
বগা, গুলপীয়া আৰু গাঢ় ৰঙা ৰঙৰ সংমিশ্ৰণত অতি সুন্দৰ দুমহলীয়া বাছৰ ওপৰ মহলাত আমি নিজ নিজ আসনত বহিলোঁ ৷ কিছু দূৰ যোৱাৰ পাছত গাড়ীৰ আগত কোনো চালক নেদেখি জোনা বাইদেৱে কৈ উঠিল, ‘গাড়ীখন কেনেকৈ চলিছে ড্ৰাইভাৰ নাই দেখোন ৷’ আমাৰ হাঁহিত আন যাত্ৰীসকলে আমালৈ ঘূৰি ঘূৰি চালে ৷ আচলতে দুমহলীয়া বাছত আমি অভ্যস্ত নহয় বাবে গাড়ীৰ চালকে যে তলৰ মহলাত বহি গাড়ী চলাই আছে সেই কথা বাইদেৱে পাহৰিয়ে গ’ল ৷ এনে ধৰণে হাঁহি ধেমালি আৰু বাছৰ খিৰিকীৰে বাহিৰৰ মনোমোহা সৌন্দৰ্য উপভোগ কৰি কেনেদৰে পাঁচ ঘণ্টা অতিবাহিত হ’ল ধৰিবই নোৱাৰিলোঁ ৷ মাজতে সৰু সৰু দোকানেৰে ভৰা ঠাই এডোখৰত বাছখন ৰখালে ৷ আমিও কিবা খাওঁ বুলি নামিলোঁ ৷ কিন্তু এইবাৰ আকৌ আমাৰ হাতত মালয়েচিয়াৰ কাৰেন্সি ‘ৰিংগিট’ (Ringgit) নাই ৷ শেষত অৱশ্যে অনুৰোধ কৰি ‘ ছিংগাপুৰী ডলাৰ’ দিয়ে কিনিলোঁ ৷ ৰাস্তাবোৰ সুন্দৰ বাবে প্ৰায় ৩৫০ কিলোমিটাৰৰ এই যাত্ৰা আমি খুব উপভোগ কৰিলোঁ ৷ মাজতে ইমিগ্ৰেশ্বনৰ বাবে বাছখন ৰখালে ৷ দিনৰ প্ৰায় দুই মান বজাত আহি কুৱালালামপুৰৰ ‘ষ্টাৰ মাৰ্ট’ বাছ সেৱাৰ ষ্টেচন পালোঁ ৷ উল্লেখনীয় যে বাছৰ চালকজনৰ বাহিৰে হেণ্ডিমেন বা আন কোনো সহায়ক নাথাকে বাবে গাড়ীত নিজৰ বাকচ নিজেই উঠোৱা-নমোৱা কৰিব লাগে ৷

বাছৰ পৰা নামি বাছষ্টেণ্ডত আমাৰ বাবে কোনো ৰৈ থকা নেদেখি আমি চিন্তাত পৰিলোঁ ৷ আমাক কোৱামতে আমি গৈ পোৱাৰ আগতেই ট্ৰেভেল এজেন্সিৰ প্ৰতিনিধি আমাৰ বাবে নিৰ্দিষ্ট স্থানত ৰৈ থাকিব ৷ আধা ঘণ্টাৰো বেছি সময় অপেক্ষা কৰাৰ পাছতো কোনো আহি নোপোৱাত আমি বিমোৰত পৰিলোঁ ৷ কিবা অসুবিধা হ’লে ফোন কৰিবলৈ আমাক প্ৰতিখন ঠাইৰ বাবে ফোন নম্বৰ দিছিল ৷ কিন্তু সমস্যা হ’ল আমাৰ হাতত ৰিংগিট নাই, তদুপৰি টেলিফোন বুথৰ আদৱ-কায়দাৰ বাবে ফোন কৰাও সম্ভৱ নহয় ৷ একো উপায় নেদেখি মই আৰু ভূপালী বাইদেউ কাষতে থকা অফিচ এটালৈ গৈ আমাৰ সমস্যাৰ কথা কোৱাত তেওঁলোকে আমাক অফিচৰ লেণ্ডলাইনৰে ফোন কৰিব দিলে ৷ ফোন কৰাৰ কিছু সময় পাছতেই গাড়ী আহি পোৱাতহে আমাৰ মুখলৈ পানী আহিল ৷
ইতিমধ্যে দুপৰীয়াৰ আহাৰ খোৱাৰ সময় পাৰ হৈয়েই গ’ল ৷ আমি গাড়ী চালকজনক ইউ.এছ ডলাৰৰ সলনি ৰিংগিট বিনিময় কৰা ঠাইলৈ লৈ যাবলৈ অনুৰোধ কৰাত তেওঁ কলে, আমাৰ বাবে তেওঁ হেনো কিছু ৰিংগিট লৈ আহিছে ৷ উচ্চ হাৰতে তেওঁৰ পৰা কিছু ৰিংগিট ল’বলৈ বাধ্য হ’লোঁ ৷ আমি কিবা অলপ খাই লওঁ বুলি কোৱাত চালকজনে আমাক দক্ষিণ ভাৰতীয় ৰেস্তাৰাঁ এখনলৈ নিলে ৷ ইয়াতো ছিংগাপুৰৰ দৰেই কলপাতত আমাক খোৱা পৰিৱেশন কৰিলে ৷
সেইদিনা আমাৰ কাৰ্যসূচী আছিল কুৱালালামপুৰ চহৰৰ কেইখনমান আকৰ্ষণীয় ঠাই চোৱাৰ ৷ ইতিমধ্যে যথেষ্ট দেৰি হোৱা বাবে হোটেললৈ নগৈ বাহিৰে বাহিৰে প্ৰথমতেই আমি যাওঁ মালয়েচিয়াৰ জাতীয় স্মৃতিসৌধ Tugu Negara লৈ ৷ মালয়েচিয়াৰ স্বাধীনতাৰ বাবে হোৱা যুদ্ধত মৃত্যু হোৱা শ্বহীদ সকলৰ স্মৃতিত নিৰ্মাণ কৰা এই স্মৃতিসৌধে দ্বিতীয় মহাযুদ্ধৰ সময়ত শ্বহীদ হোৱা সৈনিক সকলকো প্ৰতিনিধিত্ব কৰে ৷ এই কীৰ্তিস্তম্ভত প্ৰতিষ্ঠিত কৰা ১৫.৫ মিটাৰ উচ্চতাৰ ব্ৰোঞ্জৰ মূৰ্তিয়ে মালয়েচিয়াৰ সাধাৰণ স্বাধীনতাৰ প্ৰতিনিধিত্ব কৰে ৷ সাতজন সৈনিকে মালয়েচিয়াৰ পতাকা বহন কৰা এই মূৰ্তিৰ প্ৰতিজন সৈনিক যোদ্ধাৰ সাতটি গুণ– আদেশ, একতা, শক্তি, সতৰ্কতা, কষ্ট, সাহস আৰু ত্যাগৰ প্ৰতীক ৷
তাৰ পৰা ওলাই আমি যাওঁ জাতীয় ৰাজপ্ৰাসাদ Istana Negara লৈ ৷ এই জাতীয় প্ৰাসাদ মালয়েচিয়াৰ ৰজাৰ চৰকাৰী বাসভৱনৰ উপৰিও প্ৰশাসনিক কাম-কাজসমূহ ইয়াৰ পৰাই হয় ৷ ইছলামিক, মালয় আৰু পশ্চিমীয়া শৈলীৰ সংমিশ্ৰণত নিৰ্মাণ কৰা এই ৰাজপ্ৰাসাদত ২২ টা গম্বুজ আছে ৷ ২০০৭ চনত নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰা এই ৰাজপ্ৰাসাদৰ নিৰ্মাণ ২০১১ চনৰ জুন মাহত অৰ্থাৎ আমি যোৱাৰ কিছুদিন আগতহে সম্পূৰ্ণ হৈছিল ৷ আমি যোৱাৰ সময়ত পুৰণি ৰাজপ্ৰাসাদৰ পৰা নতুন প্ৰাসাদলৈ স্থানান্তৰৰ কাম চলি আছিল ৷ এই ৰাজপ্ৰাসাদৰ ভিতৰলৈ সোমোৱাৰ অনুমতি নাই ৷ বাহিৰৰ পৰাই চাই গেটত ৰৈ থকা গাৰ্ডৰ লগতে ফটো উঠিলোঁ ৷ তেওঁ লৰচৰ নকৰাকৈ এনেদৰে ঠিয় হৈ আছিল যে আমি মূৰ্তি বুলিহে ভাবিছিলোঁ ৷

তাৰ পৰা আমি কোকো কিংদম কেকে চকলেট হাউছ (Coco Kingdom kk Chocolate House) আৰু এই ফেক্টৰীৰ নিৰ্দিষ্ট বিক্ৰী কেন্দ্ৰত সোমালোঁ ৷ প্ৰথমতে কৰ্মৰত লোকসকলে চকলেট প্ৰস্তুত কৰা পদ্ধতি আমাক দেখুৱালে ৷ এই বিক্ৰী কেন্দ্ৰ খুব ডাঙৰ নহলেও বিভিন্ন স্থানীয় ৰং-বিৰঙৰ আৰু বৰ সুন্দৰ আকৃতিৰ চকলেটবোৰে গ্ৰাহকক যথেষ্ট আকৰ্ষণ কৰে ৷ আমাক টেষ্ট কৰিবলৈ দিলে, সুন্দৰ সোৱাদ ৷ আমি আটাইকেইগৰাকীয়ে ঘৰলৈ বুলি দুবিধ মান চকলেট কিনিও ল’লোঁ ৷ তাৰ পৰা উভতি আমি এখন বজাৰত সোমাওঁ যদিও দেৰি হোৱা বাবে পলম নকৰি আমাৰ নিৰ্ধাৰিত হোটেল ‘চাইট্ৰাচ্’(Citrus)লৈ আহোঁ ৷ হোটেলৰ ৰূমৰ পৰাই কুৱালালামপুৰৰ পৃথিৱী বিখ্যাত টুইন টাৱাৰ উজলি থকা দেখি আমি আনন্দত আত্মহাৰা হৈ পৰিলোঁ ৷
পিছদিনা ৰাতিপুৱা প্ৰথমতেই মালয়েচিয়াৰ প্ৰতিজন পৰিব্ৰাজকৰে মূল আকৰ্ষণ টুইন টাৱাৰলৈ যাওঁ ৷ ১৪৮২ ফুট উচ্চতাৰ ৮৮ মহলীয়া পেট্ৰোনাচ (Petronas) টাৱাৰ বা পেট্ৰোনাচ টুইন টাৱাৰ মালয়বাসীৰ গৌৰৱ ৷ সুউচ্চ অট্টালিকা দুটাৰ ৪১ আৰু ৪২ মহলাত এখন স্কাই-ব্ৰিজেৰে (Skybridge) দুয়োটা টাৱাৰ সংলগ্ন কৰা হৈছে ৷ এইখন পৃথিৱীৰ উচ্চতম স্কাই-ব্ৰিজ ৷ ৮৮ তম মহলাত থকা পৰ্য্যবেক্ষণ ডেকৰ পৰা কুৱালালামপুৰ চহৰৰ দৃশ্য প্ৰত্যক্ষ কৰিব পাৰি ৷ ১৯৯৮ চনৰ পৰা ২০০৪ চনলৈকে বিশ্বৰ আটাইতকৈ ওখ বিল্ডিং বুলি পৰিচিত এই টাৱাৰ বৰ্তমান বিশ্বৰ আটাইতকৈ ওখ টুইন বিল্ডিং বুলি খ্যাত ৷ উন্নত মানৰ ষ্টীল আৰু কাঁচেৰে নিৰ্মিত এই টাৱাৰৰ ১৯৯২ চনৰ ৰ জানুৱাৰিৰ পৰা নিৰ্মাণৰ বিভিন্ন পৰিকল্পনা কৰি ১৯৯৯ চনত চৰকাৰীভাৱে মুকলি কৰা হয় ৷ ইয়াৰ এটা টাৱাৰত মালয়েচিয়াৰ ৰাষ্ট্ৰীয় তেল সংস্থা (Malaysian State Oil Company Petronas) আৰু এই সংস্থাৰ সহযোগী সংস্থাসমূহৰ কাম-কাজ হয়, সেই বাবেই এই টাৱাৰ দুটিক পেট্ৰোনাচ বুলি কোৱা হয় আৰু আনটো বিল্ডিঙত বিভিন্ন বহুজাতিক কোম্পানীৰ কাৰ্য্যালয় ৷ বাহ্যিক সৌন্দৰ্য্য চাই মনলৈ বহুতো প্ৰশ্নই আহিল ৷ ইটা, বালি, চিমেন্ট আদিৰ ব্যৱহাৰ নকৰাকৈ এনে এটি উচ্চ অট্টালিকাৰ নিৰ্মাণ শৈলী প্ৰকৃততে প্ৰশংসনীয় আৰু গৌৰৱৰ বিষয়৷ নিৰ্মাণৰ পৰিকল্পনাৰ লগত জড়িত প্ৰতিজন ব্যক্তিয়েই প্ৰশংসাৰ পাত্ৰ ৷

টুইন টাৱাৰৰ পৰা আমি যাওঁ পৃথিৱীৰ উচ্চতম টাৱাৰসমূহৰ ভিতৰত উচ্চতাত সপ্তম স্থানত থকা ‘কুৱালালামপুৰ টাৱাৰ বা কে.এল.টাৱাৰ’৷ ১৯৯৫ চনত নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হোৱা ১৩৪১ ফুট উচ্চতাৰ এই টাৱাৰ যোগাযোগ আৰু আমোদৰ বাবেই ব্যৱহূত ৷ ভ্ৰমণকাৰীৰ বাবে চহৰখনৰ ৩৬০ ডিগ্ৰী দৃশ্যাৱলী নিৰীক্ষণ কৰিব পৰাকৈ নিৰীক্ষণ ডেকৰ উপৰিও ঘূৰ্ণীয়মান ৰেস্তোৰাঁ আছে ৷ মহাকাশৰ ঘটনা-পৰিঘটনা সমূহৰ নিৰীক্ষণৰ বাবে উচ্চ প্ৰযুক্তিবিজ্ঞান সম্পন্ন এই টাৱাৰ বিভিন্ন টিভি আৰু ৰেডিঅ’ আদিৰ সম্প্ৰচাৰৰ কামত ব্যৱহূত ৷ মালয়েচিয়াৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদৰ জোন এই টাৱাৰৰ পৰাই নিৰীক্ষণ কৰি ঈদ উদ্যাপন কৰে ৷
এই টাৱাৰ চাব যোৱাৰ সময়ত হোৱা এটা সৰু অথচ সাংঘাতিক বিপদজনক কথাই আমাক যথেষ্ট সচেতন হ’বলৈ সতৰ্ক কৰি তুলিলে ৷ আমি গাড়ীৰ পৰা নামি যোৱাৰ সময়তে আমাৰ গাড়ীৰ চালক আৰু আগৰে পৰা তাত ৰৈ থকা দুজন লোকে আমাক আমাৰ পাছপোৰ্ট সমূহ গাড়ীতে থৈ যাবলৈ ক’লে ৷ আমি তেওঁলোকৰ কথাত গুৰুত্ব নিদি নিজৰ লগতে ৰাখিলোঁ ৷ অনুমান কৰিছিলোঁ আমি আটাইকেইগৰাকী মহিলা দেখি তেওঁলোকৰ মনত কিবা বেয়া বুদ্ধি খেলাইছিল ৷ আমাৰ সতৰ্কতাৰ বাবে আগন্তুক বিপদৰ পৰা ৰক্ষা পৰিলোঁ ৷
কে.এল টাৱাৰৰ পৰা আমি কাপোৰৰ ওপৰত বিভিন্ন প্ৰক্ৰিয়াৰে কৰা হস্তশিল্পৰ ফেক্টৰী ‘জাদি’ (Jadi) বাটিক গেলেৰিলৈ যাওঁ ৷ তাত কৰ্মৰত লোকসকলে কেনেদৰে এই প্ৰিণ্ট কাপোৰৰ ওপৰত কৰা হয় দেখুৱালে ৷ অতি সুন্দৰ আৰু আকৰ্ষণীয় কাম কৰা এই প্ৰতিভাশালী শিল্পীসকলে তেওঁলোকৰ শিল্পকৰ্মেৰে কৰা এই ডিজাইনসমূহ বিশেষকৈ বিভিন্ন ফুল আৰু পাতৰ যদিও পৰ্যটকৰ চাহিদাৰ বাবে মাছ আৰু বিভিন্ন সাগৰীয় প্ৰাণীৰো আৰ্হি প্ৰস্তুত কৰে ৷ এই জাদি ফেক্টৰী কুৱালালামপুৰৰ এটি বৃহৎ বাটিক আৰু হস্তশিল্পৰ কেন্দ্ৰ ৷ ১৯৭৬ চনত স্থাপিত এই গেলেৰিত প্ৰস্তুত কৰা সামগ্ৰীয়ে পৰিব্ৰাজকক আকৰ্ষণ কৰে ৷ ফেক্টৰীৰ লগতে বাটিকৰ বিভিন্ন সুন্দৰ আৰ্হিৰে প্ৰস্তুত কৰা সামগ্ৰীৰ বিপণি এখনো আছে ৷ কাপোৰৰ ওপৰত ডিজাইন কৰিব পৰা দুপদমান সামগ্ৰী কিনিলোঁ ৷ বিপণি খনৰ কাপোৰৰ ডিজাইন অতি সুন্দৰ যদিও ৰঙচঙীয়া বাবে কাপোৰ কিনিবলৈ মন নগ’ল ৷তাৰ পৰা উভতি আহি সেইদিনা আমি চাইট্ৰাচ্ হোটেলত নিজ নিজ প্ৰতিভা প্ৰদৰ্শনেৰে এটি সুন্দৰ সন্ধিয়া অতিবাহিত কৰিলোঁ ৷ এইসমূহৰ ভিতৰত অঞ্জলি বাইদেউৰ কথক নৃত্য, অণিমা আৰু ৰূপাৰ বিহুসুৰীয়া গীতৰ তালে তালে অপৰ্ণা আৰু ভূপালীবাৰ বিহু নাচৰ ভঙ্গীয়ে আমাক ওভতাই লৈ গ’ল কলেজীয়া দিনলৈ ৷ ৰাতি ওলাই গৈ নিশাৰ আহাৰ কৰিবলৈ আমাৰ মন নোযোৱা বাবে পূৰ্ণিমা আৰু অপৰ্ণা ওলাই গৈ আমাৰ সকলোৰে বাবে লৈ আনিলে ৷
জেণ্টিং হাইলেণ্ডৰ ‘ফাৰ্ষ্ট ৱৰ্ল্ড হোটেল’ত এনিশা
সাত জুলাইত হোটেলত ব্ৰেকফাষ্ট কৰি ন বজাত মালয়েচিয়াৰ এখন পাহাৰীয়া ঠাই ‘জেণ্টিং হাইলেণ্ড’ (Genting Highland)লৈ বুলি ওলালোঁ ৷ কুৱালালামপুৰৰ পৰা জেণ্টিং হাইলেণ্ডলৈ যোৱাৰ পথত আছে প্ৰকৃতি আৰু মানুহৰ হাতৰ পৰশত গঢ়ি উঠা, চমকিত কৰা সৌন্দৰ্য্যৰ ‘বাটু গুহা’ (Batu cave)৷ মালয় ভাষাত বাটুৰ অৰ্থ হৈছে শিল ৷ বাটু গুহা নিৰ্মাণ কৰা এই চূণশিলৰ পাহাৰ ৪০০ নিযুত বছৰ পুৰণি বুলি কোৱা হয় ৷ বাটু গুহাৰ বাহিৰতে থকা ১৪০ ফুট উচ্চতাৰ ভগৱান মুৰুগানৰ মূৰ্তিয়ে গুহা পাহাৰখনক বেছ আকৰ্ষণীয় কৰি তুলিছে ৷ মুৰুগান হৈছে শিৱ আৰু পাৰ্বতীৰ পুত্ৰ কাৰ্তিক ৷ দক্ষিণ ভাৰত, শ্ৰীলংকা আৰু মালয়েচিয়াত ভগৱান কাৰ্তিকক মুৰুগান নামেৰে উপাসনা কৰা হয় ৷ আমি বাটু গুহাত সোমালোঁ যদিও মূল গুহা মন্দিৰলৈ যাবলৈ দৰ্শনাৰ্থীয়ে ২৭২ টা চিৰি বগাই যাব লাগে বাবে আমি তালৈ নগ’লোঁ ৷ মাটিৰ পৰা প্ৰায় ১০০ মিটাৰ উচ্চতাত বাটু গুহা-মন্দিৰত তিনিটা মুখ্য গুহা আৰু সৰু সৰু কেইটামান গুহা আছে ৷ আমি সেইকেইটাকে চালোঁ ৷ পাহাৰৰ নামনিত থকা আৰ্ট গুহা আৰু মিউজিয়াম গুহাত হিন্দু ধৰ্মৰ বিভিন্ন মূৰ্তি আৰু চিত্ৰ ৰখা হৈছে ৷ এই বাটু গুহাক মালয়েচিয়াৰ বিস্ময় বুলিও কোৱা হয় ৷ আমাৰ মন্দিৰসমূহৰ দৰেই এই গুহা মন্দিৰত যথেষ্ট বান্দৰ দেখিবলৈ পালোঁ ৷
বাটতে আমি Swiss Watch Factory আৰু চকলেট ফেক্টৰীতো সোমালোঁ ৷ তাত থকা নিৰ্দিষ্ট বিক্ৰী কেন্দ্ৰত আমাৰ লগৰ কেইগৰাকীমানে ঘড়ী কিনিলে ৷ দেখাত অতি সুন্দৰ ঘড়ীবোৰ আমাৰ ইয়াত পোৱা নাযায় ৷ ঘড়ীবোৰ দেখি কোনটো কিনিম কোনটো এৰিম বুলি মোৰ কিনাই নহ’ল ৷ চকলেট ফেক্টৰীৰ পৰা আমি আটাইয়ে চকলেট কিনি অৱশেষত দিনৰ প্ৰায় একমান বজাত আমি জেণ্টিং হাইলেণ্ডত উপস্থিত হওঁ ৷

কুৱালালামপুৰৰপৰা প্ৰায় ৫৮ কিলোমিটাৰ নিলগত ‘উলু কালী’ (Ulu Kali) নামৰ পাহাৰৰ শীৰ্ষত ১৮০০ মিটাৰ উচ্চতাত অৱস্থিত জেণ্টিং হাইলেণ্ডৰ এটি বৃহৎ অঞ্চল ‘পাহাং’ (Pahang) ৰাজ্যত আৰু কিছু অংশ ‘চেলাংগ’ৰ (Selangor) ৰাজ্যই আৱৰি আছে ৷ জেণ্টিং হাইলেণ্ড পৰিব্ৰাজকৰ আকৰ্ষণৰ মুখ্য কাৰণ হৈছে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে World Genting Casino, থিম্ পাৰ্ক (Theme Park) আদিৰে ব্যস্ত অঞ্চল ৷ জুৱা খেলো ইয়াত বৈধ ৷ সেয়েহে বিভিন্ন দেশ-বিদেশৰ সকলো বয়সৰ পৰ্যটকেৰে বছৰৰ সকলো সময়তে এই অঞ্চল ভৰি থাকে ৷
এই জেণ্টিং হাইলেণ্ডৰ নিৰ্মাণ সম্পৰ্কে এটি ইতিহাস জড়িত হৈ আছে ৷ চীন দেশীয় প্ৰয়াত লিম গোহ টং (Lim Goh Tong) নামৰ এজন মালয়েচিয়াৰ ব্যৱসায়ী ১৯৬৩ চনতে এটি জলবিদ্যুৎ প্ৰকল্পৰ বাবে ক্যামৰেনৰ পাহাৰীয়া অঞ্চললৈ যাব লগা হোৱাত সেই অঞ্চলৰ প্ৰকৃতিৰ অতুলনীয় দৃশ্যাৱলী আৰু নিৰ্মল বতাহত মুগ্ধ হৈ তেওঁ ব্যৱসায়িক ভিত্তিত হোটেল সজাৰ পৰিকল্পনা কৰিলে ৷ ক্যামৰেন কুৱালালামপুৰৰ পৰা যথেষ্ট দূৰত হোৱা বাবে লিমে অনুসন্ধান কৰি কুৱালালামপুৰৰ পৰা মাত্ৰ ৫৮ কিলোমিটাৰ নিলগত উলু কালী পাহাৰৰ জেণ্টিং চেম্পা (Genting sempah) ত তেওঁৰ প্ৰকল্পৰ বাবে উপযুক্ত ঠাই হ’ব বুলি বিবেচনাকৰিলে ৷ তেওঁৰ চেষ্টা আৰু পৰিকল্পনাৰ ফল স্বৰূপে ১৯৭১ চনত জেণ্টিং হাইলেণ্ডৰ প্ৰথম হোটেল ‘হাইলেণ্ড হোটেল’ৰ কাম সম্পূৰ্ণ হয় ৷ বৰ্তমান অৱশ্যে এই হোটেলৰ নাম ‘থিম্ পাৰ্ক’ হোটেল ৷ ইয়াত ‘ফাৰ্ষ্ট ৱৰ্ল্ড হোটেল’ত (First World Hotel) আমাৰ ৰূম বুক কৰা আছিল ৷ বৃহৎ অভ্যৰ্থনা কক্ষ, ক’ত কি কৰিব লাগে একো ধৰিব নোৱাৰি কিছু সময় পৰ্যবেক্ষণ কৰিহে আমাৰ ৰূমৰ চাবি সংগ্ৰহ কৰিলোঁ ৷ কিন্তু তিনি-বজাৰ পাছতহে হোটেলৰ ৰূমত প্ৰৱেশ কৰিব পাৰিম ৷ আমি লাগেজবোৰ অভ্যৰ্থনা কক্ষত ৰাখি থিম পাৰ্কৰ পিনে ওলাই আহিলোঁ ৷ এক উৎসৱমুখৰ পৰিৱেশ চৌদিশে ৷ থিমপাৰ্ক, কেচিনো, মল সকলোতে অগণন লোকৰ সমাৱেশ ৷ এই থিম পাৰ্ক বহুতো খেলেৰে পৰিপূৰ্ণ যদিও কম বয়সৰ পৰিব্ৰাজকৰ বাবেহে উপযুক্ত ৷ সেয়ে আমি খেলসমূহ আঁতৰৰ পৰা চাই কিবা অলপ খোৱাৰ উদ্দেশ্যেৰে ৰেস্তোৰাঁ এখনলৈ গ’লোঁ ৷ দুপৰীয়া বিশেষ একো নাখাওঁ বুলি আমি কফি আৰু লঘু আহাৰ কৰিলোঁ ৷ হঠাৎ গোটেই আকাশ ক’লা ডাৱৰে ঢাকি বৰষুণ এজাক আহি যথেষ্ট ঠাণ্ডা পেলাই দিয়াত আমাৰ মনবোৰো সেমেকি গ’ল ৷ বতৰ আমাৰ শ্বিলঙৰ দৰেই যেন লাগিল ৷ কিছু সময় পিছতেই বতৰ আকৌ ফৰকাল হ’ল ৷
তিনি তাৰকাযুক্ত ‘ফাৰ্ষ্ট ৱৰ্ল্ড’ নামৰ হোটেলখন পৃথিৱীৰ আটাইতকৈ বেছি ৰূম থকা হোটেল হিচাপে পৰিচিত ৷ এই হোটেলখনত সেই সময়ত ৰূমৰ সংখ্যা আছিল ছয় হাজাৰৰো অধিক ৷ বিভিন্ন উজ্জ্বল ৰঙেৰে হোটেলখন দূৰৰ পৰাই জিলিকি থাকে ৷ হোটেলৰ ভিতৰত পৃথিৱীৰ বিখ্যাত ব্ৰেণ্ডসমূহৰ ৪৬,০০০ বৰ্গমিটাৰৰ শ্বপিং মল, ইনড’ৰ থিমপাৰ্ক, স্কাই এভিনিউ, কেচিনো, জেণ্টিং আন্তৰ্জাতিক সন্মিলন কেন্দ্ৰ আদি আছে ৷ এইখনেই বিশ্বৰ প্ৰথম হোটেল য’ত এক্সপ্ৰেছ চেক-ইন আৰু চেক-আউটৰ ব্যৱস্থা আছে ৷ দিনত আমাৰ বিশেষ একো খোৱা নহ’ল বাবে আমাৰ ভোকো লাগিছিল ৷ অপৰ্ণাই তেওঁৰ লগত লৈ যোৱা বিস্কুটৰ পেকেট খুলি খাবলৈ লওঁতেই তেওঁ ভাল-বেয়া পোৱাৰ কথা নাভাবি আমিও তেওঁৰ পৰা লৈ খালোঁ ৷ এইদৰে হাঁহি ধেমালিৰ মাজেৰে সময়বোৰ পাৰ হ’ল ৷

আমি ৰূমলৈ যোৱাৰ আগতে ‘কেবল কাৰ ৰাইড’ কৰি অহাকে ঠিক কৰিলোঁ ৷ প্ৰায় ৪.৫ কিলোমিটাৰ কেবল কাৰৰ পথছোৱা নান্দনিক প্ৰাকৃতিক দৃশ্যৰ মাজেৰে অতি ৰোমাঞ্চকৰ যাত্ৰা ৷ প্ৰায় বিশ মিনিটৰ এই যাত্ৰাৰ প্ৰতিটো দৃশ্যই মনোমোহা ৷ কেবল কাৰৰ আনটো মূৰত স্কাই এভিনিউ শ্বপিং মল, কেচিনো আদি আছে ৷ আমি কিছু সময় ঘূৰি-পকি চাই বাছেৰে আমাৰ হোটেললৈ উভতি আহিলোঁ ৷ ইতিমধ্যে নিশাৰ আহাৰৰ সময় হোৱা বাবে চীন দেশীয় ৰেস্তোৰাঁ এখনত আহাৰ কৰি নিজ নিজ ৰূমলৈ গ’লোঁ ৷ ‘ফাৰ্ষ্ট ৱৰ্ল্ড হোটেল’খন যদিও পৃথিৱী বিখ্যাত ৰূম সেৱা নাই, সকলো সময়তে হুলস্থুলীয়া পৰিৱেশ ৷ এইবোৰ কাৰণত মই বৰ এটা ভাল নাপালোঁ ৷
পিছদিনা ৰাতিপুৱা অৰ্থাৎ ৮ জুলাইত হোটেলৰ প্ৰকাণ্ড ডাইনিং হলত (ছয়হাজাৰ লোকে একেলগে খাব পৰা) ব্ৰেকফাষ্ট কৰি আমি জেণ্টিং হাইলেণ্ডৰ পৰা কুৱালালামপুৰৰ LCCT এয়াৰপোৰ্ট অভিমুখে ৰাওনা হওঁ৷ সেইদিনা আমাৰ যাত্ৰা থাইলেণ্ডৰ ৰাজধানী বেংকক চহৰলৈ ৷ দিনৰ প্ৰায় ১২মান বজাত আহি পালোঁ এয়াৰপোৰ্ট ৷ সেই সময়তেই তাত ইলেকট্ৰনিক মাধ্যমেৰে নিজেই বোৰ্ডিং পাছ উলিয়াব লাগে ৷ প্ৰথমতে কিছু সমস্যাৰ সন্মুখীন হ’লোঁ যদিও কিছু চেষ্টাৰ অন্তত যেনিবা সমাধান হ’ল ৷ বোৰ্ডিং পাছবোৰ সংগ্ৰহ কৰাৰ পাছত আন এটা সমস্যা হ’ল লাগেজ লৈ ৷ প্ৰতিজন যাত্ৰীৰ লগত কঢ়িয়াব দিয়া নিৰ্ধাৰিত ওজনতকৈ আমাৰ লাগেজৰ ওজন বহুত বেছি হ’ল ৷ সেইবাবে আমি এয়াৰপোৰ্টত ওপৰঞ্চি বহু ৰিংগিট দিব লগা হ’ল ৷ আমি আকৌ মালয়েচিয়াৰ পৰা গুচি আহিলে ৰিংগিটবোৰ উভতাই আনি কি কৰিম বুলি বজাৰ কৰি প্ৰায় শেষ কৰি পেলাইছিলোঁ ৷ অৱশেষত যেনিবা ইউ.এছ ডলাৰেৰে আমাৰ সমস্যাৰ ওৰ পৰিল ৷ এইবাৰ আকৌ ৰিণি আমাৰ মাজৰ পৰা নাইকিয়া হ’ল ৷ আমাৰ হাহাকাৰ লাগিল ৷ আটাইকেইগৰাকীয়ে ইফালে-সিফালে ৰিণিক বিচাৰি দৌৰি ফুৰিছোঁ ৷ ইতিমধ্যে বিমানত উঠাৰ সংকেত দিছে ৷ এনেতে চকুত পৰিল ৰিণি এঠাইত অকলে বহি কিবা খাই আছে ৷ নিৰ্দিষ্ট সময়তে আমাৰ বিমান উৰা মাৰে বেংকক অভিমুখে ৷
মাত্ৰ তিনিদিনৰ মালয়েচিয়া ভ্ৰমণৰ অভিজ্ঞতা বুলি ক’বলৈ, প্ৰকৃততে মালয়েচিয়াৰ মাটিত ভৰি দিয়েই সময়ত গাড়ী আহি নোপোৱা বাবে মনতে ভাব হৈছিল এওঁলোক সময়ৰ প্ৰতি উদাসীন নেকি ? তাৰ পিছত গাড়ীচালকজনে উ হাৰত আমাক ৰিংগিট দিয়া, কে.এল. টাৱাৰ চাবলৈ যাওঁতে পাছপ’ৰ্টবোৰ গাড়ীত থৈ যাবলৈ কোৱা ইত্যাদি কথাবোৰে আমাক ভাবিবলৈ বাধ্য কৰিছিল মালয়েচিয়া নিৰাপদ নে ?
জোনা মহন্ত, ২੦১১ জুলাই ইয়াৰ পিছত পাত্তায়াৰ কৰেল আইলেণ্ডত শিহৰণকাৰী অভিজ্ঞতা