Skip to content
জোনালীৰ ডায়েৰী
Jona Mahanta
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

  • Home
  • Poems
  • Travelblog
  • Articles
  • Videos
  • Profile
  • Gallery
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

পাত্তায়াৰ কৰেল আইলেণ্ডত শিহৰণকাৰী অভিজ্ঞতা

Jona Mahanta, July 8, 2011July 5, 2023

             

প্ৰায় দুই ঘণ্টা পোন্ধৰ মিনিট উৰণৰ অন্তত আমাৰ বিমান বেংককৰ  ‘সুৱৰ্ণভূমি বিমান বন্দৰ’ত অৱতৰণ কৰে ৷ সেইসময়ত থাইলেণ্ড গৈ পোৱাৰ পাছত ভিছা  (Visa on Arrival) কৰিব পৰা ব্যৱস্থা আছিল৷ সেইবাবে ভিছা আৰু ইমিগ্ৰেশ্বনৰ পৰ্ব শেষ কৰি ওলাই আহিলোঁ৷ সেইদিনা আমাৰ সহকৰ্মী দীপিকা আৰান্ধৰা ফুকন গুৱাহাটীৰ পৰা আহি আমাক এয়াৰপোৰ্টতে লগ কৰা কথা৷  ভিতৰৰ পৰা ওলাই আহি থাকোতে দেখিলোঁ  বাটতে দীপিকা বাইদেউ অ’ত-ত’ত ফটো তুলি আছে  চিৰ পৰিচিত ভঙ্গীত ৷ বাইদেউৰ হাতত সদায় কেমেৰা থাকেই ৷  বাইদেউ আমাৰ  লগতে  অহাৰ কথা আছিল যদিও ব্যক্তিগত অসুবিধাৰ বাবে ছিংগাপুৰ আৰু মালয়েচিয়ালৈ আমাৰ লগত যাব নোৱাৰিলে ৷ সেয়ে সেইদিনা অৰ্থাৎ আঠ জুলাইত বেংককলৈ আহি আমাৰ বাবে অপেক্ষা কৰি আছিল ৷ এতিয়া আমি মুঠ বাৰ গৰাকী হ’লোঁ ৷ বাহিৰলৈ ওলাই আহিলোঁ আটাইকেইগৰাকী৷ আমাৰ বাবে অপেক্ষা কৰি থকা মৰম লগা য়ুফা নামৰ স্থানীয় ছোৱালী এজনী মুখত এমোকোৰা হাঁহিৰে আদৰণি সম্ভাষণ জনাই আগুৱাই আহিল ৷ তেওঁ আমাক আমাৰ বাবে সাজু কৰি ৰখা সৰু বাছ জাতীয় এখন গাড়ীত উঠাই দিলে ৷ সেই বাছখনেৰেই বেংককৰ পৰা প্ৰায় এশ কিলোমিটাৰ দক্ষিণ-পূবত অৱস্থিত থাইলেণ্ডৰ এখন পৰিব্ৰাজকৰ আকৰ্ষণীয় ঠাই পাত্তায়ালৈ আমাৰ যাত্ৰা ৷  য়ুফাৰ পৰা  বিদায় লৈ আমি পাত্তায়া অভিমূখে ৰাওনা হ’লোঁ ৷ প্ৰায় দুঘণ্টা যাত্ৰাৰ অন্তত আহি পাত্তায়াৰ পূৰ্ব নিৰ্ধাৰিত হোটেল ‘ৰয়েল পেলেচ’ পালোঁ ৷ সেইদিনা ট্ৰেভেল এজেন্সিয়ে আমাৰ বাবে আন এখন হোটেলত উত্তৰ ভাৰতীয় নৈশভোজনৰ আয়োজন কৰিছিল ৷ কিছু সময় হোটেলত জিৰণি লৈ তালৈ গৈ নিশাৰ আহাৰ কৰিলোঁ ৷ সুন্দৰকৈপৰিৱেশন কৰা চুৰুহাৰ পৰা পায়সলৈ নিশাৰ আহাৰ কৰি হোটেললৈ উভতিলোঁ ৷

             পিছদিনা ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি পাত্তায়াৰ ‘কৰেল আইলেণ্ড’(Coral Island)লৈ বুলি সাজু হ’লোঁ ৷ থাইলেণ্ডৰ পূব উপকূলত আৰু বেংকক চহৰৰ দক্ষিণ-পূবত অৱস্থিত পাত্তায়াৰ পৰা পাঁচ-ছয় কিলোমিটাৰ আঁতৰত আৰব সাগৰত কৰেল আইলেণ্ড ৷ কৰেল আইলেণ্ডক কোহ লাৰ্ন বা কো লান নামেৰেও জনা যায় ৷ দীঘলে প্ৰায়  চাৰি কিলোমিটাৰ আৰু বহলে প্ৰায় দুই কিলোমিটাৰ  দ্বীপটো এই  এলেকাত থকা  দ্বীপসমূহৰ ভিতৰত বৃহত্তম দ্বীপ ৷ হোটেলৰ পৰা গাড়ীৰে আহি পাত্তায়া বিচ্ছত নামিলোঁ ৷ সাগৰৰ পাৰত আমাক প্ৰত্যেকৰে হাতত কিবা লিখা থকা বেণ্ডৰ দৰে একোপাট পিন্ধাই দিলে৷ বোধহয় সাগৰৰ বুকুলৈ কিমান মানুহ গ’ল তাৰ হিচাব ৰাখিবলৈ এই ব্যৱস্থা ৷ পাত্তায়া বিচ্চ পৰা দ্ৰুত গতিৰ নাৱেৰে সাগৰৰ মাজত ৰৈ থকা ডাঙৰ প্লেটফৰ্মৰ এখন নাৱৰ কাষলৈ নি তাত আমাক নমাই দিলে ৷ তাত পেৰাচেলিং (Parasailing), চি ৱাকিং (Sea Walking) আদি বিভিন্ন জল ক্ৰীয়াৰ ব্যৱস্থা আছে ৷ 

পৰিব্ৰাজকে ইচ্ছা কৰিলে খেলসমুহৰ আনন্দ ল’ব পাৰে ৷ প্ৰতিটো খেলৰ নিৰিখ বেলেগ বেলেগ৷ আমি যোৱা সময়ত পেৰাচেলিঙৰ ছয়শ বাত (থাইলেণ্ডৰ মুদ্ৰা) আৰু সাগৰৰ তলিলৈ যোৱাৰ বাবে এহেজাৰ বাত নিৰিখ আছিল ৷ আমি প্ৰথমতে কিছু সময় দেশ-বিদেশৰ পৰিব্ৰাজকে অংশ গ্ৰহণ কৰা খেলসমূহ উপভোগ কৰিলোঁ ৷ আমাৰ এগৰাকীও এই খেলত অংশ ল’বলৈ মন কৰা নাই ৷ মই মনতে ভাবি আছোঁ এবাৰ সাগৰৰ তলিখন চাই আহিব পৰা হ’লে ভাল আছিল, কিন্তু লগৰ এগৰাকীও নাযায় বাবে  মন বান্ধি আছোঁ ৷ ইফালে ইমান সুন্দৰ সুবিধা এটা হেৰুৱাবলৈও মন যোৱা নাই ৷ শেষত মই পেৰাচেলিং কৰোঁ বুলি আগুৱাই গ’লোঁ ৷ মই যাম বুলি আগুৱাই অহাত অপৰ্ণা আৰু দীপিকা বাইদেউ  আগুৱাই আহিল ৷ আমি তিনিওজনী জীৱন-সুৰক্ষা জেকেট পিন্ধি সাজু হ’লোঁ আৰু এজনী এজনীকৈ পেৰাচেলিং কৰিলোঁ ৷ এক অদ্ভুত নতুন অভিজ্ঞতা, ভয় আৰু ভাল লগা ৷ পেৰাচেলিং কৰি সাগৰৰ ওপৰ খন চালোঁ ৷ কিন্তু সাগৰৰ তলিখন চোৱাৰ হেঁপাহ কমা নাই ৷ সাগৰৰ ওপৰখন এনেয়ো দেখা পোৱা যায়৷ সাগৰৰ তলিৰ পৰা আহি পিন্ধিবলৈ আন পোছাকো লগত নাই ৷ তিতা কাপোৰ পিন্ধিয়েই গোটেই  দিন কটাব লাগিব ৷ তথাপি আকৌ কেতিয়াবা সাগৰৰ তলিখন চোৱাৰ  সুবিধা মোৰ জীৱনলৈ দ্বিতীয়বাৰ আহিব নে নাই বুলি ভাবি আটাইৰে বাধা নেওচি অক্সিজেন মাস্ক লৈ পানীত নামিলোঁ ৷ প্ৰথমতে উশাহ নোপোৱা যেন লাগি পানীৰ মাজতে অক্সিজেন মাস্কটো খুলি দিবলৈ ধৰোঁতে নাকে মুখে পানী সোমাবলৈ ধৰাত আকৌ ভালদৰে পিন্ধি ল’লোঁ ৷ প্ৰতিজনৰ লগতে অৱশ্যে প্ৰতিনিধি এজনকৈ যায়, কেনেকৈ কি কৰিব লাগে আকাৰে ইংগিতে শিকাই দিয়ে ৷ সাগৰৰ তলিত আঠুকাঢ়ি বহিবলৈ দি তেওঁ লগত লৈ যোৱা ব্ৰেডৰ টুকুৰাবোৰ মোৰ হাতত দিলে ৷ লগে লগে চৌদিশৰ পৰা বিভিন্ন ৰং-বিৰঙৰ সাগৰীয় মাছ আহি  মোৰ হাতৰ পৰাই নিমিষতে সেইবোৰ খাই শেষ কৰিলে ৷ কি অপূৰ্ব দৃশ্য৷ সাগৰৰ উপৰিভাগৰ দৃশ্যৰ লগত তুলনাই নহয় ৷ আশ্চৰ্যকৰ নান্দনিক দৃশ্য ৷ বিভিন্ন প্ৰকাৰৰ সাগৰীয় মাছৰ খেল দেখি অভিভূত হ’লোঁ ৷ ভয়ে ভয়ে তলিত থকা জোপোহা গছ চুই চালোঁ ৷ নিজ চকুৰে সাগৰৰ তলিৰ দৃশ্য দেখি আপ্লুত হ’লোঁ ৷ এক পাহৰিব নোৱৰা শিহৰণকাৰী অভিজ্ঞতা মোৰ জীৱনৰ ৷  মই  পানীৰ পৰা ওপৰলৈ উঠি অহাৰ আগতে সেই ঠাইৰ পৰা আন এখন নাৱেৰে কৰেল আইলেণ্ডলৈ যোৱাৰ সময় হ’ল ৷  মই আহি নোপোৱা বাবে বাকী কেইগৰাকীৰ ভয়ত তৎ নাইকিয়া হ’ল ৷ তেওঁলোক আনখন নাৱলৈ গ’ল যদিও আটাইৰে চকু মই নামি যোৱা ঠাই টুকুৰাতহে ৷ নাওখন ঠিক চলিবলৈ লওঁতেই কোনোমতে সাগৰৰ তলিৰ পৰা ওলাই মই দৌৰি আহি নাৱত উঠিলোঁ ৷

             কিছু সময় যোৱাৰ পাছত আমি গৈ ‘কৰেল আইলেণ্ড’ পালোঁ ৷ বিভিন্ন খেলৰ ব্যৱস্থাৰে চালে চকু ৰোৱাকৈ সজোৱা উৎসৱমুখৰ পৰিৱেশ ৷  সাগৰৰ তলিখন চাই অহাৰ পাছত মোৰ আৰু সেইবোৰলৈ বিশেষ আকৰ্ষণ নোহোৱা হ’ল ৷ দীপিকা বাইদেউৰ পেৰাচেলিং কৰি মূৰ ঘূৰালে ৷ ধৰি নি বিচ্চত পৰিব্ৰাজকৰ বাবে ৰখা আৰাম চকীত বহুৱাই দিয়াৰ কিছু সময় পাছত অলপ ভাল পালে ৷ ভাৰতীয় আহাৰ পোৱা ৰেস্তোৰাঁ এখনত আমি দুপৰীয়াৰ আহাৰ কৰিলোঁ ৷ পৰিব্ৰাজকক আকৰ্ষণ কৰিব পৰাকৈ বিভিন্ন সামগ্ৰী সজাই থোৱা দোকানসমূহ ঘূৰি-পকি চাই এখন দ্ৰুতবেগী নাৱেৰে পাত্তায়া চহৰলৈ উভতি পাত্তায়াৰ বিখ্যাত ‘জেমচ্‌ গেলেৰি’লৈ যাওঁ ৷

            জেমচ্‌ গেলেৰি প্ৰকৃততে পৃথিৱীৰ মূল্যৱান মণি-মুক্তা পোৱা বৃহৎ দোকানসমূহৰ ভিতৰত এখন ৷ এই গেলেৰিত কৃত্ৰিমভাৱে সজা গুহাৰ ভিতৰলৈ টয়-ট্ৰেইনেৰে লৈ যায় ৷ তাত এই ৰত্নসমুহৰ ইতিহাসৰ উপৰিও প্ৰকৃতিৰ বুকুৰ পৰা এই মূল্যৱান সম্পদসমূহ  সংগ্ৰহ আৰু শোধন কৰা প্ৰক্ৰিয়াৰ লগতে তাৰ পৰা অলংকাৰ প্ৰস্তুত কৰা পদ্ধতি আকৰ্ষণীয়কৈ দেখুৱায় ৷ বিক্ৰীৰ বাবে ৰখা মূল্যৱান ৰত্ন ভাণ্ডাৰ, মণি-মুক্তাবোৰ গ্ৰাহকক আকৰ্ষণ কৰিব পৰাকৈ সজাই ৰখা হৈছে ৷ তিৰবিৰাই থকা অলংকাৰবোৰে যিকোনো লোককে বিশেষকৈ মহিলাসকলক আকৰ্ষণ কৰা স্বাভাৱিক ৷ যদিও ট্ৰেভেল এজেন্সিয়ে ভ্ৰমণকাৰীৰ সূচীত জেমচ্‌ গেলেৰি সন্নিবিষ্ট কৰে প্ৰকৃততে এইখন ৰত্ন আৰু অলংকাৰৰ বিক্ৰীকেন্দ্ৰ ৷ যিসকলৰ হাতত সময় কম থাকে বা অলংকাৰ আদিৰ প্ৰতি ৰাপ নাই তেওঁলোকে ভ্ৰমণসূচীৰ পৰা বাতিল কৰাই ভাল ৷ অৱশ্যে মণি-মুক্তা সংগ্ৰহ প্ৰক্ৰিয়া, শোধন প্ৰণালী  আদিৰ বিষয়ে জানিব পাৰি ৷ 

            সন্ধিয়া আমি পাত্তায়াৰ বিখ্যাত ‘আলকাজাৰ শ্বো’ (Alcazer show) চাবলৈ গ’লোঁ ৷ শক্তিশালী অভিনয়, মঞ্চৰ অনন্য সাজ-সজ্জা, চমকিত কৰা সাজ-পোছাকেৰে সকলো বয়সৰে লোকে উপভোগ কৰিব পৰা এটি চমকপ্ৰদ অনুষ্ঠান ৷ উল্লেখযোগ্য যে ১ঘণ্টা ১০মিনিট পাৰ্চী, চীন, ৰাছিয়া, কোৰিয়া, ভাৰত, থাই আদি বিভিন্ন দেশৰ বিভিন্ন চিত্ৰ অংকন কৰা এই অনুষ্ঠান পৰিৱেশন কৰা প্ৰতিজন শিল্পীয়ে ‘লেডিবয়’৷ তেওঁলোক ইমান ধুনীয়া নিজ চকুৰে দেখাৰ পিছতো বিশ্বাস কৰিবলৈ টান লাগে তেওঁলোক যে ল’ৰা ৷ এটাৰ পাছত আনটো অবিৰতভাৱে প্ৰদৰ্শিত  মুঠ সোতৰটা  বিভিন্ন দেশৰ সংস্কৃতিৰ আধাৰত পৰিৱেশন কৰা অনুষ্ঠানে আমাক মুগ্ধ কৰিলে ৷ বাস্তৱৰ পৰা আঁতৰি আমি যেন পৰীৰ দেশতহে ভ্ৰমি ফুৰিছোঁ ৷ সংগীতৰ তালে তালে সুন্দৰ ব্যৱস্থাপনা, পোহৰৰ আৰু শব্দৰ অভাৱনীয় সংমিশ্ৰণত জকমকীয়া সাজেৰে নৃত্যশিল্পীসকলৰ লয়লাস নৃত্য ভঙ্গী যথেষ্ট উন্নত মানৰ ৷ সঁচাকৈ এটি সুন্দৰ অনুষ্ঠান উপভোগ কৰিলোঁ ৷ অনুষ্ঠান পৰিৱেশনৰ শেষত নৃত্যশিল্পীসকল যি সময়ত বাহিৰলৈ ওলাই আহে সেইসময়ত  ইচ্ছুক¸ দৰ্শকসকলে ভাব বিনিময় কৰাৰ উপৰিও  তেওঁলোকৰ লগত ফটো উঠিব পাৰে ৷  কোনোবাই¸  নিজ ইচ্ছাৰে মাননি দিলে গ্ৰহণ কৰে ৷ সেই সময়তো, মানে নিচেই ওচৰৰ পৰাও তেওঁলোকক লেডিবয় বুলি ধৰিব নোৱাৰি ৷ হোটেললৈ উভতি আহিও  আলকাজাৰ শ্ব’ আৰু লেডিবয়সকলৰ কথা বহু নিশালৈ মনত প্ৰতিক্ৰিয়া কৰি আছিল ৷

            ১৯৬০ চনলৈকে এখন মাছমৰীয়াৰ ঠাই হিচাপে খ্যাত পাত্তায়া চহৰ পৰিব্ৰাজকৰ আকৰ্ষণীয় ঠাই হিচাপে পৰিগণিত হোৱাৰ মুখ্য কাৰণ হ’ল ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু বিচ্চসমুহ ৷  ভিয়েটনামৰ যুদ্ধৰ সময়ত আমেৰিকাৰ পৰা অহা কৰ্মকৰ্ত্তাসকলে আৰাম আৰু বিনোদনৰ বাবে উপযোগী ঠাই বুলি বিবেচনা কৰাৰ পৰাই পৰ্যটকৰ স্থান হিচাপে পাত্তায়া চহৰ জনাজাত হয় ৷ এই চহৰ সন্ধিয়া হোৱাৰ লগে লগে আমোদ-বিলাসীসকলৰ বাবে এখন সপোনপুৰীত পৰিণত হয় ৷ হাজাৰতকৈও অধিক বাৰ, নৈশ জীৱন (Night life), যৌন শিল্প কেন্দ্ৰ আদিৰ বাবে অপকৰ্মৰ চহৰ (Sin City) বুলিও জনা যায় যদিও সকলো বয়সৰ লোকৰে এখন আকৰ্ষণীয় চহৰ ৷

জোনা মহন্ত, জুলাই ২੦১১ (এই ভ্ৰমণকাহিনীৰ আগৰছোৱা মালয়বাসীৰ গেৌৰৱপেট্ৰোনাচ টুইন টাৱাৰ), শেষৰ অংশ থাইলেণ্ডৰ ৰাজধানী চহৰ বেংকক

Travelblog

Post navigation

Previous post
Next post

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Poet
Lyricist & Author

Recent Posts

  • স্মৃতি সুঁৱৰি
  • মই যাজ্ঞসেনী
  • আন্দামান দ্বীপপুঞ্জৰ জনগোষ্ঠী
  • দুঃসময়
  •                                                                                 নাৰ্টিয়াং মন’লিথ
  • এৰি অহা বাটেৰে

Categories

  • Articles
  • Poems
  • Short Stories
  • Travelblog

Archives

  • June 2025
  • March 2025
  • January 2025
  • November 2024
  • August 2024
  • June 2024
  • March 2024
  • December 2023
  • November 2023
  • October 2023
  • September 2023
  • August 2023
  • July 2023
  • June 2023
  • May 2023
  • October 2022
  • May 2022
  • April 2022
  • March 2022
  • October 2019
  • October 2018
  • July 2018
  • November 2017
  • July 2017
  • December 2016
  • December 2015
  • January 2015
  • September 2011
  • July 2011

©2026 জোনালীৰ ডায়েৰী | WordPress Theme by SuperbThemes