চাফাৰী গাড়ীৰে আমাক হোটেলৰ পৰা মৰুভূমিৰ এটা স্মৰণীয় সন্ধিয়া কটাবৰ বাবে লৈ গ’ল ৷ প্ৰথমতে চহৰৰ পৰা প্ৰায় ত্ৰিশ কিলোমিটাৰ নিলগত আল-লাহবাব মৰুভূমি অঞ্চললৈ লৈ যায় ৷ তাত কিছু সময়ৰ বাবে আৰবীয় ফেলকনৰ স’তে ফটো উঠা আৰু কোৱাড বাইকিঙৰ (Quad Biking) বাবে সময় দিয়া হয় ৷ আমি এই অঞ্চললৈ গৈ থাকোঁতে আকাশখন ক’লা ডাৱৰে ঢাকি ধৰি বৰষুণ দিবলৈ ধৰিলে ৷ মনটো কিবা এক অজান আনন্দত নাচি উঠিল৷ মৰুভূমিত বৰষুণ ! আমাৰ গাড়ী চালকজনে ক’লে এয়া হেনো কৃত্ৰিম ভাৱে সৃষ্টি কৰা বৰষুণহে ৷ এনেদৰে মাজে মাজে কৃত্ৰিম বৰষুণৰ সৃষ্টি কৰা হয় গছ-গছনি সতেজ কৰিবলৈ ৷ কথাটো শুনি আচহুৱা যেন লাগিল যদিও ডুবাইৰ নিচিনা চহৰৰ বাবে সকলো সম্ভৱ বুলিয়েই ভাবিলোঁ ৷ আল-লাহবাবৰ পৰা দক্ষ গাড়ী চালকে ডুন বেছিঙৰ (Dune Bashing) বাবে লৈ যায় য’ত পোৱা যায় ৰোমাঞ্চকৰ অভিজ্ঞতা ৷ যি স্থানলৈকে আমোদ-প্ৰমোদৰ বাবে পৰ্যটকক লৈ যোৱা হয় সেই স্থান নোপোৱা পৰ্যন্ত বালিৰ স্তুপত আমাৰ গাড়ী এবাৰ সোণালী বালিৰ ওপৰলৈ উঠি আকৌ হঠাতে তললৈ নামে ৷ মাজতে চালকজনে গাড়ীৰ চকাৰ পাম কমাবলৈ ৰখোৱা সময়ত গাড়ীৰ পৰা নামি মৰুভূমিৰ সোণালী বালিত খোজকাঢ়ি শব্দৰে লিখি বুজাব নোৱাৰা এক অনুভৱৰ অভিজ্ঞতা ল’লোঁ ৷ লাহে লাহে ডুব যাব ধৰা সূৰুযৰ আকাশ ৰাঙলী কৰা অপৰূপ দৃশ্যৰ মাজেৰে অৱশেষত লৈ যোৱা হয় বেদুইন শৈলীৰ কেম্প য’ত আছে উটৰ পিঠিত উঠি মৰুভূমিৰ জাহাজৰ অভিজ্ঞতা লোৱাৰ উপৰিও শ্বিছা পাইপেৰে ধূমপান কৰা, হাতত হেনা কৰা, আৰবী পোছাক পিন্ধি ফটো উঠা, অস্থায়ী বডি আৰ্ট আদি বিভিন্ন কাৰ্য্যকলাপ যিয়ে পৰ্যটকক দিয়ে অপাৰ আনন্দ ৷ সেই ঠাই পোৱাৰ পিছতেই আৰম্ভ হয় চাহ, কফি, কোল্ড ড্ৰিঙ্ক, ষ্টাৰ্টাৰকে আদি বিভিন্ন খোৱা ৷ ইয়াৰ উপৰিও অভিজ্ঞ শিল্পীৰ দ্বাৰা পৰিৱেশন কৰা হয় তনুৰা নৃত্য, বেলে নৃত্য আৰু ফায়াৰ শ্ব’ আদি ৷ এই অনুষ্ঠানসমূহৰ সমসাময়িক ভাৱে পৰিৱেশন কৰা সুস্বাদু বুফে ডিনাৰেৰে সামৰণি পৰে এটি ব্যতিক্ৰমী সন্ধিয়াৰ ৷
ডুবাইৰ মৰুভূমিত চেণ্ডবৰ্ডিং (Sand-Boarding) কৰাৰো সুবিধা আছে ৷ চেণ্ডবৰ্ডিং হৈছে মৰুভূমিত কৰা এটি কাৰ্যকলাপ যিটো প্ৰায় স্নো-বৰ্ডিঙৰ (Snow-Boarding) দৰেই ৷ বিশেষ ভাৱে খাপ খোৱা বৰ্ড এচটা ভৰিত বান্ধি দিয়া হয় ৷ বালিৰ টিলাৰ ওপৰৰ পৰা তললৈ ঠিক এনেদৰে পিছলি যায় যেনেদৰে বৰফত পিছলি যায় ৷ ডুবাইৰ ভূ-প্ৰকৃতি আৰু জলবায়ুৰ বাবে বছৰৰ সকলো দিনতে চেণ্ড-বৰ্ডিঙৰ অভিজ্ঞতা ল’ব পাৰি ৷ সকলো বয়সৰ লোকৰ বাবেই এই খেল নিৰাপদ বুলি কোৱা হয় যদিও এই বয়সত এনে খেলত ভাগ নোলোৱাই উচিত বুলি ভাবিলোঁ ৷
আঠ অক্টোবৰত আমাৰ ওভতনি যাত্ৰা যদিও আগবেলা আমাৰ কিছু সময় থকা বাবে ক্ৰিক পাৰ্কত অৱস্থিত পাঁচ হাজাৰ বৰ্গ মিটাৰ বিস্তৃত ডুবাই ডলফিনেৰিয়ামলৈ যাওঁ ৷ মধ্যপ্ৰাচ্যৰ প্ৰথম ডলফিনেৰিয়াম বুলি পৰিচিত ডলফিনেৰিয়াম ডলফিন আৰু চিল শ্ব’ আৰু বাৰ্ড শ্ব’ চালোঁ ৷ ডলফিন, ফাৰ চিলৰ দ্বাৰা পৰিবেশিত ইনড’ৰ এই শ্ব’ত প্ৰাণীসমূহৰ বিভিন্ন খেল প্ৰদৰ্শনৰ কৌশল দেখি আচৰিত লাগে ৷ এক্ৰ’বেটিক প্ৰদৰ্শন, জগল আদিৰে বহুতো দক্ষতাৰ পৰিচয় দিয়ে এই প্ৰশিক্ষণপ্ৰাপ্ত প্ৰাণীসমূহে ৷ ডলফিনেৰিয়ামৰ পৰা ওলাই ভাৰতীয় ৰেস্তোৰাঁ এখনত শেষবাৰৰ বাবে ডুবাইত দুপৰীয়াৰ ভাত সাঁজ খাই আমি ‘আনচাৰ গেলেৰী’ নামৰ মল এটালৈ গৈ ডুবাইৰ স্মৃতি হিচাপে অলপ বজাৰ কৰিলোঁ ৷ বিভিন্ন আকৰ্ষণীয় সামগ্ৰীৰে ভৰা বৃহৎ মলখন চাইয়েই ভাল লাগে, দামবোৰো খুব এটা বেছি যেন নালাগিল ৷ সন্ধিয়া সাত বজাত আমাৰ বিমান আছিল যদিও আমি তিনি বজাতেই এয়াৰপোৰ্টলৈ আহিলোঁ৷ নিৰ্ধাৰিত সময়তেই আমাৰ বিমান উৰা মাৰে দিল্লী অভিমুখে ৷
ডুবাইৰ কিছু কথা
আৰব উপসাগৰৰ উপকূলৰ পূব আৰব উপদ্বীপত যাত্ৰী আৰু মালবাহী সামগ্ৰীৰ বাবে বিশ্বৰ পৰিবহণ কেন্দ্ৰ ডুবাই ৷ তেলৰ ৰাজহৰ বাবেই এখন প্ৰধান ব্যৱসায়িক কেন্দ্ৰ হৈ উঠিছে ৷ বিংশ শতিকাৰ আৰম্ভণিৰ পৰা আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ কেন্দ্ৰ হিচাপে পৰিগণিত হোৱা ডুবাইৰ অৰ্থনীতি বাণিজ্য, পৰ্যটন, বিমান পৰিবহণ, ৰিয়েল এষ্টেট আৰু বিত্তীয় সেৱাৰ পৰা লাভ কৰা ৰাজহৰ ওপৰত নিৰ্ভৰশীল ৷ আবু ধাবি ১৮২২ চনলৈকে শ্বেখ তাহনুন বিন শ্বাখবুটৰ শাসনৰ অধীনত ‘বানি ইয়াছ’ জনগোষ্ঠীৰ মাত্ৰ ৭০০-৮০০সদস্যৰ এখন চহৰ আছিল ৷ ১৮৩৩ চনত জনজাতীয় বিবাদৰ ফলত আল বু ফালাছাহ নামৰ এটা জনজাতিৰ সদস্যসকলে আবু ধাবিৰ পৰা আহি ডুবাইত থাকিবলৈ লয় ৷ ইয়াৰ পাছত বিভিন্ন ঘাত-প্ৰতিঘাত আৰু প্ৰাকৃতিক দুৰ্যোগৰ মাজেৰে পাৰ হোৱাৰ পাছত ১৯৬৬ চনত ডুবাইৰ ওচৰৰ ভূখণ্ডৰ জলসীমাত তেল আৱিষ্কাৰ হয় যদিও বহু কম পৰিমাণত ৷ প্ৰথম ক্ষেত্ৰখনৰ নাম আছিল ‘ফাতেহ’ অৰ্থাৎ সুভাগ্য ৷ এই সুভাগ্যই ভাগ্য কঢ়িয়াই আনিছিল ডুবাইৰ ৷ ইয়াৰ ফলতেই শ্বেখ ৰছিদৰ আন্তঃগাঁথনি উন্নয়নৰ পৰিকল্পনাত বৈচিত্ৰ্যময় বাণিজ্যিক চহৰ ডুবাই গঢ়ি উঠে ৷
ডুবাইৰ আন এটি আকৰ্ষণ হৈছে ইয়াৰ বজাৰ ৷ শতাধিক শ্বপিং মলৰ উপৰিও পৰম্পৰাগত বজাৰ বহুতো আছে ৷ এই সমূহৰ ভিতৰত ‘গোল্ড চোক’ পৰ্যটকৰ অতি প্ৰিয় ৷ প্ৰতিজন পৰ্যটকে এবাৰ হলেও গোল্ড চোকলৈ যায়েই ৷ আমিও মাজতে সময় উলিয়াই অলপ সময়ৰ বাবে গোল্ড চোকলৈ গ’লো ৷ তিনিশৰো অধিক সোণৰ দোকান ৷ যিফালেই চকু যায় সেইফালেই সোণ ৷ আমাৰ ইয়াৰ কাপোৰৰ দোকানত শ্ব’কেছত কাপোৰ ৰখাৰ দৰেই সোণৰ অলংকাৰবোৰ ৰখা আছে ৷ আমাক বজাৰখন চাবলৈ আধা-ঘণ্টা সময় দিয়া হ’ল ৷ আমাৰ লগৰ কেইগৰাকী মানে সোণ কিনিবলৈ লৈ পলম কৰা বাবে বজাৰতে এৰি আহিব লগা হ’ল ৷ পাছত তেওঁলোকে গাড়ী ভাড়া কৰি হোটেললৈ আহিব লগা হ’ল ৷ এনেদৰে গ্ৰুপত ফুৰিবলৈ গ’লে সময়ৰ প্ৰতি সজাগ হোৱা অতি প্ৰয়োজন নহ’লে কেতিয়াবা বিপদত পৰিব লগা হয় ৷
ডুবাইৰ শাসন ব্যৱস্থা অতি কঠোৰ ৷ ডুবাই পশ্চিমীয়া প্ৰযুক্তিৰ সৈতে সংহতি ৰাখি বিকাশ কৰিছে যদিও নিজৰ পূৰ্বৰ সংবেদনশীলতা অটুট ৰাখিছে ৷ ডুবাই এখন পুৰুষ প্ৰধান চহৰ ৷ পুৰুষৰ সংখ্যা মহিলাতকৈ যথেষ্ট বেছি ৷ যথেষ্ট ৰক্ষণশীল আৰু নিয়ম-নীতিও যথেষ্ট ৷ পৰ্যটেকও এই নিয়মসমূহ মানি চলা বাধ্যতামূলক ৷ পুৰুষ-মহিলা সকলোৱে মাৰ্জিত ৰুচিৰ সাজ-পোছাক পৰিধান কৰা বাধ্যতামূলক ৷ ৰাজহুৱা স্থানত স্বামী-স্ত্ৰীৰ বাহিৰে আনে হাতত ধৰি চলা-ফুৰা কৰা, ৰাজহুৱা স্থানত মদ্যপান কৰা নিষেধ ৷ স্থানীয় লোকসকলে আইনসমূহ গুৰুত্ব সহকাৰে পালন কৰে ৷ পৰ্যটকৰ ক্ষেত্ৰতো এই নিষেধাজ্ঞাসমূহ পালন কৰা অনিবাৰ্য ৷ বহুতো চৰকাৰী বিল্ডিং আদিত ফটো লোৱাৰো নিষেধাজ্ঞা জাৰি কৰা আছে ৷ আনকি ফোনত ডাঙৰকৈ কথা কোৱাও আইন মতে দণ্ডনীয়, যাৰ বাবে কাৰাবাসো হ’ব পাৰে ৷ ১৮ বছৰৰ তলৰ ল’ৰা-ছোৱালীক লগত জ্যেষ্ঠ নোহোৱাকৈ হোটেলত থকাৰো অনুমতি দিয়া নহয় ৷ অবৈধ কাম কৰি ধৰা পৰিলে কঠোৰ শাস্তিৰ সন্মুখীন হ’বলগীয়া হয় ৷ সমগ্ৰ বিশ্বত বাঢ়ি অহা অপৰাধমূলক কাৰ্য্যকলাপৰ বিপৰীতে ডুবাইত অপৰাধ নাই বুলিয়েই ক’ব পাৰি ৷ সামান্য অপৰাধতে কাৰাগাৰত বন্দী হ’ব লাগে ৷ কোনো ব্যক্তিয়ে ঋণ লৈ পৰিশোধ কৰিব নোৱাৰিলে আজীৱন কাৰাবাস খাটিবলগীয়া হয় ৷ ডুবাইৰ পুলিচে কাৰ্যক্ষেত্ৰত Ferrari, Mercedes, Bentley, Lamborghini, Veyron আদি অত্যন্ত দামী গাড়ী ব্যৱহাৰ কৰে ৷ এই সমূহৰ ভিতৰত আটাইতকৈ দ্ৰুত বেগী Veyron যিয়ে ঘণ্টাত চাৰিশ কিলোমিটাৰৰো অধিক বেগে যাব পাৰে ৷ ঐতিহ্যমণ্ডিত আৰু পৰ্যটন এলেকাত তহল দিয়াৰ বাবেও এই গাড়ীসমূহ ব্যৱহাৰ কৰা হয় ৷
ডুবাইৰ পথ যদিও যথেষ্ট আহল-বহল আৰু মসৃণ উষ্ণ জলবায়ুৰ বাবে খোজকাঢ়ি ফুৰা-চকা কৰা সম্ভৱ নহয় ৷ গোটেই বছৰ জুৰি শীত-তাপ নিয়ন্ত্ৰণৰ ওপৰত নিৰ্ভৰশীল হ’ব লগা হয় ৷ সেয়ে বাহনেৰে যাতায়াত কৰাৰ বাহিৰে আন উপায় নাই ৷ মেট্ৰো সেৱাৰ ব্যৱস্থাই পৰিব্ৰাজকক কিছু সকাহ দিয়ে ৷ পথচাৰী কাচিৎহে দেখা যায় ৷ অক্টোবৰ মাহতো আমি যথেষ্ট গৰম অনুভৱ কৰিছিলোঁ ৷
ডুবাইক বিশ্বৰ ‘ক্ৰেন ৰাজধানী’ বুলি কোৱা হয় ৷ কাৰণ সমগ্ৰ বিশ্বৰ ২৫% ক্ৰেনে ডুবাইত কাম কৰিছিল ৷ ডুবাই এখন কৰমুক্ত চহৰ ৷ নিজৰ প্ৰয়োজন অনুসৰি যিয়েই যিমান ইচ্ছা কৰে উপাৰ্জন কৰিব পাৰে আৰু জমাও কৰিব পাৰে ৷ নিজৰ উপাৰ্জনৰ ওপৰত কোনো কৰ দিব নালাগে ৷
অনুজ্ঞাপত্ৰ অবিহনে ডুবাইত মদ্যপান কৰাতো দণ্ডনীয় ৷ অৱশ্যে শ্বাৰজাহৰ বাহিৰে বাকী কেইখন আমিৰশ্বাহীত ব্যক্তিগত সেৱনৰ বাবে অনুজ্ঞাপত্ৰৰ প্ৰয়োজন নাই ৷ শ্বাৰজাহত মদ্যপান কৰাটো অবৈধ৷ ডুবাইত ড্ৰাগছ নিষিদ্ধ ৷ ড্ৰাগছৰ ক্ষেত্ৰত ডুবাইৰ শাসন ব্যৱস্থা অতি কঠোৰ ৷
উন্নত মানৰ বজাৰ, দেশ-বিদেশৰ খাদ্যৰ জুটি লোৱা, বিভিন্ন ক্ৰীড়াত ভাগ লৈ আমোদ-প্ৰমোদেৰে অৱসৰৰ কেইটামান দিন কটাবলৈ এখন উৎকৃষ্ট চহৰ ডুবাই ৷
জোনা মহন্ত, অক্টোবৰ ২੦১৯