
ব্যস্ততাৰে ভৰা দিনবোৰৰ মাজতে ঘৰুৱা সকলো কাম-কাজ, চিন্তা আদি আঁতৰাই দুদিনমান ফুৰি আহিলে গা-মন সকলো সতেজ হৈ অহা যেন অনুভৱ কৰোঁ ৷ সেয়ে দৈনিন্দন একে ধৰণৰ জীৱনশৈলীৰ পৰা ওলাই মাজে মাজে ফুৰিবলৈ গৈ ভাল পাওঁ ৷ সৰুতে আইতাৰ পৰা শুনা সাধুবোৰৰ মাজত ৰাৱণে সীতাক হৰণ কৰি নি লংকাত লুকুৱাই ৰখা আৰু টোপনি নগ’লে ৰাৱণে আহি লৈ যাব বুলি কোৱা কথা আজিও মনত পৰে ৷ সেয়ে সৰুতে লংকাৰ প্ৰতি আছিল এক অন্য ধাৰণা৷ কিন্তু ছয় দিনীয়া শ্ৰীলংকা ভ্ৰমণত সম্পূৰ্ণ বিপৰীত ছবি এখনহে দেখিবলৈ পালোঁ ৷
২০১৮ চনৰ গৰমৰ বন্ধত আমি দুয়ো (মই আৰু মোৰ গৃহস্থ) শ্ৰীলংকালৈ যোৱাৰ পৰিকল্পনা কৰি জুলাই মাহৰ ১৫ তাৰিখে ৰাতিপুৱা গুৱাহাটীৰ পৰা কলিকতালৈ উৰা মাৰিলোঁ ৷ নিৰ্ধাৰিত সময়তকৈ বিশ মিনিট আগতেই অৰ্থাৎ সাত বজাতেই আমাৰ বিমান উৰা মাৰে কলিকতালৈ ৷ আঠ বজাৰ আগতেই বিমান কলিকতাৰ নেতাজী সুভাষ চন্দ্ৰ বোস এয়াৰপোৰ্টত অৱতৰণ কৰিলে ৷ কলিকতাৰ পৰা দুপৰীয়া বাৰ বজাতহে আমাৰ বিমান শ্ৰীলংকাৰ ৰাজধানী কলম্বো চহৰলৈ ৷ ইমান সোনকালে শ্ৰীলংকান বিমান সেৱাৰ কাউন্টাৰ খোলাই নাই, দহ বজাৰ পিছতহে খুলিব ৷ আমি এয়াৰপোৰ্টতে ব্ৰেকফাষ্ট কৰি কাউন্টাৰ খোলাৰ বাবে অপেক্ষা কৰিলোঁ ৷ সেইদিনা বিমানৰ যাত্ৰী কম আছিল বাবে বোৰ্ডিং পাছ, ইমিগ্ৰেশ্বন আদি যাৱতীয় আনুষ্ঠানিকতা¸ সোনকালেই হ’ল ৷ বিমানৰ বাবে অপেক্ষা কৰি থাকোঁতে বিমানৰ কৰ্মৰত এজন কমবয়সীয়া ল’ৰাই আমি অসমৰ বুলি জানিব পাৰি আগবাঢ়ি আহি ক’লে– ‘লুম্বিনী অসমত নেকি, এবাৰ যাবলৈ মন আছে ৷’ বৌদ্ধ ধৰ্মীয় লোকৰ বুদ্ধদেৱৰ জন্মস্থানখন চোৱাৰ হেনো বৰ হেঁপাহ ৷ কেনেকৈ তালৈ যাব পাৰি ইত্যাদি বিভিন্ন কথা সুধিলে৷ আমি তেওঁক বুজাই দিলো যদিও মনতে ভাবো হ’ল আজিকালি ইণ্টাৰনেটৰ যুগত সকলো হাতৰ মুঠিতেই সকলো, তদুপৰি তেওঁ এয়াৰপোৰ্টত কৰ্মৰত ৷ ইতিমধ্যে বিমানৰ সময় হ’ল ৷ আমাৰ বিমান উৰা মাৰিলে কলম্বো অভিমুখে ৷ কিছু সময় পাছতেই বিমানৰ পৰিচাৰিকা কেইগৰাকী যাত্ৰীসকলৰ অপ্যায়নৰ বাবে ব্যস্ত হ’ল ৷ উল্লেখনীয়যে বিমানৰ পৰিচাৰিকা কেইগৰাকী শ্ৰীলংকাৰ পৰম্পৰাগত সাজ পৰিধান কৰাৰ উপৰিও ব্যৱহাৰ যথেষ্ট বন্ধুসুলভ ৷ প্ৰায় তিনি ঘণ্টা উৰণৰ শেষত কলম্বোৰ ‘বন্দৰনাইেক’ (Bandarnaike) আন্তঃৰাষ্ট্ৰীয় এয়াৰপোৰ্টত আবেলি ৩.৩৫ বজাত আমাৰ বিমানে অৱতৰণ কৰে ৷
ভাৰতবৰ্ষৰ দক্ষিণ-পূবত অৱস্থিত শ্ৰীলংকাক ভাৰত মহাসাগৰৰ এটি ৰত্ন বুলি ক’লেও ভুল কোৱা নহ’ব ৷ এই দেশৰ প্ৰাচীনতম ইতিহাস, সুন্দৰ বিচ্চ, প্ৰাকৃতিক নৈসৰ্গিক শোভাৰ উপৰিও পৰিব্ৰাজকক আকৰ্ষণ কৰিব পৰা বহুতো সমল আছে ৷ শ্ৰীলংকাক আগতে ‘চিলন’ বুলি কোৱা হৈছিল ৷ শ্ৰীলংকাত প্ৰথমতে ১৫০৫ চনত পৰ্তুগীজসকলে উপনিৱেশ স্থাপন কৰিছিল, তাৰ পাছত ১৬৫৮ চনত ওলন্দাজ (Dutch)সকলে, ১৭৯৬ চনত ব্ৰিটিছসকলে উপনিৱেশ পাতিছিল আৰু অৱশেষত ১৯৪৮ চনত শ্ৰীলংকাই স্বাধীনতা লাভ কৰে ৷
শ্ৰীলংকাত থকা দিন কেইটাত আমাৰ গাইড, গাড়ী চালক তথা সংগী মিষ্টাৰ চাৰথ আমাৰ বাবে ৰৈ আছিল এয়াৰপোৰ্টত ৷ নিৰ্ধাৰিত সূচী অনুসৰি সেইদিনাই আমাৰ কলম্বোৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ আঁতৰত অৱস্থিত বেনটোটালৈ যাত্ৰা৷ বেনটোটা, শ্ৰীলংকাৰ গল জিলাৰ এখন উপকূলীয় চহৰ ৷ তালৈ যোৱাৰ আগতে চাৰথক আমেৰিকান ডলাৰৰ পৰা শ্ৰীলংকাৰ টকা সংগ্ৰহ কৰি লওঁ বুলি কোৱাত বিমান বন্দৰত টকা সলনিৰ হাৰ বেছি বাবে ল’বলৈ নিদিলে ৷ তেওঁ হেনো পাছত আমাক উচিত মূল্যত পোৱা ঠাইলৈ নিব ৷ ইয়াৰ পৰা যাওঁতেই আমি অৱশ্যে শ্ৰীলংকাৰ টকা অলপ সংগ্ৰহ কৰি লগত নিছিলোঁ ৷
কলম্বোৰ পৰা বেনটোটালৈ এই পথছোৱা অতি সুন্দৰ ৷ গাড়ী ১০০-১২০ কিলোমিটাৰ বেগেৰে আগবাঢ়িছে যদিও অনুভৱেই হোৱা নাই ৷ চাৰথৰ লগত বেনটোটালৈ আমাৰ যাত্ৰাত তেওঁৰ লগত হোৱা কথোপকথনৰ পৰা ধৰিব পাৰিলোঁ তেওঁৰ শ্ৰীলংকাৰ বিষয়ে যথেষ্ট জ্ঞান আছে ৷ বিদেশী পৰ্যটকৰ লগত ঘূৰি ফুৰোঁতে বিভিন্ন প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হয় বাবেই হয়তো আয়ত্ব কৰি লৈছে ৷ ওখ, ক্ষীণ, অমায়িক, পিন্ধনত মাৰ্জিত সাজপাৰেৰে এজন অতি ভদ্ৰলোক গাড়ী চালক পাই ভাল লাগিল ৷ শ্ৰীলংকাত থকা দিনকেইটা তেওঁৰ লগত ভালেই লাগিব যেন অনুমান কৰিলোঁ ৷ বাটত এখন ঠাইত আমি চাহ খালোঁ ৷ চাহৰ দোকানৰ মিঠাইবোৰ দেখাত আমাৰ ইয়াত পোৱা মিঠাইৰ দৰে নহয় ৷ অৱশ্যে সোৱাদ চোৱা নহ’ল ৷ প্ৰকৃতিৰ মনোৰম দৃশ্যৰ মাজেৰে আহি হোটেল আহি পাওঁতে বেলি লহিয়াবৰে হ’ল ৷ বৃহৎ এলেকাৰে সাগৰৰ পাৰতে অৱস্থিত চাৰিওফালে পাম গছেৰে ভৰা আমাৰ পূৰ্ব নিৰ্ধাৰিত হোটেল ‘দি পাম’খন দেখি বৰ ভাল লাগি গ’ল ৷ অভ্যৰ্থনা কক্ষৰ প্ৰাৰম্ভিক কাম শেষ কৰি নিজৰ কোঠালৈ গৈ থাকোঁতে চকী-মেজেৰে সুন্দৰকৈ সজাই ৰখা ঠাই এডোখৰত বহিবলৈ দি শ্ৰীলংকাৰ স্থানীয় ফলেৰে তৈয়াৰী এবিধ ৰসেৰে আমাক স্বাগতম জনালে ৷ হোটেলৰ গেষ্টসকলৰ অভ্যৰ্থনা আৰু ৰূম সেৱাত কৰ্মৰত প্ৰায়ভাগেই স্থানীয় সাজ-পোছাক পৰিহিত শালীন ব্যৱহাৰৰ মৰম লগা ছোৱালী ৷
ভাৰত মহাসাগৰত অৱস্থিত মুকুতা আকৃতিৰ শ্ৰীলংকা প্ৰাচীনকালৰে পৰা বিভিন্ন নামেৰেপৰিচিত হলেও ১৯৭২ চনত চৰকাৰীভাৱে এই দেশৰ নাম “গণতান্ত্ৰিক সমাজবাদী গণৰাজ্য শ্ৰীলংকা” (Democratic Socialist Republic of Sri Lanka) ৰখা হয় ৷ শ্ৰীলংকা বঙ্গোপসাগৰৰ দক্ষিণ-পশ্চিম, আৰৱ সাগৰৰ দক্ষিণ-পূবত আৰু ভাৰত মহাসাগৰত অৱস্থিত ৷ দীঘে ৪৩২ কিলোমিটাৰ আৰু বহল ২২৪ কিলোমিটাৰ ৷ ভাৰতীয় উপমহাদেশ আৰু শ্ৰীলংকাৰ মাজত মান্নাৰ উপসাগৰ৷ কলম্বো শ্ৰীলংকাৰ বৃহত্তম চহৰ যদিও ৰাজধানী “শ্ৰীজয়ৱৰ্ধনপুৰা কোট্টে” (Sri Jayawardenepura Kotte)৷
হোটেলত আমাৰ কোঠা প্ৰথম মহলাত ৷ কোঠাৰ বেলকনিৰ পৰাই বিশাল সমুদ্ৰৰ দৃশ্যই মন সতেজ কৰি দিলে ৷ অবিৰত সাগৰৰ ঢৌৰ ছন্দই দিনটোৰ যাত্ৰাৰ সকলো ভাগৰ উটুৱাই লৈ গ’ল ৷ সাগৰৰ লহৰে লহৰে অস্ত আকাশত সূৰুযৰ ধেমালিৰ প্ৰতিটো ক্ষণেই বন্দী কৰিলোঁ মন গহবৰত ৷ লাহে লাহে এন্ধাৰ নামি অহাৰ লগে লগে হোটেলৰ বৃহৎ বাগিচাত মুকলি আকাশৰ তলত অনুষ্ঠিত সংগীতানুষ্ঠানৰ মূৰ্চ্ছনাত যেন প্ৰাণ পাই উঠিল হোটেলৰ বৃহৎ চৌহদ ৷ সেইদিনা আছিল বিশ্ব কাপ ফুটবলৰ ফ্ৰান্স আৰু ক্ৰোৱেচিয়াৰ মাজত চূড়ান্ত খেল ৷ বিশ্ব কাপ ফুটবলৰ পোনপটীয়া সম্প্ৰচাৰ মুকলি আকাশৰ তলত সকলোৱে একেলগে ডাঙৰ পৰ্দাত উপভোগ কৰিব পৰাকৈ ব্যৱস্থা কৰি ৰাখিছিল হোটেল কৰ্তৃপক্ষই ৷ নিৰ্দিষ্ট সময়ত ফুটবলপ্ৰেমী হোটেলৰ অতিথিসকল আহি খেল উপভোগ কৰিলে ৷ অৱশ্যে সেইদিনা খেলখন বৰ বেছি নজমিল ৷ আগতে বহু হোটেলত বহু নিশা কটালেও এনে সুন্দৰ পৰিৱেশ পোৱা নাই ৷ আমিও তললৈ আহিলোঁ যদিও হোটেলৰ পৰিৱেশেহে বেছিকৈ আকৰ্ষিত কৰিলে৷ নিশাৰ আহাৰ কৰি আহি বহু পৰলৈ বেলকনিত বহি উপভোগ কৰিলোঁ গভীৰ নিশাৰ সাগৰ ৷
ঐতিহাসিক স্থাপত্য শিল্পৰ চহৰ গল
পিছদিনা ৰাতিপুৱা সোনকালে উঠি সাগৰৰ পাৰলৈ ওলাই গ’লো ৷ সোণালী বালিত খোজকাঢ়ি বহু দূৰ পালোঁ৷ উভতি আহি ব্ৰেকফাষ্ট কৰি আমি গললৈ (Galle) অভিমূখে যাত্ৰা কৰিলোঁ ৷
বেনটোটাৰ পৰা গললৈ দূৰত্ব প্ৰায় ৭০ কিলোমিটাৰ ৷ বিশাল ভাৰত মহাসাগৰৰ পাৰে পাৰে সাগৰীয় বতাহ, অবিৰত ঢৌ আৰু পাম গছৰ শাৰীৰ মনোমোহা দৃশ্য চাই চাই আমি নিজৰ মাজতে সোমাই পৰিছোঁ ৷ মাজে মাজে চাৰথৰ লগত কথা পাতি শ্ৰীলংকাৰ বিষয়ে বহু নজনা কথা জানিব পাৰিলোঁ ৷
গল চহৰখন শ্ৰীলংকাৰ দক্ষিণ-পশ্চিমত অৱস্থিত ৷ অতীজতে গল গ্ৰীচ, আৰৱ, চীন আদি দেশ¸সমুহৰ ব্যৱসায়-বাণিজ্যৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ¸অতি ব্যস্ত বন্দৰ আছিল ৷ ষোড়শ শতিকাতে এই চহৰখন পৰ্তুগীজসকলে প্ৰতিষ্ঠা কৰিছিল ৷ পৰ্তুগীজ ঐতিহ্য আৰু ওলন্দাজ ঔপনিৱেশিক ঘৰৰ (Dutch colonial building) বাবে ই বিখ্যাত ৷ বৰ্তমানো গোটেই চহৰখনত পুৰণি ঐতিহ্যৰ প্ৰভাৱ সুস্পষ্ট ৷ ৰাতিপুৱাৰে পৰা বতৰ ডাৱৰীয়া হৈ আছিল ৷ আমি আহি গল পোৱাৰ সময়তে বৰষুণ দিব ধৰিলে ৷ চাৰথে গাড়ীৰ পৰা ডাঙৰ ছাতি (বিভিন্ন কোম্পানীসমূহে বিজ্ঞাপনৰ বাবে ব্যৱহাৰ কৰাৰ দৰে) উলিয়াই আমাক দিলে আৰু নিজৰ বাবেও এটা সৰু ছাতি উলিয়াই ল’লে ৷
গাড়ীৰ পৰা নামি গল দুৰ্গৰ দেৱালত সাগৰৰ ঢৌৱে অবিৰতভাৱে কোবাই থকা দৃশ্য দেখি আচৰিত লাগিল ৷ চাৰিশ বছৰৰো অধিক বছৰ এনেদৰে পানীয়ে অহৰহ কোবাই থকাৰ পাছতো আজিও অক্ষত অৱস্থাত থিয় হৈ আছে দুৰ্গৰ দেৱাল ৷ আদিতে ১৫৮৮ চনতে পৰ্তুগীজসকলে নিৰ্মাণ কৰা আৰু পাছত ওলন্দাজসকলে প্ৰসাৰিত কৰা এই দুৰ্গ প্ৰকৃততে গলৰ ঐতিহাসিক প্ৰত্নতাত্বিক স্থাপত্যকলাৰ ঐতিহ্যৰ স্মাৰক হৈ চাৰিশ বছৰৰো অধিক কাল জিলিকি আছে ৷ ইউনেস্কোই এই দুৰ্গ পৃথিৱীৰ সাংস্কৃতিক ঐতিহ্য বুলি স্বীকৃতি প্ৰদান কৰিছে ৷ গল ফ’ৰ্টক ‘Dutch Fort’ আৰু ‘Ramparts of Gall’ বুলিও জনা যায়৷ গ্ৰেনাইট শিল আৰু প্ৰবালেৰে নিৰ্মিত এই গল দুৰ্গ প্ৰকৃততে দেৱালেৰে আৱৰা এখন চহৰ যিখন ওলন্দাজসকলৰ আৰ্হিত নিৰ্মিত চাপৰ ঘৰেৰে ভৰা ৷ এই বুৰঞ্জী প্ৰসিদ্ধ দুৰ্গৰ ভিতৰত গীৰ্জা, মছজিদ, মিউজিয়াম, চৰকাৰী অফিচ, বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানৰ উপৰিও বহু জাতি আৰু বহু ধৰ্মৰ লোকৰ বাসস্থান ৷ বহুতো ওলন্দাজ পৰিয়ালৰ¸ নিজস্ব সম্পত্তি এই দুৰ্গৰ ভিতৰত এতিয়াও আছে ৷

গল দুৰ্গৰ ভিতৰত থকা মেৰীটাইম নামৰ মিউজিয়ামটো (Maritime Museum) ওলন্দাজসকলে গুদাম ঘৰ হিচাবে ব্যৱহাৰ কৰা ঘৰতে অৱস্থিত ৷ মিউজিয়ামত সাগৰীয় বেপাৰ-বাণিজ্য আৰু নৌ-সেনাৰ লগত জড়িত সামগ্ৰী প্ৰদৰ্শিত কৰা হৈছে ৷ ২০০৪ চনৰ চুনামীত এই মিউজিয়ামৰ ঐতিহাসিক সম্পদসমুহ ধবংস হৈ যায় যদিও ঘৰটো অক্ষত অৱস্থাতে থাকে ৷ বৰ্তমান জনসাধাৰণৰ বাবে আকৌ নতুনকৈ মিউজিয়াম নিৰ্মাণ কৰা হৈছে ৷
পৰ্যটকৰ আকৰ্ষণৰ স্থলী বুলি জনাজাত বগা ৰঙৰ ৮৭ ফুট উচ্চতাৰ গলৰ আলোক গৃহটো পথৰ পৰা প্ৰায় ২০ ফুট ওখত দুৰ্গৰ পশ্চিম দিশত নিৰ্মাণ কৰা হৈছে ৷ শ্ৰীলংকাৰ প্ৰাচীনতম এই আলোক গৃহৰ পৰা সাগৰত জাহাজ চলাচলৰ সম্পূৰ্ণ দৃশ্য দেখা যায় ৷ আলোক গৃহৰ মুখামুখিকৈ মীৰান মছজিদ ৷ সমগ্ৰ চহৰ খনতেই বৰ্তমানো পুৰণি ঐতিহ্য আৰু ইউৰোপৰ কিছু প্ৰভাৱ পৰিলক্ষিত ৷
গল চহৰৰ পৰা উভতি সাগৰৰ পাৰে পাৰে আহি থাকোঁতে ৰাস্তাৰ দাঁতিতে সৰু সাধাৰণ ঘৰ এটাত চাৰথে গাড়ীখন ৰখালে ৷ ঘৰটো ২০০৪ চনৰ ২৬ ডিচেম্বৰত ভাৰত মহাসাগৰত হোৱা চুনামীৰ প্ৰভাৱত হোৱা ধবংসৰ বিভিন্ন ফটোৰ মিউজিয়াম ৷ এইটো কোনো চৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠানৰ মিউজিয়াম নহয় ৷ চুনামীত বিধবস্ত হোৱা পৰিয়াল এটাই নিজৰ বাঁহ আৰু খেৰেৰে নিৰ্মিত দুটি কোঠাৰ তেওঁলোকে বাস কৰা ঘৰটোতে প্ৰতিষ্ঠা কৰা Tsunami Photo Museum নামৰ এটি মিউজিয়াম ৷ এই চুনামীত মৃত্যু হোৱা লোকৰ সংখ্যাৰে ইণ্ডোনেচিয়া আৰু থাইলেণ্ডৰ পাছতেই তৃতীয় স্থানত আমাৰ ভাৰতবৰ্ষ ৷ এই ফটোবোৰ চাই পৰ্যটকে চুনামীৰ ফলত হোৱা ধবংসৰ অনুমান কৰিব পাৰে ৷ কলম্বোৰ পৰা গললৈ আহি থকা এখন যাত্ৰীবাহী ৰেলৰ কেনেদৰে ৰেল লাইনৰ পৰা বিচ্যুতি ঘটি প্ৰায় সকলো যাত্ৰীৰ মৃত্যু হৈ পৰি আছিল আৰু ৰেলৰ লাইনৰ আকৃতি বেঁকা হৈ পৰা ছবিবোৰ দেখি গাৰ নোম শিয়ৰি উঠে ৷ বিজ্ঞানৰ প্ৰগতিৰ কথা কৈ আমি যিমানেই গৌৰৱ নকৰোঁ কিয় প্ৰকৃতিৰ ওচৰত আমি সদায় হাৰ মানিবলগীয়া হয় ৷ এই কথাষাৰকেই যেন চিঞৰি চিঞৰি কৈছে এই প্ৰদৰ্শিত ফটোসমূহে ৷

মিউজিয়ামৰ গৰাকী কামানী ডা চিলভাৰ লগত কথা পাতি জানিব পাৰিলোঁ, ৰাতিপুৱা চুনামীৰ প্ৰথমটো ঢৌত তেওঁ ঘৰতেই আছিল ৷ তেওঁলোকে ভাবিবই পৰা নাছিল এনে কিবা ঘটিব পাৰে বুলি ৷ সেইবাবে প্ৰথম ঢৌ অহাৰ পাছত তেওঁ কামলৈ ওলাই গৈছিল বাবেই তেওঁৰ জীৱন ৰক্ষা পৰিল ৷ ৯.২০ বজাত অহা প্ৰৱল প্ৰাৱল্যৰ ঢৌৱে পৰিয়ালৰ আটাইকে উটুৱাই লৈ গ’ল ৷ এই মিউজিয়ামৰ জৰিয়তে তেওঁ মাথোঁ সজীৱ কৰি ৰাখিছে তেওঁৰ জীৱনৰ এই দুৰ্ভগীয়া দিনৰ স্মৃতি ৷ মিউজিয়ামত প্ৰৱেশৰ বাবে কোনো টিকটৰ ব্যৱস্থা নাই ৷ কোনো লোকে নিজ ইচ্ছাত কিবা বৰঙণি দিব বিচাৰিলে গ্ৰহণ কৰে ৷ আমি ঘৰটোৰ পাছফালে কি আছে বুলি ওলাই গৈ দেখিলোঁ বগা কণীৰ আকৃতিৰ বেঙেনাৰে (Egg plant) ভৰি থকা গছ৷ ঘৰৰ গৰাকীক কৈ বেঙেনা এটা ছিঙি আনিলোঁ ৷ বেঙেনাটোৰ গুটি সিঁচি সেই গছৰ ফচল বহু দিনলৈ পালোঁ ৷ চুনামীৰ এখন মৰ্মান্তিক ছবি মনৰ মাজত আঁকি বুকু ভৰা বেদনা লৈ ঘৰটোৰ পৰা ওলাই আহিছিলোঁ ৷
গল জিলাত উৎপত্তি হোৱা মাদু গঙ্গা নামৰ এটি জলস্ৰোত কলম্বো আৰু গলৰ ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত বালাপিটিয়া (Balapitiya) নামৰ এখন সৰু গাৱঁৰ মাজেৰে বাগৰি গৈ ভাৰত মহাসাগৰৰ লগত মিলিত হোৱাত নদীখনৰ মোহনাত অসংখ্য সৰু সৰু দ্বীপৰ সৃষ্টি হৈছে ৷ এই ক্ষুদ্ৰ দ্বীপসমূহ বিভিন্ন প্ৰকাৰৰ গছ-গছনি, জীৱ-জন্তুৰ বাসস্থানৰ উপৰিও মাজে মাজে মেংগ্ৰ’ভৰে সুৰঙ্গৰ সৃষ্টি হৈছে ৷ এই জলাশয়ৰ বৰ্ণনাতীত সৌন্দৰ্যৰ বাবে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ গভীৰ পানীৰ মাজত ক্ষুদ্ৰ ক্ষুদ্ৰ দ্বীপসমূহত বিভিন্ন কাৰ্য– কোনো এটাত ¸ৰাম-সীতাৰ মন্দিৰ, কোনোটোত বুদ্ধৰ মূৰ্তি, ক’ৰবাত আকৌ মাছৰ দ্বাৰা পেডিকিউৰ কৰাৰ ব্যৱস্থা, ক’ৰবাত এখন সৰু দোকান য’ত বিস্কুট, চিপচ্, পানীৰ বটল আদি পোৱা যায় ৷ অৰ্থাৎ এই দ্বীপসমূহত বিভিন্ন কাৰ্যকলাপেৰে একোখন ব্যৱসায়ৰ স্থান গঢ়ি উঠিছে ৷ জলাশয়ৰ পাৰত আশে-পাশে বহুতো হোটেল, ৰেস্তোৰাঁ গঢ়ি উঠাৰ উপৰিও নৌকাৰে এই জলাশয় পৰিভ্ৰমণ কৰাৰ ব্যৱস্থাও আছে ৷ আমিও জীৱন-সুৰক্ষা জেকেট পিন্ধি নৌকা বিহাৰৰ বাবে সাজু হ’লোঁ ৷ চাৰথেও আমাৰ লগতে নৌকা বিহাৰত ভাগ ল’লে যদিও তেওঁ অৱশ্যে জেকেট পৰিধান নকৰিলে ৷ দ্ৰুত গতিৰ নৌকাৰে প্ৰায় ডেৰ ঘণ্টা সময় ইপাৰ-সিপাৰ নেদেখা জলৰাশিৰ মাজেৰে এই ভ্ৰমণ অতি আমোদজনক আৰু ৰোমাঞ্চকৰ ৷

পানীৰ মাজত থকা গছৰ ওপৰত বিভিন্ন চৰাই আৰু সৰীসৃপ প্ৰাণী দেখিবলৈ পোৱা যায় ৷ এই সৰু দ্বীপসমূহৰৰ কিছুমান দ্বীপত একোটা পৰিয়াল বাস কৰে ৷ আমি এনে পৰিয়াল বাস কৰা দ্বীপ এটাত নামিলোঁ ৷ তাত বাস কৰা এগৰাকী মহিলাই ডালচেনি গছৰ পৰা তৰপ তৰপকৈ কেনেকৈ ডালচেনি উলিয়ায় আৰু সেইবোৰ শুকুৱাই গুড়ি কৰা ব্যৱহাৰিক প্ৰক্ৰিয়াও আমাক দেখুৱালে, লগতে ডালচেনিৰ চাহো খুৱালে ৷ আমি তেওঁৰ পৰা ডালচেনিৰ গুড়ি কিনিলোঁ ৷ সৰু সৰু একোটা পেকেটত শ্ৰীলংকাৰ টকা তিনিশকৈ লৈছিল ৷ এই দ্বীপবোৰ তেনেই সৰু, একোটা দ্বীপত এটা পৰিয়ালহে বাস কৰিব পাৰে ৷ তেওঁলোকৰ আয়ৰ প্ৰধান উৎস দ্বীপতে হোৱা ডালচেনি গছৰ পৰা ডালচেনিৰ গুড়ি প্ৰস্তুত কৰি বিক্ৰী কৰা, জলাশয়টোৰ পৰা মাছ মাৰি মাছৰ ব্যৱসায় আৰু পৰ্যটকৰ নৌকা বিহাৰ ৷ সেইদিনা খুব ৰ’দ নাছিল বাবে আমি ভাগৰি পৰা নাছিলোঁ ৷ প্ৰখৰ ৰ’দত অলপ কষ্ট হ’ব যেন অনুমান কৰিলোঁ যদিও সাগৰীয় বতাহ, প্ৰকৃতিৰ এক অভিনৱ সৃষ্টি চোৱাৰ আনন্দতকৈ বহু কম যেনেই ধাৰণা হ’ল ৷ উভতি আহি আমি এখন ৰেস্তোৰাঁত চাহ একাপ খাওঁ বুলি বহিলোঁ ৷ তাত চাহৰ বিশেষ প্ৰচলন নাই বাবে চাহ হেনো পোৱা নাযায় ৷ আমি উঠি আহিব লওঁতে তেওঁলোকে কিন্তু আমাক ওভতাই নপঠালে ৷ চাহ দুকাপ সুন্দৰকৈ পৰিৱেশন কৰি শ্ৰীলংকাবাসীৰ আতিথ্যৰ পৰিচয় দিলে ৷ তেওঁলোকৰ আতিথ্যত আপ্যায়িত হৈ ধন্যবাদ জনাই আগবাঢ়িলোঁ কোচগোদা (Kosgoda) কাছ সংৰক্ষণ আৰু গৱেষণা কেন্দ্ৰলৈ ৷

এই গৱেষণা কেন্দ্ৰ এদিনীয়া কাছৰ পৰা প্ৰাপ্তবয়স্কলৈ বিভিন্ন প্ৰজাতিৰ সাগৰীয় কাছ সংৰক্ষণ কৰি ৰখা এটা প্ৰতিষ্ঠান ৷ সৰু ডাঙৰ বিভিন্ন আকাৰৰ চৌবাচ্ছাত কাছবোৰ ৰখা হয় ৷ গৱেষণা কেন্দ্ৰটোত কৰ্মৰত লোকসকল তেওঁলোকৰ কেন্দ্ৰৰ বিষয়ে ভ্ৰমণকাৰীক জনাবলৈ যথেষ্ট ইচ্ছুক আৰু উৎসাহী ৷ তেওঁলোকৰ পৰা সাগৰীয় কাছৰ জীৱন-চক্ৰৰ বিষয়ে বহু নজনা কথা জানিব পাৰি ৷ সাধাৰণতে গৰমৰ দিনত সাগৰীয় মাইকী কাছবিলাক কণী পাৰিবলৈ সাগৰৰ পাৰলৈ উঠি আহে আৰু সুৰক্ষিত ঠাই বিচাৰি গাঁত কৰি এবাৰত ২ টাৰ পৰা ৮ টালৈ কণী পাৰি সাগৰলৈ গুচি যায় ৷ ১৫ দিন মান পাছত আহি আকৌ একেদৰে সেই ঠাইডোখৰতে কণী পাৰে ৷ এনেদৰে প্ৰতিবাৰে আহি কণী পাৰা শেষ হ’লে কণীবোৰ আনে নেদেখাকৈ বালিৰে ভালদৰে ঢাকি সাগৰলৈ গুচি যায় ৷ পৰৱৰ্তী কণী দিয়া সময়লৈ আৰু উভতি নাহে ৷ বিভিন্ন প্ৰজাতিৰ কাছৰ এবাৰতে কণী পৰাৰ সংখ্যাও বেলেগ বেলেগ ৷ সাধাৰণতে প্ৰজাতি অনুসৰি ৮০১ পৰা ১২০টালৈ এবাৰত কণী পাৰে ৷ এই কণীবোৰ এনেদৰে এৰি যোৱাৰ প্ৰায় ৬০ দিন মানৰ পাছত আটাইবোৰ কণীৰ পৰা একেলগে পোৱালি জগে ৷ শুনি আচৰিত যেন লাগিলেও, তেওঁলোকে কোৱা অনুসৰি বালিৰ উষ্ণতাৰ প্ৰভাৱত এই পোৱালীবোৰৰ লিঙ্গ নিৰ্ধাৰিত হয় ৷ তুলনামূলক ভাৱে ঠাণ্ডা বালিৰ তলত থকা কণীবোৰৰপৰা মতা কাছ আৰু গৰম বালিৰ তলত থকা কণীৰ পৰা মাইকী কাছ পোৱালি জগে ৷ এই কাছ পোৱালিবোৰ জগি উঠাৰ পাছত সাগৰলৈ গুচি যায় ৷ আন এটা অতি আমোদজনক কথা, মাইকী কাছ পোৱালিবোৰ বয়সপ্ৰাপ্ত হৈ যেতিয়া কণী পাৰিবলৈ উপযুক্ত হয় নিজে জন্ম হোৱা স্থানলৈ আহি কণী পাৰে ৷ এজনে বালিৰ তলৰ পৰা কণী উলিয়াই আনি আমাক দেখুৱালে ৷

আঘাতপ্ৰাপ্ত কাছবোৰ আনি এই প্ৰতিষ্ঠানত চিকিৎসা প্ৰদান কৰা হয় ৷ পোৱালি জগাৰ লগে লগে কাছৰ পোৱালিবোৰ কিছু দিন তাত লালন-পালন কৰি সাগৰত এৰি দিয়ে ৷ চৌবাচ্ছাৰ পৰা এটা ডাঙৰ কাছ ডাঙি ল’লো, বৰ গধুৰ, বেছি সময় লৈ থাকিব নোৱাৰিলোঁ ৷ আমি যোৱা কাছৰ কেন্দ্ৰটোৰ বাহিৰেও আন¸ বহুতো এনে কেন্দ্ৰ তাত আছে৷ প্ৰৱেশ মূল্যৰ পৰিমাণ চাই প্ৰকৃততে কাছ সংৰক্ষণৰ উপৰিও এটি ব্যৱসায়ৰ প্ৰতিষ্ঠান বুলি ক’লেও ভুল কোৱা নহ’ব ৷
তাৰ পৰা উভতি আমি সাগৰৰ পাৰত ফুৰিম বুলি সাগৰলৈ গ’লোঁ ৷ মই সাগৰৰ পানীত নামোঁ বুলি আগুৱাই যাওঁতে চাৰথ মোৰ পাছে পাছে অহা দেখি আচৰিত হ’লোঁ ৷ এনেতে খুব জোৰেৰে অহা সাগৰৰ ঢৌৱে মোক বহু দূৰলৈ ঠেলি দিলে, মই কোনোমতে বাগৰি নপৰাকৈ ৰ’লোঁ ৷ চাৰথে আকৌ মোক পানীত নামিব মানা কৰি ক’লে– ‘শ্ৰীলংকাৰ লোকবিশ্বাস মহিলা সাগৰত নামিলে সাগৰ অশান্ত হয় ৷’ সেইবাবেই হেনো মই পানীলৈ আগুৱাই যাওঁতে তেওঁ মোৰ পাছে পাছে আহি আছিল ৷ শুনি আচৰিত লাগিল যদিও তেওঁলোকৰ বিশ্বাসক অসন্মান কৰা হ’ব বুলি আৰু সাগৰৰ পানীলৈ নগ’লোঁ ৷ আচলতে শ্ৰীলংকাৰ সাগৰৰ ঢৌৰ গতিবেগ যথেষ্ট বেছি ৷ কিছু সময় সাগৰৰ পাৰতেই কটাই হোটেললৈ উভতিলোঁ ৷
টেম্পল অব টুথ ৰেলিক প্ৰসিদ্ধ কেণ্ডি চহৰ
পিছদিনা আমি ৰাতিপুৱা ন বজাতে বেনটোটাৰ পৰা শ্ৰীলংকাৰ দ্বিতীয় বৃহত্তম চহৰ কেণ্ডিলৈ বুলি যাত্ৰা কৰিলোঁ ৷ কেণ্ডিলৈ যোৱা পথত কেগলে চহৰৰ পৰা প্ৰায় ১৩ কিলোমিটাৰ আতৰত পিনাৱালা নামৰ গাৱঁত ‘পিনাৱালা হাতী অনাথালয়’ (Pinnawala Elephant orphanage) ত সোমালোঁ ৷ ১৯৭৫ চনত শ্ৰীলংকাৰ বন্যপ্ৰাণী সংৰক্ষণ বিভাগৰ দ্বাৰা এই অনাথালয় প্ৰতিষ্ঠিত ৷ হাবিৰ মাজত পোৱা অনাথ হাতী পোৱালীসমূহৰ যত্ন আৰু সুৰক্ষাৰ বাবেই প্ৰতিষ্ঠিত এই অনাথালয় পৰ্যটকৰ বাবেও অতি আমোদজনক ৷ গেটৰ সন্মুখতে বহু স্থানীয় হস্তশিল্পৰে নিৰ্মিত সামগ্ৰীৰ দোকান যিসমূহে পৰ্যটকক যথেষ্ট আকৰ্ষণ কৰে৷ অনাথালয়ৰ ভিতৰত হাতীৰ দৈনন্দিন জীৱনৰ কাৰ্য উপভোগ কৰাৰ উপৰিও হাতীৰ পোৱালিক বটলেৰে গাখীৰ খুওৱা দৃশ্য দেখি সৰু ল’ৰা-ছোৱালীয়ে বৰ আমোদ পায় ৷ ইচ্ছা কৰিলে পৰ্যটকে নিজেও গাখীৰ খুৱাব পাৰে ৷

অৱশ্যে এই কাৰ্যৰ বাবে নিৰ্ধাৰিত সময় আছে ৷ আমি যোৱা সময়ত পোৱালিসমূহক গাখীৰ খুৱাই আছিল বাবে আমিও সেই দৃশ্য উপভোগ কৰিলোঁ ৷ বৃহৎ এলেকা আগুৰি থকা অনাথালয়ৰ কিছু অংশ চালোঁ যদিও জুলাই মাহৰ প্ৰখৰ ৰ’দত ঘামি-জামি ওলাই আহিলোঁ ৷ হঠাতে ৰাস্তাৰ বিপৰীত ফালে থকা দোকানসমুহৰ এখন চাইন-বোৰ্ডলৈ মোৰ চকু গ’ল ৷ চাইন-বোৰ্ডত লিখা আছে–‘Elephant (dung) Paper Product’৷ কৌতুহল দমাব নোৱাৰি দোকানখনৰ ভিতৰলৈ সোমাই গ’লোঁ, বিভিন্ন আকাৰ আৰু ৰঙৰ হাতীৰ গোৱৰৰ পৰা তৈয়াৰ কৰা কাগজ আৰু সেই কাগজেৰে তৈয়াৰী বিভিন্ন আকৰ্ষণীয় নোটবুক, ডায়েৰী, বহী আদি সজোৱা আছে ৷ দোকানত বহি থকা ভদ্ৰলোকজনক সোধাত তেওঁ দোকানৰ মাজেৰে আমাক আন এটা কোঠালৈ নি কেনেদৰে এই কাগজ প্ৰস্তুত কৰা হয় গোটেই প্ৰক্ৰিয়াটো দেখুৱালে ৷ পৰ্যটকক দেখুৱাবলৈ তেওঁ দোকানৰ লগতে তেনে এটি ব্যৱস্থা কৰি ৰাখিছে ৷ নোটবুক কেইখনমান কিনি দোকানখনৰ পৰা ওলাই আহি দেখিলোঁ ১০-১২ টাকৈ হাতীৰ জাক সহ মাউতসকলে ৰাস্তালৈ ওলাই আহিছে ৷ কি হ’ল একো ধৰিব নোৱাৰি চাৰথক সুধি জানিব পাৰিলোঁ অনাথালয়ৰ ৰাস্তাৰ আনটো ফালে থকা ওয়া নদীত এতিয়া হেনো হাতীৰ গা-ধোৱা সময়, পৰ্যটকৰ আন এটি উপভোগৰ দৃশ্য ৷ ওখ সৰু টিলাত থকা ৰেঁস্তোৰা এখনত চাহ একাপৰ সৈতে হাতীৰ গা-ধোৱা উপভোগ কৰিবলৈ বহিলোঁ ৷ ওয়া নদীখন বেছি দ নহয় ৷ হাতীবোৰক নদীত নমাই দি¸ পাইপেৰে চাৰিওফালে পানী ছটিয়াই থকাৰ উপৰিও হাতীবোৰে শুঁড়েৰে নিজৰ গা লৈ পানী ছটিয়াই থকা দৃশ্যই পৰ্যটকক আমোদ দিয়ে ৷ প্ৰায় ৩০-৪০টা হাতী এনেদৰে একেলগে গা ধোৱা দৃশ্য চাবলৈ ভ্ৰমণকাৰীসকল গোট খোৱা বাবে এটি উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয় ৷
প্ৰাকৃতিক উপাদান, প্ৰাচীন জ্ঞান আৰু আধুনিক প্ৰযুক্তিৰ দ্বাৰা আয়ুৰ্বেদিক ভেষজ সামগ্ৰী আৰু মছলা উৎপাদনৰ ক্ষেত্ৰত শ্ৰীলংকা পৃথিৱী বিখ্যাত ৷ বিভিন্ন মছলা, তেল, ঔষধি গছৰ উৎপাদিত সামগ্ৰী বহু দেশলৈ ৰপ্তানি কৰে ৷ সেয়ে হিংগুলা (Hingula) নামৰ ঠাই এখনত ‘সুসান্ঠ মছলা গাৰ্ডেন’ত (Susantha Spice & Herbal Garden) সোমালোঁ ৷ আগতে দেখা-নেদেখা বিভিন্ন ঔষধি আৰু মছলাৰ গছেৰে ভৰা আৰু উৎপাদিত সামগ্ৰীৰ ব্যৱহাৰিক প্ৰদৰ্শন দেখি ভাল লাগিল ৷ অৱশ্যে লগতে থকা বিপণিখনত উৎপাদিত সামগ্ৰীসমূহৰ দাম যথেষ্ট ৷
শ্ৰীলংকাৰ পাহৰুৱা অঞ্চলসমূহ আৰু জলবায়ু উন্নত মানৰ চাহ উৎপাদনৰ বাবে অনুকূল ৷ চাহপাতৰ গছ পোন প্ৰথমতে ১৮২৪ চনত শ্ৰীলংকালৈ এবিধ আলংকাৰিক উদ্ভিদ হিচাবে চীন দেশৰ পৰা অনা হৈছিল ৷ তাৰ পাছত অসম, কেনিয়া, কলিকতা আদিৰ পৰা অনা হৈছিল ৷ শ্ৰীলংকাত চাহৰ প্ৰচলন যথেষ্ট বেছি আৰু আমাৰ দৰে গাখীৰ চেনিৰে তৈয়াৰ কৰা চাহেই পছন্দ কৰে ৷ শ্ৰীলংকাৰ পানীৰ বিশেষ গুণৰ বাবেই এনে উন্নত মানৰ চাহ উৎপন্ন হয় বুলি স্থানীয় লোকসকলে কয় ৷ বিভিন্ন প্ৰকাৰৰ চাহপাতসমূহৰ ভিতৰত অতি ব্যয়বহুল আৰু অনন্য চাহপাত হৈছে ‘হোৱাইট টি’(White Tea)৷ চাহগছৰ মুকুলৰ পৰা কোনো কৃত্ৰিম ব্যৱস্থাৰ সহায় নোলোৱাকৈ ৰ’দত শুকুৱাই তৈয়াৰ কৰা এই চাহপাতৰ বহুতো ঔষধি গুণ আছে ৷ কম কেফিন (caffeine) আৰু এণ্টি অক্সিডেণ্ট হোৱা বাবে স্বাস্থ্যৰ বাবে উপকাৰী ৷ এই চাহপাত বগা আৰু পাতল৷ ইয়াক চিলভাৰ টিপচ্ (Silver tips) বুলিও কোৱা হয় ৷ কেণ্ডি পোৱাৰ কিছু আগতে Kadugannawa Tea Factoryত সোমাই চাহপাত প্ৰস্তুতকৰণ প্ৰক্ৰিয়া চাই কেণ্ডি চহৰ পাওঁতে আবেলি হ’ল ৷
শ্ৰীলংকাৰ মধ্যভাগত চাৰিওফালে পাহাৰেৰে আৱৰা সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় পাঁচশ মিটাৰ উচ্চতাত মহাৱেলী (Mahaweli) নদীৰ পাৰত এটি বৃহৎ কৃত্ৰিম হ্ৰদেৰে কেণ্ডি এখন ঐতিহাসিক চহৰ ৷ কাণ্ডা শব্দৰ পৰাই কেণ্ডি শব্দৰ উৎপত্তি বুলি কোৱা হয় ৷ সিংহলী ভাষাত ইয়াৰ অৰ্থ হ’ল পাহাৰ ৷ ত্ৰয়োদশ-চৰ্তুদশ শতিকাতে কেণ্ডি চহৰখন বৌদ্ধধৰ্মৰ কেন্দ্ৰবিন্দু হৈ পৰে আৰু কোৱা হয় ১৫৯০ চনতে বুদ্ধদেৱৰ বাওঁফালৰ ওপৰৰ পাৰি দাঁতৰ কুকুৰদাঁত কেণ্ডিৰ শাসনকৰ্তাই সংৰক্ষণ কৰিছিল ৷ সপ্তদশ-অষ্টাদশ শতিকাতে Temple of the Tooth Relic (Sri Dalada Maligawa) বৌদ্ধ মন্দিৰ নিৰ্মাণ কৰিছিল, যিটো পৃথিৱীৰ সকলো বৌদ্ধধৰ্মী লোকে অন্যতম পবিত্ৰ বুলি বিবেচনা কৰে ৷ ১৯৮৮ চনত ইউনেস্কাৱে ইয়াক বিশ্বৰ ঐতিহ্যৰ স্বীকৃতি দিছে ৷ প্ৰতি বছৰে জুলাই মাহত ইচালা পেৰাহেৰা (Esala perahera) নামৰ দহদিনীয়া এটি উৎসৱ অনুষ্ঠিত হয় ৷ এই উৎসৱ এচিয়াৰ ভিতৰতে বৌদ্ধধৰ্মৰ বৃহত্তম উৎসৱ বুলি কোৱা হয় ৷ ইয়াৰ উপৰিও ষোড়শ শতিকাতে নিৰ্মাণ কৰা লঙ্কাতিলাকা বিহাৰ (Lankatilaka Vihare) নামৰ হিন্দু মন্দিৰ আৰু গাদালাদেনিয়া বিহাৰ (Gadaladeniya Vihare) নামৰ বৌদ্ধ উপাসনা থলীয়ে ধাৰ্মিক লোকৰ বাবে কেণ্ডি চহৰৰ গুৰুত্ব বৃদ্ধি কৰিছে ৷ আবেলি প্ৰায় পাঁচ-মান বজাত আমাৰ পূৰ্ব নিৰ্ধাৰিত হোটেল ‘Randholee Resort & Spa’ পাওঁ ৷ হোটেলখন পাহাৰৰ ওখ টিলা এটাত অৱস্থিত বাবে গোটেই চহৰখনৰ মনোৰম দৃশ্য সুন্দৰকৈ দেখা যায় ৷ সাগৰৰ পৰিৱেশৰ পৰা পাহাৰৰ মাজত আন এটি পৰিৱেশলৈ আহি ভালেই লাগিল ৷

অলপ জিৰণি লৈ সন্ধিয়া শ্ৰীলংকাৰ পবিত্ৰ আৰু বিখ্যাত Temple of the Tooth Relicলৈ যাওঁ ৷ কেণ্ডিৰ এসময়ৰ ৰাজপ্ৰাসাদৰ চৌহদতে ৰখা বুদ্ধদেৱৰ দাঁতৰ ধবংসাৱশেষৰ এই মন্দিৰে স্থানীয় ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ৷ শ্ৰীলংকাবাসীয়ে বিশ্বাস কৰে যিজনে এই ধবংসাৱশেষ ৰাখে তেওঁৰ হাততেই ৰাজ্যৰ শাসনভাৰ থাকে ৷ সোণ, ৰূপ, ব্ৰোঞ্জ আৰু হাতীৰ দাঁত ব্যৱহাৰ কৰি অতি সূক্ষ্ম শিল্প-কলাৰে স্থানীয় শৈলীত নিৰ্মিত মন্দিৰৰ ভিতৰভাগ অতি সুন্দৰ ৷ কিংবদন্তি অনুসৰি গৌতম বুদ্ধৰ এই দাঁতৰ ধবংসাৱশেষ কলিঙ্গৰ পৰা ৰাজকুমাৰী হেমামালী আৰু যুৱৰাজ দন্থই তেওঁৰ দেউতাক ৰজা গুহাশিৱাৰ নিৰ্দেশ অনুসৰি শ্ৰীলংকালৈ আনিছিল আৰু অনুৰাধাপুৰাৰ শাসনকৰ্তা চিৰিমেঘাভন্নৰ হাতত অৰ্পণ কৰিছিল ৷ তেতিয়াৰ পৰাই বিভিন্ন সময়ত শাসনকৰ্তাসকলে তেওঁলোকৰ ৰাজপ্ৰাসাদৰ লগতে মন্দিৰ সাজি এই পবিত্ৰ দাঁতৰ ধবংসাৱশেষ সংৰক্ষণ কৰিছিল ৷ অৱশেষত কেণ্ডিলৈ আনি প্ৰতিষ্ঠা কৰা হৈছিল ৷ অনুৰাধাপুৰা কলম্বোৰ পৰা ২০৫ কিলোমিটাৰ উত্তৰে মালভাথু নদীৰ পাৰত শ্ৰীলংকাৰ উত্তৰ মধ্য প্ৰদেশৰ ৰাজধানী চহৰ আৰু অনুৰাধাপুৰা জিলাৰ ৰাজধানী ৷ ই প্ৰাচীন সিংহলী সভ্যতাৰ সুসংৰক্ষিত ধবংসাৱশেষৰ বাবে বিখ্যাত আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত ৷
কিৰি-মহুদা বা গাখীৰৰ সাগৰ নামৰ প্ৰায় চাৰে-তিনি কিলোমিটাৰ দীঘল বৃহৎ কৃত্ৰিম হ্ৰদটো এই মন্দিৰৰ বিপৰীত ফালে ৷ এসময়ত ধাননি পথাৰৰ মাজত কিৰি-মহুদা নামৰ এটা সৰু পুখুৰী আছিল ৷ ১৮০৭ চনত ৰজা শ্ৰীবিক্ৰমা ৰাজসিংহই পুখুৰীটো খান্দি হ্ৰদলৈ ৰূপান্তৰিত কৰে ৷ এই হ্ৰদটোৰ বিষয়ে বহুতো কিংবদন্তি আৰু লোককাহিনী আছে ৷ হ্ৰদৰ চৌদিশে বিভিন্ন গছে শোভা বৃদ্ধি কৰিছে ৷
নৈসৰ্গিক দৃশ্যৰ নুৱাৰা-ইলিয়া
আমাৰ শ্ৰীলংকা ভ্ৰমণৰ সময় সীমা চমু চাপি আহিছে ৷ শ্ৰীলংকা ভ্ৰমণসূচীত নুৱাৰা ইলিয়া অন্তৰ্ভুক্ত নাছিল ৷ চাৰথে কথা বতৰাৰ মাজতে ৰাৱণে সীতাক হৰণ কৰি আনি ৰখা ঠাইডোখৰ চোৱাৰ হেঁপাহ আছিল বুলি জানিব পাৰি তেওঁ বৰ আন্তৰিকতাৰে আমাক সেই ঠাইলৈ নিবলৈ ইচ্ছা প্ৰকাশ কৰিলে ৷ ইফালে আমাৰ হাতত সময় তেনেই কম ৷ পিছদিনা ৰাতিপুৱা সোনকালেই ৰাওনা হ’লোঁ সীতাক ৰাৱণে বন্দী কৰি ৰখা ঠাইডোখৰ অভিমূখে ৷
শ্ৰীলংকাৰ মধ্যভাগত কেণ্ডিৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ আঁতৰত প্ৰকৃতিৰ অৱদানেৰে ভৰপূৰ নুৱাৰা-ইলিয়া ৷ কেণ্ডিৰ পৰা নুৱাৰা-ইলিয়ালৈ যোৱা পথছোৱা সুন্দৰ নৈসৰ্গিক দৃশ্যৰে ভৰা ৷ এফালে এঢলীয়া পাহাৰত লানি নিছিগা চাহ বাগিচাৰ অপৰূপ দৃশ্য আৰু আনফালে শাৰী-শাৰী পাহাৰৰ বৰ্ণনাতীত দৃশ্য ৷
কেণ্ডিৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ অহাৰ পাছত ঘাই পথৰ কাষতে ৰামবোদা নামৰ ঠাই এডোখৰত পাহাৰৰ চূড়া এটাত ‘শ্ৰীভক্ত হনুমান মন্দিৰ’৷ মূল পথৰ পৰা প্ৰায় পঞ্চাশটা মান চিৰিৰে ওপৰলৈ উঠি গৈ ওঠৰ ফুট ওখ হনুমানৰ মূৰ্তিৰে আটকধুনীয়া, প্ৰকৃতিৰ নৈসৰ্গিক দৃশ্যৰে এটি পৰিপাটি মন্দিৰ ৷ এই মন্দিৰত প্ৰতিষ্ঠিত কৰা হনুমানৰ মূৰ্তি সমগ্ৰ শ্ৰীলংকাৰ ভিতৰতে ওখ হনুমানৰ মূৰ্তি ৷ ৰামায়ণৰ আখ্যান অনুসৰি হনুমানে নিজৰ নেজৰ জুইৰে শ্ৰীলংকা পুৰি ছাৰখাৰ কৰা বাবে শ্ৰীলংকাবাসীৰ মাজত হনুমান জনপ্ৰিয় নহয় ৷ চিন্ময় মিছনে ১৯৯৯ চনত এই মন্দিৰ নিৰ্মাণ কৰে ৷ প্ৰৱাদ আছে হনুমানে সীতাদেৱীক বিচাৰি এই ঠাইলৈ আহিছিল আৰু যাত্ৰাকালত এই স্থানতে জিৰণি লৈছিল ৷ ইয়াৰ উপৰিও এই ঠাইডোখৰ ৰামচন্দ্ৰৰ শ্ৰীলংকা ভ্ৰমণ কালৰ অন্যতম গুৰুত্বপূৰ্ণ স্থান বুলি বিবেচনা কৰা হয় ৷ তামিল শব্দ ‘ৰামবোদা’ৰ অৰ্থ ‘ৰামৰ বাহিনী’– বিশ্বাস কৰা হয় এই ঠাইতে ৰামে সীতাক উদ্ধাৰৰ বাবে সৈন্য সংগ্ৰহ কৰিছিল ৷ প্ৰতি দিনৰ পূজাৰ উপৰিও পূৰ্ণিমা তিথিত হনুমানৰ বিশেষ পূজা অনুষ্ঠিত হয় ৷ আমি মন্দিৰ দৰ্শন কৰিলোঁ যদিও চৌদিশৰ প্ৰকৃতিৰ মনোমোহা দৃশ্যইহে মোহিত কৰিলে ৷ আজিও চকুৰ আগত জিলিকি আছে সেই নৈসৰ্গিক দৃশ্য ৷
নুৱাৰা-ইলিয়া গৈ পোৱাৰ প্ৰায় পাঁচ কিলোমিটাৰ মান আগতে সীতা-ইলিয়া নামৰ এখন সৰু গাওঁ ৷ শ্ৰীলংকাবাসীয়ে বিশ্বাস কৰে এই ঠাইতে ৰাৱণে সীতাক বন্দী কৰি ৰাখিছিল আৰু বৰ্তমান তাত দেৱীৰ এটা মন্দিৰ আছে ৷ প্ৰৱাদ আছে এই ঠাইতে সীতাই ৰাৱণৰ পৰা ৰক্ষা কৰিবলৈ ৰামক প্ৰাৰ্থনা কৰিছিল ৷ মন্দিৰৰ কাষেৰে এটি সৰু নিজৰা বৈ গৈছে , তাত সীতাই গা ধুইছিল বুলি স্থানীয় লোকে বিশ্বাস কৰে ৷ নিজৰাৰ পাৰত থকা শিলত বিভিন্ন আকাৰৰ ভৰিৰ চাপ দেখিবলৈ পোৱা যায় ৷ সেইসমূহ হনুমানৰ ভৰিৰ খোজ বুলি আজিও পূজা কৰা হয় ৷ আমিও মন্দিৰত সেৱা কৰি উভতিলোঁ ৷
‘নুৱাৰা-ইলিয়া’ জিলাৰ প্ৰশাসনিক ৰাজধানী হোৱাৰ উপৰিও নাতিশীতোষ্ণ জলবায়ুৰে এখন সুন্দৰ চহৰ আৰু শ্ৰীলংকাৰ আটাইতকৈ শীতল অঞ্চল ৷ নুৱাৰা-ইলিয়াৰ অৰ্থ হ’ল ‘সমতল চহৰ’ বা পোহৰৰ চহৰ ৷ লিটিল ইংলেণ্ড নামে পৰিচিত নুৱাৰা-ইলিয়া ব্ৰিটিছ শাসকসকলৰ চিকাৰ, খেল আৰু আমোদ-প্ৰমোদৰ স্থান আছিল ৷ চহৰখনৰ মুখ্য আকৰ্ষণসমূহ হ’ল গ’লফ কোৰ্চ, ভিক্টোৰিয়া পাৰ্ক, গ্ৰেগৰি হ্ৰদ, লাভাৰচ্ লিপ আদি ৷ ব্ৰিটিছৰ দিনতে নিৰ্মিত বহুতো বিল্ডিং আজিও আছে ৷ ৰাণীৰ ঘৰ, জেনেৰেল হাউচ, হিল ক্লাব, গ্ৰেণ্ড হোটেল তাৰ উপৰিও বহুতো নৱ নিৰ্মিত ঘৰ ব্ৰিটিছ শাসন কালৰ আৰ্হিত সজোৱা বাবে পুৰণি ঐতিহ্য ম্লান পৰা নাই ৷ ব্যক্তিগত ঘৰসমূহো লন, বাগিচাৰে ব্ৰিটিছৰ দৰেই ৰাখিছে ৷ নুৱাৰা-ইলিয়া শীতল জলবায়ু সমৃদ্ধ আৰু এঢলীয়া হোৱা বাবে চাহ খেতিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ অঞ্চল হিচাপে বিবেচিত আৰু যথেষ্ট উন্নত মানৰ চাহ উৎপাদনৰ বাবে বিখ্যাত ৷ চহৰখনৰ আশে-পাশে ভ্ৰমণকাৰীক আকৰ্ষণ কৰিব পৰাকৈ বহুতো দৰ্শনীয় ঠাই আছে যদিও আমাৰ ভ্ৰমণসূচীত নুৱাৰা-ইলিয়া অন্তৰ্ভুক্ত নাছিল বাবে সেই ঠাইবোৰ চোৱাৰ সময় ন’হল ৷ তাৰ পৰা উভতি কেণ্ডিৰ কাষতে থকা ‘ৰয়েল বোটানিকেল গাৰ্ডেন’লৈ আহিলোঁ ৷
বৃহৎ এলেকা আগুৰি থকা এই গাৰ্ডেনখন ভালদৰে চাম বুলি ভাবিলে যথেষ্ট সময়ৰ প্ৰয়োজন ৷ প্ৰৱেশ পথত গাৰ্ডেনৰ মেপ এখন দিয়ে যাতে ভ্ৰমণকাৰীৰ অসুবিধা নহয় ৷ গাৰ্ডেনৰ ভিতৰভাগ পৰিভ্ৰমণৰ সুবিধাৰ বাবে অটো সদৃশ তিনি-চকীয়া বেটাৰীচালিত ৰিক্সা পোৱা যায় যদিও পৰ্যটকৰ তুলনাত কম ৷ আমি তেনে বাহন এখনতে উঠি গোটেই গাৰ্ডেনখন ফুৰিলোঁ ৷ বিভিন্ন দুষ্প্ৰাপ্য গছ, অৰ্কিড, কেকটাছ, বিভিন্ন প্ৰজাতিৰ বাঁহ, পাম গছ, ঔষধি গছ আদিৰে প্ৰায় চাৰি-হাজাৰৰো অধিক বিভিন্ন প্ৰজাতিৰ গছ, বিবিধ ফুলৰ বাগিচা, অৰ্কিড ভৱন, বৃহৎ লন, হ্ৰদ আদিয়ে প্ৰতিজন পৰ্যটকক আকৰ্ষণ কৰে ৷ এই গাৰ্ডেনৰ ইতিহাস যেনেদৰে পুৰণি সেইদৰে বহু শ-বছৰ পুৰণি গছো আছে ৷ ৰয়েল বোটানিকেল গাৰ্ডেন খন ‘পেৰাদেনিয়া বোটানিকেল গাৰ্ডেন’ নামেও জনাজাত ৷ এই গাৰ্ডেন শ্ৰীলংকাৰ ইতিহাস আৰু সংস্কৃতিৰ এটি গুৰুত্বপূৰ্ণ অংশ হিচাপে বিবেচিত ৷ আদিতে ৰাজপৰিয়াল আৰু ব্ৰিটিছসকলৰ খোজ কঢ়াৰ ঠাই আছিল যদিও বৰ্তমান পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷
পিছদিনা আমাৰ কেণ্ডিৰ পৰা কলম্বো অভিমুখে যাত্ৰা ৷ শ্ৰীলংকা ভ্ৰমণৰ শেষদিন৷ কলম্বো আহি পাওঁতেই প্ৰায় পাঁচ বাজিল ৷ চহৰখনৰ দৰ্শনীয় ঠাই বিশেষ চোৱাৰ বাবে আমাৰ সময় নহ’ল ৷ মূল পথেৰে বাহিৰৰ পৰাই দৰ্শনীয় ঠাইসমূহ চাই ভাৰত মহাসাগৰৰ বৃহত্তম আৰু ব্যস্ততম কলম্বো বন্দৰখনকে চাওঁ বুলি তালৈকে গ’লোঁ ৷ ভৌগোলিক অৱস্থানৰ বাবে পৃথিৱীৰ শীৰ্ষ বন্দৰসমূহৰ ভিতৰত এটা বন্দৰ হিচাপে পৰিগণিত ৷ কলম্বো বন্দৰে ইউৰোপ, আফ্ৰিকা, আমেৰিকা মহাদেশৰ পূব উপকূলৰ সৈতে প্ৰাচ্যৰ সংযোগ স্থাপন কৰিছে ৷ বন্দৰ কতৃৰ্পক্ষৰ দ্বাৰা পৰিচালিত কলম্বো আলোক গৃহ বন্দৰৰ দক্ষিণে গালবোক্কা পইন্টত অৱস্থিত ৷ প্ৰায় সাতাইশ মিটাৰ উচ্চতাৰ এই আলোক গৃহ ভাৰত মহাসাগৰৰ নৈসৰ্গিক দৃশ্য চোৱাৰ বাবে এটি লেণ্ডমাৰ্ক ৷ আলোক গৃহৰ বহিঃ ভাগত নৌ-বাহিনীৰ পঁচিশটা ঐতিহ্যবাহী কামান ৰখা হৈছে ৷ ঐতিহ্য অনুসৰি প্ৰতি বছৰে চাৰি ফেব্ৰুৱাৰীত শ্ৰীলঙ্কাৰ জাতীয় দিৱস হিচাপে পালন কৰা হয় ৷ সেইদিনাখন এই কামানেৰে সামৰিক অভিবাদন (Salute) জনোৱা হয় ৷
তাৰ পৰা উভতি কলম্বোৰ এখন ম’ললৈ গৈ শ্ৰীলংকাৰ বজাৰৰ বুজ লৈ হোটেলত নিশাটো কটাই পিছদিনা ৰাতিপুৱা পাঁচ বজাতেই কলম্বোৰ পৰা ওভতনি যাত্ৰা ৷
শ্ৰীলংকা ভাৰত মহাসাগৰৰ মুক্তা আৰু ভাৰতৰ অশ্ৰুবিন্দু বুলিও পৰিচিত ৷ এই দুই নাম দিয়াৰ মূলতে এই দেশৰ বৰ্ণনাতীত প্ৰাকৃতিক সৌন্দৰ্য, অসাধাৰণ জৈৱবৈচিত্ৰ্য আৰু তাত পোৱা বিভিন্ন মূল্যৱান ৰত্ন ৷ দ্বীপৰ আকৃতি এটোপাল চকুৰ পানীৰ দৰে হোৱাৰ বাবে ভাৰতৰ অশ্ৰুবিন্দু বুলিও কোৱা হয় ৷ শ্ৰীলংকা এখন বহুজাতিৰ ৰাষ্ট্ৰ, বিভিন্ন সংস্কৃতি, ভাষা আৰু জাতিৰ আৱাসস্থল যদিও মুঠ জনসংখ্যাৰ গৰিষ্ঠ সংখ্যক লোক সিংহলী ৷
বিভিন্ন পশু-পক্ষী, সৰীসৃপ আৰু উভচৰ প্ৰাণীৰ আৱাসস্থল হোৱা বাবে ‘ইয়ালা নেশ্বনেল পাৰ্ক’ আৰু তিমি মাছ চোৱাৰ বাবে মিৰিছা, ত্ৰিংকোমালিলৈ বন্যপ্ৰাণী প্ৰেমী পৰ্যটকৰ সোঁত বয় যদিও আমাৰ যোৱা নহ’ল ৷ প্ৰকৃততে কোনো এখন দেশলৈ ফুৰিবলৈ গ’লে সীমিত সময়ৰ ভিতৰত সকলো দৰ্শনীয় স্থান সামৰি লোৱা সম্ভৱ নহয় ৷
প্ৰথমতে ১৮২৪ চনত ব্ৰিটিছসকলে চীন দেশৰ পৰা চাহ-গছ আনি কেণ্ডিৰ ৰয়েল বোটানিকেল গাৰ্ডেনত প্ৰদৰ্শিত কৰিছিল ৷ বৰ্তমান শ্ৰীলংকা উন্নত মানৰ চাহ উৎপাদন আৰু ৰপ্তানিৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে এখন লেখত লবলগীয়া দেশ ৷ প্ৰায় এক মিলিয়নতকৈও অধিক লোক চাহ শিল্পৰ সৈতে জড়িত ৷ কেণ্ডিৰ পৰা মাত্ৰ চাৰি কিলোমিটাৰ দক্ষিণে অৱস্থিত ‘চিলন টি মিউজিয়াম’ত শ্ৰীলংকাৰ চাহৰ ইতিহাসৰ বিষয়ে জনাৰ সুবিধা পোৱা যায় ৷ বৃহৎ পৰিমাণৰ চাহ উৎপাদনৰ উপৰিও শ্ৰীলংকাই পৃথিৱীৰ বিভিন্ন দেশলৈ ডালচেনি ৰপ্তানি কৰাৰ বাবেও জনাজাত ৷
দক্ষিণ-পশ্চিম শ্ৰীলংকাৰ ৰত্নপুৰাত সমুদ্ৰ পৃষ্ঠৰ পৰা সাত-হেজাৰ ফুটৰো বেছি ওখ পাহাৰীয়া অঞ্চলত অৱস্থিত ‘আদাম পিক’ হাজাৰ বছৰৰো আগৰে পৰাই পবিত্ৰ স্থান হিচাপে পৰিচিত ৷ বৌদ্ধধৰ্ম্বাৱলম্বী লোকসকলৰ মাজত এই স্থান শ্ৰীপদ নামে পৰিচিত, যাৰ অৰ্থ পবিত্ৰ পদচিহ্ন ৷ তেওঁলোকে বিশ্বাস কৰে বুদ্ধদেৱ স্বৰ্গলৈ যোৱাৰ পথত ইয়াতে তেওঁৰ ভৰিৰ চিহ্ন ৰাখি গৈছে ৷ আনহাতে হিন্দুসকলৰ মতে ভগৱান শিৱৰ ভৰিৰ চিহ্ন, খৃষ্টীয়ান আৰু ইছলামধৰ্মী সকলৰ মতে আকৌ আদামৰ ভৰিৰ চিন ৷ পাঁচ হাজাৰৰো বেছি চিৰি বগাই যাব লাগে বাবে আমাৰ তালৈ যোৱা সম্ভৱ নহ’ল ৷
সিংহ পতাকা নামে পৰিচিত শ্ৰীলংকাৰ জাতীয় পতাকা বিশ্বৰ প্ৰচীনতম পতাকা সমূহৰ ভিতৰত এখন বুলি কোৱা হয় ৷ ১৬২ খৃষ্টপূৰ্বৰে এইখনেই একমাত্ৰ পতাকা য’ত বিভিন্ন ধৰ্মীয় বিশ্বাসক স্বীকিৃত কৰে ৷ ৰঙীন পতাকাখন যথেষ্ট জটিল ৷ পতাকাত থকা সিংহৰ চিত্ৰই সিংহলী জনগোষ্ঠী, জাতিৰ শক্তি আৰু সাহসক প্ৰতিনিধিত্ব কৰে ৷সিংহৰ আগফালৰ সোঁ-ভৰিৰে ধৰি থকা তৰোৱালখনে জাতিটোৰ সাৰ্বভৌমত্বক প্ৰতিনিধিত্ব কৰে ৷ পতাকাত থকা আঁহতৰ পাত চাৰিটাই (শ্ৰীলংকাত ব-পাত বুলি কোৱা হয়) বৌদ্ধধৰ্ম আৰু দেশত ইয়াৰ প্ৰভাৱৰ প্ৰতীক– প্ৰেম-দয়া, সুখ, সমতা আৰু সহানুভূতিশীলতা প্ৰতিনিধিত্ব কৰে ৷ মেৰুণ ৰঙে সিংহলী সংখ্যাগৰিষ্ঠ , কমলা ৰঙে হিন্দু অৰ্থাৎ শ্ৰীলংকাৰ তামিল আৰু সেউজীয়া ৰঙে ইছলাম ধৰ্মৰ লোকসকলক প্ৰতিনিধিত্ব কৰে ৷
আন এটি উল্লেখনীয় কথা ১৯৬০ চনত সিংহলৰ ষষ্ঠ প্ৰধান মন্ত্ৰী চিৰিমাভো বন্দৰনাইকে (Sirimavo Bandaranaike) বিশ্বৰ প্ৰথম গৰাকী মহিলা প্ৰধান মন্ত্ৰীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় ৷ শ্ৰীলংকাত শিক্ষাৰ ওপৰত অত্যন্ত গুৰুত্ব দিয়া হয় ৷ শতকৰা ৯২ জন শিক্ষিত লোকেৰে দক্ষিণ এচিয়াৰ ভিতৰতে শ্ৰীলংকাৰ সাক্ষৰতাৰ হাৰ বেছি ৷
শ্ৰীলংকাৰ প্ৰতিখন হোটেল ৰাতি থকাৰ বাবে নহয় ৷ ৰেস্তোৰাঁ, কেফে, বাৰ আদিকো হোটেল বুলিয়েই নামকৰণ কৰা হয় ৷ ফলত কেতিয়াবা পৰ্যটকৰ বাবে বিভ্ৰান্তিৰ কাৰণ হৈ পৰা স্বাভাৱিক ৷ আন এটি বিভ্ৰান্তিকৰ কথা দেখা পাইছিলোঁ ৷ বেছিভাগ দেশতে সন্মতি জনাবলৈ মূৰ দুপিয়াই আৰু মূৰ জোকাৰি না কয় ৷ কিন্তু শ্ৰীলংকাত সম্পূৰ্ণ বিপৰীত ৷ সন্মতি জনাবলৈ ইফালৰ পৰা সিফাললৈ মূৰ জোকাৰি দিয়ে ৷ সেয়ে প্ৰথমতে চাৰথৰ লগত আমাৰ বৰ অসুবিধা হৈছিল ৷
শ্ৰীলংকা আৰু ভাৰতৰ মাজৰ অঞ্চল– যিটো আদামৰ দলং নামেৰে পৰিচিত, হিন্দু ভক্তসকলে বিশ্বাস কৰে ৰাম আৰু বান্দৰ সেনাই সীতাক উদ্ধাৰৰ বাবে নিৰ্মাণ কৰিছিল ৷ অৱশ্যে বিজ্ঞানী আৰু পুৰাতত্ত্ববিদসকলে ইয়াক বালি আৰু শিলৰ প্ৰাকৃতিক গঠন বুলিহে অনুমান কৰে ৷
মানুহে ৰোপণ কৰা পৃথিৱীৰ আটাইতকৈ পুৰণি জীৱিত গছজোপা শ্ৰীলংকাৰ অনুৰাধাপুৰাত বুলি জনাজাত ৷ শ্ৰী মহাবোধি নামে পৰিচিত এই গছজোপা দুহেজাৰ বছৰতকৈও অধিক পুৰণি বুলি কোৱা হয় ৷ বুদ্ধগয়াৰ যিজোপা গছৰ তলত বহি বুদ্ধদেৱে জ্ঞান লাভ কৰিছিল সেই গছৰ ডাল ৰোপন কৰি হোৱা গছজোপা আজিও জীৱিত ৷
আকাৰত সৰু হ’লেও শ্ৰীলংকাত পৰ্যটকে উপভোগ কৰিব পৰা সমল যথেষ্ট আছে ৷
জোনা মহন্ত, ২੦১৮ জুলাই