Skip to content
জোনালীৰ ডায়েৰী
Jona Mahanta
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

  • Home
  • Poems
  • Travelblog
  • Articles
  • Videos
  • Profile
  • Gallery
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

অনন্য লাডাখ

Jona Mahanta, September 22, 2011September 3, 2023

  লাডাখ পৰ্যটকৰ এনেকুৱা এখন গন্তব্য স্থান, মোৰ দৃষ্টিত প্ৰতিজন ভ্ৰমণবিলাসীলোকে জীৱনত এবাৰ হ’লেও  লাডাখ ভ্ৰমণ কৰা উচিত ৷ বহুৰঙী পাহাৰৰ  নাটকীয় দৃশ্য, স্ফটিক স্বচ্ছ আকাশ, সৰ্বোচ্চ পৰ্বতৰ পাছ, দুঃসাহসিক কাৰ্যকলাপ আদিৰ বাবেই লাডাখ আকৰ্ষণীয় ৷ সপোনৰ গন্তব্যস্থান বুলি কোৱা লাডাখৰ সৌন্দৰ্যৰ বিষয়ে বৰ্ণনা কৰিবলৈ বিচৰাটো এটা  মাথোঁ বৃথা চেষ্টাহে ৷ এই ঠাইখনৰ অবৰ্ণনীয় সৌন্দৰ্য কোনো ভ্ৰমণকাহিনী, ফটো বা ভিডিঅ’ চাই অনুভৱ কৰা সম্ভৱ নহয় ৷ এখন দেৱভূমি বুলি ক’লেও বঢ়াই কোৱা নহ’ব ৷ ইয়াৰ উপৰিও তিব্বতী বৌদ্ধ সংস্কৃতিৰ অন্যতম বিশুদ্ধ অৱশিষ্টও ইয়াৰ আন এটা বৈশিষ্ট্য ৷ 

             ২০১১ চনত পৰিয়ালৰ আটাইকেইজনে ক’ৰবালৈ ফুৰিবলৈ যোৱাৰ মন মেলিলোঁ ৷ কিন্তু ক’লৈ যাম ! ফুৰিবলৈ যোৱাৰ সময়ত ঠাই নিৰ্বাচনত সকলোৰে মতামত বেলেগ বেলেগ হোৱা স্বাভাৱিক ৷ প্ৰতিজন লোকৰে ফুৰিবলৈ যোৱাৰ উদ্দেশ্য বিভিন্ন হোৱাৰ উপৰিও  পছন্দও ভিন্‌ ভিন্‌– কোনোবাই ঠাইখনৰ দৰ্শনীয় স্থানসমূহ উপভোগ কৰি ভাল পায়, কোনোবাই বিভিন্ন খাদ্যৰ ৰুচি লৈ আনন্দ পায় কিছুমানে আকৌ বজাৰ কৰি ভাল পায় ৷ মই মতামত আগবঢ়ালোঁ, এইবাৰ আমি লাডাখলৈকে যাওঁ ৷ অৱশেষত সৰ্বসন্মতিক্ৰমে লাডাখলৈ যোৱাটোৱেই গৃহীত হ’ল ৷

            চেপ্তেম্বৰ মাহৰ ২২ তাৰিখে মই, মোৰ গৃহস্থ ডাঃ হৰেশ্বৰ মহন্ত আৰু আমাৰ জীয়ৰী বনানী (মাতু) তিনিও  লাডাখ ভ্ৰমণৰ উদ্দেশ্যে দিল্লীলৈ উৰা মাৰিলোঁ ৷ আমাৰ পুত্ৰ দেৱৰ্ষি (বিতু) সেইসময়ত তিৰুচিৰাপল্লীত পৰীক্ষাৰ বাবে ব্যস্ত থকা বাবে আমাৰ লগত যাব নোৱাৰিলে ৷ দিল্লীৰ হোটেলত নিশাটো কটাই পিছদিনা অৰ্থাৎ ২৩ চেপ্তেম্বৰত ৰাতিপুৱা চাৰে ছয় বজাতেই  এয়াৰ ইণ্ডিয়া বিমান সেৱাৰে দিল্লীৰ পৰা লেহলৈ উৰা মাৰিলোঁ ৷ ওখ পাৰ্বত্য অঞ্চলত পিছবেলালৈ বতাহৰ প্ৰকোপ যথেষ্ট বেছি হয় সেয়ে পুৱাৰভাগতে বিমানৰ চলাচল কৰে ৷

জাান্সকাৰ আৰু সিন্ধু নদীৰ সঙ্গম

 লাডাখলৈ যোৱাৰ সিদ্ধান্ত লওঁতেই বহু শুভাকাঙ্খীয়ে কৈছিল– উচ্চ উচ্চতাৰ বাবে লাডাখত বহু পৰ্যটকৰ Acute Mountain Sickness হয় ৷ লেহ সমুদ্ৰপৃষ্ঠৰ পৰা ১১,০০০ ফুট উচ্চতাতকৈও বেছি উচ্চত অৱস্থিত হোৱা বাবে ওপৰলৈ উঠি যোৱাৰ লগে লগে বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ আৰু বায়ুৰ চাপ কমি আহিবলৈ ধৰে ৷ ইয়াৰ ফলত বহু পৰ্যটকৰ মূৰৰ বিষ, বমি, ভাগৰ লগা আদি বিভিন্ন সমস্যাই দেখা দিয়ে। সেয়ে মনৰ মাজত এটা ভয়ে বাহ লৈ আছিল ৷ অৱশ্যে আমাৰ লাডাখ ভ্ৰমণত এনে কোনো বিশেষ সমস্যা নহ’ল ৷ প্ৰায় ডেৰ  ঘণ্টা অনন্য প্ৰাকৃতিক সৌন্দৰ্যৰ ওপৰেৰে উৰণৰ অন্তত আঠ বজাত আমাৰ বিমান লেহৰ ‘কুশোক বাকুলা ৰিম্পোচি’ (Kushok Bakula Rimpochee) বিমান বন্দৰত অৱতৰণ কৰে ৷

            সমুদ্ৰ পৃষ্ঠৰ পৰা ১০৬৮২ ফুট উচ্চতাত এই বিমান বন্দৰ পৃথিৱীৰ ২৩ তম উচ্চ বাণিজ্যিক বিমান বন্দৰ ৷ লাডাখী ৰাজপৰিয়ালত জন্মগ্ৰহণ কৰা  কুশোক বকুলা ৰিম্পোছীৰ নামেৰে এই বিমান বন্দৰৰ  নামকৰণ কৰা হৈছে ৷  ভগৱান বুদ্ধৰ ১৬ জন প্ৰতক্ষ্য শিষ্যৰ ভিতৰত অন্যতম  অৰহত  বাকুলাৰ ১৯ তম অৱতাৰ বুলি বিশ্বাস কৰা কুশোক বাকুলা ৰিম্পোছে আছিল এজন বিশিষ্ট বৌদ্ধ সন্নাসী, ৰাষ্ট্ৰনেতা আৰু আন্তঃৰাষ্ট্ৰীয় কূটনীতিবিদ ৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী  মনমোহন সিঙে তেওঁক ‘আধুনিক লাডাখ’ৰ স্থপতি বুলি অভিহিত কৰিছিল ৷ ৰাষ্ট্ৰৰ দ্বিতীয় অসামৰিক উপাধি পদ্মভূষণ বঁটাৰে সন্মানিত ৰিম্পোচে একেৰাহে দুটা কাৰ্যকাল  ১৯৬৭ আৰু  ১৯৭১ লাডাখক প্ৰতিনিধিত্ব কৰি সংসদৰ সদস্য নিৰ্বাচিত হৈছিল ৷ প্ৰায় ১০বছৰ কাল মঙ্গোলিয়াত ৰাষ্ট্ৰদূত হিচাপে থকাৰ সময়ত তেওঁ ৰাছিয়া আৰু মঙ্গোলিয়াত বৌদ্ধ ধৰ্মক ভাৰতৰ তিব্বতী নিৰ্বাসিত সম্প্ৰদায়ৰ সৈতে সংযোগ কৰি পুনৰুজ্জীৱিত কৰাৰ বাবেই পৰিচিত ৷

            লেহ বিমান বন্দৰৰ দৃশ্যও অনন্য ৷ বিমানৰ পৰাই দেখিবলৈ পাইছিলোঁ কজলা পৰ্বতৰৰ শাৰী পিছফালে বৰফেৰে ঢকা ৰ’দত জলমলাই উঠা পৰ্বতৰ শৃঙ্গ ৷ লাডাখ চীন আৰু পাকিস্থানৰ সীমান্তৱৰ্তী অঞ্চল হোৱা বাবে বিমান বন্দৰত সুৰক্ষা ব্যৱস্থা যথেষ্ট কটকটীয়া ৷ সেয়ে নিৰাপত্তাৰ বাবে ফটো তোলাৰ বাবে নিষেধাজ্ঞ জাৰি কৰা আছে ৷ তীক্ষ্ণ নিৰাপত্তা পৰীক্ষণৰ  অন্তত বিমান বন্দৰৰ পৰা ওলাই আমাৰ বাবে অপেক্ষা কৰি থকা গাড়ীৰে বিমান বন্দৰৰ পৰা মাত্ৰ দুই কিলোমিটাৰ নিলগত পূৰ্ব নিৰ্ধাৰিত লা-ৰি-ছা (Lha-Ri-Sa) ৰিজৰ্টলৈ আহিলোঁ ৷ বিমান বন্দৰৰ পৰা হোটেলৰ এই পথছোৱাতেই লাডাখৰ সৌন্দৰ্যৰ আভাস পালোঁ ৷ সেই সময়তে উপলদ্ধি কৰিলোঁ আমি ভ্ৰমণৰ বাবে সঠিক গন্তব্য স্থানকে বাচনি কৰিছোঁ ৷

লা-ৰি-ছা ৰিজৰ্টখনৰো চৌদিশৰ সৌন্দৰ্য অতি মনোৰম ৷ ৰূমৰ খিৰিকিৰে বৰফেৰে আবৃত পাহাৰৰ দৃৰ্শই পৰিৱেশ অতুলনীয় কৰি তুলিছে ৷ ৰিজৰ্টৰ বিশাল চৌহদ বিভিন্ন গছ-গছনিৰে ভৰা, বিশেষকৈ গছতে পকি থকা আপেলবোৰে যেন মোক খা মোক খা কৰি আছে ৷ লেহৰ মূল বজাৰৰ কাষতে অৱস্থিত যদিও শান্ত আশ্ৰম সদৃশ পৰিৱেশে মন-প্ৰাণ সতেজ কৰি দিলে ৷ লাডাখৰ বৰষুণবিহীন জলবায়ুৰ বাবে সমতল চালৰ সৈতে গাঁথনিগত ডিজাইন লাডাখৰ চহকী সাংস্কৃতিক পৰিৱেশৰ লগত খাপ খোৱা ৷ ৰিজৰ্টৰ কোঠাসমূহ লাডাখৰ সংস্কৃতি আৰু পৰম্পৰাৰে সুসজ্জিত৷ লাডাখৰ পৰিৱেশ আৰু চৰম জলবায়ুৰ সৈতে নিজকে খাপ খুৱাই ল’বলৈ ১২ ৰপৰা ২৪ ঘণ্টালৈ জিৰণি লোৱা দৰকাৰী ৷ অন্ততঃ ভ্ৰমণকাৰীয়ে প্ৰথমদিনা জিৰণি লোৱা অতি প্ৰয়োজন ৷ আমাৰ গা বেয়া লাগিছে নেকি, উশাহ লোৱাত কিবা কষ্ট পাইছো নেকি আদি বিষয়ে আমাৰ হোটেলৰ গৰাকী  Mr.Tashi য়ে নিজেই  মাজে মাজে  আহি খবৰ কৰি আছিল ৷ সেইদিনা গোটেই দিনটো আমি হোটেলতে কটালোঁ ৷ সন্ধিয়া খোজকাঢ়ি অলপ ফুৰি আহোঁ বুলি ওলাই গলোঁ যদিও লাডাখত অলপ খোজকাঢ়িলেই যথেষ্ট ভাগৰ অনুভৱ কৰা যায় ৷ সেয়ে উভতি আহিলোঁ ৷

            ভাৰতৰ বৃহত্তৰ জম্মু-কাশ্মীৰ ৰাজ্যৰ এক উচ্চ উচ্চতাৰ অঞ্চল লাডাখ, লেহ আৰু কাৰ্গিল জিলাৰে গঠিত ৷ লাডাখৰ আটাইতকৈ ডাঙৰ চহৰ লেহত প্ৰায় ৬৭ শতাংশ বৌদ্ধ ধৰ্মীয় লোক আৰু মুঠ জনসংখ্যাৰ প্ৰায় ৭৭ শতাংশ ইছলাম ধৰ্মীয় লোকেৰে কাৰ্গিল দ্বিতীয় বৃহত্তম চহৰ ৷ লেহ জিলা সিন্ধু, শ্যোক আৰু নুব্ৰা নদী উপত্যকা আৰু কাৰ্গিল জিলা সুৰু, দ্ৰাস আৰু জান্সকাৰ নদী উপত্যকাৰে গঠিত ৷ সিন্ধুনদী লাডাখ অঞ্চলৰ মেৰুদণ্ড ৷ লাডাখৰ স্থানীয়লোকে লাডাখী আৰু তিব্বতী ভাষাই বেছিকৈ কয় ৷

              বৃহত্তৰ জন্মু-কাশ্মীৰ অঞ্চলৰ এটা অংশৰে গঠিত লাডাখ ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল ৷ ই ১৯৪৭ চনৰ পৰা ভাৰত, পাকিস্তান আৰু চীনৰ মাজত বিবাদৰ বিষয় হৈ পৰিছে ৷ লাডাখৰ পূবে তিব্বত স্বায়ত্ত শাসিত অঞ্চল, দক্ষিণে ভাৰতৰ হিমাচল প্ৰদেশ ৰাজ্য, পশ্চিমে ভাৰত প্ৰশাসিত জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চল আৰু পাকিস্তান প্ৰশাসিত গিলগীট-বাল্টিস্তান আৰু দক্ষিণ-পশ্চিম কোণত সুদূৰ উত্তৰ দিশত কাৰাকোৰাম পাছৰ সিপাৰে জিনজিয়াং ৷ ই উত্তৰে কাৰাকোৰাম পৰ্বতমালাৰ চিয়াচেন হিমবাহৰ পৰা দক্ষিণে মূল হিমালয়লৈকে বিস্তৃত ৷ জনবসতিহীন আক্সাই চিন সমভূমিৰে গঠিত পূব মূৰটো ভাৰত চৰকাৰে লাডাখৰ অংশ হিচাপে দাবী কৰে যদিও ১৯৬২ চনৰ পৰা চীনৰ নিয়ন্ত্ৰণত আছে ৷

            পূৰ্বতে লাডাখে গুৰুত্বপূৰ্ণ বাণিজ্যিক পথৰ সংযোগস্থলত থকা কৌশলগত অৱস্থানৰ বাবে গুৰুত্ব লাভ কৰিছিল ৷ ১৯৬০ চনত চীন কৰ্তৃপক্ষই তিব্বত স্বায়ত্তশাসিত অঞ্চল আৰু লাডাখৰ মাজৰ সীমান্ত বন্ধ কৰাৰ পাছত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কমি আহে ৷ সীমান্তৱৰ্তী অঞ্চলত অৱস্থিত হোৱা বাবে লাডাখত ভাৰতীয় সামৰিক বাহিনীৰ শক্তিশালী উপস্থিতি দেখিবলৈ পোৱা যায়৷ ভাৰত চৰকাৰে ১৯৭৪ চনৰ পৰাহে  লাডাখক এখন পৰ্যটন স্থানৰ অনুমতি প্ৰদান কৰিছে ৷

            তিব্বতৰ সৈতে সাংস্কৃতিক আৰু ভৌগোলিক সাদৃশ্যৰ বাবে লাডাখক ‘লিটিল তিব্বত’ (Little Tibet) বুলিও কোৱা হয় ৷ লাডাখক ‘লা-দ্বাগ’ (La-Dvags) অৰ্থাৎ উচ্চ পাছৰ ভূমি বুলিও কোৱা হয় ৷ বিভিন্ন তিব্বতী উপভাষাত ‘লাডাক’ বুলিও উচ্চাৰণ কৰা হয় ৷  লা অৰ্থাৎ পৰ্বতৰ পাছ আৰু ডাক অৰ্থাৎ দেশ ৷  অৰ্থাৎ নামেই ইয়াৰ পৰিচয় বহন কৰে ৷ ইংৰাজী বানান লাডাখ পাৰ্চী ভাষাৰ পৰা উদ্ভৱ হৈছে ৷ স্থানীয় ভাষাৰ নামসমূহৰ ভিতৰত কাঞ্চপা (তুষাৰ দেশ) আৰু ৰিপুল (পৰ্বতৰ দেশ) অন্যতম ৷ এই অঞ্চলটো পূৰ্বতে মৰিউল (Maryul) নামেৰে জনাজাত আছিল ৷ ভাৰতৰ আটাইতকৈ কম জনবসতিপূৰ্ণ অঞ্চলৰ ভিতৰত লাডাখ অন্যতম ৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি লাডাখৰ জনসংখ্যা মাত্ৰ ২৭৪২৮৯ ৷ ইয়াৰ সংস্কৃতি আৰু ইতিহাস তিব্বতৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ৷

ইয়াৰ নদীৰ উপত্যকাই প্ৰধান জনবসতিপূৰ্ণ অঞ্চল যদিও পৰ্বতৰ ঢালবোৰত চাংপা জনগোষ্ঠীৰ যাযাবৰীসকলে বসবাস কৰে ৷ সীমিত কৃষিৰ বাবে তেওঁলোকৰ জীৱন প্ৰধানকৈ পশুপালনৰ ওপৰত নিৰ্ভৰশীল ৷ বিশেষকৈ  বিশ্ববিখ্যাত পশ্‌মিনা ঊণৰ বাবে বিৰল প্ৰজাতিৰ পশ্‌মিনা  (Pashmina) ছাগলী পালন কৰাৰ লগতে আন জীৱ-জন্তু পালন কৰি জীৱন নিৰ্বাহ কৰে ৷ লাডাখৰ মূল ধৰ্মীয় গোটসমূহ হ’ল চিয়া মুছলমান, বৌদ্ধ  (মূলতঃ তিব্বতী বৌদ্ধ) ৷ হিন্দু আৰু অন্য ধৰ্মৰ লোকৰ সংখ্যা অতি কম ৷

            লাডাখৰ গৰিষ্ঠসংখ্যক পথৰ চোৱা-চিতা কৰে সীমান্ত পথ সংস্থাই ৷ আমাৰ লাডাখ ভ্ৰমণৰ সময়ত লাডাখক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰা দুটা মূল পথ আছিল ৷ শ্ৰীনগৰৰ পৰা কাৰ্গিল আৰু লেহ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ আৰু  মানালীৰ পৰা লেহ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ ৷  বৰ্তমান যদি নতুন পথ নিৰ্মাণ হৈছে সেই বিষয়ে মই নাজানোঁ ৷ লাডাখৰ একমাত্ৰ বিমানবন্দৰ কুশোক বাকুলা ৰিম্পোছী  আৰু দিল্লীৰ মাজত দৈনিক আৰু সাপ্তাহিকভাৱে শ্ৰীনগৰ আৰু জম্মুলৈ বিমান যাতায়ত কৰে ৷ সামৰিক পৰিবহণৰ বাবে দৌলাট বেগ অল্ডি আৰু ফুকচেত দুটা বিমানবন্দৰ আছে ৷ কাৰ্গিলত থকা বিমানবন্দৰটো ভাৰতীয় সেনাই ব্যৱহাৰ কৰে ৷ লাডাখলৈ যোৱাৰ বাবে সহজ আৰু আৰামদায়ক ব্যৱস্থা হৈছে বিমান সেৱা ৷  অৱশ্যে পথেৰে  যাত্ৰা কৰাত যে বেছি ৰোমাঞ্চকৰ হ’ব সেয়া সহজেই অনুমান কৰিব পাৰি ৷

            পূৰ্বে লাডাখ জম্মু-কাশ্মীৰ ৰাজ্যৰ অংশ আছিল যদিও ২০১৯ চনৰ ৩১ অক্টোবৰত জম্মু-কাশ্মীৰ পূণর্গঠন আইন গৃহীত হোৱাৰ পাছত লাডাখ ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে প্ৰস্তাৱ লোৱা হয় ৷ লাডাখ ভাৰতৰ সৰ্ববৃহৎ আৰু দ্বিতীয় কম জনবহুল কেন্দ্ৰীয় শাসিত অঞ্চল ৷

            লাডাখ বছৰৰ প্ৰায় সময়তে অত্যন্ত নিম্ন তাপমানৰ বাবে পৰিচিত ৷ শীতকালত ৰাতি তাপমান  -১৫ ডিগ্ৰী চেলচিয়াচলৈও হ্ৰাস পায় ৷ সেয়ে লাডাখ ভ্ৰমণৰ বাবে বিশেষকৈ গ্ৰীষ্মকাল উপযুক্ত ৷ দৰ্শনীয় স্থানসমূহত এপ্ৰিল মাহৰ পৰা জুলাইলৈ লাডাখৰ তাপমান ১৫ ৰ পৰা ২৫ ডিগ্ৰী চেলচিয়াচৰ ভিতৰত থাকে ৷ গতিকে এই সময়ছোৱা মধ্যমীয়া তাপমানৰ বাবে পৰ্যটকৰ বাবে আৰামদায়ক  হোৱাৰ লগতে ইয়াৰ সৌন্দৰ্য উপভোগৰ বাবে উৎকৃষ্ট সময় ৷ অৱশ্যে সহজেই অনুমান কৰিব পাৰি যে শীতকালতো লাডাখৰ নিজস্ব সৌন্দৰ্য আছে ৷ এইকাৰণতে বহুতো দুঃসাহসিক পৰ্যটকে বৰফেৰে আবৃত লাডাখ ভ্ৰমণৰ বাবে আহে ৷  ইয়াৰ উপত্যকা, হ্ৰদ, গছ বিহীন পাহাৰ, ঠাণ্ডা মৰুভূমি, উচ্চ উচ্চতাৰ পাছ আদিয়ে অসাধাৰণ হোৱাৰ অনুভৱ দিয়ে ৷ লাডাখৰ প্ৰাকৃতিক দৃশ্যই ইয়াক ভাৰত ভ্ৰমণৰ বাবে শ্ৰেষ্ঠ ঠাইসমূহৰ ভিতৰত অন্যতম কৰি তুলিছে ৷ লাডাখৰ ব্যতিক্ৰমী সৌন্দৰ্যক অতুলনীয় কৰি তুলিছে ইয়াৰ তিব্বতী স্থাপত্যৰ প্ৰাচীন মঠ, কীৰ্তিচিহ্ন, বিচিত্ৰ গাঁও আৰু বজাৰ আদিয়ে, যিসমূহে ইয়াক পৰ্যটকৰ ভ্ৰমণৰ বাবে অন্যতম শ্ৰেষ্ঠ ঠাই কৰি তুলিছে ৷

  চিত্ৰময় লেহ চহৰখনৰ আশে-পাশেই আছে কেইবাখনো পৰ্যটকৰ আকৰ্ষণীয় দৰ্শনীয় স্থান ৷ প্ৰকৃতি প্ৰেমী, সাংস্কৃতিক অনুৰাগী, ইতিহাসৰ প্ৰতি আগ্ৰহী অথবা দুঃসাহসিক কৰ্মৰ প্ৰতি উৎসাহী যিকোনো ধৰণৰ পৰ্যটকৰ বাবেই লাডাখ ৰোমাঞ্চকৰ ৷

             পিছদিনা ৰাতিপুৱা হোটেলতে ব্ৰেকফাষ্ট কৰি লেহৰ ওচৰৰ পৰ্যটকৰ আকৰ্ষণীয় স্থানসমূহ চোৱাৰ বাবে সাজু হ’লোঁ ৷ ইতিমধ্যে আমাৰ লেহ ভ্ৰমণৰ বাবে আগতীয়াকৈ ঠিক কৰি থোৱা গাড়ীখনো আহি পালে ৷ প্ৰথমতে আমি লেহৰ আটাইতকৈ জনপ্ৰিয় আৰু চহকী বুলি পৰিচিত ‘হেমিছ মঠ’লৈ যাত্ৰা কৰিলোঁ ৷ লেহ-মানালী পথত লেহৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ নিলগত হেমিছ মঠ অৱস্থিত ৷ মসৃণ পথেৰে শুকান শিলাময় পাহাৰৰ কলাত্মক দৃশ্য উপভোগ কৰি সিন্ধু নদী পাৰ হৈ কিছুদূৰ গৈ হেমিছ মঠৰ প্ৰৱেশদ্বাৰ পালোঁ ৷ গাড়ীৰ পৰা নামিয়েই হেমিছ মঠৰ প্ৰথম দৃশ্যই হৃদয় চুই গ’ল৷ ষ্টক পাহাৰৰ সুন্দৰ দৃশ্যপটত প্ৰতিষ্ঠা কৰা  এই মঠ ভ্ৰমণৰ অভিজ্ঞতা আছিল ৰোমাঞ্চকৰ আৰু সৌন্দৰ্যৰ মিশ্ৰণ ৷

            মূল প্ৰৱেশদ্বাৰৰ দুয়োফালে অসংখ্য ৰঙীণ প্ৰাৰ্থনাৰ পতাকা বতাহত উৰি চৌদিশৰ পৰিৱেশ অধিক আধ্যাত্মিক কৰি তুলিছে ৷ তিব্বতী শৈলীৰ স্থাপত্যৰে নিৰ্মিত মঠৰ মূল ভৱনটোৰ দেৱাল বগা ৷ মঠৰ বিশাল কেন্দ্ৰীয় চোতালৰ চাৰিওফালে বিভিন্ন ধৰ্মীয় চিত্ৰ অংকিত কৰা কেইবাটাও তিব্বতী শৈলীৰ ৰঙীন আকৰ্ষণীয় ভৱন আছে ৷ মঠৰ দেৱালত অংকিত কৰা আকৰ্ষণীয় চিত্ৰবোৰে (Murals) বিভিন্ন কাহিনী বৰ্ণনা কৰে ৷  হেমিচৰ এটা মন্দিৰত মাকালীৰ মূৰ্তি আছে ৷ বৌদ্ধ মঠত দেৱী মাকালীৰ মূৰ্তি প্ৰতিষ্ঠাৰ কাৰণ ধৰিব নোৱাৰিলোঁ ৷ পাহাৰ আৰু ভূ-প্ৰকৃতিৰ মনোমোহা দৃশ্য দেখি মুগ্ধ হৈ পৰিলোঁ ৷ সভাগৃহত মঠৰ ৰক্ষক দেৱতা বুলি বিশ্বাস কৰা দেৱতাৰ মূৰ্তি, ভগৱান বুদ্ধৰ সোণৰ মূৰ্তি, প্ৰাৰ্থনা হলত তিব্বতী ছবি অংকিত কৰা বহুতো থাংকাৰ সংগ্ৰহ ৰখা আছে ৷  মঠৰ চৌহদত বহুতো তিব্বতী ধৰ্মীয় পুথিৰ পুথিভঁৰাল এটাও আছে ৷ মঠৰ সংগ্ৰহালয় অস্ত্ৰ-শস্ত্ৰ, তিব্বতী কিতাপ, পুৰণি নথি-পত্ৰ, বৌদ্ধ থাংকা, সোণৰ মূৰ্তি আৰু তন্ত্ৰ-মন্ত্ৰত ব্যৱহূত সামগ্ৰী আদিৰ বিস্তৃত সংগ্ৰহেৰে সমৃদ্ধ ৷ মঠৰ দেৱালত অংকিত আকৰ্ষণীয় চিত্ৰ (Murals)বোৰে বিভিন্ন কাহিনী বৰ্ণনা কৰে ৷ সংগ্ৰহালয়ৰ তলৰ মহলাত সৰু স্মৃতিচিহ্নৰ দোকান এখনো আছে ৷

            হেমিছ মঠৰ ইতিহাসত উল্লেখ আছে যে ইয়াৰ অস্তিত্ব একাদশ শতিকাৰ আগতেই আছিল ৷ বৰ্তমানৰ হেমিছ মঠ  লাডাখৰ ৰজা চেংগে নামগ্যালে (Sengge Namgyal) সপ্তদশ শতিকাত পুনৰ প্ৰতিষ্ঠা কৰা ৷ হেমিছৰ মঠটো যোগী টিলোপা (Tilopa) আৰু নৰোপা  (Naropa)ৰ সৈতে জড়িত ৷ নৰোপা আৰু যোগী টিলোপা হেমিছত লগ হৈছিল আৰু ইয়াৰ পৰা একেলগে প্ৰাচীন মগধ ৰাজ্যলৈ আগবাঢ়িছিল বুলি বিশ্বাস কৰা হয় ৷ হিমালয়ৰ গুপ্ত বৌদ্ধ ধৰ্মৰ কাগ্যু বংশৰ প্ৰতিষ্ঠাপক আছিল নৰোপা ৷ সেয়ে হেমিছ মঠ বৌদ্ধ ধৰ্মৰ কাগ্যু বংশৰ মূল আসন ৷ 

                       

দুদিনীয়া বাৰ্ষিক ধৰ্মীয় অনুষ্ঠান “হেমিছ উৎসৱৰ” বাবে হেমিছ মঠ জনাজাত ৷ এই উৎসৱ বুদ্ধৰ পুনৰ্জন্মৰ হিচাপে পূজা কৰা ভগৱান পদ্মসম্ভৱৰ প্ৰতি উৎসৰ্গিত ৷ জন বিশ্বাস অনুসৰি শাকমুনি বুদ্ধই গুৰু পদ্মসম্ভৱৰ আবিৰ্ভাৱৰ ভৱিষ্যত বাণী কৰিছিল ৷ এপাহি প্ৰফুল্লিত পদুম ফুলৰ মাজত এই গুৰুজনাৰ আবিৰ্ভাৱ হোৱা বুলি কোৱা হয় ৷ তেওঁৱেই তান্ত্ৰিক বৌদ্ধধৰ্মৰ প্ৰচলন কৰিছিল ৷ তিব্বতী কেলেণ্ডাৰ অনুসৰি চন্দ্ৰ মাহৰ দশম দিনত আৰম্ভ কৰা হয় এই উৎসৱ ৷ বিশ্বাস কৰা হয় সেইদিনা পদ্মসম্ভৱৰ জন্ম হৈছিল ৷ সেইউপলক্ষে দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা বৰ্ণিল উৎসৱত বন্যাৰ্ত মৰুভূমিখন হেমিচ উৎসৱত প্ৰাণ পাই উঠে ৷ উৎসৱৰ বাবে হেমিচ মঠ সুন্দৰকৈ সজাই তোলা হয় ৷ স্থানীয়লোকেই হওক বা ভ্ৰমণকাৰীয়েই হওক সকলোৱে বহু উদ্যমেৰে উদযাপন কৰে ৷ পদ্মসম্ভৱৰ স্মৃতিত হেমিছ মঠত পবিত্ৰ  ৰীতি-নীতিৰে পালন কৰাৰ উপৰিও ভাতৃত্ববোধক প্ৰসাৰিত কৰা উৎসৱ হিচাপে মনোৰঞ্জন, ইতিহাস, সংস্কৃতি আৰু আধ্যাত্মিকতাৰ সংমিশ্ৰণেৰে এক স্বৰ্গীয় অনুভূতি প্ৰদান কৰে ৷ কোৱা হয় এই উৎসৱ অষ্টম শতিকাৰ পৰাই প্ৰচলিত ৷ প্ৰতি ১২ বছৰৰ মূৰত হেমিছ উৎসৱৰ সময়ত লাডাখৰ আটাইতকৈ ডাঙৰ থাংকাবোৰ বিশেষকৈ “পদ্মসম্ভৱৰ থাংকা” অৰ্থাৎ গুৰু জনাৰ জীৱন বৰ্ণিত বিৰাট চিত্ৰাঙ্কণ  (কোৱা হয় দুমহলীয়াঘৰৰ সমান ওখ) জনসমাগমৰ সন্মুখত প্ৰদৰ্শন কৰা হয় ৷

 মুখা নৃত্য হেমিচ উৎসৱৰ বিশেষ আকৰ্ষণ ৷ বেয়াৰ ওপৰত ভালৰ জয়লাভক চিত্ৰিত কৰা মুখা নৃত্যক ‘চাম নৃত্য’ বুলিও কোৱা হয় ৷ প্ৰতিখন মুখাৰ নিজা বিশেষ তাৎপৰ্য থাকে ৷ বিভিন্ন মুখা পিন্ধি বাদ্যযন্ত্ৰৰ ধবনিৰ লগে লগে বিভিন্ন অংগী-ভংগীৰে মুখা নৃত্য অনুষ্ঠিত হয় ৷ শেষত দুষ্ট শক্তি বিনাশৰ প্ৰতীক হিচাপে পিঠাগুড়িৰে তৈয়াৰ কৰা দানৱৰ প্ৰতিমূৰ্তি ধবংস কৰে ৷ ইয়াৰ অৰ্থ দুষ্ট আৰু অধৰ্মৰ ওপৰত শিষ্ট আৰু ধৰ্মৰ জয় প্ৰতিপন্ন কৰা ৷

            হেমিচ উৎসৱৰ আন এটা জনপ্ৰিয় আকৰ্ষণ হৈছে লাডাখৰ স্থানীয় হস্তশিল্পৰ প্ৰদৰ্শনী যিয়ে উৎসৱৰ প্ৰতি লোকক বেছি আকৰ্ষিত কৰে ৷ চাউলৰ পানী আৰু আন আন উপাদানৰ মিশ্ৰিনেৰে তৈয়াৰ কৰা ‘চাং’ (Chhang) নামৰ এবিধ স্থানীয় সুৰা উৎসৱৰ সময়ত ৰাইজক পৰিবেশন কৰাটোও এই উৎসৱৰ এক পৰম্পৰা ৷

             হেমিছ মঠৰ পৰা আমি লেহৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগত ১১৮০০ ফুট উচ্চতাত নিৰ্মিত লাডাখৰ বৃহত্তম মঠ হিচাপে পৰিচিত ‘থিক্সে মঠ’লৈ আহোঁ ৷ বিভিন্ন বৌদ্ধ সম্প্রদায়ৰ মিশ্ৰণ, সমসাময়িক স্থাপত্য আৰু কাৰুকাৰ্যৰ সংমিশ্ৰণ আৰু নিস্তব্ধ পৰিৱেশে ইয়াৰ সামগ্ৰিক সৌন্দৰ্য বৃদ্ধি কৰিছে ৷ চকুত লগা কৈ ধুনীয়া আৰু চহকী সাংস্কৃতিক ঐতিহ্যৰ স্থান হিচাপে পৰিচিত থিক্সে  (Thiksey) মঠ ৷  ১২ মহলীয়া এই মঠৰ প্ৰতিটো মহলাৰে নিজস্ব তাৎপৰ্য আছে ৷ অসংখ্য স্তুপা, মূৰ্তি, বৌদ্ধ নিদৰ্শনেৰে সমৃদ্ধ এই মঠৰ বিভিন্ন কাৰ্যকলাপৰ বাবে মঠটো বিভক্ত কৰা   হৈছে ৷ প্ৰত্যেকটো স্থাপত্যৰে নিৰ্মাণ শৈলী অনন্য ৷ মঠৰ ওপৰলৈ উঠি যাওঁতে যথেষ্ট ভাগৰ অনুভৱ কৰিলোঁ যদিও মঠৰ বিভিন্ন ফালৰ পৰা দেখা দৃশ্যই সকলো ভাগৰ আঁতৰাই নিলে ৷ চাৰিওফালে বৰফৰ পাহাৰেৰে আবৃত এই স্থানৰ সৌন্দৰ্যই সমগ্ৰ বিশ্বৰ পৰ্যটকক আকৰ্ষণ কৰে ৷               

            মৈত্ৰেয় মন্দিৰ, তাৰা মন্দিৰ, সভাগৃহ, লামোখং মন্দিৰ, প্ৰাৰ্থনা গৃহ, নানাৰী, পুথিভঁৰাল আদি থিক্সে মঠৰ অন্তৰ্গত ৷ তাৰা দেৱীৰ নামত উচৰ্গিত তাৰা মন্দিৰত কাঁচেৰে আবৃত কাঠৰ আলমাৰীত দেৱী তাৰাৰ বিভিন্ন মূৰ্তি, লামোখং মন্দিৰ বিভিন্ন বৌদ্ধ শাস্ত্ৰৰ ভঁৰাল য’ত কেৱল পুৰুষকহে প্ৰৱেশৰ অনুমতি দিয়া হয় ৷ গাঁৱৰ স্থানীয় ল’ৰাক বৌদ্ধ ধৰ্মৰ শিক্ষা দিয়াৰ বাবে সুকীয়া ব্যৱস্থাও আছে ৷ থিক্সে মঠৰ আন এটা বৈশিষ্ট্য হ’ল মহিলা বৌদ্ধ ভিক্ষুসকলৰ বাবে আছুতীয়াকৈ ভৱন আছে ৷

মঠৰ দুই মহলা আগুৰি থকা প্ৰায় ৪৯ ফুট উচ্চতাৰ বহি থকা মৈত্ৰেয় বুদ্ধৰ মূৰ্তি এই মঠৰ অন্যতম প্ৰধান আকৰ্ষণ ৷ মণি-মুকুতা, সোণ আদি বিভিন্ন মূল্যৱান অলংকাৰেৰে সজ্জিত আকৰ্ষণীয় ভগৱান বুদ্ধৰ এই মূৰ্তি ১৯৭০ চনত চতুৰ্দশ দালাই লামাৰ ভ্ৰমণৰ সময়ত তেওঁৰ স্মৃতিত নিৰ্মাণ কৰা হৈছিল ৷ লাডাখৰ সৰ্ববৃহৎ বুদ্ধৰ মূৰ্তি হিচাপে পৰিচিত এই মূৰ্তি নিৰ্মাণ কৰিবলৈ চাৰি বছৰ সময় লাগিছিল ৷ দালাই লামাৰ পূৰ্বৰ চৰকাৰী আসন তিব্বতৰ পোটালা প্ৰাসাদ (Potala Palace)ৰ সৈতে  থিক্সে মঠৰ বহুতো সাদৃশ্য থকা বুলি কোৱা হয় ৷ সেয়ে এই মঠক ‘মিনি পোটালা’ বুলিও জনা যায় ৷ পাহাৰৰ ঢালত আৰু ভেটিৰ পৰা আৰম্ভ কৰি পাহাৰৰ ওপৰলৈকে বিভিন্ন উচ্চতাৰ গঠনসমূহ প্ৰয়োজন অনুযায়ী নিৰ্মিত ৷  প্ৰকৃততে থিক্সে মঠৰ ইতিহাস, স্থাপত্য, সংস্কৃতি, ধৰ্মীয় গভীৰতা আদিৰ বিষয়ে লিখা কঠিন ৷ বৌদ্ধ ধৰ্মৰ বিভিন্ন উপাদানেৰে সমৃদ্ধ যেনে থাংকা, দেৱালচিত্ৰ, মূৰ্তি, তৰোৱাল আদি মঠৰ উল্লেখনীয় সংগ্ৰহ ৷

            প্ৰবাদ অনুসৰি এই মঠ নিৰ্মাণত তিব্বতী বৌদ্ধ ধৰ্মৰ গেলুক্‌পা (হালধীয়া টুপীধাৰী) পন্থাৰ প্ৰতিষ্ঠাপক ছংখাপা (Tsongkhapa)  সৈতে জড়িত ৷  কোৱা হয় ছংখাপাই তেওঁৰ ছয়জন শিষ্যক তিব্বতৰ দুৰ্গম অঞ্চলত বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে পঠিয়াইছিল ৷ পঞ্চদশ শতিকাত  তেওঁৰ শিষ্য জাংচেম শ্বেৰাব জাংপো (Jangsem Sherab Zanpo) য়ে ষ্টাগমো নামৰ সৰু গাঁও এখনত লাখাং চেৰ্পো  (Lhahang Serpo) ‘হালধীয়া মন্দিৰ’ প্ৰতিষ্ঠা কৰিছিল ৷  পাছত ষ্টাগমোৰ পৰা  কেইকিলোমিটাৰ দূৰৈৰ থিক্সে নামৰ পাহাৰলৈ এই মঠ স্থানান্তৰিত কৰিছিল, যিটো বৰ্তমান থিক্সে মঠ নামেৰে পৰিচিত ৷ এই স্থানান্তৰৰ আঁৰতো আছে কিংবদন্তি ৷ জনপ্ৰিয় কিংবদন্তি অনুসৰি ষ্টাগমো মন্দিৰত পবিত্ৰ অনুষ্ঠান সমাপন কৰাৰ পিছত পালডেন জাংপো আৰু শ্বেৰাব জাংপোয়ে টৰ্মা প্ৰসাদবোৰ লৈ উপত্যকাৰ তললৈ উটুৱাবলৈ নিছিল ৷ সেই ঠাইত উপস্থিত হোৱাৰ লগে লগে হঠাতে দুটা কাউৰীয়ে টৰ্মাৰ সৈতে আনুষ্ঠানিক প্লেটখন লৈ উৰি যায় ৷ টৰ্মা হৈছে তিব্বতী বৌদ্ধ ধৰ্মৰ ৰীতি-নীতি অনুসৰি ব্যৱহাৰ কৰা এবিধ বিশেষ প্ৰসাদ ৷ শিষ্যসকলে টৰ্মা বিচাৰি বিচাৰি গৈ থিক্সেই গাঁৱৰ পাহাৰৰ ওপৰত ৰখা দেখিলে ৷ পালডেন জাংপোৱে এই ঘটনাটোক গেলুগ ক্ৰমৰ শিক্ষাৰ প্ৰচাৰৰ বাবে থিক্সেইত এটা মঠ নিৰ্মাণৰ ঐশ্বৰিক নিৰ্দেশনা হিচাপে ব্যাখ্যা কৰিছিল ৷ থিক্সে মঠৰ মূল অংশলৈ উঠি যোৱাৰ পথতে প্ৰাৰ্থনা চকাৰ পাছফালে বেৰত ছংখাপাৰ চিত্ৰ এখন অংকিত কৰা আছে ৷

            থিক্সে মঠৰ পৰা লেহৰ মূল বজাৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ নিলগৰ গম্বুজ আকৃতিৰ আন এটি আকৰ্ষণীয় স্থান ‘শান্তি স্তুপা’ লৈ আহোঁ ৷ বিশ্ব শান্তি আৰু সমৃদ্ধিৰ লগতে বৌদ্ধ ধৰ্মৰ ২৫০০ বছৰীয়া স্মৃতিত নিৰ্মিত শান্তি স্তুপা লেহৰ প্ৰধান আকৰ্ষণীয় স্থানসমূহৰ ভিতৰত এখন ৷ ধৰ্মীয় স্থান হোৱাৰ উপৰিও সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ১০৮০০ ফুট উচ্চতাত পাহাৰৰ শিখৰত অৱস্থিত বাবে স্তুপাৰ পৰা চহৰখন আৰু চৌপাশৰ বিশাল দৃশ্যও উপভোগ কৰিব পাৰি ৷ শুদ্ধ বগা ৰঙেৰে এই স্তুপা লেহ চহৰৰ প্ৰায় সকলো স্থানৰ পৰাই দেখা যায় ৷ সেয়েহে ই পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু ৷ ১৯৯১ চনত জাপানী বৌদ্ধ ভিক্ষু গ্যোম্যো নাকামুৰা (Gyomyo Nakamura)ই শান্তি পেগোডা অভিযানৰ অংশ হিচাপে নিৰ্মাণ কৰিছিল ৷ স্তুপাৰ ভেটিত ভগৱান বুদ্ধৰ ধ্বংসাৱশেষ আছে ৷ এই ধবংসাৱশেষসমূহ চতুৰ্দশ দালাই লামাই এই স্থানত দিছিল বুলি বিশ্বাস কৰা হয় ৷  সূৰ্য উদয় আৰু সূৰ্যাস্তৰ সময়ত শান্তি স্তুপা চৌপাশৰ দৃশ্যবোৰ অতি মনোৰম উঠে ৷ সেয়ে এই সময়ত স্তুপা দৰ্শনৰ সৰ্বোত্তম সময় বুলি কোৱা হয় ৷  শান্তি স্তুপা দুস্তৰীয় গঠন হিচাপে গঢ়ি তোলা হৈছে ৷ প্ৰথম স্তৰত প্ৰতিফালে হৰিণ থকা ধৰ্মচক্ৰৰ আৰু কেন্দ্ৰত এখন মঞ্চত বহি থকা সোণালী বুদ্ধৰ প্ৰতিমূৰ্তি ৷ প্ৰথম স্তৰত এটা সৰু হল আছে য’ত বহি দৰ্শনাৰ্থীয়ে ধ্যান বা প্ৰাৰ্থনা কৰিব পাৰে ৷ দ্বিতীয় স্তৰত বুদ্ধৰ জন্ম আৰু মহানিৰ্বাণ আৰু তেওঁ ধ্যান কৰি থকা মূৰ্তিৰ উপৰিও দুয়োটা স্তৰতে সৰু সৰু ধ্যানমগ্ন বুদ্ধদেৱৰ মূৰ্তিৰ শৃংখলা আছে ৷ দ্বিতীয় স্তৰৰ উন্মুক্ত প্লেটফৰ্মৰ পৰা চৌদিশৰ দৃশ্য উপভোগ কৰিব পাৰি ৷ শান্তি স্তুপাক জাপান আৰু ভাৰতৰ জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ প্ৰতীক বুলি গণ্য কৰা হয় ৷ কিছুসময় শান্তি স্তুপাত কটাই লেহ প্ৰাসাদলৈ আহিলোঁ ৷

লেহ চহৰৰ ভিতৰতে ইতিহাস আৰু সংস্কৃতিৰ নিদৰ্শন লেহ প্ৰাসাদ ৷ লেহ প্ৰাসাদ নামেৰে জনাজাত এই প্ৰাসাদটো লাচেন পালকাৰ প্ৰাসাদ  (Lachen Palkar Palace) বুলিও কোৱা হয় ৷ তিব্বতী শৈলীৰ এই প্ৰাসাদটোৰ নিৰ্মাণ কাৰ্য ৰজা চেংগে নামগ্যালে আৰম্ভ কৰিছিল ৷ ন মহলীয়া এই ৰাজপ্ৰাসাদটো জনসাধাৰণৰ বাবে মুকলি ৷ এসময়ত ইয়াৰ ওপৰ মহলাত ৰাজপৰিয়লাৰ বাসস্থান আছিল আৰু তলৰ মহলা ভঁৰাল ঘৰ আৰু পোহনীয়া জীৱ-জন্তুৰ বাসস্থান অৰ্থাৎ গোহালী  হিচাপে ব্যৱহৃত হৈছিল ৷ ঊণবিংশ শতিকাৰ মাজভাগত কাশ্মীৰী বাহিনীয়ে এই প্ৰাসাদটো ঘেৰাও কৰাত ৰাজ পৰিয়ালে  সিন্ধুনদীৰ দক্ষিণ পাৰৰ ষ্টক প্ৰাসাদলৈ যায় ৷ ফলত ৰাজপ্ৰাসাদটো পৰিত্যক্ত হৈ পৰে, আমি দেখা প্ৰাসাদটোৰ বহু অংশৰ অৱস্থাৰ অৱনতি ঘটিছে ৷  ইয়াৰ ভিতৰৰ সজ্জাৰ বহু কমেইহে আছে ৷ অৱশ্যে প্ৰাসাদৰ মিউজিয়ামত ৰাজপৰিয়ালৰ অলংকাৰ, মুকুট, আনুষ্ঠানিক সাজ-পোছাক আদিৰ লগতে  জটিল ডিজাইনৰ তিব্বতী থাংকা বা চিত্ৰৰ কিছু সংগ্ৰহ আছে ৷ প্ৰাসাদৰ লগতে নামগ্যাল স্তুপ আৰু চন্দজিক গোম্পা আদি আছে ৷ প্ৰাসাদৰ ছাদৰ পৰা লেহ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ সৌন্দৰ্য উপভোগ কৰিবলৈ উত্তম স্থান ৷ লেহ চহৰৰ যিকোনো স্থানৰ পৰাই লেহ প্ৰাসাদ চকুত পৰে ৷ সেইদিনা আমি এই নিদৰ্শন কেইটা চাই হোটেললৈ উভতিলোঁ ৷

             আন ঠাইৰ নিচিনাকৈ লাডাখত ৰাতিলৈ ফুৰিব নোৱাৰি ৷ আবেলিৰ পৰা প্ৰচণ্ড চেঁচা বতাহ এজাক ব’বলৈ ধৰে ৷  বিভিন্ন ঠাইলৈ গাড়ীৰে যোৱাৰ সময়ত ওপৰৰ স্বচ্ছ নীলা আকাশখন মহিমামণ্ডিতভাৱে নীলা দেখা যায় ৷ এনে লাগে যেন কোনোবা নিপুণ চিত্ৰশিল্পীয়ে তুলিকাৰে নীলা আকাশত বগা ডাৱৰবোৰ নিজৰ কল্পনাৰে সৃষ্টি কৰিছে ৷ গছ-বিৰিখ নোহোৱা ভিন্ন ৰঙী পাহাৰবোৰেৰে এখন সপোনপুৰী যেন লাগে ৷  ডাৱৰবোৰে বৰফেৰে আবৃত পাহাৰৰ শৃংগবোৰ স্পৰ্শ কৰি এক ময়াময় পৰিৱেশৰ সৃষ্টি কৰে ৷ এনে অনুভৱ হয় সূৰ্য যেন তেনেই ওচৰত ৷ আচলতে সমুদ্ৰপৃষ্ঠৰ পৰা ১১০০০ হাজাৰ ফুটতকৈও অধিক উচ্চতাত মসৃণ পথত যাত্ৰা কৰাটোৱেই অতি আমোদজনক ৷

            ২৫ চেপ্তেম্বৰত লাডাখক পৰ্যটনৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ কাৰকবোৰৰ ভিতৰত প্ৰধান আৰু লাডাখৰ আটাইতকৈ বেছি ভ্ৰমণ কৰা ঠাইবোৰৰ ভিতৰত অন্যতম পাংগং হ্ৰদলৈ বুলি ৰাতিপুৱাই ওলালোঁ ৷ হোটেল কর্তৃপক্ষই আমাক দিনটোৰ বাবে খোৱা বস্তু সুন্দৰকৈ পেকেট কৰি দিলে, লগতে পেলাবলগীয়া বস্তু যেনে পেকেট, কলৰ বাকলি আদি আন ঠাইত নেপেলাই আকৌ গাড়ীতে হোটেললৈ উভতাই আনিবলৈ অনুৰোধ কৰিলে ৷ ইয়াৰ পৰাই স্থানীয় লোকৰ নিজৰ ঠাইখনৰ অনুকূল পৰিৱেশৰ প্ৰতি থকা দায়বদ্ধতা আৰু পৰিস্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত কিমান সজাগ তাৰ উমান পোৱা যায় ৷

            বিশ্বৰ আটাইতকৈ উচ্চত লুণীয়া পানীৰ হ্ৰদ হিচাপে পৰিচিত  পাংগঙ  হ্ৰদ, লেহৰ পৰা প্ৰায় ১৬০ কিলোমিটাৰ নিলগত ১৩৮০০ ফুট  উচ্ছতাত অৱস্থিত৷ পাংগং হ্ৰদ নামটো তিব্বতী ভাষাৰ Pangong Tso ৰ পৰা উদ্ভৱ হৈছে যাৰ আক্ষৰিক অৰ্থ ‘উচ্চ ঘাঁহনিৰ হ্ৰদ’৷ সীমান্তৱৰ্তী অঞ্চলত অৱস্থিত হোৱা বাবে এই অঞ্চললৈ যাবলৈ হ’লে আন্তৰ্দেশীয় অনুজ্ঞ পত্ৰ (Inner Line Permit)ৰ প্ৰয়োজন ৷ অনুমতিৰ বাবে অনলাইন বা লেহৰ উপায়ুক্তৰ  অফিচত ব্যক্তিগতভাৱে আবেদন কৰিব পাৰি ৷ আমাক অৱশ্যে সকলো ব্যৱস্থা ট্ৰেভেল এজেন্সিয়ে কৰি দিছিল ৷ পাংগঙ হ্ৰদলৈ যোৱাৰ পথত চাংলা পাছ পোৱাৰ কিছু আগতে ‘শক্তি’ নামৰ ঠাইখনত এটা চেক-পোষ্ট আছে (য’ত অনুজ্ঞা পত্ৰ পৰীক্ষণ কৰা হয়) ৷  অনুমতি পত্ৰৰ অবিহনে সেই ঠাইৰ পৰা আৰু আগলৈ যাবলৈ দিয়া নহয় ৷ লেহৰ পৰা পাংগংলৈ যোৱা আৰু আন আন বিকল্প পথ আছে যদিও সাধাৰণতে চাংলা পাছ হৈ যোৱা পথটোৱেই প্ৰত্যক্ষ পথ সেয়ে এই পথেৰেই বেছি চলাচল কৰা হয় ৷ ১৭৫৯০ ফুট উচ্চতাত অৱস্থিত চাংলা পাছ বিশ্বৰ তৃতীয় সবোৰ্চ্ছ মটৰ সক্ষম পথ বুলি হিচাপে পৰিচিত ৷ চূড়ান্ত  আৰোহণৰ ওচৰত ঠেক আৰোহণৰ বাবে ইয়াক ‘মাইটি চাংলা’ বুলিও কোৱা হয় ৷ লেহৰ পৰা পাংগং হ্ৰদলৈ যোৱা এই পথছোৱাৰ প্ৰকৃতিৰ অনুপম মন্ত্ৰমুগ্ধকৰ দৃশ্যৰাজিয়ে অবাক কৰিলে ৷ চাংলাৰ শিখৰত উপস্থিত হৈ প্ৰতিজন পৰ্যটকে চৌপাশৰ মনোৰম দৃশ্য উপভোগ কৰাৰ লগতে হেঁপাহ পলুৱাই হিমালয়ৰ শৃঙ্গৰ সৈতে ফটো উঠে ৷ আমিও অৱশ্যে তাৰ ব্যতিক্ৰম নাছিলোঁ ৷ চাংলাৰ শিখৰত এটা সেনা ঘাটি,  ভাৰতীয় সেনাই নিৰ্মাণ কৰা চাংলা বাবাৰ মন্দিৰ আৰু সৰু কেফেটেৰিয়া আছে ৷ এই কেফেত চাহ একাপ খাই গাটো অলপ সতেজ কৰি ল’লোঁ যদিও চাংলাৰ বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ যথেষ্ট কম বাবে বেছি সময় তাত কটোৱা উচিত নহয় ৷ “চাংলা বিশ্বৰ সৰ্বোচ্চ কেফেটেৰিয়া” বুলি লিখা চাইনবোৰ্ডত ফটো উঠি পাংগঙলৈ বুলি যাত্ৰা কৰিলোঁ ৷  চাংলা পাছৰ তলত এটা সৰু হ্ৰদ আছে যাক টছ’ল্টাক (Tso Ltak) নামেৰে জনা যায় ৷

গছ বিৰিখ নথকা শিলাময় পাহাৰেৰে আবৃত, নীলা ৰঙেৰে ৰঙ কৰা যেন লগা স্ফটিক স্বচ্ছ পানী আৰু পাংগং হ্ৰদৰ চৌপাশৰ দৃশ্য দেখি অভিভূত হৈ পৰিলোঁ ৷ ইয়াৰ সৌন্দৰ্য শব্দৰে বৰ্ণনা কৰিব নোৱাৰি, অনুভৱহে কৰিব পাৰি নিমগ্ন হ’ব পাৰি এই ঠাইৰ সৌন্দৰ্যত ৷ ঘণ্টাৰ পিছত ঘণ্টা ধৰি উপভোগ কৰিলেও হেঁপাহ নপলোৱা বিশ্বৰ সৰ্বোচ্চ লুণীয়া পানীৰ এই হ্ৰদটো ভাৰতৰ পৰা চীনলৈকে বিস্তৃত ৷ বহল স্থানত বহলে প্ৰায় পাঁচ কিলোমিটাৰ আৰু  ১৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই হ্ৰদটোৱে প্ৰায় ৭০০ বৰ্গ কিলোমিটাৰ আগুৰি আছে ৷ পাংগং হ্ৰদৰ এক তৃতীয়াংশ ভাৰত আৰু দুই তৃতীয়াংশ চীনত ৷ বিভিন্ন সময়ত এই  হ্ৰদৰ পানীৰ বৰণ সলনি হৈ নীলা, সেউজীয়া, বেঙুনীয়া হোৱা দেখিবলৈ পোৱা যায় ৷ হ্ৰদত মাছ বা আন জলজ জীৱ নাই যদিও হ্ৰদৰ পানীৰ  ওপৰত বা হ্ৰদৰ চাৰিওফালে অসংখ্য বিভিন্ন প্ৰজাতিৰ চৰাই দেখিবলৈ পালোঁ ৷ শান্তি, মৌনতা আৰু স্বৰ্গপুৰী সদৃশ পাংগং হ্ৰদৰ চিত্ৰময় প্ৰাকৃতিক দৃশ্যৰ লগতে প্ৰতি বছৰে প্ৰব্ৰজনকাৰী চৰাইৰ আগমনে এই অঞ্চলৰ সৌন্দৰ্য অতুলনীয় কৰি তোলে ৷ তাত নিশা কটাব পৰাকৈ টেণ্টৰ ব্যৱস্থা আছে ৷ পৰ্যটকে থাকিব বিচাৰিলে থাকিব পাৰে ৷ কিন্তু নিশাৰ ভাগলৈ তাপমান যথেষ্ট কম হয় ৷ আমি কিছুসময় কটাই লেহলৈ উভতিলোঁ ৷ 

            ২০০৯ চনৰ আগলৈকে লাডাখৰ ভূখণ্ডৰ সৈতে পৰিচিত লোকৰ বাহিৰে পাংগং হ্ৰদৰ বিষয়ে সকলোৰে প্ৰায় অজ্ঞাত আছিল ৷ ২০০৯ চনত আমিৰ খানৰ “থ্ৰি ইডিয়টছ” নামৰ চিনেমাখনত হিমালয়ৰ বন্যাৰ্ত ধূসৰ পাহাৰৰ পটভূমিত গভীৰ নীলা পাংগং হ্ৰদৰ পাৰৰ দৃশ্যই ইয়াক সকলোৰে লগত পৰিচয় কৰাই দিলে ৷ চিনেমাখন হিট হৈছিল যদিও তাতোকৈ বেছি পৰিচিত  আৰু অন্যতম আকাংক্ষিত পৰ্যটনস্থলীত পৰিণত হৈ পৰিল  পাংগং হ্ৰদ ৷ হ্ৰদটো  পাবলৈ যাত্ৰা কালছোৱা কিছু ক্লান্তিকৰ যদিও গৈ পোৱাৰ পাছত ইয়াৰ চৌদিশৰ দৃশ্য দেখি এই ক্লান্তি নগণ্য যেনেই অনুভৱ হয় ৷  অৱশ্যে  উচ্চ উচ্চতাৰ বাবে কিছু পৰিমাণে গা বেয়া লগা যেন অনুভৱ নকৰাও নহয় ৷ পাংগং হ্ৰদৰ পৰা উভতি অহাৰ পিছত সেইদিনা হোটেলত আমাক বিভিন্ন স্থানীয় শাকৰ চুপ এবিধ খাবলৈ দিছিল ৷ তেওঁলোকে কোৱা অনুসৰি লাডাখৰ জলবায়ুৰ বাবে এইবিধ উত্তম চুপ ৷ ঔষধি গুণ যিয়েই নহওঁক তাৰ সোৱাদ আজিও মনত আছে ৷  লঘু আহাৰ কৰি ঠাণ্ডা আৰু ভাগৰত আমি সোনকালেই শুলোঁ ৷ এইখিনিতেই উল্লেখ কৰোঁ লাডাখৰ ভ্ৰমণকালত লঘু আহাৰ কৰাই ভাল৷

             পিছদিনা অৰ্থাৎ ২৬ চেপ্তেম্বৰত লেহৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ নিলগত লেহ জিলাৰ আলচি গাঁৱত অৱস্থিত, লাডাখৰ আটাইতকৈ পুৰণি মঠ হিচাপে পৰিচিত আলচি মঠলৈ যাওঁ ৷ সুন্দৰ প্ৰাকৃতিক দৃশ্যৰ মাজেৰে গৈ  উত্তৰ ভাৰতৰ আটাইতকৈ পুৰণি বৌদ্ধ শিক্ষাৰ কেন্দ্ৰ হিচাপে জনাজাত আলচি মঠ পালোঁ ৷ তিব্বতী শৈলীৰে নিৰ্মিত এই মঠৰ  দেৱাল বৌদ্ধ আৰু কাশ্মীৰী উভয় শৈলীৰে চিত্ৰিত, দেৱালৰ চিত্ৰই ইয়াৰ প্ৰধান আকৰ্ষণ ৷ স্থানীয় পৰম্পৰা অনুসৰি এই মঠ দশম শতিকাৰ বিখ্যাত পণ্ডিত-অনুবাদক ৰিনচেন জাংপো  (Rinchen Zangpo)ৱে নিৰ্মাণ কৰিছিল ৷ কিন্তু কীৰ্তিচিহ্নসমূহত সংৰক্ষিত শিলালিপিসমূহে ইয়াৰ নিৰ্মাণ একাদশ শতিকাৰ পিছৰ ফালে তিব্বতী সম্ভান্ত কাল-ডান শ্বেছ-ৰাবৰ বুলি কয় ৷ মঠ চৌহদত তিনিটা প্ৰধান মন্দিৰ আছে– দুখাং বা সভা হল, চুমচেক আৰু মঞ্জুশ্ৰী মন্দিৰ ৷ মূলতঃ এই মঠৰ চৌহদত চাৰিটা পৃথক বসতি আছে য’ত বিভিন্ন সময়ৰ কীৰ্তিচিহ্ন আছে ৷ মঠৰ দেৱালত বৌদ্ধ ধৰ্ম আৰু কাশ্মীৰৰ সেই সময়ৰ হিন্দু ৰজাৰ কলাত্মক আৰু আধ্যাত্মিক বিৱৰণৰ চিত্ৰ অংকিত আছে ৷  আলচি মঠৰ এই ছবিসমূহ লাডাখৰ কিছুমান পুৰণি চিত্ৰ ৷  মাংগু আৰু সুমদা চুন এই তিনিখন গাঁৱৰ অংশৰে গঠিত ‘আলচি কীৰ্তিচিহ্ন গোট’৷ এই তিনিওখন গাঁৱৰ কীৰ্তিচিহ্নসমূহ অনন্য শৈলী আৰু কাৰুকাৰ্য খচিত বুলি গণ্য কৰা হয় ৷ মঠৰ চৌহদত বুদ্ধৰ বিশাল মূৰ্তি আৰু বেৰক শৈলীৰ দৰেই আড়ম্বৰপূৰ্ণ কাঠৰ খোদিত শিল্পকৰ্ম আছে ৷  মঞ্জুশ্ৰী মন্দিৰত বৌদ্ধ ভিক্ষুসকলে পূজা-অৰ্চনা আৰু ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰে ৷ মন্দিৰটোৰ ক্লাছিক স্থাপত্য মূল কাঠৰ দুৱাৰৰ ফ্ৰেমৰ দ্বাৰা নিৰ্মিত ৷ পিছলৈ দ্বাদশ আৰু ত্ৰয়োদশ শতিকাতো কিছু সংযোজন কৰা হয় ৷ বহুতো হিন্দী চিনেমাৰ দৃশ্যৰ চুটিং এই মঠত কৰা হৈছে ৷ মঠৰ কাষতে ৰেস্তোৰাঁ, স্মৃতিগ্ৰন্থৰ দোকান আদি আছে ৷ আমি ৰেস্তোৰাঁ এখনত চাহ খাই আলচি মঠৰ পৰা চুম্বকীয় পাহাৰলৈ যাত্ৰা কৰিলোঁ ৷

 ইয়াৰ উপৰিও লাডাখৰ চৌদিশে বহুতো মঠ সিঁচৰিত হৈ আছে ৷ ভ্ৰমণত সকলোবোৰ সাঙুৰি লোৱা সম্ভৱ নহয় ৷ প্ৰকৃততে এই মঠসমূহৰ সুন্দৰ শান্ত পৰিৱেশৰ মাজত আধ্যাত্মিক ভ্ৰমণৰ বাবে উৎকৃষ্ট ঠাই ৷ ইতিহাসপ্ৰেমীৰ লগতে সংস্কৃতিপ্ৰেমীসকলৰ বাবেও এই মঠসমূহৰ গুৰুত্ব আছে ৷

                        লেহৰ অতুলনীয় দৃশ্যৰ উপৰিও পৰ্যটকক কৌতুহলী কৰি তোলা আন এটা দৰ্শনীয় স্থান চুম্বকীয় পাহাৰ (Magnetic Hill) লেহৰ পৰা প্ৰায় ২৬ কিলোমিটাৰ পশ্চিমে লেহ কাৰ্গিল শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাই পথত হালধীয়া চাইনবোৰ্ডত লিখা আছে– 

“The Phenomenon That Defies Gravity Park your vehicle in the Box MARKED WITH WHITE PAINT ON ROAD’’.

বগা ৰঙেৰে চিহ্নিত কৰা নিৰ্দিষ্ট স্থানত বাহনসমূহ নিউট্ৰেলত ৰখাই থ’লে বাহনসমূহ ঘণ্টাত প্ৰায়  ১০-২০ কিলোমিটাৰ বেগেৰে তলৰ পৰা ওপৰলৈ আগবাঢ়ি যাবলৈ ধৰে ৷ এই ৰহস্যময় পৰিঘটনাই সকলোকে আকৰ্ষণ কৰে আৰু প্ৰতিজন লাডাখ পৰ্যটকৰ এই স্থান আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে ৷  প্ৰকৃততে ইয়াৰ বৈজ্ঞানিক কাৰণ নো কি, ইয়াৰ কোনো দৃঢ় বাখ্যা নাই যদিও  চুম্বকীয় পাহাৰখনক লৈ কেইবাটাও তত্ত্ব আছে ৷ স্থানীয়লোকৰ বিশ্বাস অনুসৰি এই পথেৰে যোগ্য ব্যক্তিসকলে স্বৰ্গলৈ গৈছিল ৷ আন এটা তত্ত্ব মতে পাহাৰখনৰ ভিতৰৰ পৰা নিৰ্গত হোৱা প্ৰবল চুম্বকীয় শক্তিয়ে যান-বাহনবোৰক নিজৰ ফাললৈ টানি নিয়ে ৷ এই তত্ত্ব দুটাৰ কিবা বৈজ্ঞানিক ভিত্তি আছে যেন ভাৱ নহয় ৷ কিছুমান গৱেষেক ব্যাপকভাৱে গ্ৰহণ কৰা ব্যাখ্যাটোহে সম্ভাৱ্য যেন লাগে ৷ তেওঁলোকৰ মতে যান-বাহন ওপৰৰ পিনে গতি কৰাৰ আঁৰৰ কাৰণ কোনো চুম্বকীয় শক্তিৰ বাবে নহয় বৰঞ্চ ই চাৰিওফালৰ ভূমিৰ বিন্যাসৰ বাবে সৃষ্টি হোৱা এক আলোকীয় ভ্ৰমহে ৷ এই তত্ত্ব অনুসৰি চুম্বকীয় পথটো ওপৰলৈ যোৱা ঢালৰ দৰে দেখা যায় যদিও বাস্তৱত ই তললৈ নামি গৈছে ৷ আলোকীয় ভ্ৰমৰ বাবে ইয়াক ওপৰলৈ ঢালৰ দৰে দেখা যায় ৷ গতিকে যেতিয়া যান-বাহন ওপৰলৈ যোৱা যেন দেখা যায় আচলতে ই তললৈ নামি গৈ থাকে ৷ সেয়ে কোৱা হয় নিৰ্দিষ্ট স্থানত মাধ্যাকৰ্ষণ শক্তিক অৱজ্ঞা কৰে ৷ সমগ্ৰ বিশ্বতে এনে বহুতো চুম্বকীয় পাহাৰ আছে ৷ এই স্থানসমূহৰ বেছি ভাগৰে নিৰ্দিষ্ট কোনো নাম নাই ৷  Gravity Hill, Magnetic Hill, Magic Road বুলিয়েই কোৱা হয় ৷

            লেহ কাৰ্গিল ৰাষ্ট্ৰীয় ঘাইপথত লেহৰ পৰা ৩৫ কিলোমিটাৰমান নিলগত নিম্মু উপত্যকাত জান্সকাৰ আৰু সিন্ধু নদী একত্ৰিত হৈ সিন্ধু নদী হিচাপে  বৈ যোৱাৰ আগতে নদীৰ সঙ্গম স্থল চোৱাটোও লাডাখ ভ্ৰমণকাৰীৰ ভ্ৰমণসূচীৰ এটা অংশ ৷ প্ৰকৃততে এই সঙ্গমৰ চৌপাশৰ  মন্ত্ৰমুগ্ধকৰ যাদুকৰী দৃশ্যই মন-প্ৰাণ হৰি নিয়ে ৷ তাৰোপৰি নদী দুখনৰ পানীৰ ৰং ভিন্‌ ভিন্‌ ৷ সিন্ধু নদীৰ পানী স্বচ্ছ নীলা আৰু জান্সকাৰৰ সেউজীয়া পানী সঙ্গম স্থানত স্পষ্টকৈ ধৰিব পাৰি ৷  বিশেষকৈ নদীত ৰাফটিং কৰাৰ বাবেও পৰ্যটকৰ এই স্থান আকৰ্ষণীয় ৷ আমি অৱশ্যে আঁতৰৰ পৰাই চালোঁ ৷

            লেহ চহৰৰ পৰা মাত্ৰ ৪ কিলোমিটাৰ দূৰত্বত দেশৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে সৈনিকসকলৰ মহান ত্যাগৰ সোঁৱৰণী হিচাপে গৌৰৱেৰে থিয় হৈ আছে ‘হল অব ফেম’৷ ভাৰত-পাক যুদ্ধত মাতৃভূমি ৰক্ষা কৰি নিজৰ জীৱন আহুতি দিয়া সাহসী ভাৰতীয় সৈনিকসকলৰ স্মৃতিত ভাৰতীয় সেনাই নিৰ্মাণ কৰা মিউজিয়ামেই হ’ল ‘হল অব ফেম’৷ দুই মহলীয়া গঠনটোৰ বিভিন্ন খণ্ডত ভাগ ভাগ কৰি বিভিন্ন প্ৰদৰ্শিত সামগ্ৰী ৰখা হৈছে ৷ কাৰ্গিল যুদ্ধত ব্যৱহৃত বিভিন্ন অস্ত্ৰ-শস্ত্ৰৰ লগতে সংগৃহীত কৰা হৈছে ভাৰতীয় সেনাই পাকিস্তান সেনাৰ পৰা জব্দ কৰি অনা বিভিন্ন যুদ্ধৰ আহিলা আৰু নথি-পত্ৰ ৷ আন এটা ভাগত চিয়াচেন অঞ্চলত -৫০ ডিগ্ৰী তাপমানত ভাৰতীয় সেনাই ব্যৱহাৰ কৰা পোছাক আদিৰ ওপৰিও প্ৰশিক্ষণৰ বিভিন্ন ফটো ৰখা হৈছে ৷ প্ৰকৃততে এই মিউজিয়ামত আমাৰ জোৱানসকলে নিজৰ কৰ্তব্যৰ লগতে নিজৰ দেশ ৰক্ষাৰ বাবে কৰা ত্যাগ, সাহস আৰু আদৰ্শৰ স্পষ্ট ছবি প্ৰতিফলিত হৈছে ৷ ‘হল অব ফেম’ চাই বুজিব পাৰি নিজৰ দেশৰ সুৰক্ষাৰ বাবে সেনাসকলে কৰা কষ্ট আৰু ত্যাগ আমাৰ দৰে সাধাৰণ মানুহে অনুভৱ কৰা সম্ভৱ নহয় ৷ যদিও যুদ্ধৰ মিউজিয়াম বুলি কোৱা হয় ইয়াত চহৰখনৰ চহকী সংস্কৃতি, ইতিহাস লেহৰ উদ্ভিদ আৰু প্ৰাণীজগতৰ বিষয়ে জানিব পাৰি ৷ ইয়াৰ চাৰিওফালৰ  পাহাৰ, প্ৰকৃতিৰ নৈসৰ্গিক দৃশ্য আৰু প্ৰাণৱন্ত গভীৰ নীলা আকাশে পর্যটকক মুগ্ধ কৰে ৷ ‘হল অব ফেম’ৰ সন্মুখত ভগৱান বুদ্ধৰ মূৰ্তিৰ সৈতে থকা কথাখিনিয়ে এক গুৰুত্বপূৰ্ণ গভীৰ অৰ্থ বহন কৰে ৷ তাত লিখা আছে–‘‘It is better to conquer yourself than to win a thousand of battles. Then the victory is yours. It cannot be taken from you, not by angels or by demons, heaven or hell.” 

             পিছদিনা দুঃসাহসিক কাৰ্যকলাপৰ প্ৰতি আগ্ৰহী আৰু বাইকিং অনুৰাগী পৰ্যটকৰ অতি জনপ্ৰিয় খাৰ্ডুংলা পাছলৈ আমাৰ যাত্ৰা ৷ এই পাছলৈ যাবলৈও অন্তৰ্দেশীয় অনুজ্ঞা পত্ৰৰ প্ৰয়োজন ৷ লেহৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ নিলগত ১৭৫৯০ ফুট উচ্চতাত ৷ অৱশ্যে তাত চাইনবোৰ্ডত লিখা অনুসৰি ইয়াৰ উচ্চতা ১৮৪০০ ফুট ৷ ভাৰতৰ সৰ্বোচ্চ মটৰযোগ্য পথ হিচাপে পৰিচিত খাৰ্ডুংলা ৷ খাৰ্ডুংলা এসময়ত এচিয়াৰ পৰা চীনদেশলৈ থকা “Silk Route নামে প্ৰসিদ্ধ বাণিজ্যিক পথত অৱস্থিত ৷ এসময়ত ঘোঁৰা আৰু উটৰ সহায়ত যাতায়তৰ ব্যৱস্থা আছিল ৷ ১৯৭৬ চনত চিয়াচেনত থকা ভাৰতীয় সেনাৰ ছাউনিলৈ সামগ্ৰী যোগানৰ বাবে সীমান্ত পথ সংস্থাই এই পথ নিৰ্মাণৰ আৰম্ভ কৰে ৷   ১২ বছৰ ধৰি নিৰ্মাণ কৰা এই পথছোৱা ১৯৮৮ চনত জনসাধাৰণৰ বাবে মুকলি কৰা হয় ৷ সাধাৰণতে বৰষুণ আৰু তুষাৰপাতৰ সময়ত বিশেষকৈ অক্টোবৰৰ পৰা মে’ মাহলৈকে খাৰ্ডুংলা পাছলৈ যোৱা পথ বন্ধ হৈ থাকে ৷ চিয়াচেন হিমবাহলৈ সামগ্ৰী কঢ়িয়াই নিয়াৰ বাবে এই পাছটো অতি গুৰুত্বপূৰ্ণ ৷ লেহৰ পৰা দক্ষিণ পুল্লুলৈকে পথৰ অৱস্থা ভাল যদিও দক্ষিণ পুল্লুৰ পৰা খাৰ্ডুংলালৈ গলি যোৱা বৰফৰ ফলত বোকা  পানীৰ সৈতে পথৰ অৱস্থা অতি শোচনীয় আছিল ৷ গ্ৰীষ্মকালত ৰাস্তাবোৰ শুকান হ’লে হয়তো পথছোৱা  কম বিপদজনক হ’ব ৷ শীত আৰু বৰ্ষাকালত খাৰ্ডুংলা পাছ দুৰ্গম হৈ পৰে ৷ বছৰৰ প্ৰতিটো দিনেই বৰফেৰে আবৃত হৈ থাকে ৷ বিপদসঙ্কুল বাবে এই পথেৰে যাতায়তৰ বাবে বান্ধি দিয়া নিয়ম অনুসৰিহে যাতায়ত কৰিব লাগে ৷ ৰাতিপুৱা ন বজাৰ পৰা এক বজালৈ লেহৰ পৰা খাৰ্ডুলা অভিমূখে আৰু এক বজাৰ পৰা পাঁচ বজালৈ ওভতনি যাত্ৰা ৷ অক্সিজেনৰ পৰিমাণ যথেষ্ট কম বাবে ইয়াত বেছি সময় থকা বিপদমুক্ত নহয় ৷

            লাডাখৰ উচ্চ উচ্চতাৰ ঠাণ্ডা মৰুভূমি হিচাপে পৰিচিত নুব্ৰা উপত্যকালৈ খাৰ্ডুংলা পাছ অতিক্ৰম কৰি যাব লাগে ৷ কোৱা হয় নুব্ৰা অঞ্চল লাডাখৰ আটাইতকৈ ধুনীয়া অঞ্চল ৷ আমাৰ অৱশ্যে এই অঞ্চললৈ যোৱা নহ’ল ৷ এই অঞ্চলৰ বালিৰ টিলাত বেক্ট্ৰিয়ান উট (Bactrian Camel) বা দুটা কুঁজৰ উটত (Double Hump Camel ) উঠাৰ বাবে বিখ্যাত ৷

            পিছদিনা অৰ্থাৎ ২৮ চেপ্তেম্বৰত আমাৰ ওভতনি যাত্ৰা ৷ ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি শেষবাৰৰ বাবে লেহৰ সৌন্দৰ্য উপভোগ কৰোঁ বুলি হোটেলৰ চাদ পালোঁগৈ ৷ চাদত ঢকঢকীয়া বগা, হাঁহিমূখীয়া, মৰম লগা হোটেলৰ মালিকৰ বৃদ্ধা মাতৃয়ে বিভিন্ন শাক আৰু বন্ধাকবিৰ পাত আদি ৰ’দত মেলি আছে ৷ মিঠা হাঁহিৰে মোক সম্ভাষণ জনাই তেখেতৰ কাষত বহিবলৈ মাতিলে ৷  ময়ো মাতৃসম স্থানীয় এগৰাকীক কাষতে পাই ভালেই পালোঁ ৷

বিভিন্ন কথাৰ মাজতে তেখেতৰ পৰা জানিব পাৰিলোঁ শীতকালত বৰফেৰে বগা হৈ পৰা লাডাখত সতেজ শাক-পাচলি পোৱা নাযায় ৷ সেয়ে শীতকালৰ বাবে এনেদৰে শুকাই ৰখা শাক-পাচলিৰেই কাম চলাবলগীয়া হয় ৷ প্ৰকৃততে চৰম জলবায়ুৰ বাবে লাডাখবাসীৰ জীৱন শৈলী ভাৰতৰ বাকী অংশতকৈ যথেষ্ট পৃথক ৷ সাজ-পোচাকৰ পৰা আৰম্ভ কৰি খাদ্য সম্ভাৰলৈকে প্ৰায় সকলোবোৰেই তিব্বতী সংস্কৃতি আৰু বৌদ্ধ ধৰ্মৰ দ্বাৰা প্ৰভাৱিত ৷ তেওঁলোকৰ জীৱন শৈলী অতি সহজ-সৰল আৰু প্ৰকৃতিৰ সৈতে নিজকে সুন্দৰকৈ খাপ খুৱাই জীৱন নিৰ্বাহ কৰে ৷ লাডাখী সমাজৰ অন্যতম বৈশিষ্ট্য হৈছে সমাজত মহিলাৰ স্থান ৷ ভাৰতৰ অন্যান্য গ্ৰাম্য অঞ্চলৰ তুলনাত লাডাখত মহিলাসকলে সমাজত  উচ্চ মৰ্যাদা  লাভ কৰাৰ লগতে অধিক স্বাধীনতা লাভ কৰে ৷ পুৰুষসকলে পৰম্পৰাগতভাৱে ‘গৌচা’ (Goucha) নামৰ ডাঠ ঊণৰ চোলা পিন্ধে, ইয়াক ডিঙি আৰু কঁকালত ‘স্কেৰাগ’ (Skerag) নামৰ ৰঙীন চেছ এডালেৰে বান্ধি থয় ৷ মহিলাসকলে গৌচাৰ দৰেই এবিধ পোচাক পিন্ধে যাক ’কুন্টপ’ (Kuntop) বুলি কোৱা হয় ৷  কেচুৱা বান্ধি ল’বলৈ বা বস্তু কঢ়িয়াবলৈ পিঠিত আমাৰ খাচী বা বিভিন্ন সম্পদায়ৰ মহিলাসকলৰ মাজত প্ৰচলিত ব্যৱস্থাৰ দৰে চাদৰ এখন পিন্ধে ৷ লাডাখীসকলে গোটেই বছৰত বিভিন্ন উৎসৱ পালন কৰে ৷ লাডাখত লাডাখী ভাষাৰ উপৰিও তিব্বতী, বাল্টী আৰু উৰ্দু ভাষাও প্ৰচলিত ৷   

লাডাখৰ অধিকাংশ লোকেই কৃষি আৰু পশুপালনৰ কামত নিয়োজিত ৷  অঞ্চলটোৰ চৰম জলবায়ুৰ অৱস্থাই  কৃষি যোগ্য  সময়সূচীত যথেষ্ট প্ৰভাৱ পেলায় ৷ কৃষিৰ বাবে উপযোগী সময়ো তেনেই কম ৷ মে’ মাহৰ পৰা চেপ্তেম্বৰ মাহলৈকে মাত্ৰ এই পাঁচ মাহহে খেতিৰ বাবে উপযোগী৷ প্ৰায় প্ৰতিটো পৰিয়ালতে সৰুকৈ হ’লেও এখন জৈৱিক শাক-পাচলিৰ বাগিচা থাকে য’ত তেওঁলোকে নিজৰ  প্ৰয়োজনীয় শাক-পাচলিৰ খেতি কৰে ৷  বছৰৰ বাকী কেই মাহ শীতৰ বাবে প্ৰায় সকলো কাম-কাজ বন্ধ হৈ পৰে আনকি হোটেল আদিও বন্ধ কৰি দিয়া হয় ৷ অক্টোবৰৰ পৰা মাৰ্চলৈ হোটেল বন্ধ কৰি দিয়ে আৰু হোটেলৰ কৰ্মচাৰীসকলেও নিজ নিজ ঘৰলৈ যায় ৷

            বিভিন্ন কথা-বতৰাৰ মাজতে  বৃদ্ধা মাতৃক তেওঁলোকৰ পাকঘৰৰ বিষয়ে সোধাত তেওঁ মোক তেওঁলোকৰ পাকঘৰলৈ লৈ গ’ল ৷ প্ৰকাণ্ড পাকঘৰ, বিভিন্ন আকৃতিৰ বাচন-বৰ্তন সুন্দৰকৈ সজাই ৰাখিছে; সঁচাকৈ চাবলগীয়া ৷  কাঠ আৰু ধাতুৰে নিৰ্মিত খুঁটা, বিম, চাৰিওফালৰ দেৱালৰ চাললৈ শ্বেলফ আৰু চাপৰ মাটিত বহি খোৱা টেবুল (প্ৰতিজন লোকৰ বাবে পৃথককৈ), প্ৰতিখনতে জটিল ডিজাইন খোদিত ৷ মাটিত বহি খাবলৈ সৰু সৰু বিভিন্ন ৰংচঙীয়া কাশ্মীৰী কাৰ্পেট৷ শ্বেলফত চিক্‌চিকাই থকা ব্যৱহৃত বাচন-বৰ্তন বেছিভাগেই তাম আৰু আন ধাতুৰে তৈয়াৰী ৷ স্থানীয় কাৰুকাৰ্য খোদিত পাত্ৰসমূহৰ আকৃতিও অনন্য ৷ লাডাখী সংস্কৃতিত পাকঘৰ ঘৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ যিটো তেওঁলোকে ‘লিভিং-ৰূম’ হিচাপেও ব্যৱহাৰ কৰে ৷ সেয়ে অতি সুন্দৰকৈ সজাই ৰাখে ৷  ইতিমধ্যে আমাৰ বিমানৰ সময় হৈ আহিল ৷ তেখেতৰ পৰা বিদায় লৈ লাডাখৰ বহু স্মৃতি সাৱটি বিমান বন্দৰলৈ ঢাপলি মেলিলোঁ ৷     

            ভাৰত চৰকাৰে ১৯৭৪ চনত পৰ্যটনৰ বাবে মুকলি কৰাৰ পাছত কিছু সংখ্যক লোক পৰ্যটনৰ ক্ষেত্ৰখনৰ লগত জড়িত হৈ পৰিছে ৷ নিয়োগৰ সুযোগ আৰু বৃহৎ পৰিসৰত আয়ৰ সৃষ্টিৰ সম্ভাৱনাৰ পৰিপ্ৰেক্ষিতত পৰ্যটনে জিলাখনৰ এক গুৰুত্বপূৰ্ণ উদ্যোগ হিচাপে ব্যাপক স্বীকৃতি লাভ কৰিছে ৷ জিলাখনৰ আৰ্থ-সামাজিক দৃশ্যপটত এই উদ্যোগৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে ৷ পৰ্যটন উদ্যোগে পৰিবহণ, হোটেল আৰু খাদ্য সেৱা, কুটিৰ উদ্যোগ আদি আনুষংগিক খণ্ডত নিয়োজিত বৃহৎ সংখ্যক লোকক কৰ্মসংস্থাপন প্ৰদান কৰে ৷ পৰ্যটনৰ ফলত দুৰ্গম অঞ্চলত অৰ্থনৈতিক কাৰ্যকলাপৰ প্ৰসাৰ ঘটিছে ৷ দেশ-বিদেশৰ পৰা বহু পৰ্যটকৰ আগমন ঘটে যদিও  ইয়াৰ ভূ-প্ৰকৃতি, সংস্কৃতি, পৰম্পৰাগত পৰিৱেশ আদিৰ বাবে দুঃসাহসিক পৰ্যটনৰ আৰু বহু সম্ভাৱনা আছে ৷ অঞ্চলটোৰ অৰ্থনীতি সেয়েহে পৰ্যটনৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে৷ সেইবাবেই লেহত হোটেল, বিভিন্ন শ্ৰেণীৰ অতিথিশালা আৰু টেক্সি প্ৰচুৰ আছে ৷ লাডাখৰ বজাৰত পোৱা বিভিন্ন কাৰুকাৰ্যখচিত সামগ্ৰীসমূহে  বিভিন্ন প্ৰান্তৰ পৰা অহা লোকক আকৰ্ষণ কৰে ৷ বিশেষকৈ ৰূপ আৰু আন ধাতুৰে তৈয়াৰ কৰা পাত্ৰ, অলংকাৰ আদি অতি বিখ্যাত আৰু চকুত লগা ৷ লাডাখৰ উন্নয়নমূলক কাম-কাজ কেৱল লেহ আৰু কাৰ্গিল চহৰক কেন্দ্ৰ কৰিয়েই কৰা হৈছে ৷ আন প্ৰান্তৰ সমভূমিসমূহ বেছিভাগেই অনুন্নত হৈ আছে ৷

             ভাৰতত অন্বেষণ কৰিবলৈ পৰ্যটকৰ বহুতো ঠাই আছে ৷  কিন্তু লাডাখ অদ্বিতীয়৷ প্ৰকৃতিৰ কল্পনাতীত ফটো নিজৰ কেমেৰাত বন্দী কৰিব বিচৰা ফটোপ্ৰেমীসকলৰ বাবে নিঃসন্দেহে লাডাখ অন্যতম ৷ ৰুক্ষ সুন্দৰ প্ৰাকৃতিক দৃশ্যৰাজিৰ উপভোগৰ লগতে অস্বাভাৱিক অভিজ্ঞতা আহৰণৰ বাবে লাডাখ উৎকৃষ্ট স্থান ৷ ইয়াৰ উপৰিও ট্ৰেকিং, মাউণ্টেনিয়াৰিং, হোৱাইট ৱাটাৰ ৰাফটিং, বাইকিং, চাইক্লিং আদিকে ধৰি অসংখ্য দুঃসাহসিক কাৰ্যকলাপৰ প্ৰতি অনুৰাগী লোকৰ বাবে এখন স্বৰ্গ বুলি ক’লেও বঢ়াই কোৱা নহ’ব ৷ শীতকালত অত্যন্ত ঠাণ্ডাৰ বাবে হ্ৰদৰ পৃষ্ঠভাগক ডাঠ বৰফৰ পৃষ্ঠলৈ ৰূপান্তৰিত কৰাৰ ফলত লাডাখত আইচ হকী (Ice Hockey) খেলাৰ অভিজ্ঞতাও ল’ব পাৰি ৷ অৱশ্যে এই খেল ডিচেম্বৰ মাহৰ মাজভাগৰ পৰা ফেব্ৰুৱাৰি মাহৰ মাজভাগলৈ প্ৰাকৃতিক বৰফৰ ওপৰতহে  খেলা হয় ৷ লাডাখৰ স্বচ্চ আকাশ প্ৰদূষণ মুক্ত হোৱা বাবে আকাশৰ আশ্চৰ্যজনক দৃশ্য দেখাৰ উপৰিও জ্যোতিৰ্বিজ্ঞানীসকলৰ   জ্যোতিৰ্বিজ্ঞান পৰ্যবেক্ষণৰ বাবে উত্তম স্থান ৷

            লেহৰ প্ৰধান বজাৰ এলেকা স্মৃতিচিহ্ন আৰু ঐতিহ্যবাহী লাডাখী  হস্তশিল্প সামগ্ৰী কিনাৰ বাবে উত্তম স্থান ৷ পশ্‌মিনা শ্বল, পৰম্পৰাগত লাডাখী টুপী, প্ৰাচীন তিব্বতী ডিজাইনৰ অলংকাৰ,  বিভিন্ন স্মৃতিচিহ্ন আদিৰে পৰ্যটকক আকৰ্ষণ কৰিব পৰা সামগ্ৰীৰে মূল বজাৰ ভৰা ৷ ইয়াৰ উপৰিও তিব্বতী বজাৰ, মতি বজাৰ, লাডাখ আৰ্ট পেলেচ, মহিলা মিত্ৰজোঁটৰ দ্বাৰা নিৰ্মিত লাডাখী হস্তশিল্পৰ চকুত লগা বজাৰ আছে ৷

            লাডাখ ভ্ৰমণৰ আন এটা অন্যতম অংশ হ’ল ইয়াৰ স্থানীয় বিভিন্ন খাদ্যৰ জুটি লোৱা ৷ কোনো এখন ঠাইৰ সংস্কৃতি আৰু ইতিহাসৰ গুৰুত্বপূৰ্ণ অন্তদৃৰ্ষ্টি প্ৰদানৰ এটা প্ৰধান মাধ্যম হ’ল খাদ্য ৷ সংস্কৃতি আৰু ইতিহাসৰ দৰে লাডাখী খাদ্যাভ্যাসৰ ওপৰতো তিব্বতী খাদ্যৰ প্ৰভাৱ সুস্পষ্ট ৷ আটাইতকৈ জনপ্ৰিয় খাদ্য থুকপা (Thukpa, নুডলছৰ চূপ)৷ বিভিন্ন শাক-পাচলি বা মাংসৰ কিমাৰে প্ৰস্তুত কৰা থুকপা পৰ্যটকৰ মাজতো জনপ্ৰিয় ৷ লেহৰ সকলো ৰেস্তোৰাঁতে উপলব্ধ থুকপা খাবলৈ সোৱাদ লগা আৰু শৰীৰটোও উষ্ণ কৰি ৰাখে ৷ গুৰ-গুৰ চাহ নামে পৰিচিত মাখনৰ চাহ নাখালে লাডাখ ভ্ৰমণ অসম্পূৰ্ণ ৷ স্থানীয় বাসিন্দাসকলে দিনটোত বহুবাৰ এই বিশেষ চাহবিধ পান কৰে ৷ মাখন, গাখীৰ আৰু নিমখেৰে প্ৰস্তুত কৰা গুৰ-গুৰ চাহে শৰীৰৰ উষ্ণতা বৃদ্ধি কৰাৰ লগতে শৰীৰত পানীৰ পৰিমাণৰ  সমতা ৰক্ষা কৰে ৷ আমাৰ যিকোনো অনুষ্ঠানতে চাহ পৰিবেশন কৰাৰ দৰে লাডাখতো বিয়া, উৎসৱ আদিত গুৰ-গুৰ চাহ পৰিবেশন কৰা এক পৰম্পৰা৷  চূপ জাতীয় স্কিউ (Skyu) আৰু চুটাগী (Chutagi) লাডাখী খাদ্যত অন্তৰ্ভূক্ত ৷ আন আন সুস্বাদু খাদ্যৰ ভিতৰত  ম’ম, চুৰপি  (ইয়াকৰ গাখীৰৰ পৰা তৈয়াৰ কৰা চীজ) , এপ্ৰিকোটৰ পৰা তৈয়াৰ কৰা জাম জনপ্ৰিয় ৷ খম্বিৰ (Khambir) ঘেঁহুৰ পৰা প্ৰস্তুত কৰা এবিধ বাদামী ৰঙৰ ৰুটি লাডাখৰ অন্যতম জনপ্ৰিয় খাদ্য ৷ বগা আতাৰ পৰা প্ৰস্তুত কৰা এবিধ কোমল বান যাক লাডাখী সকলে টিংমো বা টিমক বুলি কয় লাডাখৰ প্ৰধান খাদ্য ৷ ভাপত দি প্ৰস্তুত কৰা এই তিব্বতী ৰুটি দাইল, সিজোৱা শাক-পাচলি বা মাংসৰ লগত ব্ৰেকফাষ্ট, দুপৰীয়াৰ বা ৰাতিৰ আহাৰ, আনকি চাহৰ লগতো পৰিবেশন কৰে ৷  অৱশ্যে ভাৰতৰ ভৈয়ামৰ খাদ্য সকলোতে পোৱা যায় ৷ 

            লাডাখৰ বৰ্ণনাতীত সৌন্দৰ্য আৰু তাৰ জীৱন শৈলীৰ বিষয়ে কিছু অভিজ্ঞতা লৈ জীৱনত পাহৰিব নোৱাৰা বহু ছবি মনত আঁকি উভতিলোঁ যদিও আজিও ৰিঙিয়াই হাতবাউল দি মাতে লাডাখৰ সৌন্দৰ্যই । নির্মল নীলা আকাশত ভাঁহি ফুৰা শুকুলা মেঘৰ টুকুৰা একোটাই বৰফে ঢকা সুউচ্চ পাহাৰৰ শৃঙ্গত দুস্টামিভৰা চুমাৰ পৰশ দি আঁতৰি যোৱা দৃশ্যই আজিও মনপ্ৰাণ পুলকিত কৰি তোলে ।  এই দৃশ্যই মনত পেলাই দিয়ে কবি William Wordsworthৰ বিখ্যাত কবিতা “I wandered lonely as a cloud” ৰ সেই স্মৃতি ৰোমন্থনমূলক আবেগিক ছন্দ – ” I wandered lonely as a cloud

That floats on high o’er vales and hills,

When all at once I saw a crowd,

A host, of golden daffodills;

Beside the lake , beneath the trees,

Fluttering and dancing in the breeze…

জোনা মহন্ত । (২২ চেপ্তেম্বৰ ২0১১ ৰ পৰা ২৮ চেপ্তেম্বৰ ২0১১)

Travelblog

Post navigation

Previous post
Next post

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Poet
Lyricist & Author

Recent Posts

  • স্মৃতি সুঁৱৰি
  • মই যাজ্ঞসেনী
  • আন্দামান দ্বীপপুঞ্জৰ জনগোষ্ঠী
  • দুঃসময়
  •                                                                                 নাৰ্টিয়াং মন’লিথ
  • এৰি অহা বাটেৰে

Categories

  • Articles
  • Poems
  • Short Stories
  • Travelblog

Archives

  • June 2025
  • March 2025
  • January 2025
  • November 2024
  • August 2024
  • June 2024
  • March 2024
  • December 2023
  • November 2023
  • October 2023
  • September 2023
  • August 2023
  • July 2023
  • June 2023
  • May 2023
  • October 2022
  • May 2022
  • April 2022
  • March 2022
  • October 2019
  • October 2018
  • July 2018
  • November 2017
  • July 2017
  • December 2016
  • December 2015
  • January 2015
  • September 2011
  • July 2011

©2026 জোনালীৰ ডায়েৰী | WordPress Theme by SuperbThemes