Skip to content
জোনালীৰ ডায়েৰী
Jona Mahanta
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

  • Home
  • Poems
  • Travelblog
  • Articles
  • Videos
  • Profile
  • Gallery
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

গ্ৰীচৰ অবিস্মৰণীয় স্মৃতি

Jona Mahanta, October 11, 2018June 16, 2024

২০১৮ চনৰ পূজাৰ বন্ধত আমি মানে মই আৰু এওঁ ইতিহাস প্ৰসিদ্ধ গ্ৰীচলৈ যোৱাৰ মন মেলি ভ্ৰমণৰ বাবে ভিছা, টিকট আদি যাৱতীয় কামবোৰৰ বাবে গুৱাহাটীৰ দিছপুৰত অৱস্থিত ত্ৰিধাৰা ট্ৰেভেল এজেন্সিৰ সৈতে যোগাযোগ কৰিলোঁ ৷ আগে-পিছেও তেওঁলোকে আমাৰ সকলোবোৰ কাম সময় মতেই সাজু কৰি দিলে ৷ আমাৰ লগত মোৰ সহকৰ্মী অঞ্জলি গোস্বামী বাইদেউ আৰু ৰুমা শৰ্মা যাবলৈ ওলোৱাত বৰ ভাল লাগিল ৷ ভ্ৰমণত দুগৰাকীমান মনে মিলা লগ পালে ভ্ৰমণৰ আনন্দ আৰু বেছি হয় ৷

            আমি  ইণ্ডিগো বিমান সেৱাৰে এঘাৰ অক্টোবৰত দিনৰ এক বজাত গুৱাহাটীৰ পৰা দিল্লীলৈ উৰা মাৰিলোঁ ৷ দিল্লীৰ পৰা আমাৰ যাত্ৰা বাৰ অক্টোবৰ ৰাতিপুৱা চাৰি বজাত বাবে আমি দিল্লীৰ এয়াৰপোৰ্টৰ কাষৰ RTS নামৰ হোটেলখনলৈ যাওঁ ৷ ৰাতি প্ৰায় ডেৰ বজাত হোটেলৰ পৰা দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় এয়াৰপোৰ্টলৈ আহি ইমিগ্ৰেশ্বন আদি বিমানৰ যাৱতীয় কামখিনি কৰি এমিৰেটচ্‌ (Emirates) বিমান সেৱাৰে ডুবাইলৈ ৰাওনা হ’লোঁ ৷ তিনি ঘণ্টা পঞ্চাশ মিনিট উৰণৰ পাছত ডুবাইৰ স্থানীয় সময় ৰাতিপুৱা ছয় বাজি বিশ মিনিটত আমাৰ বিমান ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় এয়াৰপোৰ্টত অৱতৰণ কৰে ৷ ডুবাইত আনখন বিমানৰ বাবে আমাক আন এটা টাৰ্মিনেললৈ বাছেৰে লৈ যায়৷ প্ৰায় চাৰে-চাৰি ঘণ্টা অপেক্ষা কৰিব লগা হোৱাত আমি তাতেই ব্ৰেকফাষ্ট কৰিলোঁ ৷ খোৱা বস্তুৰ দাম শুনি আচৰিত লাগিল, দুটা বাৰ্গাৰ (Burger) আৰু দুকাপ কফিত ভাৰতবৰ্ষৰ হিচাপত চাৰে চাৰি হাজাৰ টকা ৷ আমাৰ লগত ডুবাইৰ স্থানীয় কাৰেন্সি ‘দিৰহাম’ নিয়া নহ’ল বাবে কাৰ্ডেৰে পেমেণ্ট কৰিব লগা হ’ল ৷ উল্লেখনীয় ডুবাই আন্তঃৰাষ্ট্ৰীয় এয়াৰপোৰ্ট আন্তঃৰাষ্ট্ৰীয় যাত্ৰী পৰিবহণৰ ক্ষেত্ৰত বিশ্বৰ আটাইতকৈ ব্যস্ত এয়াৰপোৰ্ট হোৱাৰ উপৰিও বিশ্বৰ অন্যতম ব্যস্ত মালবাহী এয়াৰপোৰ্ট ৷ প্ৰকাণ্ড এয়াৰপোৰ্টৰ কিছু অংশ ঘূৰি ফুৰি চালোঁ ৷ চাৰে-দহ বজাত আমাৰ বিমান গ্ৰীচৰ এথেন্সলৈ বুলি উৰা মাৰে ৷ প্ৰায় ছয় ঘণ্টা দহ মিনিট উৰণৰ পাছত গ্ৰীচৰ স্থানীয় সময় আবেলি তিনি বজাত আমি গৈ এথেন্সৰ ‘Eleftherios Venizelos’ এয়াৰপোৰ্ট পাওঁ ৷ ইমিগ্ৰেশ্বনৰ কাম শেষ কৰি আমাৰ বাবে ৰৈ থকা গাড়ীৰে কনষ্টাটিনো ষ্ট্ৰিট (Agiou Konstantinou street) ত অৱস্থিত পাইথাগোৰিয়ন (Pythagorion) হোটেললৈ আহোঁ ৷ সেইদিনা হোটেলৰ কাষতে থকা ৰেস্তাৰাঁ এখনত ৰুটি, মাংস খাবলৈ গৈ ৰুটিৰ আকৃতি দেখি বিচূৰ্তি খালোঁ ৷ এখন ৰুটি দুজনে খাইও শেষ কৰিব নোৱাৰিলোঁ ৷

ইতিহাস প্ৰসিদ্ধ এথেন্স

            গ্ৰীচ ইউৰোপৰ দক্ষিণ-পূবত অৱস্থিত ৷ ইয়াৰ সীমান্তৱৰ্তী ৰাষ্ট্ৰবিলাক হ’ল উত্তৰে বুলগেৰিয়া আৰু উত্তৰ মেচিড’নিয়া, উত্তৰ-পশ্চিমত আলবেনিয়া, উত্তৰ-পূব দিশত তুৰ্কী ৷ গ্ৰীচৰ  মূল ভূমিৰ পূব দিশত এজিয়ান (Aegean) সাগৰ, পশ্চিম দিশত লোনিয়ান (Lonian) সাগৰ আৰু দক্ষিণত ভূমধ্য সাগৰ ৷ গ্ৰীচৰ চৰকাৰী নাম হেলেনিক ৰিপাব্লিক (Hellenic Republic), হেলাছ (Hellas) বা হেলাডা (Hellada) ৷ এথেন্স গ্ৰীচৰ ৰাজধানী আৰু ইউৰোপৰ পুৰণি চহৰসমূহৰ ভিতৰত এখন ৷  ইয়াৰ ইতিহাস প্ৰায় চাৰি হাজাৰ  বছৰ পুৰণি ৷ পৃথিৱী সৃষ্টিৰ পৰাই যিসমূহ চহৰ প্ৰাচীন ধৰ্ম আৰু ইতিহাসৰ সাক্ষী হৈ আছে তাৰ ভিতৰত এথেন্স অন্যতম ৷ ইয়াতেই গণতন্ত্ৰ, দৰ্শন, সাহিত্য, গান, থিয়েটাৰ, কবিতা আদিৰ জন্ম ৷ এই সকলোবিলাক চাই গ্ৰীচ ইউৰোপৰ এসময়ৰ প্ৰভাৱশালী সভ্যতা আছিল বুলি ধাৰণা কৰিব পাৰি ৷ গ্ৰীচৰ প্ৰাচীন ইতিহাস পৰ্যালোচনা কৰিলে ইয়াৰ প্ৰমাণ পোৱা যায় ৷ যদিও গ্ৰীচৰ মাতৃভাষা গ্ৰীক প্ৰায়বোৰ স্থানীয়লোকে ইংৰাজী জানে ৷ সেয়ে ভ্ৰমণকাৰীয়ে ইউৰোপৰ আন কিছুমান দেশৰ নিচিনাকৈ ভাষাৰ বাবে অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয় ৷ গ্ৰীচৰ অৰ্থনীতি ঘাইকৈ নিৰ্ভৰ কৰে পৰ্যটনৰ ওপৰত ৷  গ্ৰীচৰ ইতিহাস, সংস্কৃতি আদিৰ কাৰণে দেশখন পৰ্যটকৰ বাবে আকৰ্ষণীয়৷ প্ৰায় আঢ়ৈ-হাজাৰ মান সৰু ডাঙৰ দ্বীপেৰে গঠিত যদিও মাত্ৰ দুশ-মান দ্বীপতহে মানুহৰ বসতি আছে ৷ পঞ্চম শতিকাতে নিৰ্মাণ কৰা পাৰ্থেনন (Parthenon) মন্দিৰৰ নিৰ্মাণ শৈলী আৰু আধুনিক পৃথিৱীৰ ভাষা, ৰাজনীতি, শিক্ষা ব্যৱস্থা, দৰ্শন, শিল্পকলা আৰু স্থাপত্যৰ ওপৰত প্ৰাচীন যুগৰ গ্ৰীকসকলৰ যথেষ্ট প্ৰভাৱ পৰিলক্ষিত হয় ৷ গ্ৰীচৰ প্ৰতিটো সৰু ডাঙৰ মন্দিৰৰ ইমাৰতৰ অৱয়ৱত কিমান ইতিহাস লুকাই আছে তাৰ ব্যাখ্যা হয়তো আজিও উদ্ধাৰ হোৱা নাই ৷

            পিছদিনা অৰ্থাৎ তেৰ অক্টোবৰত হোটেলত ব্ৰেকফাষ্ট কৰি থাকোঁতে মনতে ভাবি আছোঁ ক’ৰবাত আলেকজেণ্ডাৰক লগ পালে– মানে সৰুৰে পৰাই অস্ত্ৰ-শস্ত্ৰেৰে  সুসজ্জিত আলেকজেণ্ডাৰৰ যিখন ছবি মনৰ মাজত আছে তেনে এজনক যদি গ্ৰীচত লগ পাওঁ কি যে মজা লাগিব ৷ অঞ্জলিবা আৰু ৰুমাক মোৰ মনৰ কথাটো কোৱাত তেওঁলোক দুগৰাকীয়ে বৰ ৰস পালে ৷ মোক জোকাই ক’লে ‘তুমি আহিবা বুলি আলেকজেণ্ডাৰ বাটত ৰৈ থাকিবও পাৰে৷’ এইদৰে হাঁহি ধেমালিৰ মাজেৰে  ইতিহাস প্ৰসিদ্ধ গ্ৰীচৰ ৰাজধানী এথেন্স চহৰ চাবলৈ ওলালোঁ ৷

            প্ৰথমতেই আমি আঢ়ৈ হাজাৰ বছৰ পুৰণি প্যানাথেনেইক (Panathenaic Stadium) ষ্টেডিয়ামলৈ যাওঁ ৷ এই ষ্টেডিয়ামৰ দুটা প্ৰধান বৈশিষ্ট্য হ’ল  ১৮৯৬ চনত প্ৰথমে এই ষ্টেডিয়ামতে অলিম্পিক খেল আৰম্ভ হৈছিল আৰু বৰ্তমান এইখনেই বিশ্বৰ একমাত্ৰ মাৰ্বলৰ ষ্টেডিয়াম যিখনত ষাঠী হাজাৰ দৰ্শকে একেলগে খেল উপভোগ কৰিব পাৰে ৷ প্যানাথেনেইক ষ্টেডিয়াম এথেন্স তথা গ্ৰীচৰ গৌৰৱ৷ গ্ৰীচৰ জনসাধাৰণে এই ঐতিহাসিক ষ্টেডিয়ামক ক্যালিমাৰমাৰো (Kallimarmaro) বুলি অভিহিত কৰে ৷ ইয়াৰ অৰ্থ ‘সুন্দৰ মাৰ্বল’৷ এই ষ্টেডিয়ামত ১৮৯৬ চনত আশী  হাজাৰ লোকে একেলগে বহি খেল উপভোগ কৰিব পাৰিছিল ৷ ধাৰণা কৰা মতে ‘প্যানাথেনিয়ান’ (Panathenian) খেল প্ৰদৰ্শনৰ বাবে খৃষ্টপূৰ্ব ৩৩০ চনতে এই ষ্টেডিয়ামনিৰ্মাণ কৰা হৈছিল ৷ প্যানাথেনিয়ান খেল প্ৰাচীন গ্ৰীচৰ ধৰ্ম্মীয় তথা সামাজিক উৎসৱ ৷ দেৱী এথেনাক উৎসৰ্গা কৰি প্ৰতি চাৰি বছৰৰ মূৰে মূৰে পালন কৰা হৈছিল ৷ এই উৎসৱত অন্তৰ্ভুক্ত আছিল সেই সময়ৰ বিভিন্ন খেল, নাচ-গানৰ লগতে শাৰীৰিক ব্যায়াম ৷ খৃষ্টপূৰ্ব ৫৫৬ ৰ পৰা ৫৫০ চনতে এই খেলৰ আৰম্ভণি বুলি প্ৰবাদ আছে ৷ দূৰৰ পৰাই আমি গ্ৰীচ আৰু অলিম্পিকৰ পতাকা বতাহত উৰি থকা দেখিবলৈ পালোঁ ৷ এনে এখন বিশ্ব প্ৰসিদ্ধ ষ্টেডিয়ামৰ ভিতৰত থিয় হ’বলৈ পাই গৌৰৱ অনুভৱ কৰিলোঁ ৷ গ্ৰীকসকলে কোৱাৰ দৰেই  সুন্দৰ বগা মাৰ্বলেৰে নিৰ্মিত ষ্টেডিয়ামখনৰ সৌন্দৰ্য চালে চকুৰোৱা ৷ এয়া সঁচাকৈ গ্ৰীচবাসীৰ গৌৰৱৰ স্থল ৷ ষ্টেডিয়ামৰ লগতে প্যানাথানৰ ইতিহাস জড়িত তথ্যৰে ভৰা এটা মিউজিয়াম আছে ৷ মিউজিয়ামৰ দ্বিতীয় মিহলাত ষ্টেডিয়ামৰ জন্মলগ্নৰে পৰা বৰ্তমানলৈ সংগ্ৰহ কৰা তথ্যৰ কিতাপ, পোষ্টাৰ আদি পোৱা যায়৷ স্মৃতি চিহ্ন স্বৰূপে দুটামান সৰু বস্তু কিনি  ষ্টেডিয়ামৰ পৰা ওলাই  আমি গ্ৰীচৰ পাৰ্লিয়ামেণ্ট ভৱনলৈ যাওঁ ৷

            পাৰ্লিয়ামেন্টৰ সুৰক্ষাৰ বাবে এভজোন (Evzone)  নামেৰে এক বিশেষ গ্ৰীক সেনাবাহিনী নিয়োগ কৰা হয় ৷ এই সেনাবাহিনীৰ বিশেষত্ব হ’ল কৰ্তব্যৰ সময়ত মূৰ্তিৰ দৰে হাত-ভৰি লৰচৰ নকৰাকৈ থিয় হৈ থাকিব লাগে আনকি চকুৰ পতাও  লৰাব নোৱাৰে ৷  প্ৰতি এঘণ্টাৰ মূৰে মূৰে  গাৰ্ড সলনি হয় ৷ অৰ্থাৎ কৰ্তব্যত থকা  এঘণ্টা সময় তেওঁলোকে মূৰ্তিৰ দৰে থিয় হৈ থাকে ৷ তেওঁলোকৰ ইউনিফ’ৰ্মৰো এটা বিশেষ বৈশিষ্ট্য আছে ৷ অট্টোমান (Ottoman) সাম্ৰাজ্যৰ বিৰুদ্ধে গ্ৰীকসকলৰ স্বাধীনতা যুদ্ধত ভাগ লোৱা দুটা গ্ৰীক সেনাবাহিনীৰ ইউনিফ’ৰ্মৰ সংমিশ্ৰণত তৈয়াৰী এবিধ বিশেষ স্কাৰ্ট এই ইউনিফৰ্ম ৷ বগা ৰঙৰ এই স্কাৰ্টত চাৰিশটা ভাঁজ থাকে ৷ প্ৰতিটো ভাঁজে সাম্ৰাজ্যৰ চাৰিশ বছৰৰ পৰাধীনতাৰ প্ৰতিনিধিত্ব কৰে ৷ গাৰ্ডবাহিনী ছাউনীৰ পৰা  মিলিটাৰি বেণ্ডৰ স’তে খোজ মিলাই পাৰ্লিয়ামেন্ট বিল্ডিঙৰ পৰা পাছফালৰ ফিল্ডলৈ আহি কতৰ্ব্যৰ সলনি কৰে ৷ এই সলনিৰ সময়ত খুব লাহে লাহে পেৰেড কৰে ৷ বোধহয় এঘণ্টা সময় লৰচৰ নকৰাকৈ থিয় হৈ থকা বাবেই এই নিয়ম ৷ আমি গৈ পোৱা সময়ত গাৰ্ড সলনিৰ প্ৰক্ৰিয়া চলি আছিল বাবে আমাৰো  এই অভিনৱ দৃশ্য চোৱাৰ সৌভাগ্য ঘটিল ৷ প্ৰতি দেওবাৰে দিনৰ এঘাৰ বজাত  গাৰ্ড সলনিৰ উৎসৱ (Guard changing ceremony) হয় ৷ এই উৎসৱ ভ্ৰমণকাৰীসকলৰ অতি প্ৰিয় ৷

            গাৰ্ড সলনিৰ দৃশ্য উপভোগ কৰি নৱনিৰ্মিত এক্ৰ’পলিছ (Acropolis) মিউজিয়ামলৈ যাওঁ ৷ এই মিউজিয়াম পৰ্যটকৰ অতি  আকৰ্ষণীয় হোৱাৰ উপৰিও ইতিহাস সমৃদ্ধ ৷ এই প্ৰত্নতাত্বিক মিউজিয়ামটো চৈধ্য হাজাৰ বৰ্গ মিটাৰ কালিৰে আগুৰা, চাৰি হেজাৰৰো অধিক সংগ্ৰহ অতি সুন্দৰকৈ সজাই থোৱা আছে ৷ এই মিউজিয়ামটো গ্ৰীচৰ ব্ৰোঞ্জ যুগৰ পৰা ৰোমান যুগৰ উপৰিও বাইজেন্টাইন (Byzantine) সাম্ৰাজ্যৰ সময়ৰ খননৰ ধবংসাৱশেষ পোৱা শিলৰ ওপৰতে নিৰ্মাণ কৰা হৈছে ৷  বিল্ডিঙৰ মজিয়া কাঁচৰ বাবে তলত ধবংসাৱশেষবোৰ দেখা  যায় ৷  আধুনিক শৈলীত কাঁচ আৰু ষ্টীলেৰে  নিৰ্মাণ কৰা মিউজিয়ামটোৰ বিভিন্ন মহলাত থকা গ্ৰীক সভ্যতাৰ বিভিন্ন যুগৰ মূৰ্তি, ভাস্কৰ্য, বিশেষকৈ মাৰ্বলত কটা শিল্পৰ নিদৰ্শন ভালদৰে চাম বুলি ভাবিলে বহু সময়ৰ প্ৰয়োজন, তথাপি নিৰ্ধাৰিত সময়ৰ ভিতৰত গোটেইখিনি ওপৰে ওপৰে চালোঁ ৷ তাৰোপৰি মিউজিয়ামৰ ভিতৰৰ বিশেষ কিছুমান ঠাইৰ ফটো (য’ত অনুমতি আছে) লৈ আমি এক্ৰ’পলিছলৈ (Acropolis) আগবাঢ়োঁ ৷

            এক্ৰ’পলিছৰ মূল প্ৰৱেশদ্বাৰ ওখত, ওপৰলৈ কিছুদূৰ খোজকাঢ়ি যাব লাগে ৷ আমাক  গাইডজনে এক্ৰ’পলিছৰ ইতিহাসৰ বিষয়ে বৰ্ণনা কৰি গৈ আছে আমিও মনোযোগেৰে শুনি আগবাঢ়ি গৈ আছোঁ ৷ এনেতে মোৰ চকুত  পৰিল চিৰ পৰিচিত আলেকজেণ্ডাৰৰ সাজ পিন্ধা লোক এজেন হাতত যুদ্ধৰ অস্ত্ৰ-শস্ত্ৰ লৈ আমি উঠি যোৱা বাটৰ দাঁতিতে ৰৈ আছে  ৷ মই প্ৰায় দৌৰি গৈ তেওঁৰ লগত ফটো উঠিব পাৰিম নেকি সুধিলোঁ৷ পাছত অৱশ্যে জানিব পাৰিলোঁ সেয়া তেওঁৰ উপাৰ্জনৰ উৎস ৷  গ্ৰীচ ভ্ৰমণৰ বাবে অহা প্ৰতিজন পৰ্যটকে এক্ৰ’পলিছ দৰ্শন কৰে৷ সেইফালে উঠি যাওঁতে কোনোবাই তেওঁৰ লগত ফটো উঠাৰ বিনিময়ত কিবা মাননি দিলে গ্ৰহণ কৰে ৷ যি দিয়ে তাকেই গ্ৰহণ কৰে, দাবী নকৰে ৷ আমি আটাইকেইজনে তেওঁৰ লগতহেঁপাহ পলুৱাই ফটো উঠিলোঁ ৷  ইফালে আমাৰ লগত অহা বাকী ভ্ৰমণকাৰীৰ সৈতে গাইড বহু দূৰ পালেগৈ ৷ আমি তেওঁক মাননি দি বেগাই আগবাঢ়িলোঁ যদিও ইতিমধ্যে  তেওঁলোক এক্ৰ’পলিছৰ ভিতৰত সোমাল ৷ প্ৰৱেশ দ্বাৰত কাকো নেদেখি বিমোৰত পৰিলোঁ ৷ আমাৰ এক্ৰ’পলিছৰ প্ৰৱেশৰ টিকট গাইডৰ হাততেই থাকিল ৷ টিকট কিনি সোমাবলৈ টিকট কাউন্টাৰত দেশ-বিদেশৰ পৰ্যটকৰ দীঘলীয়া শাৰী ৷ ভিতৰলৈ যোৱা পাছৰ কথা, কিমান ঘণ্টা টিকটৰ বাবে শাৰীত থিয় হ’ব লাগে তাৰ কোনো ঠিক নাই ৷ সেয়ে এক্ৰ’পলিছৰ ভিতৰত প্ৰৱেশৰ একো উপায় নেদেখি দুখতে প্ৰৱেশ দ্বাৰৰ কাষতে এডাল গছৰ তলতে বহি থাকিলোঁ ৷  ইমান ওচৰলৈ আহি যদি এক্ৰ’পলিছ চাব নোৱাৰোঁ গ্ৰীচ ভ্ৰমণেই দেখোন আধৰুৱা হ’ব ! অৱশ্যে কিছুসময় পাছত গাইডজন আহি আমাক এক্ৰ’পলিছৰ ভিতৰলৈ লৈ গ’ল ৷      

            গ্ৰীক সভ্যতা, স্থাপত্য, কলা-কৃষ্টি, সংস্কৃতি, প্ৰাচীন গ্ৰীচৰ  ইতিহাস আৰু ধৰ্মীয় বিশ্বাসৰ এক অনন্য বৈচিত্ৰ্যপূৰ্ণ উদাহৰণ এক্ৰ’পলিছ ৷ এথেন্স চহৰৰ ইলিচচ উপত্যকাৰ চূণৰ পাহাৰৰ ওপৰত গ্ৰীকসকলৰ দেৱী এথেনাৰ সন্মানাৰ্থে নিৰ্মাণ কৰা পাৰ্থেনন মন্দিৰ ৷  বিশেষকৈ দেৱী এথেনাৰ বাবে নিৰ্মাণ কৰা হৈছিল যদিও সেই সময়ৰ গ্ৰীচৰ শাসকসকলৰ স্মৃতি জড়িত অগণন মূৰ্তি আৰু বিভিন্ন স্থাপনাৰে গঠিত এই অঞ্চলটি ‘এক্ৰ’পলিছ’ নামে জনাজাত ৷ আঢ়ৈ হাজাৰ বছৰ আগতে নিৰ্মাণ কৰা এই মন্দিৰৰ নাম বৰ্তমানৰ ইতিহাসবিদে এক্ৰ’পলিছ ৰাখিলেও, প্ৰাচীন ব্ৰোঞ্জযুগৰ পৰাই গ্ৰীচৰ ইতিহাসৰ স’তে  এই শব্দটিৰ ব্যৱহাৰ আছিল বুলি ঠাৱৰ কৰিছে ৷  গ্ৰীক ভাষাত এক্ৰ’পলিছ মানে ‘ওখ চহৰ’ (High City) ৷ খৃষ্টপূৰ্ব পঞ্চদশ শতিকাতে নিৰ্মাণ কৰা এক্ৰ’পলিছ বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ, ভূমিকম্প, বোমা বিস্ফোৰণ আদিৰ বাবে বহুখিনি ধবংস হলেও মূল ভেটি আৰু খুঁটা আজিও অক্ষত হৈ আছে ৷ এক্ৰ’পলিছৰ উচ্চতা সাগৰৰ সমতলৰ পৰা প্ৰায় ৬০০ ফুট আৰু পৰিসৰ প্ৰায় ৩০,৫০০ বৰ্গ মিটাৰ ৷ খৃষ্টপূৰ্ব চাৰি হাজাৰ বছৰ আগতে ইয়াত মানুহৰ উপস্থিতিৰ প্ৰমাণ পোৱা যায় ৷  প্ৰত্নতত্ববিদৰ মতে ডাইন’চৰ যুগৰ পৰাই ইয়াত মানুহৰ বসতি আছিল ৷ যদিও এই মন্দিৰ দেৱী এথেনাৰ পূজা-পাতলৰ বাবে নিৰ্মাণ কৰা হৈছিল, আন এটা কাৰণ হ’ল এথেন্স চহৰক বহিঃ শত্ৰুৰ পৰা ৰক্ষা কৰা ৷ যি ঠাইত এক্ৰ’পলিছ নিৰ্মাণ কৰা হৈছিল তাৰ পৰা গোটেই চহৰখন সুন্দৰকৈ দেখা যায় ৷ পাৰ্থেননৰ নিৰ্মাণ শৈলী আৰু স্থাপত্যই গৱেষক সকলৰ লগতে প্ৰতিজন পৰ্যটককে আচৰিত কৰি তোলে ৷ সেই সময়ৰ মাৰ্বল সংগ্ৰহ, নিৰ্মাণৰ স্থাপত্য আজিও ৰহস্যৰ আঁৰত ৷ অনুমান কৰা হৈছে এই মন্দিৰ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা বাইশ হাজাৰ টন মাৰ্বল এথেন্সৰ পৰা সোঁতৰ কিলোমিটাৰ দূৰৰ মাউন্ট পেন্তেলিকনৰ (Mt.Pentelikon) পৰা কঢ়িয়াই অনা হৈছিল ৷ উল্লেখযোগ্য যে প্যানাথেনেইক ষ্টেডিয়ামো সেই একেই মাৰ্বলেৰে নিৰ্মাণ কৰা হৈছিল বুলি গৱেষকে ধাৰণা কৰে ৷  বিশাল আকৃতিৰ ৫৮ টা খুঁটাত তেৰ হাজাৰ মাৰ্বলৰ টুকুৰা ব্যৱহাৰ কৰা হৈছিল ৷ ধাৰণা কৰা হয় পাৰ্থেনন নিৰ্মাণত পাইথাগ’ৰাচ (Pythagoras)ৰ সূত্ৰ ব্যৱহাৰ কৰা হৈছে ৷ সেই সময়ত পাইথাগ’ৰাচ এথেন্সত আছিল ৷ গ্ৰীক ভাষাত পাৰ্থেনন মানে কুমাৰী, এথেনা কুমাৰী আছিল বাবেই এই মন্দিৰৰ নাম পাৰ্থেনন ৰখা হয় ৷ মন্দিৰৰ ভিতৰত এঘাৰ মিটাৰ উচ্চতাৰ এথেনাৰ মূৰ্তি আছিল যদিও এতিয়া তাৰ কোনো চিন-চাব নাই ৷ ঐতিহাসিকসকলৰ মতে খৃষ্টপূৰ্ব ৪৯০ তে এই মন্দিৰ নিৰ্মাণৰ পৰিকল্পনা কৰি ইলিচচ উপত্যকাৰ এই ঠাইখিনি দেৱী এথেনাৰ মন্দিৰ স্থাপনৰ বাবে ঠিক কৰা হৈছিল ৷ কাৰণ সেই উপত্যকাটো তেওঁলোকে পবিত্ৰ ঠাই আৰু দেৱী এথেনাই তাৰ পৰাই তেওঁলোকক চাই আছে বুলি বিশ্বাস কৰিছিল ৷ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ দহ বছৰ পিছত পাৰ্চীয়ানসকলৰ লগত যুদ্ধৰ বাবে কাম বন্ধ হোৱাৰ লগতে অৰ্ধ নিৰ্মিত মন্দিৰ ধবংস হয় ৷ আকৌ নতুনকৈ খৃষ্টপুৰ্ব ৪৪৭ত নতুনকৈ নিৰ্মাণৰ কাম আৰম্ভ কৰে ৷ ইমান বছৰ আগতে ইমান আধুনিক কলা কৌশলেৰে পাৰ্থেনন মন্দিৰ নিৰ্মাণ কৰা হৈছিল সেই কথা নেদেখিলে অনুমান কৰিব নোৱাৰি ৷ ভাবি আচৰিত লাগে ইমান বছৰ আগতে কেনেকৈ ইমান উন্নত পৰিকল্পনা আৰু ভাস্কৰ্যৰ পৰিচয় দিবলৈ সক্ষম হৈছিল ৷ ২০১৫ চনত পুৰাতত্ববিদ সকলে পৰ্যালোচনা কৰি কয় যে ইয়াৰ অৱয়ৱৰ ভূমিকম্প প্ৰতিৰোধী ক্ষমতাৰ বাবে আজিও এনেদৰে ঠিয় হৈ আছে ৷ বৰ্তমান ফ্ৰান্সৰ পাৰ্লিয়ামেন্ট, আমেৰিকাৰ চুপ্ৰিম কোৰ্ট পাৰ্থেননৰ আৰ্হিতে নিৰ্মাণ কৰা হৈছে ৷ ইউনেস্কো’ৱে  গ্ৰীচৰ পাৰ্থেনন মন্দিৰক ‘বিশ্ব ঐতিহ্য স্থান ’(World heritage site) হিচাপে অভিহিত কৰিছে ৷

            উল্লেখনীয় যে বহু সাহিত্যিক, দাৰ্শনিক– উদাহৰণ স্বৰূপে হিপোক্ৰেটিচ্‌ (Hihpocrates), হোমাৰ (Homer), চক্ৰেটিচ্‌ (Socrates), হিৰোড’টাচ্‌ (Herodotus), প্লেটো (Plato), এৰিষ্ট’টল (Aristotle), আৰ্কিমিডিচ আদিৰ দৰে  বহুতো বিখ্যাত যুগস্ৰষ্টাৰ জন্মও এই গ্ৰীচতেই ৷

            ইয়াৰ উপৰিও এথেন্সৰ চুকেকোণে মঠ-মন্দিৰ আৰু বিভিন্ন ঠাইৰ উপৰিও দৰ্শনাৰ্থীৰ বাবে বহুতো চাবলগীয়া আছে ৷ এটা কথা মন কৰিবলগীয়া গ্ৰীক বুৰঞ্জী পঢ়িলে আমাৰ যদিও আলেকজেণ্ডাৰৰ ভাৰত আক্ৰমণৰ কথা মনলৈ আহে, আমি যিবোৰ ঠাই ফুৰিলোঁ তাত আলেকজেণ্ডাৰৰ প্ৰভাৱ পৰিলক্ষিত নহ’ল ৷ আনকি বজাৰত স্মৃতি হিচাবে কিনিবলৈ পোৱা বিভিন্ন দেৱ-দেৱীৰ মূতিৰ্বোৰৰ মাজত আলেকজেণ্ডাৰৰ মূৰ্তি খুব কম দেখা পালোঁ ৷ ইয়াৰ কাৰণ হয়তো আলেকজেণ্ডাৰ মেচিড’নিয়াৰ আছিল বাবে ৷ মই আলেকজেণ্ডাৰৰ মূৰ্তি কিনিবলৈ দুখনমান দোকানত বিচৰাতহে উলিয়াই দিলে ৷ এথেন্সত আন এটা কথা মন কৰিবলগীয়া– এতিয়াও তাত পৌৰাণিক চাপ বিদ্যমান, আধুনিকতাৰ প্ৰভাৱ কম যেন অনুভৱ হ’ল ৷ আন চহৰৰ দৰে সুউচ্চ অট্টালিকা আদিও কম ৷ আজিও চৌদিশে জিউচ

(Zeus), এপলো (Apollo), আৰ্টেমিচ্‌ (Artemis), এথেনা (Athena) আদি দেৱ-দেৱীৰ প্ৰভাৱ সুস্পষ্ট ৷ মুঠতে এথেন্সৰ চুককোণ পুৰণি গ্ৰীচৰ ঐতিহ্যৰে সমৃদ্ধ ৷

            আমি তাৰ পৰা উভতি হোটেললৈ আহি কিছু সময় জিৰণি লৈ এথেন্সৰ বজাৰৰ পিনে ওলাই যাওঁ ৷ বজাৰ বিভিন্ন দেৱ-দেৱীৰ মূৰ্তিৰ লগতে ভ্ৰমণকাৰীক আকৰ্ষণ কৰিব পৰাকৈ বিভিন্ন সামগ্ৰীৰে ভৰা ৷ বজাৰৰ পৰা  দুই এপদ স্মৃতিৰ বাবে বস্তু কিনি পথৰ কাষতে ডাঙৰ ছাতিৰে সুন্দৰকৈ সজোৱা ৰেস্তোৰাঁ এখনত নিশাৰ আহাৰ কৰিবলৈ বহিলোঁ ৷ সেই সময়তে এহাল প্ৰায় ৮-১০ বছৰীয়া ল’ৰা-ছোৱালী  আমাৰ ওচৰলৈ আহি, হয়তো আমাৰ সাজ-পোচাকত ভাৰতীয় বুলি ধৰিব পাৰি একৰ্ডিয়ান (Accordion) বজাই হিন্দী গান গাই শুনালে ৷ এটা গান আছিল ‘তেজাৱ’ বোলছবিৰ ‘এক দো তিন’ আনটো অৱশ্যে মনত পৰা নাই ৷ এথেন্সৰ ল’ৰা-ছোৱালীৰ মুখত হিন্দী গান শুনি আচৰিত হোৱাৰ উপৰিও গৌৰৱো অনুভৱ হ’ল ৷ তেওঁলোকৰ লগত দুই এটা কথা পাতি আমাৰ লগতে খুৱাই উপহাৰ স্বৰূপে অলপ মাননি দি হোটেললৈ উভতিলোঁ ৷ এনে এখন ঐতিহাসিক ঠাইৰ সকলোবোৰ ভালদৰে চাবলৈ এদিন যথেষ্ট নহয় কিন্তু ভ্ৰমণত সময় ধৰাবন্ধা ৷  পিছদিনা নিৰ্ধাৰিত সূচী অনুসৰি  এথেন্সৰ পৰা চেন্টোৰিণি ( Santorini) অভিমুখে ৰাওনা হ’লোঁ ৷

এজিয়ান সাগৰৰ বৰ্ণনাতীত সৌন্দৰ্যৰ মাজেৰে চেন্টোৰিণিলৈ

            চৈধ্য অক্টোবৰত ৰাতিপুৱা ছয় বজাতেই আমাৰ যাত্ৰা চেন্টোৰিণিলৈ ৷ এজিয়ান সাগৰৰ চাইক্লেডছ (Cyclades) দ্বীপসমূহৰ ভিতৰত চেন্টোৰিণি অন্যতম ৷ এজিয়ান সাগৰৰ দক্ষিণ-পূব দিশত অৱস্থিত গ্ৰীক দ্বীপসমূহৰ এটা গোটক চাইক্লেডছ বুলি কোৱা হয় ৷ খৃষ্টপূৰ্ব ষোড়শ শতিকাতে আগ্নেয়গিৰি উদ্‌গীৰণৰ ফলত এই দ্বীপৰ সৃষ্টি হৈছিল ৷ গ্ৰীচৰ সকলো দ্বীপৰ ভিতৰত চেন্টোৰিণি আটাইতকৈ বিখ্যাত আৰু পৰ্যটকৰ অতি প্ৰিয় ৷ ইয়াৰ মূলতে হৈছে এই দ্বীপৰ সৌন্দৰ্য পৃথিৱীৰ আন দ্বীপসমূহৰ তুলনাত অদ্বিতীয় ৷ নিৰ্ধাৰিত সময়সুচীমতে আমি আটায়ে সাজু হৈ পাইথাগোৰিয়ান হোটেলৰ অভ্যৰ্থনা কক্ষলৈ আহিলোঁ ৷  ইমান সোনকালে হোটেলৰ ব্ৰেকফাষ্ট  নহয় ৷ সেয়ে হোটেল কৰ্তৃপক্ষই আমাক বন, কেক্‌, কণী, কোল্ডড্ৰিঙ্ক, দুবিধমান ফলৰ সৈতে  সুন্দৰকৈ পেকেট কৰি প্ৰত্যেকৰ হাতত দিলে ৷ ট্ৰেভেল এজেন্সিৰ গাড়ী সময়তে আহি আমাক এথেন্সৰ পাইৰিয়াচ (Piraeus) পোৰ্টলৈ লৈ যায় ৷ ব্লু-ষ্টাৰ ফেৰীৰে আমাৰ যাত্ৰা চেন্টোৰিণি অভিমুখে ৷ নিজৰ নিজৰ বয়-বস্তু কঢ়িয়াই অগ্ৰসৰ হ’লোঁ জাহাজলৈ ৷ জাহাজত সোমাই সোঁহাতে বয়-বস্তু ৰাখিবলৈ সুন্দৰ ব্যৱস্থা আৰু বাওঁফালে ওপৰলৈ উঠি যাবলৈ খট্‌খটিৰ উপৰিও এস্কেলেটৰৰ ব্যৱস্থাও আছে ৷ আমি জাহাজৰ ওপৰলৈ উঠি গৈ বাহিৰৰ দৃশ্য উপভোগ কৰিব পৰাকৈ বহিলোঁ ৷ প্ৰায় দুই হেজাৰৰো অধিক বিভিন্ন দেশৰ ভ্ৰমণকাৰীৰ উপৰিও কিমান গাড়ী জাহাজত উঠিছে সেয়া অনুমান কৰা সম্ভৱ নহয় ৷ নিৰ্ধাৰিত সময় ঠিক সাত বাজি পঁচিশ মিনিটত আমাৰ জাহাজে চেন্টোৰিণি অভিমুখে যাত্ৰা আৰম্ভ কৰে ৷ এথেন্সৰ পৰা চেন্টোৰিণিলৈ বিমানৰ সেৱাও উপলব্ধ, মাত্ৰ ৪৫ মিনিটতে পোৱা যায় ৷ কিন্তু জাহাজেৰে গৈ যি সৌন্দৰ্য উপভোগ কৰা যায় বিমানেৰে গ’লে সেই নয়নাভিৰাম দৃশ্যৰ পৰা বঞ্চিত হ’ব লাগিব ৷ জাহাজৰ যাত্ৰাৰ অভিজ্ঞতাই সুকীয়া ৷

            জাহাজৰ ভিতৰখন অত্যাধুনিককৈ সজোৱা ৷ আঠ মহলীয়া জাহাজখনৰ তলৰ পাঁচটা মহলা গাড়ী আৰু বয়বস্তু কঢ়িওৱাৰ বাবে ব্যৱহূত, বাকী তিনিটা মহলাহে যাত্ৰীৰ বাবে ৷ প্ৰায়বোৰ আসনৰ সন্মুখত  সুন্দৰকৈ সজোৱা ঘূৰণীয়া টেবুল, মাজভাগত আটকধুনীয়া ৰেস্তোৰাঁ ৷ আমি হোটেলৰ পৰা দিয়া ব্ৰেকফাষ্ট খাই জাহাজৰ ডেকলৈ ওলাই গ’লোঁ ৷ ডেকতো সুন্দৰকৈ চকী, টেবুল সজাই থোৱা আছে ৷ আমাৰ সৌভাগ্য বুলিয়েই ক’ব লাগিব বতৰ ফৰকাল আছিল ৷ বতৰ ডাৱৰীয়া হ’লে এটি সুন্দৰ  যাত্ৰা উপভোগ কৰাৰ পৰা বঞ্চিত হ’লোহেঁতেন ৷ যাত্ৰীৰ উঠা-নমাৰ বাবে মাজতে  পাৰ’ছ (Paros) আৰু নাক্সোছ (Naxos) নামৰ দুটা দ্বীপত অলপ সময়ৰ বাবে জাহাজ ৰৈছিল ৷

             চেন্টোৰিণি  সৰু ডাঙৰ দুশটামান দ্বীপেৰে গঠিত যদিও কেইটামান দ্বীপতহে মানুহৰ বসতি আছে ৷ প্ৰায় তিনিশ-কিলোমিটাৰ দূৰত্বৰ এজিয়ান সাগৰৰ গাঢ় নীলা পানীৰ মাজেৰে আমাৰ যাত্ৰা আজিও মনত জল-জল পট-পটকৈ চকুৰ আগত ভাঁহি আছে ৷ আমি যিমানেই এথেন্সৰ পৰা এজিয়ান সাগৰেৰে আগুৱাই গৈছোঁ সিমানেই যেন প্ৰকৃতিৰ সৌন্দৰ্য বাঢ়ি গৈছে ৷ দূৰত দেখিবলৈ পাইছো সাগৰৰ মাজত  গছ-গছনি নোহোৱা ক’লা-ৰঙা পাহাৰ সদৃশ দ্বীপ সমূহ, তাৰ ওপৰত সূৰুযৰ সোণালী আভা ৷ মাজে মাজে আকৌ আঁতৰৰ পৰা এনে লাগে যেন কোনো সুন্দৰী গাভৰুৱে¸  পিন্ধি থকা  বগা দীঘল সাজজোৰ মেলি বহি  পাহাৰৰ ওপৰৰ পৰা সাগৰৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিছে ৷ এইবোৰেই হৈছে মানুহৰ বসতি থকা দ্বীপসমূহ ৷ আগ্নেয়গিৰি উদ্‌গীৰণৰ ফলত লাভাৰে উৎপত্তি হোৱা বাবেই এই দ্বীপ সমূহৰ ৰং ক’লা-ৰঙা আৰু গছ-গছনিৰ বাবে অনুপযোগী ৷  আগতে বহুবাৰ সাগৰ দেখিছোঁ যদিও এজিয়ান সাগৰৰ দৰে গাঢ় নীলা ৰং আগতে দেখা মনত নপৰে ৷ তাৰোপৰি সেই পানীত সূৰুযৰ উৰ্মিল নৃত্যৰ দৃশ্য  লিখি প্ৰকাশ কৰিব নোৱাৰি মাথোঁ অনুভৱ কৰিব পাৰি ৷ জাহাজ চলি থকাৰ মাজতে সুন্দৰ পোছাক পৰিহিত ছোৱালী দুজনীমানে যাত্ৰীসকলৰ মাজলৈ গ্ৰীচৰ স্থানীয় পিঠা এবিধ বিক্ৰী কৰিবলৈ আনে ৷ আমিও সেই পিঠাৰ সোৱাদ ল’লোঁ যদিও খাবলৈ সোৱাদ লগা নাছিল ৷

             এথেন্সৰ পৰা চেন্টোৰিণিলৈ প্ৰায় তিনিশ কিলোমিটাৰ ৷ এই দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰায় চাৰে-সাত ঘণ্টা সময়ৰ প্ৰয়োজন হ’ল যদিও অতি সুন্দৰ আৰু জীৱনত পাহৰিব নোৱৰা অমূল্য সময় অতিবাহিত কৰিলোঁ ৷ চেন্টোৰিণি পোৱাৰ বিশ মিনিট মান আগতে আঁতৰৰ পৰা দেখিলোঁ ক’লা-ৰঙা পাহাৰৰ ওপৰত বগা বগা ঘৰ, যেন এটা ঘৰৰ গাত  আনটো লাগি আছে ৷ মাজে মাজে দুই এটা  ঘৰৰ ওপৰৰ অংশ নীলা ৰঙৰ, যেন সপোনপুৰীহে ৷  জাহাজৰ পৰা দেখা মনোমুগ্ধকৰ দৃশ্য ভাষাৰে বৰ্ণনা কৰা মোৰ পক্ষে সম্ভৱ নহয় ৷ দিনৰ প্ৰায় আঢ়ৈ-বজাত আমি চেন্টোৰিণি পালোঁ ৷

            চেন্টোৰিণি হৈছে অসমান, পাহাৰীয়া আৰু শিলাময় (Ragged Landscape), ফিৰা (Fira) আৰু ওয়া (Oia) নামৰ দুখন সৰু চহৰেৰে গঠিত ৷ দীঘলে মাত্ৰ ১৮ কিলোমিটাৰমান ৷ বিচ্ছ সমূহ ক’লা, ৰঙা মাজে মাজে বগা লাভাৰে পৰিপূৰ্ণ ৷ ঘৰবোৰ ঘনক আকাৰৰ (cubiform) ৷ জাহাজৰ পৰা নামি আমাৰ বাবে ৰৈ থকা গাড়ীৰে ‘ফিৰা’ চহৰৰ ‘মেলিনা’ হোটেললৈ যাওঁ ৷ পোৰ্টৰ পৰা চহৰলৈ যোৱাৰ সময়ত ওপৰৰ পৰা তললৈ দেখা দৃশ্য প্ৰকৃতিৰ এক অনুপম সৃষ্টি ৷

            হোটেলত অলপ ফ্ৰেচ্‌ হৈ জিৰণি লৈ হোটেলৰ অলপ আঁতৰত থকা ডাকোট্ৰচ ট্ৰেভেল (Dakoutros travel) এজেন্সিলৈ যাওঁ ৷ পিছদিনা অৰ্থাৎ পোন্ধৰ অক্টোবৰত এই এজেন্সিৰ জৰিয়তে চেন্টোৰিণিৰ দৰ্শনীয় ঠাইবোৰ চাবলৈ যোৱাৰ বন্দৱস্ত কৰিবলৈ ৷ যোৱাৰ সকলো ঠিক হোৱাত নিশাৰ আহাৰৰ বাবে  ভাৰতীয় ৰেস্তোৰাঁৰ সন্ধান কৰি জানিব পাৰিলোঁ– আছে যদিও কিছু আঁতৰত, খোজকাঢ়ি যাব নোৱাৰি তালৈ যাবলৈ টেক্সি ল’ব লাগিব ৷ নতুন ঠাই, সকলো অচিনাকি, দূৰলৈ যাবলৈ আটাইৰে মনৰ মাজত ভয় জাগিছিল যদিও  স্বদেশৰ পৰা যোৱাৰ পৰা ভাত  নোখোৱা বাবে এজনেও নাযাওঁ বুলি নক’লোঁ ৷ ৰুটি, বাৰ্গাৰ য’তে যি পাইছোঁ খাইছোঁ যদিও ভাত সাঁজৰ দৰে একো নহয় যেনেই লাগে ৷ ভাৰতীয় ৰেস্তোৰাঁ বুলি শুনি তাত যে ভাত পাম সেইটো আটায়ে নিশ্চিত আছিলোঁ ৷ সেয়ে টেক্সি এখনেৰে ৰেস্তোৰাঁখনলৈ গৈ তৃপ্তিৰে ভাতসাঁজ খালোঁ ৷ ৰেস্তোৰাঁখনৰ মালিক ৰাজস্থানৰ, তেওঁ অসমৰ পৰা যোৱা বুলি জানিব পাৰি আমাক খুব আদৰ-সাদৰ কৰাৰ উপৰিও উভতি অহাৰ বাবে টেক্সিও ঠিক কৰি দিলে ৷  বিদেশত আপোন কাৰোবাক  লগ পোৱা যেনেই লাগিল ৷ তেওঁৰ পৰা জানিব পাৰিলোঁ যে বহুতো বিদেশী পৰ্যটকেও ভাৰতীয় আহাৰৰ সোৱাদ লবলৈ তেওঁৰ হোটেললৈ আহে ৷ 

            পিছদিনা ৰাতিপুৱা আমি ফিৰাৰ মূল চহৰৰ পৰা  এজেন্সিৰ গাড়ীৰে ফিৰাৰ পুৰণি পোৰ্টলৈ যাওঁ ৷ চেন্টোৰিণিৰ কাষৰ  দ্বীপসমূহলৈ যোৱাৰ বাবে জাহাজ নচলে ৷ নাৱৰ ব্যৱস্থাহে আছে ৷ ব্ৰহ্মপুত্ৰত চলা ফেৰীৰ দৰেই ৷ পোৰ্টৰ পৰা মাত্ৰ ত্ৰিশ মিনিট মান যোৱাৰ পিছতে প্ৰথমতে আমাক নি-কামেনি (Nea kameni) দ্বীপৰ আগ্নেয়গিৰিলৈ নিয়ে ৷ এই দ্বীপ চাবলৈ প্ৰায় দুঘণ্টা সময় দিলে ৷ নাৱৰ পৰা নামি আমি টিকট কাউন্টাৰৰ পৰা টিকট লৈ (প্ৰতিটো টিকটৰ মূল্য ২.৫ ইউৰো) জ্বালামুখী চাবলৈ আগবাঢ়িলোঁ ৷ প্ৰায় তিনি কিলোমিটাৰ মান খোজ কাঢ়ি যাব লাগে ৷ এই আগ্নেয়গিৰি সৃষ্টিৰ আৰম্ভণিৰ পৰা বহুবাৰ উদ্‌গীৰণ হৈ ১৯৫০ চনত শেষৰ বাৰ উদ্‌গীৰণৰ পাছত আজিও সুপ্ত অৱস্থাতে আছে ৷ আমাৰ লগত যোৱা গাইডজনে আমাক আগ্নেয়গিৰিৰ ইতিহাসৰ বিষয়ে কৈ গৈছিল ৷ এই দ্বীপ আগ্নেয়গিৰি উদ্‌গীৰণৰ ফলত উৎপত্তি হোৱা বাবে বিভিন্ন আকৃতিৰ সৰু-ডাঙৰ লাভাৰ টুকুৰাৰে গঠিত ওখ-চাপৰ গছ-গছনি নথকা শিলৰ পাহাৰ ৷ ক’ৰবাত ধৰি পাহাৰ বগাবলৈ  একো নাই ৷ অঞ্জলি বাইদেউৰ আঠুৰ বিষ, পাহাৰ বগাবলৈ কষ্ট পায়, ৰুমাও ভয়ে ভয়ে খুপি খুপি মাজে মাজে মোৰ হাতত ধৰি আমি কিছু দূৰ আগবাঢ়িলোঁ ৷ খোজ কঢ়া, আনহাতে মূৰৰ ওপৰত প্ৰখৰ ৰ’দ, তাৰোপৰি সাগৰীয় বতাহ, কিছুদূৰ আগুৱাই আমি তিনিওজনী আৰু আগলৈ নোযোৱা ভাল হ’ব বুলি ৰৈ দিলোঁ ৷ আমাৰ লগতে যোৱা আৰু কিছু ভ্ৰমণকাৰীও আমাৰ নিচিনাকৈ ৰ’বলৈ বাধ্য হ’ল যদিও বেছি ভাগেই জ্বালামুখী (crater) চাবলৈ গ’ল ৷ তেওঁলোক উভতি অহালৈ আমি অপেক্ষা কৰিলোঁ আধা বাটতে ৷ পিছত এওঁ তোলা ফটোকে চাই সান্তনা ল’লোঁ ৷ আজিও মনৰ মাজত দুখ থাকিল ইমান ওচৰলৈ গৈও সুপ্ত আগ্নেয়গিৰিৰ উৎপত্তি স্থল চাব নোৱাৰিলোঁ ৷

            আগ্নেয়গিৰি চাই আটাইবোৰ উভতি অহাৰ পিছত  আমাৰ নাওঁ অগ্ৰসৰ হ’ল সেই দ্বীপৰে  আগ্নেয়গিৰি পাহাৰখনৰ আনফালে থকা নি-কামেনি হট স্প্ৰিঙ (Nea kameni  hot spring) লৈ ৷ এই  হট স্প্ৰিঙৰ  বিশেষত্ব হ’ল সাগৰৰ মাজত কিছু অংশৰ পানীৰ ৰং ৰঙা আৰু পানীৰ উষ্ণতা ৩০ ৰ পৰা ৩৫ ডিগ্ৰী চেলচিয়াচ ৷ ভাবিলে আচৰিত লাগে এই পানী সাগৰৰ পানীৰ লগত লগ হৈ আছে ৷ মাজতে পানী উষ্ণ আৰু ৰঙা ৷ এইখিনিয়েই গ্ৰীচৰ জনাজাত মাড বাথ (Mud bath) ৷ প্ৰকৃততে আগ্নেয়গিৰি আজিও সুপ্ত হৈ থকা বাবেই ইয়াৰ উৎপত্তি ৷  এই স্থানত নাৱৰ ওপৰৰ পৰাই বহুতে জঁপিয়াই সাঁতোৰা আমি নাৱৰ পৰাই উপভোগ কৰিলোঁ ৷ ত্ৰিশ মিনিট সময়ৰ বাবে নাওখন তাত ৰয় ৷ সেইখিনি ঠাই পোৱাৰ আগতে যিসকলে সাঁতুৰিম বুলি যায় নাৱতে সাঁতোৰাৰ বাবে উপযোগী কাপোৰ পিন্ধি লয় আৰু ঠাইখিনি পোৱাৰ লগে লগে নাৱৰ পৰাই পানীত জঁপিয়াই দিয়ে ৷ এক সুন্দৰ চাবলগীয়া দৃশ্য ৷ সাঁতোৰা হ’লে নাৱতে বহি গা শুকুৱায় ৷ তাৰ পৰা আমাক থিৰাছিয়া (Thirassia)  দ্বীপলৈ নিয়ে ৷ তাত প্ৰায় দু-ঘণ্টা সময় নিজৰ মতে ঘূৰা-ফুৰাৰ বাবে দিলে৷ সুন্দৰ বিচ্ছ, ঠেক পথেৰে ওপৰলৈ উঠি গ’লে  স্থানীয় গাঁৱলৈ যাব পাৰি ৷ খোজকাঢ়ি  যাবলৈ অসুবিধা পালে গাধৰ পিঠিত উঠি যোৱাৰ ব্যৱস্থাও আছে ৷ দুপৰীয়াৰ আহাৰৰ বাবে গ্ৰীচৰ স্থানীয় সুস্বাদু খাদ্য পোৱা যায় ৷ আমিও ৰেস্তোৰাঁ এখনত গ্ৰীচৰ স্থানীয় আহাৰৰ সোৱাদ ল’লোঁ ৷ ইতিমধ্যে আমাৰ ওভতনি যাত্ৰাৰ সময় হৈ আহিল  ৷ উভতি অহাৰ পথত পৰ্যটকৰ অতি প্ৰিয় ওয়া (Oia) চহৰৰ পৰা সূৰ্যাস্তৰ অনুপম দৃশ্য চাবলৈ যিসকলে ইচ্ছা কৰে নমাই দিয়ে ৷ সূৰ্যাস্তৰ এই বিৰল সুন্দৰ দৃশ্য চাবলৈ ওয়া দ্বীপৰ শীৰ্ষত হাজাৰ হাজাৰ মানুহ সমাগম হয় যদিও আমি তালৈ নগ’লোঁ ৷ সাগৰৰ পৰা প্ৰায় দুশটা মান চিৰি বগাই ওপৰলৈ উঠিব লাগে ৷ অৱশ্যে গাধৰ পিঠিত উঠি ওপৰলৈ যোৱাৰ লগতে Rope way ৰ  ব্যৱস্থাও আছে  ৷  দীঘলীয়া শাৰী দেখি কোনো এটাও আমাৰ বাবে সুবিধাৰ নহ’ব বুলি ভাবি আমি ফিৰালৈ উভতি আহিলোঁ ৷ সন্ধিয়া আমি চিটিবাছেৰে কামাৰি ব্লেক বিচ্চ (Kamari Black beach) লৈ গৈ এটি সুন্দৰ সন্ধিয়া উপভোগ কৰি আকৌ চিটিবাছেৰে উভতি আহিলোঁ ৷ এই বিচ্চখনৰ বালি আৰু শিল ক’লা ৰঙৰ ৷ অতি সুন্দৰকৈ বিভিন্ন ধৰণে সজোৱা সাগৰৰ তীৰত নাইট-লাইফ (Night life) ৰ বাবে জনাজাত এই বিচ্চ ৷ ইয়াৰ উপৰিও ৰেড বিচ্চ (Red  beach), পেৰিছা বিচ্চ (Perissa beach) ইত্যাদি বিভিন্ন বিচ্চ আছে যিবোৰ পৰ্যটকৰ মুখ্য আকৰ্ষণ ৷

‘আইলেণ্ড অব উইণ্ড’ মিক’নচ (Myconos)

            পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি ষোল্ল অক্টোবৰত চেণ্টোৰিণিৰ পৰা আমাৰ যাত্ৰা গ্ৰীচৰ আন এটি পৰ্যটকৰ আকৰ্ষণীয় তথা জনপ্ৰিয় দ্বীপ মিক’নচলৈ ৷ ৰাতিপুৱা কিছু সময় থকা বাবে সকলো বয়-বস্তু সাজু কৰি থৈ ‘ফিৰা’ চহৰখন চাবলৈ ওলাই গ’লোঁ ৷ খোজকাঢ়ি অলিয়ে-গলিয়ে ফিৰা চহৰৰ সৌন্দৰ্য উপভোগ কৰি হোটেললৈ উভতি অহা লৈ আমাৰ মিক’নচলৈ যোৱাৰ সময় হ’ল ৷ এঘাৰ বজাত গাড়ী আহি হোটেলৰ পৰা চেন্টোৰিণিৰ এথিনিওচ (Athinios) পোৰ্টত আমাক নমাই দিলে ৷ চি-জেট (Sea Jet) ফেৰী সেৱাৰে ১২.৪৫ বজাত আমাৰ যাত্ৰা  মিক’নচ অভিমুখে ৷ সেই একেই নয়নাভিৰাম সাগৰীয় দৃশ্যৰ মাজেৰে আঢ়ৈ-ঘণ্টা যাত্ৰাৰ অন্তত মিক’নচৰ পোৰ্টত আমাৰ ফেৰী ৰয় ৷ মিক’নচ পোৰ্টৰ পৰা আমাক লৈ যায় হোটেল ‘কামাৰি’ লৈ ৷ সেইদিনা আমি বাহিৰলৈ ওলাই নগ’লোঁ, হোটেলতে জিৰণি ল’লোঁ ৷

            গ্ৰীচৰ প্ৰচলিত নিয়ম অনুসৰি দ্বীপৰ বৃহত্তম চহৰখনৰ নামেৰেই দ্বীপৰ নামকৰণ কৰা হয় ৷ বিশ্ব প্ৰশংসিত মিক’নচ দ্বীপটো দক্ষিণ এজিয়ান সাগৰৰ চাইক্লেডছ (Cyclades) দ্বীপসমূহৰে অংশ ৷ টিনোছ, চাইৰ’ছ, নাক্সোছ আৰু পাৰ’ছৰ মাজত অৱস্থিত ৷ মিক’নচৰ কাষতে সৰু কিন্তু ঐতিহাসিক ভাৱে সমৃদ্ধ দ্বীপ ডেলছ, যিটো প্ৰাচীন গ্ৰীচৰ প্ৰত্নতাত্ত্বিক স্থানসমূহৰ ভিতৰত অন্যতম ৷

              গ্ৰীচৰ দ্বীপসমূহৰ ভিতৰত মিক’নচ পৰ্যটকৰ অতি বেছি আকৰ্ষণ হোৱাৰ কাৰণ হ’ল ইয়াৰ প্ৰকৃতিৰ মনোৰম দৃশ্য, আটক ধুনীয়া বিচ্চ, গ্ৰীচৰ সুস্বাদু স্থানীয় খাদ্যৰ উপৰিও আটাইতকৈ বেছি জনপ্ৰিয় ইয়াৰ ‘নাইট লাইফ’৷ যদিও নাইট লাইফ বুলি কোৱা হয়, দুপৰীয়াৰ পৰা আৰম্ভ হৈ নিশাৰ শেষ ভাগলৈ চলে নাচ-গান, উচ্চ ধবনি সংগীত ৷ গ্ৰীষ্মকালত এই দ্বীপত অনুষ্ঠিত অবিস্মৰণীয় পাৰ্টি পৰিৱেশ আৰু স্পন্দনশীল নৃত্য শৈলীয়ে  বিশ্বজুৰি দৃষ্টি আকৰ্ষণ কৰি আহিছে ৷ মিক’নচৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু সুন্দৰভাৱে সংৰক্ষিত স্থাপত্যই বিভিন্ন শিল্পীক অনুপ্ৰাণিত কৰিছে ৷ চিনেমাটোগ্ৰাফাৰ আৰু চিত্ৰশিল্পীৰ পৰা আৰম্ভ কৰি ফ্লিট ফক্সৰ দৰে মিউজিক বেণ্ডলৈকে, যিয়ে মিক’নচ নামৰ এটা সুন্দৰ গীত লিখিছিল ৷ বহুতো বিখ্যাত চিনেমাৰ চিত্ৰগ্ৰহণ এই দ্বীপত কৰা হৈছে ৷ 

            গ্ৰীচৰ পৌৰাণিক আখ্যান মতে গ্ৰীকসকলৰ দেৱতা এপ’লৰ  (Apollo)  নাতি ‘মিক’নচৰ নামেৰে এই দ্বীপৰ নাম মিক’নচ ৰখা হয় ৷ হাৰকিউলিচে দৈত্যসকলক বধ কৰি জয়লাভ কৰাৰ পিছত দৈত্যসকলৰ মৃতদেহবোৰ গেলি-পঁচি  শিললৈ পৰিৱৰ্তন হৈ এই দ্বীপৰ উৎপত্তি হোৱা বুলি গ্ৰীকসকলে বিশ্বাস কৰে ৷ সকলো সময়তে সোঁ-সোঁৱাই বতাহ বলি থাকে বাবে মিক’নচক ‘আইলেণ্ড অব উইণ্ড’ (The island of wind) বুলিও কয় ৷ সন্ধিয়া বতাহৰ প্ৰাৱল্য যথেষ্ট বেছি হয় ৷ 

             মিক’নচত আমাৰ কোনো নিৰ্ধাৰিত ভ্ৰমণসূচী নাছিল, সৰু দ্বীপ বাবে নিজৰ মতেই ফুৰা-চকাৰ বাবে সময় ৰাখিছিলোঁ ৷ পিছদিনা অৰ্থাৎ সোতৰ অক্টোবৰতে হোটেল কৰ্তৃপক্ষৰ পৰা জানিব পাৰিলোঁ যে তেনেই সৰু দ্বীপটোত গাড়ী বা কেব লোৱাৰ প্ৰয়োজন নাই ৷ হোটেলৰ গেটৰ সন্মুখত বাছত উঠি মিক’নচৰ মূল চহৰত নামি তাৰ পৰা নিজৰ ইচ্ছা অনুযায়ী ফুৰিব পাৰি ৷ তেওঁলোকৰ কথামতে আমি বাছেৰেই গ’লোঁ ৷ বাছৰ পৰা নামি অলপ আগুৱাই তললৈ গ’লেই  সাগৰৰ সুন্দৰ দৃশ্যৰ লগতে সাগৰৰ ঢৌৱে বিল্ডিঙৰ দেৱালত খেলি থকা দৃশ্য ৷ এই ঠাইখিনিক লিট্‌ল ভেনিচ (Little Venice) বুলি কোৱা হয় ৷ মিক’নচত আন এটা প্ৰসিদ্ধ চাবলগীয়া বস্তু হ’ল ইয়াৰ বায়ুকল (Windmill) সমূহ ৷ মাইক’নচত  বৰ্তমান  মুঠ ষোল্লটা বায়ুকল আছে, যিবোৰ  মিক’নচৰ সকলো ঠাইৰ পৰাই দেখিবলৈ পোৱা যায় ৷ তাৰ সাতটা ছ’ৰা (Chora) অঞ্চলত আৰু বাকী কেইটা আলেফকান্দ্ৰা (Alefkandra) জাহাজঘাটত ৷ বায়ুকলসমুহ ষষ্ঠদশ শতিকাতে নিৰ্মিত ৷ ঘূৰি- পাকি থাকোঁতেই এখন দোকানত কিবা কিনো বুলি সোমালোঁ ৷ দোকানৰ মালিক বাংলাদেশৰ, বহু বছৰৰ পৰাই  তাত আছে ৷ ভাল লাগিল তেখেতক লগ পাই ৷ এনে লাগিল যেন অজান ঠাইত চিনাকি এজনক হে লগ পালোঁ ৷ তেখেতৰ লগত কথা পাতি তাৰ পৰা ওলাই আমি বাছেৰে পেৰাডাইজ (Paradise) বিচ্চলৈ যাওঁ ৷ পেৰাডাইজ আৰু চুপাৰ পেৰাডাইজ বিচ্চ মিক’নচ ভ্ৰমণকাৰীৰ মূল আকৰ্ষণ হোৱাৰ কাৰণ হ’ল তাত থকা বাৰ (Bar), ক্লাব, নাইট লাইফ (Night Life), DJ আদিৰ বাবে ৷ বিচ্চ ইমান সুন্দৰকৈ সজোৱা আৰু প্ৰকৃতিৰ সুন্দৰ সৃষ্টি, বৰ্ণনাৰ উদ্ধৰ্ত ৷ এনে সুন্দৰ পৰিবেশত গোটেই দিন বহি সময় অতিবাহিত কৰিলেও হেঁপাহ  নপলায় ৷ প্ৰায় তিনিঘণ্টা সময় উপভোগ কৰিলোঁ এজিয়ান সাগৰৰ নয়নাভিৰাম দৃশ্য ৷ তথাপিও যেন ৰৈ গ’ল বহু হেঁপাহ…৷

            বিচ্চ পৰা উঠি আহোঁতে পাছলৈ ঘূৰি চাই দেখিলোঁ নীলিম এজিয়ান সাগৰৰ ৰূপালী ঢৌবোৰে আমাক বিদায় সম্ভাষণ জনাবলৈ এটাৰ পাচত এটাকৈ বিচ্চ ফালে আহি আছে ৷ ওচৰ চাপি অহা লহৰৰ মাজত ভূপেনদাৰ গীতৰ কলিটো কাণত বাজি উঠিল, ‘ৰিঙিয়াই ক’লে মোক কিছু বেলি ৰবি, উভতিয়ে গৈ তই অসমীকে কবি ৷’ গ্ৰীচৰ দৰে প্ৰাচীন সৰু অথচ মোহময় দেশখন এৰাৰ সময় সমাগত হোৱাৰ বেজাৰত চকুদুটি সেমেকি উঠিল ৷ অজানিতে বিদায় সম্ভাষণৰ ভংগীত হাতদুখন নিজে নিজে ওপৰলৈ উঠিল ৷ অস্ফুট মাতেৰে দুটা মাত্ৰ শব্দ মুখৰ পৰা ওলাই আহিল, ‘বিদায় এজিয়ান !’ কিছু সময় নিশ্চল হৈ থাকি অনিচ্ছাসত্বেও সাগৰলৈ পিঠি দি বাছৰ ফালে আগবাঢ়িলোঁ ৷

            ওঠৰ অক্টোবৰত আমাৰ ওভতনি যাত্ৰা মিক’নচৰ পৰা  এথেন্সলৈ ৷ দিনৰ এক বজাত হোটেলৰ পৰা আমাক পোৰ্টলৈ নিয়াৰ সময়, কিছু সময় থকা কাৰণে মই অকলে ওলাই  গৈ হোটেলৰ কাষৰ প্ৰকৃতিৰ মনোৰম দৃশ্য কিছু কেমেৰাত বন্দী কৰিলোঁ ৷ এনে লাগে প্ৰতিটো দৃশ্যই যেন বন্দী কৰিম কেমেৰাত ৷ দুপৰীয়া ২.১৫ বজাত আমাৰ জাহাজে এথেন্সলৈ  যাত্ৰা আৰম্ভ কৰে ৷ পাঁচ ঘণ্টা  ত্ৰিশ মিনিট জোৰা একেই সাগৰীয় যাত্ৰাৰ অন্তত সন্ধিয়া ৭.৪৫ বজাত আহি এথেন্স পাওঁ ৷  পাইথাগোৰিয়ন হোটেলতে নিশাটো কটালোঁ ৷ পিছদিনা ১৯ অক্টোবৰত আমাৰ বিমানৰ সময় সন্ধিয়া ছয় বজাত যদিও আমি হোটেলৰ পৰা আঢ়ৈ বজাতেই আহি এথেন্সৰ এয়াৰপোৰ্ট পাওঁ ৷ নিৰ্ধাৰিত সময়তেই এমিৰেটচ্‌ বিমান সেৱাৰে ডুবাইলৈ উৰা মাৰোঁ ৷ প্ৰায় ৩ঘণ্টা ৩০ মিনিট উৰণৰ শেষত ডুবাইৰ স্থানীয় সময় নিশা এঘাৰ বজাত ডুবাই এয়াৰপোৰ্টত অৱতৰণ কৰোঁ ৷ ডুবাই এয়াৰপোৰ্টত তিনি ঘণ্টা মান অপেক্ষাৰ অন্তত পিছদিনা ৰাতিপুৱা প্ৰায় চাৰি বজাত দিল্লী অভিমুখে আহি বিছ অক্টোবৰত ভাৰতৰ স্থানীয় সময় ন বজাত দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় এয়াৰপোৰ্টত আমাৰ  বিমানে অৱতৰণ কৰে ৷ দিল্লীৰ পৰা বিমানৰ সময় আবেলি পাঁচ বজাত বাবে  RTS হোটেললৈ গৈ কিছু সময় জিৰণি লৈ গুৱাহাটীলৈ উৰা মাৰিলোঁ বহু পাহৰিব নোৱৰা স্মৃতি বুকুত সাবটি ৷

            আমি ভ্ৰমণ কৰা আন ঠাইসমূহতকৈ গ্ৰীচখন বহুত বেলেগ যেন অনুমান হ’ল ৷ গ্ৰীচৰ বৈশিষ্ট্যবোৰৰ ভিতৰত এটা মন কৰিবলগীয়া বৈশিষ্ট্য হ’ল মানুহৰ বসতি থকা দ্বীপসমূহৰ ঘৰবোৰ ৷ ১৯৩০ চনতে ঘৰবোৰ বগা ৰং দিয়া বাধ্যতামুলক আছিল যদিও ১৯৬৭ চনৰ পৰা চৰকাৰে ঘৰবোৰত বগা আৰু নীলা ৰং কৰাৰ আইন প্ৰৱত্তৰ্ন কৰে ৷ দ্বীপসমূহৰ ঘনাকাৰ ঘৰবোৰ দূৰৰ পৰা দেখিবলৈ দ’ম কৰি থোৱা sugarcube ৰ নিচিনা ৷ ঘৰৰ মাজৰ পথবোৰ তেনেই ঠেক, খোজ কাঢ়িহে চলাফুৰা কৰিব পাৰি ৷

             যিসকল ভ্ৰমণ বিলাসী তেওঁলোকে এবাৰ গ্ৰীচ ভ্ৰমণ কৰা ভাল বুলি ভাবোঁ ৷ যদিও খাদ্যাভ্যাস সম্পূৰ্ণ সুকীয়া, স্বাস্থ্যৰ বাবে হানিকাৰক নহয় ৷ প্ৰায় ভাগ ৰন্ধনতে জলফাই ব্যৱহাৰ কৰে ৷ গ্ৰীকসকলে কোনোবাই সহায় বিচাৰিলে আগবাঢ়ি আহি সহায় কৰিবলৈ ভাল পায় ৷ গ্ৰীকৰ বাহিৰে আন মানুহৰ মুখত গ্ৰীকভাষা শুনিলে বৰ গৌৰৱ অনুভৱ কৰে ৷ সেয়ে আমি দুটা গ্ৰীক শব্দ শিকি লৈছিলোঁ ৷ ‘Kalimera’ অৰ্থাৎ Good morning আৰু ‘Efcharisto’ অৰ্থাৎ Thank you ৷ তেওঁলোকৰ মাত-কথা অলপ ৰুক্ষ যদিও বন্ধুত্বসুলভ,¸ ভ্ৰমণকাৰীৰ প্ৰতি সহূদয় আৰু সহায় কৰাৰ মনোভাবাপন্ন ৷ সকলো বয়সৰ ভ্ৰমণকাৰীৰ বাবেই গ্ৰীচ আকৰ্ষণীয় ৷ ইয়াৰ ইতিহাস আৰু প্ৰকৃতিৰ মনোমোহা দৃশ্যাৱলীৰ উপৰিও সুন্দৰ বিচ্ছ আৰু ¸নাইট লাইফে ডেকা-গাভৰুসকলক যথেষ্ট আকৰ্ষণ কৰে ৷ প্ৰকৃততে গ্ৰীচ এনে এখন ঠাই যিখনে প্ৰথম দেখাৰ লগে লগে যিকোনো বয়সৰ পৰ্যটককে মুগ্ধ কৰে অৰ্থাৎ “Love at first sight’’৷ যদিও গ্ৰীচ এখন সৰু দেশ ইয়াৰ প্ৰতিটো চুকে-কোণে বহুতো ইতিহাস জড়িত হৈ আছে ৷ গ্ৰীচত বিশ্বৰ আন দেশতকৈ অধিক প্ৰত্নতাত্ত্বিক মিউজিয়াম আছে ৷ আটাইবোৰ চাম বুলি ভাবিলে বহু সময়ৰ প্ৰয়োজন ৷ কিন্তু সকলো ভ্ৰমণকাৰীৰ বাবে সেয়া সম্ভৱ নহয় ৷

             গ্ৰীচ পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি ৰ’দালী ঠাই ৷ বছৰৰ প্ৰায় তিনিশ দিনেই ৰ’দ দিয়ে ৷ ডাঙৰ নীলা চকুৰ আকৃতিৰ গহনা বা অন্যান্য সামগ্ৰী সকলোতে পোৱা যায় ৷ নীলা চকুৰ তাবিজ পিন্ধিলে অশুভ চকুৰ পৰা ৰক্ষা পায় বুলি গ্ৰীচবাসীয়ে বিশ্বাস কৰে ৷ হয়তো সেইবাবেই ঘৰৰ শিখৰত নীলা ৰং দিয়াৰ ব্যৱস্থাটো প্ৰযোজ্য ৷ গ্ৰীচৰ পতাকাত নটা বগা আৰু নীলা ৰঙৰ অনুভূমিক পটি অন্তৰ্ভুক্ত কৰা হৈছে যিয়ে “স্বাধীনতা বা মৃত্যু” এই ন টা  পদাংশৰ প্ৰতিনিধিত্ব কৰে ৷ পাঁচটা নীলা পটীয়ে ‘স্বাধীনতা আৰু চাৰিটা বগা পটীয়ে ‘মৃত্যু’ক বুজায়৷ নীলা ৰঙে গ্ৰীচৰ সাগৰ আৰু আকাশ, বগা ৰঙে স্বাধীনতা সংগ্ৰামৰ বিশুদ্ধতা বুজায় ৷ বাওঁফালৰ ওপৰৰ কোণত পৰম্পৰাগত ক্ৰছ ৷ গ্ৰীক যুৱকৰ বাবে ছয় মাহৰ পৰা ন মাহলৈ সামৰিক সেৱা বাধ্যতামূলক ৷ সমগ্ৰ বিশ্বতে উৎপাদিত মাৰ্বলৰ শতকৰা সাত ভাগ  অৰিহণা গ্ৰীচেই যোগান ধৰে ৷

            গ্ৰীচ পৃথিৱীৰ অন্যতম জনপ্ৰিয় পৰ্যটনস্থলী হোৱাৰ মূলতে ইয়াৰ সমৃদ্ধ ইতিহাস, দ্বীপসমূহৰ চকু থৰ লগা দৃশ্য, বন্ধুত্বপূৰ্ণ স্থানীয় লোক আৰু সুস্বাদু খাদ্য ৷ 

( প্ৰাগজ্যোতিষ, কাকতত ২০২১ চনৰ এপ্ৰিল মাহত প্ৰকাশিত )

 জোনা মহন্ত, অক্টোবৰ ২੦১৮

Travelblog

Post navigation

Previous post
Next post

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Poet
Lyricist & Author

Recent Posts

  • স্মৃতি সুঁৱৰি
  • মই যাজ্ঞসেনী
  • আন্দামান দ্বীপপুঞ্জৰ জনগোষ্ঠী
  • দুঃসময়
  •                                                                                 নাৰ্টিয়াং মন’লিথ
  • এৰি অহা বাটেৰে

Categories

  • Articles
  • Poems
  • Short Stories
  • Travelblog

Archives

  • June 2025
  • March 2025
  • January 2025
  • November 2024
  • August 2024
  • June 2024
  • March 2024
  • December 2023
  • November 2023
  • October 2023
  • September 2023
  • August 2023
  • July 2023
  • June 2023
  • May 2023
  • October 2022
  • May 2022
  • April 2022
  • March 2022
  • October 2019
  • October 2018
  • July 2018
  • November 2017
  • July 2017
  • December 2016
  • December 2015
  • January 2015
  • September 2011
  • July 2011

©2026 জোনালীৰ ডায়েৰী | WordPress Theme by SuperbThemes