
দেশ-বিদেশলৈ ফুৰিবলৈ যোৱাৰ হেঁপাহ প্ৰায় সকলো লোকৰে কম-বেছি পৰিমাণে থাকে বুলিয়েই মই ভাবোঁ ৷ বহুতৰে আকৌ যাম বুলিও বিভিন্ন অসুবিধাৰ বাবে যোৱা নহয়৷ সৰুৰে পৰাই মোৰো দেশ-বিদেশৰ বিভিন্ন ঠাই চোৱাৰ বৰ হেঁপাহ আছিল যদিও চৰকাৰী চাকৰি, ল’ৰা-ছোৱালীৰ পঢ়া-শুনা, ঘৰুৱা সমস্যা আদিৰ বাবে ফুৰিবলৈ যোৱাৰ অৱকাশেই পোৱা নাছিলোঁ ৷ অৱশ্যে দেশৰ ভিতৰতে মাজে মাজে নোযোৱাও নহয় ৷ লাহে লাহে ল’ৰা-ছোৱালী ডাঙৰ হোৱাত ২০১১ চনত আমি কেইগৰাকীমান বান্ধৱীয়ে গৰমৰ বন্ধত বিদেশলৈ ফুৰিব যোৱাৰ পৰিকল্পনা কৰিলোঁ ৷
বহু গুণা-গঁথাৰ অন্তত ছিংগাপুৰ, মালয়েচিয়া আৰু থাইলেণ্ডলৈ যোৱাৰ সিদ্ধান্ত হ’ল ৷ সেয়ে ‘থ’মাছ কুক’ নামৰ ট্ৰেভেল এজেন্সিৰ লগত মাৰ্চ মাহৰ শেষৰ পৰাই যোগাযোগ আৰম্ভ কৰিলোঁ ৷ প্ৰথমতে আমি ছয়গৰাকী যোৱাৰ কথা আছিল যদিও আৰু পাঁচগৰাকী যাবলৈ ওলোৱাত আমি মুঠ ১১ গৰাকী হ’লোঁ ৷ মোৰ সহকৰ্মী ভূপালী হাজৰিকা, ৰুমা শৰ্মা, অঞ্জলি গোস্বামী, পূৰ্ণিমা চহৰীয়া, অপৰ্ণা বৰুৱা, পুতুলী দাস আৰু আমাৰ বান্ধৱী জোনা বৰবৰুৱা (মোৰ সৈতে একেই নাম)– আমাৰ আটাইৰে ঘৰ গুৱাহাটীতে৷ ৰূপা ফুকন, অণিমা দাস আৰু ৰিণি তামুলী ফুকন– এওঁলোক তিনিগৰাকী যোৰহাটৰ ৷ ইয়াৰ আগতে আমাৰ এগৰাকীৰো বিদেশ ভ্ৰমণৰ অভিজ্ঞতা নাই ৷ অৱশ্যে মোৰ আৰু যোৰহাটৰ ৰিণিৰ বাহিৰে আটাইৰে পাছপোৰ্ট (Passport) আছে ৷ আনকি আমি দুগৰাকীয়ে পাছেপাৰ্টৰ বাবে

আবেদেনই কৰা নাই ৷ অৱশেষত যাম বুলি সিদ্ধান্ত লৈ পাছপোৰ্টৰ আবেদনৰ বাবে প্ৰয়োজনীয় কাগজ-পত্ৰ গোটাওঁতে জুন মাহেই পালেহি ৷ জুন মাহৰ মাজভাগত পাছেপাৰ্ট অফিচলৈ গৈ সকলো নথি-পত্ৰ জমা কৰি তৎকালত পাছপোৰ্টৰ বাবে আবেদন কৰি অনুৰোধ কৰি আহিলোঁ–“দুই জুলাইত মোৰ বিদেশলৈ যোৱাৰ বাবে সকলো ঠিক হৈ আছে, আপোনালোকৰ অনুগ্ৰহ অবিহনে সম্ভৱ নহ’ব ৷” পাছেপাৰ্ট বিষয়াজনে মোৰ মুখলৈ চাই একো নক’লে বাবে একো ধৰিব নোৱাৰিলোঁ ৷ মাত্ৰ ক’লে, ‘আপোনাৰ পুলিচ ভেৰিফিকেশ্বন ৰিপোৰ্ট আহিব লাগিব ৷’ পাছেপাৰ্ট পোৱা-নোপোৱাৰ দোমোজাত মনটো অস্থিৰ হৈ থাকিল৷ অৱশেষত ২৩ জুনত পাছেপাৰ্ট অফিচত খবৰ কৰি জানিব পাৰিলোঁ তেখেতসকলে সেইদিনা অৰ্থাৎ ২৩ জুনত মোৰ পাছেপাৰ্ট ডাকযোগে পঠিয়াইছে ৷ ডাকযোগে আহি পাবলৈ অতি কমেও তিনি-চাৰি দিনৰ প্ৰয়োজন হ’ব ৷ পাছেপাৰ্ট অফিচত অনুৰোধ কৰাত তেওঁলোকে মোক ডাকঘৰৰ চিঠিৰ পঞ্জীয়ন নম্বৰটো দি ক’লে, ‘উপযুক্ত প্ৰমাণ দি আপুনি মেঘদূত ভৱনৰ পৰা পাছপোৰ্ট খন নিজেই সংগ্ৰহ কৰিব পাৰিব ৷’ মই অলপো সময় নষ্ট নকৰি মেঘদূত ভৱনলৈ আহিলোঁ যদিও মোৰ পাছপোৰ্ট মেঘদূত ভৱন আহিয়েই পোৱা নাই ৷ যিকি নহওক পিছদিনা পাছপোৰ্টখন সংগ্ৰহ কৰি বাহিৰে বাহিৰে ‘থমাছ কুক’ৰ অফিচত ভিছাৰ বাবে সেইখন জমা দিবলৈ গ’লোঁ ৷ ইতিমধ্যে মোৰ লগৰ বাকী কেইগৰাকীৰ ভিছা আহি পালে ৷ ফুৰিবলৈ যোৱা ভাগ্যত আছে যদি কিবা উপায় ওলাব বুলি ভাবি আছোঁ যদিও মনতে নিজৰ ওপৰতে খঙো উঠিছে ইমান দিনে পাছেপাৰ্টৰ বাবে আবেদন নকৰা বাবে ৷ ‘থ’মাছ কুক’ৰ অফিচলৈ আহি আন এটা নতুন সমস্যাই দেখা দিলে ৷ মোৰ বান্ধৱীসকলৰ বাবে টিকট কৰা বিমানখনত টিকট নাই ৷ অৰ্থাৎ মই গ’লে আন বিমানেৰে গুৱাহাটীৰ পৰা মুম্বাই আৰু মুম্বাইৰ পৰা ছিংগাপুৰলৈ অকলে যাব লাগিব ৷ ফুৰিবলৈ যোৱাৰ হেঁপাহত সাহস কৰি অকলে যোৱাৰ সিদ্ধান্ত ল’লোঁ আৰু ভিছাৰ বাবে যাৱতীয় কাগজ- পত্ৰসমূহ জমাদিলোঁ ৷ ইতিমধ্যে আমাৰ যোৱাৰ দিন ২ জুলাই আহি পালে ৷ কিন্তু মোৰ ভিছা আহি পোৱা নাই ৷ ট্ৰেভেল এজেন্সিৰ প্ৰতিনিধিয়ে জনালে, ‘আমাৰ প্ৰতিনিধিয়ে আজিও চেষ্টা কৰি আছে ৷ আপুনি মুম্বাইলৈ যাওক, যদি আজি দিনটোৰ ভিতৰত হৈ যায় আমাৰ প্ৰতিনিধিয়ে মুম্বাই এয়াৰপোৰ্টতে আপোনাক
পাছেপাৰ্ট, ভিছা সকলো দিব, যদি নহয় আপুনি উভতি অহাৰ বাবে তেওঁলোকেই সকলো ব্যৱস্থা কৰি দিব ৷’ ইমান অনিশ্চয়তাত যাম নে ? কি কৰোঁ কি নকৰোঁ একো ঠিক কৰিব পৰা নাই ৷ ট্ৰেভেল এজেন্সিক দিব লগা টকা সম্পূৰ্ণ আদায় দিয়া হৈছে ৷ যাওঁ বা নাযাওঁ তেওঁলোকে এটকাও ওভতাই নিদিয়ে ৷ সেয়ে অৱশেষত যাম বুলি ঘৰৰ পৰা ওলাই আহিলোঁ যদিও মনত ফুৰিবলৈ যোৱাৰ আনন্দ অলপো নাই ৷ গুৱাহাটী এয়াৰপোৰ্টত আবেলি পাঁচবজাত বিমানত উঠালৈকে ভিছাৰ একো খবৰ নাপালোঁ ৷ ইতিমধ্যে মোৰ লগৰ বাকী কেইগৰাকী গৈ মুম্বাই পালেগৈ ৷ আমাৰ বিমান উৰা মাৰিলে মুম্বাই অভিমুখে ৷ মোৰ কোনোফালে চকু যোৱা নাই ৷ মনত মাত্ৰ এটাই চিন্তা– আজি ৰাতি মোৰ লগৰ কেইগৰাকী গুচি যোৱাৰ পাছত মই উভতি অহাৰ বাবে এয়াৰপোৰ্টত অকলে কালিলৈ অপেক্ষা কৰিব লাগিব ৷ টিকট পাম নে নাই, ইত্যাদি কথাবোৰে মনৰ মাজত বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আছে ৷ নিশা প্ৰায় ৮-৩০ বজাত গৈ আমাৰ বিমান মুম্বাইৰ ৰাষ্ট্ৰীয় এয়াৰপোৰ্টত অৱতৰণ কৰাৰ লগে লগে লগৰ বাকী বান্ধৱীকেইগৰাকীৰ পৰা ফোন যোগে জানিব পাৰিলোঁ মোৰ পাছেপাৰ্ট আৰু ভিছা তেওঁলোকৰ হাতত দি গৈছে ৷ ইমান দিনে পাছপোৰ্ট , ভিছা, টিকটৰ পিছত দৌৰি ফুৰা ভাগৰ যেন মোৰ নিমিষতেই নাইকিয়া হৈ গ’ল৷ অনিশ্চয়তা আৰু নিৰাশাৰ কলীয়া ডাৱৰ ফালি নামি অহা এচেৰেঙা আশাৰ কিৰণে মনটো পোহৰাই তুলিলে ৷
মুম্বাইৰ পৰা ছিংগাপুৰলৈ আমাৰ বিমান নিশা ১১-৩০ বজাত ৷ ইতিমধ্যেই আমাৰ মুম্বাই ৰাষ্ট্ৰীয় এয়াৰপোৰ্টৰ পৰা আন্তঃৰাষ্ট্ৰীয় এয়াৰপোৰ্টলৈ যোৱাৰ বাবে পলমেই হৈছে ৷ এয়াৰপোৰ্টৰ নিয়ম অনুসৰি তিনি ঘণ্টা আগতে ৰিপোৰ্ট কৰিব লাগে ৷ যিমান পাৰি ততাতৈয়াকৈ নিজৰ বয়-বস্তু লাগেজ বেল্টৰ পৰা লৈ বান্ধৱীকেইগৰাকীৰ পৰা মোৰ ভিছা আৰু পাছপোৰ্ট সংগ্ৰহ কৰিহে স্বস্তিৰ নিশ্বাস এৰিলোঁ ৷ এয়াৰপোৰ্টৰ বাছেৰেই আমি আটাইকেইগৰাকী আন্তঃৰাষ্ট্ৰীয় এয়াৰপোৰ্টলৈ গ’লোঁ ৷ মোৰ আৰু ৰিণিৰ টিকট আছিল ইণ্ডিগো বিমানত ৷ সেয়ে আমি দুজনী আগবাঢ়িলোঁ ইণ্ডিগো বিমান সেৱাৰ কাউন্টাৰৰ ফালে আৰু বাকী ন গৰাকীৰ জেট এয়াৰৱেজত ৷ বহিৰ্গমনৰ আনুষ্ঠানিকতাখিনি শেষ কৰোঁতেই আমাৰ বিমানৰ সময় হ’ল ৷ নিৰ্দিষ্ট সময়ত আমাৰ বিমান উৰা মাৰে ছিংগাপুৰ অভিমুখে ৷ মুম্বাইৰ পৰা ছিংগাপুৰলৈ প্ৰায় পাঁচ ঘণ্টাৰ বিমান যাত্ৰা, ইমান দীঘলীয়া বিমান যাত্ৰা মোৰ জীৱনত এয়ে প্ৰথম ৷ আনন্দ আৰু ভয় দুয়োটাৰে মিশ্ৰ প্ৰতিক্ৰিয়া মনত ৷ এয়াৰ হোষ্টেছ কেইগৰাকীয়ে বিভিন্ন খোৱা বস্তু পৰিবেশন কৰাৰ লগতে আমাক সৰু কাগজ একোখনকৈ দি গ’ল৷ সৰু সৰু আখৰেৰে লিখা কাগজখন বিমানৰ পোহৰ কম কৰি থোৱা বাবে ধৰিব নোৱাৰিলোঁ যদিও সযতনে ৰাখিলোঁ ৷ পাছত চাই গম পালোঁ সেইখন ইমিগ্ৰেশ্বন ফৰ্ম ৷
ছিংগাপুৰত দুনিশা

পিছদিনা ৰাতিপুৱা ছিংগাপুৰৰ স্থানীয় সময় চাৰে-সাত বজাত আমাৰ বিমান ছিংগাপুৰৰ ‘চাংগি’ (Changi) এয়াৰপোৰ্টত অৱতৰণ কৰিলে৷ আমি আহি পোৱাৰ কিছু সময় আগতেই আনখন বিমানেৰে আন কেইগৰাকীও আহি পাইছিল ৷ এইখিনিতে উল্লেখ কৰোঁ, ছিংগাপুৰৰ সময় ভাৰতীয় সময়তকৈ প্ৰায় আঢ়ৈ ঘণ্টা আগবঢ়া ৷ বিমানৰ পৰা নামি দক্ষিণ-পূব এচিয়াৰ অন্যতম বৃহৎ পৰিবহণ কেন্দ্ৰ চাংগি এয়াৰপোৰ্ট দেখি অভিভূত হৈ পৰিলোঁ ৷ অতি সুন্দৰ, পৰিষ্কাৰ আৰু পৰিপাটি ৷ ছিংগাপুৰৰ পৰা প্ৰায় ২৪ কিঃমিঃ পূবত অৱস্থিত এই এয়াৰপোৰ্টৰ পৰা এশতকৈও অধিক বিমান সংস্থাই এচিয়া, ইউৰোপ, আফ্ৰিকা, মধ্যপ্ৰাচ্য আৰু উত্তৰ আমেৰিকালৈ প্ৰত্যক্ষ বিমান সেৱা আগবঢ়ায় ৷ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাৰ ক্ষেত্ৰত বিশ্বৰ অন্যতম ব্যস্ত এয়াৰপোৰ্টৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱা এয়াৰপোৰ্টৰ যিফালেই চাওঁ চকু থৰ লাগি যায় ৷ আমি আটাইকেইগৰাকী ইমিগ্ৰেশ্বনৰ বাবে আগবাঢ়িলোঁ ৷ দীঘলীয়া শাৰী পাতিবলগীয়া হ’ল যদিও কৰ্মৰত লোকসকলৰ কৰ্মপটুতা আৰু নিয়মানুৱৰ্তিতাৰ বাবে খুব সোনকালেই আমাৰ ইমিগ্ৰেশ্বনৰ কাম সম্পূৰ্ণ হ’ল ৷ নিজৰ বয়-বস্তু লাগেজ বেল্টৰ পৰা লৈ ওলাই আহি আমাৰ বাবে ৰৈ থকা গাড়ীৰে হোটেললৈ অগ্ৰসৰ হ’লোঁ ৷
এয়াৰপোৰ্টৰ পৰা হোটেললৈ যোৱা পথছোৱাত দেখিলোঁ পথৰ দাঁতিত বিভিন্ন ফুলৰ গছ জকমককৈ ফুলি আছে ৷ কিছু আঁতৰে আঁতৰে পথচাৰীৰ সুবিধাৰ বাবে ফুট ব্ৰীজ, ঠায়ে ঠায়ে ডাষ্টবিন, ক’তো কাগজৰ সৰু টুকুৰা এটাও চকুত নপৰিল ৷ গছৰ পাতবোৰ ছাতিৰ দৰে কাটি সুন্দৰকৈ সজাই চহৰখন অতি আকৰ্ষণীয় কৰি তুলিছে ৷
আমাৰ পূৰ্বনিৰ্ধাৰিত হোটেল ‘গ্ৰেট গ্ৰেণ্ডিয়ৰ’ (Great Grandeur) আহি পাওঁতে সময় প্ৰায় দিনৰ ৯-৩০ বাজিল ৷ ছিংগাপুৰ হোটেলৰ নিয়ম অনুসৰি দিনৰ দুই বজাৰ পাছতহে হোটেলৰ ৰূমত প্ৰৱেশৰ অনুমতি দিয়ে ৷ সেইবাবে আমি অপেক্ষা কৰিব লাগিব নিৰ্দিষ্ট সময়লৈ ৷ আমি অলপ বিপাঙত পৰিলোঁ ৷ সুন্দৰকৈ সজাই থোৱা প্ৰতীক্ষা কক্ষত সময়লৈ অপেক্ষাৰ বাবে বহিলোঁ যদিও আগদিনাৰ পৰা যাত্ৰা কৰি আমি ভাগৰি পৰিছিলোঁ ৷ মই আৰু ভূপালী বাইদেউ অভ্যৰ্থনাকক্ষলৈ গৈ অন্ততঃ পাৰিলে আমাক এটা ৰূম দিবলৈ অনুৰোধ কৰিলোঁ ৷ আমাৰ অনুৰোধ ৰক্ষা কৰি হোটেল কতৃৰ্পক্ষই তিনিখন বিছনাযুক্ত কোঠা এটা খালী হোৱাৰ লগে লগে পৰিষ্কাৰ কৰি আমাক এ.টি.এম.কাৰ্ড সদৃশ ৰূমৰ চাবি চমজাই দিলে ৷
ইতিমধ্যে আমাৰ ভোকো লাগিছিল ৷ কিন্তু দুপৰীয়া দুইবজাৰ পিছত হোটেলত প্ৰৱেশৰ বাবে আমাৰ ব্ৰেকফাষ্টৰ ব্যৱস্থা হোটেলত নাই ৷ সোধা-পোছা কৰি গম পালোঁ ওচৰতে ভাৰতীয় আহাৰ পোৱা ৰেস্তোৰাঁ আছে ৷ সেয়ে ৰূমলৈ যোৱাৰ আগতে কিবা খাই লওঁ বুলি বয়- বস্তুবোৰ হোটেলৰ ক্ল’ক ৰূমত থৈ আমি খোজকাঢ়ি ওলাই গৈ এখন ৰেস্তোৰাঁত খোৱাৰ বাবে বহিলোঁ ৷ আচৰিত লাগিল শাৰী পিন্ধা মহিলা এগৰাকীয়ে সুন্দৰ হাঁহিৰে আমাক সম্ভাষণ জনাই আগবাঢ়ি আহি আমাৰ খোৱাৰ অৰ্ডাৰ ল’লে ৷ কিছু সময়ৰ পিছতেই থালৰ ওপৰত ঘূৰণীয়াকৈ কটা কলপাতৰ ওপৰত আমাৰ আহাৰ পৰিবেশন কৰিলে৷ সুদূৰ ছিংগাপুৰত দক্ষিণ ভাৰতীয় সংস্কৃতিৰ প্ৰচলন দেখি আচৰিত লাগিল ৷ পাছত অৱশ্যে জানিব পাৰিলোঁ ছিংগাপুৰত বহুতো দক্ষিণ ভাৰতীয় লোক আছে ৷
খাই-বৈ উভতি আহোঁতে টেলিফোন বুথ এটা দেখি ঘৰলৈ ফোন কৰোঁ বুলি সোমালোঁ যদিও তাৰ আদব-কায়দা একো ধৰিব নোৱাৰি ওলাই আহিলোঁ ৷ হোটেললৈ উভতি আমি আটাইকেইজনী তৃতীয় মহলাৰ তিনিখন বিছনাযুক্ত কোঠালৈ যাওঁ বুলি লিফ্টত উঠিলোঁ, কিন্তু তাত আমাৰ ইয়াৰ নিচিনাকৈ কোন মহলালৈ যাম দিবলৈ কোনো চুইছৰ ব্যৱস্থা নাই ৷ আগতেই উল্লেখ কৰিছোঁ, আমি এজনীও আগতে বিদেশলৈ যোৱা নাই ৷ সেয়ে এই আদব- কায়দাবোৰৰ বিষয়ে আমি জ্ঞাত নহয় ৷ উভতি আহি অভ্যৰ্থনাত থকা ছোৱালীগৰাকীৰ পৰা বুজি লৈ তৃতীয় মহলা পালোঁ ৷ অৱশ্যে বৰ্তমান আমাৰ ইয়াতো এইবোৰ কায়দাৰ প্ৰচলন হ’ল ৷ আমি আটাইকেইজনী একেটা কোঠাতে সোমাই আড্ডা মাৰি থাকোঁতে পুতুলীয়ে গা-পা ধুই বৈদ্যুতিক কেট্লিত পানী গৰম কৰি¸ বিস্কুটেৰে চাহ খুৱালে ৷ ইতিমধ্যে আন কেইটা ৰূমৰ চাবিও দি গ’ল ৷ আমি নিজ নিজ কোঠালৈ গৈ গা-পা ধুই জিৰণি ল’লোঁ ৷ সেইদিনা আমাৰ ভ্ৰমণ তালিকাত বিশেষ একো নিৰ্ধাৰিত কাৰ্য্যসূচী নাছিল বাবে ওচৰতে থকা ঠাইবোৰ ফুৰোঁ বুলি আবেলি ওলাই আহিলোঁ ৷ ঘূৰি-পকি থাকোঁতে চকুত পৰিল কিছুমান সৰু সৰু কথা যিবোৰ আমাৰ বাবে আছিল অতি আশ্চৰ্য্যজনক ৷ মন কৰিলোঁ বাট-পথবোৰ ইমান পৰিষ্কাৰ, বিভিন্ন লোকে ল’ৰা-ছোৱালীসহ পথৰ দাঁতিত পকাৰ ওপৰতে বহি পৰিয়াল তথা আত্মীয়ৰ লগত সুন্দৰ সন্ধিয়া উপভোগ কৰিছে ৷ এই দৃশ্য দেখি আমাৰ পথৰ কাষৰ ৰ্দুগন্ধময় ডাষ্ট্বিন কেইটা আৰু য’তে ত’তে পৰি থকা জাবৰৰ দ’মবোৰৰ কথা মনত পৰি মনটো বেয়া লাগিল ৷
আন এটা কথা ভাবি আজিও আচৰিত হওঁ, তাত কোনো মানুহে ৰাস্তা পাৰ হৈ থকা দেখিলে গাড়ীবোৰ ৰৈ দিয়ে যাতে পথচাৰী সুকলমে ৰাস্তা পাৰ হ’ব পাৰে ৷ গাড়ীৰ হৰ্ণ বজাই শব্দ প্ৰদূষণৰ সৃষ্টি নকৰে ৷ যথেষ্ট গাড়ী চলাচল কৰি আছে যদিও কোনো যান-জঁট চকুত নপৰিল ৷ অলপ ঘূৰি ফুৰি আমাৰ হোটেলৰ কাষতে থকা ‘মুস্তাফা মাৰ্কেট’ত সোমালোঁ ৷ এই মাৰ্কেটখনৰ বিশেষত্ব হ’ল ২৪ ঘণ্টাই খোলা থাকে ৷ দোকানবোৰত বিভিন্ন চকুত লগা সামগ্ৰীয়ে প্ৰতিজন পৰিব্ৰাজককে আকৰ্ষণ কৰে ৷ সৰু সৰু সজোৱা বস্তু দুটামান কিনিলোঁ যদিও যথেষ্ট দাম ৷ মাৰ্কেটখনত কিছু সময় কটাই ভাৰতীয় আহাৰ পোৱা ৰেস্তোৰাঁ এখনত নিশাৰ আহাৰ কৰি হোটেললৈ উভতিলোঁ ৷
পিছদিনা অৰ্থাৎ ৪ জুলাইত আমি ছিংগাপুৰৰ পৰিব্ৰাজকৰ আকৰ্ষণীয় ঠাইসমূহলৈ যোৱাৰ বাবে ৰাতিপুৱাই সাজু হ’লোঁ ৷ হোটেলৰ অষ্টম মহলাত ডাইনিং হল ৷ প্ৰকাণ্ড ডাইনিং হলত ভাৰতীয় ব্ৰেকফাষ্টৰ উপৰিও বিভিন্ন দেশৰ বিভিন্ন খাদ্যৰ লগতে আগতে দেখা-নেদেখা নানা প্ৰকাৰৰ ফল-মূল সজাই থোৱা আছে ৷ ব্ৰেকফাষ্ট কৰি ইতিমধ্যেই আহি আমাৰ বাবে ৰৈ থকা সুন্দৰ সাজ-পোছাক পৰিহিত বেচ ওখ-পাখ চুলিত পনীটেইল বন্ধা গাইড তথা গাড়ী চালকজনৰ লগত ওলাই আহিলোঁ ৷
প্ৰথমতেই আমি ২০০৮ চনত নিৰ্মিত ছিংগাপুৰ ফ্লায়াৰলৈ (Singapore Flyer) যাওঁ ৷ বহু আঁতৰৰ পৰাই চকুত পৰা এই বৃহৎ আকৃতিৰ ফ্লায়াৰ আমাৰ আনন্দবজাৰত দেখা চকৰিটোৰ দৰেই ৷ ১৬৫ মিটাৰ উচ্চতাৰ ফ্লায়াৰখন দেখি মুৰ ঘূৰাব বুলি ভয়েই লাগিল ৷ কাৰণ সৰুতে চকৰিত উঠা অভিজ্ঞতা আমাৰ সকলোৰে আছে ৷ তথাপিও উঠাৰ লোভ সামৰিব নোৱাৰিলোঁ ৷ এই বৃহৎ চকাসদৃশ ফ্লায়াৰত উন্নতমানৰ কাঁচ আৰু ষ্টীলেৰে নিৰ্মিত মুঠ ২৮টা শীত-তাপ নিয়ন্ত্ৰিত কেপ্ছুল (Capsule) সদৃশ মানুহ উঠিব পৰা ব্যৱস্থা আছে ৷ প্ৰতিটো কেপছুলত ২৮ জনকৈ মানুহ উঠিব পাৰে আৰু উঠাৰ সুবিধাৰ বাবে এটা তিনিমহলীয়া অট্টালিকাৰ লগত সংযোগ কৰা হৈছে ৷ উল্লেখনীয় যে সেই সময়ত এই ফ্লায়াৰখনেই পৃথিৱীৰ প্ৰথম সৰ্ববৃহৎ ফ্লায়াৰ আছিল ৷ সৰ্বোচ্চ উচ্চতালৈ গৈ সমগ্ৰ ছিংগাপুৰ চহৰখনৰ প্ৰকৃতিৰ মনোমোহা দৃশ্য, সুউচ্চ অট্টালিকাসমূহৰ অভিনৱ দৃশ্য প্ৰত্যক্ষ কৰিব পাৰি ৷ ছিংগাপুৰৰ মেৰিণা উপসাগৰৰ কেন্দ্ৰত অৱস্থিত এই বৃহৎ আকৃতিৰ শীত-তাপ নিয়ন্ত্ৰিত কেপ্ছুলৰ ভিতৰৰ পৰা ৩০ মিনিটৰ এই যাত্ৰাত ছিংগাপুৰ নদীৰ মনোমোহা দৃশ্য দেখাৰ উপৰিও মাৰ্লিয়ন পাৰ্ক (Merlion Park), ৰাফেল প্লেচ্ (Raffles Place), মেৰিণা পাৰ্ক, এমপ্ৰেছ প্লেচ্ (Empress Place) আদিৰ নৈসৰ্গিক দৃশ্যই মন মুহিলে ৷ ইয়াৰ উপৰিও বতৰ অনুকূল হোৱা বাবে চাংগি বিমানবন্দৰ, ছেন্টোচা আইলেণ্ড, মালয়েচিয়া আৰু ইন্দোনেচিয়াৰ কিছু অংশ দেখি অভিভূত হ’লোঁ ৷
মনৰ মাজত এখন সুন্দৰ ছবি আঁকি লৈ মাৰ্লিয়ন পাৰ্কলৈ আহিলোঁ ৷ এই মাৰ্লিয়ন পাৰ্ক পৰিব্ৰাজকৰ আকৰ্ষণীয় স্থানসমূহৰ ভিতৰত এখন ৷ সুন্দৰ পৰিৱেশ, মনোৰম দৃশ্যৰ উপৰিও পাৰ্কৰ মুখ্য আকৰ্ষণ হৈছে এই পাৰ্কত স্থাপন কৰা ৮.৬ মিটাৰ ওখ ৭০ টন ওজনৰ মাৰ্লিয়নৰ মূৰ্তি– মূৰৰ অংশ সিংহৰ দৰে আৰু দেহৰ অংশ মাছৰ দৰে এটি কাল্পনিক জীৱ ৷ ছিংগাপুৰৰ জাতীয় প্ৰতীক মাৰ্লিয়নৰ এই মূৰ্তিটো নদীৰ পিনে মুখ কৰি ৰখা হৈছে আৰু ই¸ মুখেৰে পানী ছটিয়াই থাকে ৷ মাৰ্লিয়নৰ দেহ অংশই ছিংগাপুৰক এখন মাছমৰীয়াৰ গাওঁ আৰু মূৰৰ অংশই ছিংগাপুৰৰ প্ৰাথমিক নাম ‘ছিংগাপুৰা’ অৰ্থাৎ ‘সিংহৰ চহৰ’ হিচাপে চিহ্নিত কৰে ৷
মাৰ্লিয়ন পাৰ্কৰ সৌন্দৰ্য্য উপভোগ কৰি আমি অগ্ৰসৰ হ’লোঁ ছিংগাপুৰৰ চাইনা টাউনত অৱস্থিত ‘বুদ্ধ টুথ ৰেলিক মন্দিৰ আৰু মিউজিয়াম’(Buddha Tooth Relic Temple and Museum)লৈ৷ এই আধ্যাত্মিক উপাসনা থলী বুদ্ধদেৱৰ জ্ঞান আৰু ধবংসাৱশেষৰ ধাৰ্মিক স্থান ৷ ঐতিহাসিক চাইনা টাউনৰ এই উপাসনাথলীৰ মিউজিয়ামতত হাজাৰ বছৰ পুৰণি বৌদ্ধ শিল্প আৰু ইতিহাস থুপ খাই আছে ৷ ২০০৭ চনত নিৰ্মাণ কৰা এই মন্দিৰৰ নামকৰণ কৰা হৈছে– বুদ্ধদেৱৰ বাওঁফালৰ কুকুৰ দাঁতৰ (canine teeth) নামেৰে ৷ কোৱা হয় ভাৰতৰ কুশি নগৰ, য’ত বুদ্ধদেৱৰ শেষকৃত্য সম্পন্ন কৰা হৈছিল, তাৰ পৰা উদ্ধাৰ কৰা বুদ্ধদেৱৰ দাঁত এই মন্দিৰত সংষ্ঠাপিত কৰা হৈছে ৷ মন কৰিলোঁ মন্দিৰৰ বাৰাণ্ডাৰ এডোখৰ ঠাইত ধূপ কাঠি ৰখা আছে যাতে ইচ্ছুক দৰ্শনাৰ্থীয়ে তাৰ পৰা ধূপ লৈ জ্বলাব পাৰে ৷ মন্দিৰৰ ডিজাইন বৌদ্ধ সংস্কৃতিৰ প্ৰতীক বৌদ্ধ মাণ্ডালাৰ আৰ্হিত নিৰ্মিত যিয়ে গোটেই বিশ্বব্ৰহ্মাণ্ডকে প্ৰতিনিধিত্ব কৰে ৷ বুদ্ধদেৱৰ দাঁতৰ ধবংসাৱশেষ এটা বিশেষ আকৃতিৰ স্তূপত ৰখা হৈছে ৷ এই স্তূপৰ ওজন ৩৫০০ কিলোগ্ৰাম আৰু ৩২০ কিলোগ্ৰাম সোণৰ ব্যৱহাৰ কৰি তৈয়াৰ কৰা হৈছে ৷ দৰ্শনাৰ্থীৰ ভিতৰলৈ সোমোৱাৰ অনুমতি নাই বাবে আমি বাহিৰৰ পৰাই চালোঁ ৷ তৃতীয় মহলাত বৌদ্ধ সংস্কৃতিৰ বিভিন্ন নিদৰ্শনৰ উপৰিও বুদ্ধদেৱৰ দেহৰ অৱশেষ ৰখা হৈছে ৷ চতুৰ্থ মহলাত মন্দিৰৰ কেন্দ্ৰস্থলত ‘Sacred light hall’ অৱস্থিত ৷ দেশ-বিদেশৰ যথেষ্ট দৰ্শনাৰ্থীৰ সমাগম পৰিলক্ষিত হ’ল যদিও চৌদিশে নিস্তব্ধ পৰিৱেশ ৷ মন্দিৰৰ পৰিপাটিতা, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু শান্ত আধ্যাত্মিক পৰিৱেশত ভক্তিত মন দোঁ-খাই যায় ৷ সেই সময়ত আমাৰ ধৰ্মীয় স্থানৰ বিশৃঙ্খল পৰিৱেশ বৰকৈ মনলৈ আহিছিল ৷
তাৰ পৰা উভতি আমি দুপৰীয়াৰ আহাৰ কৰি দুই বজাত কেবল কাৰেৰে ছেণ্টোচা আইলেণ্ডলৈ যাওঁ ৷ প্ৰায় আঢ়ৈ কিলোমিটাৰ কেবল কাৰৰ এই যাত্ৰাত প্ৰকৃতিৰ মনোমোহা সৃষ্টিত মানুহৰ হাতৰ কলাৰ পৰশ লাগি কি অপৰূপ সৌন্দৰ্য সৃষ্টি কৰিব পাৰে তাৰেই যেন নিদৰ্শন আমি উপভোগ কৰিলোঁ ৷ প্ৰায় পাঁচশ হেক্টৰ মাটি কালিৰে এই দ্বীপ এখন যেন বেলেগ ৰাজ্য৷ সকলো বয়সৰ পৰিব্ৰাজকক আকৰ্ষণ কৰিব পৰা সমলেৰে উখল-মাখল পৰিৱেশ ৷ মালয় ভাষাত ‘ছেণ্টোচা’ শব্দৰ অৰ্থ “শান্তি আৰু প্ৰশান্তি”৷ ছেন্টোচা আইলেণ্ড ইউনিভাৰ্চেল ষ্টুডিঅ’, বিভিন্ন মিউজিয়াম, কেচিনো, ম’ন’ ৰেল, একুৱেৰিয়াম, বিভিন্ন জল ক্ৰীড়া (water sport), গল্ফ ক্লাব, অত্যাধুনিক হোটেল আদিৰে ভৰা ৷ আমাৰ হাতত সময় তেনেই কম৷ আধা দিনৰ ভ্ৰমণত এই গোটেইবোৰ চোৱা সম্ভৱ নহয় ৷ প্ৰতিটো বস্তুতে এবাৰ ভূমুকি মাৰিবলৈ এটা সম্পূৰ্ণ দিনো কম হ’ব ৷ কেবল-কাৰৰ পৰা নামিয়েই পোৱা সুন্দৰ পৰিষ্কাৰ সেউজীয়া দলিচাসদৃশ ঘাঁহনিডৰাও বৰ আকৰ্ষণীয় ৷ কিছু সময় তাতেই বহি জিৰণি লৈ আমি একুৱেৰিয়ামত সোমালোঁ ৷
পৃথিৱীৰ বৃহৎ একুৱেৰিয়ামসমূহৰ ভিতৰত এটা আৰু দক্ষিণ-পূব এচিয়াৰ বৃহত্তম এই একুৱেৰিয়ামত পৃথিৱীৰ বিভিন্ন সাগৰ-মহাসাগৰৰ পৰা সংগ্ৰহ কৰা প্ৰায় একলাখৰো অধিক বিভিন্ন প্ৰজাতিৰ জলজ প্ৰাণী আছে ৷ প্ৰায় দুশৰো অধিক বিভিন্ন প্ৰজাতিৰ চাৰ্ক, সমুদ্ৰ ঘোঁৰা (Sea horse) আদি এনেদৰে প্ৰদৰ্শিত কৰা হৈছে যে আমি যেন সাগৰৰ তলিত বিচৰণ কৰি আছোঁ আৰু আমাৰ চাৰিওফালে ঘূৰি ফুৰিছে এই জলজ প্ৰাণীবোৰ ৷ এই প্ৰাণীবোৰে প্ৰাকৃতিকভাৱে যি বাতাৱৰণত থাকে যিমান দূৰ সম্ভৱ হয় ঠিক তেনেকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷
একুৱেৰিয়ামৰ পৰা ওলাই ডলফিন্ শ্ব’ চাবলৈ বিভিন্ন ৰঙৰ চকীৰে ৰংচঙীয়াকৈ সজাই থোৱা গেলেৰিত বহিলোঁ ৷ যদিও চিনেমা অথবা বিভিন্ন টিভি প্ৰগ্ৰেমত ডলফিনৰ খেল দেখিছোঁ জীৱন্ত ডলফিনৰ খেল চোৱাটো অতি ৰোমাঞ্চকৰ ৷ কিছু সময়ৰ অন্তৰে অন্তৰে অনুষ্ঠিত কৰা ডলফিনৰ অনুষ্ঠানে দৰ্শকসকলক যথেষ্ট আকৰ্ষণ কৰে আৰু আমোদ দিয়ে ৷ ডলফিন খেলৰ আমোদ লৈ ছিংগাপুৰৰ ইতিহাস আৰু সংস্কৃতি
আদিৰ বিষয়ে কথা আৰু চিত্ৰৰে প্ৰদৰ্শিত হৈ থকা মিউজিয়ামত সোমালোঁ যদিও ভালদৰে চোৱাৰ সময় নহ’ল ৷
ইতিমধ্যে আমাৰ ‘Songs of the sea’ অৰ্থাৎ পোহৰ আৰু সংগীতৰ তালে তালে পানীৰ নৃত্য লেজাৰেৰে পৰিৱেশন কৰা অনুষ্ঠান চোৱাৰ সময় হ’ল ৷ মুকলি ঠাইত সাধাৰণভাৱে বাঁহ আৰু কাঠেৰে নিৰ্মাণ কৰা গেলেৰি দেখি আমাৰ মনবোৰ সেমেকি গ’ল ৷ আমি গৈ বহাৰ কিছু সময় পাছতেই আৰম্ভ হ’ল অনুষ্ঠান ৷ এই দৰ্শনী প্ৰতিদিনে আঠ বজাত মাত্ৰ দহ মিনিট সময়ৰ বাবে পৰিৱেশন কৰা হয় ৷ যদিও মাত্ৰ দহ মিনিটৰ বাবে, পোহৰ আৰু সংগীতৰ লহৰে লহৰে পানীৰ নাচোনৰ যি এক অপূৰ্ব দৃশ্য সেয়া নিজ চকুৰে প্ৰত্যক্ষ নকৰিলে বুজাব নোৱাৰি ৷ দৰ্শনী চাবলৈ অহা প্ৰতিজন মানুহেই স্তব্ধ হৈ পৰে ৷ দৰ্শনী শেষ হোৱাৰ পাছতহে যেন আমি উশাহ ল’লোঁ ৷ জীৱনত পাহৰিব নোৱৰা এই বৰ্ণাঢ্য অনুষ্ঠান উপভোগ কৰি হোটেললৈ উভতিলোঁ ৷
ছিংগাপুৰ পৃথিৱীৰ সৰু দেশ সমুহৰ ভিতৰত এখন আৰু সুউচ্চ অট্টালিকাৰে ভৰা দেশ বুলিয়েই আমাৰ মনলৈ আহে যদিও প্ৰকৃততে প্ৰকৃতিৰ অৱদানেৰে ভৰপূৰ এখন অতি মনোৰম দেশ ৷ চহৰখনক সুন্দৰকৈ সজাই ৰখা আৰু পৰিষ্কাৰ কৰি ৰখাত প্ৰতিজন নাগৰিকেই সচেতন ৷ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ ছিংগাপুৰত চ্যুইংগাম নিষিদ্ধ কৰা হৈছে ৷ যথেষ্ট সংখ্যক ভাৰতীয় বিশেষকৈ দক্ষিণ ভাৰতৰ লোক বিভিন্ন প্ৰতিষ্ঠানত কৰ্মৰত ৷ ভাৰতবৰ্ষতকৈ যথেষ্ট ব্যয়বহুল দেশ ৷ এদিন বা দুদিনত এখন দেশৰ স্থানীয় কলা-সংস্কৃতি, খাদ্য অভ্যাস অথবা তাত বাস কৰা লোকৰ বিষয়ে ধাৰণা কৰা সম্ভৱ নহয় যদিও ছিংগাপুৰৰ এখন সুন্দৰ ছবি মনত আঁকি লৈ পিছদিনা অৰ্থাৎ পাঁচ জুলাইৰ ৰাতিপুৱা মালয়েচিয়াৰ ৰাজধানী কুৱালালামপুৰলৈ আমাৰ যাত্ৰাৰ বাবে প্ৰস্তুত হ’লোঁ ৷
পিছদিনা ব্ৰেকফাষ্ট কৰি আমি নিজৰ নিজৰ বয়-বস্তু সামৰি হোটেলৰ অভ্যৰ্থনা কক্ষলৈ আহিলোঁ ৷ ৰূমৰ চাবিবোৰ হোটেল কতৃৰ্পক্ষক দিওঁতেহে লাগিল লেঠা ৷ হোটেলৰ নিয়ম অনুসৰি ৰূমত ৰখা চকলেট, ড্ৰিঙ্ক, ড্ৰাই ফল আদি খালে তাৰ মূল্য বহন কৰিব লাগে ৷ আমাৰ লগৰ কেইগৰাকীমানে সেইবোৰ খোৱাৰ বাবে যথেষ্টখিনি ডলাৰ দিব লগা হ’ল ৷ ইতিমধ্যে আমাৰ গাড়ী আহি পালে৷ গাড়ীখনে আমাক ‘ষ্টাৰ মাৰ্ট কোচ্চ ষ্টেচন’ত (Star Mart coach station) নমাই দিলে ৷
জোনা মহন্ত ৷ July 2011 (ইয়াৰ পিছত মালয়বাসীৰ গেৌৰৱ পেট্ৰোনাচ টুইন টাৱাৰ)
সুন্দৰ বিৱৰণ
Thank you Sanjib. পাঠকৰ মন্তব্যই লিখিবলৈ প্ৰেৰণা দিয়ে ।