Skip to content
জোনালীৰ ডায়েৰী
Jona Mahanta
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

  • Home
  • Poems
  • Travelblog
  • Articles
  • Videos
  • Profile
  • Gallery
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

থাইলেণ্ডৰ ৰাজধানী চহৰ বেংকক

Jona Mahanta, July 19, 2011July 5, 2023

            পিছদিনা অৰ্থাৎ ১০ জুলাইত ৰাতিপুৱা আমি পাত্তায়া ভ্ৰমণৰ সামৰণি মাৰি থাইলেণ্ডৰ ৰাজধানী বেংককলৈ আহোঁ ৷ বেংককৰ হোটেল ‘বেংকক পেলেচ’ আহি পাওঁতে দিনৰ প্ৰায় দহ মানেই বাজিল ৷ আমি আহি পোৱাৰ সময়তে হৰ্ষ (আমি কাজী বুলিয়েই মাতোঁ) আহি আমাৰ হোটেল পালেহি মাকক লগ পোৱাৰ হেঁপাহেৰে ৷ কাজীক পাই আটাহকেইগৰাকীৰে ফূত্তিৰ্ত তৎ নাই ৷ ভূপালী বাইদেউৰ একমাত্ৰ সন্তান কাজী ৷ মই সৰুৰে পৰাই পাইছোঁ ৷ ওখ-পাখ সুন্দৰ চেহেৰাৰ অমায়িক মৰমলগা কাজী সেইসময়ত বেংককত অধ্যয়ন কৰি আছিল ৷ আমি তাত থকা দুদিন আমাৰ লগতে থকা বাবে আমাৰো যথেষ্ট ভাল লাগিল আৰু সুবিধাও হ’ল ৷ আমাৰ ভ্ৰমণ কাল শেষ হৈ আহিছিল ৷ বেংককৰ নিচিনা আধুনিক অথচ ইতিহাসসমৃদ্ধ  চহৰ এখনৰ দৰ্শনীয় ঠাইসমূহ এদিন বা দুদিনৰ ভ্ৰমণ সূচীত সাঙুৰি লোৱা সম্ভৱ নহয় ৷ আনহাতে আমি এইকেইদিন বিৰতি নোহোৱাকৈ ফুৰি ভাগৰিও পৰিছিলোঁ ৷                       

বেংকক থাইলেণ্ডৰ বৃহৎ আৰু জনবহুল চহৰ ৷ বৰ্তমানৰ আধুনিক ব্যস্ত বেংকক চহৰ পঞ্চদশ শতিকাত আয়ুথাইয়া সাম্ৰাজ্যৰ চাও ফ্ৰেয়া নদীৰ পশ্চিম দিশত এখন সৰু গাওঁ আছিল ৷ নদীৰ ব-দ্বীপত অৱস্থিত হোৱা বাবেই তাত সৰু ¸ বাণিজ্যিক এলেকা গঢ়ি উঠে ৷ কালক্ৰমত লাহে লাহে ব্যৱসায় বাঢ়ি আহে আৰু  ১৯৬০-৮০ চনৰ এই সময়খিনিত দ্ৰুত গতিত বৃদ্ধি হয় ৷ বৰ্তমান বেংকক থাইলেণ্ডৰ ৰাজনীতি, অৰ্থনীতি, শিক্ষা, প্ৰচাৰ মাধ্যম, আধুনিক সমাজ আদিৰ গুৰুত্বপূৰ্ণ চহৰ ৷ বেংককৰ পৱিত্ৰ স্মৃতিচিহ্ন বেংকক পেলেচ, বৌদ্ধ মন্দিৰ ওৱাত আৰুণ (Wat Arun), ওৱাত-ফো (Wat Pho) আদি বহুতো ধৰ্মীয় আকৰ্ষণীয় স্থানসমূহৰ উপৰিও চহৰখনৰ প্ৰাণচঞ্চল পৰিৱেশ, বজাৰ আৰু নৈশ জীৱনৰ দৃশ্যই পৰ্যটকসকলক যথেষ্ট আকৰ্ষণ কৰে ৷ ই পৃথিৱীৰ অন্যতম পৰ্যটন কেন্দ্ৰসমূহৰ ভিতৰত এখন ৷

এই চহৰৰ নাম কিয় বেংকক ৰখা হ’ল তাৰ কোনো স্পষ্ট ধাৰণা নাই ৷ থাই ভাষাত বেং (Bang) শব্দৰ অৰ্থ Village on a stream আৰু  Ko শব্দৰ অৰ্থ দ্বীপ ৷ ধাৰণা কৰা হয় হয়তো চহৰ খনৰ অৱস্থিতিৰ বাবেই নাম বেংকক হ’ল ৷ আন কিছুমানৰ মতে বেংকক Bang Makokৰ সংক্ষিপ্ত ৰূপ৷ মাকোক হৈছে এবিধ জলফাই জাতীয় উদ্ভিদ ৷ বিভিন্ন সময়ত বিভিন্ন নামেৰে পৰিচিত এই চহৰখনক বৰ্তমান থাই ভাষাত  ক্ৰুং থেপ মহা নাখোন (Krung Thep Maha Nakhon) সংক্ষেপে ক্ৰুং থেপ (Krung Thep) বুলি কোৱা হয় ৷ ৰজা মোংকুটৰ (Mongkut) ৰাজত্ব কালত প্ৰচলিত নামৰ সংক্ষিপ্ত ৰূপ ৷ সম্পূৰ্ণ নামটো ১৬৮ টা আখৰেৰে দীৰ্ঘতম ঠাইৰ নাম হিচাবে গিনিজ বুক অব ৱল্ডৰ্ ৰেকৰ্ডত সন্নিৱিষ্ট হৈছে ৷ স্কুলৰ পাঠ্যক্ৰমত এই নামটো শিকোৱা হয় যদিও বহু কম সংখ্যক ল’ৰা-ছোৱালীয়ে হয়তো আয়ত্ব কৰিব পাৰে ৷ পালি আৰু সংস্কৃত শব্দৰে গঠিত এই নামৰ অৰ্থ– দেৱদূতৰ চহৰ, অমৰসকলৰ মহান চহৰ, নৱৰত্নৰ জাকজমকীয়া চহৰ, সম্ৰাটৰ আসন, ৰাজপ্ৰাসাদৰ চহৰ, দেৱতাৰ ঘৰ, ইন্দ্ৰৰ নিৰ্দেশত বিশ্বকৰ্মাই নিৰ্মাণ কৰা দেৱতাৰ ঘৰ ৷

            আমি বেংককৰ হোটেল পোৱাৰ কিছু সময় পাছতেই আমাৰ গাইড য়ুফা আহিল ৷ তেওঁৰ লগত আমি প্ৰথমতে বেংককৰ চাইনা টাউনত অৱস্থিত থাই ভাষাত ফ্ৰা চুখোথাই  ট্ৰাইমিট (Phra Sukhothai Traimit) নামেৰে জনাজাত গোল্ডেন বুদ্ধ মন্দিৰলৈ যাওঁ ৷ মন্দিৰৰ নিৰ্মাণ শৈলী অতি সুন্দৰ ৷ এই মন্দিৰত প্ৰতিষ্ঠিত ৫৫০০ কিলোগ্ৰাম ওজনৰ গোটা সোণেৰে নিৰ্মিত বহি থকা বুদ্ধ মূৰ্তি ৷ এই বুদ্ধ মূৰ্তি প্লাষ্টাৰ আৰু ৰঙীন কাঁচৰ তৰপেৰে আবৃত অৱস্থাত উদ্ধাৰ হৈছিল ৷ ১৯৫৫ চনত মন্দিৰ স্থানান্তৰৰ সময়ত অকস্মাতে পৰি যোৱাৰ ফলত বাহিৰৰ প্লাষ্টাৰৰ আৱৰণ ভাঙি এই মূৰ্তিৰ প্ৰকৃত অস্তিত্ব প্ৰকাশ হৈছিল ৷ ইয়াৰ প্ৰকৃত মুল্য লুকুৱাই বহিঃ শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ এনেদৰে আৱৰি ৰখা হৈছিল বুলি ধাৰণা কৰা হয় ৷ প্লাষ্টাৰৰ ভাঙি যোৱা টুকুৰাবোৰ আজিও মন্দিৰৰ ভিতৰত সংৰক্ষিত কৰা আছে ৷ প্ৰায় চাৰি মিটাৰ ওখ আৰু তিনি মিটাৰ বহলৰ গোটা সোণেৰে নিৰ্মিত ধ্যানমগ্ন বুদ্ধৰ  মূৰ্তিটো ত্ৰয়োদশ-চৰ্তুদশ শতিকাত ৰাজত্ব কৰা চুখোথাই  (Sukhothai) শিল্পৰ আৰ্হিত নিৰ্মিত ৷ সেইবাবে তেওঁলোকে নিৰ্মাণ কৰা বুলি ধাৰণা কৰা হয় যদিও তাৰ কোনো উপযুক্ত প্ৰমাণ নাই ৷ মন্দিৰৰ তৃতীয় মহলাত থকা মিউজিয়ামত বুদ্ধমূৰ্তিটোৰ ইতিহাস আৰু স্থাপনা আদিৰ সম্পূৰ্ণ বৰ্ণনা ভিডিওৰ দ্বাৰা উপস্থাপন কৰে ৷ দ্বিতীয় মহলাত বেংককৰ চীন ব্যৱসায়ীসকলৰ ইতিহাসৰ বৰ্ণনা ৩ মাধ্যমেৰে প্ৰদৰ্শিত কৰা হয়৷ প্ৰকৃত মূল্য নিৰ্ধাৰিত হোৱাৰ পূৰ্বে এই মুৰ্তিটো এটা সাধাৰণ টিনৰ চালি দিয়া ঘৰত ৰখা হৈছিল ৷ এই ঘৰটো ভাঙি যোৱাত ঘৰটো নতুনকৈ নিৰ্মাণ কৰাৰ সময়তে ইয়াৰ প্ৰকৃত ৰূপ ওলাই পৰে ৷

            তাৰ পৰা ওলাই বেংককৰ আটাইতকৈ ডাঙৰ আৰু পুৰণি বুদ্ধ মন্দিৰ ওৱাট ফোলৈ যাওঁ৷ সোঁফালে বেঁকাকৈ শুই থকা ৪৬ মিটাৰ দীঘল আৰু ১৫ মিটাৰ ওখ সোণেৰে পলিচ কৰা বুদ্ধৰ মূৰ্তিৰ উপৰিও এহেজাৰতকৈও অধিক বুদ্ধৰ মূৰ্তি স্থাপন কৰা আছে এই মন্দিৰত ৷ এই মন্দিৰক বেংককৰ জনসাধাৰণৰ প্ৰথম শিক্ষাৰ কেন্দ্ৰ হিচাপে বিবেচনা কৰা হয় আৰু শ্লিপিং বুদ্ধ বুলিও জনা যায় ৷ থাইসকলৰ পৰম্পৰাগত মালিচ আৰু বিভিন্ন আয়ুৰ্বেদিক ঔষধৰ জন্মস্থান এই মন্দিৰ ৷ বৰ্তমানো ইয়াত বিভিন্ন বিষয়ৰ শিক্ষা প্ৰদানৰ ব্যৱস্থা আছে ৷ তাৰ পৰা আমাক বেংককৰ জেমচ্‌ গেলেৰিলৈ নিয়ে যদিও পাত্তায়াত চোৱা বাবে আমি তাত সময় নষ্ট নকৰি হোটেললৈ উভতিলোঁ ৷                        

            আবেলি  কাজীৰ লগত ওলাই গ’লোঁ বেংককৰ বজাৰৰ পিনে ৷ প্ৰথমতে এম.বি.কে [MBK] মলত সোমালোঁ ৷ সাত মহলীয়া বিল্ডিঙত বিভিন্ন বস্তু, প্ৰতিটোকে কিনিবলৈ মন যায় ৷  আটায়ে বজাৰ কৰিলোঁ হেঁপাহ পলুৱাই ৷  মলখনত থকা কে.এফ.চিত (KFC) খাবলৈ সোমাই আমাৰ লগৰ দুজনী মানে দাইল আৰু মাছৰ টেঙা বিচৰাতহে বেচেৰা কাজীৰ উপায় নোহোৱা হ’ল ৷ তাৰ পৰা কাজীয়ে লৈ গ’ল কেৱল মহিলাৰ সামগ্ৰী পোৱা প্লেটিনাম মললৈ ৷ দুজনীমানে প্লেটিনাম মলৰ কাষতে থকা ইন্দ্ৰ মাৰ্কেটলৈও গ’ল ৷ এনেকৈ ইখনৰ পাছত সিখন বজাৰ ঘূৰি ভাগৰি পৰিলোঁ ৷ কাজীয়ে আমাক ৮৫ মহলীয়া বাইওক (Baiyoke) টাৱাৰলৈ নিব বিচাৰিছিল যদিও বাহিৰৰ পৰাই চাই হোটেললৈ উভতিলোঁ ৷

             থাইলেণ্ডলৈ গৈ তাৰ পৰম্পৰাগত মালিচ আৰু পেডিকিউৰৰ সোৱাদ নোলোৱাকৈ উভতি অহা জানো  উচিত হ’ব ? সেয়ে হোটেলৰ কাষতে থকা  ‘মাছাজ পাৰ্লাৰ’ খনলৈ গৈ তাৰো সোৱাদ ল’লোঁ ৷ প্ৰায় দহখন মান একে শাৰীতে পাৰি থোৱা আৰাম চকীত বহি  আটাইকেইজনী পেডিকিউৰ কৰি বৰ আৰাম পালোঁ৷ ভাগৰ বহুত নাইকিয়া হ’ল ৷  

            এঘাৰ জুলাইত ৰাতিপুৱা প্ৰায় ৮.৩০  বজাত আমি চাফাৰী ৱৰ্ল্ড পোৱাৰ আগতেই তাত বহু লোকৰ সমাগম হৈছিল ৷ বিভিন্ন স্কুলৰ পৰা অহা মৰমলগা সৰু সৰু ল’ৰা-ছোৱালী বিভিন্ন স্কুল ইউনিফৰ্মত শাৰী পাতি ৰৈ আছে ৷  প্ৰকৃততে চাফাৰী ৱৰ্ল্ড এখন প্ৰকাণ্ড চিৰিয়াখানা আৰু ইয়াত বিভিন্ন জীৱ-জন্তুৰ দ্বাৰা খেল প্ৰদৰ্শন কৰা হয় ৷ গৰমৰ বাবে চাৰিওফালে সুন্দৰ পৰিকল্পনাৰে পানী ছটিয়াই ঠাণ্ডা কৰি ৰখাৰো ব্যৱস্থা কৰা আছে যাতে দৰ্শনাৰ্থীয়ে গৰমৰ পৰা কিছু হ’লেও সকাহ পায় ৷ চাফাৰী ৱৰ্ল্ড  দুটা ভাগত ভাগ কৰা হৈছে– চাফাৰী পাৰ্ক আৰু মেৰিণ (Marine) পাৰ্ক ৷  চাফাৰী পাৰ্ক পৃথিৱীৰ প্ৰায় সকলোবোৰ দেশৰে জীৱ-জন্তু আৰু চৰাইৰে ভৰা ৷ প্ৰতিবিধ প্ৰাণীয়ে যথেষ্ট সংখ্যক হোৱা বাবে জাকে জাকে দেখিবলৈ আকৰ্ষণীয় ৷ মেৰিণ পাৰ্কত ডলফিন, কাউবয় ষ্টাণ্ট শ্ব’, ওৰাংউটান শ্ব’ , এলিফেণ্ট শ্ব’ আদি বিভিন্ন খেল প্ৰদৰ্শন কৰে ৷  এটাৰ পিছত আনটোকৈ আমি ডলফিন শ্ব’, ওৰাংউটান শ্ব’(Orangutan) আৰু কাউবয় ষ্টাণ্ট শ্ব’ (Cowboy stunt) উপভোগ কৰি চাফাৰী ৱল্ডৰ্ৰ বাছেৰে প্ৰকাণ্ড এলেকাটো ঘূৰি ফুৰোঁতে বিভিন্ন জীৱ-জন্তু আৰু চৰাই-চিৰিকতি প্ৰত্যক্ষ কৰিলোঁ ৷

            উভতি আহোঁতে এখন বজাৰত নামি ঘূৰি ফুৰি চাই হোটেললৈ উভতিলোঁ ৷ সেইদিনা ৰুমাৰ বিবাহ বাৰ্ষিকী ৷ সেই উপলক্ষে ৰুমাই আমাক ৰাতিৰ আহাৰ থাইলেণ্ডৰ স্থানীয় ব্যঞ্জনেৰে আপ্যায়িত কৰিলে ৷ গ্ৰীণ থাই কাৰী আৰু বাকীবোৰৰ নাম মনত নাই ৷ গ্ৰীণ থাই কাৰীখন বৰ জুতি লগা আছিল বাবে আজিও মনত আছে ৷ ভ্ৰমণৰ অন্তিম দিনত এনে এটি শুভ দিন উদ্‌যাপন কৰিবলৈ পাই ভাল লাগিল ৷

            পিছদিনা অৰ্থাৎ ১২ জুলাইত আমাৰ ওভতনি যাত্ৰা৷ বহু অভিজ্ঞতাৰে প্ৰথম বিদেশ ভ্ৰমণৰ  সামৰণি মাৰি ১৩ জুলাই আহি  ঘৰ পালোঁ ৷

জোনা মহন্ত জুলাই ২੦১১

Travelblog

Post navigation

Previous post
Next post

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Poet
Lyricist & Author

Recent Posts

  • স্মৃতি সুঁৱৰি
  • মই যাজ্ঞসেনী
  • আন্দামান দ্বীপপুঞ্জৰ জনগোষ্ঠী
  • দুঃসময়
  •                                                                                 নাৰ্টিয়াং মন’লিথ
  • এৰি অহা বাটেৰে

Categories

  • Articles
  • Poems
  • Short Stories
  • Travelblog

Archives

  • June 2025
  • March 2025
  • January 2025
  • November 2024
  • August 2024
  • June 2024
  • March 2024
  • December 2023
  • November 2023
  • October 2023
  • September 2023
  • August 2023
  • July 2023
  • June 2023
  • May 2023
  • October 2022
  • May 2022
  • April 2022
  • March 2022
  • October 2019
  • October 2018
  • July 2018
  • November 2017
  • July 2017
  • December 2016
  • December 2015
  • January 2015
  • September 2011
  • July 2011

©2026 জোনালীৰ ডায়েৰী | WordPress Theme by SuperbThemes