
প্ৰায় দুই ঘণ্টা পোন্ধৰ মিনিট উৰণৰ অন্তত আমাৰ বিমান বেংককৰ ‘সুৱৰ্ণভূমি বিমান বন্দৰ’ত অৱতৰণ কৰে ৷ সেইসময়ত থাইলেণ্ড গৈ পোৱাৰ পাছত ভিছা (Visa on Arrival) কৰিব পৰা ব্যৱস্থা আছিল৷ সেইবাবে ভিছা আৰু ইমিগ্ৰেশ্বনৰ পৰ্ব শেষ কৰি ওলাই আহিলোঁ৷ সেইদিনা আমাৰ সহকৰ্মী দীপিকা আৰান্ধৰা ফুকন গুৱাহাটীৰ পৰা আহি আমাক এয়াৰপোৰ্টতে লগ কৰা কথা৷ ভিতৰৰ পৰা ওলাই আহি থাকোতে দেখিলোঁ বাটতে দীপিকা বাইদেউ অ’ত-ত’ত ফটো তুলি আছে চিৰ পৰিচিত ভঙ্গীত ৷ বাইদেউৰ হাতত সদায় কেমেৰা থাকেই ৷ বাইদেউ আমাৰ লগতে অহাৰ কথা আছিল যদিও ব্যক্তিগত অসুবিধাৰ বাবে ছিংগাপুৰ আৰু মালয়েচিয়ালৈ আমাৰ লগত যাব নোৱাৰিলে ৷ সেয়ে সেইদিনা অৰ্থাৎ আঠ জুলাইত বেংককলৈ আহি আমাৰ বাবে অপেক্ষা কৰি আছিল ৷ এতিয়া আমি মুঠ বাৰ গৰাকী হ’লোঁ ৷ বাহিৰলৈ ওলাই আহিলোঁ আটাইকেইগৰাকী৷ আমাৰ বাবে অপেক্ষা কৰি থকা মৰম লগা য়ুফা নামৰ স্থানীয় ছোৱালী এজনী মুখত এমোকোৰা হাঁহিৰে আদৰণি সম্ভাষণ জনাই আগুৱাই আহিল ৷ তেওঁ আমাক আমাৰ বাবে সাজু কৰি ৰখা সৰু বাছ জাতীয় এখন গাড়ীত উঠাই দিলে ৷ সেই বাছখনেৰেই বেংককৰ পৰা প্ৰায় এশ কিলোমিটাৰ দক্ষিণ-পূবত অৱস্থিত থাইলেণ্ডৰ এখন পৰিব্ৰাজকৰ আকৰ্ষণীয় ঠাই পাত্তায়ালৈ আমাৰ যাত্ৰা ৷ য়ুফাৰ পৰা বিদায় লৈ আমি পাত্তায়া অভিমূখে ৰাওনা হ’লোঁ ৷ প্ৰায় দুঘণ্টা যাত্ৰাৰ অন্তত আহি পাত্তায়াৰ পূৰ্ব নিৰ্ধাৰিত হোটেল ‘ৰয়েল পেলেচ’ পালোঁ ৷ সেইদিনা ট্ৰেভেল এজেন্সিয়ে আমাৰ বাবে আন এখন হোটেলত উত্তৰ ভাৰতীয় নৈশভোজনৰ আয়োজন কৰিছিল ৷ কিছু সময় হোটেলত জিৰণি লৈ তালৈ গৈ নিশাৰ আহাৰ কৰিলোঁ ৷ সুন্দৰকৈপৰিৱেশন কৰা চুৰুহাৰ পৰা পায়সলৈ নিশাৰ আহাৰ কৰি হোটেললৈ উভতিলোঁ ৷
পিছদিনা ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি পাত্তায়াৰ ‘কৰেল আইলেণ্ড’(Coral Island)লৈ বুলি সাজু হ’লোঁ ৷ থাইলেণ্ডৰ পূব উপকূলত আৰু বেংকক চহৰৰ দক্ষিণ-পূবত অৱস্থিত পাত্তায়াৰ পৰা পাঁচ-ছয় কিলোমিটাৰ আঁতৰত আৰব সাগৰত কৰেল আইলেণ্ড ৷ কৰেল আইলেণ্ডক কোহ লাৰ্ন বা কো লান নামেৰেও জনা যায় ৷ দীঘলে প্ৰায় চাৰি কিলোমিটাৰ আৰু বহলে প্ৰায় দুই কিলোমিটাৰ দ্বীপটো এই এলেকাত থকা দ্বীপসমূহৰ ভিতৰত বৃহত্তম দ্বীপ ৷ হোটেলৰ পৰা গাড়ীৰে আহি পাত্তায়া বিচ্ছত নামিলোঁ ৷ সাগৰৰ পাৰত আমাক প্ৰত্যেকৰে হাতত কিবা লিখা থকা বেণ্ডৰ দৰে একোপাট পিন্ধাই দিলে৷ বোধহয় সাগৰৰ বুকুলৈ কিমান মানুহ গ’ল তাৰ হিচাব ৰাখিবলৈ এই ব্যৱস্থা ৷ পাত্তায়া বিচ্চ পৰা দ্ৰুত গতিৰ নাৱেৰে সাগৰৰ মাজত ৰৈ থকা ডাঙৰ প্লেটফৰ্মৰ এখন নাৱৰ কাষলৈ নি তাত আমাক নমাই দিলে ৷ তাত পেৰাচেলিং (Parasailing), চি ৱাকিং (Sea Walking) আদি বিভিন্ন জল ক্ৰীয়াৰ ব্যৱস্থা আছে ৷

পৰিব্ৰাজকে ইচ্ছা কৰিলে খেলসমুহৰ আনন্দ ল’ব পাৰে ৷ প্ৰতিটো খেলৰ নিৰিখ বেলেগ বেলেগ৷ আমি যোৱা সময়ত পেৰাচেলিঙৰ ছয়শ বাত (থাইলেণ্ডৰ মুদ্ৰা) আৰু সাগৰৰ তলিলৈ যোৱাৰ বাবে এহেজাৰ বাত নিৰিখ আছিল ৷ আমি প্ৰথমতে কিছু সময় দেশ-বিদেশৰ পৰিব্ৰাজকে অংশ গ্ৰহণ কৰা খেলসমূহ উপভোগ কৰিলোঁ ৷ আমাৰ এগৰাকীও এই খেলত অংশ ল’বলৈ মন কৰা নাই ৷ মই মনতে ভাবি আছোঁ এবাৰ সাগৰৰ তলিখন চাই আহিব পৰা হ’লে ভাল আছিল, কিন্তু লগৰ এগৰাকীও নাযায় বাবে মন বান্ধি আছোঁ ৷ ইফালে ইমান সুন্দৰ সুবিধা এটা হেৰুৱাবলৈও মন যোৱা নাই ৷ শেষত মই পেৰাচেলিং কৰোঁ বুলি আগুৱাই গ’লোঁ ৷ মই যাম বুলি আগুৱাই অহাত অপৰ্ণা আৰু দীপিকা বাইদেউ আগুৱাই আহিল ৷ আমি তিনিওজনী জীৱন-সুৰক্ষা জেকেট পিন্ধি সাজু হ’লোঁ আৰু এজনী এজনীকৈ পেৰাচেলিং কৰিলোঁ ৷ এক অদ্ভুত নতুন অভিজ্ঞতা, ভয় আৰু ভাল লগা ৷ পেৰাচেলিং কৰি সাগৰৰ ওপৰ খন চালোঁ ৷ কিন্তু সাগৰৰ তলিখন চোৱাৰ হেঁপাহ কমা নাই ৷ সাগৰৰ ওপৰখন এনেয়ো দেখা পোৱা যায়৷ সাগৰৰ তলিৰ পৰা আহি পিন্ধিবলৈ আন পোছাকো লগত নাই ৷ তিতা কাপোৰ পিন্ধিয়েই গোটেই দিন কটাব লাগিব ৷ তথাপি আকৌ কেতিয়াবা সাগৰৰ তলিখন চোৱাৰ সুবিধা মোৰ জীৱনলৈ দ্বিতীয়বাৰ আহিব নে নাই বুলি ভাবি আটাইৰে বাধা নেওচি অক্সিজেন মাস্ক লৈ পানীত নামিলোঁ ৷ প্ৰথমতে উশাহ নোপোৱা যেন লাগি পানীৰ মাজতে অক্সিজেন মাস্কটো খুলি দিবলৈ ধৰোঁতে নাকে মুখে পানী সোমাবলৈ ধৰাত আকৌ ভালদৰে পিন্ধি ল’লোঁ ৷ প্ৰতিজনৰ লগতে অৱশ্যে প্ৰতিনিধি এজনকৈ যায়, কেনেকৈ কি কৰিব লাগে আকাৰে ইংগিতে শিকাই দিয়ে ৷ সাগৰৰ তলিত আঠুকাঢ়ি বহিবলৈ দি তেওঁ লগত লৈ যোৱা ব্ৰেডৰ টুকুৰাবোৰ মোৰ হাতত দিলে ৷ লগে লগে চৌদিশৰ পৰা বিভিন্ন ৰং-বিৰঙৰ সাগৰীয় মাছ আহি মোৰ হাতৰ পৰাই নিমিষতে সেইবোৰ খাই শেষ কৰিলে ৷ কি অপূৰ্ব দৃশ্য৷ সাগৰৰ উপৰিভাগৰ দৃশ্যৰ লগত তুলনাই নহয় ৷ আশ্চৰ্যকৰ নান্দনিক দৃশ্য ৷ বিভিন্ন প্ৰকাৰৰ সাগৰীয় মাছৰ খেল দেখি অভিভূত হ’লোঁ ৷ ভয়ে ভয়ে তলিত থকা জোপোহা গছ চুই চালোঁ ৷ নিজ চকুৰে সাগৰৰ তলিৰ দৃশ্য দেখি আপ্লুত হ’লোঁ ৷ এক পাহৰিব নোৱৰা শিহৰণকাৰী অভিজ্ঞতা মোৰ জীৱনৰ ৷ মই পানীৰ পৰা ওপৰলৈ উঠি অহাৰ আগতে সেই ঠাইৰ পৰা আন এখন নাৱেৰে কৰেল আইলেণ্ডলৈ যোৱাৰ সময় হ’ল ৷ মই আহি নোপোৱা বাবে বাকী কেইগৰাকীৰ ভয়ত তৎ নাইকিয়া হ’ল ৷ তেওঁলোক আনখন নাৱলৈ গ’ল যদিও আটাইৰে চকু মই নামি যোৱা ঠাই টুকুৰাতহে ৷ নাওখন ঠিক চলিবলৈ লওঁতেই কোনোমতে সাগৰৰ তলিৰ পৰা ওলাই মই দৌৰি আহি নাৱত উঠিলোঁ ৷

কিছু সময় যোৱাৰ পাছত আমি গৈ ‘কৰেল আইলেণ্ড’ পালোঁ ৷ বিভিন্ন খেলৰ ব্যৱস্থাৰে চালে চকু ৰোৱাকৈ সজোৱা উৎসৱমুখৰ পৰিৱেশ ৷ সাগৰৰ তলিখন চাই অহাৰ পাছত মোৰ আৰু সেইবোৰলৈ বিশেষ আকৰ্ষণ নোহোৱা হ’ল ৷ দীপিকা বাইদেউৰ পেৰাচেলিং কৰি মূৰ ঘূৰালে ৷ ধৰি নি বিচ্চত পৰিব্ৰাজকৰ বাবে ৰখা আৰাম চকীত বহুৱাই দিয়াৰ কিছু সময় পাছত অলপ ভাল পালে ৷ ভাৰতীয় আহাৰ পোৱা ৰেস্তোৰাঁ এখনত আমি দুপৰীয়াৰ আহাৰ কৰিলোঁ ৷ পৰিব্ৰাজকক আকৰ্ষণ কৰিব পৰাকৈ বিভিন্ন সামগ্ৰী সজাই থোৱা দোকানসমূহ ঘূৰি-পকি চাই এখন দ্ৰুতবেগী নাৱেৰে পাত্তায়া চহৰলৈ উভতি পাত্তায়াৰ বিখ্যাত ‘জেমচ্ গেলেৰি’লৈ যাওঁ ৷
জেমচ্ গেলেৰি প্ৰকৃততে পৃথিৱীৰ মূল্যৱান মণি-মুক্তা পোৱা বৃহৎ দোকানসমূহৰ ভিতৰত এখন ৷ এই গেলেৰিত কৃত্ৰিমভাৱে সজা গুহাৰ ভিতৰলৈ টয়-ট্ৰেইনেৰে লৈ যায় ৷ তাত এই ৰত্নসমুহৰ ইতিহাসৰ উপৰিও প্ৰকৃতিৰ বুকুৰ পৰা এই মূল্যৱান সম্পদসমূহ সংগ্ৰহ আৰু শোধন কৰা প্ৰক্ৰিয়াৰ লগতে তাৰ পৰা অলংকাৰ প্ৰস্তুত কৰা পদ্ধতি আকৰ্ষণীয়কৈ দেখুৱায় ৷ বিক্ৰীৰ বাবে ৰখা মূল্যৱান ৰত্ন ভাণ্ডাৰ, মণি-মুক্তাবোৰ গ্ৰাহকক আকৰ্ষণ কৰিব পৰাকৈ সজাই ৰখা হৈছে ৷ তিৰবিৰাই থকা অলংকাৰবোৰে যিকোনো লোককে বিশেষকৈ মহিলাসকলক আকৰ্ষণ কৰা স্বাভাৱিক ৷ যদিও ট্ৰেভেল এজেন্সিয়ে ভ্ৰমণকাৰীৰ সূচীত জেমচ্ গেলেৰি সন্নিবিষ্ট কৰে প্ৰকৃততে এইখন ৰত্ন আৰু অলংকাৰৰ বিক্ৰীকেন্দ্ৰ ৷ যিসকলৰ হাতত সময় কম থাকে বা অলংকাৰ আদিৰ প্ৰতি ৰাপ নাই তেওঁলোকে ভ্ৰমণসূচীৰ পৰা বাতিল কৰাই ভাল ৷ অৱশ্যে মণি-মুক্তা সংগ্ৰহ প্ৰক্ৰিয়া, শোধন প্ৰণালী আদিৰ বিষয়ে জানিব পাৰি ৷
সন্ধিয়া আমি পাত্তায়াৰ বিখ্যাত ‘আলকাজাৰ শ্বো’ (Alcazer show) চাবলৈ গ’লোঁ ৷ শক্তিশালী অভিনয়, মঞ্চৰ অনন্য সাজ-সজ্জা, চমকিত কৰা সাজ-পোছাকেৰে সকলো বয়সৰে লোকে উপভোগ কৰিব পৰা এটি চমকপ্ৰদ অনুষ্ঠান ৷ উল্লেখযোগ্য যে ১ঘণ্টা ১০মিনিট পাৰ্চী, চীন, ৰাছিয়া, কোৰিয়া, ভাৰত, থাই আদি বিভিন্ন দেশৰ বিভিন্ন চিত্ৰ অংকন কৰা এই অনুষ্ঠান পৰিৱেশন কৰা প্ৰতিজন শিল্পীয়ে ‘লেডিবয়’৷ তেওঁলোক ইমান ধুনীয়া নিজ চকুৰে দেখাৰ পিছতো বিশ্বাস কৰিবলৈ টান লাগে তেওঁলোক যে ল’ৰা ৷ এটাৰ পাছত আনটো অবিৰতভাৱে প্ৰদৰ্শিত মুঠ সোতৰটা বিভিন্ন দেশৰ সংস্কৃতিৰ আধাৰত পৰিৱেশন কৰা অনুষ্ঠানে আমাক মুগ্ধ কৰিলে ৷ বাস্তৱৰ পৰা আঁতৰি আমি যেন পৰীৰ দেশতহে ভ্ৰমি ফুৰিছোঁ ৷ সংগীতৰ তালে তালে সুন্দৰ ব্যৱস্থাপনা, পোহৰৰ আৰু শব্দৰ অভাৱনীয় সংমিশ্ৰণত জকমকীয়া সাজেৰে নৃত্যশিল্পীসকলৰ লয়লাস নৃত্য ভঙ্গী যথেষ্ট উন্নত মানৰ ৷ সঁচাকৈ এটি সুন্দৰ অনুষ্ঠান উপভোগ কৰিলোঁ ৷ অনুষ্ঠান পৰিৱেশনৰ শেষত নৃত্যশিল্পীসকল যি সময়ত বাহিৰলৈ ওলাই আহে সেইসময়ত ইচ্ছুক¸ দৰ্শকসকলে ভাব বিনিময় কৰাৰ উপৰিও তেওঁলোকৰ লগত ফটো উঠিব পাৰে ৷ কোনোবাই¸ নিজ ইচ্ছাৰে মাননি দিলে গ্ৰহণ কৰে ৷ সেই সময়তো, মানে নিচেই ওচৰৰ পৰাও তেওঁলোকক লেডিবয় বুলি ধৰিব নোৱাৰি ৷ হোটেললৈ উভতি আহিও আলকাজাৰ শ্ব’ আৰু লেডিবয়সকলৰ কথা বহু নিশালৈ মনত প্ৰতিক্ৰিয়া কৰি আছিল ৷
১৯৬০ চনলৈকে এখন মাছমৰীয়াৰ ঠাই হিচাপে খ্যাত পাত্তায়া চহৰ পৰিব্ৰাজকৰ আকৰ্ষণীয় ঠাই হিচাপে পৰিগণিত হোৱাৰ মুখ্য কাৰণ হ’ল ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু বিচ্চসমুহ ৷ ভিয়েটনামৰ যুদ্ধৰ সময়ত আমেৰিকাৰ পৰা অহা কৰ্মকৰ্ত্তাসকলে আৰাম আৰু বিনোদনৰ বাবে উপযোগী ঠাই বুলি বিবেচনা কৰাৰ পৰাই পৰ্যটকৰ স্থান হিচাপে পাত্তায়া চহৰ জনাজাত হয় ৷ এই চহৰ সন্ধিয়া হোৱাৰ লগে লগে আমোদ-বিলাসীসকলৰ বাবে এখন সপোনপুৰীত পৰিণত হয় ৷ হাজাৰতকৈও অধিক বাৰ, নৈশ জীৱন (Night life), যৌন শিল্প কেন্দ্ৰ আদিৰ বাবে অপকৰ্মৰ চহৰ (Sin City) বুলিও জনা যায় যদিও সকলো বয়সৰ লোকৰে এখন আকৰ্ষণীয় চহৰ ৷
জোনা মহন্ত, জুলাই ২੦১১ (এই ভ্ৰমণকাহিনীৰ আগৰছোৱা মালয়বাসীৰ গেৌৰৱপেট্ৰোনাচ টুইন টাৱাৰ), শেষৰ অংশ থাইলেণ্ডৰ ৰাজধানী চহৰ বেংকক